সুখ
-কবি আনন্দচন্দ্ৰ আগৰৱালা
১। কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।
প্রশ্ন ২। নির্দেশ দিয়া মতে কৰিবলৈ চেষ্টা কৰা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।
( ক ) সুখ – সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে কি পায় ?
উত্তৰঃ সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে সংসাৰত দুখৰ উপৰি দুখ পায় ।
( খ ) করিয়ে মানুহক ‘ দিনকণা ’ বুলি কিয় কৈছে ?
উত্তৰঃ সুখ হাততে থকা সত্ত্বেও দেখিও নেদেখা কাৰণে কবিয়ে মানুহক ‘ দিনকণা ’ বুলি কৈছে ।
( গ ) সুখ পাবলৈ হ’লে আমি কি বলিদান দিব লাগিব ?
উত্তৰঃ সুখ পাবলৈ হ’লে আমি স্বার্থ-বলিদান দিব লাগিব ।
( ঘ ) পৰমপিতাৰ সন্তান বুলি কাক কোৱা হৈছে ?
উত্তৰঃ পৃথিৱীৰ সকলাে মানুহকেই পৰমপিতাৰ সন্তান বুলি কোৱা হৈছে ।
( ঙ ) স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে ?
উত্তৰঃ স্বার্থৰ বাটত দুখৰ কাইটে বিন্ধে বুলি কবিয়ে কৈছে ।
( চ ) সুগান্ধী কসুম ক’ত ফুলে ?
উত্তৰঃ সুগান্ধী কসুম নিঃস্বার্থৰ বাটত ফুলে ।
( ছ ) জীৱনটো অকল নিজৰ নিমিত্তে নহয় , তেনেহ’লে কাৰ বাবে ?
উত্তৰঃ জীৱনটো অকল নিজৰ নিমিত্তে নহয় , তেনেহ’লে জীৱনটো পৰৰ বাবেও ।
( জ ) কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নােহােৱা হ’ব ?
উত্তৰঃ নিঃস্বার্থভাৱে পৰক আপােন কৰিব পাৰিলে সংসাৰৰ পৰা সুখ নােহােৱা হ’ব ।
প্রশ্ন ৪। কবিতাটোৰ মূলভাৱ নিজৰ কথাৰে লিখা ।
উত্তৰঃ পৃথিৱীত প্ৰতিগৰাকী মানুহেই সুখ সুখ বুলি প্রায় বলিয়াৰ দৰে হৈ সুখৰ সন্ধান কৰে , কিন্তু তেনেদৰে সুখ বিচাৰি হাবাথুৰি খাই পায় কেৱল দুখৰ উপৰি দুখহে । জীৱনৰ অৎপর্য অনুধাৱন কৰা মানুহে জানে যে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হােৱাজনেহে , নিঃস্বার্থভাৱে আনক আপােন কৰি ল’ব পৰা জনেহে জীৱনত প্রকৃত সুখৰ মুখ দেখা পায় ।
কবিয়ে কৈছে — ‘ পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতাে সুখ পায় ।’ পৃথিৱীখনেই আমাৰ ঘৰ , আমি সকলােৱেই ভাই – ভনী ’ – এইবুলি অনুভৱ কৰিব পাৰিলে আমাৰ জীৱন সুখময় হৈ পৰিব ।
প্রশ্ন ৫। সংসাৰত সুখ পাবলৈ হ’লে কি কি কৰিব লাগিব ? কবিতাটোৰ আলমত লিখা ।
উত্তৰঃ মানুহে জীৱনত সুখ বিচাৰি হাবাথুৰি খাই ফুৰিলেও সুখ নাপায় , বৰং দুখহে পায় । গতিকে সংসাৰত সুখ পাবলৈ হ’লে স্বার্থ বলিদান দি পৃথিৱীৰ সকলােকে নিজৰ ভাই – ভনী বুলি ভাবি মৰম – চেনেহেৰে আকোৱালি লব লাগিব ।
পৰৰ সুখত সুখী আৰু দুখত দুখী হ’ব পাৰিলে , ‘ পৰৰ কান্দোনত কান্দিব জানিলে সংসাৰত সুখ পাব পৰা যায় । আমি সকলাে পৰমপিতাৰ সন্তান , ‘ পৃথিৱী আমাৰ ঘৰ ’ এই বুলি অনুভৱ কৰি অন্তৰত নিঃস্বার্থভাৱে বিশ্বপ্রেম জগাই তুলিব পাৰিলে জীৱনত কেতিয়াও সুখৰ ওৰ নপৰিব ।
উত্তৰঃ
দিনকণা :- চকু থাকিও দিনতে নেদেখা ।
গাই – গােটা-পেটে ভঁৰাল :- অকল নিজৰ কাৰণে চিন্তাকৰা , স্বার্থপৰ ।
নিঃস্বার্থ :- অকল নিজৰ কাৰণে চিন্তা নকৰি পৰৰ কাৰণেও চিন্তা কৰা স্বার্থহীন ।
স্বাৰ্থ :- অকল নিজৰ কাৰণে চিন্তা কৰা ।
পবিত্র :- পৰিষ্কাৰ শুদ্ধ ।
বলিদান :- দেৱতালৈ জন্তু আদি উছৰ্গা কৰা কার্য ।
তৰী :- নাও , নৌকা ।
অভাৱ :- অনাটন , নােহােৱা অৱস্থা ।
থিত :- থিৰ ।
যথার্থ :- উপযুক্তভাৱে ।
পমি :- গলি যােৱা ।
হিত :- উপকাৰ ।
বৰত :- উদ্দেশ্যত , লক্ষ্যত ।
সামৰথ :- সামর্থ্য , যােগ্যতা , সক্ষম ।
সন্তোষ :- সন্তুষ্ট ।
প্রশ্ন ৭। দেখিও নেদেখা কিয় দিনকণা
সুখ যে হাততে আছে ,
যিটে দিব পাবে স্বার্থ বলিদান
সুখ ফুৰে পাছে পাছে ।
― কবিয়ে দিন কণা বুলি কাক আৰু কিয় কৈছে ? মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ’লে মানুহে কি কৰিব লাগিব ?
উত্তৰঃ স্বার্থ বলিদান দি আনক আপােন কৰিব পাৰিলে মানুহে সংসাৰত সুখ পায় । এই কথা জানিও মানুহে স্বার্থপৰ হৈ আনক নিজৰ ভাই – ভনী বুলি ভাবি সংসাৰত সুখ বিচাৰি ফুৰে।চকু থাকিও দিনকণাই নেদেখাৰ দৰে সুখৰ কথা জানিও এনেদৰে সুখ বিচাৰি ফুৰা স্বার্থপৰ নির্দয় মানুহক কবিয়ে দিনকণা বুলি কৈছে ।
মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ’লে মানুহে স্বার্থ বলিদান দিব লাগিব , পৰক আপােন কৰি লব লাগিব , আমি সকলাে এক পৰমপিতাৰ সন্তান ভাই – ভনী বুলি অনুভৱ কৰিব লাগিব ।
প্রশ্ন ৮। প্রসংগ সংগতি লগাই ব্যাখ্যা কৰা :
যথার্থ নিঃস্বার্থত মৰমী জীৱন
বিশ্বপ্রেমে ভৰপূৰ ,
বিশ্বৰ সকলাে ভাই – ভনী তাৰ ,
সুখৰ নপৰে ওব ।
উত্তৰঃ উদ্ধৃত কবিতাফাকি ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ ’ নামৰ কবিতাটিৰ অন্তৰ্গত ।
প্রকৃত সুখ মানুহে ক’ৰ পৰা কেনেকৈ পাব পাৰে তাৰে কথা কবিতাটিত প্ৰকাশ কৰিবলৈ যাওঁতেই কবিয়ে এনেদৰে উল্লেখ কৰিছে ।
সুখ সুখ বুলি সুখ বিচাৰিলেই মানুহে সংসাৰত সুখ নাপায় , বৰং দুখহে পায় । প্রকৃত নিঃস্বার্থ মনােভাৱ লৈ মৰম চেনেহেৰে পৰক আপােন কৰি বিশ্বপ্রেম অন্তৰত জগাই তুলিব পাৰিলে , বিশ্বৰ সকলাে মানুহেই এক পৰমপিতাৰ সন্তান , আমি সকলাে ভাই ভগ্নী এনে মনােভাৱ ললে মানুহৰ জীৱনত কেতিয়াও সুখৰ অন্ত নপৰে , মানুহৰ জীৱনটো সুখৰ আঁকৰ হৈ পৰিব ।
স্বার্থ বলিদান , সুগন্ধি , সেন্দুৰীয়া , ভৰ – পূৰ , দিনকণা
উত্তৰঃ স্বার্থ বলিদান :- স্বার্থ-বলিদান দি পৰক আপােন কৰি ল’ব পাৰিলেহে মানুহে জীৱনত সুখ পাব পাৰে ।
সুগন্ধি :- সদায় সৎ আৰু শুদ্ধপথত চলিলে জীৱনত সুগন্ধি ফুল ফুলে ।
সেন্দুৰীয়া :- নিঃস্বার্থৰ বাট সেন্দুৰীয়া আলিৰ দৰে মসৃণ ।
ভৰ – পূৰ :- নিঃস্বার্থভাৱে পৰক আপােন কৰি ল’ব পাৰিলে জীৱনটো সুখেৰে ভৰ – পূৰ হয় ।
দিনকণা :- স্বার্থপৰ হৈ আনক নিজৰ বুলি নভবা লােকে দিনকণাৰ দৰে সুখ বিচাৰিলে দুখহে পায় ।
প্রশ্ন ১০৷ কবিতাটোত থকা যুৰীয়া শব্দ কেইটা বিচাৰি উলিয়াই বাক্য সাজা ।
উত্তৰঃ শক্তি – সামৰথ :- শক্তি – সামথ নাথাকিলে দুষ্কৰ কামত আগবাঢ়িব নালাগে ।
গাই – গােটা :- গাই – গােটা হৈ চলাটোৱই মানুহৰ উদ্দেশ্য হ’ব নালাগে ।
ভৰ – পূৰ :- নিঃস্বার্থভাৱে পৰক আপােন কৰিব পাৰিলে মানুহৰ জীৱন সুখেৰে ভৰ পূৰ হয় ।
সুখ সুখ :- সুখ সুখ বুলি মানুহে সুখ বিচাৰি ফুৰিলেই সুখ নাপায় ।
প্রশ্ন ১১। তলৰ শব্দবােৰৰ লিংগ পৰিৱৰ্তন কৰা :
হাতী , মানুহ , ম’হ , ছাগলী , কুকুৰা ৷
উত্তৰঃ
মতা হাতী :- মাইকী হাতী ।
মতা মানুহ :- মাইকী মানুহ ।
মতা ম’হ :- মাইকী ম’হ ।
মতা ছাগলী :- মাইকী ছাগলী ।
মতা কুকুৰা :- মাইকী কুকুৰা ।
প্রশ্ন ১২। ‘নিঃস্বার্থৰ বাট সেন্দুৰীয়া আলি
সুগন্ধি কুসুম ফুলে ।
‘ সেন্দুৰ’ শব্দটোত ‘ঈয়া ’ প্রত্যয় যােগ হৈ
সেন্দুৰীয়া হৈছে ।
যেনে :- সেন্দুৰ + ঈয়া = সেন্দুৰীয়া ।
তেনেদৰে তলৰ শব্দ কেইটাৰ প্রত্যয় ভাঙি দেখুওৱা ।
ঢুলীয়া , তেলীয়া , কপটীয়া , পাহাৰীয়া , সেউজীয়া , নগৰীয়া ।
উত্তৰঃ ঢুলীয়া = ঢােল + ঈয়া ।
তেলীয়া = তেল + ঈয়া ।
কপটীয়া = কপট + ঈয়া ।
পাহাৰীয়া = পাহাৰ + ঈয়া ।
সেউজীয়া = সেউজ + ঈয়া ।
নগৰীয়া = নগৰ + ঈয়া ।
প্রশ্ন ১৩। তলৰ সৰল বাক্যবােৰ যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা
( ক ) মনিয়ে ভাত খাই স্কুললৈ গ’ল ।
উত্তৰঃ মনিয়ে ভাত খালে আৰু স্কুললৈ গ’ল ।
( খ ) সঁচা কথা ক’লে সকলােৱে মৰম কৰিব ।
উত্তৰঃ সঁচা কথা কবা আৰু তেতিয়া সকলােৱে মৰম কৰিব ।
(গ ) ব্যায়াম নকৰিলে স্বাস্থ্য ভালে নাথাকিব ।
উত্তৰঃ যদি ব্যায়াম নকৰা তেতিয়াহ’লে স্বাস্থ্য ভালে নাথাকিব ।
( ঘ ) পৰীক্ষাত প্রথম হােৱা বাবে সকলােৱে প্রমােদক ভাল পাইছিল ।
উত্তৰঃ প্রমােদ পৰীক্ষাত প্রথম হৈছিল আৰু সেইবাবে তাক সকলােৱে ভাল পাইছিল ।
( ঙ ) ৰবীন আহিল , শ্যাম নাহিল ।
উত্তৰঃ ৰবীন আহিল কিন্তু শ্যাম নাহিল ।
( চ ) খেলুৱৈ দলটোৱে জিৰণি লৈ উঠি খেলপথাৰত নামিল ।
উত্তৰঃ খেলুৱৈ দলটোৱে জিৰণি ল’লে আৰু পিছত খেল পথাৰত নামিল ।
প্রশ্ন ১৪। তুমি তােমাৰ বন্ধু বা ওচৰ চুবুৰীয়াক বিপদত সহায় কৰি বা তেওঁলােকৰ আনন্দত সন্তুষ্টি লাভ কৰি হােৱা তােমাৰ অনুভৱ বহলাই লিখা ।
উত্তৰঃ যােৰ এটা নিঃস্বার্থ আৰু আনক সহায় কৰি আপােন কৰি লােৱাৰ মনােভাৱ আছে । সেয়ে মােৰ বন্ধু বা আমাৰ ওচৰ চুবুৰীয়া কোনােবা বিপদত পৰিলে তেওঁলােকৰ ওচৰলৈ মই দৌৰি যাওঁ আৰু সাধ্যৰে যি পাৰাে সহায় কৰোঁ ।
তেওঁলােক সেই বিপদৰপৰা উদ্ধাৰ হ’লে , উদ্ধাৰ হৈ স্বস্তির নিশ্বাস কাঢ়ি আনন্দত সন্তুষ্টি লাভ কৰিলে ময়াে বৰ শান্তি পাওঁ , আনন্দত সন্তুষ্টি লাভ কৰাে ৷ মই ভাবাে নিঃস্বার্থভাৱে আনক সহায় কৰিব পৰাত , আনক আপােন কৰিব পৰাতহে জীৱনৰ প্রকৃত সুখৰ আঁকাৰ ৰক্ষিত হৈ থাকে ।
প্রশ্ন ১৫। স্বার্থপৰ মানুহ আৰু স্বার্থ-বলিদান দিয়া মানুহৰ দোষ গুণবােব কেনেধৰণৰ কামত ফুটি উঠে লিখা ।
উত্তৰঃ স্বার্থপৰ মানুহে সদায় নিজৰ লাভালাভৰ কথাহে চিন্তা কৰে । আনৰ উন্নতি হৈছে নে নাই , আনে খাবলৈ পাইছে নে নাই , অন্যান্য বিভিন্ন ক্ষেত্রত আনে সুবিধা পাইছেনে নাই এইবােৰ কথা স্বার্থপৰ মানুহে চিন্তা কৰিব নােৱাৰে । আনৰ উন্নতি নহলেও তেওঁৰ উন্নতি হ’ব লাগিব , আনে খাবলৈ নাপালে তেওঁ খাব পাবই লাগিব , আনে সুবিধা নাপালেও তেওঁ সুবিধা পাবই লাগিব , — স্বার্থপৰ মানুহৰ এই মনােভাৱ ।
আনহাতে স্বার্থ বলিদান দিয়া মানুহে আনৰ দুখত দুখী , আনৰ সুখী হয় । আনৰ কাৰণে কান্দিলে সেই কান্দোনতো তেওঁ সুখ অনুভৱ কৰে । বিশ্বৰ সকলাে মানুহেই এক পৰ্মপিতাৰ সন্তান আৰু সকলােৱেই নিজৰ ভাইভনী বুলি মৰম চেনেহেৰে আকোৱালি লয় । স্বার্থ বলিদান দি এনে মনোভাৱেৰে চলা লােকসকলৰ অন্তৰত প্রকৃত সুখৰ আঁকৰ নিহিত হৈ থাকে ।
No comments:
Post a Comment