js

Saturday, August 17, 2024

SEBA Class IX Science Practice Paper Chapter 3.1 Assamese Medium

 অনুশীলনৰ বাবে প্ৰশ্ন 3.01

1. ৰাসায়নিক সংকেতেৰে প্ৰকাশ কৰা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ চিনাক্ত কৰা-

(i) হাইড্ৰ'জেন + অক্সিজেন → পানী

উত্তৰঃ

2H₂ + O₂ → 2H₂O

বিক্ৰিয়ক - 2H₂ , O₂

বিক্ৰিয়াজাত পদাৰ্থ - 2H₂O


(ii) হাইড্ৰ'জেন + ক্ল'ৰিণ → হাইড্ৰ'ক্লৰিক এচিড

উত্তৰঃ

H₂ + Cl₂ → 2HCl

বিক্ৰিয়ক - H₂, Cl₂

বিক্ৰিয়াজাত পদাৰ্থ - 2HCl


(iii) ছ'ডিয়াম + পানী → ছ'ডিয়াম হাইড্ৰ'ক্সাইড

উত্তৰঃ

2Na + 2H₂O → 2NaOH + H₂

বিক্ৰিয়ক - 2Na , 2H₂O

বিক্ৰিয়াজাত পদাৰ্থ - 2NaOH , H₂


2. পাৰ্থক্য লিখা আৰু উদাহৰণ দিয়া।

(i) মৌল আৰু যৌগ

উত্তৰঃ

পৰমাণু আয়ন
মৌল হ'ল কেৱল একেধৰণৰ ৰাসায়নিক ধৰ্মযুক্ত কণিকাৰে গঠিত পদাৰ্থ। যৌগ হ'ল বেলেগ বেলেগ মৌলৰ পৰমাণু নিৰ্দিষ্ট অনুপাতত লগ হৈ সৃষ্টি কৰা কণিকাৰে গঠিত পদাৰ্থ।
উদাহৰণ- হাইড্ৰজেন, অক্সিজেন উদাহৰণ- পানী (H₂O), কাৰ্বন-ডাই-অক্সাইড (CO₂)

(ii) পৰমাণু আৰু আয়ন

উত্তৰঃ

পৰমাণু আয়ন
মৌল এটাৰ নিজস্ব ৰাসায়নিক ধৰ্ম বজাই ৰাখিব পৰা ক্ষুদ্ৰতম কণিকাবোৰেই পৰমাণু। ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত থকা আধানযুক্ত কণাবোৰেই আয়ন।
উদাহৰণ- হাইড্ৰজেন পৰমাণু (H), কাৰ্বন পৰমাণু (C) উদাহৰণ- ছ'ডিয়াম আয়ন (Na⁺), ক্ল'ৰিণ আয়ন (Cl⁻)

(iii) যৌগৰ অণু আৰু বহুপাৰমাণৱিক আয়ন / মূলক

উত্তৰঃ

যৌগৰ অণু বহুপাৰমাণৱিক আয়ন / মূলক
বেলেগ বেলেগ মৌলৰ পৰমাণু নিৰ্দিষ্ট অনুপাতত লগ হৈ গঠন কৰা অণুবোৰক যৌগৰ অণু বোলে। একাধিক পৰমাণু একগোট হৈ গঠন হোৱা আয়নক বহু পাৰমাণৱিক আয়ন বা মূলক বোলে।
উদাহৰণ- পানীৰ অণু (H₂O), সাধাৰণ নিমখৰ অণু (NaCl) উদাহৰণ- হাইড্ৰ'ক্সাইড (OH⁻), নাইট্ৰেট (NO₃⁻)


3. বাওঁফালৰ লগত সোঁফাল মিলোৱাঃ
(i) ছালফিউৰিক এচিড           (i) CaCl₂
(ii) মেগনেছিয়াম অক্সাইড    (ii) 2H₂O
(iii) কাৰ্বনেট আয়ন / মূলক    (iii) H₂SO₄
(iv) কেলছিয়াম ক্ল'ৰাইড        (iv) CO₃²⁻
(v) নাইট্ৰিক অচিড                  (v) MgO
(vi) পানীৰ দুটা অণু                 (vi) HNO₃

উত্তৰঃ

(i) ছালফিউৰিক এচিড           (iii) H₂SO₄
(ii) মেগনেছিয়াম অক্সাইড    (v) MgO
(iii) কাৰ্বনেট আয়ন / মূলক   (iv) CO₃²⁻
(iv) কেলছিয়াম ক্ল'ৰাইড       (i) CaCl₂
(v) নাইট্ৰিক অচিড                 (vi) HNO₃
(vi) পানীৰ দুটা অণু                (ii) 2H₂O

4. ৰাসায়নিক সংকেত লিখাঃ

(i) কেলছিয়াম অক্সাইড
উত্তৰঃ CaO

(ii) কেলছিয়াম কাৰ্বনেট
উত্তৰঃ CaCO₃

(iii) কেলছিয়াম হাইড্ৰ'ক্সাইড
উত্তৰঃ Ca(OH)₂

(iv) ছ'ডিয়াম ক্ল'ৰাইড
উত্তৰঃ NaCl

(v) মেগনেছিয়াম ক্ল'ৰাইড
উত্তৰঃ MgCl₂

(vi) এলুমিনিয়াম ক্ল'ৰাইড
উত্তৰঃ AlCl₃

5. ম'লাৰ ভৰ গণনা কৰাঃ

(i) হাইড্ৰ'ক্লৰিক এচিড  (HCl)

উত্তৰঃ 

হাইড্ৰ'ক্লৰিক এচিড  (HCl) ৰ ম'লাৰ ভৰ
=1×H ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 1×Cl ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=1×1 + 1 ×35.5 g
=1+35.5 g
=36.5 g
হাইড্ৰ'ক্লৰিক এচিড  (HCl)ৰ ম'লাৰ ভৰ = 36.5 g

(ii) ছালফিউৰিক এচিড (H₂SO₄)

উত্তৰঃ

ছালফিউৰিক এচিড (H₂SO₄) ৰ ম'লাৰ ভৰ
=2×H ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 1×S ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 4×O ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=2×1 + 1×32 + 4 ×16 g
=2+32+64 g
=98 g

(iii) কাৰ্বন ডাই অক্সাইড (CO₂)

উত্তৰঃ

কাৰ্বন ডাই অক্সাইড (CO₂) ৰ ম'লাৰ ভৰ
=1×C ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 2×O ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=1×12 + 2×16 g
=12+32 g
=44 g


(iv) ছ'ডিয়াম হাইড্ৰ'জেন কাৰ্বনেট (NaHCO₃)

উত্তৰঃ

ছ'ডিয়াম হাইড্ৰ'জেন কাৰ্বনেট (NaHCO₃)  ৰ ম'লাৰ ভৰ
=1×Na ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 1×H ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 1×C ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 3×O ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=1×23 + 1×1 + 1×12 + 3×16 g
=23+1+12+48 g
=84 g

(v) মেগনেছিয়াম ক্ল'ৰাইড (MgCl₂)

উত্তৰঃ

মেগনেছিয়াম ক্ল'ৰাইড (MgCl₂) ৰ ম'লাৰ ভৰ
=1×Mg ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 2×Cl ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=1×24 + 2×35.5 g
=24+71 g
=95 g

7. ম'ললৈ পৰিবৰ্তন কৰাঃ

(i) 36 g পানী

উত্তৰঃ

পানী (H₂O) ৰ ম'লাৰ ভৰ
=2×H ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 1×O ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=2×1 + 1×16 g
=2+16 g
=18 g

পানীৰ প্ৰদত্ত ভৰ = 36 g

 আমি জানো,
ম'লৰ সংখ্যা = প্ৰদত্ত ভৰ / ম'লাৰ ভৰ = 36 g / 18 g = 2


(ii) 66 g কাৰ্বন ডাই অক্সাইড

উত্তৰঃ

কাৰ্বন ডাই অক্সাইড (CO₂) ৰ ম'লাৰ ভৰ
=1×C ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 2×O ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=1×12 + 2×16 g
=12+32 g
=44 g

কাৰ্বন ডাই অক্সাইডৰ প্ৰদত্ত ভৰ = 66 g

 আমি জানো,
ম'লৰ সংখ্যা = প্ৰদত্ত ভৰ / ম'লাৰ ভৰ = 66 g / 44 g = 3/2 = 1.5


8. অণুৰ সংখ্যা গণনা কৰাঃ

(i) 31 g ছডিয়াম অক্সাইড (Na₂O) ত থকা অণু।

উত্তৰঃ

ছডিয়াম অক্সাইড (Na₂O)ৰ ম'লাৰ ভৰ
=2×Na ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 1×O ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=2×23 + 1×16 g
=46+16 g
=62 g

ছডিয়ামৰ প্ৰদত্ত ভৰ = 31 g

\(\therefore\) অণুৰ সংখ্যা = (প্ৰদত্ত ভৰ / ম'লাৰ ভৰ) ×এভ'গ্ৰে'ড সংখ্যা
= \((\large \frac {31}{62}) × 6.022 × 10^{23}\)
= \(0.5 × 6.022 × 10^{23}\)
= \(3.011 × 10^{23}\)

(ii) 28 g বিশুদ্ধ নাইট্ৰ'জেন গেছত থকা নাইট্ৰ'জেন (N₂) ৰ অণু আৰু পৰমাণু।

উত্তৰঃ

নাইট্ৰ'জেন (N₂) ৰ ম'লাৰ ভৰ
=2×N ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=2×14 g
=28 g
প্ৰদত্ত ভৰ = 28 g
\(\therefore\) অণুৰ সংখ্যা
= (প্ৰদত্ত ভৰ / ম'লাৰ ভৰ) × এভ'গ্ৰে'ড সংখ্যা
= \((\large \frac {28}{28}) × 6.022 × 10^{23}\)
= \(1 × 6.022 × 10^{23}\)
= \(6.022 × 10^{23}\)

আনহাতে, N পৰমাণুৰ ম'লাৰ ভৰ = 14 g

\(\therefore\) পৰমাণুৰ সংখ্যা
= (প্ৰদত্ত ভৰ / ম'লাৰ ভৰ) × এভ'গ্ৰে'ড সংখ্যা
= \((\large \frac {28}{14}) × 6.022 × 10^{23}\)
= \(2 × 6.022 × 10^{23}\)
= \(12.044 × 10^{23}\)
= \(1.2044 × 10^{24}\)

No comments:

Post a Comment