js

Thursday, July 4, 2024

SEBA Class 9 History Textbook : Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

প্ৰথম অধ্যায়

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন


মূল আলোচ্য বিষয়

  • ভাৰত চৰকাৰ আইন ১৮৫৮

  • ভাৰতীয় পৰিষদ আইন ১৮৬১

  • কেন্দ্রীয় শাসন

  • স্থানীয় স্বায়ত্ত শাসন ৰূপায়ণত লৰ্ড ৰিপণৰ ভূমিকা

  • অসামৰিক সেৱাৰ ভাৰতীয়কৰণ


প্রাচীন কালৰে পৰা ভাৰতবৰ্ষৰ সৈতে গ্ৰীচ, ৰোম আদি, ইউৰোপীয় দেশৰ যোগাযোগ আছিল বুলি জানিব পাৰি । গ্রীক আৰু ৰোমান আদি ইউৰোপীয় জাতিসকলে লোহিত, পাৰস্য আৰু আফগানিস্তানৰ ভিতৰেদি থকা স্থলপথেৰে ভাৰতবৰ্ষৰ লগত বাণিজ্যিক সম্পর্ক চলাইছিল । খ্রীষ্টীয় ষষ্ঠ শতিকাৰ শেষলৈকে এই যোগাযোগ বর্তি আছিল । কিন্তু খ্রীষ্টীয় সপ্তম শতিকাৰ পৰা সাগৰীয় পথত আৰব নৌবাহিনীৰ একছত্রী আধিপত্য বিস্তাৰ হোৱাৰ পিছৰ পৰা ভাৰতবৰ্ষৰ সৈতে ইউৰোপীয়সকলৰ প্রত্যক্ষ যোগাযোগ একেবাৰে কমি আহিছিল । বিশেষকৈ খ্রীষ্টীয় দ্বাদশ শতিকাত দেখা দিয়া ধর্মযুদ্ধক কেন্দ্ৰ কৰি কনষ্টান্তিনোপল তুর্কী বাহিনীৰ হস্তগত (১৪৫৩ খ্রীষ্টাব্দ) হোৱাত, ভাৰতৰ সৈতে পাশ্চাত্যৰ দেশসমূহৰ পোনপটীয়া সম্পর্ক ব্যাহত হৈছিল । তুর্কী হস্তগত আবৰ দেশৰ মাজেদি ইউৰোপীয়সকলৰ পোনপটীয়া পথ বন্ধ হৈ যোৱাত ভাৰতৰ সৈতে বিকল্প পথৰ প্রয়োজনীয়তা অনুভৱ কৰিছিল ।


নতুন পথৰ সন্ধানৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা লৈছিল পর্তুগীজসকলে । দুঃসাহসিক, দুর্দমনীয় পর্তুগীজ নাৱিকসকলে ভাৰতৰ সৈতে নতুন নৌপথৰ আৱিষ্কাৰৰ উদ্দেশ্য লৈ অজানা সমুদ্রত নৌ যাত্রা কৰিছিল । ১৪৮৭ খ্রীষ্টাব্দত পর্তুগীজ নাবিক বার্থ'ল'মিউ ডিয়াজে (Bartolo meu Dias) আফ্রিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তমাশা অন্তৰীপত উপস্থিত হ'ব পাৰিছিল । দহ বছৰৰ পিছত আন এজন নাৱিক ভাস্ক'-ডা-গামাই (Vasco-da-Gama) ডিয়াজক অনুসৰণ কৰি ১৪৯৮ খ্রীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল । নতুন জলপথৰ আবিষ্কাৰে ভাৰতৰ সৈতে পাশ্চাত্যৰ পোনপটীয়া যোগাযোগ সূচনা কৰিছিল । এক কথাত এই যোগাযোগে ভাৰত তথা সমগ্র পৃথিবীৰ ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিছিল ।



১.১ ভাৰতবৰ্ষলৈ ইংৰাজসকলৰ আগমন :


পর্তুগীজসকলৰ দৰে ইংৰাজ নাৱিকসকলেও নতুন সাগৰীয় পথৰ অন্বেষণত মনোযোগ দিছিল । ১৫৮০ খ্রীষ্টাব্দত ফান্সিছ ড্রেক (Francis Drake) নামৰ এজন ইংৰাজ নাৱিকে জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থৱান হৈছিল । ১৫৮২ খ্রীষ্টাব্দত ৰালফ্ ফিট্ চ(Ralph Fitch) নামৰ আন এজন নাৱিকে ভাৰত আৰু ব্ৰহ্মদেশ ভ্রমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল । পর্তুগীজ সদাগৰসকলৰ দৰে ইংৰাজ সদাগৰসকলেও ভাৰতৰ সৈতে বেহা-বেপাৰত মনোযোগ দিব বিচাৰিছিল । বাণিজ্যিক সুবিধা লাভ কৰাৰ উদ্দেশ্যে ১৫৯৯ খ্রীষ্টাব্দত জন মিলডেন হল (John Mildenhall) নামৰ ইংৰাজ নাৱিক এজনে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ-পত্ৰ লৈ পোন প্ৰথমবাৰৰ বাবে ভাৰত ভূমিত প্রবেশ কৰিছিল ।


প্রাচ্যৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে ১৬০০ খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে এটা বাণিজ্যিক প্রতিষ্ঠান লণ্ডনত গঠন কৰিছিল। এই প্রতিষ্ঠানটো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি নামেৰে জনাজাত হৈছিল।


ইংলেণ্ডৰ ৰাণী এলিজাবেথে এই কোম্পানিটোক আফ্ৰিকাৰ দক্ষিণ দিশত অৱস্থিত উত্তমাশা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালান (Magellan) প্রণালী পর্যন্ত বিশাল সাগৰীয় এলেকাত ১৫ বছৰৰ বাবে বেহা-বেপাৰ কৰাৰ অনুমতি প্রদান কৰিছিল। এই কোম্পানিটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগেয়ে সুমাত্রা, জাভা, মালাক্কা আদি ঠাইৰ সৈতে মচলা ব্যৱসায় কৰিছিল।


১৬০৮ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স (Hawkins) নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্রাট জাহাংগীৰলৈ (১৬০৫-১৬২৭) এখন আবেদন-পত্ৰ প্ৰেৰণ কৰিছিল। হকিন্সে তাপ্তী নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল।


কেপ্টেইন উইলিয়াম হকিন্সে ১৬০৯ খ্রীষ্টাব্দৰ এপ্রিল মাহত আগ্রাত উপস্থিত হৈ মোগল ৰাজদৰবাৰত সম্রাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। এয়াই আছিল ইংৰাজৰ প্ৰথম আগ্রাত পদার্পণ।


কেপ্টেইন হকিন্সে প্রায় দুই বছৰ কাল মোগল সাম্রাজ্যত থাকি সম্ৰাটৰ পৰা বেহা-বেপাৰৰ কিছু সা-সুবিধা আদায়ৰ চেষ্টা চলাইছিল। কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্রাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। ১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্রথম জেমছে ছাৰ টমাচ ৰ' (Sir Thomas Roe) নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাচ ৰ'ৱে আজমীৰত উপস্থিত হৈ সম্রাটক দেখা কৰিছিল। টমাচ ৰ'ৱে কোনোধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্রাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্রদান কৰিছিল। ইয়াৰ পিছতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবৰ প্রচেষ্টা চলাই থাকিল আৰু ভিন ভিন ঠাইত বাণিজ্যক সম্প্ৰসাৰণ ঘটাবলৈও সক্ষম হৈছিল।


১৭১৫ খ্রীষ্টাব্দত জন ছাৰমানৰ (John Surman) নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্রাট ফাৰুখছিয়াৰক (১৭১৩-১৭১৯) সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্রাট ফাৰুখছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্রান্ত সম্রাট ফাৰুখছিয়াৰক সঁজাতী দলটোৰ চিকিৎসক ডাঃ হেমিলটনে (Hamilton) চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। সঁজাতী দলটোৰ প্ৰতি সম্রাটে সদয়ৰ ভাব দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰ্মান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত নির্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানিয়ে নিজৰ ভবিষ্যৎ সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল।


ভাৰতবৰ্ষত থিতাপি লোৱা ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰথম আৰু প্রধান উদ্দেশ্য আছিল বেহা-বেপাৰ কৰা। কিন্তু বেহা-বেপাৰক কেন্দ্ৰ কৰি গোজেই গজালি মেলি পিছলৈ কোম্পানিয়ে ৰাজ্য শাসনৰ সপোন দেখিছিল। ভাৰতীয় ৰাজন্যবৰ্গৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা শত্রুতা তথা তেওঁলোকৰ দুৰ্বলতাৰ চেলু লৈ কোম্পানিয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলাইছিল।


১৬১১ খ্রীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানিয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্র স্থাপন কৰিছিল। ১৬৩৬ খ্রীষ্টাব্দত কোম্পানিয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্র মুকলি কৰিছিল। ১৬৩৯ খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফর্ট ছেন্ট জর্জ।


১৬৬১ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে (Charles II) পর্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই (মুম্বাই) চহৰ লাভ কৰিছিল। ৰজা চাৰ্লছে ১৬৬৮ খ্রীষ্টাব্দত পঞ্চাশ হেজাৰ পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানিক হস্তান্তৰ কৰিছিল।


তেতিয়াৰ পৰা বোম্বাই কোম্পানিৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল। ১৬৯০ খ্রীষ্টাব্দত জব চার্ণক (Job Charnock) নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি বাৰশ টকাৰ খাজনাৰ বিনিময়ত কালী ঘাট (কলিকতা), সুতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কোম্পানিয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ সমষ্টিয়েই পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল।


ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানার্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম 'ফর্ট উইলিয়াম' ৰখা হৈছিল।


ইষ্ট ইণ্ডিয়া কোম্পানিৰ সাধাৰণ কৰ্মচাৰী ৰবাৰ্ট ক্লাইৱে ভাৰতত ঔপনিৱেশিক সাম্রাজ্য গঢ়ি তোলাৰ কূটনৈতিক কলা-কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। ক্লাইবে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানিৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আৱাধৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানিৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কর্তৃত্ব বিসর্জন দিব লগা হৈছিল।


পলাচী যুদ্ধত (১৭৫৭ খ্ৰীষ্টাব্দ) বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব ছিৰাজ উদ্‌দৗলাক (১৭৫৬-৫৭) চল-চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰি ব্ৰিটিছ সাম্রাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল।


ৰবাৰ্ট ক্লাইৱৰ পৰা লৰ্ড ডেলহাউচীৰ (১৮৪৮-৫৬) শাসনৰ সময়লৈকে ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কালক্ৰমত সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্রাজ্যবাদৰ উপনিৱেশ স্থাপন কৰিছিল। 

পৰাধীন ভাৰতৰ সুদীর্ঘ কালজুৰি ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভগাব পাৰি। প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে আৰু দ্বিতীয়টো হৈছে ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্রীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে। প্রথমছোৱা সময়ত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ভাৰতীয় ৰাজ্যবৰ্গক ক্ষমতাচ্যুত কৰি সিঁচৰতি হৈ থকা ৰাজ্যখণ্ডসমূহক একত্ৰিত কৰি বিস্তাৰিত ভাৰত-ব্ৰিটিছ ভূ-এলেকাত কেন্দ্রীয় শাসনযন্ত্র প্রতিষ্ঠা কৰিছিল। দ্বিতীয়ছোৱা সময়ত ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন সু-সংবদ্ধ কৰি ৰখাৰ স্বাৰ্থত স্থায়ী চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল। ভাৰতীয় জাতীয় আন্দোলন এইছোৱা সময়তে হৈছিল। আন্দোলনৰ পৰিণতি স্বৰূপে ব্ৰিটিছ সাম্রাজ্যবাদে ভাৰতৰ পৰা বিদায় ল'বলগা হৈছিল।


১.২ কোম্পানিৰ আমোল :


ৰবাৰ্ট ক্লাইবৰ দ্বিতীয়টো প্রশাসন (১৭৬৫-৬৭) ভাৰতত কোম্পানিৰ শাসনৰ এটা উল্লেখযোগ্য সময় আছিল। এইছোৱা সময়ত ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ৰাজশক্তি ৰূপে আইনগত স্বীকৃতি পাইছিল। মোগল সম্রাট ছাহ আলমে (১৭৫৯-১৮০৬) ক্লাইবৰ লগত এলাহাবাদ চুক্তি (১৭৬৫) সম্পন্ন কৰাৰ ফলস্বৰূপে কোম্পানিয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কর্তৃত্ব লাভ কৰিছিল। সম্রাটে কোম্পানিক দেৱানী অর্থাৎ ৰাজহ সংগ্ৰহ আৰু অসামৰিক প্ৰশাসনৰ দায়িত্ব প্ৰদানৰ যোগেদি বংগত দ্বৈতশাসন প্ৰৱৰ্তন (১৭৬৫) কৰিছিল। এই ব্যৱস্থাৰ যোগেদি এফালে কোম্পানিৰ ক্ষমতা দুগুণে বৃদ্ধি হৈছিল আৰু আনফালে সম্ৰাটৰ তলতীয়া নবাবগৰাকী হৈছিল নামমাত্ৰ সামৰিক প্রশাসক (নিজামত)।


ক্লাইবৰ পৰৱৰ্তী গৱৰ্ণৰসকলেও মোগল শাসকৰ ওপৰত ৰাজনৈতিক কর্তৃত্ব খটুৱাবলৈ যত্নপৰ হৈছিল। ওৱাৰেণ হেষ্টিংছৰ কাৰ্যকালত (১৭৭৪-৮৫) ইষ্ট ইণ্ডিয়া কোম্পানি ভাৰতৰ একমাত্র শক্তিৰূপে পৰিগণিত হৈছিল। তেওঁ মোগল সম্ৰাটৰ তলতীয়া নবাবসকলক স্বাধীনতা ঘোষণা কৰিবলৈ উদগনি যোগাইছিল। হেষ্টিংছে প্ৰথমবাৰৰ বাবে নিজকে মোগল সম্ৰাটৰ লগত সমমৰ্য্যাদাৰ দাবী তুলিছিল। পলাচী যুদ্ধৰ পিছত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসনৰ প্ৰথমছোৱা সময়ৰ ভিতৰত কলিকতা, বোম্বাই আৰু মাদ্রাজ কোম্পানিৰ ঘাই শাসন কেন্দ্র হিচাপে পৰিগণিত হৈছিল। কেন্দ্ৰ কেইটাৰ সৰ্বোচ্চ শাসকগৰাকীক প্ৰেছিডেণ্টৰ বিষয়বাব দিয়া হৈছিল। প্রেছিডেণ্টৰ তলতীয়া শাসনযন্ত্রটোক 'প্রেছিডেন্সি' নামে জনাজাত হৈছিল। ১৭৭৩ খ্রীষ্টাব্দত ব্রিটিছ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন (Regulating Act)ৰ যোগেদি বংগ প্ৰেছিডেন্সিৰ গৱৰ্ণৰজনক 'গৱৰ্ণৰ জেনেৰেল' উপাধিৰে স্বীকৃতি প্রদান কৰি বোম্বে আৰু মাদ্রাজৰ গৱৰ্ণৰ দুজনক বংগৰ গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰিছিল। এই ব্যৱস্থাটোৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্রীয় শাসনৰ সূচনা হৈছিল। ১৭৮৪ খ্ৰীষ্টাব্দত পিটৰ ভাৰত আইনে (Pitt's India Act, 1784) ভাৰতবৰ্ষত দুই খলপীয়া চৰকাৰ সৃষ্টি কৰিছিল। এই আইনৰ যোগেদি কোম্পানিয়ে ভাৰতবৰ্ষ শাসন কৰিছিল; আনহাতে কোম্পানি পৰিচালিত হৈছিল বৃটেইনৰ গৃহ চৰকাৰৰ যোগেদি। ১৮৩৩ আৰু ১৮৫৩ খ্রীষ্টাব্দত ব্রিটিছ সংসদে বিধিবদ্ধ কৰা দুখন চনদৰ যোগেদি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসন অধিক শক্তিশালী ৰূপত গঢ়ি তুলিছিল।


১.৩ চিপাহী বিদ্ৰোহৰ সূচনা :


লর্ড ডেলহাউছীয়ে বিদায় গ্রহণ (১৮৫৬) কৰাৰ পিছত লর্ড কেনিঙে (১৮৫৬- ৬২) গৱৰ্ণৰ জেনেৰেলৰ পদ লৈছিল।


১৮৫৭ খ্রীষ্টাব্দৰ ২৯ মার্চ তাৰিখে ৩৪ নং দেশীয় পদাতিক বাহিনীৰ চিপাহী মংগল পাণ্ডেই বেৰেকপুৰ চিপাহী ছাউনীত ইংৰাজ বিষয়াৰ গালৈ গুলীবর্ষণ কৰি চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল।


পাণ্ডেৰ লগতে পহৰাদাৰ ঈশ্বৰ পাণ্ডেকো দোষী সাব্যস্ত কৰি দুয়োকে প্রাণদণ্ডেৰে দণ্ডিত কৰাৰ ঘটনাত সমগ্ৰ উত্তৰ ভাৰতজুৰি বিদ্ৰোহে বিস্তৃতি লাভ কৰিছিল।


বিদ্ৰোহৰ কাৰণসমূহ ইয়াৰ পূৰ্বৱৰ্তী ইংৰাজ শাসকৰ তলতীয়া এশবছৰীয়া ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক পটভূমিত নিহিত হৈ আছে। ৰাজকীয় শ্রেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল। ১৮৩৫ খ্রীষ্টাব্দত কোম্পানিৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল। একে সময়তে ৰাজকীয় পার্টী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষা প্রচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি-অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল। লর্ড ডেলহাউছীৰ প্ৰতিক্রিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল। যাৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল।


১.৪ চিপাহী বিদ্ৰোহৰ ফলাফল :


১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্রোহে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিছিল। ইংৰাজ শাসকৰ বিৰুদ্ধে সংঘটিত এই বিদ্রোহে ভাৰত সম্বন্ধে ব্রিটিছ চৰকাৰৰ দৃষ্টিভংগীৰ বহুতো সলনি কৰিলে। ক্ষুব্ধ ভাৰতীয়ক সন্তুষ্ট কৰি ভাৰতত ইংৰাজ শাসন বৰ্তাই ৰখাৰ স্বাৰ্থত ব্ৰিটিছ চৰকাৰে ভাৰতৰ শাসন ব্যৱস্থাত কিছুমান নতুন বিধি- বিধান প্ৰৱৰ্তন কৰিবলগা হয়। বিদ্রোহীসকলে লক্ষ্যত উপনীত হ'ব নোৱাৰিলে যদিও তেওঁলোকৰ কাৰণেই ইংৰাজ চৰকাৰে ভাৰত শাসন ব্যৱস্থাত কিছু পৰিৱৰ্তন সাধন কৰিবলৈ বাধ্য হৈছিল। তলত পৰিৱৰ্তনৰ কেইটামান উল্লেখযোগ্য দিশ আলোচনা কৰা হ'ল।


(ক) সাংবিধানিক পৰিৱৰ্তন: চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দোলনিয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰতি তীব্র বিতৃষ্ণাৰ ভাব সৃষ্টি কৰিছিল। বিদ্ৰোহৰ মাজেদি প্রকট হৈ উঠা ভাৰতীয়ৰ ক্ষোভ, যন্ত্রণা, বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনোভাব আৰু আক্ৰমণ-প্ৰতিআক্ৰমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ডবাসীক চিন্তিত কৰি তুলিছিল। ভবিষ্যতে এনে ভয়ানক পৰিস্থিতিৰ যাতে পুনৰ উদগীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল।


ব্রিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে 'ভাৰত চৰকাৰ আইন' (Government of India Act, 1858) প্রণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল।


ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ড চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানিৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ (Board of control) আৰু সঞ্চালক সভা (Court of Directors)ৰ কৰ্তৃত্বৰ অৱসান ঘটাইছিল। নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্রিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অর্পণ কৰা হয়। ভাৰত শাসনৰ সৈতে প্রত্যক্ষভাবে জড়িত হোৱা মন্ত্ৰীজনক 'ভাৰত সচিব' (Secretary of state for India) বোলা হ'ল। ভাৰত সচিবক সহায় কৰিবৰ বাবে ১৫ জনীয়া সদস্যৰে এখন পৰিষদ গঠন কৰা হয়। পৰিষদখনৰ মুঠ সদস্যৰ ৮ জন ইংৰাজ চৰকাৰৰ আৰু বাকী ৭ জন সদস্য কোম্পানিৰ ফালৰ পৰা নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰা হ'ল। পৰিষদৰ সচিবগৰাকীক পৰিষদত সভাপতিত্বৰ ক্ষমতা দি সকলো সদস্যকে ভাৰত শাসন সম্বন্ধে দিহা-পৰামৰ্শ আগবঢ়োৱাৰ দায়িত্ব অর্পণ কৰা হৈছিল। সচিবগৰাকীক বছৰত এবাৰকৈ ভাৰত শাসন সংক্রান্তীয় সকলো তথ্য-পাতি প্রতিবেদন আকাৰে ব্ৰিটিছ সংসদত জমা দিবৰ কাৰণে বাধ্য কৰোৱা হয়।


'ভাৰত চৰকাৰ আইন' অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকর্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় (Viceroy) অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয়।


এই আইনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বী (গৱৰ্ণৰ) জনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানিৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল। ভাৰত সচিব আৰু ভাৰত-ব্ৰিটিছ চৰকাৰৰ সকলো আমোলা-কৰ্মচাৰীৰ বেতন, ভাট্টা আদি ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ যোগেদি দিয়াৰ ব্যৱস্থাটো এই আইনখনত এটা বিশেষ উল্লেখযোগ্য দফা আছিল।


ভাৰত চৰকাৰ আইনখন বলবৎ হোৱাৰ পিছত ১৮৫৮ খ্ৰীষ্টাব্দৰ ১ নৱেম্বৰ তাৰিখে এলাহাবাদত এখন দৰবাৰ আয়োজন কৰি ভাইচৰয় লর্ড কেনিঙে নিজকে মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি বুলি ঘোষণা কৰি পোনপটীয়া ভাৰত শাসনৰ প্ৰথমখন ঘোষণাপত্র পাঠ কৰিছিল। এই ঘোষণাৰ মাজেদি ভাৰতীয় প্ৰজা আৰু দেশীয় শাসকৰ মনত সৃষ্টি হোৱা অশান্তি-সন্দেহ আদি আঁতৰাবলৈ বিচৰা হৈছিল। লর্ড কেনিঙে এই ঘোষণাৰ যোগেদি ধৰ্মৰ ক্ষেত্ৰত উদাৰতা আৰু সহিষ্ণুতা, আর্থিক ক্ষেত্ৰত সমতা প্রতিষ্ঠাৰ প্ৰতিশ্রুতি দিয়াৰ লগতে স্বত্ববিলোপ নীতি পৰিহাৰ আৰু দেশীয় ৰাজন্যবৰ্গৰ প্ৰতি উদাৰ মনোভাব পোষণ কৰি ভাৰতবৰ্ষত ইংৰাজ শক্তিয়ে ভবিষ্যতে ৰাজ্য বিস্তাৰ নকৰাৰ আশ্বাস প্রদান কৰিছিল। বিদ্ৰোহৰ সময়ত কোম্পানি চৰকাৰক সহায় কৰা দেশীয় ৰাজন্যবৰ্গ আৰু কেইগৰাকীমান ব্ৰিটিছভক্ত ভাৰতীয় নেতাক এলাহাবাদ দৰবাৰলৈ নিমন্ত্ৰণ কৰি তেওঁলোকক পুৰস্কৃত কৰা হৈছিল।


(খ) সামাজিক পৰিৱৰ্তন: ৰক্ষণশীল মনোভাবাপন্ন এচাম ক্ষুব্ধ ভাৰতীয় প্ৰজাই চিপাহী বিদ্ৰোহৰ প্ৰতি সমর্থন জনাইছিল যদিও বিদ্ৰোহৰ ব্যৰ্থতাই এইসকল সংস্কাৰ বিৰোধীৰ মনলৈ গতিশীলতা কঢ়িয়াই আনিছিল। বিদ্ৰোহৰ পৰোক্ষ ফল হিচাপে ভাৰতীয় সমাজত থকা সামন্তযুগীয় স্থবিৰতাৰ অৱসান ঘটিছিল আৰু আধুনিক পাশ্চাত্য সংস্কৃতিৰ প্রতি ভাৰতীয়সকল আকর্ষিত হৈছিল। এক কথাত চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় সমাজখনত আধুনিকতাৰ সূচনা হৈছিল। আধুনিকতাৰ পৰশত নব্য শিক্ষিত এচাম ভাৰতীয়ই আত্মপ্ৰতিষ্ঠাৰ বাবে সজাগ হৈছিল। বিদ্রোহী চিপাহীৰ সাহসিকতা আৰু মনোবলে তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল। বিদ্ৰোহৰ ব্যৰ্থতা নিজ চকুৰে প্ৰত্যক্ষ কৰি তেওঁলোকে ভালকৈ বুজি পাইছিল যে জনগণ সংঘবদ্ধ নোহোৱা পর্যন্ত জাতীয় আন্দোলন গঢ়ি তোলাটো অসম্ভৱ।


চিপাহী বিদ্ৰোহৰ পিছত, ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাব জগাই তুলিছিল। বিভিন্ন জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ মনত 'আমি ভাৰতীয় জনগণ' এনে এক চেতনা জাগ্রত হৈছিল। আনহাতে ভাৰতীয়সকলৰ এই ঐক্যবদ্ধ চেতনাৰ বিপৰীতে ইংৰাজ শাসকে গ্ৰহণ কৰা মূল নীতিটো আছিল 'ভাগ কৰা আৰু শাসন কৰা' (Divide and rule)।


১.৫ ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন আৰু ভাইচৰয় লর্ড কেনিঙৰ দ্বিতীয় কার্যকাল (১৮৫৮-৬২):


লর্ড কেনিঙে তেওঁৰ দ্বিতীয়টো কার্যকালত (ভাইচৰয় হিচাপে) আর্থিক দিশটোৰ ওপৰত বিশেষ মনোযোগ দিছিল। বিদ্রোহে জুৰুলা কৰা আৰ্থিক অৱস্থাক সবল কৰি তুলিবলৈ চেষ্টা কৰিছিল। তেওঁ বিত্ত বিশেষজ্ঞ জেমছ উইলছন আৰু ছেমুৱেলক ভাৰতলৈ মতাই আনি এই দিশত তেওঁলোকৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰিছিল। বিশেষজ্ঞ দুগৰাকীৰ পৰামৰ্শৰ ভিত্তিত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে বার্ষিক পাঁচশ টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল। আমদানিকৃত সামগ্ৰীৰ ওপৰত শতকৰা ১০ ভাগ আমদানি শুল্ক ধার্য কৰিছিল। ১৮৫৯ খ্রীষ্টাব্দত 'বংগ ৰাজহ' নামৰ আইন প্রণয়ন কৰি চিৰস্থায়ী বন্দোৱস্তই সৃষ্টি কৰি যোৱা খেলি-মেলিৰ অৱসান ঘটাইছিল। এই আইনে ৰায়তসকলক ভূমিৰ ওপৰত নিজস্ব কর্তৃত্ব প্রদান কৰিছিল। নীল ব্যৱসায়ীসকলৰ কবলৰ পৰা নীল খেতিয়কসকলক সুৰক্ষিত কৰিছিল। দেশত উৎপাদিত ধঁপাতৰ ওপৰত কৰ ধাৰ্য কৰিছিল।


লর্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে 'উডৰ শিক্ষা সংস্কাৰ আঁচনি' (Wood's Despatch)খন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্রদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল।


লর্ড কেনিঙে সেনা-বাহিনীৰ ক্ষেত্ৰত কিছু সাংগঠনিক পৰিৱৰ্তন কৰিছিল। বিভিন্ন জাতি আৰু বিভিন্ন ধৰ্মাৱলম্বী সৈনিকক একগোট কৰি এটা মিশ্ৰিত ভাৰতীয় সেনা-বাহিনীৰ গোট গঠন কৰিছিল। নতুনকৈ গঠন হোৱা গোটটোত ভালেসংখ্যক ইউৰোপীয় সেনাক নিয়োগ কৰিছিল।


১৮৬১ খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইন :


চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ সংসদে তৈয়াৰ কৰা ভাৰত চৰকাৰ আইন (১৮৫৮) খনৰ ভিত্তিত ভাৰতবৰ্ষত গঢ়ি উঠা নতুন প্রশাসন যন্ত্ৰত ভাৰতীয়ক অংশগ্রহণ কৰাৰ অধিকাৰ দিয়া নহৈছিল। এই আইনখনত কোনো ধৰণৰ প্ৰতিনিধিত্বমূলক অনুষ্ঠান বা পৰিষদ গঠনৰ ব্যৱস্থা নাছিল। মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণা-পত্ৰই ভাৰতীয়ৰ প্ৰতি উদাৰ দৃষ্টিভংগীৰ আশ্বাস দিছিল যদিও প্রকৃততে প্রত্যক্ষ শাসন ব্যৱস্থাত শাসক আৰু শাসিতৰ মাজৰ ব্যৱধান কমি অহা নাছিল। শিক্ষিত ভাৰতীয়সকল অসন্তুষ্ট হোৱাৰ কাৰণ উপলব্ধি কৰি ১৮৬১ খ্রীষ্টাব্দত ব্রিটিছ সংসদে ভাৰতীয় পৰিষদ আইন (১৮৬১) নামৰ এখন আইন প্রণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্রশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।


(ক) কেন্দ্রীয় শাসন : ১৮৬১ খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনে কেন্দ্ৰ আৰু প্রদেশসমূহৰ বিধানমণ্ডল (পৰিষদ) গঠনৰ নিৰ্দেশ দিছিল। ক্ষমতা বিকেন্দ্ৰীকৰণ পদ্ধতিৰ আধাৰত কেন্দ্ৰীয় আৰু প্রদেশ বিধানমণ্ডলবোৰক বিধায়িনী ক্ষমতা ভগাই দিয়া হৈছিল। এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যৰ সংখ্যা সর্বনিম্ন ছয়জনৰ পৰা সৰ্বাধিক বাৰজন পর্যন্ত মনোনীত কৰিবলৈ কর্তৃত্ব প্ৰদান কৰিছিল। মুঠ সদস্যৰ আধাসংখ্যক বেচৰকাৰী হোৱাটো বাধ্যতামূলক আছিল। বেচৰকাৰী সদস্যসকলক অতিৰিক্ত সদস্য হিচাপে বিধান মণ্ডলত স্থান দিছিল আৰু তেওঁলোকৰ কাৰ্যকাল দুবছৰীয়া আছিল। তেওঁলোক ভাৰতস্থ ইংৰাজ বা দেশীয় ব্যক্তি হ'ব লাগিছিল। কেন্দ্রীয় বিধানমণ্ডলত পোন প্ৰথমবাৰৰ বাবে স্থান পোৱা ভাৰতীয় ব্যক্তিসকল আছিল গোৱালিয়ৰ ৰাজ্যৰ ভূতপূৰ্ব মন্ত্ৰী ৰাজা বাহাদুৰ দিনাকৰ ৰাও, পাতিয়ালাৰ ৰাজা বাহাদুৰ নৰিন্দ্ৰ সিং আৰু উত্তৰ পূব সীমান্ত প্ৰদেশৰ জমিদাৰ ৰাজ বাহাদুৰ দেউনাৰায়ণ। ভাইচৰয়ৰ কৰ্তৃত্বৰে পৰিচালিত কেন্দ্রীয় বিধানমণ্ডলত প্ৰস্তাৱিত আইন আৰু সিদ্ধান্তসমূহত ভাইচৰয়ৰ পূৰ্ণ সমর্থন তথা আস্থা থকাৰ উপৰিও 'ভাৰত সচিব'ৰ অনুমোদন লোৱাটো বাধ্যতামূলক আছিল।


ভাৰতীয়ক পোন প্ৰথমবাৰ বিধানমণ্ডলত স্থান দি ইংৰাজ শাসকে ভাৰতীয়ৰ পৰা প্রত্যক্ষ সহযোগিতা আশা কৰিছিল। এক কথাত ক'বলৈ গ'লে ভাৰতীয়ক বিধানমণ্ডলৰ সদস্যৰ পদ দি ভাৰতত প্ৰতিনিধিত্বমূলক চৰকাৰ গঠনৰ সাঁচটো তৈয়াৰ কৰিছিল। অৱশ্যে উল্লিখিত প্রতিনিধিসকল প্রকৃত অৰ্থত ভাৰতীয় জনসাধাৰণৰ প্ৰতিনিধি আছিল বুলি ক'ব নোৱাৰি। তেওঁলোক আছিল উচ্চ বংশজাত আৰু সম্ভ্রান্ত ভূ-স্বামী শ্ৰেণীটোৰহে প্ৰতিনিধি।  তথাপিতো আইনী প্রক্ৰিয়াৰে সৰ্বোচ্চ প্রশাসনত ভাৰতীয় প্রতিনিধিত্বৰ বুনিয়াদ ৰচনা কৰি ভাৰতীয়ক বিধায়িনী ক্ষমতাত অংশ গ্ৰহণৰ ক্ষমতা দিয়াটো এটা উল্লেখযোগ্য ঘটনা বুলি ক'ব লাগিব।


এই আইনে কেন্দ্রীয় বিধানমণ্ডলক ৰাজহ, বিত্ত, প্ৰতিৰক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু ব্ৰিটিছ-ভাৰত অধিকৃত ৰাজ্যৰ সীমাৰ সুৰক্ষা আদি বিষয়ত পৰামৰ্শ আৰু আইন তৈয়াৰ কৰাৰ ক্ষমতা দিছিল। কিন্তু একে সময়তে ভাইচৰয়গৰাকীক প্রয়োজন সাপেক্ষে বিধানমণ্ডলত প্ৰস্তাৱিত আইন নতুবা দিহা-পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতাও দিছিল।


এই আইনে পাঁচজনীয়া সদস্যৰ এখন 'কাৰ্যবাহী পৰিষদ' গঠনৰ প্ৰস্তাৱ দিছিল। ভাৰতৰ সচিবক এই আইনে তিনিজন ব্যক্তিক 'কাৰ্যবাহী পৰিষদ'ৰ বাবে বাছনি কৰিবলৈ কর্তৃত্ব প্রদান কৰিছিল। ভাৰতবৰ্ষত কমেও দহ বছৰ কাল চাকৰি কৰাৰ অভিজ্ঞতা থকা ব্যক্তিকহে তেওঁ বাছনি কৰিব পাৰিছিল। বাকী দুজন সদস্যক ব্রিটিছ সংসদে প্রত্যক্ষভাৱে নিয়োগ কৰাৰ ক্ষমতা পাইছিল। তেওঁলোেক দুজনৰ এজনক আইনী সদস্য আৰু আনজনক বিত্তীয় সদস্য হিচাপে কাৰ্যবাহী পৰিষদত স্থান দিয়া হৈছিল।


ভাইচৰয়ক কাৰ্যবাহী পৰিষদখন সুচাৰুৰূপে পৰিচালনা কৰাৰ সম্পূর্ণ কর্তৃত্ব দিয়া হৈছিল। ভাইচৰয় লর্ড কেনিঙে পোন প্রথমে কেন্দ্রীয় কাৰ্যবাহী পৰিষদৰ সদস্যসকলৰ মাজত দপ্তৰসমূহ ভগাই দি তেওঁলোকক নিজা নিজা দপ্তৰসমূহ পৰিচালনা কৰাৰ অধিকাৰ দিছিল। গুৰুত্বপূৰ্ণ বিষয়ত তেওঁলোকে ভাইচৰয়ৰ পৰা পৰামৰ্শ ল'ব লাগিছিল। কার্যবাহী পৰিষদৰ সদস্যৰ মাজত দপ্তৰ বিতৰণ কৰি ভাৰতৰ শাসন ব্যৱস্থাত কেবিনেট শাসন প্ৰণালীৰ সূচনা কৰা হৈছিল।


(খ) প্রাদেশিক শাসন: ১৮৬১ খ্ৰীষ্টাব্দৰ আইনে কেন্দ্ৰ আৰু প্ৰদেশৰ মাজত ক্ষমতা বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা এটা প্ৰৱৰ্তন কৰি প্ৰাদেশিক চৰকাৰসমূহক শক্তিশালী ৰূপত গঢ়ি তুলিব বিচাৰিছিল। ১৮৩৩ খ্ৰীষ্টাব্দৰ চনদে বোম্বাই আৰু মাদ্রাজ এই দুখন প্রদেশৰ প্ৰাদেশিক চৰকাৰক নিজাকৈ আইন প্রণয়ন কৰাৰ ক্ষমতাৰ পৰা বঞ্চিত কৰি সকলো বিলাক আইনী ক্ষমতা বংগৰ গৱৰ্ণৰ জেনেৰেলৰ হাতত ন্যস্ত কৰিছিল। কিন্তু এই ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ১৮৬১ খ্রীষ্টাব্দৰ আইনে বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুগৰাকীক সৰ্বনিম্ন চাৰিজন আৰু সর্বোচ্চ আঠজন মনোনীত সদস্যৰে বিধান পৰিষদ (মণ্ডল) গঠনৰ অনুমতি দিছিল। মনোনীত সদস্যসকলৰ আধা অংশ বেচৰকাৰী সদস্য হ'ব লাগিছিল আৰু তেওঁলোকৰ কাৰ্যকাল দুই বছৰ ধাৰ্য কৰিছিল।


১৮৬১ খ্ৰীষ্টাব্দৰ আইনে বংগ প্রদেশ, উত্তৰ-পশ্চিম সীমান্ত প্রদেশ আৰু পঞ্জাবত বিধান পৰিষদ গঠনৰ নিৰ্দেশ জাৰি কৰিছিল। এই নির্দেশৰ ভিত্তিত ১৮৬২ খ্ৰীষ্টাব্দত বংগ আৰু ১৮৯৮ খ্রীষ্টাব্দত পঞ্জাবত বিধান পৰিষদ গঠন কৰা হৈছিল।


১৮৬১ খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনখনক এখন ত্রুটিহীন আইন বুলিও ক'ব নোৱাৰি। এইখন আইনে নৱগঠিত প্রাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইনী ক্ষমতা দিছিল যদিও প্রকৃতপক্ষে এই ক্ষমতা আছিল কেৱল নামমাত্রহে। অথচ একেখন আইনেই বংগৰ গৱৰ্ণৰ জেনেৰেলক অপৰিসীম ক্ষমতাৰ অধিকাৰী কৰিছিল। ফলস্বৰূপে প্রাদেশিক পৰিষদসমূহৰ আইনী ক্ষমতা বহুক্ষেত্রত সংকুচিত হৈছিল। উল্লেখ্য যে প্রাদেশিক পৰিষদ আৰু কেন্দ্ৰীয় পৰিষদে তৈয়াৰ কৰা আইনসমূহত বংগৰ গৱৰ্ণৰ জেনেৰেলৰ অনুমোদন বাধ্যতামূলক আছিল। গৱৰ্ণৰ জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল। তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নকৰাকৈ যিকোনো ধৰণৰ ক্ষমতা প্রয়োগ কৰিব পাৰিছিল। অৱশ্যে আসোঁৱাহ থাকিলেও ১৮৬১ খ্ৰীষ্টাব্দৰ আইনখন এই কাৰণেই স্মৰণীয় যে ইয়াৰ যোগেদি প্রদেশ প্রশাসনে বিধানমণ্ডলত প্রবেশ কৰাৰ অনুমতি পাইছিল।


ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰ শুভাৰম্ভ ১৮৬১ খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনৰ যোগেদি হৈছিল।


১.৬ স্থানীয় স্বায়ত্ত শাসন :


ভাইচৰয় লৰ্ড মেয়'ৰ কাৰ্যকাল (১৮৬৯-৭২)ত গ্ৰহণ কৰা 'বিত্তীয় বিকেন্দ্ৰীকৰণ প্রস্তাবে' ভাৰতবৰ্ষত স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ বাট মুকলি কৰিছিল। ১৮৭০ খ্রীষ্টাব্দৰ ১৪ ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগৰ দায়িত্ব প্রদেশ বিলাকক দিয়া হৈছিল। উক্ত বিভাগসমূহৰ ভিতৰুৱা প্ৰাদেশিক কামৰ বাবে কেন্দ্ৰৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ অৰ্থৰ যোগান ধৰাৰ নিয়ম কৰা হয়। কেন্দ্ৰৰ নিৰ্দেশৰ ভিত্তিত প্রাদেশিক চৰকাৰেও বিভাগ পৰিচালনাৰ নামত স্থানীয় কৰ-কাটলৰ যোগেদি পুঁজি সংগ্ৰহ কৰিব লগা হয়।


মেয়'ৰ বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ আঁত ধৰি লৰ্ড ৰিপণে (১৮৮০-৮৪) ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটিটো নিৰ্মাণ কৰিছিল।


লর্ড ৰিপণে কেইটামান বিশেষ উদ্দেশ্য আগত ৰাখি স্বায়ত্ত শাসন ব্যৱস্থাৰ পোষকতা কৰিছিল। তেওঁ স্থানীয় প্রশাসন ব্যৱস্থাত এনে এক পৰিৱৰ্তনৰ পোষকতা কৰিছিল য'ত প্রশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্রহণ কৰাৰ সুবিধা থাকে। লর্ড ৰিপণে তেওঁৰ কাৰ্যকালত গণতান্ত্রিক আদৰ্শৰ দ্বাৰা অনুপ্রাণিত এনে এচাম ভাৰতীয়ক লগ পাইছিল যিসকলে প্রশাসনীয় দক্ষতা আহৰণ কৰাৰ কাৰণে প্রথমতে স্থানীয় প্রশাসনত অংশগ্ৰহণ কৰাৰ প্ৰয়োজন আছিল। ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়ক আধুনিক প্রশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলোকৰ প্ৰাথমিক কাম বিলাক তেওঁলোকৰ হতুৱাই সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিছিল। এই উদ্দেশ্যটো আগত ৰাখিয়েই প্ৰস্তাৱিত নিকায়সমূহত নির্বাচিত সদস্যৰ নিযুক্তিৰে প্ৰশাসনৰ গোট বিলাকক কেন্দ্রীয় শাসনৰ পৰা মুক্ত কৰি ৰখাটো বিচাৰিছিল।


লর্ড ৰিপণে ১৮৮২ খ্রীষ্টাব্দত ঐতিহাসিক প্রস্তাৱ মর্মে প্রত্যেকটো মহকুমাত একোখনকৈ লোকেল ব'ৰ্ড (আঞ্চলিক পৰিষদ) গঠন কৰে। প্ৰয়োজন অনুসৰি প্ৰত্যেকখন লোকেল ব'ৰ্ডৰ অধীনত থকা গ্রামাঞ্চলৰ লাটসমূহত একোখনকৈ প্রাথমিক ব'ৰ্ড গঠনৰ ব্যৱস্থা ৰাখিছিল। লোকেল ব'ৰ্ডৰ অধিকাংশ সদস্যক নিৰ্বাচন কৰি অনাৰ লগতে সদস্যসকলৰ মাজৰ পৰা এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ ব্যৱস্থা কৰিছিল।


লর্ড ৰিপণে স্বায়ত্ত শাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁৰ এই নির্দেশসমূহ প্রদেশসমূহৰ মুখ্য শাসনকর্তাসকলে দুই ধৰণেৰে কাৰ্যকৰী কৰিছিল। কিছুমান প্রদেশত জিলা পর্যায়ত আৰু কিছুমান প্রদেশত মহকুমা পর্যায়ত লোকেল ব'র্ডসমূহ গঠন কৰিছিল। উল্লেখ্য যে অসমত মহকুমা পর্যায়ত লোকেল ব'র্ডসমূহ গঠন হৈছিল।


গ্রামাঞ্চলৰ দৰে নগৰাঞ্চলসমূহো স্থানীয় স্বায়ত্ত শাসনৰ তলতীয়া হৈছিল। ১৮৮২ খ্ৰীষ্টাব্দৰ স্থানীয় স্বায়ত্ত শাসনৰ প্ৰস্তাৱ মর্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। পৌৰসভা আৰু নগৰপালিকাৰ নিকায়সমূহৰ শতকৰা ৭৫ জন সদস্যক নিৰ্বাচনৰ যোগেদি বাছনি কৰি লোৱাৰ ব্যৱস্থা কৰা হৈছিল। আনকি নগৰীয়া অঞ্চলৰ এই নিকায়সমূহৰ সভাপতিগৰাকীক প্রয়োজনবোধে নির্বাচন কৰিব পৰা গৈছিল।


ভাৰত সচিবে লৰ্ড ৰিপণৰ কেইবাটাও স্বায়ত্ত শাসন সম্পর্কীয় গুৰুত্বপূৰ্ণ প্ৰস্তাৱ নাকচ কৰিছিল। বিশেষকৈ লোকেল ব'র্ডসমূহত নিৰ্বাচিত সদস্যৰ সংখ্যা বৃদ্ধি আৰু বেচৰকাৰী সদস্যক সভাপতিৰ পদ দিয়াৰ বাবে ৰিপণে আগবঢ়োৱা প্ৰস্তাৱ ইংলেণ্ডৰ চৰকাৰে সমর্থন কৰা নাছিল। ১৮৮৫ খ্ৰীষ্টাব্দৰ স্বায়ত্ত শাসন আইনখনে জিলা উপায়ুক্তসকলকহে লোকেল ব'ৰ্ডৰ সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল। লর্ড বিপণে স্বায়ত্ত শাসনৰ সংস্থাবোৰ জনসাধাৰণৰ নিৰ্বাচিত প্রতিনিধিৰ হাতত অর্পণ কৰাটো এটা নীতি হিচাপে গ্রহণ কৰিছিল। কিন্তু ঔপনিৱেশিক মনোবৃত্তিৰ ইংৰাজ চৰকাৰে ৰিপণৰ উদ্দেশ্য সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাত বাধা প্রদান কৰিছিল।


ৰিপণৰ বাস্তৱধর্মী চিন্তা-ধাৰাই ভাৰতীয় প্রশাসনলৈ এটা নতুন বার্তা কঢ়িয়াই আনিছিল, কাৰণ তেওঁ পোনপ্ৰথমবাৰৰ বাবে স্থানীয় শাসন ব্যৱস্থাক গণতান্ত্রিক পদ্ধতিৰ মাজলৈ টানি আনিছিল।


লর্ড ৰিপণৰ এই সংস্কাৰ ভাৰতীয় স্থানীয় শাসনৰ বুৰঞ্জীৰ এক স্মৰণীয় অধ্যায়।


১.৭ অসামৰিক সেৱাৰ ভাৰতীয়কৰণ :


ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসন কালত ভাৰতবৰ্ষৰ লোকসেৱাৰ পদবিসমূহ কেৱল ইংৰাজ লোকৰ দ্বাৰাহে পুৰণ কৰা হৈছিল। ভাৰত চৰকাৰ পৰিচালনাৰ দায়িত্ব ব্ৰিটিছ চৰকাৰৰ হাতলৈ (১৮৫৮ খ্ৰীষ্টাব্দ) যোৱাৰ পিছত ভাৰতীয় শিক্ষিতসকলেও লোকসেৱাৰ পদবিত দেশীয় ব্যক্তিক অন্তর্ভুক্ত কৰাৰ বাবে আগ্রহ প্রকাশ কৰিছিল। শিক্ষিত ভাৰতীয়ৰ মনত গঢ়ি উঠা এনে প্রবণতাৰ প্ৰতি লক্ষ্য ৰাখি ঊনবিংশ শতিকাৰ সত্তৰৰ দশকৰ পৰা ভাৰতীয়সকলকো লোকসেৱাৰ পদবিত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিল।


১৭৯৩ খ্ৰীষ্টাব্দৰ নিয়ন্ত্রণকাৰী আইন (Regulating Act 1793) অনুসৰি ভাৰত প্রশাসনৰ উচ্চ পদবিসমূহ কোম্পানিৰ অংগীকাৰবদ্ধ (Covenanted Service) কৰ্মচাৰীৰ বাবেহে সংৰক্ষিত কৰি ৰখাৰ নিয়ম বলবৎ কৰা হৈছিল। ব্যক্তিগত ব্যৱসায় আৰু কোনো ধৰণৰ উপহাৰ গ্ৰহণ নকৰাৰ লিখিত প্রতিশ্রুতি হিচাপে তেওঁলোকে অংগীকাৰ-পত্ৰত স্বাক্ষৰ কৰিব লগা হৈছিল। তদানীন্তন গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিচে (১৭৮৬-৯৩) ভাৰতীয়ক প্রশাসনৰ বিষয়বাব নিদিয়াৰ সপক্ষে ইংলেণ্ডৰ চৰকাৰৰ ওচৰত যুক্তি দাঙি ধৰিছিল। তেওঁৰ যুক্তিটো আছিল যে ভাৰতীয়সকল আধুনিক প্ৰশাসনৰ সৈতে একেবাৰে অভ্যস্ত নহয় আৰু ভাৰতীয়ৰ হাতত শাসনৰ দায়িত্ব জাপি দিলে সেই প্রশাসন ইংৰাজৰ স্বাৰ্থৰ বিপৰীতে পৰিচালিত হ'ব। কিন্তু উদাৰচিতীয়া ইংৰাজ চিন্তাবিদ ছাৰ থমাছ মনৰো আৰু ছাৰ জন মেলকমে কৰ্ণৱালিচৰ এই যুক্তি মানি লোৱা নাছিল।


১৮৩৩ খ্ৰীষ্টাব্দৰ চনদে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবিত মকৰল কৰাৰ ক্ষেত্রত সম্মতি জনাইছিল। আইনখনে ভাৰতীয়ক লোকসেৱাৰ পদবিত নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নির্ধাৰণৰ ব্যৱস্থা ল'বলৈ নির্দেশ দিছিল। কোম্পানিৰ ডাইৰেক্টৰসকলৰ বিৰোধিতাৰ কাৰণেই সেইটো সম্ভৱ হৈ উঠা নাছিল। অৱশ্যে, এই আইনখনে ভাৰতীয়সকলৰ প্ৰতি আগবঢ়োৱা উদাৰ মনোভাবক ইংৰাজ শাসকসকলে সম্পূর্ণ অবজ্ঞা কৰিব পৰা নাছিল। ১৮৩৩ খ্রীষ্টাব্দত ডেপুটি মেজিস্ট্রেট আৰু ১৮৪৩ খ্রীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা পদবিৰ সৃষ্টি কৰি দুয়োটা পদবিৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত হ'ব বুলি জানিবলৈ দিছিল।


১৮৫৩ খ্ৰীষ্টাব্দৰ চনদে লোকসেৱাৰ বাবে প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল। ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল। কিন্তু এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱা বাবে অতি সামান্যসংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ হ'ব পাৰিছিল। ১৮৫৮ খ্ৰীষ্টাব্দৰ মহাৰাণীৰ ঘোষণা-পত্রই দেশীয় লোককো নিৰপেক্ষভাৱে লোকসেৱাৰ পদবিত নিয়োগ কৰাৰ আশ্বাস দিছিল। এই আশ্বাসৰ ভিত্তিত ভাৰত সচিবে এখন কমিটী গঠন কৰি দিছিল। কমিটীয়ে ভাৰতীয় লোকসেৱাৰ বাবে প্রতিযোগিতামূলক পৰীক্ষা ভাৰতত অনুষ্ঠিত কৰাৰ উপদেশ দিছিল। কিন্তু ১৮৬২ খ্ৰীষ্টাব্দৰ চিভিল ছাৰ্ভিচ আইনত সন্নিবিষ্ট ধাৰা অনুযায়ী লোকসেৱাৰ পদবি অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ বাবে সংৰক্ষিত হৈ থকাৰ বাবে কমিটীৰ এই উপদেশ কাৰ্যকৰী কৰা নাছিল।


১৮৬৫ খ্রীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল ২২ বছৰ। কিন্তু ১৮৬৬ খ্রীষ্টাব্দত এই সর্বোচ্চ বয়সৰ সীমা ২১ বছৰ কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে অতি কমসংখ্যক ভাৰতীয়ইহে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল। ১৮৬৪ খ্রীষ্টাব্দত প্রথমজন ভাৰতীয় ব্যক্তি সত্যেন্দ্ৰ নাথ ঠাকুৰে ভাৰতীয় লোকসেৱাৰ পদবি লাভ কৰিব পাৰিছিল। ১৮৭১ খ্রীষ্টাব্দত তিনিজন ভাৰতীয় ক্রমে সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়, ৰমেশ চন্দ্ৰ দত্ত আৰু বিহাৰী লাল গুপ্তই এই পৰীক্ষাত কৃতকার্য হৈছিল। ১৮৭২ খ্রীষ্টাব্দত শ্রীপদ বাবাজী ঠাকুৰ, আৰু আনন্দৰাম বৰুৱাই এই পৰীক্ষাত কৃতকার্যতা লাভ কৰিছিল।


ভাইচৰয় লর্ড লিটনৰ কাৰ্যকালত (১৮৭৬-৮০) ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ১৯ বছৰলৈ হ্রাস কৰিছিল। ইতিমধ্যে ৰাজহুৱা জীৱনৰ পাতনি মেলা সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়ে ইয়াৰ বিৰুদ্ধে এটা তীব্ৰ জনজাগৰণ গঢ়ি তুলিছিল। লোকসেৱা পৰীক্ষাৰ্থীৰ বয়সৰ সীমা সম্বন্ধে ভাৰতীয়ৰ মতামত জনাবলৈ বন্দোপাধ্যায়ে লালমোহন ঘোষ নামৰ এজন আইনবিদক ইংলেণ্ডলৈ পঠাইছিল। ইংলেণ্ডৰ চৰকাৰে ঘোষৰ যুক্তি মানি লৈ ভাৰতীয় লোকসেৱাত পৰীক্ষাৰ্থীৰ বয়স পুনৰ ২২ বছৰ কৰিবলৈ বাধ্য হৈছিল।


লর্ড লিটনৰ কাৰ্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱা সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল। এই বিধি অনুসৰি যি এক ষষ্ঠাংশ লোকসেৱাৰ পদবি অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল সেই পদবিসমূহ স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পুৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। ইংলেণ্ডৰ চৰকাৰে ভাৰত সচিব আৰু ভাইচৰয়ৰ অনুমতি সাপেক্ষে এই পদবিসমূহত ভাৰতীয়ক নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছিল। ভাইচৰয় লর্ড লিটনে নিজাকৈ পদবিসমূহৰ বাবে উচ্চবংশজাত ভাৰতীয় ব্যক্তিক বাছনি কৰাৰ নিৰ্দেশ দিছিল। কিন্তু উচ্চ শ্রেণীভুক্ত ভাৰতীয়ক আকর্ষণ কৰিব নোৱাৰাত গোটেই ব্যৱস্থাটো কাৰ্যকৰী কৰিব পৰা নাছিল।


ভাৰতীয় জাতীয় কংগ্ৰেছে জন্মলগ্নৰে পৰা লোকসেৱাৰ পৰীক্ষাসমূহ ইংলেণ্ড আৰু ভাৰতত একেলগে অনুষ্ঠিত কৰিবলৈ দাবী জনাই আহিছিল। ভাইচৰয় লর্ড ডাফৰিনে (১৮৮৪-৮৮) গোটেই বিষয়টো বিবেচনা কৰিবলৈ ১৮৮৬ খ্রীষ্টাব্দত পাব্লিক ছার্ভিচ কমিছন গঠন কৰিছিল। তদানীন্তন পঞ্জাবৰ লেফটেনেন্ট গৱৰ্ণৰ ছাৰ চাৰ্লছ আইচিছনৰ পৌৰোহিত্যত এখন আয়োগ গঠন কৰি দিছিল। আইচিছন আয়োগে লোকসেৱা বিভাগটোক তিনিটা ভাগত ভাগ কৰাৰ বাবে অনুমোদন জনাইছিল। ভাগ তিনিটা আছিল ইমপেৰিয়েল ইণ্ডিয়ান চিভিল ছার্ভিচ, প্রভিন্সিয়েল চিভিল ছার্ভিচ আৰু ছাবৰডিনেট চিভিল ছার্ভিচ। প্রথমটোত ইংৰাজ ব্যক্তিক আৰু বাকী দুটাত দেশীয় লোকক মকৰল কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। ইংলেণ্ডৰ চৰকাৰে আইচিছন কমিছনৰ পৰামৰ্শাৱলী সম্পূর্ণভাৱে মানি লোৱা নাছিল। ১৮৯৩ খ্ৰীষ্টাব্দৰ ২ জুন তাৰিখে ব্রিটিছ সংসদে ইংলেণ্ড আৰু ভাৰততো একে সময়তে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্রস্তাৱ গ্ৰহণ কৰিছিল যদিও বেয়া পৰিবেশ পৰিস্থিতিৰ অজুহাত দেখুৱাই এই প্রস্তাৱ চৰকাৰে কাৰ্যকৰী কৰা নাছিল। ১৯২২ খ্রীষ্টাব্দত ব্রিটিছ চৰকাৰে লৰ্ড ইচলিংটনৰ নেতৃত্বত ৰয়েল কমিছন অন পাব্লিক ছার্ভিচ গঠন কৰিছিল। কিন্তু এই কমিছনখনেও এই ক্ষেত্রত কোনো কার্যকৰী ব্যৱস্থা ল'ব পৰা নাছিল।


মন্টেণ্ড-চেমচফোর্ড প্রতিবেদনে ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষিত নীতি বুলি প্রকাশ কৰিছিল। এই প্রতিবেদনে ভাৰতবৰ্ষৰ মুঠ তিনি ভাগৰ এভাগ পদবি দেশীয় লোকৰ দ্বাৰা পূৰণ কৰা হ'ব বুলিও উল্লেখ কৰিছিল। আনকি নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবছৰে শতকৰা ১.৫ ভাগকৈ দেশীয় প্রার্থীৰ হাৰ বৃদ্ধি কৰা হ'ব বুলি জনাইছিল। উল্লেখ্য যে ১৯১৯ খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰ আইনখনত মণ্টেণ্ড-চেমচফোর্ড প্রতিবেদনে লোকসেৱাৰ সন্দৰ্ভত বিবেচনা কৰা আঁচনি কেইখন কাৰ্যকৰী কৰিবলৈ নির্দেশ দিছিল।


মন্টেগু-চেমচফোর্ড প্রতিবেদন আৰু ১৯১৯ খ্রীষ্টাব্দৰ ভাৰত চৰকাৰ আইনৰ নির্দেশনা কাৰ্যকৰী কৰিবলৈ ১৯২৩ খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লী আয়োগ (Lee Commission 1923) গঠন কৰিছিল। লী আয়োগে তাৎক্ষণিকভাৱে ভাৰতবৰ্ষত লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু ১৫টা বছৰৰ ভিতৰত লোকসেৱাৰ পদবিত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰিবলৈ উপদেশ দিছিল।


১৯৩৫ খ্রীষ্টাব্দত ব্রিটিছ সংসদত গৃহীত হোৱা ভাৰত চৰকাৰ আইনখনে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰ গঠন কৰা হ'ব বুলি ঘোষণা কৰিছিল। ভাৰতীয়ৰ হাতত অধিক ক্ষমতা তুলি দিয়াৰ উদ্দেশ্যে প্রদেশসমূহত নিৰ্বাচিত চৰকাৰ গঠন কৰাৰ ব্যৱস্থা ৰাখিছিল। এই আইনখনে 'যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ' আৰু 'প্রাদেশিক লোকসেৱা আয়োগ' গঠনৰ প্ৰস্তার দিছিল যদিও প্রস্তাবিত লোকসেৱাৰ নতুন ব্যৱস্থাপনাৰ প্ৰতি শিক্ষিত ভাৰতীয়ৰ মনত কোনো আগ্রহ ফুটি উঠা নাছিল। ভাৰতীয়ক নেতৃত্ব দিয়া জাতীয় কংগ্ৰেছেও ভাৰতীয়ক নিৰপেক্ষভাবে লোকসেৱাত নিযুক্ত নকৰা বুলিহে আপত্তি তুলিছিল।


ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত লোকসেৱাত নিয়োগৰ পুৰণি পদ্ধতিৰ অৱলুপ্তি ঘটিছিল। সৰ্বভাৰতীয় পর্যায়ত মুকলি প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ল। সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্রাদেশিক পর্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হ'ল।



মূলকথা


পর্তুগীজ নাৱিক ভাস্ক'-ডা-গামাই পোন প্রথমে ১৪৯৮ খ্রীষ্টাব্দত সমুদ্রত নৌ যাত্রা কৰি দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হয়। ইয়াৰ দ্বাৰা পাশ্চাত্যৰ লগত ভাৰতৰ জলপথেৰে পোনপটীয়া যোগাযোগৰ সুচনা হৈছিল।


কেপ্টেইন উইলিয়াম হকিন্স নামৰ ইংৰাজ সদাগৰজনে ১৬০৯ খ্রীষ্টাব্দত আগ্রাত সম্রাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। এয়াই আছিল ইংৰাজৰ প্ৰথম আগ্ৰাত পদার্পণ।


মোগল সম্রাট ফাৰুখছিয়াৰৰ (১৭১৩-১৭১৯) পৰা ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত নির্বিঘ্নে বেহা-বেপাৰ কৰাৰ অনুমতি লাভ কৰে।


ৰজা দ্বিতীয় চার্লছে পর্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল।


ৰবাৰ্ট ক্লাইবে ১৭৫৭ খ্ৰীষ্টাব্দত পলাচীৰ যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজ উদ্‌দৌল্লাক


পৰাস্ত কৰি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰে।


কোম্পানিৰ আমোলত ওৱাৰেন হেষ্টিংছৰ কাৰ্যকালত ইষ্ট ইণ্ডিয়া কোম্পানি ভাৰতৰ একমাত্র শক্তিৰূপে পৰিগণিত হৈছিল।


১৮৫৭ খ্রীষ্টাব্দৰ ২৯ মার্চ তাৰিখে চিপাহী মংগল পাণ্ডেই বেৰেকপুৰ চিপাহী ছাউনীত ইংৰাজ বিষয়াৰ গালৈ গুলিবর্ষণ কৰি চিপাহী বিদ্রোহৰ সূচনা কৰিছিল।


চিপাহী বিদ্রোহৰ ফলত হোৱা সাংবিধানিক পৰিৱৰ্তন স্বৰূপে ব্রিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল।


সামাজিক পৰিৱৰ্তন স্বৰূপে ভাৰতীয় সমাজত সামন্তযুগীয় স্থবিৰতা আঁতৰি আধুনিক পাশ্চাত্য শিক্ষাৰ প্রতি ভাৰতীয়সকল আকর্ষিত হৈছিল।


১৮৬১ চনৰ ভাৰতীয় পৰিষদ আইনৰ উদ্দেশ্য আছিল ভাৰতীয়সকলক আধুনিক প্রশাসন ব্যৱস্থাৰ সৈতে চিনাকি কৰা।


ভাইচৰয় লর্ড মেয়'ৰ কাৰ্যকালত গ্ৰহণ কৰা 'বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱে ভাৰতত স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ বাট মুকলি কৰিছিল আৰু লৰ্ড ৰিপণে (১৮৮০-৮৪) এই ব্যৱস্থাৰ কাৰ্যকৰীকৰণ কৰিছিল।


১৮৩৩ খ্ৰীষ্টাব্দৰ চনদে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবিত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। ১৮৫৩ খ্ৰীষ্টাব্দৰ চনদে লোকসেৱাৰ বাবে প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নির্দেশ দিছিল।


মন্টেণ্ড-ছেমচফোর্ড প্রতিবেদনে ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ ঘোষিত নীতি বুলি প্রকাশ কৰিছিল।



***


অনুশীলনী


অতি চমু/চমু উত্তৰৰ প্ৰশ্ন:


১। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পর্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোন প্রথমে উপস্থিত হৈছিল?


২। জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?


৩। ভাৰত ভূমিত পোন প্রথমে কোন ইংৰাজ নারিকে অনুমতিপত্র লৈ কেতিয়া প্ৰৱেশ কৰিছিল?


8। ইংলিছ ইষ্ট ইন্ডিয়া কোম্পানি কেতিয়া ক'ত গঠন হৈছিল?


৫। ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা।


৬। ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল?


৭। 'ফর্ট উইলিয়াম' কি?


৮। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা।


৯। 'ভাৰত চৰকাৰ আইন' কোনে কেতিয়া কি উদ্দেশ্যত প্রণয়ন কৰিছিল?


১০। 'ভাৰতীয় পৰিষদ আইন' কেতিয়া আৰু কি উদ্দেশ্যত প্রণয়ন কৰা হৈছিল?


চমু/দীঘল উত্তৰৰ প্ৰশ্ন:


১। ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূর্ণ হৈছিল, তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা।


২। ইষ্ট ইন্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পর্কে লিখা।


৩। ভাৰতত ব্ৰিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্রাজ্যৰ লাইখুঁটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।


৪। চিপাহী বিদ্রোহ সৃষ্টিৰ কাৰণবোৰ লিখা।


৫। চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।


৬। 'ভাৰত চৰকাৰ আইন'ৰ জৰিয়তে হোৱা চাৰিটা প্রশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।


৭। লর্ড কেনিঙৰ দুটা প্রধান সংস্কাৰৰ বিষয়ে লিখা।


৮। 'ভাৰতীয় পৰিষদ আইন'ৰ দুটা গুণ আৰু দুটা দোষ লিখা।


৯। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা।


১০। অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তর্ভুক্ত হৈছিল? এই সেৱাৰ বিকাশ সম্পর্কে আলোচনা কৰা।


১১। ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পর্কে তিনিটা পার্থক্য উল্লেখ কৰা।



No comments:

Post a Comment

General Knowledge MCQ

General Knowledge MCQ 1. Which country will be the first foreign country to adopt Indian UPI system:- a) Bhutan b) Ban...