js

Friday, April 1, 2022

অষ্টম শ্ৰেণী অসমীয়া পাঠ ১১ অতীতক নাযাবা পাহৰি

অতীতক নাযাবা পাহৰি

-ডাঃ হেমেন্দ্ৰ  নাথ দত্ত

প্রশ্ন ১। উত্তৰ দিয়া :

 ( ) কোনবােৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়

উত্তৰঃ অতীতৰ শিল্প কলা , স্থাপত্য , ভাস্কর্য , লিপি , মুদ্রা , বুৰঞ্জী প্রসিদ্ধ স্থান , দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য , বুৰঞ্জী , বিজ্ঞান , ধর্ম , দর্শন আদিৰ সম্ভেদ দিয়ে তেনে সম্পদবােৰকেই কলা সম্পদ বুলি কোৱা হয় ।

 ( ) অতীতৰ কিহৰ বিষয়ে এই সম্পদবােৰে কয়

উত্তৰঃ কলা সম্পদবােৰে অতীতৰ শিল্পকলা , স্থাপত্য , ভাস্কর্য , লিপি , মুদ্রা , বুৰঞ্জী প্রসিদ্ধ স্থান , দলিল আদিৰ বিষয়ে কয় । 

( ) কোন বিলাক সম্পদক প্রত্নতাত্ত্বিক সম্পদ বােলে

উত্তৰঃ প্রাচীন মঠ – মন্দিৰ , লিপি , বাচন-বর্তন , আ – অলংকাৰ আদি সম্পদ বিলাকক প্রত্নতাত্ত্বিক সম্পদ বােলে । 

( ) প্রত্নতত্ত্ব বুলিলে কি বুজা ? পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ । 

উত্তৰঃ  প্রাচীন মঠ – মন্দিৰ , লিপি , বাচন – বৰ্তন , আ – অলংকাৰ আদি সম্পদ বিলাকৰ বিজ্ঞান সন্মত অধ্যয়নক প্রত্নতত্ত্ব বােলে । পুৰণি কালৰ কলাসম্পদ সমূহৰ অধ্যয়নৰ জৰিয়তে সেই সময়ৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী , বসতি স্থান , কলা – সংস্কৃতি , ধর্ম , দর্শন আদিৰ বিষয়ে জানিব পাৰো । 

( ) মহেঞ্জোদাৰৰ আৰু হৰপ্পাৰ খনন কার্যত কি উদ্ধাৰ হৈছে বুলি কৈছে ?

উত্তৰঃ মহেঞ্জোদাৰাে আৰু হৰপ্পাৰ খনন কার্যত বাচন-বর্তন , কেইপদমান আ – অলংকাৰ , নলা – নর্দমা , থকা ঘৰ , গা – ধােৱা ঘৰ আদি উদ্ধাৰ হৈছিল । 

( ) সূর্য পাহাৰ কোন জিলাত অৱস্থিত

উত্তৰঃ  সূর্য পাহাৰ গােৱালপাৰা জিলাত অবস্থিত । 

( ) তেজপুৰৰ ওচৰৰ  বৰা চুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল ?

 উত্তৰঃ তেজপুৰত ওচৰৰ বৰা চুবুৰী গাঁৱত পােৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল ।

(সূর্য পাহাৰৰ খনন কার্যত কি কি উদ্ধাৰ হৈছিল ?

উত্তৰঃ সূর্য পাহাৰৰ খনন কার্যত শিলেৰে নির্মিত বৌদ্ধস্তূপ , জৈনধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভ নাথৰ ভাস্কর্য , শিৱলিংগ , গণেশ আদিৰ মূর্তি উদ্ধাৰ হৈছিল । 

( ) গােৱালপাৰা জিলাৰ ‘ পাগলাটেক’ত কি উদ্ধাৰ হৈছিল ?

উত্তৰঃ গােৱালপাৰা জিলাৰ পগলাটেকত পােৰা মাটিৰ বৌদ্ধস্তূপৰ  বিৰল ভাস্কর্য উদ্ধাৰ হৈছিল ।

 ( ) গােলাঘাট জিলাৰ বৰ পথাৰ অঞ্চলৰ ‘ ‘ডুবৰণি’ক প্রাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্র বুলি কিয় কোৱা হৈছে বুজাই লিখা । 

উত্তৰঃ গােলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ডুবৰণিক প্রাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কোৱা হয় । কাৰণ এই অঞ্চলৰ ওচৰে – পাজৰে উদ্ধাৰ হােৱা প্রাচীন লিপিসমূহৰ পৰা আমি সেই সময়ত ধর্ম , সমাজ , সাহিত্য , ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ ।

কেৱল লিপিয়েইনহয় ডুবৰণি অঞ্চলত প্রত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদঘাটন কৰা প্রাচীন ইটাৰে নির্মিত মন্দিৰৰ ভেটি , শিৱলিংগ আদিয়ে অতীতত ডুবৰণি অঞ্চলত বিকাশ লাভ কৰা ভাস্কর্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে ।

 ( ) গুৱাহাটী নগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰদ্বাৰা কিহৰ মূর্তি উদ্ধাৰ হৈছিল

উত্তৰঃ গুৱাহাটী নগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা নটৰাজৰ মূর্টি উদ্ধাৰ কৰা হৈছিল ।

 ( ) শিৱসাগৰ জিলাৰ চৰাইদেউত আহােম স্বৰ্গদেউৰ সমাধি ক্ষেত্র মৈদামসমূহ উদ্ধাৰ হৈছে । মৈদাম সমূহত উদ্ধাৰ হােৱা সামগ্ৰীসমূহ কি কি আছিল ? এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে লিখা । 

উত্তৰঃ শিৱসাগৰ জিলাৰ চৰাইদেউত উদ্ধাৰ হােৱা আহােম স্বৰ্গদেউৰ ৰাজকীয় সমাধি ক্ষেত্র মৈদাম উদ্ধাৰ হৈছে । বৃহৎ আকাৰৰ অৰ্দ্ধ গােলাকৃতিৰ মৈদাম সমূহৰ স্থাপত্য সমগ্র ভাৰততে বিৰল । ইয়াত উদ্ধাৰ হােৱা সামগ্ৰীসমূহ হ’ল মৃতকৰ লগত সমর্পণ কৰা শৰাই , সঁফুৰা , হাতী দাঁতৰ সামগ্রী , সােণৰ অলংকাৰ অৱশেষ আদি । চীনদেশৰ ৰাজকীয় সমাধি ক্ষেত্ৰৰ লগত এই মৈদাম – সংস্কৃতিৰ সাদৃশ আছে ।

 প্রশ্ন ২। শব্দার্থ লিখা :

উত্তৰঃ প্রত্নতত্ত্ব :-  প্রাচীন মুদ্রা , মূর্তি , মঠ – মন্দিৰ , আ – অলংকাৰ , বাচন – বৰ্তন , গৃহাৱশেষ আদিৰ পৰা বিজ্ঞান সন্মতভাৱে তথ্য নির্ণয় কৰা বিদ্যা , পুৰাতত্ত্ব । 

ভগ্নাৱশেষ :-  ভাগি চিগি ৰৈ যােৱা অংশ বিশেষ ।

ভাস্কর্য :-  শিলত কটা মূর্তি আদি , শিলত কটা শিল্প ।

স্তুপ :- থুপ , দম । 

ঐতিহাসিক :-  ইতিহাস সম্পর্কীয় ।

উদঘাটন :-  মুকলি কৰা কার্য ।

ঐতিহ্য :- আগৰে পৰা চলি অহা ৰীতি – নীতি , সংস্কাৰ – সংস্কৃতি ।

গৌৰৱ :- সুনাম , সন্মান । 

প্রশ্ন ৩। চমুটোকা লিখা 

( ) শ্রীশ্রীসূর্য পাহাৰ

উত্তৰঃ এই পাহাৰখনি গােৱালপাৰা জিলাত অৱস্থিত এখনি ঐতিহাসিক তথা প্রত্নতত্ত্বসম্বলিত পাহাৰ । ইয়াত বহুতাে প্রাচীন সমল স্তুপীকৃত হৈ আছে । খনন কার্যৰ দ্বাৰা ইয়াত উদ্ধাৰ হৈছে শিলেৰে নির্মিত বৌদ্ধস্তূপ , জৈন ধর্মৰ আদি গুৰু নেমিনাথ আৰু ঋষভ নাথৰ ভাস্কর্য , শিৱলিংগ , গণেশ আদিৰ মূর্তি । এইবােৰৰ সমাবেশে শ্রীশ্রীসূর্য পাহাৰক বিভিন্ন ধর্মীয় সমাজৰ মিলন ভূমি ৰূপে চিহ্নিত কৰিছে । 

( ) মৈদাম

উত্তৰঃ মৰা মানুহ পােতা বা পােৰা ঠাই , কবৰ , মৰিশালী । মৰিশালী হলেও মৈদামবােৰ আগৰে পৰাই সজাই পৰাই বা বিশেষ ধৰণে সুৰক্ষিত কৰি ৰক্ষাৰ ব্যৱস্থা চলি  আহিছিল । অতি পুৰণি মৈদামবােৰৰ খনন কাৰ্যৰ দ্বাৰা মৃতকৰ লগত দিয়া অনেক মূল্যবান  বস্তু উদ্ধাৰ কৰি সেইবােৰৰ ওপৰত প্রত্নতাত্ত্বিক অধ্যয়ন কৰি বুৰঞ্জী তথা সভ্যতা – সংস্কৃতিৰ অনেক কথা জানিব পৰা গৈছে ।

( ) ডুবৰণি

উত্তৰঃ গােলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ডুবৰণি প্রাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্র । এই অঞ্চলৰ ওচৰে – পাজৰে উদ্ধাৰ হােৱা প্রাচীন লিপিসমূহৰ পৰা আমি সমাজ , ধর্ম , সাহিত্য , ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ ।

কেৱল লিপিয়েই নহয় ডুবৰণি অঞ্চলত প্রত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদঘাটন কৰা প্রাচীন ইটাৰে নির্মিত মন্দিৰৰ ভেটি , শিৱ – লিংগ আদিয়ে অতীতত ডুবৰণি অঞ্চলত বিকাশ লাভ কৰা ভাস্কর্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে । 

( ) নটৰাজ

উত্তৰঃ ঘাইকৈ নৃত্যৰত শিৱক নটৰাজ কোৱা হয় । নটৰাজৰ মূর্তি এটি আজিৰপৰা । কিছুবছৰ আগতে গুৱাহাটীৰ আমবাৰীত খনন কার্য চলাই উদ্ধাৰ কৰা হয় । শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্যৰত অৱস্থাত থকা এই মূর্তি সমগ্ৰ ভাৰততে বিৰল ।

প্রশ্ন ৪। ব্যাখ্যা কৰা :

( ) অতীত যিমানেই সুস্থ , সবল , ভৱিষ্যৎ সিমানেই সুদূৰ প্ৰসাৰী । 

উত্তৰঃকথাষাৰি খনন কাৰ্যৰ দ্বাৰা বা কোনাে কোনাে ঠাইত পােৱা প্রাচীন সমলবােৰে কেনে তথ্যৰ সম্ভেদ দিব পাৰে সেই সম্পর্কতে কোৱা হৈছে ।

বহুঠাইত খনন কাৰ্যৰ  দ্বাৰা ঘাইকৈ অসমৰ গুৱাহাটীৰ আমবাৰী , গােৱালপাৰা জিলাৰ শ্রীসূর্য পাহাৰ , গােলাঘাট জিলাৰ ডুবৰণি অঞ্চল , তেজপুৰৰ ওচৰত বৰাচুবুৰী আদিত খনন কার্য চলাই লগতে বহু ঠাইত স্থূপিকৃত হৈ থকা নানান ভগ্নাৱশেষবােৰ উদ্ধাৰ দ্বাৰা সেইসময়ত সেইবােৰ ঠাই বা অঞ্চলত চলি থকা মহান সভ্যতা সংস্কৃতিৰ কথা জানিবলৈ দিয়ে ।

অতীতৰ তেনে সুস্থ সবল সভ্যতা সংস্কৃতিয়ে ভৱিষ্যৎ সভ্যতা সংস্কৃতি গঢ় লৈ উঠাত  অপৰিসীম অৱদান আগবঢ়ায় ।

 ( ) উত্তৰ ভাৰতৰ গংগানদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ হৈছিল । 

উত্তৰঃ  খনন কাৰ্যৰ দ্বাৰা সভ্যতা সংস্কৃতিৰ কিদৰে উমান পাব পাৰি এই কথা ক’বলৈ । যাওঁতে ‘অতীক নাযাবা পাহৰি ’ শীর্ষক প্ৰৱন্ধটিত এই কথা উল্লেখ কৰিছে । 

            তেজপুৰৰ ওচৰৰ চুবুৰী গাঁৱত খনন কার্য চলাই উদ্ধাৰ কৰা হৈছে পােৰা মাটিৰ কুঁৱৰ অৱশেষ । আনহাতে এনে পােৰা মাটিৰ কুঁৱাৰ অৱশেষ গংগা নদীৰ প্রাচীন প্রত্নতাত্ত্বিক স্থানতাে পোৱা গৈছে।ইয়াৰ দ্বাৰা প্রমাণ হয় যে উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা আৰু সংস্কৃতিৰ বিকাশ হৈছিল । 

প্রশ্ন ৫।  তলৰ শব্দবােৰৰ বিপৰীতার্থক শব্দ পাঠৰ পৰা বিচাৰি লিখা । 

উপস্থিত , চিনাকি , প্রাচীন , পৰিকল্পিত , ধ্বংস , নবীন , দুর্বল , বৈসাদৃশ্য । 

উত্তৰঃ         

উপস্থিত        –      অনুপস্থিত ।

চিনাকি         –      অচিনাকি ।

প্রাচীন          –      নতুন, আধুনিক ।

পৰিকল্পিত    –     অপৰিকল্পিত ।

ধ্বংস           –     সৃষ্টি , নির্মাণ ।

নবীন           –      প্রাচীন , প্রবীণ ।

দুর্বল            –       সবল ।

বৈসাদৃশ্য      –        সাদৃশ্য ।

প্ৰশ্ন৬।  বাক্য ৰচনা কৰা ।

 ভগ্নাৱশেষ , ইতিহাস , উৎঘাটন , উদ্ধাৰ , খনন , নির্মাণ , ঐতিহ্য , আপুৰুগীয়া ।

উত্তৰঃ     ভগ্নাৱশেষ :- শ্ৰীশ্রীসূর্য পাহাৰত প্রাচীন মঠমন্দিৰৰ ভগ্নাৱশেষ পােৱা গৈছে ।

ইতিহাস :-  অসমৰ প্রাচীন সভ্যতা – সংস্কৃতিৰ ইতিহাস বৰ চহকী । 

উৎঘাটন :- খননকার্যৰ দ্বাৰা প্রাচীন মানৱৰ সভ্যতা – সংস্কৃতিৰ বহু কথাই উৎঘাটন কৰিব পাৰি ।

উদ্ধাৰ , খনন :- খনন কাৰ্যৰ দ্বাৰা মাটিত পোত  গৈ থকা ভালেমান উদ্ধাৰ কৰিব পাৰি ।

নির্মাণ :-  ভাগি যােৱা প্রাচীন মঠ – মন্দিৰৰ ঠাইত বর্তমান নতুন মঠ- মন্দিৰ নিৰ্মাণ কৰা হৈছে । 

ঐতিহ্য :-  ভাৰতীয় সভ্যতাৰ ঐতিহ্য বৰ মহান । 

আপুৰুগীয়া :- খনন কাৰ্যৰদ্বাৰা উদ্ধাৰ হােৱা বস্তুবােৰ বৰ আপুৰুগীয়া সম্পদ ।

 প্রশ্ন ৭ তলৰ বাক্যবিলাকৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা ।

 ( ) কোনাে বস্তুৰ ভগা – চিগা অংশবোৰ

উত্তৰঃ ভগ্নাৱশেষ । 

( ) প্রাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়ন

 উত্তৰঃ প্রত্নতত্ত্ব । 

( ) প্রাচীন যুগৰ সম্পদসমূহ সংৰক্ষণ কৰি ৰখা স্থান 

উত্তৰঃ যাদুঘৰ । 

( ) শিলত কটা শিল্প ।

 উত্তৰঃ ভাস্কর্য ।

প্রশ্ন ৮। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া । 

( ) ‘ অ’ভাৰহেড প্রজেক্টৰ বুলিলে কি বুজা ?

উত্তৰঃ  অভাৰহেজ প্রজেক্টৰ এবিধ প্রক্ষেপণ যন্ত্র । ইয়াৰ সহায়ত স্বচ্ছ কাগজত লিখি লােৱা কথা বা ছবি আদি প্রতিফলন পৰ্দাত ডাঙৰকৈ দেখুৱাব পাৰি । ইয়াৰ জৰিয়তে কথা বুজিবলৈ বা বুজাবলৈ সুবিধা ।

 ( ) অভাৰহেড প্রজেক্টৰৰ সহায়ত কি কৰিব পাৰি

উত্তৰঃ অ’ভাৰহেড প্রজেক্টৰৰ সহায়ত স্বচ্ছ কাগজত লিখি লােৱা কথা বা ছবি আদি প্রতিফলন পৰ্দাত ডাঙৰকৈ দেখুৱাব পাৰি । ইয়াৰ জৰিয়তে কথা বুজিবলৈ আৰু বুজাবলৈ বৰ সুবিধা । 

( ) প্রত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয় ?

উত্তৰঃ প্রত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপন কৰা ‘কাৰ্বন ফৰটিন মেথদ’ বুলি কোৱা হয় ।

 ( ) প্রত্নতাত্ত্বিক খনন কার্য সমাধা হােৱা কেইখনমান ঠাইৰ নাম লিখা ।

 উত্তৰঃ প্রত্নতাত্ত্বিক খনন কার্য সমাধা হােৱা কেইখনমান ঠাইৰ নাম হ’ল – শ্রীশ্রীসূর্য পাহাৰ , গুৱাহাটীৰ আমবাৰী , গােলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ডুবৰণি , মদন কামদেৱ দ – পৰ্বতীয়া , -নাথ আদি । 

( ) লিপিসমূহৰ অধ্যয়নে কি কি তথ্যৰ যােগান ধৰে

উত্তৰঃ লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক , সামাজিক , অর্থনৈতিক আদি নানান তথ্যৰ যােগান ধৰে ।

প্রশ্ন ৯। ‘প্রত্নতাত্ত্বিক সম্পদসমূহৰ বৈজ্ঞানিক বিশ্লেষণ আৰু সংৰক্ষণ অতি আৱশ্যক।

‘— এই কথাখিনি বিষয়বস্তু হিচাপে লৈ শ্ৰেণীত সপক্ষে আৰু বিপক্ষে দুটা দলহৈ তর্ক প্রতিযােগিতাৰ আয়ােজন কৰা । সপক্ষে আৰু বিপক্ষে যুক্তি আগবঢ়াবলৈ শিক্ষকৰ সহায় লােৱা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

প্রশ্ন ১০৷ তােমাৰ ওচৰত থকা পুৰণি কীর্তি চিহ্ন ।

মন্দিৰ/ নামঘৰ / মছজিদৰ বিষয়ে জানিবলৈ শ্ৰেণীৰ আটায়ে একগােট হৈ ক্ষেত্ৰ ভ্ৰমণৰ আয়ােজন কৰা আৰু তাত দেখা কাৰু-কাৰ্যৰ বিষয়ে বর্ণনা কৰা । 

উত্তৰঃ কোনাে শিক্ষক বা অভিভাৱকৰ নেতৃত্বত কলৈ কি চাবলৈ গলা , কেনেকৈ গলা , তাত কি দেখিলা , দেখি তােমাৰ কেনে লাগিল , সেইবােৰ দেখি তােমাৰ কি অভিজ্ঞতা হ’ল , সেইবােৰ কেনেদৰে সংৰক্ষিত হৈ আছে , তালৈ মানুহৰ আকৰ্ষণ কেনে , ইত্যাদি কথা বর্ণনা কৰিলেই তােমাৰ ক্ষেত্ৰ ভ্ৰমণৰ বৰ্ণনা পূর্ণ হ’ব ।



No comments:

Post a Comment

SEBA HSLC Question Paper Assamese 2022