js

Tuesday, July 30, 2024

SEBA Class 9 English Chapter 1:The Fun they had [Assamese Translation]

The Fun they had

তেওঁলোকে কৰা ফূৰ্তিবোৰ



BEFORE YOU READ

পঢ়াৰ আগতে



The story we shall read is set in the future, when books and schools as we now know them will perhaps not exist. How will children study then? The diagram below may give you some ideas.

আমি যি গল্প পঢ়িম, সেইটো ভৱিষ্যতত কল্পনা কৰা হৈছে, যেতিয়া বৰ্তমানৰ দৰে কিতাপ আৰু বিদ্যালয়সমূহ নাথাকিবও পাৰে । তেতিয়া শিশুসকলে কেনেকৈ অধ্যয়ন কৰিব? তলৰ চিত্রটোৱে তোমালোকক কিছু ধাৰণা দিব পাৰে।




In pairs, discuss three things that you like best about your school and three things about your school that you would like to change. Write them down.

দ্বৈতভাবে আলোচনা কৰক, আপোনাৰ বিদ্যালয়ৰ যি তিনিটা বস্তু আপুনি সৰ্বাধিক পছন্দ কৰে আৰু আপোনাৰ বিদ্যালয়ত যি তিনিটা বস্তু সলনি কৰিব বিচাৰে। তেনে বিষয়সমূহ লিখি লওক।

Have you ever read words on a television (or computer) screen? Can you imagine a time when all books will be on computers, and there will be no books printed on paper? Would you like such books better?

আপুনি কেতিয়াবা টেলিভিছন (অথবা কম্পিউটাৰ) স্ক্ৰিনত শব্দ পঢ়িছে নেকি? আপুনি কল্পনা কৰিব পাৰেনে এনে এক সময়ৰ কথা যেতিয়া সকলো কিতাপ কম্পিউটাৰত থাকিব আৰু কাগজত চপা কৰা কিতাপ নাথাকিব? এনে কিতাপবোৰ আপোনাৰ ভাল লাগিবনে?



1. MARGIE even wrote about it that night in her diary. On the page headed 17 May 2157, she wrote, “Today Tommy found a real book!”

. মাৰ্গীয়ে সেই কথাটো সেইদিনা ৰাতি তেওঁৰ ডায়েৰিতো লিখিছিল। ১৭ মে’ ২১৫৭ তাৰিখৰ পৃষ্ঠাত তেওঁ লিখিছিল, “আজিৰে টম্মীয়ে এখন সঁচা কিতাপ পালে!”

It was a very old book. Margie’s grandfather once said that when he was a little boy his grandfather told him that there was a time when all stories were printed on paper.

এইখন খুবেই পুৰণি কিতাপ আছিল। মাৰ্গীৰ ককাকে এদিন কৈছিল যে, তেওঁ যেতিয়া সৰু আছিল তেতিয়া তেওঁৰ ককাকে কৈছিল যে এটা সময় আছিল যেতিয়া সকলো গল্প কাগজত মুদ্রিত হৈছিল।

They turned the pages, which were yellow and crinkly, and it was awfully funny to read words that stood still instead of moving the way they were supposed to — on a screen, you know. And then when they turned back to the page before, it had the same words on it that it had had when they read it the first time.

তেওঁলোকে পৃষ্ঠাসমূহ লুটিয়াইছিল, যিবোৰ হালধীয়া আৰু ভাজযুক্ত আছিল, আৰু শব্দবোৰ পঢ়িবলৈ অত্যন্ত হাস্যকৰ আছিল যিবোৰ স্থিৰ আছিল আৰু তেওঁলোকৰ আশা কৰা মতে গতিশীল নাছিল — এখন স্ক্ৰিনত আপুনি জনাৰ দৰে। আৰু তাৰপিছত তেওঁলোকে আগৰ পৃষ্ঠালৈ উভতি আহিছিল, তাত প্ৰথমবাৰ পঢ়া সময়ৰ দৰে একে শব্দবোৰেই আছিল।



2. “Gee,” said Tommy, “what a waste. When you’re through with the book, you just throw it away, I guess. Our television screen must have had a million books on it and it’s good for plenty more. I wouldn’t throw it away.”

ছিঃ,” টম্মীয়ে কৈছিল, “কি ধৰণৰ অপচয়! মই ভাবো, কিতাপখন পঢ়া শেষ হলে, আপুনি সেইখন দলিয়াই পেলাই দিব । আমাৰ টেলিভিছন স্ক্ৰিনত লাখ লাখ কিতাপ আছিল আৰু ই অধিক কিতাপৰ বাবে ভাল। মই সেয়া দলিয়াই পেলাই দিব নোৱাৰো।”



“Same with mine,” said Margie. She was eleven and hadn’t seen as many telebooks as Tommy had. He was thirteen.

মোৰো তেনেকুৱা,” ক’লে মাৰ্গীয়ে। তাই এঘাৰ বছৰৰ আছিল আৰু টম্মীৰ তুলনাত কম টেলিবুক দেখিছিল। টম্মী তেৰ বছৰৰ আছিল।



She said, “Where did you find it?”

তেওঁ কৈছিল, “তুমি এইখন ক’ত পালা?”



“In my house.” He pointed without looking, because he was busy reading. “In the attic.”

মোৰ ঘৰত।” তেওঁ পঢ়াত ব্যস্ত আছিল সেইবাবে নোচোৱাকৈএ আঙুলিয়াই দেখুৱালে। “atticত।”



attic- ঘৰৰ চালৰ তলত থকা ঠাই, যাক সামগ্রী সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়।



“What’s it about?”

সেয়া কিহৰ বিষয়ে?”



“School.”

বিদ্যালয়।”



3. Margie was scornful. “School? What’s there to write about school? I hate school.”

মাৰ্গীয়ে তাচ্ছিল্যৰ সৈতে ক'লে। “বিদ্যালয়? বিদ্যালয়ৰ বিষয়ে লিখিবলৈ কি আছে? মই বিদ্যালয়ক ঘৃণা কৰোঁ।”



Margie always hated school, but now she hated it more than ever. The mechanical teacher had been giving her test after test in geography and she had been doing worse and worse until her mother had shaken her head sorrowfully and sent for the County Inspector.

মাৰ্গীয়ে সদায় বিদ্যালয়ক ঘৃণা কৰিছিল, কিন্তু এতিয়া তাই আগৰ তুলনাত অধিক ঘৃণা কৰিছিল। তাইক যন্ত্ৰিক শিক্ষকজনে জিঅ’গ্ৰাফীত পৰীক্ষাৰ পাছত পৰীক্ষা লৈছিল আৰু তাইৰ সেয়া দিনক দিনে অধিক বেয়া হৈছিল যেতিয়ালৈকে তেওঁৰ মাতৃয়ে বিষাদৰে মূৰ জোকাৰি কাউন্টি ইন্সপেক্টৰক মাতিছিল।



4. He was a round little man with a red face and a whole box of tools with dials and wires. He smiled at Margie and gave her an apple, then took the teacher apart. Margie had hoped he wouldn’t know how to put it together again, but he knew how all right, and, after an hour or so, there it was again, large and black and ugly, with a big screen on which all the lessons were shown and the questions were asked. That wasn’t so bad. The part Margie hated most was the slot where she had to put homework and test papers. She always had to write them out in a punch code they made her learn when she was six years old, and the mechanical teacher calculated the marks in no time.

সেইজন এজন গোলমোল সৰু মানুহ আছিল, যাৰ ৰঙা মুখ আৰু লগত দাইল আৰু তাৰৰ সৈতে এটা সম্পূৰ্ণ বাকচ আছিল। তেওঁ মাৰ্গীক হাঁহি মাৰি এটা আপেল দিলে, তাৰপিছত শিক্ষকটোক ভাঙি পেলালে। মাৰ্গীয়ে আশা কৰিছিল যে তেওঁ পুনৰ কিদৰে মিলাব পাৰে সেয়া নাজানিব, কিন্তু তেওঁ ভালকৈয়ে জানিছিল, আৰু, এঘন্টাৰ কিছু সময়ৰ পিছত, সেয়া আকৌ সঠিক অৱস্থাত আছিল, ডাঙৰ, ক’লা আৰু কদৰ্য, এক বৃহৎ স্ক্ৰিনৰ সৈতে য'ত সকলো পাঠসমূহ প্ৰদৰ্শন কৰা হৈছিল আৰু প্ৰশ্নসমূহ সোধা হৈছিল। এইটো সিমানো বেয়া নাছিল। মাৰ্গীৰ আটাইতকৈ ঘৃণা কৰা অংশটো আছিল সেইটো স্লট য’ত তেওঁক ঘৰৰ কাম আৰু পৰীক্ষাৰ কাগজ সুমুৱাব লাগিছিল। তেওঁ সদায় সেই পাঞ্চ ক’ডত লিখিব লাগিছিল যি সিহঁতে তেখেতক ছয় বছৰ বয়সতে শিকাইছিল, আৰু মেকানিকেল শিক্ষকজনে খুব তৎক্ষণাত নম্বৰ গণনা কৰিছিল।



5. The Inspector had smiled after he was finished and patted Margie’s head. He said to her mother, “It’s not the little girl’s fault, Mrs Jones. I think the geography sector was geared a little too quick. Those things happen sometimes. I’ve slowed it up to an average ten-year level. Actually, the overall pattern of her progress is quite satisfactory.” And he patted Margie’s head again.

ইন্সপেক্টৰে কাম শেষ কৰাৰ পিছত হাঁহি মাৰ্গীৰ মূৰত হাতেৰে মৰম কৰিলে। তেওঁ মাৰ্গীৰ মাতৃক ক’লে, “ছোৱালীজনীৰ ভুল নহয়, মিছেছ জ’নছ। মই ভাবো জিঅ’গ্ৰাফী খণ্ডটো কিছু বেছি দ্রুত হৈছে। এনে ঘটনা কেতিয়াবা হয়। মই ইয়াক দশ বছৰ বয়সৰ মানৰ দৰে ধীৰ কৰিছো। সঁচাকৈয়ে, তেওঁৰ সামগ্ৰিক উন্নতি যথেষ্ট সন্তোষজনক।” আৰু তেওঁ মাৰ্গীৰ মূৰত আকৌ হাতেৰে মৰম কৰিলে।



Margie was disappointed. She had been hoping they would take the teacher away altogether. They had once taken Tommy’s teacher away for nearly a month because the history sector had blanked out completely.

মাৰ্গী বিৰক্ত হৈছিল। তাই আশা কৰিছিল যে তেওঁলোকে শিক্ষকজনক সম্পূৰ্ণৰূপে লৈ যাব। তেওঁলোকে এবাৰ টম্মীৰ শিক্ষকজনক প্ৰায় এটা মাহৰ বাবে লৈ গৈছিল কাৰণ ইতিহাস খণ্ডটো সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈছিল।



So she said to Tommy, “Why would anyone write about school?”

সেয়ে তেওঁ টম্মীক ক’লে, “কোনোবাই বিদ্যালয়ৰ বিষয়ে কিয় লিখিব?



6. Tommy looked at her with very superior eyes. “Because it’s not our kind of school, stupid. This is the old kind of school that they had hundreds and hundreds of years ago.” He added loftily, pronouncing the word carefully, “Centuries ago.”

টম্মীয়ে তেওঁলৈ অতিশয় গৰ্বিত চকুৰে চালে। “কাৰণ ই আমাৰ ধৰণৰ বিদ্যালয় নহয়, মূৰ্খ। এইটো সেই পুৰণি ধৰণৰ বিদ্যালয় যি শতাধিক বছৰৰ পূৰ্বে আছিল।” সি গম্ভীৰভাৱে যোগ কৰিলে, শব্দটো সাৱধানে উচ্চাৰণ কৰি, “শতাব্দীৰ পূৰ্বে।”



Margie was hurt. “Well, I don’t know what kind of school they had all that time ago.” She read the book over his shoulder for a while, then said, “Anyway, they had a teacher.”

মাৰ্গী মৰ্মাহত হৈছিল। “ভাল বাৰু, মই নাজানো সেই সময়ত কেনেধৰণ বিদ্যালয় আছিল।” তেওঁ কিছু সময়ৰ বাবে টম্মীৰ কান্ধৰ ওপৰৰে কিতাপখন পঢ়িলে, তাৰপিছত ক’লে, “যিয়ে নহওঁক, সিহঁতৰ এজন শিক্ষক আছিল।”



“Sure they had a teacher, but it wasn’t a regular teacher. It was a man.”

অৱশ্যে, সিহঁতৰ এজন শিক্ষক আছিল, কিন্তু সেয়া সাধাৰণ শিক্ষক নাছিল। সেয়া এজন মানুহ আছিল।”



“A man? How could a man be a teacher?”

এজন মানুহ? এজন মানুহ কেনেকৈ শিক্ষক হ’ব পাৰে?”



“Well, he just told the boys and girls things and gave them homework and asked them questions.”

ভাল, তেওঁ কেৱল ল'ৰা আৰু ছোৱালীবোৰক কিবা ক’ব আৰু তেওঁলোকক ঘৰৰ কাম দিয়াৰ লগতে প্ৰশ্ন সুধিব।”



“A man isn’t smart enough.”

"এজন মানুহ ইমানো বুধিয়ক নহয়।"



“Sure he is. My father knows as much as my teacher.”

"নিশ্চয়। মোৰ দেউতাই মোৰ শিক্ষকজনৰ সমানেই জানে।"



“He knows almost as much, I betcha.”

"তেওঁ প্ৰায় একে পৰিমাণে জানে, মই নিশ্চিত।"



Margie wasn’t prepared to dispute that. She said, “I wouldn’t want a strange man in my house to teach me.”

মাৰ্গী অসম্মত হ'বলৈ সাজু নাছিল। তেওঁ ক'লে, “মই কেতিয়াও এজন অচিনাকি লোকক মোৰ ঘৰলৈ আহি মোক পঢ়োৱাতো নিবিচাৰো।”



Tommy screamed with laughter. “You don’t know much, Margie. The teachers didn’t live in the house. They had a special building and all the kids went there.”

টমিয়ে চিঞৰি চিঞৰি হাঁহিলে। “তুমি বেছি নজানা, মাৰ্গী। শিক্ষকবোৰ ঘৰত থকা নাছিল। তেওঁলোকৰ এক বিশেষ ঘৰ আছিল আৰু সকলো শিশু তাত গৈছিল।”



“And all the kids learned the same thing?”

"আৰু সকলো শিশুৱে একেখিনি বস্তুৱেই শিকিছিল?"



“Sure, if they were the same age.”

"নিশ্চয়, যদি তেওঁলোক একে বয়সৰে হয়।"



8. “But my mother says a teacher has to be adjusted to fit the mind of each boy and girl it teaches and that each kid has to be taught differently.”

"কিন্তু মোৰ মায়ে কৈছে যে, এজন শিক্ষকে প্ৰতিজন ল'ৰা-ছোৱালিৰ মানসিকতা অনুসৰি নিজকে সলনি কৰিব লাগে আৰু প্ৰতিটো শিশুক বেলেগ বেলেগকৈ পঢ়াব লাগে।"



“Just the same they didn’t do it that way then. If you don’t like it, you don’t have to read the book.”

"তেতিয়া তেওঁলোকে তেনেদৰে কৰা নাছিল। যদি এইখন তোমাৰ পছন্দ হোৱা নাই, তেনেহলে তুমি কিতাপখন পঢ়াৰ প্ৰয়োজন নাই।"



“I didn’t say I didn’t like it,” Margie said quickly. She wanted to read about those funny schools.

মই কোৱা নাই যে মই এইখন পছন্দ নকৰো,” মাৰ্গীয়ে তৎপৰভাবে ক'লে। তেওঁ সেই হাস্যকৰ বিদ্যালয়সমূহৰ বিষয়ে পঢ়িবলৈ ইচ্ছা কৰিছিল।



They weren’t even half finished when Margie’s mother called, “Margie! School!”

তেতিয়া তেওঁলোকৰ আধাও শেষ হোৱা নাছিল যেতিয়া মাৰ্গীৰ মাকে মাত দিলে “মাৰ্গী! স্কুল!”



Margie looked up. “Not yet, Mamma.”

মাৰ্গীয়ে ওপৰলৈ চাই ক'লে, “এতিয়াই নহয়, মা।”



“Now!” said Mrs Jones. “And it’s probably time for Tommy, too.”

এতিয়াই!” মিছেছ জোন্সে ক'লে । “আৰু বোধহয় টম্মীৰো সময় হৈছে।”



Margie said to Tommy, “Can I read the book some more with you after school?”

মাৰ্গীয়ে টম্মীক ক'লে, "বিদ্যালয়ৰ পাছত তোমাৰ সৈতে মই কিতাপখন আৰু অলপ পঢ়িব পাৰিম নে?"



9. “May be,” he said nonchalantly. He walked away whistling, the dusty old book tucked beneath his arm.

হ’বওঁ পাৰে,” তেওঁ বিশেষ আগ্ৰহ প্ৰকাশ নকৰাকৈ ক'লে। তেওঁ পূৰণা ধূলিময় কিতাপখন বাহুৰ তলত হেঁচি সুহুৰিয়াই গুছি গ'ল।



Margie went into the schoolroom. It was right next to her bedroom, and the mechanical teacher was on and waiting for her. It was always on at the same time every day except Saturday and Sunday, because her mother said little girls learned better if they learned at regular hours.



মাৰ্গীয়ে বিদ্যালয়ৰ কোঠাত সোমাই গ'ল। এইখন তেওঁৰ শয়নকক্ষৰ লগতেই আছিল, আৰু মেকানিকেল শিক্ষক অন আছিল আৰু তেওঁৰ অপেক্ষা কৰি আছিল। শনিবাৰ আৰু ৰবিবাৰৰ বাদে এইখন প্ৰতিদিনে একেই সময়ত সদায় অন থাকে, কাৰণ তেওঁৰ মাকে কৈছিল যে সৰু ছোৱালীবোৰে নিয়মিত সময়ত শিকিলে বেছি ভালকৈ শিকিব পাৰে।



The screen was lit up, and it said: “Today’s arithmetic lesson is on the addition of proper fractions. Please insert yesterday’s homework in the proper slot.”

পৰ্দাখন জ্বলি উঠিছিল, আৰু লিখা আছিল: “আজিৰ গাণিতৰ পাঠটো প্ৰকৃত ভগ্নাংশ যোগৰ ওপৰত। অনুগ্ৰহ কৰি কালিৰ হোমৱৰ্কটো সঠিক স্লটত সুমুৱাই দিয়ক।”



10. Margie did so with a sigh. She was thinking about the old schools they had when her grandfather’s grandfather was a little boy. All the kids from the whole neighborhood came, laughing and shouting in the schoolyard, sitting together in the schoolroom, going home together at the end of the day. They learned the same things, so they could help one another with the homework and talk about it.

মাৰ্গীয়ে এটা দীঘল নিশ্বাসৰ সৈতে তাকে কৰিলে। তেওঁ নিজৰ ককাকৰ ককাকৰ ল'ৰালি সময়ৰ পুৰণি বিদ্যালয়সমূহৰ কথা ভাবি আছিল। সমগ্ৰ অঞ্চলৰ সকলো শিশুৱেই বিদ্যালয়লৈ আহিছিল, বিদ্যালয়ৰ চোঁতালত হাঁহি আৰু চিঞৰ-বাখৰ কৰিছিল, বিদ্যালয়ৰ কোঠাত একেলগে বহিছিল, আৰু দিনৰ অন্তত একেলগে ঘৰত গৈছিল। তেওঁলোকে একে ধৰণৰ বস্তু শিকিছিল, সেয়া তেওঁলোকক গৃহকৰ্মত এজনে আনজনক সহায় কৰিবলৈ আৰু তাৰ বিষয়ে আলোচনা কৰিবলৈ সহায়ক হৈছিল।

And the teachers were people…
আৰু শিক্ষকসকল মানুহ আছিল…

The mechanical teacher was flashing on the screen: “When we add fractions ½ and ¼...”
যন্ত্ৰিক শিক্ষকজনে স্ক্ৰীনত আছিল: “যেতিয়া আমি ½ আৰু ¼ যোগ কৰোঁ...”

Margie was thinking about how the kids must have loved it in the old days. She was thinking about the fun they had.
মাৰ্গীয়ে ভাবিছিল যে পুৰণি দিনৰ শিশুবোৰে নিশ্চয় সেয়া ভাল পাইছিল। তেওঁ তেওঁলোকৰ আনন্দৰ কথা ভাবি আছিল। 


I. Answer these questions in a few words or a couple of sentences each.
এই প্ৰশ্নবোৰৰ উত্তৰ কেইটামান শব্দ বা দুটামান বাক্যত দিয়া।

1. How old are Margie and Tommy?
মাৰ্গী আৰু টমীৰ বয়স কিমান?

2. What did Margie write in her diary?
মাৰ্গীয়ে ডায়েৰীত কি লিখিছিল?

3. Had Margie ever seen a book before?
মাৰ্গীয়ে আগতে কেতিয়াবা কিতাপ দেখিছিল নে?

4. What things about the book did she find strange?
কিতাপখনৰ কি কি কথা তাই আচহুৱা পাইছিল?

5. What do you think a telebook is?
আপুনি টেলিবুক মানে কি বুলি ভাবে?

6. Where was Margie’s school? Did she have any classmates?
মাৰ্গীৰ স্কুল ক’ত আছিল? তাইৰ কোনো সহপাঠী আছিল নেকি?

7. What subjects did Margie and Tommy learn?
মাৰ্গী আৰু টমীয়ে কি কি বিষয় শিকিছিল?

II. Answer the following with reference to the story.
গল্পটো অনুসৰী উল্লেখ কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

1. “I wouldn’t throw it away.”

(i) Who says these words?
এই কথা কোনে কয়?

(ii) What does ‘it’ refer to?
‘it’ বুলিলে কি বুজাইছে?

(iii) What is it being compared with by the speaker?
বক্তাই ইয়াক কিহৰ সৈতে তুলনা কৰিছে?

 

2. “Sure they had a teacher, but it wasn’t a regular teacher. It was a man.”
(i) Who does ‘they’ refer to?
‘they’ বুলিলে কাক বুজাইছে?

(ii) What does ‘regular’ mean here?
‘regular’ বুলিলে কি বুজাইছে?

(iii) What is it contrasted with?
ই  কাৰ সৈতে বিপৰীত?


III. Answer each of these questions in a short paragraph (about 30 words).
এই প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ এটা চুটি অনুচ্ছেদত (প্ৰায় ৩০ শব্দ) দিয়া।

1.What kind of teachers did Margie and Tommy have?
মাৰ্গি আৰু টমীৰ কেনে ধৰণৰ শিক্ষক আছিল?

2. Why did Margie’s mother send for the County Inspector?
মাৰ্গিৰ মাক কেনেকৈ কাউণ্টি ইন্সপেক্টৰক মাতি পঠিয়ালে?

3. What did he do?
তেওঁ কি কৰিলে?

4.Why was Margie doing badly in geography? What did the County Inspector do to help her?
ভূগোলত মাৰ্গীয়ে কিয় বেয়া কৰি আছিল? কাউন্টি ইন্সপেক্টৰে তাইক সহায় কৰিবলৈ কি কৰিলে?

5. What had once happened to Tommy’s teacher?
এসময়ত টমীৰ শিক্ষকজনৰ কি হৈছিল?

6. Did Margie have regular days and hours for school? If so, why?
মাৰ্গীৰ স্কুলৰ নিয়মীয়া দিন আৰু সময় আছিল নেকি? যদি আছে, তেন্তে কিয়?

7. How does Tommy describe the old kind of school?
টমীয়ে পুৰণি ধৰণৰ স্কুলখনক কেনেকৈ বৰ্ণনা কৰিছে?

8. How does he describe the old kind of teachers?
পুৰণি ধৰণৰ শিক্ষকসকলক তেওঁ কেনেকৈ বৰ্ণনা কৰিছে?

 

IV. Answer each of these questions in two or three paragraphs (100 –150 words).
এই প্ৰতিটো প্ৰশ্নৰ উত্তৰ দুটা বা তিনিটা অনুচ্ছেদত (১০০ –১৫০ শব্দ) দিয়া।

1. What are the main features of the mechanical teachers and the schoolrooms that Margie and Tommy have in the story?
গল্পত মাৰ্গি আৰু টমীৰ মেকানিকেল শিক্ষক আৰু স্কুলৰ ঘৰৰ প্ৰধান বৈশিষ্ট্যসমূহ কি?

2. Why did Margie hate school? Why did she think the old kind of school must have been fun?
মাৰ্গিয়ে স্কুলক কিয় ঘৃণা কৰিছিল? তেওঁ কিয় ভাবিছিল যে পুৰণি ধৰণৰ স্কুল আনন্দদায়ক হ’ব?

3. Do you agree with Margie that schools today are more fun than the school in the story? Give reasons for your answer.
আপুনি কি মাৰ্গিৰ সৈতে একমত যে আজিৰ বিদ্যালয়বোৰ পুৰণি গল্পৰ বিদ্যালয়ৰ তুলনাত অধিক আনন্দদায়ক? আপোনাৰ উত্তৰৰ বাবে কাৰণ দিয়ক।


***

No comments:

Post a Comment

General Knowledge MCQ

General Knowledge MCQ 1. Which country will be the first foreign country to adopt Indian UPI system:- a) Bhutan b) Ban...