js

Friday, September 13, 2024

অসমীয়া ব্যাকৰণঃ ণত্ব বিধি আৰু ষত্ব বিধি

ণত্ব বিধি আৰু ষত্ব বিধি


ণত্ব বিধিঃ
ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধি বােলা হয়।

ণত্ব বিধিৰ প্ৰধান নিয়মবােৰ হ’ল :
(ক) একেটা পদতে থকা ঋ, ৰ আৰু যৰ পাছত থকা দন্ত্য 'ন’, মূর্ধণ্য ‘ণ’ হয়। যেনেঃ ঋণ, তৃণ, বৰষুণ, বর্ণ, কৃষ্ণ ইত্যাদি।
(খ) একেটা পদতে থকা ঋ, ৰ, ষ আৰু দন্ত্য 'ন’ৰ মাজত স্বৰবৰ্ণ, ক-বর্গ বা প-বৰ্গৰ কোনাে বর্ণ বা য, ৱ, হ আৰু অনুস্বাৰ ব্যৱধান থাকিলেও দন্ত্য ন’, মূর্ধণ্য ‘ণ’হয়। যেনেঃ কৃপণ, গ্রহণ, ৰুক্মিণী, পাষাণ ইত্যাদি।
(গ) ট-বর্গযুক্ত কোনাে বর্ণৰ লগত যুক্ত হলে দন্ত্য নি’, মূর্ধণ্য ‘ণ’হয়। যেনেঃ ঘন্টা, অণ্ড, বিষন্ন ; কণ্টক, পিণ্ড ইত্যাদি।
(ঘ) উত্তৰ, দক্ষিণ, চান্দ্র, পৰ, নাৰ, ৰাম আদি শব্দৰ পাছত থকা অয়ন শব্দৰ দন্ত্য ন', মূর্ধণ্য ‘ণ’হয়। যেনেঃ ৰামায়ণ, উত্তৰায়ণ, পৰায়ণ ইত্যাদি।
(ঙ) প্র, পূর্ব, পৰ, অপৰ আদি শব্দৰ পাছত থকা ‘অহ্ন’ শব্দৰ দন্ত্য নি’, মূর্ধণ্য ‘ণ’হয়। যেনেঃ প্ৰাহু, পূর্বাহ্ন ইত্যাদি।
(চ) প্ৰ, পৰা, পৰি, নিৰ আদি উপসর্গৰ পাছত থকা নাম,নয় আদিন কাৰাদি ধাতুৰ দন্ত্য 'ন’, মূর্ধণ্য ‘ণ’হয়। যেনেঃ প্রণাম, প্রণয়, নির্ণয়, পৰিণাম ইত্যাদি।
(ছ) অক্ষ’ শব্দৰ পাছত থকা ‘উহিনী’ শব্দৰ দন্ত্য নি’ আৰু শূর্প’ শব্দৰ পাছত থকা নখ’শব্দৰ দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’হয়। যেনেঃ অক্ষৌহিণী, শূর্পণখা ইত্যাদি।
(জ) কিছুমান শব্দৰ স্বাভাৱিকতে মূর্ধণ্য ‘ণ’ হয়। যেনেঃ বাণিজ্য, বাণী, বীণা, কণিকা, গুণ, গণ, চাণক্য ইত্যাদি।

তলত কিছুমান শব্দত ‘ণ’ ব্যৱহাৰ হােৱাৰ কাৰণ উল্লেখ কৰা হলঃ
কৰ্ণ- ‘ৰ'ৰ পাছত থকা বাবে 'ন', মূর্ধণ্য ‘ণ’হৈছে।
বৰষুণ- স্বৰবৰ্ণ উ- ৰ ব্যৱধান থাকিলেও ‘ষ’ ৰ পাছত থকা বাবে 'ন’, মূর্ধণ্য ‘ণ’ হৈছে।
বিষণ্ণ- ট-বৰ্গৰ বৰ্ণ ‘ণ’ৰ লগত যুক্ত হােৱা বাবে দন্ত্য 'ন’, মূর্ধণ্য ‘ণ’ হৈছে।
ৰামায়ণ- ‘ৰাম’ শব্দৰ পাছত থকা ‘অয়ন’ শব্দৰ দন্ত্য ন’, মূর্ধণ্য ‘ণ’ হৈছে।
প্রণাম প্র - উপসৰ্গৰ পাছত হােৱা বাবে দন্ত্য 'ন’, মূর্ধণ্য ‘ণ’ হৈছে।
শূর্পণখা- ‘শূর্প’ শব্দৰ পাছত থকা 'নখা’শব্দৰ বাবে দন্ত্য নি’, মূর্ধণ্য ‘ণ’ হৈছে।
গুণ- স্বাভাৱিকতে মূর্ধণ্য ‘ণ’ হৈছে।
‘ঋ’ৰ পাছত থকা বাবে দন্ত্য ন’, মূর্ধণ্য ‘ণ’ হৈছে।
‘ষ’ বৰ্ণৰ সৈতে যুক্ত দন্ত্য ন’, মূর্ধণ্য ‘ণ’ হৈছে।
নির্ণয় ‘নিৰ’-উপসৰ্গৰ পাছত ন-কাৰাদি ধাতু থকা বাবে দন্ত্য ন’, মূর্ধণ্য‘ণ হয়।

ষত্ব বিধিঃ
ষত্ব বিধিঃ যি বিধি বা নিয়মমতে ; দন্ত্য 'স’ই মূর্ধণ্য ষ’ৰৰূপ লয়, তেনে বিধিক ষত্ব বিধি বােলে।

ষত্ব বিধিৰ প্ৰধান নিয়মবােৰ হ’লঃ
(ক) অ, আ-ৰ বাহিৰে অন্য স্বৰবৰ্ণ ‘ক’ নাইবা ৰ’ ৰ পাছত থকা প্রত্যয়ৰ দন্ত্য স’, মূর্ধণ্য ষ’ হয়।
যেনেঃ ঋষি, শ্ৰীচৰণেযু, মুমূর্ষ, ভৱিষ্যৎ, শুশ্রুষা ইত্যাদি।
(খ) ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত হােৱা দন্ত্য ‘স’, মূর্ধণ্য ষ’ হয়।
যেনেঃ কষ্ট , দুষ্ট, ওষ্ট , মিষ্ট ইত্যাদি।
(গ) ই-কাৰান্ত বা উ-কাৰান্ত উপসৰ্গৰ পাছত স্থা, সিধ, সিচ, লস্,
আদি ধাতুৰ দন্ত্য 'স’, মূর্ধণ্য ষ’ হয়।
যেনেঃ নিষেধ, বিষাদ, প্রতিষ্ঠা, অভিলাষ, অনুষ্ঠান, নিষাদ, অভিষেক আদি।
(ঘ) ভূমি, গাে, অংগু, দিবি শব্দৰ পাছত থকা স্থা’ শব্দৰ দন্ত্য ‘স’ আৰু যুধি’ শব্দৰ পাছত থকা স্থিৰ শব্দৰ দন্ত্য স’, মূর্ধণ্য ‘য’ হয়।
যেনেঃ ভূমিষ্ঠ, গােষ্ঠ, অংগুষ্ঠ, যুধিষ্ঠিৰ, দিবিষ্ট ইত্যাদি।
(৬) সু আৰু বি উপসৰ্গৰ পাছত থকা সম’ শব্দৰ দন্ত্য স’, মূদ্ধণ্য ষ’ হয়।
যেনেঃ সুষম, বিষম ইত্যাদি।
(চ) প্রত্যয় যােগ হলে ‘হবিস’আৰু ‘চাক্ষুস’ শব্দৰ দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হয়।
যেনেঃ হবিষ্য, চাক্ষুষ ইত্যাদি।
(ছ) কিছুমান শব্দত স্বাভাৱিকতে মূর্ধণ্য ‘ষ’ হয়। যেনেঃ ভাষা, বর্ষা, হর্ষ, দোষ, বিশেষ্য, ঘর্ষণ, কৃষক ইত্যাদি।

তলত কিছুমান শব্দত 'ষ' ব্যৱহাৰ হােৱাৰ কাৰণ উল্লেখ কৰা হল :
শুশ্রুষা = উ -স্বৰবৰ্ণৰ পাছত থকা বাবে মূর্ধণ্য ষ’ হৈছে।
ওষ্ঠ = ট -বৰ্গৰ বৰ্ণ 'ঠ' ৰ লগত যুক্ত হােৱা বাবে দন্ত্য স’, মূর্ধণ্য ষ’ হৈছে।
প্রতিষ্ঠা = ই-কাৰান্ত উপসৰ্গৰ লগত ‘স্থা’ ধাতু থকা বাবে দন্ত্য স’, মূর্ধণ্য ষ’ হৈছে।
ভূমিষ্ঠ = ভূমি’ শব্দৰ পাছত থকা 'স্থ’ শব্দৰ বাবে দন্ত্য স’, মূর্ধণ্য 'ষ’ হৈছে।
চাক্ষুষ = চাক্ষুস শব্দৰ দন্ত্য 'স’, মূর্ধণ্য ষ’ হয়।
বিষম = বি-উপসৰ্গৰ পাছত থকা সম’ শব্দৰ বাবে দন্ত্য স’, মূর্ধণ্য ষ’ হৈছে।
বিশেষ্য = স্বাভাৱিকতে মূর্ধণ্য ষ’ হৈছে।
পৰিষ্কাৰ = ই - স্বৰবৰ্ণৰ পাছত থকা বাবে 'ষ’ হৈছে।
বৰষুণ = ৰ’ৰ পাছত থকা বাবে 'স', মূর্ধণ্য ষ’ হৈছে।
পুৰুষ = ‘ৰ’আৰু স’ৰ মাজত স্বৰবৰ্ণ 'উ'ৰ ব্যৱধান থাকিলেও ৰ’বর্ণ পাছত থকা দন্ত্য 'স’, মূদ্ধণ্য ষ’ হৈছে।
চেষ্টা = ট-বর্গৰ বৰ্ণৰ লগত যুক্ত হােৱা বাবে দন্ত্য স’, মূর্ধণ্য ষ’ হৈছে।
নিষ্ঠুৰ = নি -উপসৰ্গৰ পাছত থকা স্থ’শব্দৰ দন্ত্য স’, মূর্ধণ্য ষ’ হৈছে।
বিভূষিত = ‘উ’-স্বৰবৰ্ণৰ পাছত থকা বাবে ‘ষ’হৈছে।
কাৰণ, প্ৰণালী, গুণ, বৰ্ণ, কষ্ট, কৃষ্ণ, নিষিদ্ধ


ণত্ব আৰু ষত্ববিধিঃ

কাৰণ, প্ৰণালী, গুণ, বৰ্ণ, কষ্ট, কৃষ্ণ, নিষিদ্ধ। [HSLC '98]
উত্তৰ :
কাৰণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
প্ৰণালী - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
গুণ - স্বাভাবিকতে 'ন', 'ণ' হয়।
বৰ্ণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
কষ্ট - 'ট' বৰ্গৰ আখৰৰ লগত যুক্ত 'স', 'ষ' হয়।
কৃষ্ণ - 'ষ'ৰ পাছৰ 'ন', 'ণ' হয়।
নিষিদ্ধ - স্বাভাবিকতে 'স', 'ষ' হয়।

২। নৰনাৰায়ণ, প্ৰণালী, সংঘৰ্ষ, কৃষ্ণ।     [HSLC '99]
উত্তৰ :
নৰনাৰায়ণ - 'নাৰ' শব্দৰ পিছত বহা 'অয়ন' শব্দৰ 'ন', 'ণ' হয়।
প্ৰণালী - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
সংঘৰ্ষ - 'ৰ'ৰ পাছৰ 'স', 'ষ' হয়।
কৃষ্ণ - 'ষ'ৰ পাছৰ 'ন', 'ণ' হয়।

৩। কাৰণ, নাৰায়ণ, শ্ৰীচৰণেষু, কষ্ট      [HSLC '01]
উত্তৰ :
কাৰণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
নাৰায়ণ - 'নৰ' শব্দৰ পিছত বহা 'অয়ন' শব্দৰ 'ন', 'ণ' হয়।
শ্ৰীচৰণেষু - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
কষ্ট - 'ট' বৰ্গৰ আখৰৰ লগত যুক্ত 'স', 'ষ' হয়।

৪। তৃণ, কৃপণ, কৃষ্ণ, কষ্ট [HSLC '02]
উত্তৰ :
তৃণ - 'ঋ'ৰ পাছৰ 'ন', 'ণ' হয়।
কৃপণ - 'ঋ' আৰু 'ন' ৰ মাজত 'প' বৰ্গ থাকিলে 'ন', 'ণ' হয়।
কৃষ্ণ - 'ষ'ৰ পাছৰ 'ন', 'ণ' হয়।
কষ্ট - 'ট' বৰ্গৰ আখৰৰ লগত যুক্ত 'স', 'ষ' হয়।

৫। আমৰণ, তৃণ, নষ্ট, অনুষ্ঠান    [HSLC '03]
উত্তৰ :
আমৰণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
তৃণ - 'ঋ'ৰ পাছৰ 'ন', 'ণ' হয়।
নষ্ট -ট' বৰ্গৰ আখৰৰ লগত যুক্ত 'স', 'ষ' হয়।
অনুষ্ঠান - উ কাৰান্ত উপসৰ্গৰ পাছত থকা 'স', 'ষ' হয়।

৬। পাষাণ, কৰুণা, সুষমা, যুধিষ্ঠিৰ   [HSLC '04]
উত্তৰ :
পাষাণ - 'ষ'ৰ পাছৰ 'ন', 'ণ' হয়।
কৰুণা - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
সুষমা - 'সু' উপসৰ্গৰ পাছত থকা 'সম' শব্দৰ 'স', 'ষ' হয়।
যুধিষ্ঠিৰ - 'যুধি' শব্দৰ পাছত থকা 'স্থিৰ' শব্দৰ 'স', 'ষ' হয়।

৭। ঋণ, বৰ্ণ, কষ্ট, দোষ  [HSLC '05]
উত্তৰ :
ঋণ - 'ঋ'ৰ পাছৰ 'ন', 'ণ' হয়।
বৰ্ণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
কষ্ট - 'ট' বৰ্গৰ আখৰৰ লগত যুক্ত 'স', 'ষ' হয়।
দোষ - স্বাভাবিকতে 'স', 'ষ' হয়।

৮। কাৰণ, কষ্ট    ‌    [HSLC '07]
উত্তৰ :
কাৰণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
কষ্ট - 'ট' বৰ্গৰ আখৰৰ লগত যুক্ত 'স', 'ষ' হয়।

৯। পৰায়ণ, সুষম    ‌  [HSLC '09]
উত্তৰ :
পৰায়ণ - 'পৰ' শব্দৰ পিছত বহা 'অয়ন' শব্দৰ 'ন', 'ণ' হয়।
সুষম - 'সু' উপসৰ্গৰ পাছত থকা 'সম' শব্দৰ 'স', 'ষ' হয়।

১০। দুষ্ট, কৰ্ণ  [HSLC '10]
উত্তৰ :
দুষ্ট - 'ট' বৰ্গৰ আখৰৰ লগত যুক্ত 'স', 'ষ' হয়।
কৰ্ণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।

১১। পৰিষ্কাৰ, তৰ্পণ, কৃষি, কৰ্ণ  [HSLC '12]
উত্তৰ :
পৰিষ্কাৰ - ই কাৰান্ত উপসৰ্গৰ পাছত থকা 'স', 'ষ' হয়।
তৰ্পণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
কৃষি - 'ঋ'ৰ পাছৰ 'স', 'ষ' হয়।
কৰ্ণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।

১২। ঋণ, কাৰণ, শ্ৰীচৰণেষু, বৰষুণ।      [HSLC '13]
উত্তৰ :
ঋণ - 'ঋ'ৰ পাছৰ 'ন', 'ণ' হয়।
কাৰণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
শ্ৰীচৰণেষু - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
বৰষুণ - 'ৰ'ৰ পাছৰ 'স', 'ষ' হয়।

১৩। তৃণ, বিষয়, প্ৰণাম, যুধিষ্ঠিৰ  [HSLC '14]
উত্তৰ :
তৃণ - 'ঋ'ৰ পাছৰ 'ন', 'ণ' হয়।
বিষয় - ই কাৰান্ত উপসৰ্গৰ পাছত থকা 'স', 'ষ' হয়।
প্ৰণাম - 'প্ৰ' উপসৰ্গৰ পিছত থকা 'নম' আদি ধাতুৰ 'ন', 'ণ' হয়।
যুধিষ্ঠিৰ - 'যুধি' শব্দৰ পাছত থকা 'স্থিৰ' শব্দৰ 'স', 'ষ' হয়।


১৪। ঋণ, উত্তৰায়ণ, বিষাদ, যুধিষ্ঠিৰ।      [HSLC '15]
উত্তৰ :
ঋণ - 'ঋ'ৰ পাছৰ 'ন', 'ণ' হয়।
উত্তৰায়ণ -- 'উত্তৰ' শব্দৰ পিছত বহা 'অয়ন' শব্দৰ 'ন', 'ণ' হয়।
বিষাদ - স্বাভাবিকতে 'স', 'ষ' হয়।
যুধিষ্ঠিৰ - 'যুধি' শব্দৰ পাছত থকা 'স্থিৰ' শব্দৰ 'স', 'ষ' হয়।


১৫। 'তৃণ' নাইবা 'কৰুণ' শব্দত কি কাৰণে 'ণ' ব্যৱহাৰ হয়, লিখা।     [HSLC '06]
উত্তৰ :
তৃণ - 'ঋ'ৰ পাছৰ 'ন', 'ণ' হয়।
কৰুণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।


১৬। 'কৃষক' নাইবা 'যুধিষ্ঠিৰ' শব্দত কি কাৰণে 'ষ' ব্যৱহাৰ হয়, লিখা। [HSLC '06]
উত্তৰ :
কৃষক - স্বাভাবিকতে 'স', 'ষ' হয়।
যুধিষ্ঠিৰ - 'যুধি' শব্দৰ পাছত থকা 'স্থিৰ' শব্দৰ 'স', 'ষ' হয়।

১৭। ণত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া।
[HSLC ' 07, '08, '09, '11]
উত্তৰ : ণত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া হ'ল ----
(ক) একেটা পদতে ঋ, ৰ আৰু ষ ৰ পিছত থকা 'ন', 'ণ' হয়।
যেনে :- ঋণ, তৃণ।
(খ) উত্তৰ আৰু ৰাম শব্দৰ পিছত থকা অয়ন শব্দৰ 'ন', 'ণ' হয়।
যেনে :- উত্তৰায়ণ, ৰামায়ণ।

১৮। ষত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া।  [HSLC '08, '09, '11]
উত্তৰ : ষত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া হ'ল -
(ক) সু আৰু বি উপসৰ্গ পিছত থকা সম শব্দৰ 'স', 'ষ' হয়।
যেনে :- সুষমা, বিষম।
(খ) প্ৰত্যয় যোগ হ'লে চক্ষুস আৰু হবিস শব্দৰ 'স', 'ষ' হয়।
যেনে :- চাক্ষুষ, হবিষ্য।

১৯। তলৰ শব্দৰ 'ণ' বা 'ষ' হোৱাৰ কাৰণ লিখা।
প্ৰতিষ্ঠা, বৰুণ, বৰ্ষ, তৃণ।   [HSLC '16]

প্ৰতিষ্ঠা - ই কাৰান্ত উপসৰ্গৰ পাছত স্থা ধাতুৰ 'স', 'ষ' হয়।
বৰুণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
বৰ্ষ - 'ৰ'ৰ পাছৰ 'স', 'ষ' হয়।
তৃণ - 'ঋ'ৰ পাছৰ 'ন', 'ণ' হয়।

ঋণ, বৰুণ, ভূমিষ্ঠ, বিষয়।  [HSLC '17]

ঋণ - 'ঋ'ৰ পাছৰ 'ন', 'ণ' হয়।
বৰুণ - 'ৰ'ৰ পাছৰ 'ন', 'ণ' হয়।
ভূমিষ্ঠ - ভূমি শব্দৰ পাছত থকা স্থ শব্দৰ 'স', 'ষ' হয়।
বিষয় - ই কাৰান্ত উপসৰ্গৰ পাছত থকা 'স', 'ষ' হয়।


প্ৰণাম, পৰায়ণ, ঋষভ, সুষম। [HSLC'18]

প্ৰণাম - 'প্ৰ' উপসৰ্গৰ পিছত থকা 'নম' আদি ধাতুৰ 'ন', 'ণ' হয়।
পৰায়ণ - পৰ শব্দৰ পিছত থকা অয়ন শব্দৰ 'ন', 'ণ' হয়।
ঋষভ - 'ঋ'ৰ পাছৰ 'স', 'ষ' হয়।
সুষম - 'সু' উপসৰ্গৰ পাছত থকা 'সম' শব্দৰ 'স', 'ষ' হয়।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...