Invitation

js

Friday, July 24, 2026

ASSEB Class XI Economics Textbook অৰ্থনীতিৰ বাবে পৰিসংখ্যা Chapter 1 Textbook Questions and Answers

১. তলৰ বাক্যবোৰ শুদ্ধনে অশুদ্ধ বিচাৰ কৰা:

  • (i) পৰিসংখ্যা বিজ্ঞানে কেৱল পৰিমাণবাচক তথ্যহে বিচাৰ কৰে।

    • উত্তৰ: অশুদ্ধ। (কাৰণ: পৰিসংখ্যা বিজ্ঞানে পৰিমাণবাচক তথ্যৰ লগতে লিংগ, দক্ষতা আদিৰ দৰে গুণবাচক তথ্যও ব্যৱহাৰ আৰু প্ৰণালীবদ্ধভাৱে বিশ্লেষণ কৰে ।)

  • (ii) পৰিসংখ্যা বিজ্ঞানে অর্থনৈতিক সমস্যাসমূহ সমাধান কৰে।

    • উত্তৰ: অশুদ্ধ। (কাৰণ: পৰিসংখ্যা বিজ্ঞানে নিজেই পোনপটীয়াকৈ সমস্যা সমাধান নকৰে, বৰঞ্চ সমস্যাসমূহ বিশ্লেষণ কৰাত আৰু উপযুক্ত নীতি নিৰ্ধাৰণ কৰাত সহায়হে কৰে ।)

  • (iii) তথ্য অবিহনে অর্থবিজ্ঞানত পৰিসংখ্যা বিজ্ঞানৰ কোনো প্রয়োজন নাই।

    • উত্তৰ: শুদ্ধ। (কাৰণ: পৰিসংখ্যা বিজ্ঞানৰ মূল আধাৰেই হ'ল সংখ্যাভিত্তিক আৰু বিশ্লেষণাত্মক তথ্য ।)

২. জীৱনৰ দৈনন্দিন কাৰ্যাৱলীত অন্তর্ভুক্ত কাৰ্যৰ এখন তালিকা প্রস্তুত কৰা। এইবোৰ অৰ্থনৈতিক কাৰ্যাৱলী হয়নে?

উত্তৰ:

জীৱনৰ দৈনন্দিন কাৰ্যাৱলীৰ এখন তালিকা হ'ল:

  1. বজাৰৰ পৰা নিজৰ বাবে বা পৰিয়ালৰ বাবে সামগ্ৰী ক্ৰয় কৰা (উপভোক্তা)

  2. লাভ অৰ্জনৰ বাবে দোকানত সামগ্ৰী বিক্ৰী কৰা (বিক্ৰেতা)

  3. খেতিপথাৰত শস্য উৎপাদন কৰা বা কাৰখানাত বস্তু প্ৰস্তুত কৰা (উৎপাদক)

  4. দৰমহা বা মজুৰিৰ বিনিময়ত আনৰ প্ৰতিষ্ঠানত কাম কৰা (সেৱাধাৰী)

  5. মাচুল বা ধনৰ বিনিময়ত ৰোগী চোৱা, আইনী পৰামৰ্শ দিয়া বা গাড়ী চলোৱা (সেৱাকাৰী)

এইবোৰ অর্থনৈতিক কাৰ্যাৱলী হয়নে? হয়। এই সকলোবোৰ কাৰ্যই অর্থনৈতিক কাৰ্যাৱলী। কাৰণ, এই কাৰ্যসমূহ মুদ্ৰাগত লাভ বা অৰ্থনৈতিক উপাৰ্জনৰ উদ্দেশ্যে আৰু নিজৰ দৈনন্দিন অভাৱ পূৰণ কৰিবলৈ সম্পাদন কৰা হয়, যাক অৰ্থনীতিবিদসকলে 'জীৱনৰ দৈনন্দিন কাৰ্য' বুলি কয়

৩. 'চৰকাৰ আৰু নীতি নিৰ্দ্ধাৰকসকলে অর্থনৈতিক উন্নয়নৰ উপযুক্ত নীতি প্রস্তুত কৰিবলৈ পাৰিসংখ্যিক তথ্য ব্যৱহাৰ কৰে।' দুটা উদাহৰণৰ সহায়ত বুজাই লিখা।

উত্তৰ: চৰকাৰ আৰু নীতি নিৰ্ধাৰকসকলে দেশৰ আৰ্থিক সমস্যাক অনুধাৱন কৰিবলৈ আৰু উন্নয়নমূলক নীতি প্ৰস্তুত কৰিবলৈ পাৰিসংখ্যিক তথ্যৰ ওপৰত নিৰ্ভৰ কৰে

উদাহৰণ ১ (ইন্ধন/তেল আমদানিৰ নীতি):

বিশ্ব বজাৰত তেলৰ দাম বৃদ্ধি পোৱাৰ সময়ত চৰকাৰে দেশে কিমান তেল আমদানি কৰা উচিত সেই সিদ্ধান্ত ল'বলগীয়া হয়। এই সিদ্ধান্তটো ভৱিষ্যতৰ প্ৰত্যাশিত ঘৰুৱা উৎপাদন আৰু তেলৰ সম্ভাৱ্য চাহিদাৰ পাৰিসংখ্যিক তথ্যৰ ওপৰত নিৰ্ভৰ কৰে। শুদ্ধ পৰিসংখ্যা নহ'লে তেলৰ প্ৰকৃত প্ৰয়োজন নজানাকৈ সঠিক আমদানি নীতি তৈয়াৰ কৰাটো সম্ভৱ নহয়

উদাহৰণ ২ (জনসংখ্যা নিয়ন্ত্ৰণ আৰু পৰিয়াল পৰিকল্পনা নীতি):

দেশৰ অতিৰিক্ত জনসংখ্যা ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা 'পৰিয়াল পৰিকল্পনা নীতি' প্ৰভাৱশালী হৈছেনে নাই, সেয়া জুখিবলৈ চৰকাৰে জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু জনসংখ্যা বৃদ্ধিৰ পাৰিসংখ্যিক তথ্য বিশ্লেষণ কৰে। ইয়াৰ যোগেদি নীতিটো সফল হৈছে নে ইয়াত সাল-সলনিৰ প্ৰয়োজন সেয়া নিৰ্ধাৰণ কৰা হয়

৪. তোমাৰ অসীম অভাৱ আৰু সেইবোৰ পূৰণ কৰিবলৈ সীমিত সম্পদ আছে। দুটা উদাহৰণ দি বৰ্ণনা কৰা। পূৰণ কৰিব লগীয়া প্রয়োজনসমূহ তুমি কেনেকৈ নিৰ্বাচন কৰি ল'বা?

উত্তৰ: মানুহৰ অভাৱ অসীম কিন্তু সেই অভাৱ পূৰণ কৰিব পৰা সম্পদ বা ধন সীমিত

দুটা উদাহৰণ:

  1. জেপ খৰচ (পকেটো মানী): এজন ছাত্ৰই পোৱা মাহেকীয়া জেপ খৰচ সীমিত (যেনে: ₹৫০০)। কিন্তু তেওঁৰ অভাৱ বহুতো— ধৰক নতুন পেণ্ট, খেলৰ বল, চিনেমাৰ টিকট, আইচক্ৰীম আদি। কম টকাৰে এই সকলো বস্তু একেলগে কিনিব নোৱাৰি

  2. কৃষি সম্পদ বা ভূমি: এজন কৃষকৰ মাটি আৰু মূলধন সীমিত। একেডোখৰ মাটিতে তেওঁ ধান, শাক-পাচলি, মৰাপাট বা ৰাবাৰ উৎপাদন কৰিব বিচাৰিব পাৰে। সম্পদ সীমিত হোৱা বাবে তেওঁ কি শস্য উৎপাদন কৰিব সেয়া নিৰ্বাচন কৰিবলগীয়া হয়

প্ৰয়োজনসমূহ নিৰ্বাচন কৰাৰ উপায়: যিহেতু সম্পদ সীমিত, সেয়েহে আটাইতকৈ বেছি জৰুৰী আৰু গুৰুত্বপূৰ্ণ অভাৱবোৰক অগ্ৰাধিকাৰ (priority) প্ৰদান কৰি নিৰ্বাচন কৰা হয়। উদাহৰণস্বৰূপে, জেপ খৰচৰ টকাৰে আমোদ-প্ৰমোদৰ সলনি প্ৰথমে শিক্ষা বা প্ৰয়োজনীয় সামগ্ৰীক বেছি গুৰুত্ব দি বাকীবোৰ ত্যাগ কৰিবলগীয়া হয়

৫. অৰ্থবিজ্ঞান অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তোমাৰ যুক্তিবোৰ কি কি?

উত্তৰ:

অৰ্থবিজ্ঞান অধ্যয়ন কৰাৰ মূল যুক্তিসমূহ হ'ল:

  • নাটনি আৰু নিৰ্বাচনৰ সমস্যা বুজি পোৱা: অৰ্থবিজ্ঞানে আমাক শিকায় যে সীমিত সম্পদৰ দ্বাৰা অসীম অভাৱসমূহ কেনেকৈ সঠিকভাৱে নিৰ্বাচন কৰি পূৰণ কৰিব পাৰি

  • উপভোক্তা আৰু উৎপাদকৰ ভূমিকা বুজা: এজন উপভোক্তাই সীমিত আয়ৰে কেনেকৈ সৰ্বোচ্চ সন্তুষ্টি পাব পাৰে আৰু এজন উৎপাদকে কেনেকৈ সঠিক সামগ্ৰী উৎপাদনৰ সিদ্ধান্ত লয়, সেয়া অৰ্থবিজ্ঞানে স্পষ্ট কৰে

  • আৰ্থিক সমস্যাসমূহৰ বিশ্লেষণ: দেশৰ দৰিদ্ৰতা, নিবনুৱা সমস্যা, বৈষম্য, আৰু মূল্যবৃদ্ধিৰ দৰে মূল সমস্যাসমূহ বুজিবলৈ আৰু চৰকাৰী নীতিসমূহ মূল্যাংকন কৰিবলৈ অৰ্থবিজ্ঞানৰ অধ্যয়ন অপৰিহাৰ্য

  • ব্যক্তিগত জীৱনৰ সঠিক পৰিকল্পনা: নিজৰ উপাৰ্জন, সঞ্চয় আৰু ব্যৱহাৰৰ সঠিক পৰিকল্পনা কৰি জীৱন ধাৰণৰ মান উন্নত কৰাত অৰ্থবিজ্ঞানে সহায় কৰে

৬. পাৰিসংখ্যিক পদ্ধতিবোৰ সাধাৰণ জ্ঞানৰ বিকল্প নহয়। মতামত ব্যক্ত কৰা।

উত্তৰ: পাৰিসংখ্যিক পদ্ধতিবোৰ তথ্য বিশ্লেষণৰ এটা গুৰুত্বপূৰ্ণ সঁজুলি হ'লেও, এইবোৰ কেতিয়াও মানুহৰ সাধাৰণ জ্ঞান (Common Sense)-ৰ বিকল্প হ'ব নোৱাৰে। বাস্তৱ বুদ্ধি আৰু সাধাৰণ জ্ঞান নোহোৱাকৈ অন্ধভাৱে পাৰিসংখ্যিক মান (যেনে: গড় মান) ব্যৱহাৰ কৰিলে ভয়ংকৰ ভুল বা বিপত্তি ঘটিব পাৰে

উদাহৰণ (পাঠ্যপুথিৰ কাহিনী অনুসৰি):

এবাৰ চাৰিজনীয়া এটা পৰিয়ালে নদী এখন পাৰ হ'বলগীয়া হৈছিল। পৰিয়ালৰ দেউতাকে নদীখনৰ গড় গভীৰতা জানিছিল আৰু নিজৰ পৰিয়ালৰ সদস্যসকলৰ গড় উচ্চতা গণনা কৰি উলিয়ালে। যিহেতু পৰিয়ালৰ গড় উচ্চতা নদীখনৰ গড় গভীৰতাতকৈ বেছি আছিল, তেওঁ ভাবিলে যে সকলোৱে সুৰক্ষিতভাৱে নদীখন পাৰ হ'ব পাৰিব। কিন্তু নদী পাৰ হওঁতে পৰিয়ালটোৰ সৰু ল'ৰা-ছোৱালী দুটা ডুবি মৰিল

কাৰণ আৰু মতামত: ইয়াত ভুলটো পাৰিসংখ্যিক 'গড়' পদ্ধতিটোৰ নাছিল, ভুল আছিল দেউতাকৰ সাধাৰণ জ্ঞানৰ অভাৱ আৰু 'গড়' মানৰ অৰ্থহীন ব্যৱহাৰ। গড় গভীৰতা যিয়েই নহওক, নদীখনৰ ক’ৰবাত গভীৰতা কম আৰু ক’ৰবাত বহুত বেছি থাকিব পাৰে আৰু সৰু ল'ৰা-ছোৱালীৰ নিজা উচ্চতা গড় উচ্চতাতকৈ কম আছিল। গতিকে, পাৰিসংখ্যিক পদ্ধতি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সদায় সাধাৰণ জ্ঞান আৰু বাস্তৱিক বিচাৰ-বুদ্ধিৰ প্ৰয়োজন

Sunday, July 19, 2026

Comming Soon

Signal acquired · launching soon

Something new
is on its way

We're putting the finishing touches on something we think you'll love. Drop your email and you'll be the first to know.

00
Days
:
00
Hours
:
00
Mins
:
00
Secs

✓  You're on the list. We'll be in touch.

© 2026  ·  All rights reserved

ASSEB Class XI Economics Textbook অৰ্থনীতিৰ বাবে পৰিসংখ্যা Chapter 1 Textbook Questions and Answers

১. তলৰ বাক্যবোৰ শুদ্ধনে অশুদ্ধ বিচাৰ কৰা: (i) পৰিসংখ্যা বিজ্ঞানে কেৱল পৰিমাণবাচক তথ্যহে বিচাৰ ...