js

Wednesday, March 30, 2022

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান পাঠ ১ প্ৰাকৃতিক সম্পদ

অনুশীলনীৰ ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০ টা মান শব্দৰ ভিতৰত)
উত্তৰঃ () মাটিৰ গুৰুত্বঃ ভূমি বা মাটি সম্পদ পৃথিৱীৰ জীৱ জগতৰ মূল আধাৰ। জীৱ-জগত আৰু উদ্ভিদ জগতৰ বিশেষকৈ জীৱশ্রেষ্ঠ মানব সমাজৰ উন্নয়ন আৰু বিকাশৰ মূলতে হ’ল ভূমি সম্পদ। এই ভূ-সম্পদৰ ওপৰতে মানৱ সমাজৰ কৃষি, শিল্প-উদ্যোগ, যাতায়াত, যােগাযােগ গঢ় লৈ উঠিছে। মানৱ সভ্যতা-সংস্কৃতি পৰিৱেশ আদি গঢ়ি উঠিছে। মুঠতে ভূ-সম্পদ অবিহনে পৃথিৱীত মানৱ সভ্যতাৰ সৃষ্টি অসম্ভৱ। কিন্তু ভূ-সম্পদ পৃথিৱীত সীমিত। সমগ্র পৃথিৱীৰ মাত্র ২৯ শতাংশ হে মাটি। পৃথিৱীত জনসংখ্যা বৃদ্ধি হৈ অহাৰ লগে লগে ব্যৱহাৰােপযােগী মাটিৰ পৰিমাণ কমি আহিছে।

() ভূমিৰ ব্যৱহাৰ : পৃথিৱীৰ গুণাগুণ আৰু জলবায়ু ভেদে জনবসতি সমান হয়। পর্বত-পাহাৰৰ জলাশয়, মৰুভূমি, মেৰু অঞ্চল মানুহৰ বাসপােযােগী নহয়। সাধাৰণতে কৃষিকার্য, শিল্প-উদ্যোগ, খনিজ সম্পদ আহৰণ, বনাঞ্চল, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি নির্মাণৰ বাবে ভূ-সম্পদ ব্যৱহাৰ কৰা হয়। ভূমিৰ ব্যৱহাৰ নিৰ্ভৰ কৰে অঞ্চলটোৰ অৱস্থান, জলবায়ু, মাটি শ্রেণী, পানীৰ উৎস, খনিজ সম্পদ, বনজ সম্পদ আদি প্রাকৃতিক কাৰকৰ ওপৰত। সাধাৰণতে সমতল, নদী-উপত্যকা, সমান ঠাইত জনবসতি ঘন হয়। কৃষি, শিল্প উদ্যোগৰ সুবিধাজনক ঠাইত মানুহৰ বসতি বেছি হয়।

প্রশ্ন ২। তুমি থকা ঠাইখনৰ ভূমিসম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? (পৰিয়ালৰ জ্যেষ্ঠ লােক বা ওচৰৰ বিজ্ঞলােকৰ পৰা জানি লৈ এটি টোকা যুগুত কৰা।)
উত্তৰ: আমাৰ অসমৰ নগৰ-চহৰ আৰু গ্রামাঞ্চলত ভূমি সম্পদৰ ক্ষেত্ৰত আন ঠাইবােৰৰ দৰে প্ৰখৰ গতিৰে উন্নয়ন বা পৰিৱৰ্তন হােৱা নাই। ঠায়ে ঠায়ে চৰকাৰৰ চেষ্টাত ৰাষ্ট্ৰীয় পথ, ৰাজ্যিক পথ কিছু নির্মাণ হৈছে। মই অসমৰ সৰ্ববৃহৎ নগৰ গুৱাহাটীত বাস কৰাে। ছাত্র হিচাপে ভূমি সম্পদৰ সকলাে পৰিৱৰ্তনৰ কথা সঠিকভাৱে নাজানাে যদিও প্রশ্নত কোৱাৰ দৰে আনৰ পৰা জানি লৈ কেইটামান কথা তলত উল্লেখ কৰিলাে। যােৱা বিছটামান বছৰত
গুৱাহাটীত হােৱা পৰিৱৰ্তন তলত উল্লেখ কৰা হ’ল-
(
) গুৱাহাটীৰ সৰুসজাইত এখন ডাঙৰ খেল প্রকল্পৰ বাবে ষ্টেডিয়াম সজাই তােলা হৈছে।
(
) গুৱাহাটী-শ্বিলং ৰাস্তাত কেইখনমান ডাঙৰ ফ্লাই অভাৰ দলং সাজি উলিওৱা হৈছে।
(
) চন্দ্ৰপুৰ, পলাশবাৰী, দৰং, নলবাৰী আদি ঠাইত বহুতাে ইটা-ভাটা, উদ্যোগ, ফেক্টৰী আদি গঢ়ি উঠিছে।
(
) গুৱাহাটীৰ বিভিন্ন ঠাইত বহু মহলা ফ্লেট আদি গঢ় লৈ উঠিছে।

প্রশ্ন ৩। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লােৱা উচিত ?
উত্তৰ : () বনজ সম্পদৰ ব্যৱহাৰঃ বনজ সম্পদ সকলাে দেশৰে অতি প্রয়ােজনীয় সম্পদ।এই সম্পদৰ পৰা খাদ্য সম্ভাৰৰ উপৰি নানা ঔষধ, বস্তু , বাসস্থান, আচবাব-পত্র আদি নির্মাণ সম্ভৱ হৈছে । বনজ সম্পদৰ ব্যৱহাৰ দুই ধৰণৰ– বাণিজ্যিক আৰু পৰিস্থিতিক।বাণিজ্যিক ব্যৱহাৰ যেনে– বাঁহ, কাঠ খৰি, বিভিন্ন কেঁচাসামগ্রী, খাদ্য, ঔষধী সামগ্রী আদিৰ । পাৰিস্থিতিক ব্যৱহাৰৰ ক্ষেত্ৰত উদ্ভিদে আমাক অক্সিজেনৰ যােগান, বন্যপ্রাণীক আশ্রয়, বাৰিষাৰ সময়ত মাটিৰ সংৰক্ষণ কৰা, বৃষ্টিপাত বৃদ্ধি কৰা, গােলকীয় উষ্ণতা হ্রাস কৰা আদি সাধন কৰে।

() জলজ সম্পদৰ ব্যৱহাৰঃ পানী সকলাে জীৱৰ জীৱনধাৰণৰ অত্যাৱশ্যকীয় বস্তু । বিভিন্ন যানবাহন আদি নানা কামত পানী ব্যৱহাৰ হয়।
১। ঘৰুৱা কামত পানীৰ ব্যৱহাৰঃ পানী নহ’লে কোনাে মানুহ জীয়াই নাথাকে। খােৱা, বিভিন্ন আচবাব-পত্ৰ ধােৱা, গা ধােৱা আদিত পানী ব্যৱহাৰ কৰা হয়।
২। খেতি-পথাৰত পানীৰ ব্যৱহাৰঃ শস্যৰ উৎপাদন বৃদ্ধিৰ বারে বিভিন্ন খেতিত জলসিঞ্চন কৰি খেতি কৰা হয়। পানী নহ’লে কোনাে খেতি ভাল নহয়।
৩। শক্তি উৎপাদনত পানীৰ ব্যৱহাৰঃ জলশক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়। বিভিন্ন নদী আঁচনিৰ দ্বাৰা জলসিঞ্চনৰ লগতে বিদ্যুৎশক্তি উৎপাদন কৰা হয়।
৪। জল পৰিবহণত পানীৰ ব্যৱহাৰ: নৈ, বিল, হ্রদ, খাল আৰু সাগৰৰ পানী জল পৰিবহণত বিস্তৃতভাৱে ব্যৱহাৰ কৰা হয় । এই পৰিবহণৰ দ্বাৰা বিভিন্ন বয়-বস্তু কঢ়িওৱা হয়।
৫। খাদ্য উৎপাদনত পানীৰ ব্যৱহাৰঃপানীত মাছ-কাছ আৰু পানীত হােৱা কিছুমান খাদ্যৰ বাবে নৈ,বিল, জলাশয়, খাল, সাগৰ আদি ব্যৱহাৰ কৰা হয়।

প্রশ্ন ৪। শক্তিসম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব লাগে ?
উত্তৰ : শক্তি সম্পদ মানৱ সমাজৰ উন্নতিৰ বাবে অপৰিহার্য। জীৱাশ্ম ইন্ধনৰ অত্যধিক ব্যৱহাৰৰ বাবে ইয়াৰ ভঁৰাল ক্রমান্বয়ে কমি আহিছে। গতিকে ইয়াৰ সংৰক্ষণ অত্যাৱশ্যকীয়। এই সম্পদ ব্যৱহাৰত অতি মিতব্যয়ী হােৱা উচিত। অপচয় ৰােধৰ উপৰি ইয়াক ৰাহি কৰিবলৈহে চেষ্টা কৰিব লাগে। কাৰণ ইনবিকৰণযােগ্য নহয় । গতিকে ইন্ধন ব্যৱহাৰকাৰীসকলে ইয়াৰ বাবে সজাগ সচেতন হ’ব লাগে। এই কাৰণতে মিতব্যয়ী ব্যৱহাৰ আৰু ভৱিষ্যতৰ বাবে সংৰক্ষণ অতি আৱশ্যক হৈ পৰিছে। অন্যথা ভূ-গর্ভৰ সঞ্চিত ইন্ধনৰ ভৰাঁল অচিৰেই নিশেষ হৈ পৰিব। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে অপৰম্পৰাগত শক্তি আহৰণ কৰা ব্যৱস্থা কৰা উচিত।

প্রশ্ন ৫। বনজ সম্পদসমূহ সংৰক্ষণ আৰু বৃদ্ধি কৰিবৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা।
উত্তৰ: বনাঞ্চলৰ প্রধান উৎপন্ন বস্তু হ’ল কাঠ আৰু খৰি। বাঁহ, বেত, লা, তার্পিন,আঠা, খেৰ, ঘাঁহ, ঔষধ, ৰং, তেল, চর্বি, জন্তুৰ চামৰা, হাতীৰ দাঁত, গঁড়ৰ খড়া, চন্দন আদি বিভিন্ন বস্তু বনজ সম্পদৰ উৎপাদন বুলি ধৰা হয় । এইবােৰ সম্পদ উৎপাদনৰ উপৰি বনাঞ্চলৰ সামাজিক উপকাৰিতা বিশেষভাৱে উল্লেখযোগ্য। বনাঞ্চলে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে, খৰাং বতৰ, সূৰ্যৰ প্ৰখৰ তাপ,বতাহৰ প্রবল সোঁত, মাটিৰ ক্ষয়, বানপানী আদি প্ৰতিৰােধ কৰাত সহায় কৰে। বনাঞ্চলে বতাহত অক্সিজেনৰ পৰিমাণ, মাটিৰ জৰীপ আৰু সাৰ বৃদ্ধি কৰে । বনাঞ্চলৰ আপুৰুগীয়া জীৱ-জন্তু, পশু-পক্ষী, প্রাকৃতিক শােভাই দেশ-বিদেশৰ পৰা পর্যটকক আকর্ষণ কৰে। গতিকে বনাঞ্চলে পর্যটন উদ্যোগ বিকাশৰ ক্ষেত্ৰতাে যথেষ্ট সহায় কৰে। বনাঞ্চলৰ এই সকলােবােৰ দিশৰ বিকাশ সাধনৰ উদ্দেশ্যে বনাঞ্চল সংৰক্ষণৰ আৱশ্যক।

প্রশ্ন ৬। চমুটোকা লিখা ?
(
) বন্যপ্রাণী
উত্তৰঃ বনজ জীৱ-জন্তু এক আপুৰুগীয়া প্রাকৃতিক সম্পদ। বনৰ জীৱ-জন্তুৰ পৰাও কোনাে এখন দেশে আর্থিক উন্নয়নৰ সহায়তা পাব পাৰে। চিৰিয়াখানা সাজি, জীৱ-জন্তু ৰপ্তানি কৰি, জন্তুৰ চামৰা, দাঁত, খড়, চর্বি আদি মূল্যবান বস্তু পাব পাৰি। ইয়াৰ ওপৰতে পর্যটন উদ্যোগ গঢ়ি উঠে। ঘৰচীয়া জন্তুৰ পৰা গাখীৰ, মাংস, চামৰা, ঊণ আদি পােৱা যায়। মাছ-কণী আদিৰ উৎপাদনাে বনজ সম্পদৰে ভিতৰুৱা। ভাৰতৰ বনাঞ্চলত নানা জীৱ-জন্তু পােৱাৰ উপৰি নানা তৰহৰ চৰাই-চিৰিকটিও পােৱা যায়। এই জীৱ-জন্তুৰ তেল, চর্বি, চামৰা, হাতীৰ দাঁত, গঁড়ৰ খ, চন্দন আদি অনেক মূল্যবান বস্তুৰ পৰা নানা বস্তু উৎপাদন কৰি দেশৰ বাহিৰে-ভিতৰে বিক্ৰী কৰি অৰ্থ আয় কৰা হয়। চিৰিয়াখানাত সংৰক্ষণৰ বাবে বিদেশলৈ নানা জীৱ-জন্তু ৰপ্তানি কৰিও ভাৰতে আর্থিকভাৱে লাভৱান হয়।

() জীৱষ্ম ইন্ধন
উত্তৰঃ আধুনিক যুগত মানৱ সমাজৰ পৰম্পৰাগত শক্তি সম্পদৰ ভিতৰত জীৱষ্ম ইন্ধন আৰু প্রাকৃতিক গেছ আদি হ’ল জীবাত্মা ইন্ধন। এই ইন্ধন প্রাকৃতিক সম্পদ,মানব সম্পদ সৃষ্ট নহয়, ইয়াক উন্নত কৰি ব্যৱহাৰহে কৰে। ই অনবিকৰণীয় সম্পদ। ইয়াৰ সংৰক্ষণ অতী প্রয়ােজনীয়।
(
) কয়লাৰ ব্যৱহাৰ : কয়লা এবিধ জীৱষ্ম ইন্ধন। লাে-তীখা উদ্যোগ, ভাপ ইঞ্জিন তাপ বিদ্যুৎ আদিত প্ৰচুৰ কয়লাৰ আৱশ্যক। ভাৰতৰ ৰাণীগঞ্জ, ঝাৰিয়া, ধানবাদ, অসমৰ লিডু, মাকুম আৰু জয়পুৰত পােৱা যায়।

() পেট্ৰ’লিয়াম : পেট্রলিয়াম ভূ-গর্ভৰ তলত জমা হৈ থকা এবিধ জুলীয়া জীৱাত্ম ইন্ধন। তৈল খাদৰ পৰা যান্ত্রিকভাৱে খাৰুৱা তেল হিচাপে আহৰণ কৰি শােধানাগাৰত শােধন কৰি পেট্রল, গেছােলিন, ডিজেল, কেৰাচিন আদি নানাবিধ সামগ্রী উৎপাদন কৰি ব্যৱহাৰ কৰা হয়। পেট্রলিয়ামক ‘পনীয়া সােণ’ বুলিও কোৱা হয়। খাৰুৱা তেলৰ খনি—ইৰাক, ইৰাণ, আৰৱ, আমেৰিকা, ৰাছিয়া, ভাৰতৰ অসম, মহাৰাষ্ট, গুজৰাট আদিত পােৱা যায়। খাৰুৱা তেলৰ লগতে প্রাকৃতিক গেছে উদঘাটন হয়। ঘৰুৱা ইন্ধন কার্য আৰু অনবিকৰণযােগ্য সম্পদ হােৱা বাবে ইয়াক সংৰক্ষণ আৰু মিতব্যয়ী ভাৱে ব্যৱহাৰ কৰা উচিত।

() মৰুকৰণ: প্রাকৃতিক বা মানুহৰ কার্যকলাপৰ কাৰণত মৰুভূমিৰ প্ৰসাৰণ ঘটাকে নাইবা নতুনকৈ মৰুভূমিৰ সৃষ্টি হােৱাকে ‘মৰুকৰণ বুলি কোৱা হয়। মৰুভূমিৰ ওচৰে-পাজৰে থকা মাটিত বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰা শক্তি কমি আহি পানী ধৰি ৰাখিব পৰা শক্তি কমি আহে আৰু শুকান মৰু সদৃশ হৈ পৰে। আনহাতে মৰুভুমিৰ দাঁতিকাষৰীয়া অঞ্চলৰ বনাঞ্চল ধ্বংস আৰু অত্যধিক পশুচাৰণেও মৰুভূমিৰ প্ৰসাৰণ বা বিনাশ ঘটাব পাৰে।

() সৌৰশক্তি: অপৰম্পৰাগত শক্তিৰ ভিতৰত সৌৰ শক্তি বিশেষভাৱে উল্লেখযােগ্য।সূর্যৰ অফুৰন্ত আৰু অসীম শক্তিৰ ভৰাঁল। সূৰ্যৰ তাপতে পৃথিৱীত সকলাে জীৱ-জন্তু,উদ্ভিদ-জগতৰ সৃষ্টি হৈছে। এই তাপৰ পৰা শক্তি বিকিৰিত হৈ পােহৰ সৃষ্টি হয়। সূর্যৰ তাপ
আৰু পােহৰৰ পৰাই বিদ্যুৎ উৎপন্ন হ’ব পাৰে। সূৰ্যৰ তাপ আহৰণ কৰি বিদ্যুৎ শক্তিৰ দ্বাৰা সৌৰ চৌকা, হিটাৰ, সৰু সৰু যন্ত্রপাতি চলাব পৰা যায়। পানী গৰম কৰা, বিজুলী চাকি’ জ্বলােৱা, মহাকাশ যান, উপগ্রহ আদিতাে সৌৰ শক্তি ব্যৱহাৰ কৰা হয়।

() ভূমিস্খলনঃ ওখ ঠাই বা পাহাৰৰ এঢলীয়া মাটি বিভিন্ন কাৰণত খহি পৰাকে ভূমিস্খলন বুলি কোৱা হয়। বতাহ,বৰষুণ, উত্তাপৰ তাৰতম্য বা মানুহৰ কার্যকলাপৰ কাৰণত মাটি হঠাতে তললৈ খহি পৰাকে ভূমিস্খলন বােলে। বাৰিষা কালত ভূমিস্খলনৰ প্রকোপ বৃদ্ধি পায়। ভূমিস্খলনৰ প্ৰধান কাৰণ হ’ল- বর্ধিত জনসংখ্যা। জনসংখ্যা অত্যধিক হােৱা বাবে মানুহে সমতল অঞ্চলত বসবাস কৰাৰ বাবে সুবিধাজনক স্থান নাপাই পাহাৰ-পৰ্বতলৈ গতি কৰিব লগা হৈছে। পাহাৰ-পৰ্বতৰ ওখ ঠাই সমান কৰি বসবাস কৰিবলৈ লৈছে। পাহাৰ-পৰ্বতৰ গা কাটি ৰাস্তা-আলিবাট যাতায়াতৰ বাবে বান্ধি লৈছে। ইয়াৰ ফলত বাৰিষাকালত বৰষুণৰ ফলত নতুন মাটি কোমল হৈ তললৈ খহি পৰে। এনেদৰেই মানুহৰ কার্যকলাপে ভূস্খলনৰ সৃষ্টি কৰে।

প্রশ্ন ৭। পার্থক্য দেখুওৱা ।

() গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ।
উত্তৰ :

গ্রামাঞ্চলৰ ভূমি

নগৰীয়া অঞ্চলৰ ভূমি

গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ প্ৰধানকৈ কৃষিকাৰ্যৰ বাবেই ব্যৱহাৰ কৰা হয়। কিছুমান ঠাইত‌ ঘাঁহনি-বননি থাকে যদিও বহুতে ইয়াক কৃষি কর্মতে ব্যৱহাৰ কৰিব বিচাৰে। কিছুমান ঠাই মাছ পুহিবৰ বাবে খাল-বিল বা খেল পথাৰ হিচাপেও ব্যৱহাৰ কৰে। গাঁৱৰ মাজেৰে আলিবাট বন্ধা কামতাে মাটি ব্যৱহাৰ কৰা দেখা যায়।

আনহাতে আধুনিক যুগত নগৰীকৰণৰ বাবে নগৰত জনসংখ্যা বৃদ্ধিৰ হাৰ বৰকৈ বৃদ্ধি পাইছে। গাঁৱৰ পৰা নগৰলৈ কর্মসংস্থানৰ বাবে মানুহ প্রব্রজিত হৈছে। গতিকে ভূমিৰ প্রয়ােজন বৃদ্ধি পাইছে। নগৰ অঞ্চলত বিভিন্ন উদ্যোগৰ বাবে মাটিৰ প্রয়ােজন হয়। সৰু সৰু নগৰবােৰতাে ইটা-ভাটা, কল-কাৰখানা, দোকান বজাৰৰ বাবে মাটিৰ ব্যৱহাৰ হােৱা দেখা যায়। গতিকে বসতি স্থানৰ উপৰি নানাভাৱে নগৰৰ মাটি ব্যৱহাৰ কৰা দেখা যায়।

() পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি

উত্তৰ : পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজত পার্থক্য হল-

পৰম্পৰাগত শক্তি

অপৰম্পৰাগত শক্তি

পম্পৰাগত শক্তি হ’ল মানুহে অতীজৰে পৰা ব্যৱহাৰ কৰি অহা খৰি আৰু আন জীবাশ্ম ইন্ধনবোৰ যেনে – কয়লা, পেট্রল, প্রাকৃতিক গেছ আদি। পৰম্পৰাগত শক্তি নবীকৰণযোগ্য নহয়। পৰম্পৰাগত শক্তি প্ৰদূষণমুক্ত,

অপৰম্পৰাগত শক্তি সম্পদ হ’ল — পম্পৰাগত শক্তিৰ নাটনি হােৱাৰ পাছত মানুহে অনা উৎসৰ পৰা আহৰণ কৰা শক্তি সম্পদ, যেনে – মানুহে সৌৰশক্তি বা জলশক্তিৰ পৰাহে এই অপৰম্পৰাগত শক্তি আহৰণ কৰে। এই শক্তি নবীকৰণযােগ্য, কিন্তু অপৰম্পৰাগত শক্তি কম প্ৰদূষণমুক্ত । ই মানৱ সৃষ্ট ।

প্রশ্ন ৮। ভূমি অৱক্ষয় ৰােধ কৰাৰ বাবে দুটা উপায় উল্লেখ কৰা।
উত্তৰ : ভূমি অৱক্ষয় ৰােধৰ বাবে বিভিন্ন প্রাকৃতিক আৰু মানুহৰ কার্যকলাপ নিয়ন্ত্রণ কৰা আৱশ্যক হয়।
(
) বাৰিষা কালত ভূস্খলন বা পানীৰ প্রবাহে মাটি খহায় নিয়া ৰােধ কৰিবলৈ ঘাঁহ-বন আদি কটা বন্ধ কৰিব লাগে আৰু স্থান বিশেষে ঘাঁহ-বন গজাব বা বৃক্ষৰােপণ কৰিব লাগে।
(
) ওখ, পাহাৰ-পৰ্বতৰ মাটি কটা সম্পূর্ণ বন্ধ কৰা উচিত।
(
) অৰণ্য ধ্বংস কৰাৰ পৰিৱর্তে প্রত্যেক জন ব্যক্তিয়ে নিজৰ ঘৰুৱা বা ৰাজহুৱা ঠাইত বৃক্ষৰােপণ কৰিব লাগে।

প্রশ্ন ৯। পানী সংৰক্ষণৰ চাৰিটা পৰামর্শ দিয়া।
উত্তৰ : পানীৰ সমস্যা দূৰ কৰাৰ বাবে সকলাে লােকে পানী সংৰক্ষণ কৰিব লাগে। পানী সংৰক্ষণৰ চাৰিটা পৰামর্শ হল—
(
) পানীৰ প্ৰদূষণৰ সকলাে কাৰক বন্ধ কৰিব লাগে।
(
) পানীৰ প্রবাহ হ্রাস কৰাৰ বাবে ঘাঁহনি আৰু বৃক্ষৰােপণ কৰিব লাগে।
(
) কৃষি কার্যত প্রয়ােজনতকৈ বেছি পানী দিব নালাগে।
(
) মুকলি ঠাইত বাষ্পীভৱন কমাবলৈ গছ-গছনি ৰুই দি বাষ্পীভৱন কমাব লাগে। পানীৰ ব্যৱহাৰত সকলাে সচেতন হােৱা উচিত।

প্রশ্ন ১০। পানীৰ প্ৰদূষণ কমাবলৈ কি ব্যৱস্থা ল’ব পাৰি?
উত্তৰঃ সাধাৰণতে মানুহৰ অপৰিকল্পিত, অবিবেচক, অসাবধান কার্যৰ দ্বাৰাই প্রাকৃতিক পৰিৱেশ প্ৰদূষিত হয়। মাটি, পানী বায়ু আদি মানুহে নিজৰ কাৰ্যৰ দ্বাৰা প্ৰদূষিত কৰে। ইয়াৰ দ্বাৰা গােটেই জীৱজগতৰ লগতে মানুহে নিজৰ জীৱনকো বিপদাপন্ন কৰি তুলিছে। গতিকে মানুহেই এই প্রদূষণ কার্য হ্রাস কৰিব, নাইবা পাৰিলে বন্ধ কৰাৰ চেষ্টা কৰিব লাগিব।

পৰিৱেশ প্ৰদূষণ হ্রাস কৰিবলৈ হ’লে সমাজৰ প্রত্যেকজন নাগৰিকেই ইয়াৰ প্ৰতি সজাগ সচেতন হ’ব লাগিব। তেনে কৰিবলৈ হ’লে এই বিষয়ে এখন পৰিকল্পিত আঁচনি লােৱা উচিত। এই আঁচনিত মানুহক সৰুৰে পৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্রতি আকৃষ্ট কৰিব লাগে। এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে।
(
) প্রাইমাৰি স্কুলৰ পৰা মাধ্যমিক স্কুল পর্যন্ত এই শিক্ষা পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা উচিত যাতে সৰুৰে পৰা ল’ৰা-ছােৱালীক এই বিষয়ে শিক্ষা দি প্ৰদূষণ সচেতন নাগৰিক কৰি তুলিব পাৰি।
(
) চৰকাৰীভাৱে প্ৰদূষণ নিৰাময়ৰ বাবে পৰিকল্পিতভাৱে প্ৰচেষ্টা কৰা উচিত। স্বেচ্ছাসেৱী অনুষ্ঠানবােৰেও প্ৰদূষণ সজাগতা ব্যবস্থা লােৱা উচিত।
(
) ঔদ্যোগিক অঞ্চল আৰু নগৰ-চহৰবােৰ নৰ্মাণৰ সময়ত পৰিকল্পনাভাৱে কৰি প্ৰদূষণ ৰােধৰ উপায় উদ্ভাৱন কৰি নিৰাময় কৰাৰ ব্যৱস্থা ৰখা উচিত।
(
) নলা-নর্দমাবােৰ অহল-বহল কৰি, তাক চাফা কৰি ৰখাৰ নিয়মীয়া ব্যৱস্থা ৰখা উচিত।
(
) অপৰিষ্কাৰ কৰি ৰখা অঞ্চলত ইয়াৰ কাৰণ উদঘাটন কৰাৰ প্রচেষ্টা চলাব লাগে, যাতে অপৰিষ্কাৰ কৰা ব্যক্তিসকলক ধৰিব পৰা যায়। আৱশ্যক হলে তাৰ শাস্তিৰ ব্যৱস্থা কৰা উচিত। জাবৰ-জোথৰ, আৱৰ্জনা আদি পেলাব পৰা ব্যৱস্থা ঠায়ে ঠায়ে ৰাখিব লাগে। এইবােৰ নিয়মীয়াকৈ পৰিষ্কাৰ কৰিব লাগে।
(
) পুখুৰীৰ পানী ব্যৱহাৰ কৰিলে তেনে পুখুৰীত কাপােৰ ধােৱা বা গা ধােৱা নিষেধ কৰিব লাগে। নদীনলাত কোনাে পচা বস্তু জাবৰ-জোথৰ, আৱৰ্জনা বা মৰাশ আদি পেলাব নালাগে।
(
) ঔদ্যোগিক অঞ্চলত শিল্প-উদ্যোগ, অনুষ্ঠান-প্রতিষ্ঠানবােৰৰ পৰা ওলােৱা, ধোঁৱা, গেছ বা বিভিন্ন ৰাসায়নিক দ্রব্য আৰু বিষাক্ত পানী, তেল জাতীয় বস্তু বিভাগীয়ভাৱে সেইবােৰ প্ৰদূষণ নিয়ন্ত্রণ বা হ্রাস কৰিব পৰা ব্যৱস্থা ল’ব লাগে।
(
) চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্রণ বিভাগৰ প্ৰদূষণ হ্রাস কৰাৰ বাবে স্পষ্ট বৈধ নীতি-নিয়ম থাকিব লাগে। তেনে নীতি-নিয়ম ভংগকাৰীক বিহিত শাস্তি বা জৰিমনা কৰা উচিত। এনেবােৰ কাৰ্য হাতত ল’লে ভৱিষ্যতে প্রদূষণ হ্রাস কৰিব পৰা যাব।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনাে দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ :মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ হ’ল-
(
) জনসংখ্যাৰ অত্যধিক বৃদ্ধি।
(
) খাদ্য-শস্য উৎপাদন বৃদ্ধিৰ লগতে বাসস্থান নির্মাণৰ বাবে মাটিৰ চাহিদা বৃদ্ধি।

প্রশ্ন ২। কোনাে এটা অঞ্চলত জনসংখ্যাৰ বসতি ঘন হােৱা কাৰণ কি বুলি ভাবা?
উত্তৰ :কোনাে এটা অঞ্চলত জনসংখ্যাৰ বসতি ঘন হােৱাৰ কাৰণ হ’ল-
(
) জলবায়ু, মাটিৰ গুণাগুণ, পানীৰ সুবিধা আদি প্রাকৃতিক কাৰণ।
(
) কৃষিকার্য আৰু উদ্যোগ যাতায়াত সুবিধা।

প্রশ্ন ৩। ভূমি অৱক্ষয়ৰ চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰ ভূমি অৱক্ষয়ৰ চাৰিটা কাৰণ হ’ল– () ভুঙ্খলন () গৰাখহনীয়া () মৰুকৰণ () মাটিৰ ক্ষয়ীভৱন আদি।

প্রশ্ন ৪। বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ কাৰণ দুটা লিখা।
উত্তৰ : বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ হ’ল
(
) বনাঞ্চল বা গছ-গছনি কাটি ধ্বংস কৰিলে অঞ্চলটো শুকান মৰুমায় হৈ পৰে ।
(
) অধিক উৎপাদনৰ বাবে একেৰা মাটিতে বাৰে বাৰে জলসিঞ্চন, ৰাসায়নিক সাৰ দি খেতি কৰিলে মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা লােপ পায় আৰু ভূ-জল নিম্নগামী হয়, কুঁৱা শুকাই যায়, অঞ্চলটো শুকাই মৰুসদৃশ হয়, পানীৰ সংকট হয়।

প্রশ্ন ৪। তলৰ প্রশ্নবােৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(
) তলৰ কোনটোৱে পানী সংৰক্ষণত সহায় কৰে ?
(
) অবাবতে পানীৰ টেপ খুলি থ’লে।
(
) ভূগৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে।
(
) বৰষুণৰ পানী জমা কৰি থ’লে।
উত্তৰ: () বৰষুণৰ পানী জমা কৰি থ’লে।

() নির্মল পানী পাবলৈ হ’লে—
(
) আৱৰ্জনাবােৰ নৈত পেলাব লাগে।
(
) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে।
(
) পানীৰ উৎস প্রদূষিত নােহােৱাকৈ ৰাখিব লাগে।
উত্তৰ: () পানীৰ উৎস প্ৰদূষিত নোহােৱাকৈ ৰাখিব লাগে।

() তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে—
(
) জীৱাস্ম ইন্ধনত ব্যৱহাৰ অধিক হলে।
(
) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে।
(
) শক্তি সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হলে।
উত্তৰ: () জীৱাস্ম ইন্ধনত ব্যৱহাৰ অধিক হলে।



অষ্টম শ্ৰেণী সমাজ বিজ্ঞান পাঠ ২ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

অনুশীলনীৰ চমু প্রশ্নোত্তৰ

প্রশ্ন ১। জনসংখ্যা বিস্ফোৰণ বা বৃদ্ধিৰ ফলত সৃষ্টি হােৱা সমস্যাবােৰ কি কি?
উত্তৰ: জনসংখ্যা বৃদ্ধিৰ সমস্যাসমূহ-
(
) সামাজিক পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটে।
(
) খাদ্য সংকট দেখা দিয়ে।
(
) দেশৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড হ্রাস পায়।
(8)
দৰিদ্ৰ লােকৰ সংখ্যা বাঢ়ে।।
(
) শিক্ষা-দীক্ষাৰ অনগ্রসতাই দেখা দিয়ে।
(
) দ্রব্যমূল্য বৃদ্ধি পায়।
(
) সংস্থাপনহীনতাই দেখা দিয়ে।
(
) বাসস্থানৰ অভাৱে দেখা দিয়ে।
(
) শিক্ষা আৰু স্বাস্থ্য সমস্যাই দেখা দিয়ে।

প্রশ্ন ২। কি কি গুণৰ বাবে মানুহক মানৱ সম্পদ বােলে ?
উত্তৰ : কোনাে দেশৰ মানুহ বা জনসংখ্যা উন্নতমানৰ মানৱ সম্পদ হ’বলৈ হ’লে মানুহ সুস্বাস্থ্যৰ গৰাকী হােৱাৰ উপৰি শিক্ষিত, কর্মদক্ষতা থকা, কাৰিকৰী কৌশলী, বুদ্ধিমত্তা গুণ থকা হ’ব লাগে। মুঠতে দেশৰ জনগণৰ যিমানে উৎপাদন কুশলী শিক্ষিত, বৈজ্ঞানিক, কাৰিকৰী, প্রযুক্তি বিদ্যা সম্পন্ন হয় সিমানে উৎপাদনশীল উন্নতমানৰ মানৱ সম্পদ বুলি গণ্য কৰা হয়। কাৰণ মানৱ সম্পদেই দেশ এখনৰ অৰ্থনীতিৰ মূল। এনেবােৰ গুণৰ অধিকাৰী জনগণকে মানৱ সম্পদ বােলে।

প্রশ্ন ৩। জনসংখ্যা বিতৰণত প্রভাৱ পেলােৱা কাৰকবােৰ কি কি ?
উত্তৰ:জনসংখ্যা বিতৰণত প্রভাৱ পেলােৱা কাৰকবােৰ হ’ল-
(
) সাৰুৱা মাটি বা ভূমি অৱস্থিতি
(
) পানীৰ বা জলৰাশিৰ অৱস্থান।
(
) বসবাসৰ উপযােগী জলবায়ু
(
) প্রাকৃতিক সম্পদ প্রাচুর্য।
(
) ঔদ্যোগিক বিকাশৰ সম্ভাৱনা

() নগৰীকৰণ।
(
) শান্তিপূর্ণ শাসন প্রণালী
(
) ধর্ম নিৰপেক্ষ নীতি।

প্রশ্ন ৪। জন্মৰ হাৰ বুলিলে কি বুজা ?
উত্তৰ : জন্মৰ হাৰ বুলিলে সাধাৰণতে কোনাে এখন দেশৰ বা অঞ্চলৰ এটা নির্দিষ্ট সময়ৰ ভিতৰত মুঠ জনসংখ্যাৰ প্রতি হাজাৰৰ বিপৰীতে গড় হিচাপে হােৱা জন্মাৰ সংখ্যাক বুজোৱা হয়।

প্রশ্নঃ ৫। মৃত্যুৰ হাৰ বুলিলে কি বুজা?
উত্তর : মৃত্যুৰ হাৰ বুলিলে কোনাে এখন দেশৰ বা কোনােবা এটা অঞ্চলৰ মুঠ জনসংখ্যাৰ প্রতি হাজাৰৰ বিপৰীতে গড় হিচাপে হােৱা মৃত্যুৰ সংখ্যাক বুজায়।

প্রশ্ন: ৬। জনসংখ্যা বৃদ্ধিৰ হাৰ কি?
উত্তৰ : কোনাে এখন দেশৰ বা অঞ্চলৰ জনসংখ্যাৰ প্ৰতি এশজনৰ বিপৰীতে প্রতি বছৰে হােৱা বৃদ্ধিক জনসংখ্যা বৃদ্ধিৰ শতকৰা বার্ষিক হাৰ বােলে।

প্রশ্ন ৭। ২০০১ চনৰ লােক পিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান?
উত্তৰ: ভাৰতৰ ২০০১ চনৰ লােক পিয়ল মতে মুঠ জনসংখ্যা আছিল প্রায় ১০২ কোটি ৭০ লাখ ব (১০২,৭০,১৫,২৫৭)

প্রশ্ন: ৮। ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ অধিক আৰু কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ কম ?
উত্তৰ : () ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য হ’ল– উত্তৰ প্ৰদেশ (মুঠ জনসংখ্যা– ১৬.৬ কোটি)
(
) ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্য হ’ল চিকিম (মুঠ জনসংখ্যা ৫,৪ লাখ মাত্র।)

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। জন প্ৰব্ৰজন কাক বােলে? ইয়াৰ কাৰণবােৰ কি কি ? জনপ্ৰব্ৰজনৰ ফলাফলবােৰ কি কি?
উত্তৰ: প্রাচীন কালৰে পৰা বিভিন্ন প্রাকৃতিক, অর্থনৈতিক, আকস্মিক, ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক কাৰণত মানুহে স্থায়ী বসতিস্থান এৰি স্থায়ী বা সাময়িক ভাৱে এঠাইৰ পৰা আন ঠাইলৈ বা এখন দেশৰ পৰা আন ঠাইলৈ গুচি যােৱাকে প্রব্রজন বা জন প্ৰব্ৰজন বােল। জন প্ৰব্ৰজনৰ কাৰণসমূহঃ জন প্ৰব্ৰজনৰ কাৰণ বিভিন্ন প্রকাৰৰ হ’ব পাৰে। যেনে—

() যুদ্ধ বিগ্রহ বা বিপ্লৱ: এখন দেশৰ মানুহে বিপ্লৱ বা যুদ্ধ বিগ্ৰহত লিপ্ত হ’লে সাধাৰণতে সংখ্যালঘুৰ দেশৰ পৰা সংখ্যালঘুসকলে পূর্বৰ বসতি স্থানৰ পৰা প্রতিবেশী নিজৰ সংখ্যালঘুৰ দেশলৈ প্রব্রজিত হয়। যেনে দেশ বিভাজনৰ সময়ত (১৯৪৬-৪৭ চনত পাকিস্তানৰ পৰা ভাৰতলৈ আৰু ভাৰতৰ পৰা পাকিস্তানলৈ তেনে লােকৰ প্ৰব্ৰজন হৈছিল।)

() প্রাকৃতিক দুর্যোগ: আগ্নেয়গিৰি বিস্ফোৰণ, বানপানী, গৰাখহনীয়া আদিৰ কাৰণেও এঠাইৰ মানুহ আন ঠাইলৈ প্রব্রজিত হ’ব পাৰে।

() খাদ্য সংকট আৰু ৰাজনৈতিক সংকট :কোনাে এঠাইত দুর্ভিক্ষই দেখা দিলে এখন দেশে আন দেশক আক্রমণ কৰিলে মানুহে এঠাই পৰা আন ঠাইলৈ যাব পাৰে।
(
) অর্থনৈতিক কাৰণ: কর্মসংস্থান বা জীৱন নির্বাহৰ পথ বিচাৰি বহুতাে লােকে গ্রাম্যাঞ্চলৰ পৰা নগৰ অঞ্চললৈ প্রব্রজিত হােৱা দেখা যায়। জন প্ৰব্ৰজনৰ ফলাফলসমূহ : জন প্ৰব্ৰজনৰ ফলত নানা ফলাফলে দেখা দিব পাৰে। নতুন নতুন ঠাইত বা ক্রমান্বয়ে জনসংখ্যা বৃদ্ধি পালে সেই ঠাইত প্রব্রজিত লােকৰ মাজত খাদ্য-সংকটে, অনগ্ৰসতা, দ্রব্যমূল্য বৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্য সমস্যা আদিয়ে দেখা দিব পাৰে।

প্রশ্ন ২। চমুটোকা লিখা ?

() মানৱ সম্পদ উন্নয়ন () জনসংখ্যাৰ থুপীকৰণ () জনসংখ্যা বিস্ফোৰণ
উত্তৰ;

() মানৱ সম্পদ উন্নয়ন: সমাজৰ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক, মানসিকভাৱে অৰিহণা যােগাব পৰা মানুহখিনিকে মানব সম্পদ বুলি ধৰি লােৱা হয়। দেশৰ সকলাে সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ মূলতে হ’ল মানুহৰ বুদ্ধিবৃত্তি, কাৰিকৰী কৌশল, কর্মদক্ষতা আৰু শিক্ষা। এইবােৰ গুণ থকা বাবেই মানৱ সম্পদক শ্রেষ্ঠ সম্পদ বুলি ধৰা হয়। কিন্তু সকলাে দেশতে সকলাে মানুহ শিক্ষিত নহয়, তেওঁলােকৰ কর্মদক্ষতা, কাৰিকৰী কৌশল, বুদ্ধিবৃত্তি, শাৰীৰিক কর্মদক্ষতা একে নহয়। কর্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান-বুদ্ধি আদি গুণ মানৱ সম্পদৰ সাধাৰণ বৈশিষ্ট্য নহয়। এই গুণগত বৈশিষ্ট্য সকলাে মানুহৰ গাতে কম-বেছি পৰিমাণে থাকে যদিও তাক সমাজ তথা শাসক শ্রেণী বা চৰকাৰৰ কর্তৃত্বশীল বিভাগে মানুহৰ মাজত সচেতনভাৱে চৰ্চা আৰু অনুশীলনৰ দ্বাৰা সক্রিয় কৰি তুলিব লাগে। এনে মানৱ সম্পদক উপযুক্তভাৱে উৎসাহ উদ্দীপনা যােগাই, সহায়ৰ বাবে সকলাে উপযুক্ত ব্যৱস্থা কৰি, তেনেবােৰ গুণ মানুহৰ মাজত গঢ়ি তােলাকে মানৱ সম্পদৰ উন্নতি বা বিকাশ সাধন কৰা বুলি ক’ব পাৰি। গতিকে মানৱ সম্পদৰ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত বৈশিষ্ট্যবােৰৰ উৎকর্ষতা সাধন কৰাকে বুজায়। ইয়াৰ বাবে চৰকাৰে বা সংশ্লিষ্ট বিভাগৰ উপযুক্ত আঁচনি থাকিব লাগে। সমাজৰ সকলাে শ্ৰেণীৰ লােকৰ বাবে সম্পদ হিচাপে গঢ় দিবলৈ তেওঁলােকৰ শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কর্মসংস্থাপন আদি দিব পৰাটোৱেই হৈছে মানৱ সম্পদ গঢ় দিয়াৰ মূল চর্ত। জনসাধাৰণৰ গুণগত মান বৃদ্ধি হলে দেশৰ মানৱ সম্পদৰ বিকাশ হােৱা বুলি ক’ব পাৰি।

() জনসংখ্যাৰ থুপীকৰণঃ পৃথিৱীৰ সকলাে ঠাইতে জনসংখ্যা ঘনত্ব একে নহয়। আদিম যুগৰে পৰা মানব সভ্যতা কিছুমান বিশেষ অঞ্চলতহে গঢ়ি উঠিছিল। এই মানৱ সভ্যতাবােৰ গঢ়ি উঠিছিল নদী উপত্যকাবোৰতহে । ইয়াৰ প্ৰধান কাৰণ হ’ল— নদী উপত্যকাবােৰ আছিল কৃষিকাৰ্যয আৰু পশু পালনৰ বাবে অতি উপযােগী স্থান। এই উপত্যকাৰবােৰ আছিল অতি সাৰুৱা, ঘাঁহনিৰে আবৃত, সমভূমি, যাতায়াত, পৰিবহণ, উদ্যোগ স্থাপনৰ বাবে সুবিধাজনক। নদী প্রবাহিত পানী খেতি শস্য আৰু যাতায়তৰ বাবে সুচল আছিল। এনেবােৰ কাৰণতে আদিম অৱস্থাৰে পৰা মানুহে এই নদী উপত্যকাবােৰত সমাজ পাতি বসবাস কৰি আহিছে। গতিকে যিবােৰ অঞ্চলত প্রাকৃতিক বা মানব সৃষ্ট সুবিধাৰ বাবে জনবসতি অতি ঘন তাকে জনসংখ্যাৰ কেন্দ্রীভৱন বা থূপীকৰণ বুলি কোৱা হয়। গতিকে আদিম যুগতাে মানৱ সভ্যতাবােৰ এনেবােৰ স্থানতে গঢ়লৈ উঠিছিল। মানুহৰ উক্ত সা-সুবিধাৰ ভিত্তিত নীল নদীত ইজিপ্তৰ সভ্যতা, সিন্ধু নদীত সিন্ধু সভ্যতা, টাইগ্রীছ আৰু ইউফ্রেটিছত মেছােপটেমীয়া সভ্যতা, মেকং আৰু চেনাব নদীত চীন সভ্যতা গঢ়ি উঠিছিল। এই কাৰণতে পৃথিৱীৰ চাৰিটা অঞ্চলতে পৃথিৱীৰ মুঠ জনসংখ্যা তিনি চতুর্থাংশ জনসংখ্যা স্থায়ী ভাৱে বসতি কৰি আহিছে। এই অঞ্চলকেইটা হ’ল-
(
) পূব-এছিয়া () দক্ষিণ পূৱ- এছিয়া () পশ্চিম মধ্য ইউৰােপ () আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকুলীয়া অঞ্চল। এই অঞ্চলবােৰত সাধাৰণতে পানীৰ সুবিধা, সাৰুৱা আৰু সমতল ভূমি, স্বাস্থ্যকৰ জলবায়ু, প্রাকৃতিক সম্পদৰ প্রাচুর্য আদি ঘন বসতি প্রধান হােৱাৰ কাৰণ । আনহাতে আধুনিক যুগত ঔদ্যোগীকৰণ, নগৰীকৰণ, উন্নত শিক্ষা, যাতায়াত, চিকিৎসা ব্যৱস্থাৰ লগতে বিনােদন সা-সুবিধা আদিয়েও জনসংখ্যা কেন্দ্রীভূত হােৱাত অৰিহণা যােগায়।

() জনসংখ্যা বিস্ফোৰণ: মানৱ জাতি ক্রমশঃ সভ্যতাৰ পথত আগবঢ়াৰ ফলত মানুহৰ জ্ঞানৰ পৰিসৰাে অনেক বৃদ্ধি পাইছে। সেই কাৰণে পৃথিৱীত মানুহৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে সেইদৰে মৃত্যুৰ সংখ্যাও কম নাছিল। এটা সময় প্রাকৃতিক দুর্যোগ আৰু মহামাৰী আদিত অসংখ্য লােকৰ মৃত্যু হৈছিল। জন্ম আৰু মৃত্যুৰ হাৰ খুব বেছি হােৱা বাবে জনসংখ্যা বৃদ্ধি খুব বেছি নাছিল। কিন্তু মানুহৰ জ্ঞান বৃদ্ধিৰ ফলত মানুহে বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ জৰিয়তে আৰু উন্নত চিকিৎসা ব্যৱস্থাৰ আৰু নানা যন্ত্রপাতি উদ্ভাৱনৰ দ্বাৰা মানুহৰ মৃত্যুৰ হাৰ যথেষ্ট কম কৰিবলৈ সক্ষম হয়। মানুহৰ মৃত্যুৰ হাৰ কমি যােৱাত জনসংখ্যা বৃদ্ধি যথেষ্ট পৰিমাণে বৃদ্ধি হ’বলৈ ধৰে। মানুহৰ সংখ্যা অত্যধিকভাৱে বৃদ্ধি হয়। অসমত ১৯০১ চনত ঘনত্ব আছিল মাত্র ৪১ জন, কিন্তু ২০১১ চনত এই ঘনত্ব হয় ৩৯৭ জনলৈ বৃদ্ধি হয়। মুঠতে বিগত ৫০ বছৰত প্ৰতি বছৰে গড়ে প্রায় ৮ কোটি মানকৈ জনসংখ্যা বৃদ্ধি হৈছিল। যােৱা ২০০১ চনৰ পৰা ২০১১ চনলৈ যােৱা ১০ বছৰত ভাৰতৰ জনসংখ্যা বৃদ্ধি হয় ১৮.৪ কোটি। জনসংখ্যাৰ এনে অত্যধিক বৃদ্ধিকে বিস্ফোৰণ বোলে।

জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰা সমস্যাসমূহ; বর্তমানে পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্রধান অন্তৰায় হৈ উঠিছে এই জনসংখ্যা বিস্ফোৰণ । এই জনসংখ্যা বিস্ফোৰণে পৰিৱেশৰ ভাৰসাম্য অবনতি ঘটোৱাৰ উপৰি খাদ্য সংকট, অনগ্ৰসৰতা ,দ্রব্য মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষাড আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবােৰৰ উদ্ভৱ হয়। এই সমস্যাই দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নতাে সমস্যাৰ সৃষ্টি কৰে ।

প্রশ্ন ৩। ভাৰতত উচ্চ হাৰত জনসংখ্যা বৃদ্ধি হােৱাৰ কাৰণবােৰ আলােচনা কৰা।
উত্তৰ: ভাৰতত উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ তিনিটা— জন্মৰ উচ্চ হাৰ, মৃত্যুৰ নিম্ন হাৰ আৰু প্ৰাব্ৰজন ।

() জন্মৰ হাৰ বৃদ্ধিৰ কাৰণ: ভাৰতত যােৱা পঞ্চাশ বছৰৰ আগৰ পৰাই মৃত্যুৰ হাৰৰ তুলনাত জন্ম হাৰ অধিক হৈ আহিছে। সেই কাৰণেই ভাৰতত জনসংখ্যা উচ্চ হাৰত বৃদ্ধি পাইছে। ভাৰতত যােৱা পঞ্চাশ বছৰত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ কমিছে যদিও মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ কমকৈ কমিছে। সেই কাৰণেই জনসংখ্যা বৃদ্ধিৰ হাৰ সামান্যহে কমিছে। ভাতত জন্মৰ হাৰ উচ্চ হৈ থকাৰ কাৰণবােৰ স্পষ্টকৈ জানিবলৈ হ’লে আমি আৰু কেইটামান কাৰণ আলােচনা কৰা উচিত হ’ব।

() বাল্য বিবাহ আৰু কম বয়সত বিবাহ হােৱাৰ প্ৰথা: ভাৰতত বাল্য কালতে বা কম বয়সতে বিবাহ হােৱা প্ৰথা থকা বাবে দীর্ঘকাল ধৰি সন্তান জন্ম দি সন্তান সংখ্যা বৃদ্ধি কৰে। সংসাৰৰ জ্ঞানৰ অভাৱতে বেছি সন্তান জন্ম দি দৰিদ্ৰ জীৱন-যাপন কৰে।

() বহু বিবাহ প্রথা: ভাৰতৰ হিন্দু আৰু ইছলাম ধৰ্মৰ লােকে ধর্মান্ধতাৰ বাবেই একাধিকবাৰ বিয়া কৰায়। সন্তানহীনতাক এই সকলাে লােকে পাপৰ ফল বুলি ভাবে আৰু মৃত্যুৰ পাছত মুক্তি নাপায় বুলি বিশ্বাস কৰি বাৰে বাৰে বিয়া কৰাই বহুতাে সতি-সন্ততিৰ জন্ম দিয়ে। এই কাৰণতাে ভাৰতৰ জনসংখ্যা উচ্চ হাৰত বৃদ্ধি পাইছে।

() মৃত্যুৰ হাৰ উচ্চ হােৱাৰ কাৰণত: এটা সময়ত ভাৰতত মৃত্যুৰ হাৰ অধিক আছিল, বিশেষকৈ শিশুসকলৰ মাজত। সেই কাৰণতে অনিশ্চয়তাৰ বাবে পিতৃ-মাতৃয়ে অধিক সন্তান জন্ম দিছিল, যাতে কিছু সংখ্যক মৃত্যু হলেও কিছু সংখ্যক বাচি থাকে। ফলত দেশত জনসংখ্যা অত্যাধিকভাৱে বৃদ্ধি পায়।

() অজ্ঞতা আৰু অন্ধবিশ্বাসৰ বাবে: ভাৰতৰ গ্ৰাম্য অঞ্চলৰ লােকৰ অজ্ঞতা আৰু অন্ধবিশ্বাসৰ বাবেও জনসংখ্যা বৃদ্ধি পাইছে। গ্রাম্য লােকে জন্ম নিয়ন্ত্রণ কৰা পাপ বুলি ভাবে, সতি-সন্ততিক ভগৱানৰ দান বুলি ভাবে আৰু সেইবােৰক ভগৱানেই পালন কৰা বুলি ভাবে। আনহাতে চিকিৎসা সেৱাৰ অভাৱতাে ল’ৰা-ছােৱালী জন্ম হােৱাটো বন্ধ কৰিব নােৱাৰিছিল।

() দৰিদ্ৰতা: দৰিদ্ৰ বা দুখীয়া লােক ভাৰতীয় সমাজত অধিক। এই অধিক গ্রাম্যবাসী লােকসকলে পৰিয়ালত অধিক ল’ৰা-ছােৱালী জন্ম হােৱাটো ভাল কথা বা সুবিধাজনক বা লাভজনক বুলিয়ে ভাবিছিল। কিয়নাে এই ল’ৰা-ছােৱালীবোেৰ পিতৃ-মাতৃয়ে অতি কম বয়সৰ পৰা উপার্জনমুখী কামত নিয়ােগ কৰিবলৈ বিশেষকৈ কৃষি, পশুপালন, হস্তশিল্প আদিৰ নিচিনা কামত শিশুসকলক নিয়ােগ কৰাৰ বাবেই বেছিকৈ সতি-সন্ততিৰ জন্ম। দিছিল; ফলত দেশত জনসংখ্যা বৃদ্ধি পায়।

() শিক্ষাৰ অভাৱৰ বাবে: শিক্ষাৰ অভাৱৰ বাবেই পিতৃ-মাতৃয়ে জনসংখ্যা বৃদ্ধি অপকাৰিতাৰ কথা শুদ্ধভাৱে চিন্তা কৰিব নােৱাৰে। বৰং ভুলকৈ ভাবিয়ে ল’ৰা-ছােৱালী বেছিকৈ জন্ম দিয়ে আৰু ল’ৰা-ছােৱালীক কম বয়সতে উপার্জনমুখী কামত নিয়ােগ কৰে। বিশেষকৈ স্ত্রী শিক্ষাৰ অভাৱকো ল’ৰা-ছােৱালীৰ বেছি জন্ম হােৱাৰ আন এটা কাৰণ বুলিব পাৰি। শিক্ষিত মাক-বাপেকে ল’ৰা-ছােৱালী অধিক হােৱাৰ পৰিণাম চিন্তা কৰিয়ে সীমিত ল’ৰা-ছােৱালী জন্ম দিয়ে। গতিকে শিক্ষাৰ অভাৱ জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ।

() মৃত্যুৰ হাৰ হ্রাস পােৱাৰ কাৰণতাে জনসংখ্যা বৃদ্ধি পায়: স্বাধীনতাৰ পাছৰ কালছােৱাত চিকিৎসা সেৱাৰ যথেষ্ট উন্নতি হৈছে আৰু ইয়াৰ ফলতে ভাৰতত বর্তমান মহামাৰী বিশেষকৈ কলেৰা, বসন্ত, প্লেগ আদি নিৰ্মূল হৈছে। শিক্ষা ব্যৱস্থাৰ উন্নতিয়ে মৃত্যুৰ সংখ্যা যথেষ্ট পৰিমাণে কমাইছে, ফলত মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে আৰু জনসংখ্যা বৃদ্ধিত যথেষ্ট বৰঙণি যােগাইছে। গতিকে জনসংখ্যা বৃদ্ধিৰ ইয়াে এটা কাৰণ।

() প্ৰব্ৰজন: জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ হ’ল প্ৰব্ৰজন। বহিঃ প্ৰব্ৰজন, আন্তঃপ্রব্রজনতকৈ কম হলে দেশত জনসংখ্যা বৃদ্ধি পায়। অৱশ্যে ভাৰতৰ নিচিনা বিশাল জনসংখ্যাৰ দেশত আন্তঃপ্ৰব্ৰজনে উচ্চ হাৰত জনসংখ্যা বৃদ্ধি কৰিব নােৱাৰে যদিও ভাৰতৰ কোনাে কোনাে ৰাজ্যত প্ৰব্ৰজনে জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বৃদ্ধি কৰিব পাৰে। বিশেষকৈ অসম বা পশ্চিমবংগৰ নিচিনা ৰাজ্যলৈ দুর্ভিক্ষপীড়িত দেশ পাকিস্তান, বাংলাদেশ, নেপাল আদি ৰাষ্ট্ৰৰ পৰা বহুতাে লােক আহি ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ উচ্চ কৰি তােলে। এইবােৰেই হ’ল জনসংখ্যা উচ্চ হাৰত বৃদ্ধি হােৱাৰ কাৰণ।

প্রশ্ন ৪। ভাৰতত জন্মৰ হাৰ উচ্চ হােৱাৰ কাৰণ কি কি আলােচনা কৰা।
উত্তৰ: ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণবােৰৰ ভিতৰত জন্মৰ হাৰ বৃদ্ধি মৃত্যুৰ হাৰ হ্ৰাস আৰু প্ৰব্ৰজন এই তিনিটাকে গণ্য কৰা হয়। জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পার্থক্যকে জনসংখ্যা বৃদ্ধি বুলি ধৰা হয় যদিহে জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বেছি হয় আৰু আনহাতে বহিঃপ্রব্রজনতকৈ আন্তঃপ্রব্রজন বেছি হলে জনসংখ্যা বৃদ্ধি হয়। জনসংখ্যা এইদৰে বৃদ্ধিৰ পােৱাৰ উপৰিও জনসংখ্যা বৃদ্ধিৰ হাৰ উচ্চ আৰু দ্রুত হােৱাৰ আন কিছুমান কাৰণাে আছে। সেই কাৰণবােৰ তলত সংক্ষেপে আলােচনা কৰা হ’ল।
(
) বাল্যবিবাহৰ কাৰণে : মধ্য যুগৰে পৰা ভাৰতত প্ৰচলিত হৈ অহা বাল্যবিবাহ প্ৰথাৰ বাবে কম বয়সতে বিবাহ হােৱা দম্পতীয়ে দীর্ঘকাল ধৰি ল’ৰা-ছােৱালী জন্ম দি দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ দ্রুত কৰি তােলে।

() ধর্মীয় গােড়ামী আৰু অন্ধবিশ্বাস : ভাৰতৰ হিন্দুসকলে সন্তানহীনতাক পাপ বুলি জ্ঞান কৰিছিল। তাৰােপৰি সন্তান জন্ম নহ’লে মৃত্যুৰ পাছত আত্মাই মুক্তি নাপাব বুলি ভাবিছিল। সেইবাবে হিন্দুসকলে একাধিকবাৰ বিবাহ কৰাইছিল। ইছলামধর্মী লােকসকলেও কেইবাজনীও স্ত্রী বিবাহ কৰা ধর্মীয় নিয়ম আছিল। এজন পুৰুষেই কেইবাজনীও তিৰােতা বিয়া কৰােৱাৰ ফলত একেটা পৰিয়ালতে বহুতাে সন্তান জন্ম দিছিল। ফলত জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাইছিল।

().মৃত্যুৰ হাৰ অত্যধিক হােৱা বাবে :আগেয়ে মৃত্যুৰ হাৰ অত্যধিক আছিল, বিশেষকৈ শিশু কালত আৰু বয়সীয়াসকলৰ মাজতাে। কলেৰা, বসন্ত আদি ৰােগত বহুতাে লােকৰ মৃত্যু হৈছিল। সেইবাবে পিতৃ-মাতৃয়ে বহুতাে সন্তান জন্ম দিছিল যাতে কিছু মৰিলেও কিছু থাকে। ফলত দ্রুত গতিত জনসংখ্যা বৃদ্ধি হৈছিল।

() অজ্ঞতা আৰু চিকিৎসা সেৱাৰ অভাৱঃ আগৰ কালত সীমিত পৰিয়ালৰ জ্ঞান বা জন্ম নিয়ন্ত্ৰণৰ জ্ঞান মানুহৰ নাছিল। জনসংখ্যা বৃদ্ধিৰ কুফলৰ কথাও মানুহে ভাবিব নােৱাৰিছিল। চিকিৎসা সেৱাৰ সুবিধা নাছিল। জন্ম নিয়ন্ত্ৰণৰ ইচ্ছা থাকিলেও তাক বাধা দিয়াৰ উপায় নাছিল। ফলত জনসংখ্যা বৃদ্ধি পাইছিল।

() দৰিদ্ৰতা আৰু অজ্ঞতা: ভাৰতত দৰিদ্ৰ আৰু দুখীয়া পৰিয়ালৰ সংখ্যা বেছি আছিল। এই পৰিয়ালবােৰৰ ল’ৰা-ছােৱালীৰ সংখ্যা বেছি হ’লে সুবিধাহে হৈছিল, কাৰণ সৰুৰে পৰা সিহঁতক উপার্জনমুখী কামত নিয়ােগ কৰিছিল। সেই কাৰণতে বেছি ল’ৰা- ছােৱালী জন্ম দিছিল। ইয়াৰ ফলতে জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছিল।

() শিক্ষাৰ অভাৱ : শিক্ষা-দীক্ষাৰ অভাৱৰ বাবেও বিশেষকৈ স্ত্রীশিক্ষাৰ অভাৱতে, আগৰ কালত মানুহে বাল্য বিবাহ বা সৰু কালতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু দীর্ঘকাল ল’ৰা-ছােৱালী জন্ম দিছিল। পৰিণামৰ কথা নাভাবিছিল। শিক্ষিত মানুহৰ চিন্তাহে দূৰদৰ্শিতাসম্পন্ন হয়। এনেবােৰ কাৰণতে ভাৰতৰ জনসংখ্যা অতি দ্রুত গতিত বৃদ্ধি পাইছিল।

প্রশ্ন ৫। ভাৰতত সম্প্রতি মৃত্যুৰ হাৰ হ্রাস পােৱাৰ কাৰণবােৰ কি ?
উত্তৰ: ভাৰতৰ স্বাধীনতাৰ পূর্বে মৃত্যুৰ হাৰ অত্যধিক আছিল। মহামাৰী, দুর্ভিক্ষ আদিত চিকিৎসাৰ অভাৱত, অজ্ঞতাৰ বাবে, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত অলেখ মানুহৰ মৃত্যু হৈছিল। কিন্তু স্বাধীনােত্তৰ কালত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বাবে মৃত্যু হাৰ উল্লেখনীয়ভাৱে কমিছে। তলত কিছুমান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হ’ল—
(
) চিকিৎসা সেৱাৰ উন্নতি: চৰকাৰী চিকিৎসা সেৱাৰ আঁচনি প্ৰৱৰ্তন কৰি কলেৰা হাইজা, প্লেগ আদি মহামাৰী জাতীয় ৰােগ নির্মূল কৰা হৈছে।

() চৰকাৰৰ সাহায্য আঁচনি : আগেয়ে দুর্ভিক্ষ বা আকালত বহুতাে লােকৰ মৃত্যু হৈছিল। বর্তমান কৃষিকাৰ্যৰ উন্নতি সাধন কৰি; এনেকি আন দেশৰ পৰা খাদ্য সামগ্রী। আমদানি কৰিও এনে দুর্ভিক্ষ চৰকাৰৰ দ্বাৰা আঁতৰ কৰা হৈছে। বর্তমান ভাৰত খাদ্য শস্য উৎপাদনত স্বাৱলম্বী হৈছে।

() পথ পৰিবহনৰ উন্নতি : বর্তমান দেশত পথ পৰিবহনৰ উন্নতি সাধন হােৱা বাবে এঠাইৰ পৰা আন ঠাইলৈ খাদ্য বস্তু সহজে কম সময়তে পঠাব পৰা যায়। ইয়াৰ দ্বাৰা দেশৰ খাদ্যৰ নাটনি আঁতৰ কৰিব পৰা হৈছে।

() চিকিৎসা সেৱাৰ আধুনিকীকৰণ : বিজ্ঞানসন্মত চিকিৎসা সেৱা প্ৰৱৰ্তন কৰি, বৈজ্ঞানিক যন্ত্রপাতিৰ ব্যৱহাৰ কৰি, নানা বৈজ্ঞানিক ঔষধ আদিৰ উদ্ভাৱন কৰি যক্ষ্মা, ধনুষ্টংকাৰ আদি দুৰাৰােগ্য বেমাৰ-আজাৰৰ পৰা মানুহৰ প্ৰাণ ৰক্ষা কৰিব পৰা উপায় উলিয়াইছে। বৈজ্ঞানিক চিকিৎসা সেৱাই মানুহক নিশ্চিত মৃত্যুৰ মুখৰ পৰা বচাব পাৰে। এইদৰে মৃত্যুৰ হাৰ যথেষ্ট হাস পাইছে।

প্রশ্ন ৬। মানৱ সম্পদ বুলিলে কি বুজা লিখা। দেশৰ আর্থিক উন্নয়নৰ লগত মানৱ সম্পদৰ সম্পর্ক কি উল্লেখ কৰা।
উত্তৰ: দেশৰ উৎপাদন কার্যত বৰঙণি যােগােৱা বা বৰঙণি যােগােৱাৰ সম্ভাৱনা থকা লােককে মানৱ সম্পদ বুলি বুজা যায়। গতিকে দেশৰ মুঠ জনসংখ্যাৰ শাৰীৰিক বা মানসিকভাৱে অক্ষম, বৃদ্ধ লােকক বাদ দি আন সকলাে লােককে মানৱ সম্পদৰ ভিতৰত ধৰা হয়। কম বয়সৰ শিশুসকলকো মানৱ সম্পদৰ ভিতৰত ধৰা হয়, কাৰণ ভৱিষ্যতলৈ শিশুসকলে উৎপাদন কার্যত বৰঙণি যােগােৱাৰ সম্ভাৱনা থাকে। মুঠতে দেশৰ জনগণৰ যিমানে উৎপাদন কুশলী, শিক্ষিত, বৈজ্ঞানিক, কাৰিকৰী, প্রযুক্তি বিদ্যাসম্পন্ন হয় সিমানে উৎপাদনশীল উন্নতমানৰ মানৱ সম্পদ বুলি গণ্য কৰা হয় । মানৱ সম্পদেই দেশ এখনৰ অৰ্থনীতিৰ মূল। দেশৰ মানৱ সম্পদে দেশৰ অর্থনৈতিক উন্নতিত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। উন্নত আৰু অনুন্নত মানৱ সম্পদৰ বাবেই প্রাকৃতিক সম্পদ নথকা দেশ এখনেও উন্নত দেশ হিচাপে পৰিগণিত হৈছে আৰু আনহাতে প্রাকৃতিক সম্পদ থকা দেশ এখনাে অনুন্নত হৈ আছে। মানৱ সম্পদৰ শাৰীৰিক আৰু মানসিক শ্রম, জ্ঞান, বুদ্ধি, কাৰিকৰী কৌশল, সাংগঠনিক ক্ষমতা আদি উৎপাদন ব্যৱস্থাৰ মূল উপাদান। মানুহৰ সক্রিয় সহযােগ নহ’লে উৎপাদনৰ কোনাে উপাদান ক্রিয়াশীল নহয়। মানৱ সম্পদ আৱশ্যকতা উৎপাদন ব্যৱস্থাত দুমুখীয়া— এফালে মানৱ সম্পদ উৎপাদনৰ এক অপৰিহাৰ্য উপাদান আৰু আনফালে মানৱ সম্পদ উৎপাদনৰ মূল আৰু প্রধান লক্ষ্যও। কাৰণ মানৱ সম্পদৰ কল্যাণ আৰু উন্নতি সাধনৰ বাবেই জনসাধাৰণৰ সকলাে প্ৰকাৰৰ অভাৱ পূৰণৰ ব্যৱস্থা উৎপাদন ব্যৱস্থাৰে কৰা হয়। ই দেশৰ উৎপাদন ব্যৱস্থাৰ মূল লক্ষ্য।

প্রশ্ন ৭ : জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা? জনসংখ্যা বৃদ্ধিৰ কাৰবােৰৰ সম্পর্কে আলােচনা কৰা।
উত্তৰ :কোনাে এখন দেশ বা এটা অঞ্চলৰ জনসংখ্যা এক নির্দিষ্ট সময়ত যিমান হয়, তাৰ তুলনাত এটা নির্দিষ্ট সময়ৰ অন্তত যদি অধিক হয় তাকে জনসংখ্যা বৃদ্ধি হােৱা বুলি কোৱা হয়। আনহাতে কোনাে এখন দেশত বা ঠাইত এটা নির্দিষ্ট সময়ৰ ভিতৰত মৃত্যু হাৰতকৈ জন্মৰ হাৰ বৃদ্ধি হলেই জনসংখ্যা বৃদ্ধি হােৱাক বুজায়। অৱশ্যে কোনাে এখন দেশলৈ বাহিৰৰ পৰা লােক প্রব্রজিত হৈও জনসংখ্যা বৃদ্ধি পাব পাৰে। জনসংখ্যা বৃদ্ধিৰ কাৰক :জনসংখ্যা বৃদ্ধিৰ কাৰক তিনিটা-জন্ম, মৃত্যু আৰু প্ৰব্ৰজন। সাধাৰণতে কোনাে এটা নির্দিষ্ট সময়ত জন্মৰ তুলনাত মৃত্যুৰ সংখ্যা কম হলে জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি হােৱাক বুজায়। কিন্তু কোনাে এটা নির্দিষ্ট সময়ত জন্মৰ সংখ্যাৰ তুলনাত মৃত্যু সংখ্যা বেছি হ’লে জনসংখ্যা স্বাভাৱিকভাৱে হ্ৰাস হােৱাক বুজাব। গতিকে দেখা যায় মৃত্যুৰ
সংখ্যাৰ তুলনাত জন্মৰ সংখ্যা অধিক হােৱাটোকে জনসংখ্যা বৃদ্ধি হােৱা বুলি কোৱা হয়।

আনহাতে প্রব্রজনাে জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ। এখন দেশ বা এটা অঞ্চলৰ পৰা কোনাে লােক আন দেশ বা অন্য এটা অঞ্চললৈ যােৱাকে জনসংখ্যাৰ প্ৰব্ৰজন বুলি কোৱা হয়। কোনাে এখন দেশৰ পৰা লােক কোনাে এখন দেশলৈ আহিলে তাকে আন্তঃপ্রব্রজন বােলে। আনহাতে কোনাে এখন দেশৰ পৰা লােক আন কোনাে এখন দেশলৈ গ’লে তাক বহিঃপ্রব্রজন বােলে। গতিকে এটা নির্দিষ্ট সময়ৰ ভিতৰত আন্তঃপ্রব্রজনৰ তুলনাত বহিঃপ্ৰব্ৰজন কম হলে জনসংখ্যা বৃদ্ধি হয় আৰু আন্তঃপ্রব্রজনৰ তুলনাত বহিঃপ্রব্রজন বেছি হ’লে জনসংখ্যা হ্রাস হ’ব। গতিকে কোনাে এখন দেশৰ এটা নির্দিষ্ট সময়ৰ ভিতৰত হােৱা মুঠ আন্তঃপ্রব্রজন আৰু মুঠ বহিঃপ্ৰব্ৰজনৰ পাৰ্থক্যই হ’ল প্রণােদিত বৃদ্ধি। এতিয়া কোনাে এখন দেশৰ মুঠ জনসংখ্যা বৃদ্ধি পাবলৈ হ’লে দেশখনৰ মুঠ স্বাভাবিক বৃদ্ধি আৰু মুঠ প্রণােদিত বৃদ্ধিৰ দ্বাৰা নির্ধাৰিত হ’ব। স্বাভাৱিক বৃদ্ধি হ’ল দেশখনৰ মুঠ জন্মৰ সংখ্যা আৰু মুঠ মৃত্যুৰ সংখ্যাৰ পার্থক্য।
আনহাতে প্রণােদিত বৃদ্ধি হ’ল, মুঠ আন্তঃপ্রব্রজন আৰু মুঠ বহিঃপ্রব্রজনৰ পার্থক্য। এই দুয়ােটা পার্থক্যৰ সমষ্টিয়েই হ’ল দেশখনৰ জনসংখ্যাৰ মুঠ বৃদ্ধি।
এইদৰেই দেশ এখন জনসংখ্যাৰ মুঠ বৃদ্ধি উলিয়াব পাৰি।

প্রশ্ন ৮। জনসংখ্যাৰ গুৰুত্ব সম্পর্কে কি জানা লিখা।
উত্তৰ : কোনাে এখন দেশত বসবাস কৰা লােকৰ মুঠ সংখ্যাকে জনসংখ্যা বােলে। প্রত্যেক দেশতে, ইয়াৰ জনসংখ্যাৰ গুৰুত্ব দেশখনৰ ক্ষেত্রত অতি প্রভাৱশালী উপাদান। দেশ এখনৰ উন্নতি-অবনতি নির্ভৰ কৰে জনসংখ্যাৰ ওপৰত আৰু ইয়াৰ প্ৰকৃতিৰ ওপৰত। দেশ এখন স্বাৱলম্বী হ’বলৈ জনসংখ্যা অতি কমাে হ’ব নালাগে আৰু অতি বেছিও হ’ব নালাগে। দেশ এখনৰ জনসংখ্যা উৎপাদন ব্যৱস্থাৰ এক মৌলিক উপাদান। কাৰণ জনসংখ্যাইহে উৎপাদন ব্যৱস্থাত শ্ৰমৰ যােগান ধৰিব পাৰে। দ্বিতীয়তে জনসংখ্যা সুস্থ, সুঠাম কষ্টসহিষ্ণু হ’লেহে উৎপাদনত আৱশ্যকীয় শাৰীৰিক বা মানসিক শ্ৰমৰ যােগান। ধৰিব পাৰে। তৃতীয়তে জনসংখ্যাক উৎপাদনৰ বাবে উপযুক্ত কৰি তুলিবলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ সকলাে সুবিধা প্রদানৰ উপৰিও উপযুক্ত শিক্ষা, প্রশিক্ষণ দিয়াটো আৱশ্যক। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল দেশৰ উৎপাদন ব্যৱস্থাৰ মূল লক্ষ্য হ’ল দেশখনৰ জনসংখ্যাৰ দৈনন্দিন অভাৱ পূৰণৰ দ্বাৰা কল্যাণ সাধন কৰা। অৱশেষত জনসংখ্যাৰে এটা অংশই উৎপাদন কার্যৰ সংগঠক বা উদ্যোক্তা হিচাপে দায়িত্ব গ্রহণ কৰাটো। এইদৰেই জনসংখ্যাই এক গুৰুত্বপূর্ণ দায়িত্ব গ্রহণ কৰি এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

প্রশ্ন ৯। ভাৰত আৰু অসমৰ ১৯৯১ আৰু ২০০১ চনৰ লােকপিয়লৰ তথ্যৰ তুলনা মতে জনসংখ্যা ঘনত্ব কেনেকুৱা আছিল এটি আভাস দিয়া।
উত্তৰ: ভাৰত আৰু অসমৰ জনসংখ্যা ঘনত্ব ১৯৯১ চনৰ তুলনাত ২০০১ চনত যথেষ্ট পৰিৱৰ্তন হৈছে।
(
) ভাৰতৰ জনসংখ্যা ঘনত্ব: ভাৰতত ১৯৯১ চনৰ লােক পিয়লৰ মতে প্রতি বর্গ কিলােমিটাৰত জনসংখ্যা ঘনত্ব আছিল ২৬৭ জন। কিন্তু দহ বছৰৰ মূৰত ২০০১ চনৰ লােক পিয়ল মতে ভাৰতৰ জনসংখ্যা প্রতি বর্গ কিঃ মিটাৰত হৈছিল ৩২৪ জন। মাত্র দহটা বছৰতে প্রতি বর্গ কিঃ মিঃ ৫৭ জনকৈ বৃদ্ধি পায়।

() অসমৰ জনসংখ্যা ঘনত্ব: অসমত জনসংখ্যাৰ গড় ঘনত্ব তুলনামূলকভাবৱে আন ৰাজ্যতকৈ খুব বেছি নহ’লেও বর্তমান ভাৰতৰ গড় ঘনত্বতকৈ বেছি। ১৯৯১ চনৰ লােকপিয়ল মতে অসমৰ প্রতি কিঃ মিটাৰত গড় ঘনত্ব আছিল ২৮৬ জন। কিন্তু দহ বছৰৰ ভিতৰত ২০০১ চনৰ লােক পিয়ল মতে এই সংখ্যা হৈছিলগৈ ৩৪০ জন। কিন্তু ভাৰতৰ গড় ঘনত্ব সেই সময়ত হৈছিল ৩২৪ জন।