js

Sunday, April 3, 2022

অসমীয়া ব্যাকৰণঃ এটা শব্দত প্ৰকাশ কৰা

এটা শব্দত প্ৰকাশ কৰা:

1. H.S.L.C.-2011

() কাঁহৰ বাচন গঢ়োঁতা।

উত্তৰ:- কঁহাৰ


2. H.S.L.C.-2012

() যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে।

উত্তৰ:-কৃতজ্ঞ

() মাটিৰ বাচন সাজোঁতা।

উত্তৰ:- কুমাৰ

() যাক সহজে লংঘন কৰিব নোৱাৰি।

উত্তৰ:- অলংঘ্য

() বাটেদি যোৱা

উত্তৰ:- বাটৰুৱা


3. H.S.L.C.-2013

() ঘৰতে থাকি কৰিব পৰা উদ্যোগ।

উত্তৰ:- কুটীৰ শিল্প

() যাৰ মৰণ নাই।

উত্তৰ:- আমৰণ

() কাঁহৰ বাচন গঢ়োঁতা।

উত্তৰ:- কঁহাৰ


4. H.S.L.C.-2014

() যাক পৰিহাৰ কৰিব নোৱাৰি।

উত্তৰ:- অপৰিহাৰ্য

() যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে ।

উত্তৰ:- জিতেন্দ্ৰয়

() যাৰ কোনো শত্ৰু জন্মা নাই।

উত্তৰ:- অজাতশত্ৰু

() কঁঠালৰ সৰু কলি।

উত্তৰ:- মুচি


5. H.S.L.C.-2015

() পনীয়া গাখীৰ দিয়া গাইগৰু।

উত্তৰ:- জলাহী

() যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই।

উত্তৰ:- নাস্তিক

() যি কথাৰ অৰ্থ নাই।

উত্তৰ:- নিৰৰ্থক

() এবাৰ গুটি লাগি মৰা গছ।

উত্তৰ:- ঔষধি


6.H.S.L.C.-2016

() যি কণীৰ পৰা জন্মে।

উত্তৰ:- অণ্ডজ

() যি আগেয়ে হোৱা নাই।

উত্তৰ:- অভূতপূৰ্ব

() একে গুৰুৰ শিষ্য।

উত্তৰ:- সতীৰ্থ

() যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে।

উত্তৰ:- অকৃতজ্ঞ


7. H.S.L.C.-2017

() বিষ্ণুৰ ভকত যি তেওঁ।

উত্তৰ:- বৈষ্ণৱ

() ৰান্ধি খাব পৰা কলৰ পুলি।

উত্তৰ:- পচলা

() একে মাতৃৰ গৰ্ভত জন্ম যাৰ।

উত্তৰ:- সহোদৰ

() একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক।

উত্তৰ:- অঘৰী


8. H.S.L.C.-2018

() যি একেলগে পঢ়ে।

উত্তৰ:- সহপাঠী

() যাক মূল্য দি কিনিব নোৱাৰি।

উত্তৰ:- অমূল্য


9. H.S.L.C.-2019

() ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি।

উত্তৰ:- প্ৰত্যুৎপন্নমতি

() ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত।

উত্তৰ:- প্ৰাতস্মৰণীয়

() নেজ নসৰা বেঙৰ পোৱালি।

উত্তৰ:- লালুকি


10. H.S.L.C.-2020

() কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ।

উত্তৰ:- সঁজাতী

() চুহি খাব লগা বস্তু।

উত্তৰ:- চুষ্য 

- ধান থোৱা ঠাই --- ভঁৰাল ৷

- অ'ত ত'ত ঘুৰি ফুৰা লোক --- অঘৰী ৷

- কাৰো নাম নোলোৱাকৈ দিয়া গালি --- গুৱালগালি ৷

- বাপেকৰ সখিয়েক --- তাৱৈ ৷

- তাৱৈৰ ঘৈণীয়েক --- আমৈ ৷

- যি আনৰ অধীন নহয় --- স্বাধীন ৷

- যি আনৰ অধীন --- পৰাধীন ৷

- গৰু বন্ধা ঠাই --- গোহালি ৷

- যি পথৰ পৰা বিচলিত --- পথভ্ৰষ্ট ৷

- যি কথাৰ অৰ্থ নাই --- নিৰৰ্থক ৷

- যি আনৰ ওপৰত নিৰ্ভৰ কৰে --- পৰনিৰ্ভৰশীল ৷

- যাক কল্পনা কৰিব নোৱাৰি --- কল্পনাতীত ৷

- যাৰ আদি নাই --- অনাদি ৷

- যাৰ সীমা নাই --- অসীম ৷

- যাক বৰ্ণনা কৰিব নোৱাৰি --- অবৰ্ণনীয় ৷

- যাক বাৰণ কৰিব নোৱাৰি --- অনিবাৰ্য ৷

- যাক লংঘন কৰিব নোৱাৰি --- অলংঘ্য ৷

- যাক দেখা নাযায় --- অদৃশ্য ৷

- যাক সহজে লাভ কৰিব নোৱাৰি --- দুৰ্লভ ৷

- যাৰ নাম নাই --- অনামী ৷

- যাৰ সীমা আছে --- সসীম ৷

- যাক পৰিহাৰ কৰিব নোৱাৰি --- অপৰিহাৰ্য ৷

- যাৰ ধাৰ আছে --- ধাৰুৱা ৷

- যি অলপতে শুনে --- শহাকণীয়া ৷

- যি কাৰো পক্ষত নাথাকে --- নিৰপক্ষ ৷

- যি নিশা চৰে --- নিশাচৰ ৷

- যি সহ্য কৰিব পাৰে --- সহনশীল ৷

- যি মাছ-মাংস নাখায় --- নিৰামিষাহাৰী ৷

- যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে --- ভিক্ষাৰী ৷

- যি জনে আনৰ বস্তু বলেৰে নিয়ে --- ডকাইত ৷

- যি কথা জনা নাযায় --- অজ্ঞাত ৷

- যি জনে কাৰো লগত মিলিব নোৱাৰে --- অজীন-পাতকী ৷

- দুটা মাহৰ মাজৰ দিন --- দোমাহী বা সংক্ৰান্তি ৷

- যি জনে নিয়মমতে খৰচ কৰে --- মিতব্যয়ী ৷

- যি সঁচা কথা কয় --- সঁচাকথীয়া, সত্যবাদী ৷

- যি ঘৰত ওপজে --- ঘৰ-ওপজা ৷

- যি নগৰত থাকে --- নগৰীয়া ৷

- যি গাঁৱত থাকে --- গাঁৱলীয়া ৷

- যি বিদেশত থাকে --- প্ৰবাসী ৷

- যি ভয় নকৰে --- নিৰ্ভীক ৷

- আনৰ ভাল দেখিব নোৱাৰা --- চকুচৰহা, পৰশ্ৰীকাতৰ ৷

- একে গুৰুৰ শিষ্য --- হৰিভকত, সতীৰ্থ ৷

- একে শ্ৰেণীতে পঢ়া --- সহপাঠী ৷

- একে মাকৰ সন্তান --- সহোদৰ, সোদৰ ৷

- আঁঠুলৈ বৈ পৰা --- আজানুলম্বিত ৷

- গোটেই জীৱন জুৰি --- আজীৱন ৷

- মাগিলে ভিক্ষা নোপোৱা সময় --- দুৰ্ভিক্ষা ৷

- জন্মৰ পৰা অন্ধ যি --- জন্মান্ধ ৷

- যাৰ মাক মৰিছে --- মাউৰা ৷

- যি পুৰুষৰ তিৰোতা মৰিছে --- বৰলা ৷

- যি তিৰোতাৰ পুৰুষ মৰিছে --- বিধৱা ৷

- বিহুৰ আগৰ দিনটো --- উৰুকা ৷

- যি দিনত নেদেখে --- দিনকণা ৷

- দুই ঘৰৰ মাজৰ ঠাই --- দোঘোৰা ৷

- ঘৰৰ চালৰ পানী পৰা ঠাই --- পানী পচা ৷

- এবাৰ ফল দি মৰা গছ --- ওষধি ৷

- দুই বছৰৰ মূৰত পোৱালি দিয়া গাই --- দোৰাহী ৷

- পনীয়া গাখীৰ দিয়া গাই --- জলাহী ৷

- ভেকুলীৰ পোৱালি --- লালুক ৷

- স্মৰণ কৰিবলগীয়া --- স্মৰণীয় ৷

- যাৰ বিয়া হোৱা নাই --- আবিয়ৈ ৷

- জিভাৰে চেলেকি চাব পৰা বস্তু --- লেহ্য ৷

- জন্তুৰ নিচিনা যি --- জান্তব ৷

- যি গৰমো নহয় ঠাণ্ডাও নহয় --- কুহুমীয়া ৷

- যি বতৰ শীতো নহয় উষ্ণও নহয় --- নাতিশীতোষ্ণ ৷

- যি ফল কাঁচাও নহয় পকাও নহয় --- ডাহেচীয়া ৷

- মাৰ ভনীয়েক --- মাহী ৷

- দেউতাৰ ভনীয়েক --- পেহী ৷

- মাৰ সতিনীয়েক --- বিমাতা, মাহীমা ৷

- কঁঠালৰ সৰু কলি --- মুচি ৷

- গৰৈ মাছৰ সৰু --- গৰৈচিৰিকা ৷

- কাৱৈ মাছৰ সৰু --- কাৱৈচোকোৰা ৷

- বৰালি মাছৰ সৰু --- বৰালিলেটা ৷

- ৰৌ মাছৰ সৰু --- ৰৌমণি ৷

- ভকুৱা মাছৰ সৰু --- ভকুৱাটেপা ৷

- শ’ল মাছৰ সৰু --- শ’লঠাৰি ৷

- মাগুৰ মাছৰ সৰু --- মাগুৰজালি ৷

- মাছৰ পোৱালি --- পোনা ৷

- গৰুৰ পোৱালি --- দামুৰি ৷

- দাঁত ওলোৱা হাতী --- দঁতাল ৷

- পোৱালি দিবৰ বয়স নোহোৱা মাইকী গৰু --- কাঢ়লী ৷

- অত ত’ত ঘূৰি ফুৰা মানুহ --- অঘৰী ৷

- খাবলৈ অনা সৰু কলপুলি --- পচলা ৷

- খাৰণি সনা সৰিহৰ গুৰি --- খাৰলি ৷

- গধুলি চকুৰে নেদেখা মানুহ --- কুকুৰিকণা ৷

- কাৰো লগত মিলিব নোৱাৰা লোক --- অজীনপাতকী ৷

- কথাৰ লাগ-বান্ধ নথকা লোক --- চেলেপু ৷

- যাক কল্পনা কৰিব নোৱাৰি --- কল্পনাতীত ৷

- যি কথাৰ অৰ্থ নাই --- নিৰৰ্থক ৷

- গোচৰ তৰা মানুহ --- গোচৰীয়া ৷

- যি গোন্ধ ভাল --- সুগন্ধ ৷

- গুৰি সৰিয়হেৰে কৰা খাদ্য --- কাঁহুদি ৷

- গৰমো নোহোৱা চেঁচাও নোহোৱা --- কুহুমীয়া ৷

- কবিতা লেখা মানুহ --- কবি ৷

- কাম কৰিবলৈ এলাহ কৰা মানুহ --- এলেহুৱা ৷

- গোটেই জীৱন জুৰি --- অজীৱন ৷

- চোবাই খোৱা বস্তু --- চৰ্ব্য ৷

- চিঠি বিলাই ফুৰা মানুহ --- পিয়ন ৷

- ছবি অঁকা মানুহ --- চিত্ৰকাৰ ৷

- জন্তুৰ নিচিনা --- জান্তৱ ৷

- যি ঠাইত মানুহ নাই --- জনশূন্য ৷

- ধৰ্মলৈ ভয় যাৰ --- ধৰ্মভীৰু ৷

- ধানৰ বাকলি – তুঁহ ৷

- নাটক লিখা মানুহ --- নাট্যকাৰ ৷

- নোহোৱা বস্তুৰ উদ্ভাৱন --- আৱিস্কাৰ ৷

- নিজে নিজে হোৱা --- স্বয়ম্ভূ ৷

- নাৱত উঠি ব্যৱসায় কৰা লোক --- মুদৈ ৷

- পূৰ্ব জন্মৰ কথা যাৰ মনত আছে --- জাতিস্মৰ ৷

- যি পুৰুষ ভয়াতুৰ --- কাপুৰুষ ৷

- পুৱাই নাম ল’বলগীয়া --- প্ৰাত:স্মৰণীয় ৷

- ফুল নুফুলাকৈ গুটি লগা গছ --- বনস্পতি ৷

- ব’ব কাটিব জনা তিৰোতা --- শিপিনী ৷

- বহুত মানুহ একেলগে যোৱা --- সমদল ৷

- বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য --- খৰিচা ৷

- কথা ক’ব নোৱাৰা = বোবা ৷

- কামনা বা উদ্দেশ্য নথকা = অকামী ৷

- যাক ভাগ কৰা হোৱা নাই = অখণ্ডিত ৷

- যি খোৱাৰ অযোগ্য = অখাদ্য ৷

- মানুহে নখন্দাকৈ স্বাভাবিকভাৱে হোৱা জলাশয় = অখাত ৷

- বিখ্যাত নোহোৱা = অখ্যাত ৷

- সন্মুখত ভেটা দি অহা-যোৱা কৰা কাৰ্য = অগা-ডেৱা ৷

- অন্য উপায় নথকাত = অগত্যা ৷

- যাব বা সোমাব নোৱাৰা = অগম্য ৷

- এটাৰ পিছত আন এটাকৈ = অগা-পিচা ৷

- আগচি ধৰা কাৰ্য = আগ-ভেটা ৷

- ইন্দ্ৰিয়ই ঢুকি নোপোৱা বা বোধ কৰিব নোৱাৰা = অগোচৰ ৷

- জুয়ে ঘৰবাৰী পুৰি কৰা দুৰ্ঘটনা = অগ্নিকাণ্ড ৷

- মৃতকৰ মুখত জুই দিওঁতা = অগ্নিদাতা ৷

- বৰ খঙাল মানুহ = অগ্নিশৰ্মা ৷

- প্ৰথমে সম্ভেদ দিওঁতা = অগ্ৰদূত ৷

- আগতিয়াকে দিয়া সুবিধা = অগ্ৰধিকাৰ ৷

- আগতিয়াকে দিয়া = অগ্ৰিম ৷

- সদায় নঘটা ঘটনা = অঘটন ৷

- স্থায়ী ঘৰ-বাৰী নথকা মানুহ = অঘৰী ৷

- অঙ্গ বা দেহৰ পৰা যাৰ জন্ম হয় = অঙ্গজ ৷

- লৰচৰ নকৰা = অচল ৷

- চলন শক্তি নথকা = অচলিত ৷

- যাৰ নাশ বা ক্ষয় নাই = অচ্যুত ৷

- বিন্ধা নথকা = অছিদ্ৰ ৷

- জ্ঞান বা বোধ নথকা = অচৈতন্য ৷

- যাৰ জন্ম নাই = অজ ৷

- যাক কোনেও জয় কৰিব নোৱাৰে = অজয় ৷

- যাৰ মৃত্যু নাই = অমৰ ৷

- একো নজনা = অজলা ৷

- জাতি নথকা বা হীন জাতিৰ মানুহ = অজাতি ৷

- অতি উচ্চ বা বিকট হাঁহি = অট্টহাস্য ৷

- চকুৰে নমনা বস্তু ডাঙৰকৈ দেখুওৱা যন্ত্ৰ = অণুবীক্ষণ ৷

- কণীৰ পৰা উপজা = অণ্ডজ ৷

- সীমাৰ বাহিৰলৈ যোৱা = অতিক্ৰম ৷

- কোনো বস্তুৰ বৰ বেছি মাত্ৰা = অতিচাৰ ৷

- নিয়মিত সীমা বা পৰিমানৰ বাহিৰ হোৱা = অতিপাত ৷

- সন্তুষ্ট নোহোৱা = অতুষ্ট ৷

- সন্তোষ নোপোৱা = অতৃপ্ত ৷

- বঢ়াই কোৱা কথা = অত্যুক্তি ৷

- যাক দমাব নোৱাৰি = অদমনীয়, অদম্য ৷

- যাক পুৰিব নোৱাৰি = অদাহ্য ৷

- যাক দেখা নাযায় = অদৃশ্য ৷

- যাৰ দ্বিতীয় নাই = অদ্বিতীয় ৷

- বস-বাস কৰি থকা লোক = অধিবাসী ৷

- আইনৰ সহায়ত দখল কৰা কাৰ্য = অধিগ্ৰহণ ৷

- তললৈ যোৱা কাৰ্য = অধোগতি ৷

- তলমূৰ কৰি থকা = অধোবদন ৷

- যাৰ অভিজ্ঞতা নাই = অনভিজ্ঞ ৷

- আখৰ চিনি নোপোৱা লোক = অনক্ষৰ ৷

- ঘৰৰ ভিতৰ ভাগ = অন্তপুৰ ৷

- ভিতৰে ভিতৰে বৈ থকা সোঁত = অন্ত:প্ৰৱাহ ৷

- সাগৰৰ মাজলৈ জোঙা হৈ আগবাঢ়ি যোৱা ভূ-ভাগ = অন্তৰীপ ৷

- পোচাকৰ তলত পিন্ধা কাপোৰ = অন্তৰ্বাস ৷

- মনৰ সকলো ভাব বুজি পাওঁতা = অন্তৰ্যামী ৷

- মৃতদেহ সৎকাৰ কৰা কাৰ্য = অন্তোষ্টিক্ৰিয়া ৷

- ফুল নধৰা উদ্ভিদ = অপুস্পক ৷

- সৰগৰ নাচনী = অপেস্বৰা, অপেস্বৰী ৷

- যাৰ কোনো প্ৰতিদ্বন্দ্বী নাই = অপ্ৰতিদ্বন্দ্বী ৷

- যাক বধ কৰিব নোৱাৰি = অবধ্য ৷

- নিজ ইচ্ছামতে চলা লোক = অভং ৷

- প্ৰেমিক-প্ৰেমিকাৰ গুপ্ত স্থানলৈ গমন = অভিসাৰ ৷

- পানীৰ নামি গা ধোৱা কাৰ্য = অৱগাহন ৷

- আগৰ অৱস্থাৰ সৈতে নিমিলা = অসমঞ্জস ৷

- আন ঠাইলৈ নিব পৰা = অস্থাৱৰ ৷

- যাক চুব নোৱাৰি = অস্পৃশ্য ৷

- ভালকৈ দেখা নোপোৱা = অস্পষ্ট ৷

- বৰ বেছি যত্ন বা শ্ৰম কৰা কাৰ্য = অহোপুৰুষাৰ্থ ৷

- উপকাৰ স্বীকাৰ নকৰা কাৰ্য = অশলাগ ৷

- বলিয়াৰ দৰে কথাৰ লাগ-বান্ধ নথকা = অহৌবলীয়া ৷

- সম্ভ্ৰান্ত আহোম মহিলাক কৰা সম্বোধন = আই চু ৷

- বেয়া বাট = আওবাট ৷

- মুখস্থ কৰিবলৈ বাৰে বাৰে আবৃতি কৰা = আওৰা ৷

- নাঙলৰ সীৰলু = আঁওচ ৷

- ব’ব কাটিব নজনা = আকাজী ৷

- কথা বা কামত নিজৰ মতৰপৰা কেতিয়াও লৰচৰ নকৰা = আঁকোৰ-গোজ ৷

- কাপোৰৰ আগ = আঁচল ৷

- কাপোৰত ফুল তুলিবলৈ ৰং দিয়া সূতা = আঁচু ৷

- নখ বা কাঁইট আদিৰ পৰা হোৱা আঘাত = আঁচোৰ ৷

- যি অস্ত্ৰৰ মুখেৰে জুই ওলায় = আগ্নেয়াস্ত্ৰ ৷

- কিবা এটা পাবলৈ কৰা যত্ন বা ইচ্ছা = আগ্ৰহ ৷

- আগেয়ে গম নোপোৱাকৈ = আচম্বিত ৷

- যাৰ বিৰুদ্ধে গোচৰ হয় = আচামী ৷

- ডাঙৰ মাত বা গৰ্জন = আটাহ ৷

- ভৰিৰ কলাফুলৰ ঠিক ওপৰৰ জোৰা = আঠু ৷

- মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ বিচনাৰ ওপৰত তৰি লোৱা কাপোৰৰ আৱৰণ = আঠুৱা ৷

- পেটত ৰখা খং = আক্ৰোশ ৷

- আলতীয়া বা আঠা থকা মাটি = আঠালতীয়া ৷

- বিপুল আয়োজন = আড়ম্বৰ ৷

- বৰ আদৰত ডাঙৰ হোৱা = আতোল-তোল ৷

- ভিতৰুৱা বিবাদ = আন্তকলহ ৷

- নিজকে লৈ কৰা অহংকাৰ = আত্ম গৌৰব, আত্মগৰ্ব ৷

- নিজক নিজে আঘাত কৰা = আত্মঘাত ৷

- নিজৰ সুখ-স্বাৰ্থ এৰি দিয়া = আত্ম-ত্যাগ ৷

- নিজক আনৰ হাতত গতাই দিয়া = আত্ম-সমৰ্পণ ৷

- তেজৰ সম্বন্ধ থকা = আত্মীয় ৷

- সন্তান জন্ম দিয়াৰ ক্ষমতা নথকা তিৰোতা = বাঁজী ৷

- আধা বয়স যোৱা = আদহীয়া ৷

- মানুহ মৰাৰ পিছত প্ৰথম শ্ৰাদ্ধ = আদ্যশ্ৰাদ্ধ ৷

- আধা নষ্ট হোৱা = আধলিকা ৷

- লোকক খেতি কৰিবলৈ দিয়া মাটিৰ শস্যৰ আধা ভাগ = আধি ৷

- উৎপন্ন শস্যৰ আধা ভাগ দিয়াৰ চুক্তিত মাটিত খেতি কৰা মানুহ = আধিয়াৰ ৷

- এটা সন্তান হোৱাৰ পৰা আন এটা সন্তান হোৱা লৈকে সময় = আনজ ৷

- মিচিংসকলে ঘৰত বনোৱা মদ = আপং ৷

- সন্তোষ লগোৱা কাৰ্য = আপ্যায়ন ৷

- আফুগছৰ আঠাৰ পৰা প্ৰস্তুত কৰা ৰাগিয়াল বস্তু = আফিং ৷

- জমা হোৱা ধন = আমানত ৷

- মাকৰ সখীয়েক = আমৈ ৷

- আছুতীয়াকৈ ৰখা কাৰ্য = আৰক্ষণ ৷

- জিভাৰ গুৰিত তালুৰ পৰা ওলমি থকা সৰু জিভা = আলজিভা ৷

- অলপ আঠা যুক্ত = আলতীয়া ৷

- মজিয়া, বেৰ আদিত অঁকা মাংগলিক চিত্ৰ = আলপনা ৷

 

 


অসমীয়া ব্যাকৰণঃ সমাৰ্থক শব্দ

 

সমাৰ্থক শব্দ: একেটা অৰ্থযুক্ত আন শব্দবোৰক সমাৰ্থক শব্দ বা প্ৰতিশব্দ বোলা হয়।


অন্ত : অৱশেষ, শেষ, ইতি, মৃত্যু

অৰ্জুন : পাৰ্থ, সব্যসাচী, ফাল্গুনী।

অতি : অত্যন্ত, অধিক, পৰম।

অগ্নি : জুই, অনল, বহ্নি।

অনুৰাগ : আসক্তি, প্ৰেম।

অন্ধকাৰ : তিমিৰ, আন্ধাৰ, নিশি।

অমৰাপুৰী : স্বৰ্গ, দেৱলোক।

অমৃত : সুধা, অমিয়, পীযুষ।

অৰ্থ : টকা,সম্পদ, বিত্ত।

অলংকাৰ : গহণা, আভৰণ।

অসুৰ : দৈত্য, দানৱ।

অসুখ : বেজাৰ।


আকাশ : অম্বৰ, গগণ, ব্যোম, শূণ্য।

আতংক : ভয়, ভীতি।

আত্মীয় : কুটুম, সম্বন্ধীয় মানুহ।

আদৰ্শ : আৰ্হি, চানেকি।

আদিম : প্ৰথম, প্ৰাচিন।

আনন্দ : উল্লাস, ৰং, আমোদ, ধেমালি।

আহত : আঘাত।

আপোন : নিজ, আত্ম।

আবেদন : দৰ্খাস্ত, নিৱেদন।

আৰাও : মাত, চিঞৰ।


আৰ্হি : চানেকি, আদৰ্শ।


আৱিৰ্ভূত : প্ৰকাশিত, অৱতীৰ্ণ।


আৱেগ : ব্যাকুলতা, ব্যগ্ৰতা।




ইচ্ছা : বাঞ্ছা, স্পৃহা, অনুৰোধ।


ইন্দ্ৰ : পুৰন্দৰ, বজ্ৰপাণি, স্বৰ্গাধিপতি।


ইতৰ : হীন, অধম।


ইতিহাস : বুৰঞ্জী।




ঈশ্বৰ : পৰমাত্মা,ভগৱান,নাথ।


ঈষত্ : অলপ, কিঞ্চিত।


ঈসান : মহাদেৱ, শিৱ।


ঈক্ষণ : দৃষ্টি, দৰ্শণ।



উকা : শুদা, উদং।


উগ্ৰ : তীব্ৰ, চোকা।


উচিত : সমীচীন, যথাৰ্থ।


উজু : সৰল, সহজ, ঢিলা।


উত্কট : তীব্ৰ, অতিশয়।


উত্কন্ঠা : ব্যাকুলতা, উদ্বিগ্নতা।


উত্ফুল্ল : আনন্দিত, বিকশিত।


উত্ৰাৱল : অস্থিৰ, চঞ্চল।


উত্তম : উৎকৃষ্ট, শ্ৰেষ্ঠ।


উদয় : উত্থান, উত্পত্তি।




ঊৰ্মি : ঢৌ , তৰংগ।


ঊষা : ধলপুৱা।




ঋণ : কৰ্জ, দেনা, ধাৰ।


ঋষি : শাস্ত্ৰবিদ, তপস্বী, মুনি।




একান্ত : একাগ্ৰ, একমুখী।




ঐক্য : একতা।


ঐচ্ছিক : ইচ্ছাধীন।


ঐশ্বৰ্য্য : সম্পত্তি, বিভৱ।




ওজা : শিক্ষক, পণ্ডিত।


ওপৰঞ্চি : অতিৰিক্ত, উপৰুৱা।


ওলগ : সেৱা, নমস্কাৰ।




ঔষধ : দৰৱ।




কথা : উক্তি।


কণ্ঠ : গল, ডিঙি, টেঁটু, গ্ৰীৱা।


কন্যা : জীয়াৰী, ছোৱালী।


কপাল : কপোল, ললাট।


কবিৰাজ : বৈদ্য।


কম : তাকৰ।


কৰ : ৰাজহ, খাজনা।


কৰুণ : কাতৰ, ব্যাকুল।


কলম : কাপ, লেখনি।


কলংক : দাগ।


ক’লা : কৃঞ্চবৰ্ণ।


কাণ : কৰ্ণ, শ্ৰৱণেন্দ্ৰিয়।


কাপোৰ : বস্ত্ৰ,অচ্ছাদন।


কামুক : কামী, কামাতুৰ, কামাৰ্ত


কাৰেং : ৰাজপ্ৰাসাদ।


কাষ : ওচৰ, সমীপ, দাঁতি।


কিতাপ : গ্ৰন্থ, পুথি।


কিৰণ : ৰশ্মি, পোহৰ।


কটুম্ব : আত্মীয়, স্বজন, জ্ঞাতি।


কুল : বংশ, গোত্ৰ, জাতি।


কুশল : কল্যান।


কুসুম : পুষ্প, ফুল।


কৃপণ : কৰাইচ, চিকটা।


কৃষক : খেতিয়ক, কৃষাণ।


কেৰাহি : বেকাঁ দৃষ্টি,


কেৰাহী : লোহৰা।


কেৰু : থুৰীয়া, কাণফুলি।


কোৰ্হাল : কোলাহল, হুলস্থূল।


কোঠা : কোঠালি, খোটালি, কক্ষ।


ক্লান্তি : অৱসাদ, ভাগৰ।


ক্ৰমশ : পৰ্যাক্ৰমে, ক্ৰমান্বয়ে।


ক্ৰমিক : ধাৰাবাহিক।




খঙাল : কোপী, ক্ৰোধী।


খৰ : খৰাং, অবৃষ্টি।


খৰচ : ভগন, ব্যয়।


খনিকৰ : ভাস্কৰ, কাৰিকৰ, মূৰ্তিশিল্পী।


খনিজ : খনিজাত, অকৰিক।


খাট : বিছনা, বিছনা, পালেংগি।


খৱৰ : বতৰা, বাতৰি, সংবাদ।


খং : ৰাগ, ক্ৰোধ।




গগনস্পৰ্শী : গগনচুম্বী, আকাশচুম্বী আকাশলংঘা।


গছ : বৃক্ষ, বিটপ।


গতানুগতিক : নতুনত্বহীন, অব্যতিক্ৰম।


গপচ : ধীৰ, গম্ভীৰ, গহীন।


গমন : যাত্ৰা, চলন।


গৰখীয়া : বৎসপাল, গোপালক।


গৰম : তপ্ত, উষ্ণ।


গৰাকী : মালিক, অধিকাৰী।


গল : কণ্ঠ, টেঁটু, ডিঙি।


গধূলি : সন্ধিয়া, সন্ধ্যা।


গংগা : ভাগিৰথী, জাহ্নবী, মন্দাকিনী।


গাখীৰ : ক্ষীৰ।


গা : শৰীৰ, দেহ।


গাফিলতি : অৱহেলা, আওকাণ, অনাদৰ।


গীত : গান।


গোচৰ : আপত্তি, অভিযোগ।


গৰ্ভৱতী : সগৰ্ভা, সসত্ত্বা, অন্তৰ্ৱতী।




ঘৰ : আবাস, আলয়, গৃহ, ভৱন, নিবাস।


ঘাট : উপকূল।


ঘাঁহ : তৃণ, বন।


ঘিউ : ঘৃত, অমৃত।


ঘোঁৰা : অশ্ব।


ঘোষণা : জাননী, ইস্তাহাৰ।


ঘোঁটনী : মন্থনী, মথনী।


ঘনিষ্ঠ : আপোন, আন্তৰিক, অন্তৰংগ।




চকু : অক্ষি, লোচন, নয়ন, নেত্ৰ।


চক্ৰান্ত : ষড়যন্ত্ৰ।


চছমা : বিতচকু।


চন্দ্ৰ : জোন।


চফা : নিৰ্মল, পৰিষ্কাৰ।


চমু : সংক্ষেপ, চুটি।


চৰা : বৰ্ধিত।


চৰণকমল : পাদপদ্ম, পদপংকজ।


চৰাই : পক্ষী, বিহগ।


চলন্ত : গমনশীল, গতিশীল।


চহৰ : নগৰী, টাউন।


চহী : স্বাক্ষৰ ।


চাকৰ : দাস, ভৃত্য।


চাকি : বন্তি, দীপক,


চাৰু : মিহি, নিমজ।


চিকুণ : মিহি।


চিন : প্ৰতীক, চিহ্ন।


চিনাকী : পৰিচিত।


চিনেমা : চলচিত্ৰ, বোলছবি।


চিন্তো : ভাবোঁ।


চিপাহী : যোদ্ধা, জোৱান, ৰণুৱা।


চিৰকালীন : চিৰন্তন, চিৰস্থায়ী ।


চিৰবৈৰী : চিৰশত্ৰু।


চিয়াঁহী : মহী, মসী, কালি।


চুলি : কেশ।


চেঁচা : ঠাণ্ডা, জুৰ, শীতল ।


চেলেপু : চেলবেলীয়া, চেলচেলীয়া।


চোকা : তীক্ষ্ণ।


চোতাল : প্ৰাংগন, অংগন।


চোৰ : তস্কৰ।


চৌকা : আখল।




ছাঁ : ছায়া।


ছমহীয়া : ষান্মাষিক।


ছটফটনি : ধৰফৰণি।


ছবি : চিত্ৰ।


ছাই : ভষ্ম।


ছাউনী : শিবিৰ।


ছাল : চৰ্ম, চামৰা।


ছাত্ৰ : বিদ্যাৰ্থী, শিষ্য।


ছিদ্ৰ: বিন্ধা, ফুটা।




জগৰ : দায়, দোষ।


জনশ্ৰুতি : কিংবদন্তি।


জন্ম : উৎপত্তি, জনম, অৱিৰ্ভাৱ।


জন্তু : পশু।


জড় : নীৰ্জিৱ, জীৱহীন, প্ৰাণহীন।


জাগতিক : লৌকিক।


জিৰণী : অৱসৰ, বিশ্ৰাম।


জিভা : ৰসনা।


জীৱিত : প্ৰাণযুক্ত, জীৱন্ত।


জুই : অগ্নি, বহ্নি।


জোন : জোনবাই, চন্দ্ৰ।


জ্ঞানী : পণ্ডিত।




ঝৰনা : জুৰি।


ঝঞ্জা : ধুমুহা।


ঝাৰু : বাঢ়নী।


ঝংকাৰ : ধ্বনি, শব্দ।


ঝঙ্কৃত : ধ্বনিত।


ঝুলন : দোলন।




টকা : বিত্ত।


টুকুৰা : ডোখৰ, অংশ।


টেঙৰ : ধূৰ্ত, চতুৰ।


টেবুল : মেজ।


টোপনি : নিদ্ৰা।




ঠাই : স্থান, জেগা।


ঠাৱৰ : নিশ্চয়, থিৰাং।


ঠগ : টেটোন, প্ৰতাৰক।


ঠঙনা : আঘাত।


ঠাল : ডাল।


ঠাট্টা : ইতিকিং।


ঠিকনা : নিশ্চয়তা।


ঠিলা : সোপা।


ঠেকা : ঢোকা।


ঠেৰুছিগা : নিঠৰুৱা।


ঠেহ : অভিমান।






ডলীয়া : নফলা।


ডাঙৰ : বৃহৎ।


ডাঠ : ঘন।


ডাৱৰ : মেঘ।


ডাং : টাঙুন।


ডিঙা : নাও।


ডিঙি : গল।


ডেও : জাঁপ।


ডেকা : যুৱক।


ডেউকা : ডৌকা, পাখি।


ডেওনা : প্ৰতিবন্ধক।


ডোল : জৰী, ৰছী।


ডোং : খাৱৈ।




ঢৰীয়া : ডাঙৰ।


ঢল : জাক, জুম।


ঢং : ৰীতি, প্ৰকাৰ।


ঢৌ : তৰঙ্গ, লহৰ, উৰ্মি।




তদাৰক : চোৱাচিতা।


তদন্ত : অন্বেষণ, অনুসন্ধান।


তপ্ত : গৰম, উত্তাপ।


তপস্বী : যোগী, ঋষি।


তৰংগ : ঢৌ, লহৰ।


তৰা : নক্ষত্ৰ।


তলুৱা : কৰতল।


তামোল : গুৱা।


তিতা : ভিজা।


তিনিমহীয়া : ত্ৰৈমাসিক।


তীক্ষ্ণ : চোকা, জোঙা।


তুমুল : তয়াময়া।


তৃষ্ণা : তৃষা , পিয়াহ।


তেজ : ৰক্ত, শোণিত।


ত্ৰিজগত : ত্ৰিলোক, ত্ৰিভূবন।


ত্যাগ : বৰ্জন, বিসৰ্জন।




থলুৱা : খিলঞ্জীয়া, স্থানীয়।


থলী : ঠাই, স্ঠান।


থাম : স্তম্ভ, খুঁটা।


থিৰ : স্থিৰ, শান্ত।




দুৰাকাংক্ষা : দুৰাশা।


দল : সংগঠন, জাক।


দক্ষ : পটু, পাৰ্গত, কামিলা।


দক্ষিণা : বৰঙণি, দান, অৰিহণা।


দৰিয়া : সাগৰ, নদী।


দাঁত : দন্ত, দশন।


দিন : দিবা, দিৱস।


দিহা : পৰামৰ্শ, উপদেশ।


দুখ : বেজাৰ।


দুখীয়া : দৰিদ্ৰ, দীন।


দূৰ : নিলগ, আতৰ।


দুৰ্বৃত্ত : দুৰ্জন।


দুৰ্দশা : দুৰৱস্থা, দুৰ্গতি।


দুৰ্ভিক্ষ : অকাল।


দূৰ্লভ : আপুৰুগীয়া, দষ্পাপ্য।


দেউতা : পিতা, বোপাই, পিতৃ ।


দেউলীয়া : সৰ্বহাৰা।


দেৱালী : দীপাৱলী, দীপান্বিতা।


দেৱতা : দেৱ, ত্ৰিদশ।


দেশপ্ৰেমী : দেশহিতৈষী, দেশসেৱক।


দেশদ্ৰোহী : দেশবৈৰী।


দৈহিক : শাৰীৰিক, দেহগত।


দোকান : বিপণী।


দ্ৰুত : ক্ষিপ্ৰ।




ধন: অৰ্থ, টকা, পইচা।


ধনিয়া : মেমেধু।


ধনী : চহকী, আঢ্যৱন্ত।


ধৰা : পৃথিৱী।


ধৰুৱা : ঋণী, ঋণগ্ৰস্ত।


ধৱল : বগা, শুক্ল।


ধ্বংস : বিনাশ, নাশ।


ধীৰ : লেহেম।


ধুনীয়া : সুন্দৰ, শুৱনী।


ধোঁৱাখুলীয়া : অমিতব্যয়ী।




নকল : প্ৰতিলিপী।


নতুন : নবীন, নৱ, অভিনৱ।


নাও : নৌকা, ডিঙা।


নাক : নাসিকা, ঘ্ৰাণেন্দ্ৰিয়।


নাবালক : শিশু, কিশোৰ।


নাৰী : মহিলা, স্ত্ৰী, তিৰোতা।


নিগাজী : স্থায়ী।


নিজৰা : জুৰি, ঝৰণা।


নিজান : নিস্তব্ধ, নিৰিবিলি ।


নিমখ : লোণ, লৱণ।


নিৰাপদ : সুৰক্ষিত।


নিৰাশা : হতাশা।


নিৰাশ্ৰয় : আশ্ৰয়হীন।


নিৰুদ্দেশ : সন্ধানহীন, নিখোজ।


নিৰ্ণয় : নিৰ্ধাৰণ।


নিৰ্দেশ : তলব, আদেশ।


নিশা : ৰাতি।


নিয়ৰ : হিম।


নিস্তাৰ : মুক্তি, ৰেহাই।।


নিঃশব্দ : নীৰৱ, নিস্তব্ধ।


নৈ : স্ৰোতৱতী, তৰঙ্গিনী।




পতি : নাথ, স্বামী।


পত্নী : ঘৈণী, তিৰোতা, সহধৰ্মিণী ,গৃহিনী।


পথ : বাট, ৰাস্তা।


পদ : ভৰি, চৰণ।


পদুম : কমল।


পণ্ডিত : জ্ঞানী, বিদ্বান।


পৰ্বত : গিৰি।


পলক : পচাৰ, নিমেষ ।


পহু : মৃগ।


পাত : পল্লৱ, পত্ৰ।


পানী : জল, সলিল।


পিতৃ : পিতা, দেউতা, বোপাই, জনক।


পিৰীতি : প্ৰেম।


পিয়াহ : পিপাসা।


পীড়া : ব্যাধি, যন্ত্ৰণা।


পুত্ৰ : সন্তান, আত্মজ।


পুথি : গ্ৰন্থ, কিতাপ।


পুৰণি : প্ৰাচীন, পুৰাতন, আগৰ।


পূৰ্বতে : আগতে।


পৃথিৱী : বসুন্ধৰা, ধৰিত্ৰী।


প্ৰচলন : প্ৰৱৰ্তন।


প্ৰতিষ্ঠা : স্থাপন।


প্ৰয়াস : চেষ্টা, যন্ত।


প্ৰাচীন : পুৰণি, পুৰাতন।


প্ৰাপ্তবয়স্ক : পূৰ্ণবয়স্ক।


প্ৰিয় : মৰমৰ।


প্লাৱিত : জলমগ্ন।




ফটিকা : মদ, সুৰা।


ফণী : সাপ।


ফৰকাল : মুকলি।


ফলপ্ৰসু : ফলদায়ক।


ফাঁই : খং, উত্তেজনা।


ফুল : কুসুম, পুষ্প।




বছৰেকীয়া : বাৰ্ষিক।


বন : হাবি, অৰণ্য।


বৰফ : নীহাৰ, তুষাৰ, হিম।


বজাৰ : হাট, বিপণী।


বতাহ : বায়ু, পৱন।


বন্ধু : বান্ধৱ, মিত্ৰ।


বধ : হত্যা, হনন।


বৰঙনি : অৰিহনা।


বৰফ : তুষাৰ।


বল : শক্তি, জোৰ।


বাঘ : বনৰজা, ব্যাঘ্ৰ।


বাট : পথ, ৰাস্তা।


বাঁহী : মুৰুলী, বংশী।


বিখ্যাত : জনাজাত।


বিটপী : বিৰিখ, গছ।


বিন্ধা : ফুটা, ৰন্ধ্ৰ, জনঙা।


বিবাদ : কলহ, দন্দ, আপদ।


বিধৱা : স্বামীহীনা, পতিহীনা ।


বিস্ময়কৰ : চমত্কাৰ, আশ্চৰ্যজনক।


বিস্তৃত : প্ৰসাৰিত , বিস্তাৰিত।


বীৰত্ব : পৰাক্ৰম, বিক্ৰম।


বৃত্তি : জীৱিকা।


বেছি : সৰহ, অধিক।


বেলিফুল : সুৰুযমুখী, সূৰ্যমুখী।


বেপাৰ : বেহা, ব্যৱসায়, বাণিজ্য।


বেপাৰী : বণিক, দোকাণী, সদাগৰ।


বৈকুন্ঠ : বিষ্ণুধাম, বিষ্ণুলোক।


বৈশিষ্ট্য : বিশেষত্ব, বিশিষ্টতা।


বুকু : হৃদয়, আমঠু।


ব্ৰাহ্মণ : দ্বিজ, বামুণ, বিপ্ৰ।


ব্যথা : দুখ, বেদনা।


বস্ত্ৰ : কাপোৰ, আৱৰণ, সাজ।




ভৰি : পদ, চৰণ।


ভদ্ৰ : সভ্য, নম্ৰ।


ভনী : ভন্টী।


ভয় : ত্ৰাস।


ভয়াতুৰ : ভয়াৰ্ত।


ভয়ানক : ভয়াৱহ, ভয়ংকৰ।


ভাগ্যৱান : ভাগ্যশালী।


ভাত : অন্ন, আহাৰ।


ভিক্ষাৰী : মগনিয়াৰ।


ভৃত : দাস, লগুৱা।


ভেঁজাল : অশুদ্ধ।


ভোক : ক্ষুধা।




মগজ : মস্তিষ্ক, মগজু।


মন্দিৰ : দেৱালয়।


মৰম : প্ৰীতি, চেনেহ, ভালপোৱা ।


মহাকাশ : মহাশূণ্য, অন্তৰীক্ষ।


মহিমা : প্ৰতাপ।


মণ্ডিত : অলংকৃত, বিভূষিত।


মনোৰম : মনোমুগ্ধকৰ, মনোমোহন ।


মধ্যাহ্ন : দুপৰ, দুপৰীয়া।


মাতৃঃ মা , আই , জননী , জন্মদাত্ৰী , বৌতি।


মাছ : মৎস্য, মীন।


মানুহ : মনুষ্য, লোক, মানৱ।


মাটি : ভূমি, মৃত্তিকা।


মিত্ৰ : বন্ধু, বান্ধৱ।


মিহি : মসৃণ, নিমজ।


মুখ : বদন, আনন।


মুগ্ধ : মোহিত।


মূৰ্তি : বিগ্ৰহ, প্ৰতিমা।


মৃগ : হৰিণ, কুৰংগ, শাৰংগ।


মৃত্যু : মৰণ, প্ৰলয়, অন্ত, অস্ত, তিৰোভাব, দেহত্যাগ,


মেঘ : ডাৱৰ, বাদল।


মৌ : মধু, মৌৰস, মৌজোল।




যত্ন : চেষ্টা।


যতন : সঁজুলি।


যন্ত্ৰণা : কষ্ট, যাতনা।


যম : ধৰ্মৰাজ।


যমজ : যঁজা।


যাত্ৰী : ভ্ৰমণকাৰী।


যান : বাহন, গাড়ী।


যাদু : ইন্দ্ৰজাল।


যুগান্ত : প্ৰলয়।


যুঁজ : ৰণ, যুদ্ধ।


যোগাযোগ : সম্পৰ্ক, সম্বন্ধ।


যোগী : তপস্বী।


যোগ্য : উপযুক্ত।


যোদ্ধা : যুঁজাৰো, ৰণুৱা।




ৰঙিয়াল : আনন্দময়।


ৰজক : ধোবা।


ৰজত : ৰূপ।


ৰজনী : ৰাতি, নিশা।


ৰক্ত : তেজ, শোণিত, শক্তি।


ৰজা : নৃপতি, ভূপতি।


ৰজ্জু : জৰী।


ৰন্ধ্ৰ : বিন্ধা, ছিদ্ৰ।


ৰসনা : জিভা।


ৰহণ : বৰণ।


ৰশ্মি : পোহৰ, কিৰণ।


': কিৰণ।


ৰবি : সূৰ্য্য।


ৰং : আনন্দ, আমোদ।


ৰাগি: মাদকতা, নিচা।


ৰাজকীয় : ৰজাঘৰীয়া।


ৰাণীঃ মাদৈ, পটেশ্বৰী


ৰাতি : নিশা, ৰজনী।


ৰিক্ত : শূন্য, উদং।


ৰিজনি : তুলনা।


ৰোগ : ব্যাধি, বেমাৰ।




লাঠী : লাখুটি, টোকোন।


'ৰা : পুত্ৰ , বালক।


ললাট : কপাল, ভাগ্য।


ললিত : মনোৰম, সুন্দৰ।


লৱণ : নিমখ, লোণ।


লৱণু : মাখন।


লহৰ : ঢৌ, তৰঙ্গ।


লক্ষ্য : উদ্দেশ্য।


লোপ : ধ্বংস, নাশ।


লোভ : লালসা।


লৈহিত্য : লুইত, ব্ৰক্ষ্মপুত্ৰ।




শক্তি : বল, সামৰ্থ্য


শত্ৰু : বৈৰী, শতৰু, অৰি।


শতাব্দ : শতিকা।


শপত : প্ৰতিজ্ঞা।


শব্দ : ধ্বনি।


শৱ : মৃতদেহ, মৰাশ।


শিল : পাষাণ, প্ৰস্তৰ, পাথৰ।


শিক্ষক : গুৰু, শিক্ষাদাতা।


শিৱ : মহাদেৱ, কৈলাসপতি, নীলকণ্ঠ।


শীত : চেঁচা, ঠাণ্ডা।


শেষ : অন্ত, অৱসান।


শুকুলা : শুক্ল, বগা।


শৃংখল : শিকলি।


শেষ : অন্ত, অৱসান।


শৈল : পৰ্বত, পাহাৰ।


শোকাকুল : শোকাতুৰ, শোকাৰ্ত।


শোণিত : ৰক্ত, তেজ।


শৌৰ্য : বীৰত্ব, শক্তি।




ষড়ানন: কাৰ্ত্তিক।


ষণ্ড : ষাড়, ঋষভ।


ষন্মাস : ছমাহ।


ষান্মাসিক : ছমহীয়া।




সখা : মিত্ৰ, সুহৃদ, বান্ধৱ।


সচেতন : সজাগ, চেতনাযুক্ত।


সচেষ্ট : যত্নপৰ।


সঞ্চাৰ : গমন, চলন।


সমীৰ : বতাহ, বায়ু, পৱন।


সৰস্বতী : বাগদেৱী, বাগীস্বৰী, দ্বিসন।


সাপ : সৰ্প, ফণী, অহি।


সঞ্চাৰ : তলা।


সংকট : বিপদ, সমস্যা।


সংগ্ৰাম : যুদ্ধ, সমৰ।


সাউদ : বেপাৰী, সদাগৰ।


সাগৰ : সমুদ্ৰ।


সামৰণি : অন্ত।


সুচল : সুবিধা। উজু, সহজ।


সূৰ্য : ৰবি, বেলি।


স্থান : ঠাই।


স্নিগ্ধ : শীতল, চেঁচা।


স্বৰ্গ : ত্ৰিদশালয়, দেৱলোক।


স্বৰ্ণ : সোণ, সুৱৰ্ণ।




হৰিষ : আনন্দ।


হাট : বজাৰ।


হাত : হস্ত, পাণি।


হাতী : হস্তী,গজ।


হাবি : অৰণ্য, অটবী।


হিয়া : হৃদয়।


হিংসা : অসূয়া, ঈৰ্ষা।


হৃদয়: বুকু, অন্তৰ।


হেমাহি : গাফিলতি, হেলা।


হোজা : সৰল,


হ্ৰদ : সৰোবৰ, সৰসী।


হ্ৰাস : ক্ষয়, অলপ।



ক্ষ


ক্ষণ : ক্ষন্তেক।


ক্ষতি : হানি, অনিষ্ট।


ক্ষমতা : সামৰ্থ্য, প্ৰতিপত্তি।

ক্ষতি : হানি, অনিষ্ট।

ক্ষিপ্ৰ : দ্ৰুত, তীব্ৰ।

ক্ষুধা : ভোক, বুভুক্ষা।

ক্ষুব্ধ : বিতুষ্ট, অসন্তুষ্ট।

ক্ষেত্ৰ : স্থান।

General Knowledge MCQ

General Knowledge MCQ 1. Which country will be the first foreign country to adopt Indian UPI system:- a) Bhutan b) Ban...