অনুশীলনীৰ অতি চমু প্রশ্নোত্তৰ
প্রশ্ন
১। জনবসতিক কেইভাগত ভাগ কৰা
হয়?
উত্তৰ
:
জনবসতিক
ঘাইকৈ দুই ভাগত ভাগ কৰা হয়-
(ক)
গ্রাম্য
বসতি আৰু (খ)
নগৰীয়া
সতি।
প্রশ্ন
২:
গ্রামাঞ্চলৰ
কিমান শতাংশ লােক কৃষিকাৰ্যৰ
লগত জড়িত ?
উত্তৰ
:
প্রায়
৭৫ শতাংশতকৈও অধিক লােক
কৃষিকাৰ্যৰ লগত জড়িত।
প্রশ্ন
৩। নগৰৰ কেন্দ্রীয় অঞ্চলটো
ঘাইকৈ কি কি কার্যৰ লগত
জড়িত?
উত্তৰ:
নগৰৰ
কেন্দ্রীয় অঞ্চলটো ব্যৱসায়
বাণিজ্যৰ লগত জড়িত।।
প্রশ্ন
৪। উৎপত্তিকালৰ ভিত্তিত
ভাৰতবৰ্ষৰ নগৰসমূহক কেইটা
শ্ৰেণীত ভাগ কৰা হৈছে?
উত্তৰ:
উৎপত্তিৰ
যুগ অনুসৰি ভাৰতৰ নগৰসমূহক
তিনিটা ভাগত ভাগ কৰা হৈছে—
প্রাচীন নগৰ,
মধ্যযুগৰ
নগৰ আৰু আধুনিক যুগৰ নগৰ।
প্রশ্ন
৫। লােকপিয়ল বিভাগে নির্দিষ্ট
কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ
এখনৰ প্রান্তিক জনসংখ্যা
কিমান হ’ব লাগে?
উত্তৰ
:আমাৰ
ভাৰতবৰ্ষত নগৰ এখনৰ প্ৰাৰম্ভিক
জনসংখ্যা ৫৫০০ জন হ’ব লাগে।
প্রশ্ন
৬। অসমৰ একমাত্ৰ পৌৰ নিগম
পৰিচালিত মহানগৰখনৰ নাম কি
?
উত্তৰ
:গুৱাহাটী।
প্রশ্ন
৭। ভাৰতৰ প্রাচীন নগৰ,
মধ্যযুগীয়
নগৰ আৰু আধুনিক নগৰৰ প্রত্যেকৰে
দুখনকৈ নগৰৰ নাম লিখা।
উত্তৰ
:
প্রাচীন
নগৰ— (ক)
বাৰানসী
আৰু (খ)
পুৰী।
মধ্যযুগীয়
নগৰ — (ক)
দিল্লী
আৰু (খ)
আগ্রা।
আধুনিক
নগৰ— (ক)
চণ্ডীগড়
আৰু (খ)
ভুৱনেশ্বৰ।
প্রশ্ন
৮। শুদ্ধ/অশুদ্ধ
লিখা।
(ক)
নগৰীয়া
বসতিতকৈ গ্রাম্য বসতিৰ ঘনত্ব
অধিক।
(খ)
গ্রাম্য
বসতিৰ অধিক সংখ্যক লােক চাকৰিৰ
লগত জড়িত।
(গ)
নতুন
দিল্লী এখন প্রশাসনিক নগৰ।
(ঘ)
আগ্রা
এখন নদীৰ পাৰত অৱস্থিত নগৰ।
(ঙ)
শিলচৰ
বৰাক নদীৰ পাৰত অৱস্থিত।
উত্তৰ:
(ক)
অশুদ্ধ
(খ)
অশুদ্ধ
(গ)
শুদ্ধ
(ঘ)
শুদ্ধ
(ঙ)
শুদ্ধ।
প্রশ্ন
৯। নগৰৰ সা-সুবিধা
আৰু সমস্যা সম্পৰ্কত দুখন
সুকীয়া তালিকা প্রস্তুত
কৰা।
উত্তৰ:
(১)
নগৰৰ
সা-সুবিধাবােৰ——
(ক)
ব্যৱসায়-বাণিজ্যৰ
বাবে সুবিধাজনক।
(খ)
ৰাস্তা-ঘাট,
আলিবাটৰ
বাবে সুবিধাজনক।
(গ)
যাতায়াত
পৰিবহণৰ বাবে সুবিধাজনক।
(ঘ)
উচ্চ
উন্নত শিক্ষা-দীক্ষাৰ
বাবে সুবিধাজনক।
(ঙ)
চিকিৎসা
ব্যৱস্থাৰ বাবে সুবিধাজনক।
(চ)
আত্মনিয়ােগৰ
বাবে সুবিধাজনক।
(ছ)
নিবনুৱাসকলৰ
বাবে আত্মসংস্থাপনৰ সুবিধা
বিভিন্ন প্রকাৰৰ।।
(ঝ)
আমােদ-প্রমােদ,
অৱসৰ
বিনােদন,তীর্থ
যাত্রাৰ বা দৰ্শনৰ সা-সুবিধা
বহুতাে আছে।
(২)
নগৰৰ
সমস্যাসমূহ:
(ক)
বাসস্থানৰ
অসুবিধা।
(খ)
নগৰত
জনসংখ্যা বৃদ্ধিৰ সমস্যা।
(গ)
নগৰত
বসবাস কৰা মানুহৰ কৃত্রিম
বানপানীৰ সমস্যা বিশেষকৈ
বাৰিষা কালত।
(ঘ)
যানবাহনৰ
যাতায়াত সমস্যা,
যান-জোঁটৰ
সমস্যা।
(ঙ)
বাৰিষা
নলা-নর্দমা
বন্ধ হৈ নানা সমস্যাৰ সৃষ্টি
হয়।
(চ)
কিছুমান
অত্যধিক প্রয়ােজনীয় সামগ্রী
পাবলৈ বৰ সমস্যা হয়। অত্যধিক
দামত কিনিব লগীয়া হয়।
(ছ)
গাঁৱৰ
তুলনাত নগৰ অধিক খৰচী ঠাই।
প্রশ্ন
১০। অসমত পৌৰ প্ৰশাসনৰ অন্তর্ভুক্ত
নগৰৰ সংখ্যা কিমান খন?
উত্তৰ
:
নগৰৰ
সংখ্যা ৮০ খন।।
প্রশ্ন
১১। অসমৰ ১০ খন প্রধান নগৰৰ
নাম লিখি সেইবােৰৰ জিলাবােৰ
উল্লেখ কৰা।
উত্তৰ
:
নগৰ
জিলা
১/গুৱাহাটী-
কামৰূপ
(মেট্রো)
২/
ডিব্ৰুগড়
-ডিব্ৰুগড়
৩/শিৱসাগৰ-
শিৱসাগৰ
৪/লক্ষিমপুৰ
-উত্তৰ
লক্ষিমপুৰ।
৫/
তিনিচুকীয়া-
তিনিচুকীয়া
৬/নগাঁও
-নগাঁও
৭/
ধুবুৰী
-ধুবুৰী
৮/
ডিফু-
ডিফু
৯/বৰপেটা
-বৰপেটা
১০/যােৰহাট
-যােৰহাট
প্রশ্ন
:
১২।
মানুহে কৃষিক কেন্দ্ৰ কৰি
স্থায়ীভাবে বসতি আৰম্ভ কৰাৰ
কাৰণ কি বুলি ভাবা লিখা।
উত্তৰ
:মানুহে
মাটি চহােৱা,
শস্য
চোৱা-চিতা
কৰাৰ স্বাৰ্থত আৰু খেতিৰ শস্য
ভৱিষ্যতলৈ মজুত ৰখাৰ স্বাৰ্থত
মানুহে স্থায়ীভাবে বসবাস
কৰিব লগা হয়।
প্রশ্ন:
১৩।
মানুহে নৈপৰীয়া ঠাইত স্থায়ী
বসতিৰ বাবে নির্বাচন কৰাৰ
কাৰণ কি?
উত্তৰ
:মানুহ
আৰু কৃষিকাৰ্যৰ বাবে পানী
আৱশ্যক হােৱাৰ বাবে আৰু নৈৰে
পৰিবহণ কৰিবলৈ নৈ-পৰীয়া
ঠাইত স্থায়ী বসতি কৰে।
প্রশ্নঃ
১৪ (ক)।
গাঁৱতকৈ নগৰত জনসংখ্যা অধিক
হােৱাৰ কাৰণ কি বুলি ভাবা
লিখা।
উত্তৰ:নগৰবােৰ
পৰিকল্পিতভাৱে গঢ়ি তােলা
হয়। যাতায়াতৰ ব্যৱস্থা
সুচল,
ঘৰবাৰীৰ
আৰ্হি আধুনিক,
যানবাহনৰ
সংখ্যা বেছি। ঘন বসতি জীৱন-নির্বাহৰ
সুবিধা। এইবােৰ কাৰণতে জনসংখ্যা
নগৰত বেছি।
প্রশ্ন ১। চমুকৈ উত্তৰ লিখা।
(ক)
গ্রাম্য
অঞ্চলৰ বৃত্তিৰ বিষয়ে চমুকৈ
লিখা।
উত্তৰ:
গ্রামাঞ্চলৰ
মানুহৰ জীৱন-ধাৰণৰ
একমাত্র জীৱিকাৰ উপায় হল
কৃষিকর্ম। কৃষিকর্ম হ’ল
গাঁৱলীয়া মানুহৰ একমাত্র
বৃত্তি। কাৰণ গ্রাম্য বসতি
অঞ্চলৰ প্রায় ৭৫ৰ পৰা ৮০
শতাংশ লােক কৃষিজীৱি। গাঁৱৰ
আন কিছুমান মানুহে পশুপালন
কৰিও জীৱিকা নির্বাহ কৰে।
খেতিবাতিৰ উপৰি গাঁৱৰ মানুহে
মাছ মৰা,
বাঁহ-বেতৰ
আচবাব তৈয়াৰ কৰা,
মাটিৰ
বাচন-বৰ্তন
সাজি,
কাঠ
মিস্ত্রিৰ কাম কৰি,
সৰু-সুৰা
ব্যৱসায় বা বেপাৰ কৰি জীৱন
নির্বাহ কৰিয়ে জীৱিকা অর্জন
কৰে।
(খ)
নগৰীয়া
বসতিৰ প্ৰধান জীৱিকাবােৰ কি
কি?
উত্তৰ:
নগৰীয়া
বসতি সাধাৰণতে ব্যৱসায়
বাণিজ্য আৰু শিল্প উদ্যোগৰ
ওপৰত নিৰ্ভৰশীল। নগৰৰ বেছিভাগ
মানুহ বেপাৰ-বাণিজ্য
আৰু চাকৰিজীৱী। নগৰবােৰ
ব্যৱসায়-
বাণিজ্য
কেন্দ্রবিন্দু। ব্যৱসায়ৰ
ভিতৰত পাইকাৰী,
খুচুৰা
বিক্ৰীৰ উপৰি বিভিন্ন ঠাইলৈ।
বিভিন্ন সামগ্রী পৰিবহণ কৰি
আঞ্চলিকভাৱে যােগান ধৰে।
বিভিন্ন শিল্প ঔদ্যোগিক
প্রতিষ্ঠান,
চৰকাৰী
কার্যালয়,
শিক্ষানুষ্ঠান,
চিকিৎসালয়,
নানা
বেচৰকাৰী অনুষ্ঠানত চাকৰি
কৰা মানুহ নগৰত ভৰি থাকে। নগৰত
যাতায়াত পৰিবহণ বিভাগত কাম
কৰিও মানুহে জীৱিকা অর্জন
কৰি আছে। মুঠতে বেপাৰবাণিজ্য,
উদ্যোগ
বা উৎপাদন কেন্দ্ৰবােৰত
শিক্ষানুষ্ঠান চৰকাৰী-বেচৰকাৰী
অনুষ্ঠানত,
চিকিৎসায়লত
চাকৰি কৰা লােকেই নগৰত প্রায়
৯০ শতাংশ,
লােক
হ’ব। নগৰৰ বেছিভাগ লােকে
চাকৰিজীৱী।
(গ)
নগৰীয়া
বসতিৰ সা-সুবিধাৰ
বিষয়ে চমুকৈ লিখা।
উত্তৰ:
গ্রামাঞ্চলৰ
তুলনাত নগৰাঞ্চলৰ সা-সুবিধা
যথেষ্ট বেছি। নগৰাঞ্চলত বসতি
স্থানত বাসিন্দাসকলৰ বস্তিভূমি
সাধাৰণতে কম যদিও সুন্দৰ আৰু
পৰিপাটি ঘৰ-বাৰীবােৰে
পৌৰ প্ৰশাসনৰ নিয়মমতে সাজিব
লাগে। নগৰৰ যাতায়াতৰ বাবে
ৰাস্তা-ঘাট
বৰ পৰিপাটি আহল -৪বহল
ওখ আৰু সাধাৰণতে পকী কৰা।
নলা-নর্দমাৰ
ব্যৱস্থাও কিছু পৰিপাটি।
নগৰৰ যাতায়াত-পৰিবহণ
ব্যৱস্থা বৰ সুবিধাজনক,
বিভিন্ন
ধৰণৰ যানবাহন চলাচল কৰে।
চৰকাৰী-
বেচৰকাৰী
বিভিন্ন যানবাহন আছে।
ছাত্র-ছাত্রীৰ
পঢ়া-শুনা,
শিক্ষা-দীক্ষা
নানা ধৰণৰ শিক্ষানুষ্ঠান
মহাবিদ্যালয়,
বিশ্ববিদ্যালয়
আছে। উচ্চ শিক্ষাৰ বাবে
ইঞ্জিনীয়াৰিং,
চিকিৎসা
মহাবিদ্যালয়। আছে। চিকিৎসা
ব্যৱস্থাৰ বাবে বিভিন্ন
হাস্পতাল,
নার্চিংহােম
আদিৰ ব্যৱস্থা আছে। বেপাৰ-
বাণিজ্যৰ
বাবে বিশেষ ধৰণৰ সা-সুবিধা
আছে। পাইকাৰী খুচুৰা সকলাে
ধৰণৰ কিনা-বেছা
কৰা হয়। শিক্ষিত অশিক্ষিত
সকলাে ধৰণৰ নিবনুৱা লােকে
নগত কর্মসংস্থান পােৱাৰ বাবে
নিয়ােগৰ ব্যৱস্থা কৰিব পাৰে।
কর্মীলােকৰ বাবে নগৰত কামৰ
অভাৱ নাথাকে।
(ঘ)
নগৰত
বসতি ঘন হােৱাৰ কাৰণ কি ?
উত্তৰ
সাধাৰণতে পৃথিৱীৰ সকলাে নগৰলৈ
চাৰিওফালৰ গ্ৰাম্যাঞ্চলৰ
পৰা জনসংখ্যাৰ প্রব্রজন ঘটে।
ফলত নগৰত জনসংখ্যা বৃদ্ধি
হয়। জনসংখ্যা বৃদ্ধিৰ কাৰণ
মূলতঃ প্ৰব্ৰজন। এই প্ৰব্ৰজন
বিভিন্ন কাৰণত হ’ব পাৰে।
প্রথমতে ভাল শিক্ষা-দীক্ষাৰ
কাৰণে প্রাইমাৰী বা হাইস্কুল
শিক্ষা শেষ হােৱাৰ পাছত ভাল
মহাবিদ্যালয়ত উচ্চ শিক্ষাৰ
বাবে নগৰলৈ ছাত্র-ছাত্রীৰ
প্ৰব্ৰজন হয়। কলেজৰ শিক্ষা
শেষ হােৱাৰ পিছত ইঞ্জিনীয়াৰিং,
মেডিকেল
বা বিশ্ববিদ্যালয়ত উচ্চ
শিক্ষা ল’বলৈও বহু ছাত্র-ছাত্রী
নগৰলৈ আহে। গ্রামাঞ্চলতাে
জনসংখ্যা যথেষ্ট বৃদ্ধি পােৱাত
বহুতাে ডেকা ল’ৰা নিষ্কর্মা
হৈ বহি থকাৰ ফলত কর্মসংস্থাপনৰ
বাবে নগৰলৈ কাম বিচাৰি আহে।
আনহাতে আধুনিক যুগত সকলাে
নগৰ বিকাশ হােৱা দেখা যায়।
গাঁৱৰ এক শ্ৰেণীৰ ধনী মানুহে
নগৰত মাটি-বাৰী
কিনি,
নতুনকৈ
ঘৰ-দুৱাৰ
সাজে। ইয়াৰ উপৰিও আজিকালি
নগৰীকৰণৰ দ্রুত প্রসাৰতা লাভ
কৰিছে। অলপ মাটিতে বহুমহলীয়া
অট্টালিকা সাজি একেটা অট্টালিকাতে
২/৩
শ ঘৰ মানুহ থাকিব পাৰে। এই
অট্টালিকা সজা কামটো এক
ব্যৱসায়ত পৰিণত হৈ পৰিছে।
এইদৰে নগৰৰ জনসংখ্যাৰ এক বিস্ফোৰণ হৈছে। এই অট্টালিকা নির্মাণত হাজাৰ হাজাৰ শ্রমিক নিয়ােজিত হৈছে। এইবােৰ কাৰণতে নগৰত জনসংখ্যা বৃদ্ধি হৈছে। আনহাতে ব্যৱসায়-বাণিজ্যিক কামতাে বহুতাে মানুহ নগৰলৈ আহে। এই বাণিজ্যৰ লােকসকল কিছুসংখ্যক অস্থায়ীভাৱে আৰু কিছুসংখ্যক স্থায়ীভাৱে আছে আৰু নগৰত থাকি ব্যৱসায় চলাই থাকে। এইদৰে ক্রেতা-বিক্রেতাৰ দ্বাৰাও নগৰত জনসংখ্যা বাঢ়ে। আনফালে নগৰত যান-বাহনৰ সংখ্যা দ্রুত গতিত বাঢ়িছে। এইবােৰে ক্ৰমান্বয়ে হাজাৰ হাজাৰ লােক অনা-নিয়া কৰিও নগৰখনৰ জনসংখ্যা বৃদ্ধি কৰে৷ দূৰ-দূৰণিৰ পৰা বিভিন্ন কামত নগৰলৈ অহা মানুহৰ প্ৰব্ৰজনৰ ফলত নগৰৰ জনসংখ্যা বৃদ্ধি হৈছে।
(ঙ)
মেগাল’পলিচ
কাক বােলে ?
উত্তৰঃ
ৰাজ্যৰ কিছুমান গুৰুত্বপূৰ্ণ
নগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ
অঞ্চলত চাৰিওফালে ভালেমান
সৰু সৰু নগৰ-চহৰ
গঢ়ি উঠে। মূল নগৰখনক কেন্দ্ৰ
কৰি সকলােবােৰ নগৰক লগ লগাই
একোটা নগৰপুঞ্জ গঠন হয়,
এনে
নগৰপুঞ্জকে মেগাল’পলিচ
(Megalopolis)
বােলে।
প্রশ্ন ২। অসম নগৰীকৰণত কিয় অনুন্নত বহলাই আলােচনা কৰা।
উত্তৰ : আমি জানিব পাৰিছাে যে অসমত নগৰ-চহৰৰ সংখ্যা আমাৰ দেশৰ আন ৰাজ্যৰ তুলনাত কম আৰু ইয়াৰ মানদণ্ড কম আৰু অনুন্নত। ভাৰতৰ আন ৰাজ্যৰ নগৰ বাসীৰ গড় অনুপাত ২৭.৭৪ জন কিন্তু আমাৰ অসমৰ নগৰবাসীৰ গড় অনুপাত ১২.৭২ জন। এই অনুপাত অসমৰ নগৰীকৰণৰ মানদণ্ড যে যথেষ্ট পিছ পৰা তাক প্রমাণ কৰে। সাধাৰণতে কোনাে এখন দেশ বা ৰাজ্যৰ নগৰীকৰণ নিৰ্ভৰ কৰে সেই ৰাজ্যৰ ওপৰত। এই সকলােবােৰৰ সামূহিক উন্নয়নেহে এখন নগৰ গঢ়ি তুলিব আৰু তাৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিব পাৰে।
এই ক্ষেত্ৰত অসমৰ নগৰীকৰণৰ বিষয়ে অধ্যয়ন কৰিলে দেখা যায় যে অসম এখন কৃষিপ্রধান ৰাজ্য হিচাপে কৃষি ব্যৱস্থা বৰ পিছ পৰা। ইয়াৰ কৃষিৰ উৎপাদনৰ পৰিমাণ বৰ নিম্ন মানৰ, কৃষি পদ্ধতি অতি আওঁপুৰণি। অসমৰ কৃষকৰ অৱস্থা পেটে ভাতে খাই থকা অৱস্থাহে। আনহাতে বাণিজ্যও নাই। বাণিজ্য নিৰ্ভৰ কৰে উৎপাদনৰ ওপৰত। আমদানি- ৰপ্তানি নহ’লে বাণিজ্য গঢ়ি নুঠে, আনহাতে যাতায়াত আৰু পৰিবহন সুচল নহ’লে বাণিজ্যৰ উন্নতি হ’ব নােৱাৰে। ঔদ্যোগিক উন্নয়নেহে বাণিজ্যৰ উন্নতিৰ গতি বৃদ্ধি কৰিব পাৰে। ঔদ্যোগিক উন্নতি হ’লেহে যাতায়াত আৰু পৰিবহনৰ প্রয়ােজন হয় আৰু তাৰ ফলতহে যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ উন্নতি হয়। আনহাতে প্রশাসনিক কেন্দ্ৰ আৰু পৰিবহন ব্যৱস্থাৰ উন্নতি হয়।
আনহাতে প্রশাসনিক কেন্দ্ৰ আৰু শিক্ষা-দীক্ষাৰ অনুষ্ঠান প্রতিষ্ঠান আদি গঢ়ি উঠিলে মানুহৰ সমাগম বৃদ্ধি পায়। এইদৰে একোখন ঠাইত নগৰ চহৰ গঢ়ি উঠে। আমাৰ অসমত এই আটাইবােৰ কম-বেছি পৰিমাণে আছে যদিও কোনাে এটা দিশতে উৎসাহজনক উন্নতি দেখা নাযায়। কৃষি ব্যৱস্থাৰ আধুনিকৰণ নহ’লে উৎপাদন নাবাঢ়ে। বৈজ্ঞানিক যন্ত্রপাতি ব্যৱহাৰ কৰি, ৰাসায়নিক সাৰ আদি প্রয়ােগ কৰি, সকলাে কৌশল নিয়ােগ কৰিলেহে উন্নয়নৰ গতি বৃদ্ধি হ’ব পাৰে। সেইদৰে অসমত বর্তমান যিখিনি প্রাকৃতিক সম্পদ আছে তাক সম্পূর্ণৰূপে উদঘাটন কৰি, বিজ্ঞান আৰু প্রযুক্তিৰে বিভিন্ন উদ্যোগ স্থাপন কৰিব পাৰিলে; যেনে— চাহ উদ্যোগ, তেল উদ্যোগ, শােধনাগাৰ, চিমেন্ট উদ্যোগ, কাগজ কল, বিভিন্ন বনজ উদ্যোগ, বস্ত্ৰ উদ্যোগ, বাহ-বেতৰ কুটিৰ শিল্পৰ উদ্যোগবােৰে কর্মসংস্থাপন সৃষ্টি কৰিব পাৰিব। এই কর্মসংস্থাপনৰ বাবে গ্রাম্য অঞ্চলৰ পৰা মানুহে কাম বিচাৰি আহি ক্রমান্বয়ে ঔদ্যোগিক স্থানবােৰৰ জনসংখ্যা লাহে লাহে বৃদ্ধি কৰিব, যাৰ ফলত শিক্ষা-দীক্ষাৰ অনুষ্ঠান আদি লাহে লাহে গঢ় লৈ উঠিব। এইদৰে অসমত নগৰ সৃষ্টি হ’ব পাৰে। গতিকে দেখা যায় শিল্প উদ্যোগৰ বিকাশ নােহােৱা বাবেই তাৰ আনুসংগিক উন্নতিবােৰ হােৱা নাই। ফলত থকা নগৰ-চহৰ খিনিও উন্নত হ’ব পৰা নাই।
প্রশ্ন
৩। অসমত কি কি ভিত্তিত নগৰবােৰ
গঢ়ি উঠিছে ?
উত্তৰ
:অসমত
নগৰৰ সংখ্যা কম। অসমত মুঠতে
১০৩ খনমান নগৰ আছে। এই নগৰবােৰৰ
ভিতৰত ব্রহ্মপুত্র উপত্যকাতে
৮৫ খন নগৰ আছে। অসমৰ এইনগৰবােৰ
বিভিন্ন ভিত্তিৰ ওপৰত নিৰ্ভৰ
কৰি গঢ়ি উঠিছে। এই ভিত্তিবােৰ
হ’ল—
(১)
চাহ
শিল্পৰ ভিত্তিত,
— ডুমডুমা,
দেৰগাঁও
আদি।
(২)
প্রশাসনিক
কেন্দ্ৰৰ ভিত্তিত গুৱাহাটী,
নগাঁও,
লক্ষিমপুৰ।
(3)
স্থানীয়
কুটীৰ শিল্প আৰু লঘু উদ্যোগৰ
ভিত্তিত শুৱালকুছি,
সৰ্থেবাৰী।
(৪)
যাতায়াত-পবিহন
কেন্দ্ৰৰ ভিত্তিত– লামডিং,
তিনিচুকীয়া।।
(৫)
খাৰুৱা
তেলৰ ভিত্তিত ডিগবৈ,
ডুলীয়াজান,
বঙাইগাঁও।
(৬)
কৃষিজ
উৎপাদনৰ ভিত্তিত-
পাঠশালা,
কৃষ্ণাই,
খাৰুপেটীয়া।
(৭)
শিল্প
উদ্যোগৰ বিকাশৰ ভিত্তিত
গুৱাহাটী,
বঙাইগাঁও,
তিনিচুকীয়া!
No comments:
Post a Comment