js

Sunday, April 3, 2022

বিস্তীর্ণ পাৰৰে

বিস্তীর্ণ পাৰৰে

ভূপেন হাজৰিকা



বিস্তীর্ণ পাৰৰে

অসংখ্য জনৰে

হাহাকাৰ শুনিও

নিশব্দে নীৰৱে

বুঢ়া লুইত তুমি

বুঢ়া লুইত বােৱা কিয় ?


নৈতিকতাৰ স্খলন দেখিও

মানৱতাৰ পতন দেখিও

নির্লজ অলসভাৱে বােৱা কিয় ? জ্ঞানবিহীন নিৰক্ষৰৰ

খাদ্যবিহীন নাগৰিকৰ

নেতৃত্ববিহীনতাত নিমাত কিয় ?


সহস্র বাৰিষাৰ

উন্মাদনাৰ

অভিজ্ঞতাৰে

পংগু মানৱক

সবল সংগ্রামী

আৰু অগ্রগামী

কৰি নােতােলাঁ কিয় ?


ব্যক্তি যদি ব্যক্তিকেন্দ্রিক

সমষ্টি যদি ব্যক্তিত্বৰহিত

তেনে শিথিল সমাজক নাভাঙা কিয় ?

তুমি যদি ব্রহ্মৰে পুত্র

সেই পিতৃত্ব তেনে নাম মাত্র

নহ'লে প্রেৰণা নিদিয়া কিয় ?


উন্মত্ত ধৰাৰে

কুৰুক্ষেত্ৰৰে

শশয্যাকে

আলিংগন কৰা

ভীষ্মৰূপী

অজস্ৰ বীৰক

জগাই নােতােলা কি?

No comments:

Post a Comment

SEBA English Questions and Answer Bank of H.S.L.C.QUESTIONS From 2011 to 2020

  Answer Bank of H.S.L.C.QUESTIONS From 2011 to 2020   PROSE SECTION:   (Section-A)   1. A Letter to God G.L. Fuentes   ...