js

Wednesday, April 23, 2025

To automatically redirect URLs in IIS

✅ IIS Configuration Using web.config

Here’s the correct web.config file to put inside your ilrmsdemo root directory:

<?xml version="1.0" encoding="UTF-8"?>
<configuration>
<system.webServer>
<rewrite>
<rules>
<rule name="Rewrite to index.php" stopProcessing="true">
<match url="^(.*)$" />
<conditions>
<add input="{REQUEST_FILENAME}" matchType="IsFile" negate="true" />
<add input="{REQUEST_FILENAME}" matchType="IsDirectory" negate="true" />
</conditions>
<action type="Rewrite" url="index.php/{R:1}" />
</rule>
</rules>
</rewrite>
</system.webServer>
</configuration>

Monday, April 7, 2025

SEBA Class X General Science Chater 1 Question and Answers

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ


Multiple Choice Questions & Answers

1. পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-

(a) সংযোজন।

(b) বিযোজন।

(c) অপসৰণ।

(d) তাপবর্জী।

উত্তৰঃ  (b) বিযোজন।

2. তলৰ কোনটো বিক্ৰিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে –

(a) অপসাৰণ।

(b) বিযোজন।

(c) দ্বিঅপসৰণ। 

(d) সংযোজন।

উত্তৰঃ  (c) দ্বিঅপসৰণ। 

3. প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-

(a) তাপগ্রাহী।

(b) তাপবর্জী। 

(c) সংযোজন।

(d) অধঃক্ষেপণ।

উত্তৰঃ (b) তাপবর্জী। 

4. ZnO + C →  Zn + CO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে –

(a) ZnO, C 

(b) Zn, CO

(c) ZnO, CO

(d) C, ZnO

উত্তৰঃ (d) C, ZnO

5. MnO₂ + 4HCI → MnCl₂ + 2H₂O + Cl₂—এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে – 

(a) HCI, MnO₂

(b) HCI, MnCl₂

(c) MnO₂, HCI 

(d) MnO₂, Cl₂

উত্তৰঃ (a) HCI, MnO₂

6. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ’ল — 

(a) মেগনেছিয়াম কার্বনেট।

(b) মেগনেছিয়াম নাইট্রেট।

(c) মেগনেছিয়াম অক্সাইড।

(d) মেগনেছিয়াম হাইড্রক্সাইড।

উত্তৰঃ (c) মেগনেছিয়াম অক্সাইড।

7. পোৰা চুণে পানীৰ লগত কৰা ৰিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ–

(a) সংযোজন।

(b) বিযোজন।

(c) তাপবর্জী।

(d) (a) আৰু (c)

উত্তৰঃ (d) (a) আৰু (c)

8. ফেৰাছ ছালফেট তাপীয় বিযোজনত উৎপন্ন হয়। – 

(a) SO₂ 

(b) SO₃

(c) Fe₂ O₃

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ  (d) ওপৰৰ আটাইকেইটা।

9. চূণশীল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো ৰিক্ৰিয়াৰ উদাহৰণ– 

(a) সংযোজন।

(b) বিযোজন।

(c) অপসৰণ।

(d) তাপবর্জী।

উত্তৰঃ (b) বিযোজন।

10. লেড নাইট্রেট তাপীয় বিযোজনত তলৰ কোনটো উৎপন্ন হয় – 

(a) PbO 

(b) NO₂ 

(c) N₂ 

(d) O₂ 

উত্তৰঃ (c) N₂ 

11. ছিলভাৰ ব্ৰ‘মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ–

(a) বিযোজন।

(b) সংযোজন।

(c) তাপগ্রাহী। 

(d) (a) আৰু (c)

উত্তৰঃ (d) (a) আৰু (c)

12. কপাৰ ছালফেট দ্রৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ–

(a) অপসৰণ।

(b) অধঃক্ষেপণ।

(c) দ্বিঅপসৰণ।

(d) সংযোজন।

উত্তৰঃ (a) অপসৰণ।

13. BaCl₂ + H₂ SO₄ → BaSO₄ + 2HCl – এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ –

(a) অপসৰণ।

(b) দ্বিঅপসৰণ।

(c) অধঃক্ষেপণ। 

(d) (b) আৰু (c)

উত্তৰঃ (d) (b) আৰু (c)

14. 2Cu + O₂  → 2CuO – এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে—

(a) CuO, O₂ 

(b) Cu, O₂ 

(c) O₂, CuO

(d) Cu, CuO

উত্তৰঃ (b) Cu, O₂ 

15. কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে

(a) ক’লা। 

(b) মুগা।

(c) সেউজীয়া।

(d) ৰঙা। 

উত্তৰঃ (c) সেউজীয়া।

16. ছিলভাৰৰ ক্ষয়ীভৱনৰ ফলত ছিলভাৰৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?

(a) কলা।

(b) সেউজীয়া। 

(c) মুগা। 

(d) মটীয়া।

উত্তৰঃ (a) কলা।

17. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে — 

(a) মলি আঁতৰাবলৈ। 

(b) ঘৰ্ষণৰ দ্বাৰা ইয়াক উত্তপ্ত কৰিবলৈ।

(c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ।

(d) ইয়াৰ পৃষ্ঠৰ হাইড্রক্সাইডৰ তৰপটো আঁতৰাবলৈ।

উত্তৰঃ (c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ।

18. তলৰ কোনটো এটা তাপীয় বিযোজন বিক্রিয়া?

(a) 2AgCl → 2Ag + Cl₂ 

(b) 2H₂O → 2H₂ + O₂ 

(c) 2AgBr → 2Ag + Br₂ 

(d) CaCO₃ → CaO +CO₂ 

উত্তৰঃ (d) CaCO₃ → CaO +CO₂ 

19. এটা জঁকা সমীকৰণ সত্তলিত কৰাৰ ভিত্তি হ’ল–

(a) শক্তিৰ সংৰক্ষণৰ সূত্ৰ।

(b) স্থিৰানুপাত বিধি।

(c) ভৰৰ নিত্যতা বিধি।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ ভৰৰ নিত্যতা বিধি।

20.  x Pb (NO₃)₂ → yPbO + z NO₂ + O₂ – এই সন্তুলিত ৰাসায়নিক সমীকৰণটোত x, y আৰু z ৰ মানবোৰ ক্ৰমে

(a) 2, 3, 4 

(b) 2, 2, 4

(c) 2, 2, 2 

(d) 3, 2, 4

উত্তৰঃ (b) 2, 2, 4

21. কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে –

(i) মিশ্ৰণৰ উষ্ণতা বাঢ়ে।

(ii) মিশ্ৰণৰ উষ্ণতা একে থাকে।

(iii) কেলছিয়াম হাইড্রক্সাইড উৎপন্ন হয়।

(iv) এটা তাপগ্রাহী বিক্রিয়া সংঘটিত হয়। 

শুদ্ধ বিকল্পটো হ’ল –

(a) (i), (iii)

(b) (ii), (iii)

(c) (i), (iii), (iv) 

(d) কেৱল (iv)

উত্তৰঃ (a) (i), (iii)

22. ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ মিহলি কৰিলে – 

(i) ছ’ডিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম চালফেট উৎপন্ন হয়।  

(ii) এটা অপসৰৰ্ণ বিক্রিয়া সংঘটিত হয় ।  

(iii) এটা হি অপসরণ বিক্রিয়া সংঘটিত হয়। 

(iv) এটা অধঃক্ষেপণ বিক্রিয়া সংঘটিত হয়। 

শুদ্ধ বিকল্পটো হ’ল – 

(a) (i), (ii), (iii) 

(b) (i), (ii) 

(c) (i), (iii)  

(d) (i), (iii), (iv) 

উত্তৰঃ (d) (i), (iii), (iv) 

23. তলৰ কোনটো সংযোজন বিক্রিয়া নহয়? 

(a) CaO + H₂ O → Ca(OH)₂  

(b) C + O₂ → CO₂  

(c) CH₄ + 2O₂  → CO₂  + 2H₂O  

(d) 2H₂ + O₂ → 2H₂O

উত্তৰঃ (c) CH₄+ 2O₂  → CO₂  + 2H₂ O  

24. লেড নাইট্রেট উত্তপ্ত কৰিলে নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হ’ল—   

(a) NO₂ 

(b) PbO  

(c) O₂ 

(d) Pb 

উত্তৰঃ (a) NO₂ 

25. বগা ছিল ভাৰ ক্ল’ৰাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ’ব– 

(a) বগা। 

(b) ৰঙা। 

(c) মটীয়া। 

(d) হালধীয়া।  

উত্তৰঃ (c) মটীয়া । 

26. তলৰ কোনটো বিক্রিয়া ক’লা-বগা ফটোগ্রাফীত ব্যবহৃত হয় 

(a) Fe + CuSO₄ → FeSO₄ + Cu 

(b) 2AgBr → 2Ag₂ + Br₂ 

(c) 2H₂O → 2H₂ + O₂ 

(d) 2Pb (NO₃)₂ → 2PbO + 4NO₂ + O₂ 

উত্তৰঃ (b) 2AgBr → 2Ag₂ + Br₂ 

27. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ? 

(i) লেড বিজাৰিত হৈছে।  

(ii) কার্বন ডাই অক্সাইড জাৰিত হৈছে।  

(iii) কাৰ্বন জাৰিত হৈছে।  

(iv) লেড অক্সাইড বিজাৰিত হৈছে।  

শুদ্ধ বিকল্পটো হ’ল – 

(a) (i) আৰু (ii)  

(b) (i) আৰু (ii)  

(c) (i), (ii) আৰু (iii)  

(d) সকলো। 

উত্তৰঃ (a) (i) আৰু (ii)  

28. Fe₂ O₃ +2AI →  

ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ – 

(a) এটা সংযোজন বিক্ৰিয়াৰ।  

(b) এটা দ্বি-অপসৰণ বিক্ৰিয়াৰ। 

(c) এটা বিযোজন বিক্ৰিয়াৰ। 

(d) এটা অপসৰণ বিক্ৰিয়াৰ। 

উত্তৰঃ (d) এটা অপসৰণ বিক্ৰিয়াৰ। 

29. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় 

(a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়। 

(b) ক্ল’ৰিণ গেছ আৰু আইৰণ হাইড্রক্সাইড উৎপন্ন হয়। 

(c) বিক্রিয়া নঘটে। 

(d) আইৰণৰ লৱণ আৰু পানী উৎপন্ন হয়। 

উত্তৰঃ (a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়। 

30. তলৰ কোনটো এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য 

(a) অৱস্থাৰ পৰিৱৰ্তন। 

(b) ৰঙৰ পৰিৱৰ্তন। 

(c) গেছৰ উদ্ভৱ। 

(d) ওপৰৰ আটাইকেইটা। 

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

 

Very Short & Short Type Questions and Answers


1. ৰাসায়নিক বিক্রিয়া কি? 

উত্তৰঃ যেতিয়া পদার্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয়, তেতিয়া তাত এক ৰাসায়নিক বিক্রিয়া সংঘটিত হোৱা বুলি কোৱা হয়। ইয়াৰ ফলত পদাৰ্থবিধৰ ৰাসায়নিক ধৰ্ম আৰু সংযুতি সলনিৰে নতুন পদাৰ্থৰ সৃষ্টি হয়। 

2. ৰাসায়নিক সমীকৰণ কাক বোলে?   

উত্তৰঃ ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্রিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে। 

3. অসন্তুলিত বা জঁকা সমীকৰণ কি 

উত্তৰঃ যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰামাণুৰ সংখ্যা একে নাথাকে, তেতিয়া তেনে সমীকৰণক জঁকা বা অসন্তুলিত সমীকৰণ বোলে। 

4. সন্তুলিত সমীকৰণ কি? 

উত্তৰঃ যেতিয়া কোনো ৰাসায়ানিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে, তেতিয়া তেনে সমীকৰণকে সন্তুলিত সমীকৰণ বোলে। 

5. বায়ুত মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদার্থবিধ কি? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা।  

উত্তৰঃ মেগনেছিয়াম অক্সাইড (MgO)  

2Mg + O₂ → 2MgO 

6. সংযোজন বিক্রিয়া কাক বোলে 

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটাই মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন কৰে, তাক সংযোজন বিক্রিয়া বোলে। 

7. এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ C + O₂ → CO₂ 

8. কেলছিয়াম অক্সাইডে তীব্রভাবে পানীৰ লগত বিক্ৰিয়া কৰি শিথিলিত চূণ (কেলছিয়াম হাইড্রক্সাইড) উৎপন্ন কৰে। বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা।  

উত্তৰঃ CaO + H₂O → Ca(OH₂) + তাপ 

বিক্ৰিয়াৰ প্ৰকাৰ: সংযোজন। 

9. বিযোজন বিক্রিয়া কাক বোলে? 

উত্তৰঃ  যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্র বিক্রিয়ক পদাৰ্থ ভাঙি গৈ দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, তাক বিযোজন বিক্রিয়া বোলে। 

15. অপসৰণ বিক্রিয়া কাক বোলে 

উত্তৰঃ  যি ৰাসায়নিক বিক্ৰিয়াত এটা বেছি সক্রিয় মৌলই আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তাক অপসাৰণ বিক্রিয়া বোলে। 

16. এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

 উত্তৰঃ Fe + CuSO₄ → FeSO₄  + Cu  

17. দ্বিঅপসৰণ বিক্রিয়া কাক বোলে 

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটি বিক্রিয়াজাত পদার্থসমূহ উৎপন্ন হয়, তাক দ্বিঅপসৰণ বিক্রিয়া বোলে। 

18. এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।  

উত্তৰঃ Na₂SO₄+ → BaCl₂ → BaSO₄ + 2NaCl 

19. জাৰণ বিক্রিয়া কি 

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱায়, তাক জাৰণ বিক্রিয়া বোলে।


পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

 

Q. 1. বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিচাৰ কৰি ল’ব লাগে কিয়  

Ans. মেগনেছিয়াম ফিটা বায়ুত দহন কৰাৰ আগতে ভালদৰে পৰিষ্কাৰ কৰা উচিত, কাৰণ অপৰিষ্কাৰ মেগনেছিয়াম বাসায়নিক বিক্ৰিয়াৰ গতি কমাই দিয়ে। 

2Mg + O₂ → MgO 

Q. 2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সম্বলিত সমীকৰণ লিখা।  

(i) হাইড্ৰ’জেন + ক্ল’ৰিন → হাইড্ৰ’জেন ক্ল’ৰাইড 

(ii) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড  

(iii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্ৰ’ক্সাইড + হাইড্ৰ’জেন। 

Ans. (i) H₂ + CI₂ → 2HCI 

(ii) BaCl₂ + AL₂(SO₄)₃ → BasO₄ + AICI₃ 

(iii) 2Na + 2H₂O → 2NaOH + H₂ 

Q. 3. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।  

(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়। 

(ii) ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ’ক্ল’ৰিক এছিডৰ দ্ৰব (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।  

Ans. (i) BaCl₂ + Na₂ SO₄ → BaSO₄ + 2NaCl 

(ii) NaOH + HCI → NaCl + H₂O

 

পাঠভিত্তিক প্রশ্নোত্তৰ

 

Q. 1. এটা পদাৰ্থ ‘X’ ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White washing) ব্যৱহাৰ কৰা হয়। 

(i) পদার্থ ‘X’ ৰ নাম আৰু সংকেত লিখা। 

(ii) পানীৰে সৈতে পদার্থ ‘X’ এ কৰা বিক্রিয়াটো লিখা।  

Ans. (i) ‘X’ হল কলিচুণ (Quick lime)। ই ঘৰ ৰং কৰাৰ কাৰণে ব্যবহৃত হয়। সংকেত : CaO. 

(ii) CaO + H₂O → Ca(OH)₂ (পোৱা চুণ) 

Q. 2. কাৰ্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয় ? এই গেছটোৰ নাম লিখা।  

Ans. যেতিয়া হাইড্ৰ’জেন আৰু অক্সিজেন 2 : 1 অনুপাতত মিলিত হয় তেতিয়া পানী উৎপন্ন হয়। অর্থাৎ পানীৰ অণুত দুটা হাইড্ৰ’জেন পৰমাণুৰ লগত এটা অক্সিজেন পৰমাণু সংযুক্ত আছে, সেইবাবে পানীৰ সংকেত, H₂O। প্রথম গেছটো হাইড্ৰ’জেন আৰু দ্বিতীয় গেছটো অক্সিজেন।

 

পাঠভিত্তিক প্রশ্নোত্তৰ

 

Q.1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্রৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয় ? 

Ans. কপাৰ ছালফেট দ্ৰৱণৰ বৰণ নীলা। এই দ্ৰৱণত এটা লোৰ গজাল ডুবালে, নীলাবৰণৰ পৰিবৰ্তন ঘটে। লো, তামাতকৈ অধিক সক্রিয় হোৱাৰ বাবে, ই তামাক অপসাৰণ কৰি ফেৰাছ ছালফেট আৰু তামা উৎপন্ন কৰে।  

Fe(S) + CuSO₄ (aq) → FeSO₄ (aq) + Cu(S)  

Q.2. কার্যকলাপ 1.10-ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

Ans.

Pb(NO₃)₂ + 2HCI → PbCl₂ (S) + 2HNO₃ 

(লেড নাইট্রেট) (হাইড্ৰ’ক্লৰিক এছিড) (লেড ক্লৰাইড) (নাইট্রিক এছিড) 

Q. 3. তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা 

(i) 4Na(s) + O₂(g) → 2Na₂O(s) 

(ii) CuO(s) + H₂(g) → Cu(s) + H₂O(I)  

Ans. (i) ছডিয়াম ধাতু (Na) জাৰিত হৈছে আৰু অক্সিজেন বিজাৰিত হৈ Na₂O গঠিত হৈছে ৷ 

(ii) কপাৰ অক্সাইড (CuO) বিজাৰিত হৈ কপাৰ আৰু হাইড্ৰ’জেন জাৰিত হৈ H₂O গঠিত হৈছে।

 

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰ

 

Q. 1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ  

2PbO(s) + C(s) → 2Pb(s) + CO₂(g) 

(a) লেড বিজ্ঞাৰিত হৈছে। 

(b) কার্বন ডাই অক্সাইড জাৰিত হৈছে।  

(c) কার্বন জাৰিত হৈছে।  

(d) লেড অক্সাইড বিজাৰিত হৈছে। 

অশুদ্ধ উক্তি হ’ল― 

(i) (a) আৰু (b) 

(ii) (a) আৰু (c) 

(iii) (a), (b) আৰু (c) 

(iv) সকলো 

Ans. অশুদ্ধ উক্তিবোৰ হ’ল : (i) (a) আৰু (b).  

Q. 2. Fe₂O₃ + 2AI → AI,O, + 2Fe 

ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ 

(b) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ 

(a) এটা সংযোজন বিক্রিয়াৰ 

(c) এটা বিযোজন বিক্ৰিয়াৰ 

(d) এটা অপসাৰণ বিক্ৰিয়াৰ 

Ans. (d) এটা অপসাৰণ বিক্ৰিয়াৰ ৷ 

Q. 3. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্ল’ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়  

শুদ্ধ উত্তৰটোত টিক চিন দিয়া। 

(a) হাইড্ৰ’জেন গেছ আৰু আইন ক্ল’ৰাইড উৎপন্ন হয়।  

(b) ক্ল’ৰিন গেছ আৰু আইবন হাইড্ৰ’ক্সাইড উৎপন্ন হয়।  

(c) বিক্রিয়া নঘটে। 

(d) আইৰন, লৱণ আৰু পানী উৎপন্ন হয়। 

Ans. শুদ্ধ উত্তৰ (a) হাইড্ৰজেন গেছ আৰু আইবন ক্ল’ৰাইড উৎপন্ন হয়।  

Q. 4. সম্বলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে  

Ans. ৰাসায়নিক সমীকৰণ এটাক বিক্রিয়াটোত থকা পদার্থসমূহৰ চিহ্ন আৰু সংকেতেৰে মাথোন প্ৰকাশ কৰিলে ইয়াক জঁকা সমীকৰণ বোলে। জঁকা সমীকৰণ এটা সাধাৰণতে সমতুল হৈ নাথাকিবও পাৰে। সমীকৰণ এটাৰ ফাড়াচিন বা সমানচিন ডালৰ দুয়োফালে প্রত্যেকবিধ মৌল বা যৌগৰ পৰমাণুৰ সংখ্যা সমান হৈ থাকিলে ইয়াক সমতুল সমীকৰণ (Balanced equation) বুলি কোৱা হয়। ৰাসায়নিক বিক্ৰিয়াত কোনো পৰমাণুৰ সৃষ্টি বা ধ্বংস নহয়, সিহঁতৰ স্থানৰহে সাল-সলনি হয়। সেইবাবে সমীকৰণৰ বাঁওফালৰ বিভিন্ন পৰমাণু বিলাকৰ মুঠ সংখ্যা, সোঁফালৰ সেই পৰমাণু বিলাকৰ মুঠ সংখ্যাৰ সমান হ’ব লাগিব। 

2H₂ + O₂ → 2H₂O 

ওপৰৰ সমীকৰণটোত হাইড্ৰে জৈন পৰমাণুৰ সংখ্যা সমান চিনৰ দুয়োফলে একে। তেনেদৰে অক্সিজেনৰ পৰমাণুৰ সংখ্যাও একে। 

Q.5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তলন কৰা।  

(a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনৰে সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে।  

(b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। 

(c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।  

(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। 

Ans. (a) 3H₂(g) + H₂(g) → 2NH₃(g) 

(b) 2H₂S(g) + 30₂(g) → 2H₂O (l) + 2SO₂(g) 

(c) 3BaCl₂ (aq) + Al(SO₄)₃ (aq) → 2AICI₃ (aq) + 3BaSO₄(S) 

(d) 2K (s) + 2H₂O(l) → 2KOH + H₂(g) 

Q. 6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তলন কৰা। 

(a) HNO₂ + Ca (OH)₂ → Ca (NO)₃ + H₂O 

(b) NaOH + H₂ SO₄ → Na₂SO₄ + H₂O 

(c) NaCl + AgNO₃ → AgCl + NaNO₃  

(d) BaCl₂ + H₂ SO₄ → BaSO₄ + HCI 

Ans. (a) 2HNO₃ (aq) + Ca(OH)₂ (aq) → Ca(NO₃)₂ (aq) + 2H₂ O(l)  

(b) 2NaOH (aq) + H₂ SO₄ (aq) → Na₂ SO₄ (aq) + 2H₂O (aq) 

(c) NaCl (aq) + AgNO₃ (aq) → AgCl (S) + NaNO₃ (aq) 

(d) BaCl₂ (aq) + H₂ SO₄ (aq) → BaSO₄ (S) + 2HCl (aq) 

Q.7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তলিত ৰাসায়নিক সমীকৰণবোৰ লিখা। 

(a) কেলছিয়াম হাইড্ৰ’ক্সাইড + কার্বন ডাই অক্সাইড → কেলছিয়াম কার্বনেট + পানী। 

(b) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ। 

(c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ। 

(d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড। 

Ans. (a) Ca(OH)₂ (aq) + CO₂ (g) → CaCO₃ (s) + H₂O (l)  

(b) Zn (s) + 2AgNO₃ (aq) → Zn (NO₃)₂ (aq) + 2Ag (S) 

(c) 2A1 (s) + 3CuCI₂ (aq) → 2AICI₃ (aq) + 3Cu (S) 

(d) BaCl₂ (aq) + K₂SO₄ (aq) → BaSO₄ (S) + 2KCI (aq) 

Q. 8. তলত দিয়াবোৰৰ বাবে সপ্তলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্রিয়া চিনাক্ত কৰা।  

(a) পটেছিয়াম ব্র’মাহড (aq) + বেৰিয়াম আয়’ডাইড (aq) → পটেছিয়াম আয় ‘ডাইড (aq) + বেৰিয়াম ব্ৰ ‘মাইড (s) 

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)  

(c) হাইড্র’ জৈন (g) + ক্ল’ৰিন (g) → হাইড্ৰ’জেন ক্ল’ৰাইড (g) 

(d) মেগনেছিয়াম (s) + হাইড্ৰ’ক্লৰিক এছিড (aq) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্ৰ’জেন (g) 

Ans. (a) 2KBr (aq) + Bal₂ (aq) 2KI (aq) + BaBr₂ (S) 

(b) ZnCO₃(s) → ZnO(S) + CO₂(g) 

(c) H₂(g) + Cl₂(g) → 2HCl(g) 

(d) Mg(s) + 2HCl (aq) → MgCI₂ (aq) + H₂ (g) 

Q. 9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। 

Ans. তাপ উৎপন্ন হোৱা বাসায়নিক বিক্রিয়া বোৰক তাপবৰ্জী বা তাপোৎপাদক বিক্রিয়া বলে। যেনে,

C + O₂ –∆→ CO₂ + 393.5 জুল (তাপ) 

আনহাতে তাপ শোষণ হোৱা ৰাসায়নিক বিক্রিয়াবোৰক তাপগ্রাহী বা তাপশোষক বিক্রিয়া বুলি কোৱা হয়। যেনে,

H₂ + I₂ → 2HI – 52.2 কি. জুল (তাপ)।  

Q. 10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা।  

Ans. (i) শাসকাৰ্য্যত গ্লুক’জ জাৰিত হৈ CO₂, H₂O আৰু তাপ উদ্ভৱ হয়।  

(ii) যিহেতু শ্বাসকাৰ্য্য চলাৰ সময়তে তাপশক্তি উদ্ভৱ হয়, সেইবাবে শ্বাসকাৰ্যক তাপবর্জী বা তাপোৎপাদক বিক্রিয়া বোলে। 

Q.11. বিযোজন বিক্রিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা।  

Ans. এটা বিয়োজন বিক্ৰিয়াত, এটা যৌগ তাপৰ প্ৰভাৱত দুই বা ততোধিক অংশলৈ বিখণ্ডিত হয়। 

CaCO₃ –∆→ CaO + CO₂ (বিযোজন) 

আকৌ, এটা সংযোজনত, দুই বা ততোধিক মৌল অথবা যৌগৰ মিলন হৈ এটা নতুন যৌগ গঠন কৰে। 

CO₂ + CaO → CaCO₃ আকৌ 2SO₂ + O₂(g) 2SO₃(g) (সংযোজন)। বিয়োজন আৰু সংযোজন বিক্রিয়া দুটা পৰস্পৰ বিপৰীত বিক্রিয়া।  

Q. 12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা। 

Ans. এটা বিযোজন বিক্রিয়াত এটা যৌগ তাপ, সূৰ্যৰশ্মি বা পোহৰ আৰু বিদ্যুতৰ প্ৰভাৱত দুই বা ততোধিক অংশলৈ বিখণ্ডিত হয়। যেনে, 

(i) CaCO₂(s) ––তাম→ CaO(s) + CO₂(g) 

(ii) 2AgBr  –––সূর্যৰশ্মি→ 2Ag + Br₂(g) 

(iii) 2H₂O(l) –––বিদ্যুৎশক্তি→ 2H₂(g) + O₂(g) 

Q. 13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা। 

Ans. এটা অপসৰণ বিক্রিয়াত বেছী সক্রিয় ধাতুক দ্ৰৱণৰ পৰা অপসৰণ কৰিব পাৰে। 

যেনে,

Zn(s) + CuCl₂ (aq) → ZnCl₂ (aq) + Cu (s)

কিন্তু, দ্বি-অপসৰণ বিক্ৰিয়াত, দুই বা ততোধিক যৌগ সিঁহতৰ আয়নবোৰ বিনিময় কৰি নতুনযৌগ গঠন কৰে। যেনে,

NaOH + HCL → NaCl + H₂O  

Q. 14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ। কৰোঁতে ক’পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা। 

Ans. বিক্ৰিয়াটো হ’ল : Cu(s) + 2AgNO₃ → Cu(NO₃) (aq) + 2Ag(S). 

Q. 15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা।  

Ans. যি বিক্রিয়াত বিকাৰক বোৰ বিক্ৰিয়া কৰি এটা অদ্রবণীয় যৌগ গঠন কৰে আৰু যৌগবোৰ অধঃক্ষিপ্ত হয়, তাক অধঃক্ষেপেণ বিক্রিয়া বোলে। যেনে, 

AgNO₃ (aq) + NaCl(aq) → AgCI (বগা অধঃক্ষেপ) (s) + NaNO₃ (aq). 

Q.16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা। 

(a) জাৰণ (b) বিজাৰণ। 

Ans. জাৰণ (Oxidation) : কোনো পদাৰ্থৰ লগত অক্সিজেনযৌগ হোৱা ঘটনাটোকে জাৰণ বোলে। যেনে, বায়ুত কার্বন জ্ৱলিলে কার্বন-ডাই-অক্সাইড (CO₂) উৎপন্ন হয়। 

C+O₂ → CO₂ 

বিজাৰণ (Reduction) যি ৰাসায়নিক বিক্রিয়াত কোনো পদাৰ্থৰ পৰা অক্সিজেন অপসাৰণ হয়, তেনেবোৰ বিক্ৰিয়াক বিজাৰণ বিক্রিয়া বুলি কোৱা হয়। 

যেনে, ZnO + C → Zn + CO  

2AgNO₂ (aq) + Cu → Cu (NO₂) + 2Ag 

Q. 17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।  

Ans. ‘X’ হ’ল তাম্ৰধাতু বা কপাৰ। ই বায়ুত জাৰিত হৈ কপাৰ অক্সাইড বা CuO গঠন কৰে, যাৰ বৰণ কলা হয়।  

2Cu(s) + O₂ (g) ––তাপ→ CuO(s) 

Q. 18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ? 

Ans. লো নির্মিত বস্তুৰ ওপৰত ৰঙৰ প্রলেপ দি মামৰে ধৰাৰ পৰা ৰক্ষা কৰিব পাৰি। যেতিয়া লোৰ বস্তুবোৰৰ পৃষ্ঠদেশত ৰং দিয়া হয়, তেতিয়া, পৃষ্ঠদেশটো অক্সিজেন আৰু আদ্র বায়ুৰ সংস্পৰ্শত আহিব নোৱাৰে। ফলস্বৰূপে মামৰে ধৰাৰ পৰা ৰক্ষা পৰে।  

Q.19. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয়  

Ans. তেল আৰু চর্বি যুক্ত খাদ্য সামগ্রী নাইট্ৰ’জেন গেছৰ মাধ্যমে পেকেটত ভাৰোৱা হয়, কাৰণ বায়ুৰ পৰিৱেশত তেল আৰু চর্বিযুক্ত খাদ্য জাৰিত হৈ পচি যায় আৰু দুৰ্গন্ধ নির্গত হয়। নাইট্ৰ’জেন গেছৰ পৰিবেশত পেকেটত ভৰোৱা খাদ্যবস্তু অক্সিজেনৰ সংস্পৰ্শত আহিব নোৱাৰে আৰু ই জাৰিত হব নোৱাৰে গতিকে খাদ্যবস্তু ভাল থাকে। খাদ্য সামগ্রী শীতল যন্ত্ৰত (Refrigerator)-ত ৰখাৰ ফলত ভাল আৰু চেচা থাকে। চেচা বস্তু জাৰণৰ হাৰ হ্ৰাস কৰে আৰু খাদ্যবস্তু বেছি সময়লৈ ভাল থাকে। 

Q.20. এটা উদাহৰণেৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।  

(a) ক্ষীয়ীভৱন (b) চৰ্বিৰ দুৰ্গন্ধতা। 

Ans. (a) ক্ষীয়ীভৱন : কিছুমান ধাতু অতি সক্রিয়। এই ধাতুবোৰ বায়ু, পানী বা জলীয় ভাপৰ সংস্পৰ্শত আহিলে, বায়ুৰ অক্সিজেন, CO₂ বা জলীয় ভাপৰ লগত ৰাসায়নিক বিক্রিয়া ঘটি ধাতুৰ যৌগত ৰূপান্তৰিত হয়। ইয়াক ধাতুৰ ক্ষীয়ীভৱন বোলে। খোলা ঠাইত এটা টুকুৰা লো ৰাখি দিলে সেই লোৰ টুকুৰাত নামৰে ধৰে। এই নামবে ধৰা এক ধৰনৰ ক্ষীয়ীভৱন ক্ষয়ীভৱনৰ দ্বাৰা এটা ধাতু প্ৰকৃতিত পুনৰায় আকব | হিচাপত ফিৰি যাব বিচাৰে। সেই কাৰণে ক্ষয়ীভৱনৰ দ্বাৰা লো, লোৰ অক্সাইডত পৰিণত হয়। 

(b) চৰ্বিৰ দুৰ্গন্ধিতা : এই প্রক্রিয়াত খাদ্য সামগ্ৰী বা চৰ্বি জাৰিত হৈ পচি যায় আৰু দুর্গন্ধ নির্গত হয়। যেনে, এটুকুৰা বাটাৰ বহুদিন ধৰি সাধাৰণ উষ্ণতাত ঘৰত কখিলে, গলি যায় আৰু দুর্গন্ধ নির্গত হয়। অর্থাৎ যি প্ৰক্ৰিয়াত খাদ্যবস্তু গলি-পঢ়ি যায়, তাক পচিযোৱা বা চৰ্বিৰ দুর্গন্ধিতা বোলে।  

নাইট্ৰ’জেনৰ পৰিবেশত ইয়াক পেকেটত ভৰোৱা হলে চৰ্বিৰ দুৰ্গন্ধিতাৰ পৰা আমি ৰক্ষা পাম।

 

অতিৰিক্ত প্রশ্নোত্তৰ

 

A. উত্তৰ দিয়া : 

Q.1. প্রশমন বিক্রিয়া কি ? 

Ans. এছিড আৰু ক্ষাৰকৰ মাজত বিক্রিয়া ঘটিলে পৰস্পৰে পৰস্পৰক প্রশমিত কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেইবাবে এনে বিক্রিয়াক প্রশমণ (Neutralization) বিক্রিয়া বোলে।  

Q. 2. চুপপাণী কিয় ক্ষাৰকীয় ? 

Ans. পোৰা চুণ [Ca(OH)₂] যেতিয়া পানীত প্রবীভূত কৰা হয়, তেতিয়া চুণে জলীয় দ্রবত হাইড্ৰ’মাইড আয়ন OH আয়নমুক্ত কনে। সেইবাবে চুণপাণী ক্ষাৰকীয়।  

Q. 3. চুপ পানীৰ মাজেদি যথেষ্ট সময় CO₂ গেছ যাবলৈ দিলে চুণপানী খিনি প্রথমে গাখীৰৰ দৰে বগা আৰু পিছত ফটফটীয়া পৰিষ্কাৰ হৈ পৰে। এই অৱস্থাত দ্ৰৱটোত কি থাকে  

Ans. Ca(HCO₃)₂  

Q. 4. Zn + H₂ SO₄ → ZnSO₄ + H₂ এই বিক্রিয়াটো এটা― 

(a) অম্ল ক্ষাৰক বিক্রিয়া৷ 

(b) দ্বি-বিয়োজন বিক্রিয়া৷

 

(c) জাৰণ-বিজাৰণ বিক্রিয়া৷ 

(d) এইবোৰৰ এটাও নহয়। 

Ans. (c) জাৰণ-বিজাৰণ বিক্রিয়া।  

Q. 5. জাৰণ আৰু বিজাৰণ সদায়েই যুগপৎভাৱে সংঘটিত হয়। উপযুক্ত বিক্রিয়া এটাৰ সহায়ত বুজাই লিখা। 

Ans. জাৰণ আৰু বিজারণ বিক্রিয়া দুটা সদায়েই যুগপৎভাবে সংঘটিত হয়। উদাহৰণস্বৰূপে, হাইড্ৰ’জেন গেছ জ্বলিলে পানী উৎপন্ন হয়। বিক্রিয়াটো হৈছে— 

বিক্ৰিয়াটোত হাইড্ৰ’জেনত অক্সিজেন গেছ যোগ হৈছে। গতিকে হাইড্ৰ’জেন পানীলৈ জাৰিত হৈছে। এই বিক্ৰিয়াটো এনেধৰণেও ক’ব পাৰি যে বিক্ৰিয়াটোত অক্সিজেন পানীলৈ বিজাৰিত হৈছে। বিক্ৰিয়াটোত হাইড্ৰ’জেন বিজাৰক আৰু অক্সিজেন জাৰত পদার্থ। বিজ্ঞাৰক পদার্থ সদায়েই জাৰিত হয় আৰু জাৰক পদাৰ্থ সদায়েই বিজাৰিত হয়।  

Q. 6. ৰাসায়নিক বিক্ৰিয়াৰ ফলত কি কি পৰিবৰ্তন হয় ? 

Ans. বাসায়নিক বিক্ৰিয়াৰ পৰিণাম স্বৰূপে ঘটে― 

(i) অৱস্থাৰ পৰিবর্তন হয়। 

(ii) উৎপন্ন হোৱা যৌগৰ বৰণৰ পৰিবর্তন হয়। 

(iii) গেছ উদ্ভৱ হয়।  

(iv) উষ্ণতাৰ পৰিবৰ্তন ঘটে। 

Q. 7. আলোক ৰাসায়নিক বিক্ৰিয়াৰ এটা উদাহৰণ উল্লেখ কৰা।  

Ans. প্রদত্ত বিক্রিয়াটো স্থানান্তৰ বিক্ৰিয়া।  

Q. 8. তলৰ বিক্ৰিয়াটো চিনাক্ত কৰা। 

2H₂ (g) + O₂ (g) → 2H₂0 (l) 

Ans. সংযোজন বিক্রিয়া। 

Q. 9. মেংগানিজ ডাই-অক্সাইডৰ পৰা মেংগানিজ পোৱাৰ বাবে ব্যৱহৃত বিজাৰক পদার্থৰ নাম উল্লেখ কৰা। 

Ans. কোক (Coke) বা কাৰ্বন বিজাৰক পদার্থ হিচাপে ব্যৱহাৰ কৰা হয়। 

Q. 10. জাৰণ বিক্রিয়া কি ? জাৰণ বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। জাৰণ বিক্রিয়া তাপবৰ্জী বিক্রিয়া নে তাপশোষক বিক্রিয়া ? 

Ans. কোনো পদাৰ্থত অক্সিজেন যোগ হোৱাটোকে জাৰণ বিক্রিয়া বুলি কোৱা হয় বা যিবোৰ ৰাসায়নিক বিক্রিয়াত অক্সিজেন যোগ হয়, হাইড্ৰ’জেন অপসাৰণ, বিদ্যুৎ ঋণাত্মক মৌল বা যৌগমূলক যোগ, বিদ্যুৎ ধনাত্মক মৌল বা যৌগমূলক অপসাৰণ বা ইলেকট্রন অপসাৰণ হয়, সেই বিক্ৰিয়াবোৰক জাৰণ বিক্রিয়া বুলি কোৱা হয়। যেনে,

2 Cu + O₂ –তাপ→ 2 CuO

এই জাৰণ বিক্রিয়া এটা তাপশোষক বিক্রিয়া। 

Q. 11. সংযোজন বিক্রিয়া কি ? ইয়াৰ এটা উদাহৰণ দিয়া। 

Ans: কলা আৰু বগা ফট’গ্ৰাফীত, পোহৰৰ ফলত AgBr বিয়োজন ঘটি Ag আৰু Br পোৱা যায়।  

Q. 12. বিয়োজন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। এটা কাৰ্য্যৰ দ্বাৰা ব্যাখ্যা কৰা। 

Ans. বিয়োজন বিক্ৰিয়াৰ এটা উদাৰণ—

CaCO₃ –তাপ-(∆)→  CaO + CO₂ 

কাৰ্য্য : এটা পৰীক্ষানলীত CaCO₃ লৈ তাপ দিয়া হ’ল। দেখা যায় যে ইয়াৰ ফলত গেছ উদ্ভব হয় আৰু এই গেছ চুণৰ পৰিষ্কাৰ পানীৰ মাজেৰে যাবলৈ দিলে পানীখিনি ঘোলা হৈ উঠিব। 

Q. 13. তলত দিয়া ৰাসায়নিক সমীকৰণটো সমতুল কৰা। 

Fe (S) + H₂ O (g) → Fe₃ O₄ (S) + H₂ (g) 

Ans. 3Fe (S) + 4H₂ O₄ (g) → Fe₃ O₄ (S) + 4H₂ (g)  

Q. 14. তলত দিয়া বিক্ৰিয়াটো চিনাক্ত কৰা। 

Na₂ SO₄ (aq) + BaCl₂ (aq) → BaSO₄ (S) +2 NaCl (aq)  

Ans. এই বিক্রিয়াটো দ্বি বিয়োজন বিক্রিয়া। 

Q. 15. তলৰ বিক্ৰিয়াটো কি ধৰণৰ বিক্রিয়া ? 

Fe (S) + CuSO₄ (aq) → FeSO₄ (aq) + Cu (s)  

Ans. যিবোৰ বিক্ৰিয়াত যৌগ এটা ইয়াত থকা উপাদানবোৰৰ পৰা প্ৰত্যক্ষভাৱে যোজিত হৈ উৎপন্ন হয় সেইবোৰ বিক্ৰিয়াক সংযোজন বিক্রিয়া বোলে। যেনে– CaO + H₂O → Ca(OH)₂ + তাপশক্তি। 

Q. 16. (i) এটা পৰীক্ষা নলীত থকা লেড নাইট্রেট দ্ৰৱণৰ লগত পটাছিয়াম আয়‘ডাইড যোগ কৰা হ’ল। তোমালোকে কি লক্ষ্য কৰিবা  

(ii) এই বিক্রিয়াটো কি ধৰণৰ বিক্রিয়া ? 

(iii) ৰাসায়নিক বিক্ৰিয়াটোৰ এটা সমতুল ৰাসায়নিক সমীকৰণ লিখা ৷ 

Ans. (i) লেড্ আয়ডাইড উৎপন্ন হোৱাৰ কাৰণে হালধীয়া বৰণৰ অধঃক্ষেপৰ সৃষ্টি হয়। 

(ii) এই বিক্ৰিয়াটো এটা দ্বি বিয়োজন বিক্রিয়া। 

(iii) সমতুল ৰাসায়নিক সমীকৰণটো হ’ল : 

2KI + Pb (NO3)2 → 2KNO₃ + PBI₂ 

Q. 17. যেতিয়া ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত ৰাখি দিয়া হয়, তেতিয়া ইয়াৰ বৰণৰ কি পৰিবৰ্তন ঘটে? এইটো কি ধৰণৰ বিক্রিয়া  

Ans. ছিলভাৰ কলাবণ ধাৰণ কৰে। ই এটা বিয়োজন বিক্রিয়া। 

Q. 18. বিয়োজন আৰু দ্বি-বিয়োজন বিক্ৰিয়াৰ পাৰ্থক্য উল্লেখ কৰা। তলত দিয়া ৰাসায়নিক বিক্ৰিয়াবোৰ কি ধৰণৰ বিক্রিয়া ? 

(i) HCl (aq) + NaOH (aq) → NaCl (aq) + H2₂O (l) 

(ii) Fe(s) + CuSO₄ (aq) → FeSO₄ (aq) + Cu (s) 

Ans. বিয়োজন আৰু দ্বি-বিয়োজন বিক্ৰিয়াৰ পাৰ্থক্য তলত উল্লেখ কৰা হ’ল— 

বিয়োজন বিক্রিয়া দ্বি-বিয়োজন বিক্রিয়া

(i) যিবোৰ বিক্ৰিয়াত এটা যৌগ তাপৰ প্রভাৱত জুই বা ততোধিক অংশলৈ বিখণ্ডিত হয় তাক বিয়োজন বিক্রিয়া বোলে। (i) যিবোৰ বিক্ৰিয়াত দুটা যৌগৰ উপাদানবোৰৰ পাৰস্পৰিক বিনিময় হয় সেই বিক্ৰিয়াবোৰক দ্বি বিয়োজন বিক্রিয়া বোলে।

(ii) 2 KCIO₃I –(∆)→ 2 KCI + 30₂ (ii) AgNO₃ + NaCl –(∆)→ AgCl + NaNO₃

(i) বিক্ৰিয়াটো হ’ল : দ্বি-বিয়োজন বিক্রিয়া।  

(ii) বিক্ৰিয়াটো হ’ল : স্থানান্তৰ বিক্রিয়া। 

Q. 19. চুণৰ সংকেত লিখা। 

Ans. CaO. 

Q. 20. আইৰণ (II) অক্সাইড আৰু আইৰণ (III) অক্সাইডৰ সংকেত লিখা। 

Ans. আইৰণ (II) অক্সাইড : FeO আইৰণ (III) অক্সাইড : Fe₂O₃ 

Q. 21. মামৰৰ (rust) ৰ সংকেত কি ? 

Ans. মামৰৰ সংকেত : Fe₂ 0₃, 2H₂O.  

Q. 22. মামৰে ধৰাৰ চৰ্ত কি কি ? 

Ans. অক্সিজেন আৰু আৰ্দ্ৰ বায়ু। 

Q. 23. খাদ্যৰ পচন কাৰ্য্য ঘটাৰ সময়ত ঘটা বিক্ৰিয়াটোৰ নাম কি ? 

Ans. জাৰণ বিক্রিয়া। 

Q. 24. এটা উদাহৰণ দিয়া য’ত গোটা আৰু গেছীয় পদার্থ উদ্ভৱ হয়।  

Ans. CaCO₃ → CaO + CO₂ ইয়াত, CaO → গোটা আৰু CO₂ → গেছীয়।  

Q. 25. বগা-কলা ফট’গ্ৰাফীত কি ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰা হয় ? 

Ans. ছিলভাৰ ব্ৰ’মাইড (Silver Bromide)  

Q. 26. যেতিয়া একে অনুপাতত CO₂ আৰু H₂O-ৰ ৰাসায়নিক বিক্রিয়া ঘটে, তেতিয়া কি পদার্থ উৎপন্ন হয় ? 

Ans. 6 অণু CO₂ আৰু 6 অণু H₂O-ৰ ৰাসায়নিক বিক্রিয়া ঘটি গ্লুক’জ আৰু অক্সিজেন গেছ উৎপন্ন হয়। 

Q. 27. সালোকসংশ্লেষণক কিয় তাপশোষক বিক্রিয়া কোৱা হয়  

Ans. সালোকসংশ্লেষণ প্রক্ৰিয়াত CO₂ আৰু H₂O-ৰ পৰা গ্লু’কজ উৎপন্ন হোৱাৰ সময়ত সৌৰশক্তিৰ প্ৰয়োজন হয়। এই সৌৰশক্তি হাইড্ৰ’জেন আৰু অক্সিজেনৰ বন্ধন ভঙাৰ কাৰণে প্ৰয়োজন হয়। সুতৰাং এই প্ৰক্ৰিয়া এটা তাপশোষক বিক্রিয়া। 

Q. 28. তলৰ বিক্ৰিয়াবোৰৰ এটাকৈ উদাহৰণ দিয়া। 

(a) সংযোজন বিক্রিয়া। 

(b) বিয়োজন বিক্রিয়া। 

(c) স্থানান্তৰ বিক্রিয়া। 

Ans. (a) সংযোজন বিক্রিয়া : 2Mg + O₂ → 2 MgO 

(b) বিয়োজন বিক্রিয়া : CaCO₃ –তাপ→ CaO + CO₂  

(c) স্থানান্তৰ বিক্রিয়া : Zn + CuSO₄ → ZnSO₄ + Cu  

Q. 29. মামৰে ৰোধ কৰাৰ তিনিটা উপায় উল্লেখ কৰা। 

Ans. মামৰে ৰোধ কৰাৰ তিনিটা উপায় হ’ল  

(a) ধাতুক তেলত ডুবাই ৰাখি। 

(b) ৰংৰ প্ৰলেপ দি। 

(c) সংকৰ ধাতু প্রস্তুত কৰি। 

Q.30. ইন্ধনৰ দহন কি ধৰণৰ বিক্রিয়া ? উদাহৰণ দিয়া।  

Ans. ইন্ধনৰ দহন এটা তাপবর্জী বিক্রিয়া। 

উদাহৰণ : CH₄ (g) + O₂ (g)  –তাপ→, CO₂ (g) + 2H₂ O(g) + তাপ মিথেন 

B. খালী ঠাই পূৰণ কৰা : 

(1) পোৱা চুণ [(Ca(OH)₂] যেতিয়া পানীত দ্রৱীভূত কৰা হয় তেতিয়া চুণে জলীয় দ্ৰৱত __________ মুক্ত কৰে।  

Ans. হাইড্ৰ’ক্সাইড আয়ন। 

[2] এছিড আৰু ক্ষাৰকৰ মাজত বিক্রিয়া ঘটিলে পৰস্পৰক প্রশমিত কৰি __________ আৰু  __________ উৎপন্ন কৰে। 

Ans. লৱণ, পানী। 

[3] জাৰণ-বিজাৰণ বিক্ৰিয়াত জাৰক পদার্থ __________ হয় আৰু বিজাৰক পদার্থ __________ দান কৰে।  

Ans. বিজাৰিত, ইলেকট্রন। 

[4] অম্ল আৰু ক্ষাৰকৰ মাজত বিক্রিয়া ঘটিলে পৰস্পৰে পৰস্পৰক প্রশমিত কৰি লৱণ আৰু পানী উৎপন্ন কৰে এনে বিক্রিয়াক __________ বোলে। 

Ans. প্রশমন বিক্রিয়া। 

[5] তাপ উৎপন্ন হোৱা বিক্ৰিয়াবোৰক __________ বিক্রিয়া বোলে। 

Ans. তাপবৰ্জী। 

[6] তাপ শোষণ হোৱা বিক্রিয়াবোৰক __________ বিক্রিয়া বোলে। 

Ans. তাপশোষক। 

[7] ভৰৰ নিত্যতা সূত্র অনুসৰি, বিক্রিয়া এটাত পৰমাণুৰ সৃষ্টি বা ধ্বংস হ’ব নোৱাৰে। গতিকে বিক্রিয়া এটাত দুয়োফালে প্রত্যেকবিধ __________ সমান হ’ব। 

Ans. পৰমাণুৰ সংখ্যা। 

[8] সমীকৰণ এটাৰ কাঁড়চিন বা সমানচিন ডালৰ দুয়োফালে প্রত্যেকবিধ পৰমাণুৰ সংখ্যা সমান হৈ থাকিলে ইয়াক __________ বুলি কোৱা হয়। 

Ans. সমতুল সমীকৰণ। 

[9] পৰস্পৰৰ মাজত বিক্রিয়া কৰা পদাৰ্থবোৰক __________ বোলে। 

Ans. বিক্রিয়ক পদার্থ। 

[10] বিক্রিয়াত উৎপন্ন হোৱা পদাৰ্থবোৰক __________ পদার্থ বোলে। 

Ans. বিক্রিয়াজাত (Product) 

[11] যিবোৰ বিক্ৰিয়াত যৌগ এটা ইয়াত থকা উপাদানবোৰৰ পৰা প্ৰত্যক্ষভাবে যোজিত হৈ নতুন পদার্থ উৎপন্ন হয়, সেইবোৰ বিক্ৰিয়াক __________ বিক্রিয়া বোলে। 

Ans. সংযোজন। 

[12] যিবোৰ বিক্ৰিয়াত এটা যৌগ তাপৰ প্ৰভাৱত দুই বা ততোধিক অংশলৈ বিখণ্ডিত হয়, তাক __________ বোলে। 

Ans. বিয়োজন বিক্রিয়া 

[13] যিবোৰ বিক্ৰিয়াত দুটা যৌগৰ উপাদানবোৰ পাৰস্পৰিক বিনিময় হয় সেই বিক্ৰিয়াবোৰক __________ বিক্রিয়া বোলে। 

Ans. দ্বি-বিয়োজন।


Assam Art & Culture MCQ Set-6

Assam Art & Culture MCQ Set-6 Q.1 Who among the following was called as Gurudev or Guru Brahma by the Bodo people? A. Kalicharan Bra...