js

Tuesday, September 3, 2024

অসমীয়া ব্যাকৰণঃ সমাৰ্থক শব্দ

 সমাৰ্থক শব্দ

কোনো ব্যক্তি, প্ৰাণী, বস্তু আদিৰ কেইবাটাও নাম হ'ব পাৰে। একে অৰ্থ প্ৰকাশ কৰা শব্দক সমাৰ্থক শব্দ বুলি কোৱা হয়।

শব্দ (Word) সমাৰ্থক বা প্ৰতিশব্দ (Synonyms)
অগ্নি জুই, অনল, বহ্নি, অগনি, ধনঞ্জয়, হুতাশন
আকাশ গগন, অম্বৰ, অন্তৰীষ, অক্ষৰ, নীলিমা
ইচ্ছা ঈপ্সা, বাঞ্ছা
ধৰা পৃথিৱী, ধৰণী, ধৰিত্ৰী, বসুন্ধৰা, বিশ্ব, জগত, অদিতি
ঈশ্বৰ ভগৱান, প্ৰভু, গোঁসাই, পৰমপিতা, বিধাতা, হৰি
দুখীয়া দৰিদ্ৰ, নিঃকিন, গৰীব, অভাৱী, কঙাল, অভাৱগ্ৰস্ত
ঐশ্বৰ্য ধন-সম্পত্তি, বিভৱ, সম্পত্তি, বৈভৱ, টকা-পইচা, ধন-সোণ   
যম যমৰাজ, সূৰ্যপুত্ৰ, যম-দেৱতা, মৃত্যুৰ গৰাকী, কৃতান্ত, ধৰ্মৰাজ
কপাল নিয়তি, বিধি, ভাগ্যলিপি, দশা, কপালৰ লিখন, ভাগ্য, অদৃষ্ট
গুহাগহ্বৰ, ঘোপা, কটীৰ
ঘৰ গৃহ, ভৱন, নিলয়, নিবাস, বাসভৱন, আৱাস, আলয়, ঘৰ-দুৱাৰ
ৰ'দ সূৰ্যৰ ৰশ্মি, ৰবিকৰ, ৰবিকিৰণ, ৰবিজ্যোতি, ভানুকৰ
চকু নয়ন, নেত্ৰ, অক্ষি, চক্ষু, লোচন, দৰ্শনেন্দ্ৰিয়
বিহ বিষ, বৰবিহ, হলাহল, গৰল
চন্দ্ৰ জোন, চন্দ্ৰমা, জোনবাই, নিশাকৰ, নিশাপতি
ব্যথা আদৰ, ভালপোৱা, প্ৰীতি, মৰম, চেনেহ
জিভা ৰসনা, জিহ্বা, স্বাদযন্ত্ৰ, ৰসনেন্দ্ৰিয়
বিষাদ বেজাৰ, মনোবেদনা, অসন্তোষ
দিন দিৱস, দিবা, অহ্ন, অহ
কৰুণ অসুখী, বিষণ্ণ, আনন্দহীন, বিষাদগ্ৰস্ত,  দুঃখিত,  কাতৰ
নদী নৈ, নদ, প্ৰবাহিনী, সোতস্বিনী, সমুদ্ৰবল্লভা, তৰঙ্গিনী
নিশা নিশি, ৰাতি, অম্বিকা, ৰজনী, ৰাত্ৰি, যামিনী
পদুম পদ্ম, কমল, অম্বুজ, পংকজ, উৎপল, পঙ্কজ, শতদল, পতপত্ৰ
কম অল্প, অকণমান, অনুমাত্ৰ, লঘু, স্বল্প, নগন্য, এধানি
পৃথিৱী জগত, ইহলোক, ধৰা, ধৰিত্ৰী, ভূমণ্ডল, ভূতল, বসুমতী, অদিতি, 
হাত কৰ, পাণি, হস্ত, হস্তক
বায়ু অনিল, সমীৰ, বতাহ, সমীৰণ
মেঘ ডাৱৰ, জলধৰ, অভ্ৰ, বাদল, বৰ্ষধৰ, অম্বুদ
ৰজা সম্ৰাট, অধিপতি, নৰনাথ, নৃপতি, মহীপাল, দেশৰ অধিপতি
হোজা অজলা, বেঙা, সৰল, সহজ-সৰল, ভোদা
ৰাতি নিশা, বিভাৱৰী, যামিনী, ৰজনী, ৰাত্ৰি, নিশি, অম্বিকা
কলংক বদনাম, অপবাদ, কুখ্যাতি, অপযশ, লোকনিন্দা, দুৰ্নাম
হাতী হস্তী, ঐৰাৱৎ, গজ, গজেন্দ্ৰ, গজৰাজ, দান্তাবল
কেৰাহি বেঁকা, বেঁকা-বেঁকি, তীৰ্যক, ধেনুভেৰীয়া, কেঁকুৰি, বঙ্কিম
সূৰ্য সুৰুয, ৰবি, বেলি, ৰ'দালি, ভানু, দিনপতি, আদিত্য, ভাস্কৰ, অংশুমান
কেৰাহী লোহৰা, কৰ্পৰ, লহৰা
পানী জল, নীৰ, সলিল, অম্বু, ইলা, সম্বৰ, তামৰ
আহত আঘাতপ্ৰাপ্ত, ঘূণীয়া, বিক্ষত, হতাহত, জখমী
গছ তৰু, বৃক্ষ, উদ্ভিদ, বিৰিখ, বিটপী, বন
আদি প্ৰথম, আগ, আৰম্ভ, মূল, আদ্য, পহিলা,
অৰ্জুন পাৰ্থ, ধনঞ্জয়, কৃষ্ণসাৰথি, জিষ্ণু, সব্যসাচী, কপিধ্বজ, বীভৎসু
আবাস আলয়, ঘৰ, ঘৰ-দুৱাৰ, নিবাস, নিলয়,ভৱন, গৃহ, আৱাস
কৃষ্ণ ক'লা, কৃষ্ণবৰ্ণী, কিচকিচীয়া, অন্ধকাৰময়, এঙেৰুৱা
আচল বাস্তৱিক, অকাল্পনিক, প্ৰকৃত, মূল, যথাৰ্থ
মানুহ নৃ, মানৱ, নৰ, ব্যক্তি, মনুষ্য, মনিচ্, গণ
আদৰ মৰম, ভালপোৱা, মমতা, চেনেহ, প্ৰণয়, ব্যথা, প্ৰীতি
বতাহ পৱন, অনিল, অগ্নিবৰ্ধক, মৰুৎ, বাত, সমীৰ, সমীৰণ, হাৱা
আনন্দ উলাহ, সুখ, হৰ্ষ, ৰং, আমেজ, ফূৰ্ত্তি, অবিষাদ, আহ্লাদ
আপদ দুৰ্দশা, বিপদ, দুখ, সমস্যা, লেঠা, জঞ্জাল, জুমুৰি
ফুল পুষ্প, পুষ্পক, কুসুম, সুমন, কুমুল, কলিকা, মঞ্জৰি, প্ৰসুন
আহাৰ অন্ন, খাদ্য,  খাদ্য বস্তু, পুষ্টিদ্ৰব্য, পথ্য়, পোষকদ্ৰব্য, ভোজন-সামগ্ৰী
ভৰি পদ, পাও, চৰন, পাৱ, কদম
কিতাপ পুথি, গ্ৰন্থ, পুস্তক, পুস্তিকা, শাস্ত্ৰ, পত্ৰপুঞ্জ
পৰ্বত গিৰি, ভুধৰ, শৃংগধৰ, অদ্ৰি, শৈল, অচল
পুৰোহিত পুৰোধা, পূজাৰী, ধৰ্মযাজক,  যাজক, যাজ্ঞিক
পুৰণি প্ৰাচীন, আদিম, অতীজ, অজীতৰ, পুৰণা, পুৰাতন, প্ৰত্ন
পণ্ডিত জ্ঞানী, প্ৰজ্ঞাৱান, জ্ঞানৱন্ত, বিদ্যাধৰ, মেধাৱী, সাৰস্বত
নিলয় ঘৰ, আশ্ৰয়, আৱাস, গৃহ, আলয়, ঘৰ-বাৰী
টান কঠিন, কোবাল, কষ্টকৰ, দুষ্কৰ, কষ্টযুক্ত, শ্ৰমসাধ্য
পাত পৃষ্ঠা, পতীয়া, পুথিৰ পাত বা খিলা
নবীন আধুনিক, নতুন, ন, নব্য, অভিনৱ, সাম্প্ৰতিক
প্ৰবীণ অগ্ৰজ, জ্যেষ্ঠ
স্বামী পতি, গিৰিয়েক, পৈয়েক, বঙহৰদেউ, গৃহস্থ, গিৰিহঁত
সাগৰ সমুদ্ৰ, অৰ্ণৱ, জলধি, সিন্ধু, ৰত্নাকৰ, জলধি, নীৰধি
সোণ স্বৰ্ণ, সুবৰ্ণ, অগ্নিবীজ, কনক, হিৰণ্য, কাঞ্চন, হেম্, মহাধাতু
কন্যা জীয়েক, পুত্ৰী, জী, জীয়াৰী, দুহিতা, কুমাৰী, নন্দিনী, কইনা
পতি স্বামী, গৰাকী, প্ৰভু, গিৰিয়েক, গিৰিহঁত
শিৱ মহাদেৱ, মঙ্গল, কল্যাণ, শুভ, কুশল, ঋদ্ধি, হিত
নতুন আধুনিক, নবীন, নতুনত্ব, অভিনৱ, নব্য, অপুৰাতন, নিত্য-নতুন
উপাসনা সেৱা, পূজা, পূজন, পূজা-অৰ্চনা, অৰ্ঘ, আৰাধনা, ভকতি, হৰিনাম, স্তুতি
বিশাল ডাঙৰ, আহল-বহল, বিশাল, বিস্তীৰ্ণ, বহল
অৰ্পণ আহুতি, উচৰ্গা, ত্যাগ, দান, প্ৰদান, সমৰ্পন, নিবেদন, 
সপোন স্বপ্ন, সমাজিক, কল্পনা, মানস-দৃশ্য, স্বপ্নাৱিষ্ট




No comments:

Post a Comment

SEBA Class X English A Letter to God MCQ 2025 HSLC Exam

A Letter to God MCQ 2025 HSLC Exam 1) What was the only hope left in the hearts of Lencho’s family? (A) compensation from government (B...