js

Saturday, August 17, 2024

SEBA Class IX Social Science [Political] Chapter 1 Questions and Answers draft

ভাৰতৰ ৰাজনৈতিক দল

অনুশীলনীৰ প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।
উত্তৰঃ চীন।

প্রশ্ন ২। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি?
উত্তৰঃ দ্বি-দলীয় ব্যৱস্থা।

প্রশ্ন ৩। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট হ’ল— (ক) সংগঠন, (খ)নীতি, আদর্শ আৰু আঁচনি।

প্রশ্ন ৪। ৰাজনৈতিক দলৰ এটা প্রধান কার্য উল্লেখ কৰা।
উত্তৰঃ জনগণক ৰাজনৈতিক শিক্ষা প্রদানেৰে শিক্ষিত কৰা।

প্রশ্ন ৫। অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা।
উত্তৰঃ অসম গণ পৰিষদ (A.G.P.)।

প্রশ্ন ৬। ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি ?
উত্তৰঃ ঝাৰখণ্ড মৰ্চা দল।

প্রশ্ন ৭। ইউ পি এ (UPA)ৰ সম্পূর্ণ অর্থ লিখা।
উত্তৰঃ সংযুক্ত প্রগতিশীল মৰ্চা (United Progressive Alliance)।

প্রশ্ন ৮। ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো?
উত্তৰ : ভাৰতীয় জাতীয় কংগ্রেছ।

প্রশ্ন ৯। কাৰ নেতৃত্বত “দি ইণ্ডিয়ান এছ’চিয়েচন” গঠন হৈছিল?
উত্তৰঃ এছ, এন বেনাৰ্জীৰ নেতৃত্বত।

প্রশ্ন ১০৷ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰঃ উমেশ চন্দ্র বেনার্জী

ভাৰতৰ ৰাজনৈতিক দল চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্রধান বৈশিষ্ট্য কি?
উত্তৰঃ ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্রধান বৈশিষ্ট্য হল- ভাৰতবৰ্ষত বহুদলীয় শাসন ব্যৱস্থা বিৰাজমান। যত বিভিন্ন ৰাজনৈতিক দলে নির্বাচনত অংশগ্রহণ কৰে আৰু সংখ্যাগৰিষ্ঠ লাভ কৰা একাধিক দলে লগ লাগি সংযুক্ত চৰকাৰ গঠন কৰে আৰু চৰকাৰৰ বাহিৰত থকা দলসমূহে বিৰােধী দল হিচাপে কাম কৰে।

প্রশ্ন ২। গণতান্ত্রিক ৰাষ্ট্র এখনৰ বাবে কি দলীয় ব্যবস্থা বিশেষভাৱে উপযােগী?
উত্তৰঃ গণতান্ত্রিক ৰাষ্ট্র এখনৰ বাবে দ্বি-দলীয় ব্যৱস্থা বিশেষভাৱে উপযােগী। কাৰণদ্বি-দলীয় ব্যৱস্থা থকা গণতান্ত্রিক ৰাষ্ট্র এখন অধিক সুস্থিৰ আৰু সবল। এই ব্যৱস্থা থকা। গণতান্ত্রিক ৰাষ্ট্র এখন সহজতে ৰাজনৈতিক সংকটে দেখা নিদিয়ে।

প্রশ্ন ৩। ৰাজনৈতিক দলৰ প্রধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা।
উত্তৰঃ ৰাজনৈতিক দলৰ প্রধান বৈশিষ্ট্য চাৰিটা হ’ল—(ক) সংগঠন, (খ) নীতি, আদর্শ আৰু সংগঠন, (গ) ক্ষমতা দখলৰ বাবে থকা আকাংক্ষা, (ঘ) জাতীয় স্বার্থৰ প্রতি সম্মান।

প্রশ্ন ৪। পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰঃ পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হল- (ক) অসম গণ পৰিষদ (অসম) (খ) আকলি দল (পাঞ্জাৱ) (গ) শিৱসেনা (মহাৰাষ্ট্র) (ঘ) তেলেগু দেশম। (অন্ধ্রপ্রদেশ) (ঙ) দ্রাবিড় মুট্টো কাজগাম (তামিলনাড়ু)।

প্রশ্ন ৫। মৰ্চা চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া কোনাে এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অসমর্থ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগােট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বােলা হয়।

ভাৰতৰ ৰাজনৈতিক দল দীঘল প্রশ্নোত্তৰ

প্রশ্ন ১। সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়?
উত্তৰঃ গণতান্ত্রিক দেশসমূহত নির্বাচনৰ মাধ্যমেদি বিভিন্ন ৰাজনৈতিক দলে ক্ষমতা দখলৰ বাবে প্রতিযােগিতাত অৱতীৰ্ণ হয়। সংসদ বা বিধানমণ্ডলৰ নির্বাচনসমূহত যিটো ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলেই চৰকাৰ গঠন কৰিব পাৰে। যদি কোনাে ৰাজনৈতিক দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ নহয়, তেনে অৱস্থাত দুটা বা ততােধিক ৰাজনৈতিক দলে আনুষ্ঠানিক বুজাপৰাৰ জৰিয়তে একেলগ হৈ চৰকাৰ গঠন কৰে। এনে ধৰণৰ চৰকাৰকে সন্মিলিত চৰকাৰ বা সংযুক্ত চৰকাৰ বােলা হয়। সন্মিলিত চৰকাৰ থকা দেশসমূহ হ’ল ইটালী, জার্মানী, জাপান, তুর্কী, ইজৰাইল, ভাৰতবর্ষ। বর্তমান দলীয় ব্যৱস্থাৰ বৃদ্ধিৰ লগে লগে একদলীয় শাসন ব্যৱস্থাৰ গুৰুত্ব কমি আহিছে আৰু বিভিন্ন দেশত কেইবাটাও দল একেলগ হৈ সন্মিলিত চৰকাৰ গঠন কৰাৰ প্রৱণতা বৃদ্ধি পাইছে। বর্তমান সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে অধিক গুৰুত্ব লাভ কৰাৰ প্ৰধান কাৰণকেইটা হল-
(ক) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি,
(খ) একক ৰাজনৈতিক দলৰ প্রাধান্য হ্রাস,
(গ) এটা নির্বাচনত কোটি কোটি টকা খৰচ হােৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নির্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ’বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়।
(ঘ) চৰকাৰত আঞ্চলিক প্রতিনিধিত্বৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়।

প্রশ্ন ২। সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলােচনা কৰা।
উত্তৰঃ মৰ্চা চৰকাৰৰ দুটা গুণ হ’ল–
(ক) পৰিস্থিতি আৰু সময় সাপেক্ষ: মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ এখনত সুস্থিতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্রয়ােজন।
(খ) জাতীয় ঐক্য-সংহতি ৰক্ষাঃ মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দল বিলাকে নিজা নীতি-আদর্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে। ফলত জাতীয় ঐক্য-সংহতি ৰক্ষা হয়।

মর্চা চৰকাৰৰ দুটা দোষ হল-
(ক) ক্ষণস্থায়ী অথবা অস্থিৰঃ মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে ই ক্ষণস্থায়ী চৰকাৰ। মৰ্চাত অংশ গ্রহণ কৰা দলসমূহে নিজা স্বাৰ্থত আঘাত পৰিলে সেই দলে যিকোনাে সময়তে সমর্থন উঠাই লােৱাৰ সম্ভাৱনা থাকে। ফলত কার্যকাল সম্পূর্ণ হােৱাৰ আগতেই এনে চৰকাৰৰ পতন ঘটে।
(খ) দুর্বল চৰকাৰঃ মৰ্চা চৰকাৰ সাধাৰণতে দুর্বল হয়। মৰ্চাত অংশ গ্রহণকাৰী সকলাে দলকে সন্তুষ্ট ৰাখিবলগীয়া হােৱাৰ বাবে এই চৰকাৰ কোনাে বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নােৱাৰে।

৩। গণতন্ত্রত বিৰােধী ৰাজনৈতিক দলৰ ভূমিকা আলােচনা।
উঃ গণতন্ত্রত বিৰােধী দলৰ গুৰুত্বপূর্ণ ভূমিকা আছে। যেনে—
(ক) শাসনত থকা দলে যাতে দেশৰ স্বার্থ বিপৰীতে কোনাে কাম কৰিব নােৱাৰে তাৰ প্রতি চকুৰখা।
(খ) চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাৰােৰ পর্যবেক্ষণ আৰু পর্যালােচনা কৰি প্রয়ােজন সাপেক্ষে সংসদৰ মজিয়াত দাঙি ধৰি সকলােৰে দৃষ্টি আকর্ষণ কৰা।
(গ) প্রয়ােজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা।
(ঘ) জনমত গঠন কৰা।
(ঙ) জনসাধাৰণকৰাজনৈতিক শিক্ষা প্রদানকৰি দেশৰ প্ৰতি থকা দায়িত্বৰ প্রতি সজাগতা বৃদ্ধি কৰা।

ভাৰতৰ ৰাজনৈতিক দল Class 9

৪। আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলােচনা কৰা।
উঃ পৃথিৱীৰ কিছুমান গণতান্ত্রিক দেশত বিশেষকৈ ভাৰতবৰ্ষত বহুতাে আঞ্চলিক ৰাজনৈতিক দলৰ অস্তিত্ব আছে। দেশ এখনত কেইবাটাও ৰাষ্ট্ৰীয় দল থকা সত্বেও আঞ্চলিক দলৰ জন্ম হয়। ইয়াৰ কাৰণ—
(ক) ৰাষ্ট্ৰীয় দলৰ বৈষম্যমূলক নীতি।
(খ) সংখ্যালঘু সম্প্রদায়বােৰৰ মাজত থকা নিৰাপত্তাহীনতাৰ অভাৱ।
(গ) দেশ এখনৰ ভিতৰত বসবাস কৰি থকা বিভিন্ন জনগােষ্ঠী, সম্প্রদায়, ধর্ম আদিৰ মাজত থকা নীতিগত বা আদর্শগত সংঘাত।
(ঘ)কেন্দ্রীয় চৰকাৰৰ অধিক কেন্দ্রীয়কৰণৰ প্ৰৱণতা।।
(ঙ) ৰাষ্ট্ৰীয় দলত স্থান নােপােৱা নেতাসকলে বিকল্প হিচাপে নিজাববীয়াকৈ দলৰ সৃষ্টিকৰা।
(চ) স্থানীয় সমস্যাৰ প্রতি জনসাধাৰণক সচেতন কৰা আৰু সেইবােৰ ৰাজনৈতিকভাবে সমাধান কৰাত গুৰুত্ব দিয়া।

৫। গণতান্ত্রিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্রয়ােজনীয়তা সম্পর্কে লিখা।
উঃ গণতন্ত্রত ৰাজনৈতিক দলৰ প্রয়ােজন আছে। কাৰণ
(ক) ৰাজনৈতিক দলৰ নীতি আদর্শ আৰু লক্ষ্য থাকে। সেই নীতি বা আদর্শ বাস্তৱত ৰূপায়ি কৰাৰ জৰিয়তে দেশ এখনক প্ৰগতিৰ পথত আগুৱাই লৈ যােৱাৰ বাবে ৰাজনৈতিক দলৰ প্ৰয়ােজন আছে।
(খ) ৰাজনৈতিক দলে শাসক শ্ৰেণীৰ কার্যকলাপৰ প্রতি চোকা দৃষ্টি ৰাখে, চৰকাৰক সমালােচনা কৰিব পাৰে। ফলত শাসকসকলক স্বেচ্চাচাৰী হােৱাৰ পৰা ৰক্ষা কৰে।
(গ) দেশ এখনৰ জনগণক ৰাজনৈতিক শিক্ষা প্রদান কৰিবলৈ আৰু নাগৰিকে নিজৰ দেশৰ প্ৰতি থকা দায়িত্বৰ প্রতি সচেতন কৰিবলৈ ৰাজনৈতিক দলৰ প্ৰয়ােজন আছে।
(ঘ) ৰাজনৈতিক দলৰ জৰিয়তে দেশৰ সাধাৰণ প্ৰজাই শাসনকার্যত ভাগ ল’ব পাৰে।
(ঙ) গণতন্ত্রক সুৰক্ষা দিবলৈ আৰুজনসাধাৰণৰ আশা- আকাংক্ষাৰ বুজ ল’বলৈ ৰাজনৈতিক দলৰ অতীব প্রয়ােজন আছে।

৬। ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কার্যাৱলী উল্লেখকৰা।
উঃ ৰাজনৈতিক দলৰ প্রধান বৈশিষ্টসমূহ হলঃ
(ক) ৰাজনৈতিক দল এটা সংগঠনৰ দৰে কাম কৰে।
(খ) ৰাজনৈতিক দল কিছুমাননীতি, আদর্শ আৰু লক্ষ্যৰ ওপৰত প্রতিষ্ঠিত।
(গ)ৰাজনৈতিক দলৰ ক্ষমতালাভৰআকাংক্ষা আছে।
(ঘ) ৰাজনৈতিক দলেবৃহত্বৰজাতীয় স্বার্থত কাম কৰে।

ৰাজনৈতিক দলৰ কার্যাৱলী সমূহ হ’ল
(ক) জনসাধাৰণৰ মাজত ৰাজনৈতিক সজাগতা সৃষ্টি কৰা।
(খ) জনমত গঠন কৰা।
(গ) জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্রদান কৰা।
(ঘ) দেশ এখনক প্রগতিৰ দিশলৈ আগবঢ়াই নিবলৈ সুচিন্তিত আঁচনি প্রস্তুত কৰা।
(ঙ) বিভিন্ন জাতি-গােষ্ঠী, ধৰ্মাৱলম্বী লােকসকলৰ মাজত সমন্বয় সাধন কৰা।

৭। সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বর্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলােচনা কৰা।
উঃ বর্তমান সময়ত সংযুক্ত (মর্চা) চৰকাৰৰ গুৰুত্ব বৃদ্ধি পাইছে। ইয়াৰ কাৰণঃ
(ক) নির্বাচনত কোনাে দলে প্রয়ােজনীয় সংখ্যক আসন লাভ কৰিব নােৱাৰিলে মৰ্চা চৰকাৰ গঠন কৰিব পাৰি। এনেদৰে মৰ্চা চৰকাৰ গঠন হলে দেশখনে নতুন নির্বাচন অনুষ্ঠিত কৰাৰ খৰচৰ পৰা ৰেহাই পায়। ফলত দেশখনত অপব্যয় হ্রাস পায়।

(খ) মৰ্চা চৰকাৰত ৰাষ্ট্ৰীয় দলৰ উপৰিও আঞ্চলিক দলৰ বাবেও অংশ গ্রহণ কৰিব পাৰে। ফলত আঞ্চলিক দলবােৰৰ প্রত্যাশা পূৰণ হয়।
(গ) মৰ্চা চৰকাৰে ইয়াৰ লগত যােগদান কৰা সকলােবােৰ দলৰনীতি আদর্শক সন্মান জনাব লাগে। ফলত দেশখনত সহনশীলতা, সহযােগিতা আৰু সমিলমিলৰে কাম কৰাৰ প্রৱণতা আৰু মানসিকতা বৃদ্ধি পায়।
(ঘ) মৰ্চা চৰকাৰত বিশেষ কোনাে ৰাজনৈতিক দলৰ প্রাধান্য হ্রাস পায়। ফলত কোনাে দল বা শাসকবর্গ স্বেচ্ছাচাৰী হ’ব নােৱাৰে।
(ঙ) মৰ্চা চৰকাৰত যােগদান কৰা সৰু সৰুৰাজনৈতিক দলববাৰে গুৰুত্ব পােৱাত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৃষ্টি আকর্ষণ কৰাত সুবিধা পায়।

প্রশ্ন: ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা?

উত্তৰঃ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট হ’ল— (ক) সংগঠন, (খ)নীতি, আদর্শ আৰু আঁচনি।

প্রশ্ন: ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো?

উত্তৰ : ভাৰতীয় জাতীয় কংগ্রেছ।

No comments:

Post a Comment