js

Monday, January 26, 2026

SEBA Class X সমাজ বিজ্ঞান ৰাজনীতি বিজ্ঞান দ্বিতীয় অধ্যায় আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সম্পূৰ্ণ প্ৰশ্ন উত্তৰ

আন্তৰ্জাতিক সংস্থা- সম্পূৰ্ণ প্ৰশ্ন উত্তৰ 2024


1) ‘ৰাষ্ট্ৰসংঘৰ দিৱস’ৰ তাৰিখটো উল্লেখ কৰা –
(a) ২০ অক্টোবৰ
(b) 22 অক্টোবৰ
(c) ২৩ অক্টোবৰ
(d) ২৪ অক্টোবৰ
উত্তৰ: (d) ২৪ অক্টোবৰ

2) বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা কিমান ?
(a) ১৯০ খন
(b) ১৯১ খন
(c) ১৯৩ খন
(d) ১৯৪ খন
উত্তৰ: (c) ১৯৩ খন

3) ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয় ক’ত?
(a) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্ক চহৰত )
(b) চীনত
(c) ভাৰতবৰ্ষৰ নতুন দিল্লীত
(d) ৰাছিয়াত
উত্তৰ : (a) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্ক চহৰত

4) ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা ?
(a) ৫ টা
(b) ৬ টা
(c) ৭ টা
(d) ১০ টা
উত্তৰ : (b) ৬ টা

5) ৰাষ্ট্ৰসংঘৰ সচিব প্রধানক কোনে নিয়োগ কৰে ?
(a) নিৰাপত্তা পৰিষদ সহযোগত সাধাৰণ সভাই নিয়োগ কৰে
(b) নিৰাপত্তা পৰিষদে নিয়োগ কৰে
(c) সাধাৰণ সভাই নিয়োগ কৰে
(d) ওপৰৰ ওটাও নহয়
উত্তৰ : (a) নিৰাপত্তা পৰিষদ সহযোগত সাধাৰণ সভাই নিয়োগ কৰে

6) ‘ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবজনৰ নাম কি?
(a) ট্রাইভহাল্ডান
(b) হাল্ডান লী
(c) ট্রাইভহান
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) হাল্ডান লী

7) ‘ৰাষ্ট্ৰসংঘৰ’বৰ্তমান সচিব প্ৰধানগৰাকী কোন ?
(a) এনট্‌নিও
(b)এনটনিও ওৱেটেছে
(c) ওৱেটেৰেছ এন্টনিও
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) এনটনিও ওৱেটেছে

8) ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্রধানগৰাকী কোন দেশৰ ?
(a) নৰৱেৰ
(b) পৰ্টুগালৰ
(c) আমেৰিকা
(d) আমেৰিকাৰ জাপানৰ
উত্তৰ : (b) পৰ্টুগালৰ

9) ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল কিমান ?
(a) তিনি বছৰ
(b) চাৰি বছৰ
(c) পাঁচ বছৰ
(d) ছয় বছৰ
উত্তৰ: (c) পাঁচ বছৰ

10) ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কি ?
(a) নিৰাপত্তা পৰিষদ
(b) সাধাৰণ সভা
(c) ন্যায়ৰক্ষী পৰিষদ
(d) আন্তর্জাতিক ন্যায়ালয়
উত্তৰ: (b) সাধাৰণ সভা

11)আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা হ’ল—(HSLC-2017)
(b) ১৫ জন
(a) ১১ জন
(c) ৯ জন
(d) ৫ জন
উত্তৰ: (b) ১৫ জন

12) কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ? (HSLC-2017)
(a) ২৪ অক্টোবৰ
(b) ২৭ ছেপ্টেম্বৰ
(c) ৫ জুন
(d) ১০ ডিচেম্বৰ
উত্তৰ : (d) ১০ ডিচেম্বৰ

13) প্রথম বিশ্বযুদ্ধ কেতিয়া হয় ?
(a) ১৯১১
(b) ১৯১২
(c) ১৯১৩
(d) ১৯১৪
উত্তৰ: (d) ১৯১৪ চনত

14) ‘জাতি সংঘ’ কেতিয়া গঠন কৰা হয় ?
(a) ১৯১০ চনৰ ২০ জানুৱাৰীত
(b) ১৯২০ চনৰ ২০ জানুৱাৰীত
(c) ১৯১৫ চনৰ ১৫ জানুৱাৰীত
(d) ১৯২০ চনৰ ১৫ জানুৱাৰীত
উত্তৰঃ (b) ১৯২০ চনৰ ২০ জানুৱাৰীত

15) ‘ৰাষ্ট্ৰ সংঘ’ কেতিয়া গঠন কৰা হয় ?
(a) ১৯৪৫ চনৰ ২৪ অক্টোবৰত
(b) ১৯৪৬ চনৰ ২৫ অক্টোবৰত
(c) ১৯৫৫ চনৰ ২৫ অক্টোবৰত
(d) ১৯৫৫ চনৰ ২৪ অক্টোবৰত
উত্তৰ: (a) ১৯৪৫ চনৰ ২৪ অক্টোবৰত

16) ৰাষ্ট্ৰসংঘৰ চনদত কিমানকেইখন দেশে স্বাক্ষৰ প্ৰদান কৰে ?
(a) ২০ খন ৰাষ্ট্ৰই
(b) ৫১ খন ৰাষ্ট্ৰই
(c) ৫২ খন ৰাষ্ট্ৰ
(d) ৫৩ খন ৰাষ্ট্ৰই
উত্তৰ : (b) ৫১ খন ৰাষ্ট্ৰহ

17) ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে?
(a) ১০৯ টা
(b) ১১০ টা
(c) ১১১ টা
(d) ১১২ টা
উত্তৰঃ (c) ১১১ টা

18) ‘আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি’ কেতিয়া কৰা হয় ?
(a) ১৯৬০ চনত
(b) ১৯৬১ চনত
(c) ১৯৬২ চনত
(d) ১৯৬৩ চনত
উত্তৰ: (d) ১৯৬৩ চনত

19) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন হয় ?
(a) ১৯৪৫ চনত ১৬ ফেব্ৰুৱাৰীত
(b) ১৯৬৪ চনত ১৬ ফেব্ৰুৱাৰীত
(c) ১৯৪৬ চনত ১৬ ফেব্ৰুৱাৰীত
(d) ১৯৬৫ চনত ১৬ ফেব্ৰুৱাৰীত
উত্তৰঃ (c) ১৯৪৬ চনত ১৬ ফেব্ৰুৱাৰীত

20) বছৰৰ কোনটো দিন ‘মানৱ অধিকাৰ দিৱস’ স্বৰূপে পালন কৰা হয় ?
(a) ১০ জানুৱাৰী তাৰিখে
(b) ১০ ফেব্ৰুৱাৰী তাৰিখে
(c) ১০ ডিচেম্বৰ তাৰিখে
(d) ১০ অক্টোবৰ তাৰিখে
উত্তৰ: (c) ১০ ডিচেম্বৰ তাৰিখে

21) বিশ্ব শান্তি স্থাপনৰ বাবে গঠন হোৱা প্রথম সংস্থাটো কি?
(a) ৰাষ্ট্ৰসংঘ
(b) জাতি সংঘ
(c) আন্তঃৰাষ্ট্ৰীয় সংঘ
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) জাতি সংঘ

22) বিশ্বৰ অৰ্থনৈতিক মঞ্চৰ মুখ্য কাৰ্য্যাল ক’ত ?
(a) জুৰিকত
(b) কাঠমাণ্ডু
(c) জেনেভাত
(d) ডুবাইত
উত্তৰঃ (c) জেনেভাত

23) “আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজা ৰখাই ৰাষ্ট্ৰসংঘৰ এটা উদ্দেশ্য।
(a) সঁচা
(b) মিছা
(c) উদ্দেশ্যৰ ভিতৰত নপৰে
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) সঁচা

24) জাতিসমূহৰ সংঘৰ মুখ্য কাৰ্য্যালয় ক অৱস্থিত ?
(a) ব্ৰুচেলছত
(b) ছিংগাপুৰত
(c) কাঠমাণ্ডু
(d) লণ্ডনত
উত্তৰ: (d) লণ্ডনত

25 ৰাষ্ট্ৰসংঘ গঠনৰ সময়ত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য আছিল –
(a) ১৫ জন
(b) ১৮ জন
(c) ১৯ জন
(d) ২০ জন
উত্তৰ: (b) ১৮ জন

26) ILO বা আন্তর্জাতিক বনুৱা সংস্থাৰ ১৯৭০ চনৰ সভাত যোগদান কৰা ভাৰতীয় ৰাষ্ট্ৰপতি গৰাকী কোন আছিল ?
(a) ফকৰুদ্দিন আলি আহমেদ
(b) ড° ভি.ভি.গিৰি
(c) ৰাধাকৃষ্ণন
(d) এ পি জে আব্দুল কালাম
উত্তৰ : (b) ড° ভি.ভি.গিৰি

27) ৰাষ্ট্ৰসংঘৰ লগত জড়িত নথকা এজেন্সিটো হ’ল
(a) জাতি সংঘ
(b) বিশ্ব অর্থনৈতিক মঞ্চ
(c) বিশ্ব স্বাস্থ্য সংস্থা
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) জাতি সংঘ

অতি চমু প্ৰশ্ন উত্তৰ

১) ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ?
উত্তৰঃ
১৯১৪ চনৰ প্ৰথম বিশ্ব যুদ্ধৰ পাছত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ বাবে জাতিসংঘ নামৰ এটা আন্তজাতিক সংগঠন এটা গঠন হৈছিল ǀ কিন্তু ১৯৩৯ চনত পুনৰ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হ’ল ǀ ইয়াৰ পিছত বিশ্বত ৰাষ্ট্ৰবোৰৰ মাজত পুনৰ শান্তি স্হাপনৰ প্ৰচেষ্টা চলে ǀ তাৰে ফলশ্ৰুতিত ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন কৰা হয়।

২) ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উল্লেখ কৰা দুটা উদ্দেশ্য হল-
(ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

৩) ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।
উত্তৰঃ
ৰাষ্ট্ৰসংঘৰ প্রধান অংগ ৬ টা । এই অংগ ৬ টা হৈছে-
👉 সাধাৰণ পৰিষদ।
👉 নিৰাপত্তা পৰিষদ।
👉অর্থনৈতিক আৰু সামাজিক পৰিষদ।
👉 ন্যাসৰক্ষী পৰিষদ।
👉 আন্তর্জাতিক ন্যায়ালয়।
👉 সচিবালয়।

৪) ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।
উত্তৰঃ
ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সি হৈছে-
(ক) আন্তর্জাতিক শ্রমিক সংস্থা
(খ) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি

৫) নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা ǀ
উত্তৰঃ
নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তি হল-
(ক) ১৯৬৮ চনত সম্পাদিত “পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি” ǀ(Nuclear Non- Proliferation Treaty)
(খ) ১৯৯৬ চনত সম্পাদিত “পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধিকৰণ চুক্তি” (Comprehensive Test Ban Treaty /CTBT)

৬) মানৱ অধিকাৰ বুলিলে কি বুজা?
উত্তৰঃ
বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিত্ব বিকাশ তথা মৰ্যদাপূৰ্ণ জীৱন-যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয় ,এই অধিকাৰসমূহকে মানৱ অধিকাৰ বোলে ।

চমু প্ৰশ্ন উত্তৰৰ

১) ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতি কেইটা আলোচনা কৰা।
উত্তৰঃ
ৰাষ্ট্ৰসংঘৰ চনত মুঠ ১১১ টা অনুচ্ছেদ আছে। ইয়াৰ প্রথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ চাৰিটা উদ্দেশ্য সন্নিবিষ্ট হৈছে। উদ্দেশ্যকেইটা হ’ল—

  • আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
  • সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।
  • আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্রত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।
  • উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাম কৰা ।

ৰাষ্ট্ৰসংঘৰ নীতিকেইটা হ’ল-

  1. সকলো সদস্য ৰাষ্ট্রৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব।
  2. ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।
  3. আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনা আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।
  4. আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব।
  5. চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্রসমূহে ৰাষ্ট্ৰসংঘক সহায কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।
  6. ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।।

২) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ
ৰাষ্ট্ৰসংঘৰ অতি দৰকাৰী অংগ হ’ল নিৰাপত্তা পৰিষদ । আৰম্ভণিতে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছয়জন ǀ ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহ জনলৈ বৃদ্ধি কৰা হয় । নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে । স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল- আমেৰিকা, গ্রেট ব্রিটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন ǀ স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্রয়োগ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো ‘দিলে সিদ্ধান্ত গ্রহণ নহয় ।

৩) বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা ।
উত্তৰঃ
জনগণৰ মনৰ পৰা যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা কৰি বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ নামৰ এটা আন্তঃজাতিক সংগঠন গঠন কৰা হৈছিল ǀ এই সংগঠনটোৱে আজি প্ৰায় ৭০ বছৰত ভৰি দিলে ǀ

এই সময়ছোৱাত সমস্যা জৰ্জৰিত বিশ্বত শান্তিৰ বাতাবৰণ আনি সকলো সমস্যাক আলোচনা আৰু বুজাবুজিৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই উল্লেখ যোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে ǀ

যোৱা কেইটামান দশকত নিৰস্ত্ৰীকৰণৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিবেশ নাইকিয়া কৰিবলৈ চেষ্টা চলাই আহিছে ǀ ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে ǀ তাৰ পিছৰে পৰা ৰাষ্ট্ৰসংঘৰ তৎপৰতাত তলত দিয়া চুক্তিসমূহ সম্পাদিত হৈছিল-

  • ১৯৬৩ চনত “আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি” (Partial Nuclear Test Ban Treaty),
  • ১৯৬৭ চনত “বহিঃ মহাকাশ চুক্তি” (Outer Space Treaty),
  • ১৯৬৮ চনত “পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি” (Nuclear Non Proliferation Treaty),
  • ১৯৭১ চনত “সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি” (Seabed Control Treaty)
  • ১৯৭২ চনত “চল্ট-১”(SALT-1 or Strategic Arms Limitation Treaty)
  • ১৯৭৯ চনত “চল্ট-২” (SALT-2)
  • ১৯৯৩ “পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি” (Nuclear Arms Control Treaty)
  • ১৯৯১ আৰু ১৯৯৩ চনত START (Strategic Arms Reduction Treaty)-1 আৰু START-2
  • ১৯৯৬ চনত ১৫৮ খন দেশৰ মাজত সম্পাদিত হোৱা “পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি” (CTBT or Comprehensive Test Ban Treaty)

উক্ত চুক্তিসমূহ সম্পাদনাৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে ǀ ৰাষ্ট্ৰসংঘৰ সু-ব্যৱস্হাৰ ফলশ্ৰুতিতে হয়তো আমি তৃতীয়খন বিশ্বযুদ্ধৰ পৰা বিৰত থাকিব পাৰিছো ǀ

৪) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।
উত্তৰঃ
১৯৯৩ চনৰ জুন মাহত ভিয়েনাত ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ সম্পৰ্কীয় এক বিশেষ অধিবেশনে ইয়াৰ অন্তৰ্গত প্ৰতিখন সদস্যৰাষ্ট্ৰতে মানৱ অধিকাৰ আয়োগ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ǀ সেই মৰ্মে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ǀ ইয়াৰ ঠিক কিছুদিনৰ পিছতে মানৱ অধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰীয় আইনখনত ১৯৯৪ চনৰ ৮জানুৱাৰী তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন জনায় ǀ এই আইনখন মানৱ অধিকাৰ সুৰক্ষা আইন,১৯৯৩ নামে জনাজাত হয় ǀ এই আইন মতে ৰাজ্যবোৰতো মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ǀ

আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হব লাগে ǀ ইয়াৰ অন্য সদস্য সকল হৈছে-

  1. এজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ
  2. এজন কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ
  3. দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি

এইবোৰৰ উপৰিও সংখ্যালঘুৰ আয়োগৰ সভাপতি, অনুসূচীত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি সদস্য হিচাপে থাকে ǀ লকলো সদস্যৰে কাৰ্যকাল ৫ বছৰ ǀ

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ভাৰতত মানৱ অধিকাৰ উলংঘনৰসকলো দিশ পৰ্যালোচনা কৰিতাৰ বিহিত ব্যৱস্হাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰে ǀ

৫) মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘত লোৱা পদক্ষেপ আলোচনা কৰা ।
উত্তৰঃ
ৰাষ্ট্ৰসংঘই বিশ্বত ৰাষ্ট্ৰসমূহৰ মাজত শান্তিপূৰ্ণ বাতাবৰণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিদৰে আগভাগ লৈছে ,ঠিক তেনেদৰে বিশ্বত প্রতিজন মানুহে যাতে মর্যাদাপূর্ণ জীৱন-যাপন কৰিব পাৰে আৰু ইয়াৰ বাবে প্রয়োজন হোৱা কিছুমান অধিকাৰৰ সুৰক্ষা দিয়াৰ ব্যৱস্হাও কৰিছে ǀ এই উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৪৮ খন সদস্য ৰাষ্ট্রৰ সমর্থনত ‘মানৱ অধিকাৰ ঘোষণা পত্র’ গ্রহণ কৰে ।

এটা প্রস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সন্মিলিত হৈ এই ঘোষণা পত্রই মূলতঃ দুটা উদ্দেশ্য সাধন কৰিছে- প্ৰথমে, বিশ্বৰ জনগণৰ বাবে প্রয়োজনীয় অধিকাৰসমূহ এই ঘোষণা পত্ৰত সন্নিৱিষ্ট কৰা হৈছে। দ্বিতীয়তে,এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহ সদস্য ৰাষ্ট্রসমূহে স্বীকৃতি দিছে।

এই ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰ সমূহে ৰাষ্ট্ৰসংঘৰ সদস্যৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত সীমাবদ্ধতা আনিছে ǀ নীতিগতভাৱে এই অধিকাৰসমূহক কোনেও আওকান কৰিব নোৱাৰে ǀ দেশৰ নাগৰিকক এই অধিকাৰ বোৰৰ পৰা বঞ্চিত কৰি শান্তি আৰু নিৰাপত্তাৰ ৰক্ষা কৰাতো সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ যোগেদি স্পষ্ট কৰি দিছে ǀ

SEBA Class X সমাজ বিজ্ঞান ভূগোল বিজ্ঞান প্ৰথম অধ্যায় অৰ্থনৈতিক ভূগোল সম্পূৰ্ণ প্ৰশ্ন উত্তৰ

Class 10 Social Chapter 1 Geography MCQ | অর্থনৈতিক ভূগোল MCQ

1) তলৰ কোনটো অজীৱীয় সম্পদ ?
(a) গছ-গছনি
(b) জীৱ-জন্তু
(c) ভেঁকুৰ
(d) বায়ু
উত্তৰঃ (d) বায়ু

2) তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ
(a) বায়ু
(c) শস্য
(b) পানী
(d) কয়লা
উত্তৰ: (d) কয়লা

3) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?
(a) এশিঙিয়া গড়
(b) নলগাহৰি
(c) জিৰাফ
(d) মিথুন
উত্তৰ: (b) নলগাহৰি

4) সম্পদ কেই প্ৰকাৰৰ বিভক্ত ?
(a) দুই প্ৰকাৰৰ
(c) চাৰি প্ৰকাৰৰ
(b) তিনি প্ৰকাৰৰ
(d) পাঁচ প্ৰকাৰৰ
উত্তৰঃ (b) তিনি প্ৰকাৰৰ

5) তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ?(HSLC-2017)
(a) পানী
(b) সূৰ্যৰ ৰশ্মি
(c) গছ-গছনি
(d) প্রাকৃতিক গেছ
উত্তৰ: (d) প্রাকৃতিক গেছ

6) তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অজীৱীয় ? (HSLC-2017)
(a) বায়ু
(b) উদ্ভিদ
(c) জন্তু বোৰ
(d) শস্য
উত্তৰ: (a) বায়ু

7) তলৰ কোনটো মানৱসৃষ্ট সম্পদ (HSLC-2018)
(a) অৰণ্য
(b) জলসিঞ্চন
(c) নদ-নদী
) (d) খনিজ তেল
উত্তৰ : (b) জলসিঞ্চন।

8) তলত দিয়াবোৰৰ কোনটো মানৱসৃষ্ট সম্পদ ?(HSLC-2020)
(i) নদী
(ii) খনিজ তেল
(iii) জলসিঞ্চন নলা
(iv) অৰণ্য
Ans: (iii) জলসিঞ্চন নলা

9) তলৰ কোনটো এটা অজীৱীয় সম্পদ?(HSLC-2022)
(i) বায়ু
(iii) ভেঁকুৰ
(ii) বেক্টেৰিয়া
(iv) শস্য 900
Ans : (i) বায়ু

10) ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত ।
(a) পাঁচটা
(b) চাৰিটা
(c) দুটা
(d) তিনিটা।
উত্তৰঃ (c) দুটা

11) মানুহৰ কোন প্ৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে অর্থনৈতিক ভূগোল অধ্যয়ন কৰা হয়?
(a) ৰাজনৈতিক কার্যকলাপ
(b) অর্থনৈতিক কার্যকলাপ
(c) প্রাকৃতিক কার্যকলাপ
(d) ব্যক্তিগত কার্যকলাপ ।
উত্তৰঃ (b) অর্থনৈতিক কার্যকলাপ

12) আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপে কোনজন ব্যক্তিক আখ্যা দিয়া হৈছে?
(a) জন্স
(b) ডাকেনৱাল্ড
(c) কার্জন
(d) জর্জ ছিজহ’ম।
উত্তৰ: (d) জৰ্জ ছিজহ’ম৷

13) ভাৰতীয় বন গৱেষণা আৰ.শিক্ষা সংস্থা
কেতিয়া স্থাপন কৰা হয় ?
(a) ১৮৮৬
(b) ১৯৮৬
(c) ১৭৮৬
(d) ১৯৮৮
উত্তৰ: (b) ১৯৮৬

14) তলৰ কোনটো মানৱ সৃষ্ট সম্পদ?
(a) নদ-নদী
(c) অৰণ্য
(b) খনিজ তেল
(d) জলসিঞ্চন নলা
উত্তৰ: (d) জলসিঞ্চন নলা

15) মানুহ সম্পদৰ লগত কেইটা ধৰণে জড়িত
(a) দুই ধৰণে
(b) তিনি ধৰণে
(c) পাঁচ ধৰণে
(d) সাত ধৰণে
উত্তৰ: (a) দুই ধৰণে

16) তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয় ।
(a) নদ-নদী
(b) অৰণ্য
(c) বায়ু
(d) ঘৰ-দুৱাৰ
উত্তৰ: (d) ঘৰ-দুৱাৰ

17) বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় ?
(a) দুই জুনত
(b) চাৰি জুনত
(c) পাঁচ জুনত
(d) সাত জুনত
উত্তৰ : (c) পাঁচ জুনত

18) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাত অন্তর্গত ?
(a) UNDP
(c) WWF
(b) UNESCO
(d) UNEP
উত্তৰ : (b) UNESCO

19) IUCN কোন চনত প্ৰতিষ্ঠা হৈছিল?
(a) ১৭৪৮
(b) ১৮৪৮
(c) ১৯৪৮
(d) ১৯৪৭
উত্তৰঃ (b) ১৮৪৮

20) পুনৰাৱৰ্তনৰ উদাহৰণ-
(a) কল-কাৰখানা
(c) পুতলা
(b) লোহাৰ সামগ্ৰী
(d) ঘৰ
উত্তৰঃ (b) লোহাৰ সামগ্ৰী

21) তলৰ কোনটো জাতীয় সম্পদ ?
(a) নর্দমা
(b) খাল
(c) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
(d) জান-জুৰি
উত্তৰ: (c) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

22) তলৰ কোনটো বিশ্ব সম্পদ?
(a) মন্দিৰ
(c) দলং
(b) নদ-নদী
(d) সাগৰ-মহাসাগৰ
উত্তৰ: (d) সাগৰ-মহাসাগৰ

23) তলত উল্লেখিত কোনটো ব্যক্তিগত সম্পদ ?
(a) ৰাস্তা-ঘাট
(b) গছ-গছনি
(c) কর্মদক্ষতা . . …
(d) শিক্ষানুষ্ঠান
উত্তৰ : (c) কর্মদক্ষতা

24) তলৰ কোনবিধ অনৱীকৰণযোগ্য সম্পদ (HSLC-2019)
(i) পানী
(ii) উদ্ভিদ (4)
(iii) প্রাকৃতিক গেছ
(iv) সূৰ্যৰ ৰশ্মি
Ans : (iii) প্রাকৃতিক গেছ

অৰ্থনৈতিক ভূগোল: পাঠ্য ভিত্তিক প্ৰশ্ন উত্তৰ

১.অৰ্থনৈতিক ভূগোল কাক বোলে ? ইয়াৰ মূল বিষয় বস্তু কি ? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।

উত্তৰ: ভূগোলৰ যি শাখা ত সম্পাদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্য্যকলাপৰ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে । ভূ-পৃষ্ঠাত বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰ ,মানুহৰ কাৰ্য-প্ৰণালি ,বিভিন্ন ঠাইৰ পৰা অৰ্থনৈতিক কাৰ্যকলাপ,দেশত পোৱা বিভিন্ন সম্পদ আৰু ইয়াৰ ব্যৱহাৰ এইবোৰ আলোচনা কৰাই অৰ্থনৈতিক ভূগোলৰ মূল বিষয় বস্তু। তদুপৰি ,কৃষি খণ্ড,পৰিবহন ব্যৱস্থা, বজাৰ নীতি,পৰ্যটন বিভাগ আদিৰ বিষয়ে আলোচনা কৰাও অৰ্থনৈতিক ভূগোল ৰ মূল বিষয় বস্তু।

অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখা বোৰ হ’ল-কৃষি ভূগোল,ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি।

২.অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ: অৰ্থনৈতিক ভূগোলত প্ৰধান কৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়া সমূহ অধ্যয়ন কৰা হয়।ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্ৰশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত –

  • অৰ্থনৈতিক কাৰ্যটো ক’ত অৱস্থিত ?
  • অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট বোৰ কি কি ?
  • অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত ?
  • অৰ্থনৈতিক কাৰ্যটো য’ত আছে তাতে কিয় হৈছে ?
  • অৰ্থনৈতিক কাৰ্যটো য’ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ’লে বেছি ভাল হ’লহেতেন নেকি?

উক্ত পাঁচটা প্ৰশ্নৰ প্ৰথম তিনিটাৰ লগত পৰস্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত।কিন্তু পাছৰ দুটা প্ৰশ্নই বিশেষকৈ আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰিছে।আধুনিক ভূগোলৰ পিতৃ স্বৰূপ জৰ্জ ছিজহ’মৰ মতে এখন ঠাই অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। আন দুজন অৰ্থনৈতিক ভূগোলবিদ জন্স আৰু ডােৰ্কেনৱাল্ডৰ মতে অৰ্থনৈতিক ভূগোল বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায়-বানিজ্যত আগবঢ়া এনে প্ৰশ্নবোৰৰ উত্তৰ উদ্ ঘাটনত সহায় কৰে। অৰ্থাৎ অৰ্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে।

৩. মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি ?

উত্তৰ: যি বৃত্তি বা কাৰ্যকলাপৰ দ্বাৰা মানুহে পৰিৱেশ ৰ লগত সমন্বয় ৰাখি উৎপাদন, আমদানি আৰু ব্যৱসায়-বাণিজ্যত আগবাঢ়িব পাৰে তাকে মানুহৰ অৰ্থনৈতিক বৃত্তি বোলে । অৰ্থনৈতিক ভূগোলে মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে। মানুহৰ অৰ্থনৈতিক বৃত্তিবোৰ চাৰি প্ৰকাৰৰ –

  1. প্ৰাথমিক বৃত্তি
  2. দ্বিতীয় বৃত্তি
  3. তৃতীয়ক বৃত্তি
  4. চতুৰ্থক বৃত্তি ‌

৪. অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰ: মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ ভিন ভিন হোৱাৰ লগতে অৰ্থনৈতিক ভূগোলত বহুতো শাখা দেখা যায় । অৰ্থনৈতিকভূগোলৰ এনেবোৰ বিশেষ শাখাই মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্য আৰু সেইবোৰৰ লগত জড়িত বিভিন্ন কথা-বতৰাবোৰ আলোচনা কৰে।অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা-উপশাখাৰ অধ্যয়ন সম্পদ ভূগোলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তুবোৰ তলত দিয়া হ’ল –

  1. কৃষি ভূগোল:- অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা । ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰণ সমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
  2. ঔদ্যোগিক ভূগোল:- ইয়াৰ উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকবোৰ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থাৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
  3. সম্পদ ভূগোল:- ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ৱ্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।
  4. পৰিবহন ভূগোল:- ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ,সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়ত তথা অৰ্থনৈতিক উন্নয়ন যেনে- ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ উন্নয়নত পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।
  5. বজাৰ ভূগোল:- ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰক সমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰ সমূহ অধ্যয়ন কৰা হয়।
  6. পৰিকল্পনা আৰু উন্নয়ন ভূগোল :- ইয়াত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকবোৰ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয়।
  7. পৰ্যটন ভূগোল:- ইয়াত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।

৫. সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয় ?

উত্তৰ: সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়। সম্পদৰ প্ৰকৃতি আৰু উৎকৃষ্ট ব্যৱহাৰৰ যোগেদি মানৱ-কল্যাণ আৰু আৰ্থ-সামাজিক উৎকৃষ্ট সাধন সম্ভৱ হৈছে। সম্পদবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰীতা গুণ থকা বাবে দেশ এখনৰ অৰ্থনৈতিক বিকাশ সম্ভৱ হয়। তদুপৰি মানৱ সমাজৰ উন্নয়নো সম্পদৰ ওপৰতেই নিৰ্ভৰ কৰে। সেয়েহে দেশ এখনৰ উন্নয়নৰ বাবে সম্পদে অতিগুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে এইটো দিশৰ সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয়।

৬. সম্পদ বুলিলে কি বুজা ?

উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। সম্পদৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল – কাৰ্যকাৰিতা, উপকাৰীতা আৰু পৰিৱৰ্তনশীলতা ।

৭. সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা ।
উত্তৰ:
সম্পদ পৰিৱৰ্তনশীল । কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ৱ্যৱহাৰ নহলেও ‘মানুহৰ বাবে অপকাৰী হলেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়েই মানৱ কল্যাণত ৱ্যৱহাৰ হ’ব পাৰে এনে সামগ্ৰী সমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেই বোৰক নিৰপেক্ষ বা নিষ্ক্ৰয় সামগ্ৰী বোলা হয়। আনহাতে, যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক মানুহৰ সু- প্ৰচেষ্টাত সম্পদ লৈ ৰূপান্তৰিত হৈছে।সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। সেইকাৰণে সম্পদক পৰিৱৰ্তনশীল বুলি কোৱা হয়।

৮. সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণ সহ আলোচনা কৰা।

উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়।যেনে- বায়ু, পানী, মাটি, গছ-গছনি আদি। সম্পদৰ বাবেহে মানৱ সমাজৰ বিভিন্ন দিশত উন্নয়ন সম্ভৱ হৈছে।সম্পদ অকল ব্যক্তিগত কল্যাণৰ বাবেই নহয়, জনসাধাৰণৰ কল্যাণৰ বাবেও লাগতিয়াল। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্ৰয়োজন- খাদ্য, বস্ৰ, বাসস্থান আৰু অন্যান্য চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানৰ উন্নয়ন সম্ভৱ হৈছে। মানুহৰ প্ৰয়োজনীয় বহুসম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছিভাগৰে ব্যৱহাৰিক দিশটো মানুহে প্ৰয়োজন অনুসৰি দি লয় । তদুপৰি প্ৰকৃতিত থকা সামগ্ৰিবোৰৰ কাৰ্যকাৰীতা আৰু উপকাৰীতা সম্পৰ্কে গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন কৰা হয়।

৯. সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:
মানুহ আৰু সম্পদৰ মাজত এটা গভীৰ সম্পৰ্ক আছে। সম্পদৰ লগত মানুহ ওতঃপ্ৰোতভাৱে জড়িত। সম্পদৰ অবিহনে মানুহৰ বিকাশ অসম্ভৱ। মানুহৰ সম্পদৰ লগত দুই ধৰনে জড়িত, সম্পদৰ উৎপাদক হিচাবে আৰু সম্পদৰ উপভোক্তা হিচাপে। প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্রীয়েই প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জড়িয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তুলে। যেনে – বাঁহৰ পৰা কাগজ , কঁপাহৰ পৰা কাপোৰ আদি প্ৰকৃতিক সমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহক কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়।এনেবোৰ গুণ থকা বাবে মানুহকো সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে।

১০. সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা।

উত্তৰ: সম্পদ আৰু বিজ্ঞানৰ মাজত এটা গভীৰ সম্পৰ্ক আছে। উল্লেখযোগ্য যে প্ৰকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। এই বিজ্ঞান আৰু প্ৰযুক্তিৰ ফলতেই পৃথিৱীত পোৱা বহু সম্পদ মানুহে প্ৰয়োজন অনুসৰি নিজৰ ব্যৱহাৰৰ উপযোগী কৰি লয়। প্ৰাকৃতিকভাৱে পোৱা বহু সম্পদৰ উপৰিও আন বহুবোৰ সম্পদ যেনে- প্ৰযুক্তি, ঘৰ-দুৱাৰ, উদ্যোগ-কাৰখানা আদি বিজ্ঞান প্ৰযুক্তিৰ ফলতেই সম্ভৱ হৈছে। সম্পদৰ পৰিৱৰ্তনশীল বৈশিষ্ট্য আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্ৰী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় সমগ্ৰীলৈ ৰূপান্তৰিত হ’ব পাৰে। মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ ফলতেই পৃথিৱীত পোৱা বহু নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধৰ মানুহৰ সু- প্ৰচেষ্টাত সম্পদলৈ ৰূপান্তৰিত হৈছে। মানুহৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায় লৈ নতুন নতুন সম্পদৰ উদঘাটন কৰিব পাৰিছে । এই বিজ্ঞান আৰু প্ৰযুক্তিৰ ফলতেই মানুহে প্ৰয়োজন অনুসৰি সম্পদবোৰ পৃথিৱীৰ বুকুৰ পৰা আহৰণ কৰিব পাৰিছে |

১৩. নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি কি ? উদাহৰণসহ চমুকৈ লিখা।

উত্তৰ: পৃথিৱীৰ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত নৱীকৰণ প্ৰক্ৰিয়াৰে পুনঃ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰি তেনেবোৰ সম্পদক নৱীকৰণযোগ্য সম্পদ বোলা হয়। উদাহৰণস্বৰূপে, পানী, গছ-গছনি, মাটি ইত্যাদি।আনহাতে আমি যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত আকৌ ব্যৱহাৰ কৰিব নোৱাৰে তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণ স্বৰূপে:- কয়লা, খনিজ তেল আদি।

১৪. সম্পদ সংৰক্ষণ বুলিলে কি বুজা ইয়াৰ প্ৰয়োজনীয়তা কি ? or সম্পদ সংৰক্ষণ ৰ প্ৰয়োজনীয়তা কি ?
উত্তৰ:
সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱ্হাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। অতীতত, এই পৃথিৱীত সম্পদৰ পৰিমাণ তেনেই সীমিত আছিল আৰু তাৰ বিপৰীত প্ৰতিৰোধক বা নিষ্ক্ৰিয় সামগ্ৰীৰ পৰিমাণ বেছি আছিল। সেই সময়ত পৃথিৱীত মানুহৰ সংখ্যা আছিল অতি সীমিত আৰু মানুহৰ প্রয়োজনীয় বস্তুৰ পৰিমাণও সীমিত আছিল।বৰ্তমান জনসংখ্যা বঢ়াৰ লগে লগে পৃথিৱীৰ সম্পদসমূহ লাহে লাহে শেষ হৈ আহিছে।যি হাৰত মূল্যবান সম্পদবোৰ নিঃশেষ হ’ব লাগিছে বা ব্যৱহাৰ হ’ব লাগিছে এইবোৰ দেখি অনুমান হয় যে অদূৰ ভৱিষ্যতে মানুহৰ বাবে কোনো ধৰণৰ সম্পদ নাথাকিব আৰু যিবিলাক থাকিব সেইবোৰ ব্যবহাৰৰ অনুপযোগী হ’বগৈ।সেয়ে মানৱ জাতি তথা অন্য জীৱ জন্তুৰ প্ৰতি লক্ষ্য ৰাখি, বৰ্তমান আমি পাই থকা বা দেখি থকা সম্পদবোৰ কোনো ধৰণৰ বিনাশ আৰু অপব্যৱ্হাৰ নোহোৱাকৈ ৰখাটো আমাৰ আটাইৰে কৰ্তব্য আৰু ই অতিকে প্ৰয়োজনীয় দিশ।

১৫. সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ:
সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে তলত চমুকৈ আলোচনা কৰা হ’ল –

  1. বিকল্প সম্পদৰ সন্ধান: আমি যিবোৰ সম্পদ ব্যৱহাৰ কৰি আহিছোঁ এইবোৰৰ উপৰিও অন্য বিকল্প সম্পদৰ সম্ভাৱনা চিন্তা চৰ্চা এই পদ্ধতিৰ অন্তৰ্ভূক্ত।
  2. পুনৰাৱৰ্তন: ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰ ব্যৱহাৰ কৰা পদ্ধতিক পুনৰাৱৰ্তন পদ্ধতি বোলা হয়।
  3. অভিযোজনা বা নৱপ্ৰচলন: গৱেষণাৰ জৰিয়তে নতুন সম্পদৰ আৱিষ্কাৰৰ লগতে নতুন কৌশল ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি।
  4. বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস: কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে আমি বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস কৰি সম্পদৰ সংৰক্ষণ কৰিব পাৰোঁ।
  5. জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ: সম্পদ সংৰক্ষণ ৰ জ্ঞান থকাটো আমাৰ অতি জৰুৰী বিষয়। সেয়ে শিক্ষা সংগ্ৰহ কৰিলেহে সংৰক্ষণৰ বিষয়ে আমি প্ৰয়োগ কৰিব লাগে।

চমূ টোকা লিখা

(ক) সম্পদ: মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলাবোৰ বস্তুকেই সম্পদ বোলা হয় । পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ- গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল । সেয়েহে এইবোৰ সম্পদ । সম্পদৰ কাৰ্যকাৰিতা,উপকাৰিতা আৰু পৰিবৰ্তনশীলতা-এই তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায় ǀ

(খ) মানৱ সম্পদ: প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয় ǀ এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয় ǀ যেনে- কৃষক, ডাক্তৰ ,শ্ৰমিক,শিক্ষক ইত্যাদি ǀ

(গ) সম্পত্তি: যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে ǀ সম্পত্তিৰ যোগান তুলনামূলক ভাৱে সীমিত আৰু ইয়াক মূল্যৰ জৰিয়তে এজনৰ পৰা আনএজনলৈ হস্তান্তৰ কৰিব পাৰি ǀ যেনে- ঘৰ, টেলিভিছন, মোবাইল ফোন, মাটি, গাড়ী ইত্যাদিবোৰৰ বিনিময় মূল্য আছে, সেয়হে এইবোৰ সম্পত্তি ǀ সকলো সম্পত্তিয়েই সম্পদ ǀ

(ঘ) নবীকৰণযোগ্য সম্পদ: পৃথিবীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনববত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে ǀ যেনে-সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ।

(ঙ) ব্যক্তিগত সম্পদ: মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে- ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয় ।

(চ) জাতীয় সম্পদ: এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলবোৰ সম্পদ যেনে- ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জস্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যবস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয় । উদাহৰণস্বন্ধপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ ǀ

(ছ) জীৱীয় সম্পদ: প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ ǀ উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ ।

(জ) সম্পদ সংৰক্ষণ: কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে ǀ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ ǀ উদাহৰণস্বৰূপে- খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায় ǀ

(ঝ) সম্পদৰ পুনৰাৱর্তন: সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপ

পাৰ্থক্য লিখা

ক) সম্পদ আৰু সম্পত্তি

উত্তৰ:-সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্য হল-

সম্পদসম্পত্তি
১. মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয় ।
২. সম্পদৰ উদাহৰণ হল-সূৰ্যৰ পোহৰ, বায়ু, গছ-গছনি, খনিজ তেল আদি ।
৩. সকলোবোৰ সম্পদ সম্পত্তি হব নোৱাৰে।
১. আনহাতে, যিবোৰ বস্তু আমাৰ প্ৰয়োজন হোৱাৰ উপৰিও বিনিময় মূল্য আছে তেনেবোৰ বস্তুকে সম্পত্তি বোলা হয় ।
২. আনহাতে, গছ- গছনি, ঘৰ দুৱাৰ , যান বাহনৰ, মাটি বাৰী আদি।
৩. আনহাতে, সকলোবোৰ সম্পত্তি সম্পদ হয়।

খ) অৰ্থনৈতিক ভূগোল আৰু সম্পদ।

উত্তৰ:- অৰ্থনৈতিক ভূগোল আৰু সম্পদৰ পাৰ্থক্য হ’ল

অৰ্থনৈতিক ভূগোলসম্পদ
১. ভূগোল বিজ্ঞানৰ এটা শাখাৰ নাম হ’ল অৰ্থনৈতিক ভূগোল।ই এটা অঞ্চলৰ বা কোনো এখন দেশৰ অৰ্থনৈতিক বিষয় বস্তুৰ বিষয়ে অধ্যয়ন কৰে।
২. অৰ্থনৈতিক ভূগোলৰ তুলনাত সম্পদৰ সংজ্ঞা তেনেই সীমিত।
১. আনহাতে অৰ্থনৈতিক ভূগোলৰ এটা শাখাৰ নাম হ’ল সম্পদ।
২. আনহাতে, এখন দেশত পোৱা বিভিন্ন সম্পদবোৰৰ বিষয়েহে কেৱল সম্পদে আলোচনা কৰে।

গ) সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী।

উত্তৰ:- সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰীৰ পাৰ্থক্য হ’ল

সম্পদনিষ্ক্ৰিয় সামগ্ৰী
১. মানুহৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সামগ্ৰীকেই আমি সম্পদ বুলিব পাৰো।

২. অতীতত এই পৃথিৱীত সম্পদৰ পৰিমাণ কম আছিল ।
১. কিন্তু, যিবোৰ বস্তুৰ পৰা মানুহ তথা সমাজৰ কোনো উপকাৰ সাধন নহয় বা অনিষ্ট নহয় তেনেবোৰ বস্তুকেই নিষ্ক্ৰিয় সামগ্ৰী বোলে ।
২. আনহাতে , নিষ্ক্ৰিয় সামগ্ৰীৰ পৰিমাণ বেছি আছিল।

ঘ) জৈৱিক আৰু অজৈৱিক সম্পদ

উত্তৰ:- জৈৱিক আৰু অজৈৱিক সম্পদৰ পাৰ্থক্য হ’ল

জৈৱিক সম্পদঅজৈৱিক সম্পদ
১. পৃথিৱীৰ যিবোৰ সম্পদত জীৱ জন্তু থাকে তেনেবোৰ সম্পদক জৈৱিক সম্পদ বোলা হয়।

২. গছ গছনি, চৰাই চিৰিকটি, মানুহ, জীৱ জন্তু , পথাৰৰ শস্য আদি জৈৱিক সম্পদৰ উদাহৰণ।

১. আনহাতে, যিবোৰ সম্পদ নিৰ্জীৱ সেইবোৰ সম্পদক অজৈৱিক সম্পদ বোলা হয়।
২. আনহাতে, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা আদি অজৈৱিক সম্পদৰ উদাহৰণ।

ঙ) নৱীকৰণ আৰু অনৱীকৰণ যোগ্য সম্পদ।
উত্তৰ:-
নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য হ’ল

নৱীকৰণ যোগ্য সম্পদঅনৱীকৰণ যোগ্য সম্পদ
১.পৃথিৱীত পোৱা সম্পদ সমূহৰ কিছুমান সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত নৱীকৰণ প্ৰক্ৰিয়াৰে একেবাৰে নিঃশেষ নোহোৱাকৈ ৰাখিব পাৰি তেনে সম্পদ বোৰক নৱীকৰণ সম্পদ বোলে।

১. আনহাতে, যিবোৰ সম্পদ এবাৰ ব্যৱহাৰৰ পিছত নৱীকৰণ কৰিবলৈ নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদবোৰক অনবিকৰণ সম্পদ বোলে।

চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ।
উত্তৰ:-
ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদৰ পাৰ্থক্য হল

ব্যক্তিগত সম্পদজাতীয় সম্পদ
১. মানুহৰ নিজ নিজ দখলত থকা সম্পদবোৰক ব্যক্তিগত সম্পদ বোলা হয়।
২. ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদি ব্যক্তিগত সম্পদৰ উদাহৰণ।
১. আনহাতে কোনো এখন দেশৰ দখলত থকা সম্পদ সমূহক জাতীয় সম্পদ বোলা হয়।
২. আনহাতে, ৰাস্তাঘাট, দলং, দেশৰ অৰণ্য, শিক্ষানুষ্ঠান আদি জাতীয় সম্পদৰ উদাহৰণ।

ছ) মানৱ সৃষ্টি আৰু মানৱ সম্পদ।
উত্তৰ:-
মানৱ সৃষ্টি আৰু মানৱ সম্পদৰ পাৰ্থক্য হ’ল

মানৱ সৃষ্টি সম্পদমানৱ সম্পদ
১.মানুহে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জৰিয়তে প্ৰকৃতিৰ বিভিন্ন সামগ্ৰী অতি মূল্যবান সমগ্ৰীলৈ ৰূপান্তৰ কৰে নিজৰ প্ৰয়োজন অনুসৰি। তেনে ধৰণৰ মানৱ সৃষ্টি সম্পদ বোলে।
২.বাঁহৰ পৰা কাগজ, কঁপাহৰ পৰা কাপোৰ আদি মানৱ সৃষ্ট সম্পদ।
১. আনহাতে , মানুহে নিজেই বিভিন্ন সম্পদ সৃষ্টি কৰে নিজৰ জ্ঞান বুদ্ধিৰ বলত সেয়ে মানুহ নিজেই এক প্ৰকাৰ সম্পদ। তাকে আমি কওঁ মানৱ সম্পদ।
২. আনহাতে উচ্চ শিক্ষা, সু-স্বাস্থ্য, কাৰ্য দক্ষতা মানৱ সম্পদৰ উদাহৰণ।

শুদ্ধ উত্তৰ বাছি উলিওৱা

1) তলৰ কোনটো মানৱসৃষ্ট সম্পদ ?
ক) নদ- নদী খ) খনিজ তেল
গ) জলসিঞ্চন নলা ঘ) অৰণ্য
উত্তৰ:- গ) জলসিঞ্চন নলা
2) তলৰ কোনটো অজীৱীয় সম্পদ
ক) বায়ু খ) গছ-গছনি
গ) জীৱ- জন্ত ঘ) ভেঁকুৰ
উত্তৰ:- ক) বায়ু
3) তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ ?
ক) বায়ু খ) পানী
গ) শস্য ঘ) কয়লা
উত্তৰ:- ঘ) কয়লা ।
4) তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী ?
ক) এশিঙীয়া গঁড় খ) নল গাহৰি
গ) জিৰাফ ঘ) মিথুন
উত্তৰ:- খ) নল গাহৰি ।
5) IUCN সন্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সন্থাৰ অন্তর্গত ?
ক) UNESCO খ) UNDP
গ) WWF ঘ) UNEP

উত্তৰ:- ক) UNESCO

অতি চমু প্ৰশ্নোত্তৰ

১৷ ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰ: ভূগোল বিষয়টো প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা হৈছে— প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল৷
২৷ ভূগোলৰ কোনটো প্ৰধান শাখাত অৰ্থনৈতিক ভূগোল অন্তৰ্গত?
উত্তৰ: ভূগোলৰ মানৱ ভূগোল শাখাটোত অৰ্থনৈতিক ভূগোল অন্তৰ্গত৷
৩৷ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা দিয়া৷
উত্তৰ: ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, সেই শাখাটোকেই অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়৷
৪৷ কি কি কাৰকৰ বাব‍ে ভূ-পৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়?
উত্তৰ: ভূ-প্ৰকৃতি, ভূ-তাত্ত্বিক গঠনৰ পাৰ্থক্য, জলবায়ু, মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ আদি কাৰকৰ বাব‍ে ভূ-পৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়৷
৫৷ দুবিধ প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা৷
উত্তৰ: দুবিধ প্ৰাকৃতিক দুৰ্যোগ হ’ল— ভূমিকম্প আৰু বানপানী৷
৬৷ উপকূলীয় অঞ্চল কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?
উত্তৰ: উপকূলীয় অঞ্চল মাছৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যত আগবঢ়া৷
৭৷ ঘাঁহনিৰ প্ৰাচুৰ্যপূৰ্ণ অঞ্চলবোৰ কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?
উত্তৰ: ঘাঁহনিৰ প্ৰাচুৰ্যপূৰ্ণ অঞ্চলবোৰ পশুপালনত আগবঢ়া৷
৮৷ সাৰুৱা সমভূমি অঞ্চল কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?
উত্তৰ: সাৰুৱা সমভূমি অঞ্চল কৃষিৰ ক্ষেত্ৰত আগবঢ়া৷
৯৷ অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু কি?
উত্তৰ: অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু হ’ল—মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ৷
১০৷ আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন?
উত্তৰ: আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ হ’ল জৰ্জ ছিজ্‌হ’ম৷
১১৷ জৰ্জ ছিজহ’মৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি?
উত্তৰ: জৰ্জ ছিজহ’মৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য হ’ল এখম ঠাইৰ অৰ্থনৈতিক গতি আৰু দিশ নিৰ্ণয় কৰা৷
১২৷ মানুহৰ অৰ্থনৈতিক‍ বৃত্তি কেই প্ৰকাৰৰ?
উত্তৰ: মানুহৰ অৰ্থনৈতিক‍ বৃত্তি চাৰি প্ৰকাৰৰ৷
১৩৷ প্ৰাথমিক বৃত্তি মানে কি?
উত্তৰ: যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা নিজৰ প্ৰয়োজনীয় সম্পদ আহৰণ কৰে, তাক‍ে প্ৰাথমিক বৃত্তি বুলি কোৱা হয়৷
১৪৷ দ্বিতীয়ক বৃত্তি মানে কি?
উত্তৰ: যিবিলাক কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলে, সেইবিলাক কাৰ্যকে দ্বিতীয়ক বৃত্তি বুলি কোৱা হয়৷
১৫৷ তৃতীয়ক বৃত্তি মানে কি?
উত্তৰ: যিবিলাক কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়, সেইবিলাককে তৃতীয়ক বৃত্তি বুলি কোৱা হয়৷
১৬৷ চতুৰ্থক বৃত্তি মানে কি?
উত্তৰ:যিবিলাক কাৰ্যই দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সূচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে, সেইবিলাককে চতুৰ্থক বৃত্তি বুলি কোৱা হয়৷‍
১৭৷ প্ৰাথমিক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: প্ৰাথমিক বৃত্তিৰ এটা উদাহৰণ হ’ল— কৃষিকাৰ্য৷
১৮৷ দ্বিতীয়ক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: দ্বিতীয়ক বৃত্তিৰ এটা উদাহৰণ হ’ল— নিৰ্মাণকাৰ্য৷
১৯৷ তৃতীয়ক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: তৃতীয়ক বৃত্তিৰ এটা উদাহৰণ হ’ল— যাতায়ত৷
২০৷ চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ হ’ল— প্ৰশাসন৷

২০৷ চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ হ’ল— প্ৰশাসন৷

২১৷ অৰ্থনৈতিক ভূগোল অধ্যয়নৰ যিকোনো দুটা পদ্ধতি উল্লেখ কৰা৷
উত্তৰ: অৰ্থনৈতিক ভূগোল অধ্যয়নৰ দুটা পদ্ধতি হ’ল—আঞ্চলিক পদ্ধতি আৰু বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্ৰব্য সম্বন্ধীয় পদ্ধতি৷
২২৷ অৰ্থনৈতিক ভূগোলৰ যিকোনো দুটা শাখা উল্লেখ কৰা৷
উত্তৰ: অৰ্থনৈতিক ভূগোলৰ দুটা শাখা হ’ল—কৃষি ভূগোল আৰু ঔদ্যোগিক ভূগোল৷
২৩৷ বহনক্ষম উন্নয়ন মানে কি?
উত্তৰ: যি উন্নয়নে ভৱিষ্যৎ প্ৰজন্মসমূহৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাৰ সামৰ্থ্যৰ ক্ষেত্ৰত আপোচ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ নিজ নিজ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে, তাকে বহনক্ষম উন্নয়ন বুলি কোৱা হয়৷
২৪৷ সম্প্ৰতি কিয় সকলো অৰ্থনৈতিক কাৰ্যতে বহনক্ষম উন্নয়নত গুৰুত্ব দিয়া হৈছে?
উত্তৰ: যিহেতু সকলো অৰ্থনৈতিক কাৰ্য বা উন্নয়ন প্ৰক্ৰিয়া পৰিৱেশৰ লগত ওতপ্ৰোতভাৱে জড়িত, সেয়ে সম্প্ৰতি সকলো অৰ্থনৈতিক কাৰ্যতে বহনক্ষম উন্নয়নত গুৰুত্ব দিয়া হৈছে৷
২৫৷ কৃষি ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: কৃষি ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) কৃষিৰ প্ৰকাৰ
খ) কৃষিকাৰ্যৰ বিতৰণ আৰু পদ্ধতি৷
২৬৷ ঔদ্যোগিক ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: ঔদ্যোগিক ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) ঔদ্যোগিক সামগ্ৰীৰ বিতৰণ
খ) উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ৷
২৭৷ সম্পদ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: সম্পদ ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) সম্পদৰ প্ৰকাৰ
খ) সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক৷
২৮৷ পৰিবহণ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: পৰিবহণ ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) সম্পদৰ বিতৰণত পৰিবহণৰ ভূমিকা
খ) পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ৷
২৯৷ বজাৰ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: বজাৰ ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ
খ) বজাৰৰ প্ৰকাৰ আৰু বিতৰণ৷
৩০৷ পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ
খ) পৰিকল্পনা ব্যৱস্থা৷
৩১৷ পৰ্যটন ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: পৰ্যটন ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) পৰ্যটনৰ প্ৰকাৰ
খ) পৰ্যটন ব্যৱস্থাপ উন্নয়ন প্ৰক্ৰিয়া৷
৩২৷ সম্পদ কাক বোলে?
উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকেই সম্পদ বুলি কোৱা হয়৷
৩৩৷ সম্পদৰ যিকোনো দুটা উদাহৰণ দিয়া৷
উত্তৰ: সম্পদৰ দুটা উদাহৰণ হ’ল— বায়ু আৰু পানী৷
৩৪৷ মানুহৰ মৌলিক প্ৰয়োজন কেইটা আৰু কি কি?
উত্তৰ: মানুহৰ মৌলিক প্ৰয়োজন তিনি‍টা আৰু সেইকেইটা হৈছে— খাদ্য, বস্ত্ৰ আৰু বাসস্থান৷
৩৫৷ পৃথিৱীৰ যিকোনো বস্তুৱেই সম্পদ হয়নে?
উত্তৰ: পৃথিৱীৰ যিকোনো বস্তুৱেই সম্পদ নহয়৷ সম্পদ হ’বলৈ হ’লে বস্তু এটাৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগিব৷
৩৬৷ অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ বস্তু এটাৰ কি কি গুণ থাকিব লাগে?
উত্তৰ: অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ বস্তু এটাৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ থাকিব লাগে৷
৩৭৷ সম্পদৰ লগত মানুহ কি কি ধৰণে জড়িত?
উত্তৰ: সম্পদৰ লগত মানুহ দুই ধৰণে জড়িত— ক) সম্পদৰ উৎপাদক হিচাপে আৰু খ) সম্পদৰ উপভোক্তা হিচাপে৷
৩৮৷ প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰ: প্ৰাকৃতিক কাৰকৰ দ্বাৰা প্ৰকৃতিত সৃষ্টি হোৱা সম্পদসমূহকেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়৷
৩৯৷ মানৱসৃষ্ট সম্পদ কাক বোলে?
উত্তৰ: মানুহে নিজৰ জ্ঞআন, বুদ্ধি, দক্ষতা আৰু কৌ শলেৰে নিজৰ ব্যৱহাৰৰ উপযোগীকৈ যিবোৰ সম্পদ সৃষ্টি কৰি লয়, সেইবোৰকে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়৷

৪০৷ মানৱ সম্পদ বুলিলে কি বুজা?
উত্তৰ: প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ মানুহৰ কাৰ্যদক্ষতা, শি‍ক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় আৰু এনে গুণবিলাকৰ বাবেই মানুহকো এক শ্ৰেণীৰ সম্পদ হিচাপে ধৰা হয় আৰু এয়াই হৈছে মানৱ সম্পদ৷

৪১৷ দুবিধ প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া৷
উত্তৰ: প্ৰাকৃতিক সম্পদৰ দুটা উদাহৰণ হ’ল— উদ্ভিদ আৰু বন্যপ্ৰাণী৷
৪২৷ দুবিধ মানৱসৃষ্ট সম্পদৰ উদাহৰণ দিয়া৷
উত্তৰ: মানৱসৃষ্ট সম্পদৰ দুটা উদাহৰণ হ’ল— ঔষধ, গৃহ নিৰ্মাণ সামগ্ৰী৷
৪৩৷ নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে?
উত্তৰ: যিবিলাক সামগ্ৰীয়ে মানুহক কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে, তেনে সামগ্ৰীকেই নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয়৷
৪৪৷ প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনা কাক বোলে?
উত্তৰ: যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহক অপকাৰ সাধন কৰে, তেনে সামগ্ৰী বা পৰিঘটনাকেই প্ৰতিৰোধক সামগ্ৰী বা প্ৰতিৰোধক পৰিঘটনা বোলে৷
৪৫৷ দামোদৰ বান্ধ ক’ত অৱস্থিত?
উত্তৰ: দামোদৰ বান্ধ ঝাৰখণ্ডত অৱস্থিত৷
৪৬৷ সম্পত্তি বুলিলে কি বুজা?
উত্তৰ: যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, তেনে সামগ্ৰীকেই সম্পত্তি বুলি কোৱা হয়৷
৪৭৷ সম্পত্তিৰ যিকোনো দুটা বৈশিষ্ট্য লিখা৷
উত্তৰ: সম্পত্তিৰ দুটা বৈশিষ্ট্য হ’ল—
ক) সম্পত্তিৰ যোগান তুলনামূলকভৱে সীমিত আৰু ইয়াক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি৷
খ) সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ আৰু অপকাৰ দুয়োটাই হ’ব পাৰে৷  
৪৮৷ সম্পদ আৰু সম্পত্তিৰ মাজৰ যিকোনো এটা পাৰ্থক্য লিখা৷
উত্তৰ: সম্পদ আৰু সম্পত্তিৰ মাজৰ এটা পাৰ্থক্য হ’ল—সকলো সম্পত্তিয়েই সম্পদ, কিন্তু সকল‍ো সম্পদ সম্পত্তি নহ’বও পাৰে৷
৪৯৷ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি‍ সম্পদসমূহক বহলভাৱে কেইটা ভাগত ভাগ কৰা হৈছে?
উত্তৰ: সৃষ্টি প্ৰক্ৰিয়া অনুসৰি‍ সম্পদসমূহক বহলভাৱে তিনি‍টা ভাগত ভাগ কৰা হৈছে৷
৫০৷ প্ৰাকৃতিক সম্পদসমূহক কি কি অৱস্থাত পোৱা যায়?
উত্তৰ: প্ৰাকৃতিক সম্পদসমূহক গোটা, জুলীয়া, গেছীয়, ধাতৱ আৰু অধাতৱ অৱস্থাত পোৱা যায়৷
৫১৷ কাগজ কিহৰ পৰা প্ৰস্তুত কৰা হয়?
উত্তৰ: বাঁহৰ পৰা কাগজ প্ৰস্তুত কৰা হয়৷
৫২৷ খনিজ পদাৰ্থৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম লিখা৷
উত্তৰ: খনিজ পদাৰ্থৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তু হ’ল— ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য৷
৫৩৷ অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী পৃথিৱীৰ যিকোনো দুখন দেশৰ নাম লিখা৷
উত্তৰ: অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী পৃথিৱীৰ দুখন দেশ হ’ল— জাপান আৰু টাইৱান৷
৫৪৷ প্ৰাকৃতিক গঠন-বৈশিষ্ট্য আনুসৰি সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰ: প্ৰাকৃতিক গঠন-বৈশিষ্ট্য আনুসৰি সম্পদক জীৱীয় আৰু অজীৱীয়— এই দুই ভাগত ভাগ কৰা হৈছে
৫৫৷ জীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: জীৱীয় সম্পদৰ দুটা উদাহৰণ হ’ল— উদ্ভিদ আৰু প্ৰাণী৷
৫৬৷ অজীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: অজীৱীয় সম্পদৰ দুটা উদাহৰণ হ’ল— মাটি আৰু শিল৷
৫৭৷ ব্যৱহাৰৰ উপযোগিতা অনুসৰি সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰ: ব্যৱহাৰৰ উপযোগিতা অনুসৰি সম্পদক নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য— এই দুই ভাগত ভাগ কৰা হৈছে৷
৫৮৷ নৱীকৰণযোগ্য বা পুনঃসৃষ্টি‍ক্ষম সম্পদ কাক বোলে?
উত্তৰ: যিবিলাক সম্পদ অনৱৰত  ব্যৱহাৰ কৰি থকাৰ পাছতো নৱীকৰণ বা পুনঃসৃষ্টি কৰিব পাৰি, সেইবিলাকক সম্পদকেই নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়৷
৫৯৷ অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ কাক বোলে?
উত্তৰ: যিবিলাক সম্পদ অনৱৰত  ব্যৱহাৰ কৰি থকাৰ পাছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি, সেইবিলাকক সম্পদকেই অনৱীকৰণযোগ্য সম্পদ বা ক্ষয়শীল বুলি কোৱা হয়৷
৬০৷ নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ হ’ল— বায়ু আৰু পানী৷

৬১৷ অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ হ’ল— খনিজ তেল আৰু কয়লা৷
৬২৷ মালিকীস্বত্বৰ ভিত্তিত সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰ: মালিকীস্বত্বৰ ভিত্তিত সম্পদক তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সেইকেইটা হ’ল—ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক বা বিশ্ব সম্পদ৷
৬৩৷ ব্যক্তিগত সম্পদ কাক বোলে?
উত্তৰ: মানুহৰ নিজ নিজ অধিকাৰ বা দখলত থকা সম্পদসমূহকেই ব্যক্তিগত সম্পদ বুলি কোৱা হয়৷
৬৪৷ জাতীয় সম্পদ কাক বোলে?
উত্তৰ: এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সম্পদসমূহকেই জাতীয় সম্পদ বুলি কোৱা হয়৷
৬৫৷ আন্তৰ্জাতিক বা বিশ্ব সম্পদ কাক বোলে?
উত্তৰ: সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদসমূহক একেলগে আন্তৰ্জাতিক সম্পদ বা বিশ্ব সম্পদ বুলি কোৱা হয়৷
৬৬৷ ব্যক্তিগত সম্পদৰ দুটা উদাহণ দিয়া৷
উত্তৰ: ব্যক্তিগত সম্পদৰ দুটা উদাহণ হ’ল— কৰ্মদক্ষতা আৰু সা-সম্পত্তি৷
৬৭৷ জাতীয় সম্পদৰ দুটা উদাহণ দিয়া৷
উত্তৰ: জাতীয় সম্পদৰ দুটা উদাহণ হ’ল—ৰাস্তা-ঘাট আৰু অভয়াৰণ্য৷
৬৮৷ আন্তৰ্জাতিক সম্পদৰ দুটা উদাহণ দিয়া৷
উত্তৰ: আন্তৰ্জাতিক সম্পদৰ দুটা উদাহণ হ’ল—সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডল৷
৬৯৷ বিশ্ব সম্পদসমূহৰ উদ্‌ঘাটন আৰু ব্যৱহাৰ কোনটো সংস্থাই পৰিচালনা কৰে?
উত্তৰ: ৰাষ্ট্ৰসংঘই বিশ্ব সম্পদসমূহৰ উদ্‌ঘাটন আৰু ব্যৱহাৰ পৰিচালনা কৰে৷
৭০৷ বিতৰণ অনুসৰি প্ৰাকৃতিক সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰ: বিতৰণ অনুসৰি প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে আৰু সেইকেইটা হ’ল— চিৰবিৰাজমান সম্পদ আৰু স্থানিক সম্পদ৷
৭১৷ চিৰবিৰাজমান সম্পদ বুলিলে ‍কি বুজা?
উত্তৰ: যিবিলাক প্ৰাকৃতিক সম্পদ সকলো ঠাইতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ, তেনে প্ৰাকৃতিক সম্পদকে চিৰবিৰাজমান সম্পদ বুলি কোৱা হয়৷
৭২৷ স্থানিক সম্পদ বুলিলে ‍কি বুজা?
উত্তৰ: যিবিলাক প্ৰাকৃতিক সম্পদ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ ঠাইতহে উপলভ্য, তেনে প্ৰাকৃতিক সম্পদকে স্থানিক সম্পদ বুলি কোৱা হয়৷
৭৩৷ চিৰবিৰাজমান সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: চিৰবিৰাজমান সম্পদৰ দুটা উদাহৰণ হ’ল— সূৰ্যৰ ৰশ্মি আৰু বায়ু৷
৭৪৷ স্থানিক সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: স্থানিক সম্পদৰ দুটা উদাহৰণ হ’ল— কয়লা আৰু খনিজ তেল৷
৭৫৷ সম্পদ সংৰক্ষণ বুলিলে কি বুজা?
উত্তৰ: কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদৰ সংৰক্ষণ বুলি কোৱা হয়৷
৭৬৷ সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য কি?
উত্তৰ: সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য হ’ল—প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদসমূহ এনদেৰে আহৰণ কৰা যাতে ইয়াৰ পৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ৷
৭৭৷ পৃথিৱীত জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ এটা কাৰণ উল্লেখ কৰা৷
উত্তৰ: পৃথিৱীত জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ এটা কাৰণ হ’ল— অৰণ্য ধ্বংসকাৰ্য৷
৭৮৷ অসমৰ দুবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা৷
উত্তৰ: অসমৰ দুবিধ মূল্যৱান উদ্ভিদ হ’ল—অৰ্জুন আৰু অগৰু৷
৭৯৷ দুবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা৷
উত্তৰ: দুবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম হ’ল— সোণালী বন্দৰ আৰু শগুণ৷
৮০৷ IUCN-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: IUCN-ৰ সম্পূৰ্ণ নাম হ’ল— আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা (International Union for Conservation of Nature)৷

৮১৷ IUCN কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?
উত্তৰ: IUCN ৰাষ্ট্ৰসংঘ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত৷
৮২৷ UNESCO-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: UNESCO-ৰ সম্পূৰ্ণ নাম হ’ল—ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈ‍জ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (United Nation’s Educational, Scientific and Cultural Organization)৷
৮৩৷ UNESCO কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?
উত্তৰ: UNESCO ৰাষ্ট্ৰসংঘ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত৷
৮৪৷ কাৰ প্ৰচেষ্টাত IUCN গঠিত হৈছিল?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ প্ৰথম সঞ্চালকপ্ৰধান জুলিয়ান হাক্স্‌লেৰ প্ৰচেষ্টাত প্ৰচেষ্টাত IUCN গঠিত হৈছিল৷
৮৫৷ IUCN কেতিয়া গঠিত হৈছিল?
উত্তৰ: ১৯৪৮ চনত IUCN গঠিত হৈছিল৷
৮৬৷ IUCN-ৰ মূল উদ্দেশ্য কি?
উত্তৰ: IUCN-ৰ মূল উদ্দেশ্য হ’ল— সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা৷
৮৭৷ WWF-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: WWF-ৰ সম্পূৰ্ণ নাম হ’ল—বিশ্বজোৰা প্ৰকৃতি পুঁজি (World Wide Fund fof Nature)‍৷
৮৮৷ IUCN-ৰ নেতৃত্বত গঠন হোৱা দুটা সংস্থাৰ নাম লিখা৷
উত্তৰ: IUCN-ৰ নেতৃত্বত গঠন হোৱা দুটা সংস্থাৰ নাম হ’ল—IUCN আৰু  WCMC৷
৮৯৷ ভাৰতৰবৰ্ষৰ পৰিৱেশ সম্পৰ্কীয় মন্ত্ৰণালয়টোৰ নাম কি?
উত্তৰ: ভাৰতৰবৰ্ষৰ পৰিৱেশ সম্পৰ্কীয় মন্ত্ৰণালয়টোৰ নাম হ’ল— পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়৷
৯০৷ ভাৰতীয় বন গৱেষণা আৰু শি‍ক্ষা সংস্থা কেতিয়া গঠন কৰা হৈছি‍ল?
উত্তৰ: ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শি‍ক্ষা সংস্থা গঠন কৰা হৈছি‍ল৷
৯১৷ পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা ভাৰতৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা৷
উত্তৰ: পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা ভাৰতৰ দুটা বেচৰকাৰী সংস্থাৰ নাম হ’ল—বি‍জ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ (Centre for Science and Environment) আৰু গ্ৰীনপিছ ইণ্ডিয়া (Greenpeace India)৷
৯২৷ পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা অসমৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা৷
উত্তৰ: পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা অসমৰ দুটা বেচৰকাৰী সংস্থাৰ নাম হ’ল— ‘আৰণ্যক’ আৰু ‘অসম বি‍জ্ঞান সমিতি’৷
৯৩৷ বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ: ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়৷
৯৪৷ সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰাৰ বাবে যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা৷
উত্তৰ: সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰাৰ বাবে দুটা ব্যৱস্থা হ’ল—
ক) বিকল্প সম্পদৰ সন্ধান
খ) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস৷
৯৫৷ কপাহী সূতাৰ বিকল্প হিচাপে কি সম্পদ ব্যৱহাৰ কৰিব পাৰি?
উত্তৰ: কপাহী সূতাৰ বিকল্প হিচাপে কৃত্ৰিম আঁহ ব্যৱহাৰ কৰিব পাৰি৷
৯৬৷ প্ৰাকৃতিক ৰবৰৰ বিকল্প হিচাপে কি সম্পদ ব্যৱহাৰ কৰিব পাৰি?
উত্তৰ: প্ৰাকৃতিক ৰবৰৰ বিকল্প হিচাপে কৃত্ৰিম ৰবৰ ব্যৱহাৰ কৰিব পাৰি৷
৯৭৷ পুনৰাৱৰ্তন প্ৰক্ৰিয়া বুলিলে কি বুজা?
উত্তৰ: সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ যি প্ৰক্ৰিয়াৰ জৰিয়তে ব্যৱহাৰ-উপযোগী কেঁচা সামগ্ৰীৰ পুনৰ্বব্যৱহাৰ কৰা হয়, সেই প্ৰক্ৰিয়াকেই পুনৰাৱৰ্তন বুলি কোৱা হয়৷
৯৮৷ ৰাসায়নকি সাৰৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা উচিত?
উত্তৰ: ৰাসায়নকি সাৰৰ পৰিৱৰ্তে জৈৱ সাৰ ব্যৱহাৰ কৰা উচিত৷
৯৯৷ ৰাসায়নকি কীটনাশক দ্ৰব্যৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা উচিত?
উত্তৰ: ৰাসায়নকি কীটনাশক দ্ৰব্যৰ পৰিৱৰ্তে জৈৱ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা উচিত
১০০৷ সম্পদৰ প্ৰধান বৈশিষ্ট্যকেইটা লিখা৷
উত্তৰ: সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল— উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম৷

১০১৷ “সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব”— কোনে কৈছিল?

উত্তৰ: “সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব”— অৰ্থনীতিবিদ জিম্মাৰমেনে কৈছিল?

১০২৷ মানুহ এবিধ সম্পদ হয়নে?উত্তৰ: মানুহ এবিধ সম্পদ হয়৷

১০৩৷ খনিজ তেলৰ পৰা প্রস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম লিখা।
উত্তৰ: খনিজ তেলৰ পৰা প্রস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম হ’ল— ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য৷

SEBA Class X সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞান দ্বিতীয় অধ্যায় অৰ্থনৈতিক উন্নয়ন সম্পূৰ্ণ প্ৰশ্ন উত্তৰ

অর্থনৈতিক উন্নয়ন MCQ

1. ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল ?
(a) ১৯৫০ চনৰ মাৰ্চ মাহত
(b) ১৯৫১ চনৰ মাৰ্চ মাহত
(c) ১৯৫২ চনৰ মাৰ্চ মাহত
(d) ১৯৫৩ চনৰ মাৰ্চ মাহত
উত্তৰ: (a) ১৯৫০ চনৰ মাৰ্চ মাহত

2. NITI আয়োগৰ প্ৰথম বৈঠক ক’ত অনুষ্ঠিত হৈছিল ?
(a) মোম্বাই
(c) ডুবাই
(b) চেন্নাই
(d) দিল্লী
উত্তৰ: (d) দিল্লী

3. NITI আয়োগৰ অধ্যক্ষ কোন ?
(a) ৰাষ্ট্ৰপতি
(b) প্রধানমন্ত্রী
(c) লোকসভাৰ অধ্যক্ষ
(d) উপ-ৰাষ্ট্ৰপতি
উত্তৰ : (b) প্রধানমন্ত্রী

4. ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ লগত জড়িত স্তৰ কেহতা ?
(a) দুটা
(b) তিনিটা
(c) চাৰিটা
(d) পাঁচটা
উত্তৰ : (b) তিনিটা

5. আধুনিক প্রযুক্তিবিদ্যা প্রয়োগ কৰি কৃষিখণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হ’ল সেউজ বিপ্লৱ
(a) সঁচা
(b) মিছা
(b) সঁচা আৰু মিছা দুয়োটাই
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) সঁচা

6. মানৱ উন্নয়নৰ তিনিটা সূচকৰ এটা হ’ল –
(a) জীৱন যাত্ৰাৰ মান
(b) জীৱিকাৰ মান
(c) কাৰ্য্যৰ মান
উত্তৰ : (a) জীৱন যাত্ৰাৰ মান

7. এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্রাগত মূল্যই হ’ল –
(a) জনমুৰি আয়
(b) জাতীয় আয়
(c) গড় আয়
(d) পাঁচটা
উত্তৰ : (b) জাতীয় আয়

8. মানৱ উন্নয়নৰ স্তৰ কেইটা?
(a) দুটা
(b) তিনিটা
(c) চাৰিটা
(d) পাঁচটা
উত্তৰ: (c) চাৰিটা

9. NITI আয়োগ কেতিয়া গঠন কৰা হৈছিল ?
(a) ২০১২ চনত
(b) ২০১৩ চনত
(d) ২০১৫ চনত
(c) ২০১৪ চনত
উত্তৰ: (c) ২০১৫ চনত

10. ১৯৯১ চনৰ নতুন উদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ বাবে মুকলি কৰি দিছিল –
(a) ৫ টা উদ্যোগ
(b) ৬ টা উদ্যোগ
(c) ৮ টা উদ্যোগ
(d) ৯ টা উদ্যোগ
উত্তৰ: (d) ৯ টা উদ্যোগ

11. মানৱ উন্নয়নৰ সূচক কেইটা ?
(a) ৩ টা
(b) ৪ টা
(c) ৫ টা
(d) ৬ টা
উত্তৰ : (a) ৩ টা

12. মানৱ উন্নয়নৰ মধ্যবিন্দু কি?
(a) ৰাজ্যসভা
(b) লোকসভা
(c) ৰাজ্যচৰকাৰ
(d) জনসাধাৰণ
উত্তৰ: (d) জনসাধাৰণ

13. চৰকাৰী বিনিয়োগ আৰু কৰ্তৃত্বপূৰ্ণ উদ্যোগ প্রতিষ্ঠান সমূহৰ উৎপাদনী খণ্ডটোক কি বোলে ?
(a) ব্যক্তিগত খণ্ড
(b) ৰাজহুৱা খণ্ড
(c) চৰকাৰী খণ্ড
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) ৰাজহুৱা খণ্ড

14.তলৰ কোনটো উদ্যোগত সর্বাধিক সংখ্যক কৰ্মচাৰী নিয়োজিত হৈ আছে
(A) চেনী
(B)মৰাপাট
(C) বস্ত্র
(D)লো-তীখা
উত্তৰঃ (C)বস্ত্ৰ

15. ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ কোন ?
(A) প্রধান মন্ত্রী
(C) উপৰাষ্ট্ৰপতি
( B ) ৰাষ্ট্ৰপতি
(D) বিত্তমন্ত্রী
উত্তৰ : (A) প্ৰধান মন্ত্রী

16.ভাৰতত সমবায় আইনখন কেতিয়া গৃহীত হৈছিল ?
(A) ১৯১০ চনত
(C) ১৯১২ চনত
(B) ১৯১১ চনত
(D) ১৯১৩ চনত
Ans. : (C) ১৯১২ চনত

17.উত্তৰ-পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন হৈছিল ?
(A) ১৯৯৬ চনত
(B) ১৯৯০ চনত
(C) ১৯৯৩ চনত
(D) ১৯৯৯ চনত
Ans. : (A) ১৯৯৬ চনত

18.ভাৰতৰ বাণিজ্যিক শস্য হৈছে—
(A) ধানখেতি আৰু জোৱাৰ
(B) গোমধান, জোৱাৰ আৰু ধান
(C) কপাহ আৰু কুঁহিয়াৰ
(D) বজৰা আৰু ধানখেতি
উত্তৰ : (C) কপাহ আৰু কুঁহিয়াৰ

19. চাহ উৎপাদনত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত
(A)দ্বিতীয়
(B)তৃতীয়
(C)চতুর্থ
(D) প্রথম
উত্তৰ : (D)প্রথম

20.আটাইতকৈ বেছি ধান কোনখন ৰাজ্যই উৎপাদন কৰে?
(A)পশ্চিমবঙ্গ
(B) অন্ধ্র প্রদেশ
(C) তামিলনাডু
(D) মহাৰাষ্ট্ৰ
উত্তৰ : (A) পশ্চিমবঙ্গ

21.তলৰ কোনকেইবিধ উল্লেখযোগ্য বাৰিষাৰ শস্য ?
(A) ধান, গম আৰু কপাহ
(B)বার্লি, দাইল আদি
(C) ঘেঁহু, সৰিয়হ
(D) গম আৰু কুঁহিয়াৰ
উত্তৰ : (A) ধান, গম আৰু কপাহ ৷

22.ভাৰতত সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য লাভবান হৈছিল ?
(A) কুঁহিয়াৰ
(B) ধান
(C) ঘেঁহু
(D) মাকৈ
উত্তৰ : (C) ঘেঁহু

এটা বাক্যত উত্তৰ কৰা

১| (ক) অর্থনৈতিক বিকাশ (খ)অর্থনৈতিক উন্নয়ন (গ) মানব উন্নয়ন। (ঘ) অর্থনৈতিক পৰিকল্পনা। (ঙ) গণতান্ত্রিক পৰিকল্পনা (চ) উদাৰীকৰণ (ছ) ব্যক্তিগতকৰণ (জ) গােলকীকৰণ বা বিশ্বায়ন

উত্তৰঃ
(ক) অর্থনৈতিক বিকাশ:
অর্থনৈতিক বিকাশ হল দেশ এখনৰ জাতীয় আয় আৰু জনমূবি আয় বৃদ্ধি।

(খ) অর্থনৈতিক উন্নয়ন: দেশৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ মাধ্যমেৰে উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰি জীৱন ধাৰণৰ সাধাৰণ মানদণ্ড উন্নত কৰাকে অর্থনৈতিক উন্নয়ন বােলে।

(গ) মানৱ উন্নয়নঃ যি উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হােৱাটো বুজায় তাকেই মানব উন্নয়ন বােলে।

(ঘ) অর্থনৈতিক পৰিকল্পনা: নির্ধাৰিত এছােৱা সময়ৰ ভিতৰত কেতবােৰ সুনির্দিষ্ট লক্ষ্যত উপনীত হােৱাৰ উদ্দেশ্য এক কেন্দ্রীয় কর্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্রণ আৰু দিগদর্শনেই হ’ল অর্থনৈতিক পৰিকল্পনা।

(ঙ)গণতান্ত্রিক পৰিকল্পনা: যি পৰিকল্পনাৰ যুগতকৰণৰ বিভিন্ন পর্যায়ত ৰাইজৰ অংশগ্রহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ’ল গণতান্ত্রিক পৰিকল্পনা।

(চ) উদাৰীকৰণঃ দেশৰ আর্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ৰ শিথিলকৰা হ’ল উদাৰীকৰণ।

(ছ) ব্যক্তিগতকৰণঃ চৰকাৰী নিয়ন্ত্রণ আৰু ব্যৱস্থাপনৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া। নীতিয়েই হ’ল ব্যক্তিগতকৰণ।

(জ) গােলকীকৰণ বা বিশ্বায়নঃ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্ব অর্থনীতিৰ সংযােগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ’ল গােলকীকৰণ বা বিশ্বায়ন।

অৰ্থনৈতিক উন্নয়ন – চমু উত্তৰৰ প্ৰশ্ন

২) অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্মানৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা।
উত্তৰঃ অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উায়নৰ দুটা প্রধান পার্থক্য হল-

(ক) অর্থনৈতিক বিকাশৰ অৰ্থসীমিত; কিন্তু অর্থনৈতিক উন্নয়ন অর্থ বহল।

(খ) অর্থনৈতিক বিকাশ হলেই অর্থনৈতিক উন্নয়ন হৈছে বুলি ক’ব নােৱাৰি কিন্তু অর্থনৈতিক উন্নয়ন হ’ব লাগিলে অর্থনৈতিক বিকাশ হব লাগিব।

৩) মানব উন্নয়নৰ তিনিটা সূচক কি কি?
উত্তৰঃ মানব উন্নয়নৰ তিনিটা সূচক হ’ল-

  1. প্রত্যাশিত আয়ুস
  2. শিক্ষা
  3. জীৱন-যাত্ৰাৰ মান।

8) সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ?
উত্তৰ:
মানৱ উন্নয়নৰ ধাৰণাটোৰ লগত সমষ্টিগত পছন্দৰ সম্পর্ক ওতঃপ্রোত ভাবে জড়িত। মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰােপ কৰিছে। এই সমষ্টিগত পছন্দই অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লৈছে। দেশ এখনৰ প্ৰকৃত সম্পদ হ’ল দেশখনৰ জনসাধাৰণ আৰু সেয়ে মানুহৰ সামাজিক, সামূহিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন-যাত্ৰাৰ মান বৃদ্ধি হ’ব লাগে।

৫) ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা।
উত্তৰ: ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হল-

  • অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্রতৰ কৰা ৷
  • আর্থ-সামাজিক বৈষম্য দূৰ কৰা ৷
  • দৰিদ্ৰতা নির্মূল কৰা আৰু নিয়ােগৰ সা-সুবিধা সমূহ বৃদ্ধি কৰা ৷

৬) NITI আয়োগৰ সদস্যসকল কোন কোন?
উত্তৰঃ NITI আয়ােগৰ অধ্যক্ষ হ’ল প্রধানমন্ত্রী। এই আয়ােগৰ অন্যান্য সদস্যসকল হ’ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল, চাৰিগৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।

অৰ্থনৈতিক উন্নয়ন – দীঘল প্রশ্ন উত্তৰ

৭। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছােৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছােৱা (১৯৯১ ৰ পৰা বর্তমানলৈ)ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা।

উত্তৰ: ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নক ব্যাখ্যা দুটা ভাগত ভাগ কৰিব পাৰি— প্রথমে ১৯৫০-৫১চনৰ পৰা ১৯৯০-৯১ চনলৈ আৰু দ্বিতীয়তে ১৯৯০-৯১ চনৰ পৰা বৰ্তমানলৈ। ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ সময়ছােৱাত ভাৰতীয় অর্থনীতিৰ গুৰি ধৰোঁতা আছিল ৰাজহুৱা খণ্ড।ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ। ভাৰতবৰ্ষৰ আর্থিক ব্যবস্থা হৈছে মিশ্রিত আর্থিক ব্যৱস্থা। যি আর্থিক ব্যৱস্থাত ৰাজহুৱা বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আর্থিক ব্যবস্থাই হ’ল মিশ্রিত আর্থিক ব্যবস্থা। ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছােৱা সময়ত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। ভাৰতবৰ্ষক ঔদ্যোগিক নীতিয়ে সমাজবাদী সমাজ প্রতিষ্ঠা কৰাটো এক প্রধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। এই সময়ছােৱাত ভাৰতীয় অর্থনীতিৰ মূল লক্ষ্য সমূহ আছিল—

  1. অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তােলা।
  2. আধুনিক প্রযুক্তিবিদ্যা প্রয়ােগৰ ওপৰত গুৰুত্ব প্রদান ।
  3. আত্মনিৰ্ভৰশীলতা অর্জন কৰা।
  4. সামাজিক ন্যায় প্রতিষ্ঠা কৰা।

এই সময়ছােৱাত বেংক, বীমা, পৰিবহণ, ব্যৱসায়, কৃষি আদিৰ কিছু উন্নতি হ’ল। আনহাতে ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ দ্বিতীয়ছােৱাই ১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈ সামৰি লৈছে। এই সময়ছােৱাত ‘ভাৰতীয় অর্থনীতিৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ল। উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গােলকীকৰণৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্রাস পালে। এই তাৎপর্যপূর্ণ পৰিবৰ্তনৰ তিনিটা মূল কাৰণ। প্ৰথমতে, চৰকাৰী ব্যয় বৃদ্ধিৰ হাতকৈ চৰকাৰী আয় বৃদ্ধি কম হােৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। দ্বিতীয়তে, প্রধানকৈসীমিত উৎপাদনৰ ফলত সৃষ্টি হােৱা মুদ্রাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুর্বল শ্ৰেণীৰ লােকক বাৰুকৈয়ে জুৰুলা কৰিলে। তৃতীয়তে ১৯৯০-৯১ চনত ভাৰতীয় অর্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অর্থনীতিৰ পৰা মূলধনৰ বহিগৰ্ম হৈছিল। সেয়েহে বিশ্ব বেংকৰ পৰামর্শ অনুসৰি ভাৰতত অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰিলে যিয়ে উদাৰীৰণ,ব্যক্তিগতকৰণ আৰু গোলকীকৰণ অৰ্যসূচীক উদগনি যােগাইছিল।

৮। ভাৰতবৰ্ষতঅর্থনৈতিক সংস্কাৰপ্ৰৱর্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ: ১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈ ভাৰতীয় অর্থনীতি এক গুৰুত্বপূর্ণ পবির্তন সাধিত হ’ল।উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গােলকীকৰণ বা বিশ্বায়ণেৰ গুৰুত্ব বৃদ্ধি পালে আৰুৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্রাস পালে। এই তাৎপর্যপূর্ণ পৰিবৰ্তনৰ তিনিটা মূল কাৰণ তলত দিয়া হল-

(ক) চৰকৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হােৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়ােগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লােকচান ভৰিবলগীয়া হৈছিল। ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪ টাৰাজহ্বা খণ্ডৰ লােকচান ভৰা উদ্যোগৰ ভিতৰত ৫৮ টাইৰুগ্ন হৈ পৰিছিল।

(খ) দ্বিতীয়তে প্রধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হােৱা মুদ্রাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুর্বল শ্ৰেণীৰ লােকক বাৰুকৈয়ে জুৰুলা কৰিলে।

(গ) তৃতীয়তে, ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াবহ হৈ পৰিছিল। সেই সময়ছােৱাত নিম্নগামী ভাৰতীয় অর্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অর্থনীতিৰ পৰা মূলধনৰ বহির্গমন হৈছিল। ইয়াৰ ফলত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল। সেই সময়ত বিশ্ব বেংকেও পৰামৰ্শ আগবঢ়ালে যে ভাৰতীয় অর্থনীতিৰ গাঁথনিমূলক পৰিবৰ্তন হ’ব লাগে। তাৰ পিছত অর্থনৈতিক সংস্কাৰৰ কাৰ্যসূচী গ্রহণ কৰিলে।

৯) অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
উত্তৰঃ অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমূহৰ সুফলসমূহ হৈছে-
i) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে ǀ
ii) পাইকাৰী মূল্যসূচী পূৰ্বতকৈ হ্ৰাস পাইছে ǀ
iii) ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে।

১০) অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা উল্লেখ কৰা।

উত্তৰঃ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা হৈছে-
1) অৰ্থনীতিত প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা বৃদ্ধি কৰিছে ǀ বজাৰলৈ বিভিন্ন ধৰণৰ ন ন সা-সামগ্ৰী আহিব ধৰিছে ǀলাভালাভত গুৰুত্ব দিয়া বজাৰ সম্পৰ্কীয় বেছিভাগ প্ৰতিযোগিতাত সুস্হ মানসিকতা নিহিত নাথাকে ǀ
2) গোলকীকৰণৰ ফলত দেশখনে বা জনসাধাৰণে নিজৰ আত্মপৰিচয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ǀ গোলকীকৰণৰ বাবে বৰ্তমান সময়ত নিজস্বতা ধৰি ৰখাটো অতিশয় দূৰূহ কাৰ্য হৈ পৰিছেǀ ইতিমধ্যে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি আৰু জনগোষ্ঠীয়ে বাহিৰাগতৰ আগ্ৰাসনত নিজ সভ্যতা-সংস্কৃতি হেৰুৱাই বিলুপ্তিৰ দিশে আগবাঢ়িছে ǀ

১১) অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা ǀ

উত্তৰঃ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য হ’ল-

  1. জৈৱ বৈচিত্ৰ ৰক্ষা কৰি জলবায়ু পৰিবৰ্তনৰ সমস্যাটোৰ মোকাবিলা কৰা ǀ
  2. কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা ǀ
  3. দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা ǀ
  4. শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহন আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা ǀ
  5. শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্হাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা ǀ
  6. অহা দুটা তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশৈ বৃদ্ধি কৰা ǀ

অতি চমু প্রশ্নোত্তৰ

১। অর্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা?
উত্তৰঃ ৰাষ্ট্ৰৰ দ্বাৰা নিৰ্ধাৰিত নীতি অনুযায়ী অর্থনৈতিক কার্যকলাপ নিয়ন্ত্রণ কৰি জীৱন নির্বাহৰ মান উন্নয়নৰ কাৰনে যি সুনির্দিষ্ট পৰিকল্পনা হাতত লােৱা হয় তাকেই অর্থনৈতিক পৰিকল্পনা বােলে।

২। জনমুৰি আয় কি?
উত্তৰঃ জনমূৰি আয় হ’ল এখন দেশৰ সমূহ জনসাধাৰণৰ গড় আয়। দেশৰ জাতীয় আয় বা ৰাষ্ট্ৰীয় আয়ক, দেশৰ মুঠ জনসংখ্যাৰ মাজত ভাগ কৰি দিলে জনমুৰি আয় পােৱা যায়।

অথাৎ জনমুৰি আয় = মুঠ ৰাষ্ট্ৰীয় আয় / মুঠ জনসংখ্যা।

৩। ঋতুজ নিবনুবা কি?
উত্তৰ: ভাৰতবৰ্ষৰ কৃষি সমাজত ঋতুজ নিবনুৱা এটা স্বাভাৱিক অৱস্থা। জলবায়ু আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি থকা পৰম্পৰাগত কৃষিখণ্ডইবছৰৰ সকলাে সময়ত নিয়মিত ভাৱেকর্মসংস্থানৰ সুবিধা আগবঢ়াৰ নােৱাৰে। গতিকে খেতিয়কসকলে নিচ্ছাকৃতভাৱেবচৰৰ কেইমাহমান এনেয়ে ঘৰত বহিবলগীয়া হয়। এনে কর্মহীন খেতিয়ক সকলক ঋতুজ নিবনুৱা বােলে।

8। বজাৰ অর্থনৈতিক ব্যৱস্থাত চৰকাৰৰ ভুমিকা কেনে ধৰণৰ?
উত্তৰঃবজাৰ অর্থনৈতিকব্যৱস্থাত চৰকাৰৰ সক্রিয় প্রচেষ্ঠাতহে অর্থনৈতিক উন্নয়ন সম্ভৱ হৈ উঠে।সেয়েহেবজাৰঅর্থনৈতিক ব্যৱস্থাৰ সামাজিক আৰু অর্থনৈতিক দ্রুত পৰিবৰ্তনৰ ক্ষেত্ৰত দক্ষ আৰু দায়িত্বশীল চৰকাৰৰ প্রয়ােজন। এখন চৰকাৰে সেই দেশ নাইবা অঞ্চলৰ মুখ্য অর্থনৈতিক উৎপাদনক প্রভাতি আৰু নিয়ন্ত্রণ কৰিব পৰা ভূমিকা পালন কৰ্বি লাগে।

৫। বজাৰ অর্থনীতি বুলিলে কি বুজা?
উত্তৰঃ বজাৰ অর্থনীতি হ’লয’ত বজাৰ দুটা প্রধান শক্তি চাহিদা আৰু যােগানৰ, ক্রিয়া-প্রক্রিয়াৰ ফলত বজাৰ এখন পৰিচালিত হয়। অর্থাৎ, ইয়াৰ হিচাপত বস্তুৰ দাম, উৎপাদন, ভােগকাৰ্য্য, সঞ্চয়, বিনিয়ােগ ইত্যাদি নিয়ন্ত্রিত হয়।

৬। দাৰিদ্ৰ চক্ৰৰ মূল কাৰণ কি?
উত্তৰ দাৰিদ্ৰ চক্ৰৰ মূল কাৰণ হ’ল – মূলধন বিনিয়ােগৰ অভাৱ।

৭। মিশ্র অর্থনীতি কি?
উত্তৰঃ যি অর্থনীতিত উৎপাদন ব্যৱস্থা, কিছুমান ৰাজহুৱা খণ্ড (চৰকাৰৰ হাতত)ৰ তাত থাকে আৰু বাকীখিনি ব্যক্তিগত খণ্ডৰ হাতত থাকে, সেই অর্থনৈতিক ব্যবস্থাক মিশ্র অর্থনীতি বােলে। যেনেঃ- ভাৰতবর্ষ।

৮। উন্নয়নশীল ৰাষ্ট্রৰ নিম্ন মূলধন গঠনৰ এটা কাৰণ আঙুলিয়াই দিয়া।
উত্তৰ: এটা কাৰণ হ’ল – নিম্নমানৰ সঞ্চয় আৰু বিনিয়ােগৰ পৰিমাণ।

৯। ভাৰত্ৰৰ পৰিকল্পনা আয়ােগ কোন চনত গঠন কৰা হৈছিল?
উত্তরঃ ১৯৫০ চনত।।

১০। ভাৰতৰ দশম পঞ্চবার্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল ?
উত্তৰঃ ১ এপ্রিল ২০০২ ত।

SEBA Class X Social Science Geography অসমৰ ভূগোল সম্পূৰ্ণ প্ৰশ্ন উত্তৰ


অসমৰ ভূগোল MCQ

1) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গাৱৰ জনসংখ্যা কিমান শতাংশ ।
(a) 85.90%
(c) ৭২.১৯ %
(b) ৮৭.১০ %
(d) 90.90 %
উত্তৰ: (a) 85.90%

2) অসমত (২০১১) অনুসূচিত জনজাতিৰ জনসংখ্যা কিমান?
(a) ১২.৪১
(c) ১২.৪১
(b) 7.80
(d) ১২.৪৫
উত্তৰ: (d) ১২.৪৫

3) ২০১১ চনৰ তথ্য মতেৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিমান ?
(a) প্ৰতি বৰ্গকিলোমিটাৰত ৪৪৫ জন
(b) প্রতি বর্গকিলোমিটাৰত ৫৪৫ জন
(c) প্রতি বর্গকিলোমিটাৰত ৫৫০ জন
(d) প্রতি বর্গকিলোমিটাৰত ৫৫৫ জন
উত্তৰ : (b) প্রতি বর্গকিলোমিটাৰত ৫৪৫ জন

4) ২০১১ চনৰ তথ্য মতে কামৰূপ (মেট্রো) জনসংখ্যাৰ ঘনত্ব কিমান ?
(a) ২০২০ জন
(b) ২০১০ জন
(c) ২০১১ জন
(d) ২০২১ জন
উত্তৰ: (b) ২০১০ জন

5) জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহ জনজাতিটো কি?
(a) কছাৰী
(b) দেউৰী
(c) বড়ো
(d) সোণোৱাল কছাৰী
উত্তৰঃ (c) বড়ো

6) অসমৰ জনজাতিসকল মূলত : তলৰ কোণ প্ৰজাতিৰ লোক ?
(a) মংগোলীয়
(b) অষ্টিক
(c) আহোম
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) মংগোলীয়

7) কোন ধর্মালম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি?
(a) খ্রীষ্টান
(b) হিন্দ
(c) ইছলাম
(d) বৌদ্ধ
উত্তৰ ঃ (b) হিন্দু

8) অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণ কেইটা ?
(a) ৫ টা
(b) ৩ টা
(c) ২ টা
(d) ৪ টা
উত্তৰঃ (c) ২ টা

9) নাথ-যোগী জাতিৰ লোকসকল কোণ জন-গোষ্ঠীৰ অন্তৰ্গত ?
(a) মংগোলীয়
(b) অষ্ট্ৰিক
(c) ক’কেছীয়
(d) তিবতীয় বৰ্মন
উত্তৰঃ (c) ক’কেছীয়

10) গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাই পথটো (NH) হ’ল– (HSLC-2017)
(a) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ
(b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(d) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰ: (b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ

11) বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল—(HSLC-2018)
(a) ১০ খন
(b) ৭ খন
(c) ২০ খন
(d) ৬ খন
উত্তৰ : (b) ৭ খন

12) অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান অংশ আতৰি আছে?
(a) ২.১ শতাংশ
(b) ২.২ শতাংশ
(c) ২.৩ শতাংশ
(d) ২.৪ শতাংশ
উত্তৰ: (d) ২.৪ শতাংশ

13) ভাৰতবৰ্ষৰ কিমান শতাংশ লোক অসমত আছে।
(a) ২.৫ শতাংশ
(b) ২.৬ শতাংশ
(c) ২.৭ শতাংশ
(d) ২.২ শতাংশ
উত্তৰ: (b) ২.৬ শতাংশ

4) অসমৰ জলবায়ু কোন প্ৰকাৰৰ জলবায়ুৰ অন্তৰ্গত ?
(a) মৌচুমী জলবায়ুৰ অন্তৰ্গত
(b) উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত
(c) নাতি-শীতোষ্ণ জলবায়ুৰ অন্তৰ্গত
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (b) উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত

15) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান ?
(a) ৩ কোটি ১০ লাখ
(c) ৩ কোটি ১১ লাখ
(b) ৩ কোটি ১২ লাখ
(d) ২ কোটি ১৩ লাখ
উত্তৰ : (b) ৩ কোটি ১২ লাখ

16) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ পুৰুষৰ সংখ্যা কিমান?
(a) ১৫০.৩৯ লাখ পুৰুষ
(b) ১৫৮.৩৯ লাখ
(c) ১৫৯.৩৯ লাখ
(d) ১৫৯.৪০ লাখ
উত্তৰঃ (c) ১৫৯.৩৯ লাখ

17) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিতৰ হাৰ কিমান ?
(a) ৭২.১৬
(b) 93.59
(c) ৭২.১৯
(d) ৭২.১৭
উত্তৰ: (c) ৭২.১৯ শতাংশ

18) প্রশ্ন : অসমৰ বৰ্ত্তমান জিলা কেইখন ?
(a) ২৬
(b) ২৭
(c) ৩০
(d) ৩১
উত্তৰ: (d) ৩১খন

19) অসমৰ ৰাজ্যভাষা কি?
(a) হিন্দী
(b) বড়ো
(c) অসমীয়া
(d) বাংলা
উত্তৰ: (c) অসমীয়া

20) অসমত সৰ্বপ্ৰথম কেতিয়া ৰে’লসেৱা আৰম্ভ হৈছিল ?
(a) ১৮৮৪
(c) ১৯৮৪
(b) ১৮৮৫
(d) ১৯৮৫
উত্তৰ: (a) ১৮৮৪

21) অসমক মুঠ কেইটা কৃষি জলবায়বীয় অঞ্চলত ভাগ কৰা হৈছে ?
(a) ৫ টা
(b) ৬ টা
(c) ৭টা
(d) ৯ টা
উত্তৰ: (b) ৬ টা

22) অসমৰ প্ৰধান শস্য কি?
(a) গমধান
(b) জবধান
(c) ধান
(d) বড়োধান
উত্তৰ: (c) ধান

23) পাহাৰীয়া অঞ্চলত কৰা খেতি এবিধৰ নাম লিখা ?
(a) ঘেঁহু
(c) ঝুম
(b) আলু
(d) শাক-পাচলী
উত্তৰ: (c) ঝুম

24) অসমত সর্বপ্রথম কেতিয়া জাহাজ চলিবলৈ লয় ?
(a) ১৮৪৮
(b) ১৮৩৯
(c) ১৮৪৯
(d) ১৮৫০
উত্তৰ: (c) ১৮৪৯

25) অসমত পোণ প্রথমে কোণ ঠাইত তেলৰ সন্ধান পোৱা গৈছে ?
(a) লাম দিং
(b) নুন মাটি
(c) ডিগবৈ
(d) নুমলিগড়
উত্তৰ : (c) ডিগবৈ

26) মূগা সূতাৰ আন এটা নাম কি?
(a) ৰূপালী সূতা
(c) আছু সূতা
(b) সোণালী সূতা
(d) বাদামী সূতা
উত্তৰ : (b) সোণালী সূতা

27) অসমৰ বেছিজনসংখ্যা থকা জিলাখন কি?
(a) কামৰূপ গ্ৰাম্য
(b) কামৰূপ মেট্রো
(c) নগাওঁ
(d) ধুবুৰী
উত্তৰঃ (c) নগাওঁ

28) উত্তৰ পূৱ ভাৰতৰ ভিতৰত এক মাত্র আন্তৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি ?
(a) তেজপুৰ
(c) ডিব্ৰুগড়
(b) যোৰহাট
(d) লোকপ্রীয় গোপিনাথ বৰদলৈ বিমান বন্দৰ
উত্তৰ : (d) লোকপ্রীয় গোপিনাথ বৰদলৈ বিমান

29) অসমৰ ভূ-প্রাকৃতিক ভাগ কেইটা?
(a) চাৰিটা
(c) ছয়টা
(b) পাঁচটা
(d) তিনিটা
উত্তৰ : (a) চাৰিটা

30) অসমৰ অৰণ্য সমূহক কেইটা ভাগত ভাগ কৰিব পাৰি?
(a) 8 b
(b) ৫ টা
(c) ৬ টা
(d) ৭ টা
উত্তৰ: (b) ৫ টা

31) অসমত মুঠ কিমানখন অভয়াৰণ্য আছে?
(a) ১০ খন
(b) ১৫ খন
(c) ২০ খন
(d) ২৫ খন
উত্তৰঃ (c) ২০ খন

32) ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ কিমান শতাংশ গেছ অসমে উৎপন্ন কৰে ।
(a) ২৯ শতাংশ
(b) ২৭ শতাংশ
(c) ২৬ শতাংশ
(d) ২৫ শতাংশ
উত্তৰ: (d) ২৫ শতাংশ।

33) বৰ্ত্তমান অসমৰ জিলাসমূহত কিমান কেইখন বাণিজ্যিক পাম আছে ?
(a) ২৯ খন
(c) ৬৪ খন
(b) ৬২ খন
(d) ৬৫ খন
(i) উত্তৰঃ (c) ৬৪ খন

34) অসমৰ উদ্যোগসমূহক কেইপ্ৰকাৰে ভাগ কৰিব পাৰি?
(a) 5 প্ৰকাৰে
(b) ৬ প্ৰকাৰে
(c) ৭ প্ৰকাৰে
(d) ৮ প্ৰকাৰে
উত্তৰ : (a) ৫ প্রকাৰে

35) অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য্য কেতিয়া আৰম্ভ হয় ?
(a) ১৮৯০
(b) ১৮৮৯
(c) ১৮৮৮
(d) ১৮৮৭
উত্তৰ:(b) ১৮৮৯

36) অসমৰ আটাইতকৈ সেৰেঙা জনবসতিৰ জিলাখন কি ?
(a) দৰং জিলা
(c) ডিমা হাছাও
(b) বৰপেটা
(d) নগাঁও
উত্তৰ: (c) ডিমা হাছাও

37) অসমৰ এবিধ খনিজ সম্পদৰ নাম উল্লেখ কৰা ?
(a) কয়লা
(b) শিল
(c) বালি
(d) ওপৰৰ এটাও নহয
উত্তৰ : (a) কয়লা

অতি চমু প্ৰশ্নৰ উত্তৰ

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

a) বর্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হল— (ক) ১০ খন (খ) ৫ খন (গ) ২০ খন (ঘ) ৬খন।

উঃ (খ) ৫ খন।

b) ২০১১ চনৰ তথ্যমতে অসমৰ সবাতােকৈ ঘন বসতিপূর্ণ জিলা হৈছে— (ক) কামৰূপ মেট্র (খ) নগাঁও (গ) বৰপেটা (ঘ) গােৱালপাৰা।

উ : (ক) কামৰূপ মেট্র।

c) আহােমসকল অসমলৈ আহিছিল- (ক) ১২৩০ চনত (খ) ১২২৮ চনত (গ) ১২৩৫ চনত (ঘ) ১২৩৩ চনত

উ : (খ) ১২২৮ চনত।

d) মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলাখন হ’ল— (ক) কোকৰাঝাৰ (খ) ডিমা হাছাও (গ) কাৰ্বি আংলং (ঘ) কাছাৰ।

উ : (গ) কাৰ্বি আংলং।

e) সম্প্রতি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথক বাদ দি কিমান কিলােমিটাৰ পথ পকীকৰণ হৈছে?

উঃ ২৫,৫৪৬ কিলােমিটাৰ পথ পকীকৰণ হৈছে।

e) ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে?

উঃ ২০১১ চনৰ তথ্য মতে অসমত ৭ খন প্রথম শ্রেণীৰ আৰু ৬খন দ্বিতীয় শ্রেণীৰ চহৰ আছে। প্রথম শ্ৰেণীৰ চহৰ ৭ খন হ’ল— গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যােৰহাট, নগাওঁ, তেজপুৰ আৰু তিনিচুকীয়া। দ্বিতীয় শ্রেণীৰ ৬ খন চহৰ হ’ল— ধুবুৰী, ডিফু, উত্তৰ লক্ষীমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গােৱালপাৰা।

চমু প্ৰশ্নৰ উত্তৰ

১। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবােৰ, উদাহৰণসহ চমুকৈ আলােচনা কৰা।

উ : অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণসমূহ হ’ল—

  1. যাতায়াত ব্যৱস্থা:  অসমৰ সকলাে ঠাইতে যাতায়াত ব্যৱস্থা সুচল নহয়। যিবােৰ অঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নত সেইবােৰ অঞ্চলত জনসংখ্যা ঘনত্ব অধিক। উদাহৰণ স্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ নগাওঁ, বৰপেটা, গােৱালপাৰা আদি জিলাসমূহত বসতিৰ ঘনত্ব অধিক। কিন্তু পার্বত্য জিলা কার্বিআংলং আৰু ডিমাহাছাওত যাতায়াত ব্যৱস্থা সুচল নথকাৰ কাৰণে জনবসতিৰ ঘনত্ব কম।
  2. নগৰৰ ওপৰত ভিত্তি কৰি: নগৰবােৰত সাধাৰণতে গাওঁ অঞ্চলতকৈ বেপাৰ-বাণিজ্য, যাতায়াতে, শিক্ষা আদিৰ ক্ষেত্ৰত অধিক সুবিধা থকা বাবে গাঁও অঞ্চলতকৈ নগৰ অঞ্চলবােৰত জনসংখ্যা ঘনত্ব অধিক।
  3. প্রাকৃতিক পৰিৱশেৰ ভিন্নতা: অসমৰ প্রাকৃতিক পৰিৱেশ সকলাে ঠাইতে একে নহয়। ইয়াৰ কোনাে অঞ্চলৰ ভূমি সাৰুৱা, কোনাে অঞ্চলৰ ভূমি কম সাৰুৱা। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাটি সাৰুৱা হােৱা বাবে উপত্যকা দুটাত জনসংখ্যা ঘনত্ব অধিক। ইয়াৰ বিপৰীতে কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখনত সাৰুৱা মাটিৰ অভাৱৰ বাবে জনসংখ্যাৰ ঘনত্ব সেৰেঙা। ২০১১ চনৰ তথ্যমতে ২,৮২৬,০০৬ জনসংখ্যাৰে নগাওঁ জিলাখন অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা হিচাপে আৰু ২১৩,৫২৯ জনসংখ্যাৰে ডিমা হাছাও জিলাখন আটাইতকৈ কম জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত হৈছে।
  4. কৃষি: অসমৰ সৰহভাগ লােক কৃষিৰ ওপৰত নিৰ্ভৰশীল। যিবােৰ অঞ্চলত কৃষিভূমিৰ বাবে সাৰুৱা ভূমিৰ পৰিমাণ বেছি সেইবােৰ অঞ্চলৰ জনবসতিৰ ঘনত্ব অধিক। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটি সাৰুৱা বাবে ইয়াত অসমৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ লােক বাস কৰে।

২। সম্পদ বুলিলে কি বুজায়? অসমৰ প্রধান প্রাকৃতিক সম্পদবােৰ কি কি?

উ : মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সকলাে বস্তুকেই সম্পদ বােলা হয়। সম্পদ বুলিলে আমাৰ পৰিৱেশত থকা সেইবােৰ দ্ৰব্য বা বস্তুক বুজা যায়, যিবােৰ বস্তুৰ ব্যৱহাৰে আমাৰ অভাৱ আৰু অভিলাষ পূৰণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে বতাহ, পানী, মাটি, উদ্ভিদ ইত্যাদি। অসমৰ প্রধান সম্পদবােৰ চাৰি ভাগত ভাগ কৰিব পাৰি। যেনে- (ক) খনিজ সম্পদ (খ) জল সম্পদ (গ) ভূমি সম্পদ আৰু (ঘ) বনজ সম্পদ।

প্রঃ ৩। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবােৰ কি কি?

উ : অসমৰ প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবােৰ হ’ল—

  • জনসংখ্যাৰ হেঁচাত ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্তন হৈ বনাঞ্চলৰ ভূমিৰ অনুপাত হ্রাস হৈছে।
  • প্রাকৃতিক সম্পদৰাজিৰ ব্যৱহাৰ সঠিক নােহােৱাৰ ফলত সম্পদৰ নাটনি, গুৰুতৰ পাৰিৱেশিক আৰু আর্থ- সামাজিক সমস্যাৰ সৃষ্টি হৈছে।
  • অবাধ গতিত বন ধ্বংস কার্য চলি থকাটোও প্রাকৃতিক সম্পদ অৱক্ষয়ৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হ’বলৈ ধৰিছে।
  • অসমত নগৰীকৰণ আৰু ঔদ্যোগীকৰণ প্ৰক্ৰিয়াৰ ফলত প্রাকৃতিক সম্পদসমূহৰ ওপৰত ইয়াৰ প্রত্যক্ষ আৰু পৰােক্ষ প্রভাৱ বৃদ্ধি পাইছে। প্রাকৃতিক সম্পদ আৱক্ষয়ৰ ইয়াে এটা কাৰণ।

৪। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।

উ : অসম ঔদ্যোগিক বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা সত্বেও ঔদ্যোগিক ক্ষেত্ৰত পিছ পৰি আছে। ইয়াৰ কাৰণসমূহ হল—

  1. প্ৰচুৰ সম্ভাৱনা থকা সত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ।
  2. ৰাজ্যখনৰ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সু-সংহত পৰিকল্পনাৰ অভাৱ।
  3. উদ্যোগিক বিকাশৰ বাবে পর্যাপ্ত মূলধনৰ অভাৱ।
  4. অনুন্নত পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা।
  5. ঔদ্যোগিকৰণৰ বাবে লাগতিয়াল আন্তঃগাঁথনিৰ অভাৱ।
  6. উদ্যোগ স্থাপনৰ বাবে সৰল আৰু শিথিল, উদ্যোগ নীতিৰ অভাৱ।
  7. ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যােগান আৰু বিতৰণ নিয়মীয়া আৰু পর্যাপ্ত নহয়।

৫। অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবােৰ উল্লেখ কৰা

উ : অসম অতীতৰে পৰা প্রাকৃতিক সৌন্দর্যৰে ভৰা ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পর্যটন খণ্ডত অপর্যাপ্ত অনুন্নত পৰিবহণ ব্যৱস্থা, মূলধন বিনিয়ােগ, বিদেশী পর্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ, পর্যটনস্থলীসমূহৰ দুৰ্বল আন্তঃগাঁথনি আদি সমস্যাৰ বাবে পর্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হােৱা নাই

৬। অসমৰ প্ৰধান তৈলক্ষেত্র সমূহ উল্লেখ কৰা।

উঃ অসমৰ প্ৰধান তৈলক্ষেত্ৰবােৰ হ’ল- ডিগবৈ, মৰাণ, দুলিয়াজান, নাহৰকটীয়া, ৰুদ্ৰসাগৰ, গেলেকী, বৰহােলা, লাকোৱা আৰু আমগুৰি তৈলক্ষেত্র।

৭। অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উঃ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগটো হৈছে চাহ উদ্যোগ। অসমৰ চাহ পৃথিৱী বিখ্যাত। ভাৰতত উৎপাদিত চাহৰ আধাতকৈ বেছি অংশ অসমত উৎপন্ন হয়। ২০১২ চনৰ তথ্য মতে, অসমত মুঠ ৭৬৫ খন চাহ বাগিছা আৰু ৭৮০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে। অসমত মুঠ ৩১৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। অসমতে ২০০৯ চনত ৫০০ হেজাৰ টন আৰু ২০১২ চনত প্রায় ৫৯০ হেজাৰ টন চাহ অসমে উৎপাদন কৰিছিল। অসমৰ চাহ উদ্যোগত দৈনিক গড়ে ৬.৮৬ লাখ লােক নিয়ােজিত হৈ আছে। ভাৰতৰ চাহ বৰ্ডৰ তথ্যমতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্রায় ৮৮ হেজাৰ হেক্টৰ মাটিত চাহ খেতি কৰি প্রায় ১০৭ হেজাৰ টন চাহ উৎপাদন কৰিছে।

৮| অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বর্ণনা দিয়া।

উঃ অসমৰ কৃষি উপযােগী জলবায়ু আৰু মাটিৰ বাবে ইয়াত বিভিন্ন প্রকাৰৰ খাদ্য শস্য আৰু অৰ্থকৰী শস্য উৎপন্ন হয়। এই কৃষিজাত শস্য বিলাকক কেঁচা সামগ্রী হিচাপে লৈ উদ্যোগ স্থাপন কৰাৰ সুযােগ অসমত আছে। বর্তমান অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবিলাক হৈছে- চাহ উদ্যোগ, বন উদ্যোগ, ৰবৰ উদ্যোগ, ৰেচম উদ্যোগ, কাগজ উদ্যোগ আৰু খাদ্য প্রস্তুতকৰণ উদ্যোগ আদি। কৃষিভিত্তিক উদ্যোগৰ এটা প্রধান ভাগ হৈছে খাদ্য প্রস্তুতকৰণ উদ্যোগ। অসমৰ হাবিত প্ৰচুৰ বন সম্পদেৰে ভৰা আৰু এই সম্পদ ব্যৱহাৰ কৰি কাগজ, প্লাইউদ আদি উদ্যোগ গঢ় লৈ উঠিছে।

অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ হৈছে চাহ। ভাৰতৰ লগতে গােটেই পৃথিৱীতে অসমৰ চাহৰ সুনাম আছে। অসমৰ অৰ্থনীতিত এই উদ্যোগে এক উল্লেখযােগ্য ভূমিকা পালন কৰি আহিছে। অসমৰ ৰেচম উদ্যোগ ৰাজ্যখনৰ অন্যতম প্রধান কৃষিভিত্তিক উদ্যোগ। অসমত পৰম্পৰাগতভাৱে তিনি, প্রকাৰৰ, ৰেচম উৎপাদন কৰা হয়- এৰি, মুগা আৰু নুনী পাট। অসমৰ সমাজ-সংস্কৃতিত এই তিনিবিধ ৰেচমে গুৰুত্বপূর্ণ স্থান দখল কৰিছে। ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা এৰি, মুগা আৰু পাট কাপােৰে ভাৰতৰ লগতে পৃথিৱীৰ বিভন্ন দেশত সমাদৰ লাভ কৰিছে। ৰবৰ উদ্যোগ অসমৰ আন এটা উল্লেখযােগ্য কৃষিভিত্তিক উদ্যোগ।

৯। সম্প্রতি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথক বাদ দি কিমান কিলােমিটাৰ পথ পকীকৰণ হৈছে?

উঃ ২৫,৫৪৬ কিলােমিটাৰ পথ পকীকৰণ হৈছে।

১০ | ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে?

উঃ ২০১১ চনৰ তথ্য মতে অসমত ৭ খন প্রথম শ্রেণীৰ আৰু ৬খন দ্বিতীয় শ্রেণীৰ চহৰ আছে। প্রথম শ্ৰেণীৰ চহৰ ৭ খন হ’ল— গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যােৰহাট, নগাওঁ, তেজপুৰ আৰু তিনিচুকীয়া। দ্বিতীয় শ্রেণীৰ ৬ খন চহৰ হ’ল— ধুবুৰী, ডিফু, উত্তৰ লক্ষীমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গােৱালপাৰা।

১১। অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা।

উঃ ১৯৯১ চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিতৰ হাৰ আছিল   ৫২.৮৯ %  , ২০০১ চনত সেইয়া ৬৩.২৫ % আৰু ২০১১ চনৰ লোকপিয়ত ৭২.১৯ % হয়গৈ ǀ অৰ্থাৎ প্ৰতিটো দশকত অসমত ক্ৰমান্বয়ে শিক্ষিতৰ হাৰ বৃদ্ধি পায় অহা দেখা গৈছে । ১৯৯১ চনৰ লোকপিয়ল মতে পুৰুষৰ সাক্ষৰতাৰ হাৰ আছিল  ৬১.৯০ % আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৪৩.০০ % । ২০০১ চনৰ লোকপিয়লত পুৰুষৰ সাক্ষৰতাৰ হাৰ হয় ৭১.২৮ % আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৫৪.৬১ % । ২০১১ চনৰ লোকপিয়ল মতে পুৰুষৰ সাক্ষৰতাৰ হাৰ হয় ৭৭.৮৫ % আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৬.২৭ %  হয়গৈ ।

১২। ২০১১চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাহতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।

উঃ ২০১১ চনৰ তথ্যমতে অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখন হ’ল নগাঁও। ইয়াৰ মুঠ জনসংখ্যা হ’ল ২,৮২৬,০০৬ জন। আটাইতকৈ বেছি জনসংখ্যা ঘনত্ব থকা জিলাখন হ’ল কামৰূপ (মেট্র’) জিলা। ইয়াৰ জনসংখ্যাৰ ঘনত্ব প্রতিবর্গকিলােমিটাৰত ২০১০ জন। আটাইতকৈ কম জনসংখ্যা থকা জিলাখন হ’ল— ডিমা হাছাও। ইয়াৰ জনসংখ্যা ঘনত্ব প্রতিবর্গ কিলােমিটাৰত ৪৪ জন।

১৩। অসমলৈ প্রাচীন কালৰপৰা বর্তমান সময়লৈকে হােৱা জনপ্ৰব্ৰজনৰ সোঁতবােৰ একাদিক্রমে উল্লেখ কৰা।

উ : অসমলৈ প্রাচীন কালৰ পৰা বৰ্তমানলৈকে হোৱা। জনপ্ৰৱজনৰ সেতবােৰ একাদিক্রমে এনেধৰণৰ। অষ্ট্রিক জনগােষ্ঠী, মংগােলীয় গােষ্ঠী, ককেছীয় জনগােষ্ঠী, আর্যমূলৰ ইছলাম ধৰ্মীয় লােক, আহােমসকল, চাহ জনজাতিৰ লােক আৰু বাংলাদেশৰ পৰা অহা ভূমিহীন লােক।

১৪। অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা

উঃ ধান খেতিৰ পিছতে অসমৰ প্ৰচুৰ পৰিমাণে মাহজাতীয় শস্যৰ খেতি কৰা হয়। মাহজাতীয় শস্যৰ ভিতৰত মাটি মাহ, মগুমাহ, মচুৰমাহ, ৰহৰ মাহ, বুট মাহ আদি।

১৫। ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োেগ নীতিৰ প্রধান লক্ষ্যবােৰ কি কি?

উঃ অসম ঔদ্যোগিক উন্নয়নৰ বাবে অসম চৰকাৰে ২০০৮ চনত ঘােষণা কৰা উদ্যোগনীতি পর্যালােচনা কৰি ২০১৪ চনত অসম ঔদ্যোগিক নীতি আৰু বিনিয়ােগ নীতি ঘােষণা কৰে। এই উদ্যোগ আৰু বিনিয়ােগ নীতিৰ প্ৰধান লক্ষ্যবােৰ হ’ল-

  1. ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অর্থনৈতিক কার্যকলাপৰ বিকাশ ঘটাই। ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা।
  2. ৰাজ্যখনত বিশেষকৈ গ্ৰাম্যাঞ্চলত জনমূৰি আয় আৰু নিয়োেগৰ সুবিধা বৃদ্ধি কৰা।
  3. ৰাজ্যখনৰ অতি ক্ষুদ্র ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়ােগ বৃদ্ধি কৰা।
  4. বৃহৎ সংখ্যক দক্ষ লােক সৃষ্টি কৰা।

১৬। সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? উদাহৰণ দি বুজাই লিখা।

উঃ  মানুহৰ দৈনন্দিন জীৱনৰ লগত জড়িত উদ্যোগসমূহক সেৱা খণ্ডৰ উদ্যোগ বুলি কোৱা হয়। এই উদ্যোগবােৰৰ দ্বাৰা মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়। উদাহৰণস্বৰূপে-বাণিজ্য, যােগাযােগ আৰু পৰিবহণ, পর্যটন উদ্যোগ, হােটেল ব্যৱসায়, বেংক আৰু বীমা সেৱা, সকলােধৰণৰ ব্যৱসায়, লােক প্রশাসন আদি।

১৭। অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।

উ : অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ আগুৰি আছে। অর্থাৎ ইয়াৰ মাটিকালি ৭৮,৪৩৮ বর্গকিলােমিটাৰ। ২০১১ চনৰ লােকপিয়লৰ অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ ২.৬ শতাংশ লােক অসমত বাস কৰি আছে। অসমৰ মুঠ ৩১২.৫ লাখ আৰু ইয়াৰ ১৫৯,৩৯ লাখ পুৰুষ আৰু ১৫২,৬৬ লাখ মহিলা। প্রতি ১০০০ পুৰুষৰ বিপৰীতে ৯৫৮ জনী মহিলা আছে। ভাৰতৰ ১৯০১ চনৰ লােকপিয়লৰ তথ্য মতে অসমৰ জনসংখ্যা ঘনত্ব আছিল প্রতি বর্গকিলােমিটাৰত

৪২ জন। সময় আগবাঢ়ি যােৱাৰ লগে লগে জনসংখ্যা বৃদ্ধি হয় আৰু লগে লগে ইয়াৰ জনসংখ্যাৰ ঘনত্বও বৃদ্ধি পাই থাকে। ১৯৪১ চনত অসমৰ জনসংখ্যা ঘনত্ব বাঢ়ি প্রতি বর্গকিলােমিটাৰত ৮৫ জনলৈ বৃদ্ধি পায়। ইয়াৰ পিছত ১৯৯১ চনৰ লােক পিয়লৰ তথ্য অনুসৰি প্রতি বর্গকিলােমিটাৰত ২৮৬ জন, ২০০১ চনত ৩৪০ জন আৰু ২০১১ চনত ৩৯৮ জনলৈ বৃদ্ধি পাইছে।

১৮। ১৯০১ চনৰপৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলােচনা কৰা।

উ : ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমতাে দ্রুত গতিত জনসংখ্যা বৃদ্ধি হৈছে। ১৯০১ চনত অসমৰ মুঠ জনসংখ্যা আছিল, ৩,২৮৯,৬৮০ জন। এই সংখ্যা বাঢ়ি গৈ ১৯৪১ চনত হয় ৬,৬৯৪,৭৯০ জন। ইয়াৰ পৰা দেখা যায় যে চাৰিটা দহকত অসমৰ জনসংখ্যা দুগুণতকৈ অধিক বৃদ্ধি পাইছে। ১৯১১ চনৰ পৰা অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ক্রমে ১৯২১-১৯৩১ দহকত হয়গৈ ১৯.৯০ শতাংশ, ১৯৩১-১৯৪১ দহকত হয় ২০.৪০, ১৯৪১-১৯৫১ দহকত ১৯.৯৩ শতাংশ হাৰ বৃদ্ধি হৈ ১৯৫১ চনত অসমৰ জনসংখ্যা হয়গৈ ৮,০২৮,৮৬৫ জন।  আকৌ ১৯৫১-১৬৬১ৰ দহকত ৩৪.৯৮ শতাংশ হাৰত জনসংখ্যা বৃদ্ধি হৈ ২০১১ চনত অসমৰ মুঠ জনসংখ্যা হয় ৩১,২০৫,৫৭৬ জন।

দীঘলীয়া প্ৰশ্নৰ উত্তৰ

১। ভৌগােলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰণ পর্যালােচনা কৰা।

উঃ ভৌগােলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰৰ তাৰতম্য দেখা যায়। সাধাৰণতে যিবােৰ অঞ্চলৰ প্রাকৃতিক পৰিৱেশ অনুকূল নহয় বা যাতায়ত ব্যৱস্থা উন্নত নহয়, তেনে অঞ্চলৰবাৰত জনসংখ্যা সেৰেঙা বা কম। আনহাতে যিবােৰ অঞ্চলৰ প্রাকৃতিক পৰিৱেশ অনুকূল আৰু যাতায়ত ব্যৱস্থা অর্থনৈতিক অৱস্থা উন্নত সেইবােৰ অঞ্চলত জনবসতি ঘন। অসমৰ মুঠ জনসংখ্যা প্রায় ৮৫ শতাংশ লােক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰে। ২০০১ চনৰ লােকপিয়লৰ মতে, ব্রহ্মপুত্র উপত্যকাৰ জনসংখ্যা ঘনত্ব আছিল প্রতিবর্গকিলােমিটাৰত ১২২০ জন আৰু ২০১১ চনত হয়গৈ ১৫০২ জন। ব্ৰহ্মপুত্ৰ উপত্যকাতে আকৌ জনসংখ্যাৰ বিতৰণৰ পার্থক্য দেখা যায়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অঞ্চলতকৈ মধ্য অঞ্চল আৰু মধ্য অঞ্চলতকৈ নামনি অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি।

বৰাক উপত্যকাতাে সৰু-বৰ মালভূমি অঞ্চল, যাতায়তৰ সুবিধা, অর্থনৈতিক অৱস্থা আদিৰ বাবে জনবসতি ঘন। ২০১১ চনৰ তথ্যমতে, ইয়াৰ জনসংখ্যাৰ

ঘনত্ব আছিল প্রতিবর্গকিলােমিটাৰত ৫৪৫ জন। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনৰ ভূ-প্রাকৃতিক

অৱস্থা প্রতিকূল হােৱা বাবে ইয়াৰ জনসংখ্যা কম। ২০১১ চনৰ লােকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ঘনত্ব হৈছে। প্রতিবর্গকিলােমিটাৰত ৬৮ জন। এইদৰে ভৌগােলিক অঞ্চলভেদে, জিলাভেদে অসমৰ জনসংখ্যাৰ বিতৰণত তাৰতম্য আছে।

২। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা।

উঃ অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ কেইটা হল —

  • প্রাকৃতিক বৃদ্ধি: এইটো দৰাচলতে জন্ম আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। অসমৰ জনসংখ্যাৰ জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ গড় হাৰৰ মাজত বেছি পার্থক্য নাই। ২০১১ চনৰ তথ্যমতে ২০০১-২০১১ চনত অসমৰ বৃদ্ধিৰ হাৰ ১৭.৭%। এই সময়ছােৱাত ভাৰতবৰ্ষৰৰ এই হাৰ ১৭.০৭% ইয়াৰ অৰ্থ হ’ল ভাৰতবৰ্ষত যি প্রাকৃতিক বৃদ্ধিৰ হাৰত জনসংখ্যা বৃদ্ধি পাইছে সেই একেটা হাৰতে অসমৰ জনসংখ্যাও বৃদ্ধি হৈছে।
  • জনপ্ৰব্ৰজন: অসমৰ অসমৰ জনসংখ্যা বৃদ্ধিৰ এটা প্রধান কাৰণ হৈছে বাহিৰৰ পৰা অসমলৈ ঘটা জনপ্ৰব্ৰজন। অসমলৈ সময়ে সময়ে ভাৰতৰ আন আন প্ৰদেশৰ পৰা বেহা-বেপাৰ আৰু কর্ম সংস্থাপনৰ উদ্দ্যেশ্যে প্ৰব্ৰজন হয়। অসমলৈ প্ৰব্ৰজন ঘটা দুখন বিদেশী ৰাষ্ট্ৰ হ’ল— বাংলাদেশ আৰু নেপাল। অৱশ্যে ১৯৭১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমে হ্রাসহৈ বর্তমান স্বাভাৱিক অৱস্থালৈ আহিছে।
  • শিক্ষা/আধুনিক চিকিৎসা: পূর্বতে অসমৰ শিক্ষিত হাৰ একেবাৰে কম থকাৰ বাবে অন্ধবিশ্বাস আৰু কু-সংস্কাৰে অসমৰ গৰিষ্ঠ সংখ্যক অশিক্ষিত মানুহক আৱৰি ৰাখিছিল। ইয়াৰ ফলত জন্মৰ হাৰ বৃদ্ধি হৈছিল। বর্তমান সময়ত শিক্ষা দীক্ষাত মানুহে অধিক মুনােযােগ দিয়াত জন্মৰ হাৰ ক্রমে হ্রাস পাইছে। বর্তমান সময়ত আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়ােগৰ বাবে মানুহৰ গড় আয়ুস তুলনামূলক ভাৱে বৃদ্ধি পাইছে ফলস্বৰূপে মৃত্যুৰ সংখ্যা কমিছে। এই হ্রাস পােৱা মৃত্যুৰ হাৰৰ প্ৰভাৱতাে অসমৰ জনসংখ্যা বৃদ্ধি পাইছে।

৩। অসমৰ আহােমসকলৰ জনগােষ্ঠীয় পৰিচয় দাঙি ধৰা।

উ : অসমলৈ প্ৰব্ৰজন কৰা এটা জনগােষ্ঠী হ’ল আহােমসকল। আহােমসকল মূলতঃ মংগােলীয় জনগােষ্ঠীৰ লােক। ১২২৮ খ্রীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পর্বত পাৰ হৈ অসমলৈ আহে। তেওঁলােকে প্রথমতে উজনি অসমত থিতাপি লৈ আহােম ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত তেওঁলােকে গােটেই ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ অধীনলৈ আনে। আহােমসকলে অসমত প্রায় ৬০০ বছৰ ৰাজত্ব কৰে। সম্প্রতি আহােমসকলে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যােৰহাট, গােলাঘাট, লখিমপুৰ আৰু ধেমাজী জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শােণিতপুৰ জিলাত প্ৰধানকৈ বসতি কৰি আছে।

৪। পৰিবহণ ব্যৱস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলােচনা কৰা।

উ : পৰিবহণ ব্যৱস্থা হৈছে অর্থনৈতিক উন্নয়নৰ এক অপৰিহার্য উপাদান। পৰিবহণ ব্যৱস্থাৰ যােগেদি বিভিন্ন অঞ্চলৰ মাজত যােগাযােগ স্থাপন হােৱাৰ উপৰিও সম্পদ, কাৰিকৰী জ্ঞান, সভ্যতা-সংস্কৃতি আদিৰ আদান-প্রদান হয়। সুপৰিবহণ ব্যৱস্থাৰ ফলত এখন দেশৰ উন্নতিৰ লগতে নিয়োেগৰে সৃষ্টি হয়।

অসমৰ পৰিবহণ ব্যৱস্থা চাৰিটা ভাগত ভাগ কৰিব পাৰি। যেনে— জল পৰিবহণ, ৰেল পৰিবহণ, পথ পৰিবহণ আৰু বায়ু পৰিবহণ। পথ পৰিবহণ হৈছে আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থা। জনসাধাৰণৰ অহা-যােৱা আৰু মাল-বস্তু অনা-নিয়াৰ বাবে পথ পৰিবহণ সুচল। কম দূৰত্বৰ বাবে পথ পৰিবহণ ব্যৱস্থা অতিকে উপযােগী। অসমৰ গ্ৰাম্য অর্থনীতিত পথ পৰিবহণ ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ অৰিহণা আছে। অসমৰ আভ্যন্তৰীণ পথ পৰিবহণ ব্যৱস্থাত ৰাষ্ট্ৰীয় ঘাই পথৰ উপৰি আন পথসমূহৰ সক্রিয় ভূমিকা আছে।

          আনহাতে, ৰাষ্ট্ৰীয় ঘাই পথে অসমক উত্তৰ- পূবৰ ৰাজ্যসমূহৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্যৰ সৈতে সংযোেগ কৰি উন্নয়নৰ পথ সুগম কৰি তুলিছে। বর্তমান অসমৰ প্ৰতিখন জিলাত ৰেল পৰিবহণৰ ব্যৱস্থা কৰা হৈছে। ৰেল পৰিবহণে অসমৰ ব্যৱসায়- বাণিজ্যত এক বিশেষ অৰিহণা যােগাই অসমৰ অর্থনৈতিক উন্নয়নত যথেষ্ট সহায় কৰিছে। দীর্ঘ দূৰত্বৰ ক্ষেত্ৰত যাত্রী আৰু বয় বস্তু কঢ়িয়াই নিয়াৰ বাবে ৰেল পৰিবহণ ব্যৱস্থা সুচল আৰু নিৰ্ভৰযােগ্য। অসমৰ ৰে’ল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত আছে উত্তৰ-পূব ৰে’ল মণ্ডল। এই মণ্ডলৰ মুখ্য কার্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। অসমৰ জল পৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ পৰিবহণ ব্যৱস্থা। অসমৰ, প্ৰধানকৈ ব্ৰহ্মপুত্র নদীত জল পৰিবহণ ব্যৱস্থাৰ সুচল ব্যৱস্থা আছে যদিও বৰাক নৈ আৰু অন্যান্য উপনৈবােৰেদিও কিছু পৰিমাণে জল পৰিবহণৰ সুবিধা আছে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ব্রহ্মপুত্র নদীয়েদি ৮৯১ কিলােমিটাৰ জলপথৰ ব্যৱস্থা আছে। এই জল পৰিবহণে ব্যৱসায়-বাণিজ্যৰ বাবে বয়-বস্তু অনা-নিয়া কৰাত সহায় কৰি অর্থনীতিত এক বিশেষ অৰিহণা যােগাইছে। ইয়াৰ উপৰি ৰাজ্যখনৰ সুচল পথ পৰিবহণ

         নথকা ভিতৰুৱা অঞ্চলবিলাকক সামৰি যাত্ৰী আৰু বয়- বস্তু কঢ়িওৱাৰ বাবে বিভাগটোৱে ৬১ খন জাহাজ চলাচলৰ ব্যৱস্থা কৰিছে।

       অসমত বিমান পৰিবহণ ব্যৱস্থাও কিছু উন্নত হৈছে। গুৱাহাটীৰ বিমান বন্দৰটো লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ উন্নীত হৈছে। উত্তৰ- পূব ভাৰতৰ ভিতৰত এইটোৱেই একমাত্র আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। এই বিমান বন্দৰৰ যােগেদি গােটেই বিশ্বৰ লগত অসমৰ যােগাযােগ সম্ভৱ হৈছে। অসম হৈছে উত্তৰ-পূব ভাৰতৰ দুৱাৰ মুখ। এই দুৱাৰ মুখৰ জৰিয়তে ভাৰতবৰ্ষৰ লগতে উত্তৰ-পূব ভাৰতৰ লগতে ৰাজ্যসমূহৰ সংযােগ স্থাপন হৈছে। সেয়ে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ লগত উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক উন্নয়ন ওতঃপ্রােতভাৱে জড়িত হৈ আছে।

৫। অসমৰ জলপৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা।

উঃ অসমৰ জলপৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ। অসম এখন নদী মাতৃক দেশ। অসমৰ জলসম্পদ বুলিলে প্রধানকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী দুখনৰ লগতে এই নদী দুখনৰ বহু উপনৈসমূহক সামৰি লয়। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ ৮৯১ কিলােমিটাৰ নাব্য জলপথ আছে। বৰাক নদীৰ জলপথৰ দৈর্ঘ্য মুঠ ১২১ কিলােমিটাৰ। ১৯৮৮ চনত দেশৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ হিচাপে ব্রহ্মপুত্র জলপথ স্বীকৃত হৈছিল। এই জলপথটোৱে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক উন্নয়নত অৰিহণা যােগাই আহিছে। আনহাতে বৰাক নদীৰ লখিপুৰৰ পৰা ভাংগালৈ মুঠ ১২১ কিলােমিটাৰ নাব্য জলপথছােৱাক চৰকাৰে ২০১৩ চনত ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃত দিয়ে এই জলপথেৰে চলাচল কৰা জাহাজৰ সহায়ত অতি কম খৰচতে, কম সময়তে নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্রদেশৰ অর্থনৈতিক উন্নয়নত অৰিহণা যােগাইছে।

অসমৰ ব্ৰহ্মপুত্ৰৰ নদীত কেইবাটাও বন্দৰ থকাৰ উপৰিও ৩০ যােৰতকৈ অধিক ফেৰীঘাট আছে। বর্তমানলৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈসমূহত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ তিনিটা মণ্ডলত সৰ্বমুঠ ৯৬খন ফেৰী চলাচল কৰি আছে। ইয়াৰ উপৰি ব্যক্তিগত মালিকাধীন ভালেমান ফেৰী সেৱা ভুটভুটি নাও সেৱা অসমৰ নদীসমূহেদি চলি আছে। অসমত জলপৰিবহণ ব্যৱস্থাৰ উন্নতিৰ হকে দুটা চৰকাৰী সংস্থাই প্রচেষ্টা চলাই। আছে। এই সংস্থা দুটা হৈছে কেন্দ্রীয় আভ্যন্তৰীণ জলপৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। এই সংস্থা দুটাৰ প্রধান দায়িত্ব হৈছে— জলপৰিহণৰ ক্ষেত্ৰত জলসম্পদৰ উপযুক্ত ব্যৱহাৰ কৰা, সস্তীয়া জলপৰিবহণৰ সহায়ত যাত্রী আৰু বয়বস্তু অন- নিয়া কৰা, ব্যৱসায়িক ভিত্তিত অঞ্চলটোৰ জলপথসমূহ সঠিকভাৱে ব্যৱহাৰ কৰা আদি। পাণ্ডুকে ধৰি ব্ৰহ্মপুত্ৰৰ কেইবাটাও সৰু নদী বন্দৰ আছে।

৬। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা।

উ : অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ তলত উল্লেখ করা হল-

  1. মালভূমি, পাহাৰ, সমভূমি, জলাশয়, প্লাৱন ভূমি আদিৰে বৈশিষ্ট্যপূর্ণ অসমৰ ভিন্ন ভূ-প্রকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়।
  2. অসম ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে আৰু সেইবাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে।
  3. বাট-পথ নির্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ সিমান উপযুক্ত নহয়। তাৰােপৰি বাৰিষা কালত হােৱা প্ৰচুৰ বৰষুণৰ বাবে বাট-পথ সহজে নষ্ট হয়।
  4. ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসম ভাৰতৰ আন কিছুমান ৰাজ্যৰ তুলনাত এতিয়াও পিছপৰি আছে। ইয়াৰ প্রধান কাৰণ হৈছে অসমৰ অনুন্নত পৰিবহণৰ ব্যৱস্থা। ঔদ্যোগিক বিকাশ হ’লে সমান্তৰালভাৱে অসমৰ পৰিবহণ ব্যৱস্থাও উন্নত হ’ব।
  5. অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে এতিয়াও যথােপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হােৱা নাই। পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চিতভাবে ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থাও উন্নতি হ’ব।

৭। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বােজা (সমস্যা) নে সম্পদ? আলােচনা কৰা।

উঃ অসমত দ্রুতগতিত জনসংখ্যা বৃদ্ধি পাইছে। এই বৃহৎ জনসংখ্যাৰ সমস্যাটো ৰাজ্যখনৰ এক বােজা হৈ পৰিছে। বর্ধিত জনসংখ্যাই কৃষিভূমিৰ ওপৰত হেঁচা দিছে। খাদ্য শস্যৰ নাটনিয়ে দেখা দিয়াত মানুহে অৰণ্য ধ্বংস কৰিছে। মটৰ-গাড়ী, ৰাস্তা-ঘাট আদিত জনসমাগম বৃদ্ধি পাইছে। বধিত জনসংখ্যাৰ অভাৱ পূৰণ কৰিবলৈ ৰাজ্যখনত নতুন নতুন উদ্যোগ-কাৰখানা স্থাপন হৈ আছে। উদ্যোগৰ পৰা নিৰ্গত ধোঁৱা, ছাই পেলনীয়া পদার্থই ৰাজ্যখনৰ বায়ু, পানী, মাটি আদি প্ৰদূষিত কৰিছে। তাৰ লগে লগে মানুহৰ বেমাৰৰ সৃষ্টি হৈছে। ফলত বর্ধিত জনসংখ্যা ৰাজ্যখনৰ বাবে এক বােজা হৈ পৰিছে।

। অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।

উঃ অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা হ’ল-

  1. নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চল: এই অঞ্চলটো কামৰূপকে ধৰি নামনি অসমৰ দহখন জিলাক সামৰি লৈছে। ইয়াৰ মুঠ ৯.৩০ লাখ হেক্টর ভূমিত ৪.৬৯ লাখ হেক্টৰ আৰু এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  2. উত্তৰ পাৰৰ সমভূমি অঞ্চল : এই অঞ্চলটোত দৰং জিলাৰ সৈতে মুঠ পাঁচখন জিলাত মুঠ ৫৩৭ লাখ হেক্টৰ মাটিত খেতি কৰা হয়। ইয়াৰ ৩.৩৬ লাখ হেক্টৰ মাটিত বছৰত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  3. মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চল: মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চলত ৩.২৮ লাখ হেক্টর ভূমিত খেতি কৰা হয়। ইয়্যৰ ০.৮৬ লাখ হেক্টর ভূমিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  4. উজনি ব্রহ্মপুত্র উপত্যকা অঞ্চল : এই অঞ্চলটোত মুঠ ৬.২০ লাখ হেক্টর ভূমিত খেতি কৰা হয়। ইয়াৰ ১.৯৪ লাখ হেক্টর ভূমিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  5. বৰাক উপত্যকা অঞ্চল: বৰাক উপত্যকা অঞ্চলটোৱে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাক সামৰি লৈছে। এই অঞ্চলত মুঠ ২.৪২ লাখ হেক্টৰ ভূমিত খেতি কৰা হয়। ইয়াৰ ১.০২ লাখ হেক্টর ভূমিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  6. পার্বত্য অঞ্চল : কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনক সামৰি পার্বত্য অঞ্চলটোত মুঠ ১.৫৪ লাখ হেক্টর ভূমিত খেতি কৰা হয়। ইয়াৰ ১.০১ লাখ হেক্টর মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।

৯। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে চমুকৈ আলােচনা কৰা।

উঃ অসম এখন কৃষি প্রধান ৰাজ্য হােৱাৰ বাবে কৃষিয়েই হৈছে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি। অসমৰ অর্থনৈতিক উন্নতিত কৃষিখণ্ডই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। অসমৰ মুঠ কর্ম নিয়ােজিত লােকৰ ভিতৰত ৫৩ শতাংশতকৈয়াে অধিক লােক কৃষি খণ্ডত প্রত্যক্ষ আৰু পৰােক্ষভাৱে নিয়ােজিত হৈ আছে। অসমৰ কৃষিখণ্ডৰ জৰীপৰ মতে, ২০১০-২০১১ বৰ্ষত ২৮.১১ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল। অর্থাৎ অসমৰ মুঠ ৮৮ শতাংশ মাটিত খেতি কৰা হৈছিল। অসমত প্ৰধানকৈ তিনিপ্ৰকাৰৰ খেতি কৰা হয়। সেইবােৰ হ’ল— শালিধান, আহুধান আৰু বড়ােধান।

অসমত তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয়, যেনে-আহু ধান, শালিধান আৰু বড়ােধান। ইয়াৰ ভিতৰত শালি ধানৰ খেতি বিস্তৃতভাবে কৰা হয়। ধানৰ উপৰি অসমৰ প্রধান খাদ্যশস্য হৈছে- ঘেঁহু, গােমধান আৰু নানাবিধ মাহ। জাতীয় শস্য। অসমৰ কাৰ্বি আংলং আৰু ডিমা হাচাও পার্বত্য জিলা দুখন সামৰি লােৱা পার্বত্য কৃষি-জলবায়বীয় অঞ্চলটোত ঝুম খেতিয়ে প্রাধান্য লাভ কৰিছে। ২০১১ বৰ্ষত মুঠ ০.৭৬ লাখ মেট্রিক টন শস্য উৎপাদন কৰা হৈছিল। অসমৰ ৰাজহৰ এক বুজন পৰিমাণ কৃষি খণ্ডৰ পৰাই লাভ কৰা হয়।

১০| অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে ?

উঃ মানৱ সম্পদ যিহেতু এখন দেশৰ শ্ৰেষ্ঠ সম্পদ, সেয়েহে ইয়াৰ ওপৰত দেশ এখনৰ প্রগতি নির্ভৰ কৰে। তলত দিয়া বিষয়কেইটাত গুৰুত্ব দিলেহে অসমত

প্রকৃতাৰ্থত মানৱ সম্পদ গঢ়ি উঠিব—

  1. শিক্ষিত হাৰ বৃদ্ধি: দেশৰ জনসাধাৰণক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব। উপযুক্ত মানৱ সম্পদ গঠন কৰিবলৈ ৰাজ্যখনৰ শিক্ষা বিষয় আৰু শিক্ষা পদ্ধতি সলনি কৰি কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। তাৰ বাবে অধিক কাৰিকৰী শিক্ষানুষ্ঠান গঢ়ি তুলিব লাগিব।
  2. কর্ম দক্ষতা : অসমত বহুত শিক্ষিত যুৱক-যুৱতী উপযুক্ত উচ্চ শিক্ষাৰে শিক্ষিত হৈয়াে কর্মহীন হৈ ঘৰতে বহি আছে। সেয়েহে কর্মদক্ষতা বৃদ্ধি কৰি অসমৰ অর্থনৈতিক খণ্ডসমূহত নিয়ােগৰ ব্যৱস্থা কৰিব লাগিব।
  3. সৱলীকৰণ : জনসাধাৰণৰ দুর্বল শ্ৰেণীৰ লােক, বিশেষকৈ দৰিদ্র, অক্ষম আৰু মহিলাসকলক উপযুক্তভাৱে সবলীকৰণ কৰিব লাগিব।
  4. প্রাকৃতিক সম্পদৰ সুব্যৱহাৰ: কেৱল অর্থনৈতিক উন্নতিৰ নামত প্রাকৃতিক সম্পদৰাজি (ভূমি, বন, জল আদি) অবিবেচকভাৱে ব্যৱহাৰ কৰিলে নহ’ব, বহনক্ষম উন্নয়ন লক্ষ্যৰে প্রাকৃতিক সম্পদৰ সুপৰিকল্পিত ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব।

। অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা।

উ : পাহাৰৰ নামনিত হাবি জংঘল পুৰি ছাফা কৰি পৰম্পৰাগত পদ্ধতিৰে কৰা খেতিক ঝুমখেতি বােলা হয়। অসমৰ কাৰ্বি আংলং আৰু ডিমাহাছাও পার্বত্য জিলা দুখনত প্রধানকৈ ঝুম খেতি কৰা হয়। কাৰ্বি আংলং জিলাৰ মুঠ মাটি কালিৰ ৬৬ শতাংশ অঞ্চল আৰু ডিমাহাছাও জিলাৰ ৮৫ শতাংশ অঞ্চলত ঝুম খেতি কৰা হয়। একেড় মাটিত কেইবাবছৰ ধৰি খেতি কৰাৰ পিছত মাটৰ উৰ্বৰতা হ্রাস পালে আন এডােখৰ ঠাই নির্বাচন কৰি তাত ঝুম খেতি নতুনকৈ আৰম্ভ কৰা হয়। এনেদৰে ঠাই সলাই কৰা ঝুম খেতি জনজাতীয় লােকসকলৰ সমাজ-সংস্কৃতি আৰু জীৱন ধাৰণ প্ৰণালীৰ লগত ওতঃপ্রােতভাৱে জড়িত হৈ আছে।

১২। অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবােৰ কি কি?

উঃ অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবােৰ তলত উল্লেখ কৰা হ’ল–

  • ৰাজ্যখনৰ সামগ্রিক উন্নতিৰ বাবে কৃষি, উদ্যোগ, শক্তি, পৰিবহণ, সেৱা খণ্ড আদি অর্থনৈতিক খণ্ডসমূহৰ মাজত সুসমন্বয় স্থাপন কৰি আগবাঢ়িব লাগিব।
  • কৃষিক্ষেত্ৰত আধুনিক পদ্ধতি প্রয়ােগ কৰিলে অসমৰ অর্থনৈতিক উন্নয়ন হব।
  • অসমত থকা প্রাকৃতিক সম্পদবােৰ উপযুক্তভাৱে ব্যৱহাৰ কৰি অসমৰ অর্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰিব লাগিব।
  • যােগাযােগ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি সাধন কৰিব লাগিব।
  • ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পর্যটন খণ্ডত অপর্যাপ্ত মূলধন বিনিয়োেগ, অনুন্নত পৰিবহণ ব্যৱস্থা, বিদেশী পর্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ, পর্যটনস্থলীসমূহৰ দুৰ্বল আন্তঃগাঁথনি আদি সমস্যাৰ বাবে পর্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হােৱা নাই।

১৩। অসমৰ কৃষি উন্নয়নৰ সমস্যাবােৰ উল্লেখ কৰা।

উঃ অসম কৃষি প্রধান ৰাজ্য যদিও কৃষি উন্নয়নৰ ক্ষেত্ৰত অসমে বহুতাে সমস্যাৰ সন্মুখীন হৈ আছে।

  1. অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পুৰণিকলীয়া পদ্ধতিৰে প্ৰচলিত হৈ আছে।
  2. অসমৰ খেতিয়কসকলৰ খেতি মাটি সৰু সৰু খণ্ডত বিভক্ত হােৱা বাবে সেইবােৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্রয়ােগ কৰিবলৈ অসুবিধা ফলত উৎপাদন বৃদ্ধি পােৱা নাই।
  3. অসমত জলসিঞ্চন পদ্ধতি উন্নত নহয়। ফলত কৃষকে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হােৱাৰ বাবে উৎপাদন আশানুৰূপ হােৱা নাই।
  4. বানপানী, গৰাখহনীয়া আদিৰ বাবে অসমৰ খেতিপথাৰ প্রতিবছৰে নদীত জাহ যায়।
  5. শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপােৱাৰ পদ্ধতিও উন্নত নহয়।
  6. অসমত কৃষকসকলে উন্নত মানৰ বীজ, সাৰ, কৃষি সঁজুলি আৰু কৃষি ঋণ ৰেহাই হাৰত সহজে পাব পৰা ব্যৱস্থাৰ অভাৱ। অসমত কৃষিখণ্ড আৰু কৃষি ভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই।
  7. অসমত কৃষিখণ্ড আৰু কৃষি ভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই।
  8. ভিতৰুৱা কৃষি অঞ্চল আৰু নগৰ-চহৰৰ বজাৰৰ মাজত উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ অভাৱ।

১৪। অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।

উঃ অসম জলসম্পদত চহকী। ব্রহ্মপুত্র, বৰাক আৰু ইয়াৰ উপনৈসমূহে দেশৰ প্রায় এক তৃতীয়াংশ জলসম্পদ বহন কৰিছে। ৰাজ্যখনত অলেখ সৰু-ডাঙৰ পিতনি আৰু জলাহৰ উপৰিও প্রায় তিনি হাজাৰৰাে অধিক আর্দ্রভূমি আছে। এইবােৰত প্ৰধানকৈ নানা প্রকাৰৰ মাছ আৰু ভিন ভিন প্রজাতিৰ জলজ উদ্ভিদ পােৱা যায়। সমভূমি অঞ্চলত ভূ-পৃষ্ঠৰ পৰা প্রায় ৫ মিটাৰ গভীৰতাৰ ভিতৰত ভূ-তল জলস্তৰ পােৱা যায়। পৃষ্ঠ জলৰাশিৰ দৰে ভূ-তলজল ৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰি ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ হয়।

১৫। অসমত কি কি ধানৰ খেতি কৰা হয় ? এইকেইটাৰ বিষয়ে চমুকৈ লিখা।

উঃ অসমত প্ৰধানকৈ তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয়।

  • শালিধান
  • আহুধান
  • বড়ােধান

(ক) শালি ধান: অসমত শালিধানৰ খেতি অধিক বিস্তৃত ভাৱে কৰা হয়। অসমৰ মুঠ ধান খেতিৰ ৭০ শতাংশ ভূমিত শালি ধানৰ খেতি কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা ভূমিত শালিধানৰ খেতি ভাল হয়। শালি ধানৰ খেতি ৰােপণ পদ্ধতিৰে জুলাই, আগষ্ট মাহত আৰম্ভ হয় আৰু নবেম্বৰ ডিচেম্বৰ মাহত চপােৱা হয়।

(খ) আহু ধান: আহুধানৰ খেতি বিশেষকৈ নামনি অসমৰ সাৰুৱা সমভূমি অঞ্চলত কৰা হয়। আহু খেতি ৰােপণ আৰু সিঁচন দুয়াে পদ্ধতিৰে কৰা হয়। এই খেতি মার্চ মাহত আৰম্ভ কৰি জুন, জুলাই মাহত চপােৱা হয়।

(গ) বড়াে ধান : বড়াে ধান কম-বেছি পৰিমাণে, অসমৰ সকলােবােৰ জিলাত কৰা হয়। বড়াে ধানৰ খেতি সাধাৰণতে দ ঠাইত কৰা হয়। এই খেতি শীতকালত। আৰম্ভ কৰি বাৰিষা জুন, জুলাই মাহত বানপানী অহাৰ আগে আগে চপােৱা হয়।

১৬। অসমৰ মীন উদ্যোগৰ বর্তমান অৱস্থা কেনেকুৱা?

উ : অসম হৈছে নদী মাতৃক দেশ। অসমত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী দুখন আৰু ইয়াৰ অসংখ্য সৰু-বৰ উপনৈ, বিল- খাল, এৰা সূতি, পিতনি, জলাশয়, আদি আছে। মাছ। উৎপাদনত নগাঁও জিলা প্রথম স্থানত আৰু কাছাৰ আৰু ধুবুৰী জিলাত ক্রমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। যােৱা দহ বছৰৰ ভিতৰত অসমত মাছৰ পােনা উৎপাদন প্রায় ২.৫ গুণ বৃদ্ধি পাইছে যদিও মাছৰ উৎপাদন কেৱল ১.৫ গুণহে বৃদ্ধি পাইছে।

সেয়ে দেখা যায় অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনত বিশেষ অৰিহণা মােগাব পৰা নাই। ৰাজ্যৰ ঘৰুৱা উৎপাদন খণ্ডলৈ মীন উদ্যোগৰ অৰিহণা হৈছে ২ শতাংশ। অসমৰ মীন উদ্যোগে ঘৰুৱা চাহিদাও পূৰণ কৰাত ব্যৰ্থ হৈছে। প্রতি বছৰ অসমৰ ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ অসমে ০.২০ লাখ টন মাছ। বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়। ৰাজ্যখনত বছৰি ০.৫২ লাখ টন মাছৰ নাটনি হয় আৰু সেয়েহে মাছৰ দাম অধিক হাৰত বৃদ্ধি হ’ব ধৰিছে।

Class 10 Maths Exercise 1.4 Assamese Medium

Class 10 Maths Exercise 1.4 Assamese Medium ১) দীৰ্ঘ হৰণ নকৰাককৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত (সাবধি)...