সন্ধি
সন্ধি শব্দটো সংস্কৃত ভাষাৰ শব্দ। সন্ধি শব্দৰ অৰ্থ জোৰা। দুটা শব্দ জোৰা লাগি বা লগ হৈ এক বিশেষ নিয়মৰ হোৱা প্ৰক্ৰিয়াৰ নাম সন্ধি। সন্ধি হওঁতে প্ৰথম শব্দৰ শেষৰ বৰ্ণৰ লগত দ্বিতীয় শব্দৰ আদি বৰ্ণৰ সংযোগ ঘটে।
সন্ধি দুবিধ-
১)স্বৰ সন্ধি -স্বৰবৰ্ণ+স্বৰবৰ্ণ
২)ব্যঞ্জন সন্ধি - স্বৰবৰ্ণ+ব্যঞ্জনবৰ্ণ
- ব্যঞ্জনবৰ্ণ+স্বৰবৰ্ণ
- ব্যঞ্জনবৰ্ণ+ব্যঞ্জনবৰ্ণ
স্বৰ সন্ধি- স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ সংযোগ ঘটি যি সন্ধি হয় তাকে স্বৰসন্ধি বোলে।
পৰীক্ষাঃ পৰি+ঈক্ষা
নাৱিকঃ নৌ+ইক
যথাৰ্থঃ যথা+অৰ্থ
স্বৰসন্ধিৰ নিয়মঃ
১)অ ৰ পাছত অ মিলিত হৈ আ হয়।(অ+অ=আ)
নৰ+অধম=নৰাধম
চল+অচল=চলাচল
দেশ+অন্তৰ=দেশান্তৰ
সূৰ্য+অস্ত=সূৰ্যাস্ত
ক্ষুদ্ৰ+অতীত=ক্ষুদ্ৰাতীত
বৃত্ৰ+অসুৰ=বৃত্ৰাসুৰ
২)অ ৰ পাছত আ মিলিত হৈ আ হয়।(অ+আ=আ)
নিত্য+আনন্দ=নিত্যানন্দ
পঞ্চ+আনন=পঞ্চানন
ৰত্ন+আকৰ=ৰত্নাকৰ
উপ+আচাৰ্য=উপাচাৰ্য
এক+আকাৰ=একাকাৰ
শোক+আকুল=শোকাকুল
৩)আ ৰ পাছত অ মিলিত হৈ আ হয়।(আ+অ=আ)
আশা+অনুৰূপ=আশানুৰূপ
বিদ্যা+অলংকাৰ=বিদ্যালংকাৰ
শ্ৰদ্ধা+অঞ্জলি=শ্ৰদ্ধাঞ্জলি
যথা্+অৰ্থ=যথাৰ্থ
সীমা+অন্ত=সীমান্ত
ঘোষা+অমৃত=ঘোষামৃত
৪)আ ৰ পাছত আ মিলিত হৈ আ হয়।(আ+আ=আ)
উমা+আনন্দ=উমানন্দ
বিদ্যা+আলয়=বিদ্যালয়
মহা+আনন্দ=মহানন্দ
মন্ত্ৰণা+আলয়=মন্ত্ৰণালয়
মহা+আশয়=মহাশয়
মহা+আলয়=মহালয়
৫)ই ৰ পাছত ই মিলিত হৈ ঈ হয়।(ই+ই=ঈ)
অতি+ইত=অতীত
মহি+ইন্দ্ৰ=মহীন্দ্ৰ
প্ৰতি+ইতি=প্ৰতীতি
বুধি+ইন্দ্ৰ=বুধীন্দ্ৰ
কবি+ইন্দ্ৰ=কবীন্দ্ৰ
গিৰি+ইন্দ্ৰ=গিৰীন্দ্ৰ
অতি+ইব=অতীব
অভি+ইষ্ট=অভীষ্ট
৬)ই ৰ পাছত ঈ মিলিত হৈ ঈ হয়।(ই+ঈ=ঈ)
অধি+ঈশ্বৰ=অধীশ্বৰ
গিৰি+ঈশ=গিৰীশ
পৰি+ঈক্ষা=পৰীক্ষা
প্ৰতি+ঈক্ষা=প্ৰতীক্ষা
৭)ঈ ৰ পাছত ই মিলিত হৈ ঈ হয়।(ঈ+ই=ঈ)
গুণী+ইন্দ্ৰ=গুণীন্দ্ৰ
মহী+ইন্দ্ৰ=মহীন্দ্ৰ
মহতী+ইচ্ছা=মহতীচ্ছা
শচী+ইন্দ্ৰ=শচীন্দ্ৰ
সুধী+ইন্দ্ৰ=সুধীন্দ্ৰ
বলী+ইন্দ্ৰ=বলীন্দ্ৰ
৮)ঈ ৰ পাছত ঈ মিলিত হৈ ঈ হয়।(ঈ+ঈ=ঈ)
পৃথিৱী+ঈশ্বৰপৃ=থিৱীশ্বৰ
গৌৰী+ঈশ্বৰ=গৌৰীশ্বৰ
মহী+ঈশ=মহীশ
সতী+ঈশ=সতীশ
৯)অ ৰ পাছত ই মিলিত হৈ এ হয়।(অ+ই=এ)
গজ+ইন্দ্ৰ=গজেন্দ্ৰ
নৰ+ইন্দ্ৰ=নৰেন্দ্ৰ
বীৰ+ইন্দ্ৰ=বীৰেন্দ্ৰ
ভৱ+ইন্দ্ৰ=ভৱেন্দ্ৰ
নাগ+ইন্দ্ৰ=নাগেন্দ্ৰ
১০)আ ৰ পাছত ই মিলিত হৈ এ হয়।(আ+ই=এ)
মহা+ইন্দ্ৰ=মহেন্দ্ৰ
যথা+ইষ্ট=যথেষ্ট
১১)অ ৰ পাছত ঈ মিলিত হৈ এ হয়।(অ+ঈ=এ)
গণ+ঈশ=গণেশ
দীন+ঈশ=দীনেশ
দেৱ+ঈশ্বৰ=দেৱেশ্বৰ
পৰম+ঈশ্বৰ=পৰমেশ্বৰ
ফুল+ঈশ্বৰ=ফুলেশ্বৰ
ৰাম+ঈশ্বৰ=ৰামেশ্বৰ
টংক+ঈশ্বৰ=টংকেশ্বৰ
ভৱ+ঈশ=ভৱেশ
১২)আ ৰ পাছত ঈ মিলিত হৈ এ হয়।(আ+ঈ=এ)
দুৰ্গা+ঈশ্বৰ=দুৰ্গেশ্বৰ
মহা+ঈশ=মহেশ
ৰমা+ঈশ=ৰমেশ
লংকা+ঈশ্বৰ=লংকেশ্বৰ
১৩)অ ৰ পাছত উ মিলিত হৈ এ হয়।(অ+উ=ও)
জন্ম+উৎসৱ=জন্মোৎসৱ
নন্দ+উৎসৱ=নন্দোৎসৱ
নৰ+উত্তম=নৰোত্তম
প্ৰশ্ন+উত্তৰ=প্ৰশ্নোত্তৰ
সৰ্ব+উত্তম=সৰ্বোত্তম
সূৰ্য+উদয়=সূৰ্যোদয়
সহ+উদৰ=সহোদৰ
শীত+উষ্ণ=শীতোষ্ণ
পাদ+উদক=পাদোদক
১৪)আ ৰ পাছত উ মিলিত হৈ এ হয়।(আ+উ=ও)
গংগা+উদক=গংগোদক
মহা+উদয়=মহোদয়
দুৰ্গা+উৎসৱ=দুৰ্গোৎসৱ
যথা+উচিত=যথোচিত
যথা+উক্তি=যথোক্তি
মহা+উত্তম=মহোত্তম
১৫)আ ৰ পাছত ঊ মিলিত হৈ এ হয়।(আ+ঊ=ও)
গমগা+উৰ্মি=গংগোৰ্মি
মহা+উৰ্মি=মহোৰ্মি
১৬)অ বা আ ৰ পাছত ঋ যোগ হ’লে ৰেফ আৰু ঋত যোগ হ’লে আৰ্ত হয়।(অ/আ+ঋত=আৰ্ত)
দেৱ+ঋষি=দেৱৰ্ষি
ৰাজ+ঋষি=ৰাজৰ্ষি
সপ্ত+ঋষি=সপ্তৰ্ষি
তৃষ্ণা+ঋত=তৃষ্ণাৰ্ত
শোক+ঋত=শোকাৰ্ত
ক্ষুধা+ঋত=ক্ষুধাৰ্ত
১৭)অ বা আ ৰ পাছত এ বা ঐ যোগ হ’লে ঐ হয়।(অ+এ=ঐ আ+এ=ঐ অ+ঐ=ঐ আ+ঐ=ঐ)
জন+এক=জনৈক
মহা+ঐশ্বৰ্য=মহৈশ্বৰ্য
হিত+এষী=হিতৈষী
তথা+এবচ=তথৈবচ
পৰম+ঐশ্বৰ্য=পৰমৈশ্বৰ্য
যথা+এব=যথৈব
১৮)অ বা আ ৰ পাছত ও,ঔ,ঐ যোগ হ’লে ঔ হয়।(অ+ও=ঔ আ+ও=ঔ অ+ঔ=ঔ আ+ঐ=ঔ)
জল+ঔকা=জলৌকা
জলা+ওলোৱা=জলৌলোৱা
বন+ঔষধ=বনৌষধ
মহা+ঔষধ=মহৌষধ
১৯)ই ৰ পাছত অ,আ,উ নাইবা এ যোগ হ’লে য কাৰ হয়।
অতি+অন্ত=অত্যন্ত
যদি+অপি=যদ্যপি
ইতি+আদি=ইত্যাদি
প্ৰতি+আহ্বান=প্ৰত্যাহ্বান
অতি+উত্তম=অত্যুত্তম
২০)উ ৰ পাছত অ,আ নাইবা এ যোগ হ’লে ৱ হয়।
অনু+অয়=অন্বয়
মনু+অন্তৰ=মন্বন্তৰ
সু+আগত=স্বাগত
অনু+এষণ=অন্বেষণ
অনু+এষা=অন্বেষা
২১)এৰ লগত অৰ সংযোগ ঘটিলে অয় হয়।
নে+অন=নয়ন
শে+অন=শয়ন
২২)ঐৰ লগত আৰ সংযোগ ঘটিলে আয় হয়।
নৈ+অক=নায়ক
গৈ+অক=গায়ক
২৩)ও ৰ পাছত অ,ই নাইবা এ যোগ হ’লে অৱ হয়।
পো+অন=পৱন
ভো+অন=ভৱন
২৪)ঔ ৰ পাছত অ,ই হৈ আৱ হয় আৰু উ যোগ হলে উৱ হয়।
ভৌ+অক=ভাৱক
পৌ+অন=পাৱন
ভৌ+উক=ভাৱুক
২৫) কিছুমান সন্ধিযুক্ত শব্দ ওপৰত উল্লেখ কৰা নিয়মবোৰৰ ব্যতিক্ৰম ঘটে।
অক্ষ+ওহিনী=অক্ষৌহিনী
গো+ইন্দ্ৰ=গবেন্দ্ৰ
গো+অক্ষ=গবাক্ষ
শাৰ+অংগ=শাৰংগ
কুল+অটা=কুলতা
গো+ঈশ=গবেশ
এনেবিলাক শব্দক নিপাতনে সিদ্ধ বুলি কোৱা হয়।
ব্যঞ্জন সন্ধি- ব্যঞ্জনবৰ্ণৰ লগত স্বৰবৰ্ণ, স্বৰবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণ, ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণৰ সংযোগ ঘটি যি সন্ধি হয় তাকে ব্যঞ্জন সন্ধি বোলে।
হোমাগ্নি :হোম+অগ্নি
উচ্ছল :উৎ+ছল
চন্দ্ৰোদয় :চন্দ্ৰ+উদয়
ব্যঞ্জনসন্ধিৰ নিয়মঃ
১)প্ৰথম অংশৰ শেষৰ ব্যঞ্জন বৰ্ণ ‘ৎ’ থাকিলে পাছৰ স্বৰবৰ্ণৰ সংযোগ ঘটোতে ৎৰ ঠাইত ‘দ’ হয়।
জগৎ+ঈশ্বৰ=জগদীশ্বৰ
তৎ+উপৰি=তদুপৰি
সৎ+আশয়=সদাশয়
সৎ+উপদেশ=সদুপদেশ
২)প্ৰথম অংশৰ শেষৰ ব্যঞ্জন বৰ্ণ ‘দ’ হলে পাছৰ অংশৰ প্ৰথম বৰ্ণ চ বা ছ যদি থাকে তেন্তে দৰ ঠাইত চ হয়।
তদ+ছবি=তচ্ছবি
বিপদ+চয়=বিপচ্চয়
৩)প্ৰথম অংশৰ শেষৰ ব্যঞ্জন বৰ্ণ ‘ত’ বা ‘দ’ হলে পাছৰ অংশৰ প্ৰথম বৰ্ণ জ বা ঝ যদি থাকে তেন্তে ত আৰু দৰ ঠাইত জ হয়।
বিপদ+জাল=বিপজ্জাল
সৎ+জল=সজ্জল
৪)পাছৰ শব্দৰ প্ৰথম ‘ঠ’ থাকি আগৰ শব্দৰ শেষৰ বৰ্ণ ত বা দ থাকিলে ত বা দৰ ঠাইত ট হয়।
ভৱৎ+ঠক্কুৰ=ভৱটঠক্কুৰ
৫)আগৰ বৰ্ণ ত বা দ হৈ পাছত ভ বা চ থাকিলে ত বা দ ৰ ঠাইত দ বা ড হয়।
উৎ+ভিদ=উদ্ভিদ
বৃহৎ+ঢক্কা=বৃহডঢক্কা
৬) পাছৰ বৰ্ণ ল থাকি আগৰ বৰ্ণ ত বা দ থাকিলে ত বা দৰ ঠাইত ল হয়।
উৎ+লাস=উল্লাস
বিপদ+লক্ষণ=বিপল্লক্ষণ
উৎ+লিখিত=উল্লিখিত
৭) আগৰ বৰ্ণ ত দ থাকি পাছৰ বৰ্ণ হ থাকিলে তৰ ঠাইত দ আৰু দৰ ঠাইত ধ হয়।
উৎ+সাৰ=উদ্ধাৰ
উৎ+হত=উদ্ধত
তৎ+হিত=তদ্ধিত
৮) পাছৰ পদৰ প্ৰথম বৰ্ণটো ‘ন’ থাকিলে আগৰ পদৰ শেষৰ বৰ্ণ ৎ হলে ৎৰ ঠাইত ন বহে আৰু সন্ধিযুক্ত বৰ্ণ দুটা ন হয়।
উৎ+নাসিক=উন্নাসিক
উৎ+নয়ন=উন্নয়ন
জগৎ+নিবাস=জগন্নিবাস
৯)’ষ’ৰ পাছত ত থাকিলে ত ৰ ঠাইত ট হয় আৰু থ থাকিলে ঠ হয়।
ষষ+থষ=ষ্ঠ
হৃ+ষত=হৃষ্ট
১০) চ বা জৰ পাছত ন থাকিলে ন’’ৰ ঠাইত ঞ হয়।
ৰাজ+নী=ৰাজ্ঞী
যাচ+না=যাচ্ঞা
১১) কোনো বৰ্গীয় বৰ্ণত প্ৰথমবৰ্ণৰ পাছত ন বা ম থাকিলে প্ৰথম বৰ্গীয় বৰ্ণৰ ঠাইত পঞ্চম বৰ্গীয় বৰ্ণ হব।
বাক্+ময়=বাঙ্ময়
জগত+মাতা=জগন্মাতা
১২)প্ৰথম অংশৰ শেষৰ বৰ্ণ বৰ্গীয় প্ৰথম বৰ্ণ হৈ পাছৰ অংশৰ প্ৰথম বৰ্ণ স্বৰবৰ্ণ বা বৰ্গীয় তৃতীয়, চতুৰ্থ অথবা য,ৰ,ল,ৱ,হ থাকিলে প্ৰথম বৰ্ণৰ ঠাইত তৃতীয় বৰ্ণ হয়।
দিক্+গজ=দিগগজ
বাক+ঈশ=বাগীশ
জগত+ঈশ=জগদীশ
সৎ+আশয়=সদাশয়
দিক+অন্ত=দিগন্ত
ষট্+আনন=ষড়ানন
১৩)প্ৰথম শব্দৰ অন্ত্য বৰ্ণ ম থাকি পাছৰ শব্দৰ প্ৰথম বৰ্ণ উষ্মবৰ্ণ বা অন্তস্থবৰ্ণ থাকিলে ‘ম’ৰ ঠাইত ং হয়।
সম্+হাৰ=সংহাৰ
সম্+বাদ=সংবাদ
সম্+যত=সংযত
১৪) প্ৰথম পদৰ শেষৰ বৰ্ণ ‘ম’ৰ পাছত যি বৰ্গৰ বৰ্ণ থাকে সেই বৰ্গৰ পঞ্চম বৰ্ণ হয়।
সম্+গীত=সংগীত
সম্+ঘাট=সংঘাট
শম্+কৰ=শঙ্কৰ
১৫) উৎ উপসৰ্গৰ লগত স্থা ধাতু সংযোগ ঘটিলে ‘স’ লুপ্ত হয়।
উৎ+স্থাপন=উত্থাপন
উৎ+স্থাপক=উত্থাপক
উৎ+স্থিত=উত্থিত
১৬) স্বৰবৰ্ণৰ পাছত ছ থাকিলে চ্ছ হয়।
আ+ছন্ন=আচ্ছন্ন
বি+ছেদ=বিচ্ছেদ
বি+ছিন্ন=বিচ্ছন্ন
১৭) দিব্ শব্দ ব্যঞ্জন চিন যুক্ত হলে ‘দিব্’ৰ পৰিৱৰ্তে ’দ্যু’ হয়।
দিব্+লোক=দ্যুলোক
বিসৰ্গ বৰ্ণ ব্যঞ্জনবৰ্ণ। কিছুমান শব্দৰ পূৰ্বপদৰ শেষৰ বৰ্ণটো বিসৰ্গ(ঃ) থাকে। বিসৰ্গযুক্ত সন্ধি ব্যঞ্জনসন্ধি। সেইবাবে বিসৰ্গযুক্ত ব্যঞ্জনসন্ধিক বিসৰ্গ সন্ধি বুলিও কোৱা হয়।
১) পূৰ্বপদৰ শেষৰ বৰ্ণ বিসৰ্গ যুক্ত হৈ পাছৰ প্ৰথম বৰ্ণ চ বা ছ হলে বিসৰ্গৰ ঠাইত শ হয়।
নিঃ+চয়=নিশ্চয়
নিঃ+চিন্তা=নিশ্চিন্তা
নিঃ+চিত=নিশ্চিত
২) পূৰ্বপদৰ শেষৰ বৰ্ণ বিসৰ্গ যুক্ত হৈ পাছৰ প্ৰথম বৰ্ণ ট বা ঠ হলে বিসৰ্গৰ ঠাইত ষ হয়।
ধনুঃ+টংকাৰ=ধনুষ্টংকাৰ
নিঃ+ঠুৰ=নিষ্ঠুৰ
৩) দ্বিতীয় পদৰ প্ৰথম বৰ্ণ ক,খ,ত,প আৰু ফ থাকিলে প্ৰথম পদৰ বিসৰ্গ বৰ্ণ স আৰু কেতিয়াবা ষ লৈ পৰিৱৰ্তন হয়।
নমঃ+কাৰ=নমস্কাৰ
তিৰঃ+কাৰ=তিৰস্কাৰ
নিঃ+খল=নিস্খল
নিঃ+কাম=নিস্কাম
৪)অ,আ ভিন্ন স্বৰবৰ্ণৰ পাছত যদি বিসৰ্গ থাকি দ্বিতীয় পদৰ প্ৰথম বৰ্ণ বৰ্গীয়বৰ্ণৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ বা য, ৰ, ল, ৱ, হ থাকে তেতিয়া বিসৰ্গৰ ঠাইত ৰ-কাৰ হয়।
দুঃ+অৱস্থা=দুৰৱস্থা
দুঃ+ঘোৰ=দুৰ্ঘোৰ
নিঃ+আকাৰ=নিৰাকাৰ
নিঃ+গত=নিৰ্গত
আশীঃ+বাদ=আশীৰ্বাদ
অন্তঃ+আত্মা=অন্তৰাত্মা
বহিঃ+আগত=বহিৰাগত
পুনঃ+অপি=পুনৰপি
৫) উপসৰ্গযুক্ত বিসৰ্গৰ সৈতে সন্ধি হলে বিসৰ্গ ষ, স, ৰ লৈ পৰিৱৰ্তন হয়।
দুঃ+নীতি=দুৰ্নীতি
দুঃ+কৰ=দুষ্কৰ
নিঃ+নয়=নিৰ্ণয়
৬) বিসৰ্গৰ পাছত শ আৰু স থাকিলে সন্ধি নহয়।
নিঃ+সন্দেহ=নিঃসন্দেহ
দুঃ+সহ=দুঃসহ
দুঃ+শীলা=দুঃশীলা
সন্ধিভাঙা বা পাতা
সঞ্চয়=সম্+চয়
সংগ্ৰহ =সম্+গ্ৰহ
তদুপৰি =তৎ+উপৰি
জগদীশ্বৰ =জগত+ঈশ্বৰ
সংলাপ =সম্+লাপ
সৰ্বেশ্বৰ =সৰ্ব+ঈশ্বৰ
মহাৰ্ঘ =মহা+অৰ্ঘ
প্ৰত্যুপকাৰ =প্ৰতি+উপকাৰ
কৃদন্ত =কৃৎ+অন্ত
No comments:
Post a Comment