পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
১। তলৰ কোনবোৰ পদার্থ?
চকী, বায়ু, প্রেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুৱাস।
উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়।
২। তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দর্শোৱা।
কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
উত্তৰঃ আমি জানো যে সকলো পদার্থ ক্ষুদ্র ক্ষুদ্র কণিকাৰে গঠিত আৰু এই কণিকাবোৰ অনবৰতে গতি কৰি থাকে। পদার্থৰ কণিকাবোৰে তাপ পালে গতিশক্তি বাঢ়ি যায়। ফলত ই বহু দূৰলৈকে বিয়পি পৰে। যাৰ বাবে কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ বহু দূৰলৈ যায়।
আনহাতে, ঠাণ্ডা বস্তুৰ কণিকাবোৰে বেছি দূৰ অতিক্রম নকৰে বাবে ইয়াৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
৩। এজন ডুৱাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদার্থ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভব?
উত্তৰঃ পানীৰ আন্তঃআণৱিক বল কম বাবে কাৰ্যটো সম্ভৱ।
৪। পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?
উত্তৰঃ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবোৰ হল-
(a) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে।
(b) পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে।
(c) পদাৰ্থৰ কণিকাবোৰৰ মাজত আকর্ষণ আছে।
***
১। পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। ( ঘনত্ব =ভৰ/আয়তন ) তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা-
বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।
উত্তৰঃ বায়ু < চিমনৰি পৰা ওলোৱা ধোঁৱা < কপাহ <পানী < মৌ < চকমাটি < লো।
২। (a) পদার্থ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পার্থক্য দেখুৱাই এখন তালিকা কৰা।
উত্তৰঃ (a)
কঠিন পদার্থ |
তৰল পদার্থ |
গেছীয় পদার্থ। |
(i) নির্দিষ্ট আকাৰ আৰু আকৃতি থাকে (ii) নির্দিষ্ট আয়তন থাকে (iii) ইয়াৰ আকাৰ সহজে পৰিৱৰ্তন কৰিব নোৱাৰি। (iv) যি পাত্ৰত ৰখা সেই পাত্ৰৰ আকাৰ ধাৰণ নকৰে। (v) সংকোচনীয়তা অতি নগন্য। (vi) এইবোৰ বিয়পি নপৰে
(vii) আন্তঃ আণবিক দূৰত্ব ন্যূনতম।
(viii) আন্তঃ আণবিক আকর্ষণ অতি বেছি |
(i) নির্দিষ্ট আকাৰ আৰু আকৃতি নাথাকে। (ii) নির্দিষ্ট আয়তন থাকে (iii) ইয়াৰ আকাৰ সহজে পৰিৱৰ্তন কৰিব পাৰি। (iv) যি পাত্ৰত ৰখা সেই পাত্ৰৰ আকাৰ ধাৰণ কৰে। (v) সংকোচনীয়তা নগন্য। (vi) এটা স্থানৰপৰা আনটো স্থানলৈ বৈ যায়। (vii) আণৱিক দূৰত্ব গেছীয়তকৈ বেছি। (viii) আন্তঃ আণবিক আকর্ষণ গেছীয়তকৈ বেছি |
(i) নির্দিষ্ট আকাৰ আৰু আকৃতি নাথাকে। (ii) নির্দিষ্ট আয়তন নাথাকে (iii) ইয়াৰ আকাৰ সহজে পৰিৱৰ্তন কৰিব পাৰি। (iv) যি পাত্ৰত ৰখা সেই পাত্ৰৰ আকাৰ ধাৰণ কৰে। (v) অতি সংকোচনশীন । (vi) ই সোনকালে এটা স্থানৰ পৰা আনটো স্থানলৈ যায়। (vii আন্তঃ আণবিক দূৰত্ব বহুত বেছি ।
(viii) আন্তঃ আণবিক আকর্ষণ অতি কম |
(b) তলৰ বিভিন্নবিলাকৰ ওপৰত মন্তব্য দিয়া- দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্রবাহিত (fluidity), আকৃতি (Shape)
উত্তৰঃ
দৃঢ়তাঃ বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে দৃঢ়তা বোলে।
সংকোচনশীলতাঃ চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বোলে।
প্ৰবাহীতাঃ জুলীয়া পদাৰ্থবোৰ বৈ যাব পাৰে, ইয়াকে প্ৰবাহীতা বোলে।
আকাৰঃ স্পষ্ট পৰিসীমাত নিৰ্দিষ্ট আকৃতি আৰু আয়তনকে আকাৰ বোলে।
গতিশক্তিঃ গতিশীল অৱস্থাত কণিকাৰ সৈতে জড়িত শক্তিক গতিশক্তি বোলে। উষ্ণতা বৃদ্ধিৰ লগে লগে গতিশক্তিও বৃদ্ধি হয়।
ঘনত্বঃ প্ৰতি একক আয়তনত থকা ভৰক পদাৰ্থৰ ঘনত্ব বোলে।
৩। কাৰণ দর্শোৱা-
(a) ৰখা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে।
উত্তৰঃ গেছত থকা কণিকাবোৰৰ মাজত আকর্ষণ বল কম হোৱা বাবে গেছৰ কণিকাবোৰে সকলোপিনে ইচ্ছামতে গতি কৰিব পাৰে। ফলত যি পাত্ৰত গেছ ৰখা হয় সেই পাত্ৰটো গেছে সম্পূর্ণভাৱে ভৰি পৰে।
(b) ধাৰক পত্ৰৰ বেৰত গেছে চাপ দিয়ে।
উত্তৰঃ গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিক ভাবে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। গতি কৰাৰ সময়ত কণিকাবোৰৰ মাজত পৰস্পৰে পৰম্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে। ধাৰক পাত্ৰৰ প্রতি একক ক্ষেত্রত এই কণিকাবোৰে দিয়া চাপেই হ'ল গেচৰ চাপ।
(c) কাঠৰ টেবুল এখনক কঠিন পদার্থ বুলিব পাৰি।
উত্তৰঃ কাৰণ কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে। লগতে টেবুলখন দৃঢ় আৰু সংকোচন নঘটে।
(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰে কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্রয়োজন।
উত্তৰঃ বায়ুৰ কণিকাবোৰৰ মাজত দূৰত্ব বেছি হোৱা বাবে আকর্ষণ বল কম হয়। সেইবাবে আমি বায়ুত ইচ্ছামতে হাত ঘূৰাব পাৰি। কাঠৰ কণিকাবোৰৰ মাজত দূৰত্ব কম হোৱা বাবে সিহঁতৰ মাজত থকা আকর্ষণ বল বেছি। যাৰ ফলত কাঠ এডোখৰৰ মাজেৰে হাত ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্রয়োজন।
4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে-বৰফ পানীত ওপঙে কিয় বাৰু?
উত্তৰঃ কাৰণ পানীৰ কণিকাবোৰ গোট মাৰি বৰফ সৃষ্টি হয়, যদিও বৰফৰ কণিকাবোৰৰ মাজত বহুতো খালী ঠাই থাকি যায়। যাৰ ফলত বৰফৰ ঘনত্ব কম হয় আৰু পানীত ওপঙে।
***
1. তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্রকাশ কৰা।
(a) 300K
(b) 573K
উত্তৰঃ আমি জানো যে, 0°C = 273 K (কেলভিন)
(a) 300K: (300 – 273) = 27° C
(b) 573K: (573 – 273) = 300° C
2. তলৰ উষ্ণতা বিলাকত পানীৰ ভৌতিক অৱস্থা কি হ’ব?
(a) 250°C
(b) 100°C
উত্তৰঃ (a) 250°C উষ্ণতাত পানী গেছীয় অৱস্থাত থাকিব।
(b) 100° C উষ্ণতাত পানী তৰল আৰু গেছীয় অৱস্থাত থাকিব।
3. কোনো এটা পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?
উত্তৰঃ কোনো এটা পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়চোৱাত ব্যৱহৃত তাপ শক্তি পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ব্যৱহৃত হয়। উষ্ণতা বৃদ্ধি নোহোৱাকৈ এই তাপ শক্তি পদাৰ্থই শোষণ কৰে। ইয়াকে লীন তাপ বোলে।
4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
উত্তৰঃ চাপ বৃদ্ধি কৰি বা উষ্ণতা হ্রাস কৰি বায়ুমণ্ডলীয় গেছ তৰললৈ পৰিৱৰ্তন কৰিব পাৰি।
***
1. Desert Cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?
উত্তৰঃ শুষ্ক গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয়। যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় আৰু সেয়েহে Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে।
2. গ্রীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ?
উত্তৰ: মাটি কলহত পানী থলে তাত থকা সৰু সৰু ছিদ্ৰবোৰেৰে পানীৰ বাষ্পীভৱন হয় আৰু পানীৰ বাষ্পীভৱনত যি তাপৰ প্ৰয়োজন হয় সেইয়া পাত্ৰটোৰ পৰা আহৰণ কৰে। যাৰফলত গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে।
3. হাতৰ তলুৱাত এচিট’ন, পেট্র’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভব হয় কিয় ?
উত্তৰঃ এচিট'ন, পেট্ৰ'ল বা সুগন্ধি আতৰ হাতৰ তলুৱাত ঢালি দিলে এইবোৰৰ কণাসমূহে হাতৰ তলৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত হয়। ফলত তলুৱাত ঠাণ্ডা অনুভৱ হয়।
4. গমৰ চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় ?
উত্তৰঃ কাৰণ প্লেটত ল'লে গাখীৰ বা চাহৰ পৃষ্ঠকালি বাঢ়ে। ফলত বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে আৰু সোনকালে ঠাণ্ডা হয়।
5. গ্রীষ্ম কালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে ?
উত্তৰঃ গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে। কাৰণ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। বাষ্পীভৱনৰ লীন-তাপৰ পৰিমাণৰ সমান তাপ-শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লয় বাবে আমাৰ দেহটো শীতল পৰি যায়।
***
অনুশীলনীৰ প্রশ্নোত্তৰ
1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্রকাশ কৰা।
(a) 293K (b) 470K
উত্তৰঃ আমি জানো যে, 0°C = 273 K (কেলভিন)
(a) 293 K;
(293 – 273) = 20°
C
(b) 470 K;
(470 – 273) = 197°
C
2. তলৰ উষ্ণতাবিলাক কেলভিনত প্রকাশ কৰা।
(a) 25°C (b) 373°C
উত্তৰঃ আমি জানো যে, 273 K = 0°C
(a) 25° C;
(273 + 25) = 298 K
(b) 373° C
(273-373) = 646
K
3. কাৰণ দর্শোৱা-
(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।
(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।
উত্তৰঃ (a) উৰ্ধপাতনৰ ফলত নেফথেলিনৰ বলটো কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থাপ্ৰাপ্ত হয় আৰু এটা সময়ত নাইকিয়া হৈ পৰে।
(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় কাৰণ আতৰৰ কণিকাবোৰে ক্ষিপ্ৰভাৱ বায়ুৰ কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈকে বিয়পি পৰে আৰু আমাৰ নাকত লাগে। সেয়েহে দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।
4. কণিকাবোৰৰ মাজৰ আকর্ষণ বলৰ উৰ্ধক্ৰমত সজোৱা- পানী, চেনি আৰু অক্সিজেন।
উত্তৰঃ অক্সিজেন < পানী < চেনি।
5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ?
(a) 25°C
(b) 0°C
(c) 100°C
উত্তৰঃ (a) 25°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা- তৰল।
(b) 0°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা- বৰফ (কঠিন)।
(c) 100° C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা- গেছীয়।
6. যুক্তি দর্শাই ব্যাখ্যা কৰা।
(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।
(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।
উত্তৰঃ (a) কোঠাৰ উষ্ণতাত পানী তৰল হিচাপে থাকে কিয়নো ইয়াৰ গলনাংক (0°C) কোঠাৰ উষ্ণতাতকৈ কম আৰু ইয়াৰ উতলাংক (100°C) কোঠাৰ উষ্ণতাতকৈ অধিক।
(b) লোৰ আলমাৰিটো কঠিন। কাৰণ ইয়াৰ গলনাংক আৰু উতলাংক কোঠাৰ উষ্ণতাতকৈ অধিক।
7. 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ?
উত্তৰঃ 273 K উষ্ণতাত, বৰফ পানীলৈ ৰূপান্তৰ হ'বলৈ মাধ্যমৰ পৰা তাপ শক্তি বা
লীন তাপ শোষণ কৰে। ফলস্বৰূপে, একে উষ্ণতাত পানীতকৈ বৰফৰ অধিক
শীতল প্ৰভাৱ পৰে কিয়নো পানীয়ে মাধ্যমটোৰ পৰা অতিৰিক্ত তাপ শোষণ নকৰে।
8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?
উত্তৰঃ পানীৰ ভাপে বেছিকৈ পুৰিব। কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি। জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লীনতাপ ধৰি ৰখাৰ বাবে এনে হয়।
9. অৱস্থাৰ পৰিবৰ্তন দেখুৱাই তলৰ চিত্ৰত A, B, C, D, E আৰু F ৰ নাম দিয়া।
উত্তৰঃ
[A] = গলন
[B] = বাষ্পীভৱন
[C] = ঘণীভৱন
[D] = স্ফটিকীকৰণ
[E] = উৰ্ধপাতন
[F] = উৰ্ধপাতন