js

Saturday, August 17, 2024

SEBA Class IX Social Science [Economics] Chapter 1 Questions and Answers draft

অর্থনীতিৰ মৌলিক বিষয় সমূহ

অর্থনীতি বিজ্ঞান
প্রথম অধ্যায়।

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১| অর্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে?
উত্তৰঃ গ্রীক ভাষাৰ শব্দৰ পৰা

প্রশ্ন ২। অর্থনীতি শব্দটো কোনটো শব্দৰ পৰা লােৱা হৈছে?
উত্তৰঃ অর্থনীতি শব্দটো গ্রীক শব্দ ‘Oikonomia’ ৰ পৰা লােৱা হৈছে।

প্রশ্ন ৩। অর্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন?
উত্তৰ: এডাম স্মিথ।

প্রশ্ন ৪। অর্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ এডাম স্মিথে।

প্রশ্ন ৫। অর্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃআলফ্রেড মাছেলে।

প্রশ্ন ৬। অর্থবিজ্ঞানৰ দুপ্রাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ লায়নেল ৰবিন্সে।

প্রশ্ন ৭। এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰ : এডাম স্মিথে ১৭৭৬ চনত তেওঁৰ প্রকাশিত গ্রন্থ ‘An Enquiry into the Nature and Causes of the Wealth of Nations’-অত অর্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল।

প্রশ্ন ৮। আলফ্রেড মাছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ আলফ্রেড মাছেলে ১৮৯০ চনত তেওঁৰ প্রকাশিত গ্রন্থ “Principles of Economics”-অত অর্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল।

প্রশ্ন ৯। লায়নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰ : অর্থনীতিবিদ লায়’নেল ৰবিন্সে ১৯৩২ চনত তেওঁৰ প্রকাশিত গ্রন্থ “An Essay on the Nature and Significance of Economic Science”-সংজ্ঞাটো আগবঢ়াইছিল।

প্রশ্ন ১০। এডাম স্মিথৰ সংজ্ঞাটো যক্ষৰ বাণী বুলি কোনে কৈছিল?
উত্তৰঃ সমাজ বিজ্ঞানী কার্লাইল আৰু ৰাস্কিনে।

প্রশ্ন ১১। দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ ছেমুৱেল আৰু নৰ্দহাছে।।

প্রশ্ন ১২। কোনাে বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়?
উত্তৰ : উপযােগিতা।
প্রশ্ন ১৩। উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়?
উত্তৰ: উপযােগী সামগ্রী বুলি কোৱা হয়।
প্রশ্ন ১৪। ‘Micro’ আৰু ‘Macro’ শব্দ দুটা কোন দুটা শব্দৰ পৰা লােৱা হৈছে?
উত্তঃগ্রীক শব্দ ‘MikrOS’ আৰু ‘Macros’ শব্দ দুটাৰ পৰা লোৱা হৈছে।

অর্থনীতিৰ মৌলিক বিষয় সমূহ চমু প্রশ্নোত্তৰ

প্রশ্ন ১। এডাম স্মিথ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ : অর্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ স্মিথে তেখেতৰ ১৭৭৬ চনত প্রকাশিত গ্রন্থত ‘অর্থবিজ্ঞান সম্পদৰ বিজ্ঞান’ বুলি অভিহিত কৰিছে। স্মিথৰ এই সংজ্ঞাটোক সম্পদভিত্তিক সংজ্ঞা বুলি কোৱা হয়।

প্রশ্ন ২। মাছেল অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ কেব্রিজ অর্থনীতিবিদ মাছেলে তেখেতৰ ১৮৯০ চনত প্রকাশিত গ্রন্থ ‘Principles of Economics’ ত অর্থনীতিৰ কল্যাণ ভিত্তিক সংজ্ঞাটো দাঙি ধৰিছে। তেখেতৰ মতে “মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কার্যাৱলী অধ্যয়নেই হৈছে অর্থনীতি।” ই ব্যক্তিগত আৰু সামাজিক কার্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পার্থির কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত

প্রশ্ন ৩। ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ  তেওঁৰ মতে “যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজত সম্পর্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি।”

প্রশ্ন ৪। ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ ছেমুৱেলছন আৰু নর্দহছে ‘দুষ্প্রাপ্যতা’ ধাৰণাটোৰ লগত দক্ষতা’ ধাৰণাটোক একলগ কৰি অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল।
তেওঁলােকৰ মতে ‘দুষ্প্রাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সর্বোত্তম দক্ষতা পূর্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱে হ’ল অর্থনীতিৰ মূল বিষয়।”
প্রশ্ন ৫। ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণাকেইটা কি কি?
উত্তৰঃ ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণাকেইটা হ’ল—
(ক) মানুহৰ অভাৱ অসীম, (খ) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত, (গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযােগ্য।

প্রশ্ন ৬। ব্যষ্টিবাদী অর্থবিজ্ঞান কাক বােল ?
উত্তৰঃ যি অর্থনীতিয়ে ব্যষ্টি বা ব্যক্তিগত প্রতিষ্ঠানৰ অর্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলােচনা কৰে তাকে ব্যষ্টিবাদী অর্থনীতি বােলা হয়। যেনে- এজন ভােক্তা, এজন উদ্যোক্তা বা এখন উদ্যোগিক প্রতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অর্থনৈতিক আচৰণ ব্যষ্টিবাদী অর্থবিজ্ঞানৰ অন্তর্ভুক্ত।

প্রশ্ন ৭। সমষ্টিবাদী অর্থবিজ্ঞান কাক বােলে ?
উত্তৰঃ যি অর্থনীতিয়ে এখন দেশৰ অৰ্থনীতিৰ সামগ্রিক আচৰণ অর্থাৎ সকলােবােৰ ভােক্তা, উপভােক্তা আদিৰ অধ্যয়ন কৰে তাক সমষ্টিবাদী অর্থনীতিৰ বুলি কোৱা হয়। যেনে— দেশ এখনৰ জনসংখ্যা, নিয়ােগ, ঔদ্যোগিকৰণ, কৃষি ইত্যাদিৰ অধ্যয়ন সমষ্টিবাদী অর্থনীতিৰ অন্তৰ্গত।

প্রশ্ন ৮। আর্থিক বস্তু আৰু অনাআর্থিক বস্তুৰ পার্থক্য লিখা।
উত্তৰঃ আর্থিক বস্তু আৰু অনার্থিক বস্তুৰ পার্থক্য সমূহ হ’ল-

আর্থিক বস্তু অনার্থিক বস্তু
(ক) আর্থিক বস্তুবােৰৰ যােগান সীমিত (ক) অনার্থিক বস্তুবােৰৰ যােগান সীমিত নহয়।
(খ) আর্থিক বস্তুবােৰৰ দৰ বা দাম থাকে। (খ) অনার্থিক বস্তুবােৰৰ দৰ বা দাম নাথাকে।
(গ) আর্থিক বস্তুবােৰক মুদ্ৰাৰ জৰিয়তে আদান-প্রদান কৰিব পাৰি।। (গ) অনাআর্থিক বস্তুবােৰক মুদ্ৰাৰ জৰিয়তে আদান-প্রদান কৰিব নােৱাৰি অর্থাৎ এনে বস্তুবােৰ প্ৰকৃতিৰ মুক্ত দান।
(ঘ) খাদ্য, বস্তু, বিজুলীৰ পােহৰ আদি আর্থিক বস্তুৰ উদাহৰণ। (ঘ) সূৰ্যৰ তাপ, বতাহ, বৰষুণৰ পানী আর্থিক বস্তুৰ উদাহৰণ

প্রশ্ন ৯। ৰাষ্ট্ৰীয় আয় কাক বােলে ? 
উত্তৰঃ এখন দেশৰ এটা নির্দিষ্ট বিত্তীয় বৰ্ষত যি প্রস্তুত দ্রব্য বা সেৱা সামগ্রী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়।

প্রশ্ন ১০। জনমূৰি আয়ৰ সূত্ৰটো লিখা।
উত্তৰঃ এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পােৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়।
জনমূৰি আয় = ৰাষ্ট্ৰীয় আয়/দেশৰ মুঠ জনসংখ্যা

অর্থনীতিৰ মৌলিক বিষয় সমূহ দীঘল প্রশ্নোত্তৰ

প্রশ্ন ১। অর্থবিজ্ঞান অধ্যয়নৰ প্রয়ােজনীয়তা জাহৰণসহব্যাখ্যা কৰা।
উত্তৰ : অর্থবিজ্ঞান হ’ল সমাজ বিজ্ঞানৰ এক গুৰুত্বপূর্ণ বিষয়। সেয়েহে বহুতাে কাৰণত সমাজত অর্থবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়ােজনীয়তা আছে। ইয়াৰ ভিতৰত কেইটামান কাৰণ হ’ল—

(ক) কৰদাতা নাগৰিক এগৰাকীয়ে জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰে, ব্যয় কৰোঁতে কি নীতি মানি চলে, সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদিবােৰ জানিবৰ বাবে অর্থনীতি বিজ্ঞানৰ অধ্যয়নৰ প্রয়ােজনীয়তা আছে।

(খ) সমাজ সংগঠক বা সংস্কাৰক এগৰাকীয়ে ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফঁহিয়াই চাব বিচাৰিব। তেনে কৰোঁতে মানুহ এগৰাকীয়ে বুজি পাব যে সমস্যাটোৰ বহুতাে। অর্থনৈতিক কাৰণ থাকিব পাৰে। এনে কাৰণবােৰ ভালদৰে জানিবৰ বাবে অর্থবিজ্ঞানৰ অধ্যয়নৰ প্রয়ােজনীয়তা আছে।

(গ) সচেতন গ্রাহক হিচাপে বজাৰত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কাৰণসমূহ জানিবৰ বাবেও অর্থবিজ্ঞান অধ্যয়নৰ প্ৰয়ােজনীয়তা আছে।

(ঘ) বিশ্বায়ন বা গােলকীকৰণ কি? ইয়াৰ পৰা সুফল আৰু কুফলবােৰ কেনেকুৱা ধৰণৰ হ’ব পাৰে সেই বিষয়ে জানিবৰ বাবেও অর্থবিজ্ঞান অধ্যয়নৰ প্রয়ােজনীয়তা আছে।

(ঙ) অর্থনৈতিক বিকাশ কি? পৰিবেশীয় অর্থনীতি কি? এনেবােৰ বহুতাে গুৰুত্বপূর্ণ বিষয় অর্থনীতি বিজ্ঞানত অধ্যয়ন কৰা হয়। সেয়েহে অর্থবিজ্ঞান অধ্যয়নৰ প্ৰয়ােজনীয়তা আছে।

প্রশ্ন ২। অর্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযােগ্য আৰু কিয় ? ব্যাখ্যা কৰা।
উত্তৰঃ অর্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্রহণযােগ্য সংজ্ঞাটো লায়’নেল ৰবিন্সে আগবঢ়াইছে। অর্থনীতিবিদ লায়নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্রকাশিত গ্রন্থ “An Essay on the Nature and Significance of Economics Science”- elfo সংজ্ঞাটো আগবঢ়াইছে। তেওঁৰ মতে “যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজত সম্পর্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি।” এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰে। এই মৌলিক ধাৰণাকেইটা হল—
(ক) মানুহৰ অভাৱ অসীম।
(খ) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।
(গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযােগ্য।
এই তিনিটা মৌলিক ধাৰণাৰ পৰা অর্থনৈতিক সমস্যা বা পছন্দৰ সমস্যাৰ সৃষ্টি হয়। ৰবিলৰ এই সংজ্ঞাক দুষ্প্রাপ্যতা বা নাটনিৰ সংজ্ঞা বুলি কোৱা হয়। ৰবিন্সৰ সংজ্ঞাটোও সমালােচনাৰ উৰ্ধত নহয়। কিয়নাে সমালােচকসকলৰ মতে পছন্দৰ সমস্যাতকৈ বর্তমান কালৰ অর্থনৈতিক উন্নয়নৰ সমস্যাহে অধিক গুৰুত্বপূৰ্ণ আৰু ৰবিন্সৰ সংজ্ঞা এই ক্ষেত্ৰত নিমাত।

class 9 social science economics chapter 1 question answer in assamese

প্রশ্ন ৩। অর্থবিজ্ঞানৰ পৰিসৰ সম্পর্কে লিখা।
উত্তৰঃ অর্থবিজ্ঞানৰ পৰিসৰে সমাজ বিজ্ঞানৰ আর্থিক কার্যকলাপক সামৰি লয়। অর্থবিজ্ঞানৰ পৰিসৰে সামৰি লােৱা বিষয়সমূহ হৈছে—
(ক) ভােগকাৰ্য (খ) উৎপাদন (গ) বিতৰণ (ঘ) বিনিময় (ঙ) মুদ্রা (চ) আয় (ছ) ৰাজস্ব (জ) কল্যাণকামী অর্থনীতি (ঝ) পেিবশীয় অর্থনীতি (ঞ) দক্ষতা।

(ক) ভােগ কার্যঃ আমাৰ অভাৱ দূৰ কৰাৰ কার্যকলাপেই হৈছে ভােগ। ভােগকাৰ্যৰ লগত জড়িত বিধিসমূহ, ভােক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অর্থনীতিৰ পৰিসৰৰ অন্তর্ভুক্ত।

(খ) উৎপাদনঃ উপযােগী সামগ্রী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন। উৎপাদনৰ চাৰিটা উপাদান (ভূমি, শ্রম, মূলধন আৰু সংগঠন), উৎপাদনৰ বিধি, উৎপাদকৰ ভাৰসাম্য, আর্থিক ব্যৱস্থা ইত্যাদি সম্পর্কে অর্থবিজ্ঞানত আলােচনা কৰা হয়।

(গ) বিতৰণঃ সামগ্ৰীৰ উৎপাদন কার্য সম্পাদন কৰাৰ পাছত ইয়াক উপভােক্তাৰ মাজত বিতৰণ কৰিলেহে ভােগকার্য সম্ভৱ হৈ উঠিব। বিতৰণ প্রক্রিয়া যাতে সঠিক হয় তাৰ বাবে যিবােৰ নীতি বা তত্ত্ব অনুসৰণ কৰাৰ প্রয়ােজন সেই সকলােবােৰ তত্ত্ব বিতৰণ’ বিষয়ৰ মাজত আলােচনা কৰা হয়।

(ঘ) বিনিময় :কোনাে ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্রতিবিধ সামগ্রী নিজে উৎপাদন কৰি ল’ব নােৱাৰে। এনে ক্ষেত্ৰত ব্যক্তি, অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয়। সেয়েহে দেশীয় বাণিজ্য আৰু আন্তর্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তর্জাতিক বিনিময় হয়। অর্থনীতিত এই দুয়াে প্রকাৰৰ বিনিময়ৰ বিষয়ে আলােচনা কৰা হয়।

(ঙ) মুদ্রাঃ দ্ৰব্যৰ প্রত্যক্ষ বিনিময় প্রথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময় ব্যৱস্থাক সৰলতা প্রদান কৰাৰ বাবেই মুদ্ৰাৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কার্যাৱলী আৰু মুদ্ৰাৰ প্ৰকাৰ ইত্যাদিবােৰৰ বিষয়ে অর্থনীতিক পৰিসৰত আলােচনা কৰা হয়।

(চ) আয়: জনমূৰি আয়, ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি বা বিতৰণ, অর্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পর্ক আলােচনা কৰাটো অর্থনীতিৰ পৰিসৰৰ অন্তৰ্গত।

(ছ) ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান ঃ চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলােচনাই হৈছে ৰাজহুৱা বিত্ত বিজ্ঞান।

(জ) কল্যাণকামী অর্থনীতিঃ কেৱল ভােগকার্য, উৎপাদন তথা বিতৰণেই অর্থনীতি মূল বিষয়বস্তু হ’ব নােৱাৰে। এনেবােৰ কাৰ্যৰ লগত ব্যক্তি তথা সমাজ কল্যাণৰ দিশটো জড়িত হৈ থাকে।

(ঝ) পৰিবেশীয় অর্থনীতি : অর্থনৈতিক উন্নতি বৃদ্ধিৰ অৰ্থে ঔদ্যোগিকৰণৰ ওপৰত অধিক মনােনিবেশে পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনষ্ট হৈছে। এনে ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেউ উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অর্থনীতি। বিষয়ত অন্তর্ভুক্ত কৰা হৈছে।

(ঞ) দক্ষতাঃ সীমিত সম্পদৰাজিক দক্ষতাপূর্ণ ব্যৱহাৰৰ যােগেদি সমাজ গঠন কৰাটো অর্থনীতিৰ মূল বিষয়।

অর্থনীতিৰ মৌলিক বিষয় সমূহ পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অর্থনীতিৰ মূল বিষয়বস্তু কি ?
উত্তৰঃ ব্যক্তিৰ আর্থিক কার্যাৱলী অধ্যয়ন কৰা।
প্রশ্ন ২। ‘Oikonomia’ শব্দটোৰ অর্থ কি?
উত্তৰ: ‘Oikonomia’ শব্দটো গ্রীক শব্দ। ইয়াৰ ‘Oikos’ শব্দটোৰ অৰ্থ পৰিয়াল আৰু ‘monos’ শব্দৰ অৰ্থ হ’ল নিয়ম। গতিকে ‘Oikonomia’ শব্দৰ অৰ্থ হ’ল পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম।
প্রশ্ন ৰবিন্সৰ সংজ্ঞাটোৰ আন এটা নাম কি?
উত্তৰঃ দুষ্প্রাপ্যতা বা নাটনিৰ সংজ্ঞা।

প্রশ্ন-৪| ভােগ মানে কি?
উত্তৰঃ আমাৰ অভাৱ দূৰ কৰাৰ কার্যকলাপেই হৈছে ভােগ।
প্রশ্ন ৫। উৎপাদন মানে কি?
উত্তৰঃ উপযােগী সামগ্রী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন।
প্রশ্ন ৬। বিতৰণ মানে কি?
উত্তৰঃ সামগ্ৰীৰ উৎপাদন কার্য সম্পাদন কৰাৰ পাছত ইয়াক উপভােক্তাৰ মাজত
বিলাই দিয়া কার্যই হৈছে বিতৰণ।
প্রশ্ন ৭। মুদ্রা কি ?
উত্তৰঃ মুদ্রা বিনিময়ৰ মাধ্য আৰু মূল্যৰ মাপকাঠী।
প্রশ্ন ৮। প্রত্যক্ষ বিনিময়ৰ এটা উৎকৃষ্ট উদাহৰণ দিয়া।
উত্তৰঃ অসমৰ মৰিগাঁও জিলাৰ জোনবিল মেলা।
প্রশ্ন ৯। ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান কাক বােলে ?
উত্তৰঃচৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলােচনাই হৈছে ৰাজহুৱা বিত্ত বিজ্ঞান।
প্রশ্ন ১০৷ কল্যাণকামী অর্থনীতিক জনপ্রিয় কৰি তােলা চাৰিজন অর্থনীতিবিদ নাম লিখা।
উত্তৰ : এ, চি. পিণ্ড আৰু ভিলফ্রেড’ পেটে, হিক্স, অমর্ত্য সেন।
প্রশ্ন ১১। অর্থনীতিৰ ন’বেল বঁটা লাভ কৰা ভাৰতীয় অর্থনীতিবিদজনৰ নাম লিখা।
উত্তৰঃ অমর্ত্য সেন।।
প্রশ্ন ২। উপযােগিতা মানে কি?
উত্তৰঃ কোনাে বস্তুৰ বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে উপযােগিতা বােলে।
প্রশ্ন ১৩। সম্পদ মানে কি?
উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সকলােবােৰ বস্তুকেই সম্পদ বােলা হয়। যেনে—বায়ু, পানী, মাটি, গছ-গছনি আদি।

প্রশ্ন ১৪। অভাৱ মানে কি ?
উত্তৰঃ কোনাে বস্তুৰ পৰা উপযােগিতা লাভৰ আকাংক্ষা সৃষ্টি হােৱাকে অভাৱ বােলে। আন কথাত কোনাে এটা বস্তুৰ ব্যৱহাৰ অত্যাৱশ্যকীয় হৈ পৰা অৱস্থাই হ’ল অভাৱ।
প্রশ্ন ১৫। দৰ মানে কি?
উত্তৰঃ কোনাে বস্তুৰ মুদ্রা মূল্যই হৈছে বস্তুটোৰ দৰ বা দাম। অর্থাৎ বস্তুৰ বিনিময় মূল্যই হৈছে দাম।
প্রশ্ন ১৬। চাহিদা মানে কি ?
উত্তৰঃ এজন ভােক্তাৰ কোনাে বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয়।
প্রশ্ন ১। যােগান মানে কি?
উত্তৰ : উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটোক যােগান বুলি কোৱা হয়।
প্রশ্ন ১৮ | বজাৰ মানে কি?
উত্তৰঃ সাধাৰণ অৰ্থত বজাৰ বুলি ক’লে এখন ঠাইক বুজায়। য’ত বস্তুৰ ক্রয় বিক্রয় কৰা হয়।
প্রশ্ন ১৯। অর্থবিজ্ঞানত বজাৰ বুলিলে কি বুজা?
উত্তৰঃ অর্থবিজ্ঞানত বজাৰ বুলিলে কোনাে এটা ব্যৱস্থাক বুজায় য’ত এক নির্দিষ্ট সময়ত এক নির্দিষ্ট দৰত কোনাে এটা বস্তুৰ গ্ৰাহক আৰু বিক্রেতাৰ মাজত প্রত্যক্ষ বা পৰােক্ষভাৱে কিনা-বেচা হয়।
প্রশ্ন ২০। মূলধন মানে কি?
উত্তৰঃ উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন। যেনে- কাপােৰ উৎপাদনৰ বাবে তাতশাল।
প্রঃ২১। সঞ্চয় মানে কি?
উত্তৰঃ আয়ৰ যি অংশ ভােগ কার্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয়।
প্রশ্ন ২২। বিনিয়ােগ মানে কি?
উত্তৰঃ মূলধন যেতিয়া উৎপাদন কার্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়ােগ বােলে।
প্রশ্ন ২৩। চাৰিজন অর্থবিজ্ঞানীৰ নাম লিখা।
উত্তৰঃ এডাম স্মিথ, মাছেল, ৰবিন্স, ছেমুৱেলছন।
প্রশ্ন ২৪। অর্থবিজ্ঞান সম্পদৰ বিজ্ঞান বুলি কোনে অভিহিত কৰিছিল ?
উত্তৰ: আদাম স্মিথে।
প্রশ্ন ২৫। মাছেলৰ সংজ্ঞাটোৰ এটি দোষ লিখা।
উত্তৰঃ মাছেলে কেৱল পাৰ্থিৱ কল্যাণৰ কথাহে অধ্যয়ন কৰে। অপার্থিৱ কল্যাণ। সাধন কৰে।
প্রশ্ন ২৬। আয়তনৰ হিচাপত পৃথিৱীৰ সপ্তম বৃহত্তম দেশখনৰ নাম কি?
উত্তৰঃ ভাৰতবর্ষ।

No comments:

Post a Comment