js

Friday, November 28, 2025

অধ্যায়-২, এছিড, ক্ষাৰক আৰু লৱণ

 

অধ্যায়-২, এছিড, ক্ষাৰক আৰু লৱণ, (Acids, Bases and Salts)

১। এছিডবোৰৰ সোৱাদ কি? এছিডবোৰৰ ক্ষেত্ৰত কেনে লিটমাছৰ সহায়ত পৰীক্ষণ কৰা হয়?
উত্তৰঃ এছিডবোৰৰ সোৱাদ টেঙা। এছিডবোৰে নীলা লিটমাছক ৰঙা কৰে।

২। ক্ষাৰকবোৰৰ সোৱাদ কি? ক্ষাৰকবোৰৰ ক্ষেত্ৰত কেনে লিটমাছৰ সহায়ত পৰীক্ষণ কৰা হয়?
উত্তৰঃ ক্ষাৰকবোৰৰ সোৱাদ তিতা। ক্ষাৰকবোৰে ৰঙা লিটমাছক নীলা কৰে।

৩। লিটমাছ এবিধ কেনে প্ৰকৃতিৰ সূচক?
উত্তৰঃ লিটমাছ এবিধ প্ৰাকৃতিক সূচক।

৪। বগা কাপোৰৰ ওপৰত ভাজি আদিৰ দাগ পৰিলে তাত চাবোন ঘঁহিলে দাগৰ বৰণ কেনে হয়? ইয়াৰ কাৰণ কি?
উত্তৰঃ বগা কাপোৰৰ ওপৰত ভাজি আদিৰ দাগ পৰিলে তাত চাবোন ঘঁহিলে দাগৰ বৰণ ৰঙচুৱা মুগা হয়। চাবোন ক্ষাৰক প্ৰকৃতিৰ হোৱাৰ বাবে এনে হয়।

৫। চাবোন কেনে প্ৰকৃতিৰ, অম্ল নে ক্ষাৰ?
উত্তৰঃ চাবোন ক্ষাৰক প্ৰকৃতিৰ।

৬। দুবিধ সাংশ্লেষিক বা কৃত্ৰিম সূচকৰ নাম লিখা।
উত্তৰঃ দুবিধ সাংশ্লেষিক বা কৃত্ৰিম সূচকৰ নাম হ'ল- মিথাইল অৰঞ্জ আৰু ফিন'লফথেলিন।

৭। লিটমাছ দ্ৰৱ কি? ই কোনবিধ উদ্ভিদৰ পৰা নিষ্কাষণ কৰা হয়?
উত্তৰঃ লিটমাছ দ্ৰৱ হ'ল- বেঙুনীয়া ৰঙৰ এবিধ প্ৰাকৃতিক এছিড ক্ষাৰক সূচক। ইয়াক থেল’ফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাষণ কৰা হয়।

৮। কেইবিধমান ৰঞ্জক পদাৰ্থৰ নাম লিখা।
অথবাঃ কেইবিধমান এছিড ক্ষাৰক বা কেৱল সূচক বা প্ৰাকৃতিক সূচক কেইবিধৰ নাম লিখা।
উত্তৰঃ কেইবিধমান ৰঞ্জক পদাৰ্থ বা এছিড-ক্ষাৰক বা কেৱল সূচক বা প্ৰাকৃতিক সূচক নাম হ'লঃ
লিটমাছ, ৰঙা বন্ধাকবিৰ পাত, হালধী, কিছুমান ফুল যেনে হাইড্ৰেনজিয়া, পিটুনিয়া, জিৰেনিয়াম আদিৰ ৰঙীন পাহি।

৯। ঘ্ৰাণেন্দ্ৰিক সূচক বুলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ পদাৰ্থ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে, সেই পদাৰ্থবোৰক ঘ্ৰাণেন্দ্ৰিক সূচক (Olfactory indicators) বোলা হয়। উদাহৰণ- পিয়াজ, ভেনিলা, লবঙ্গ তেল আদি।

১০। এছিড আৰু ধাতুৰ বিক্ৰিয়াৰ ক্ষেত্ৰত কিহৰ উৎপন্ন হয়? ইয়াৰ সমীকৰণটো লিখা।
উত্তৰঃ এছিড আৰু ধাতুৰ বিক্ৰিয়াবোৰত ধাতুৱে এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰে। লগতে, এছিডৰ অৱশিষ্ট অংশৰ সৈতে ধাতু লগ হৈ লৱণ যৌগৰ গঠন কৰে।
ধাতু + এছিড → লৱণ + হাইড্ৰ’জেন গেছ

১১। জিংক ধাতুৰ লগত ছ’ডিয়াম হাইড্ৰ’ক্সাইড দ্ৰৱ যোগ কৰিলে পোৱা সমীকৰণটো লিখা।
উত্তৰঃ জিংক ধাতুৰ লগত ছ’ডিয়াম হাইড্ৰ’ক্সাইড দ্ৰৱ যোগ কৰিলে পোৱা সমীকৰণটো হ'ল- \(2\text{NaOH} + \text{Zn} \to \text{Na}_2\text{ZnO}_2\) (ছ’ডিয়াম জিংকেট) + \(\text{H}_2\)

১২। ছ’ডিয়াম কাৰ্বনেটৰ (\(\text{Na}_2\text{CO}_3\)) লগত লঘু \(\text{HCL}\) যোগ কৰিলে কি হয়, ইয়াৰ সমীকৰণটো লিখা।
উত্তৰঃ ছ’ডিয়াম কাৰ্বনেটৰ (\(\text{Na}_2\text{CO}_3\)) লগত লঘু \(\text{HCL}\) যোগ কৰিলে লৱণ, পানী আৰু কাৰ্বনডাই অক্সাইডৰ উৎপন্ন হয়।
সমীকৰণ-
\(\text{Na}_2\text{CO}_3(s) + 2\text{HCL} (aq) \to 2\text{NaCl}(aq) + \text{H}_2\text{O}(l) + \text{CO}_2(g)\)

১৩। ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেট (\(\text{NaHCO}_3\)) ৰ লগত লঘু \(\text{HCL}\) যোগ কৰিলে কি উৎপন্ন হয়? ইয়াৰ সমীকৰণটো উল্লেখ কৰা।
উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেট (\(\text{NaHCO}_3\)) ৰ লগত লঘু \(\text{HCL}\) যোগ কৰিলে লৱণ, পানী আৰু কাৰ্বনডাই অক্সাইডৰ উৎপন্ন হয়।
সমীকৰণ-
\(\text{NaHCO}_3(s) + \text{HCl}(aq) \to \text{NaCl}(aq) + \text{H}_2\text{O}(l) + \text{CO}_2(g)\)

১৪। কাৰ্বন ডাই অক্সাইড গেছক চূণৰ পানীৰ মাজেদি পঠালে কি উৎপন্ন হয়? সমীকৰণটো লিখা।
উত্তৰঃ কাৰ্বন ডাই অক্সাইড গেছক চূণৰ পানীৰ মাজেদি পঠালে বগা অধঃক্ষেপ কেলছিয়াম কাৰ্বনেট আৰু পানীৰ উৎপন্ন হয়।
সমীকৰণ-
\(\text{Ca}(\text{OH})_2(aq)\) (চূণপানী) + \(\text{CO}_2(g)\) \(\to\) \(\text{CaCO}_3\) (\(s\)) (বগা অধঃক্ষেপ) + \(\text{H}_2\text{O}(l)\)

১৫। কেলছিয়াম কাৰ্বনেটৰ তিনিটা ভিন্ন ৰূপ লিখা।
উত্তৰঃ কেলছিয়াম কাৰ্বনেটৰ তিনিটা ৰূপ হ'ল- চূণশিল, চক্ আৰু মাৰ্বল।

১৬। সকলোবোৰ ধাতুৰ কাৰ্বনেট আৰু হাইড্ৰ’জেন কাৰ্বনেট এছিডৰ সৈতে বিক্ৰিয়া কৰি কি কি উৎপন্ন কৰে? ইয়াৰ বিক্ৰিয়াটো লিখা।
উত্তৰঃ সকলোবোৰ ধাতুৰ কাৰ্বনেট আৰু হাইড্ৰ’জেন কাৰ্বনেট এছিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। বিক্ৰিয়াটো হ’ল-
ধাতুৰ কাৰ্বনেট/ধাতুৰ হাইড্ৰ’জেনকাৰ্বনেট + এছিড \(\to\) লৱণ + কাৰ্বন ডাই অক্সাইড + পানী

১৭। প্ৰশমন বিক্ৰিয়া বুলিলে কি বুজা? বিক্ৰিয়াটো লিখা।
অথবাঃ ক্ষাৰক আৰু এছিডৰ বিক্ৰিয়াৰ ফলত কি হয়? বিক্ৰিয়াটো উল্লেখ কৰা।
উত্তৰঃ এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া (Neutralisation Reaction) বোলে। বিক্ৰিয়াটো হ'ল-
ক্ষাৰক + এছিড \(\to\) লৱণ + পানী

১৮। এছিডৰে সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া হ'লে কি হয়? উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ এছিডৰে সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া হ'লে দ্ৰৱটোৰ বৰণ সলনি হয় আৰু লগতে লৱণ আৰু পানী উৎপন্ন কৰে। এটা ধাতৱ অক্সাইড আৰু এটা এছিডৰ মাজত ঘটা বিক্ৰিয়াক এনেদৰে লিখিব পৰা যায়-
ধাতৱ অক্সাইড + এছিড \(\to\) লৱণ + পানী
উদাহৰণস্বৰূপে- ক’পাৰ অক্সাইডৰ লগত লঘু হাইড্ৰ’ক্ল’ৰিক এছিড যোগ কৰিলে দ্ৰৱটোৰ বৰণ নীলা-সেউজীয়া হৈ পৰে আৰু ক’পাৰ অক্সাইডখিনি দ্ৰৱীভুত হয় লগতে লৱণ আৰু পানী উৎপন্ন হয়। দ্ৰৱটোৰ নীলা সেউজীয়া ৰঙ বিক্ৰিয়াত ক’পাৰ ক্ল’ৰাইড গঠন হোৱাৰ বাবে হয়।

১৯। কিয় ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বোলা হয়?
উত্তৰঃ ক্ষাৰক এটাই এছিড এটাৰ সৈতে কৰা বিক্ৰিয়াটোৰ নিচিনাকৈ ধাতৱ অক্সাইডসমূহে এছিডৰে সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেইবাবে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড (Basic Oxides) বোলা হয়।

২০। অধাতৱীয় অক্সাইডৰ সৈতে ক্ষাৰকৰ বিক্ৰিয়া হ'লে কি উৎপন্ন হয়? উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ অধাতৱীয় অক্সাইডৰ সৈতে ক্ষাৰকৰ বিক্ৰিয়া হ'লে লৱণ আৰু পানী উৎপন্ন কৰে। উদাহৰণস্বৰূপে- কাৰ্বন ডাই অক্সাইড (অধাতৱীয় অক্সাইড) আৰু কেলছিয়াম হাইড্ৰ’ক্সাইড (চূণ পানী) (ক্ষাৰক) মাজত বিক্ৰিয়া হ'লে লৱণ আৰু পানী উৎপন্ন কৰে। বিক্ৰিয়াটো এটা ক্ষাৰক

২১। অধাতরীয় অক্সাইডবোৰ কি ধর্মী?
উত্তৰঃ অধাতরীয় অক্সাইডবোৰ এছিড ধর্মী।

২২। সকলো এছিড আরু ক্ষাৰকৰ সার্বজনীন গুণ কি?
উত্তৰঃ সকলো এছিড আরু ক্ষাৰকৰ সাৰ্বজনীন গুণ এইয়ে যে সকলো এছিডে ধাতুৰে সৈতে বিক্ৰিয়া কৰি হাইড্র’জেন গেছ উৎপন্ন কৰে। গতিকে সকলো এছিডতে সাধাৰণভাৱে হাইড্র’জেন থাকে। ছ’ডিয়াম হাইড্র’অক্সাইড, কেলছিয়াম হাইড্র’ক্সাইড আদিৰ দৰে ক্ষাৰকৰ দ্ৰৱই একেধৰণৰ নিয়মেই পালন কৰে।

২৩। কোনো এক দ্ৰৱত কিহৰ সহায়েৰে বিদ্যুৎ প্রবাহিত হয়?
উত্তৰঃ দ্ৰৱৰ মাজেদি দ্ৰৱত থকা আয়নৰ জৰিয়তে বিদ্যুৎ প্রবাহিত হয়।

২৪। এছিডত থকা কেটায়নটো কি? দ্ৰৱত এছিডে কি উৎপন্ন কৰে?
উত্তৰঃ এছিডত থকা কেটায়ণটো হ'ল- \(\text{H}^+\)। দ্ৰৱত এছিডে হাইড্র’জেন আয়ন \(\text{H}^+(\text{aq})\) উৎপন্ন কৰে।

২৫। পানীৰ উপস্থিতিত \(\text{HCL}\) য়ে কি উৎপন্ন কৰে? বিক্ৰিয়াটোৰ সমীকৰণটো উল্লেখ কৰা।
উত্তৰঃ পানীৰ উপস্থিতিত \(\text{HCL}\) য়ে হাইড্র’জেন আয়ন উৎপন্ন কৰে। পানীৰ অনুপস্থিতিত \(\text{HCL}\) অণুৰ পৰা \(\text{H}^+\) আয়নৰ পৃথকীকৰণ ঘটিব নোৱাৰে।
\(\text{HCL}+\text{H}_2\text{O} \to \text{H}_3\text{O}^+ + \text{CI}^-\)

২৬। কিয় হাইড্র’জেন আয়নক \(\text{H}^+(\text{aq})\) বা হাইড্র’নিয়াম আয়ন (\(\text{H}_3\text{O}^+\)) বা \(\text{H}_3\text{O}\) হিচাপে দেখুৱায়?
উত্তৰঃ হাইড্র’জেন আয়ন অকলে বৰ্তি থাকিব নোৱাৰে। পানী অণুৰ সৈতে লগ হৈ থাকে। সেয়েহে হাইড্র’জেন আয়নক \(\text{H}^+(\text{aq})\) বা হাইড্র’নিয়াম আয়ন (\(\text{H}_3\text{O}^+\)) বা \(\text{H}_3\text{O}\) হিচাপে দেখুৱায়।

২৭। পানীত ক্ষাৰক এটা দ্ৰবীভূত কৰিলে কি ঘটে?
উত্তৰ: পানীত ক্ষাৰক এটা দ্ৰবীভূত কৰিলে ক্ষাৰকবৌৰে পানীত হাইড্র’ক্সাইড (\(\text{OH}^-\)) আয়ন উৎপন্ন কৰে।
\(\text{NaOH}(s) \xrightarrow{\text{H}_2\text{O}} \text{Na}^+(\text{aq}) + \text{OH}^-(\text{aq})\)

২৮। ক্ষাৰকবোৰে পানীত কি আয়ন উৎপন্ন কৰে?
উত্তৰঃ ক্ষাৰকবোৰে পানীত হাইড্র’ক্সাইড (\(\text{OH}^-\)) আয়ন উৎপন্ন কৰে।

২৯। ক্ষাৰ (alkali) কাক বোলে?
উত্তৰঃ ক্ষাৰকবোৰে পানীত হাইড্র’ক্সাইড (\(\text{OH}^-\)) আয়ন উৎপন্ন কৰে। যিবোৰ ক্ষাৰক পানীত দ্ৰবীভূত হয়। সেইবোৰক ক্ষাৰ (alkali) বোলা হয়।

৩০। সকলোবোৰ ক্ষাৰক পানীত দ্ৰবীভূত হয়নে? পানীত দ্ৰবীভূত হোৱা এবিধ ক্ষাৰকৰ নাম লিখা।
উত্তৰঃ সকলোবোৰ ক্ষাৰক পানীত দ্ৰবীভূত নহয়। পানীত দ্ৰবীভূত হোৱা এবিধ ক্ষাৰক (Base) হ'ল- ক্ষাৰ (Alkali)।

৩১। ক্ষাৰৰ তিনিটা গুণ লিখা।
উত্তৰঃ ক্ষাৰবোৰ চাবোনৰ দৰে পিছল, তিতা আরু ক্ষয়কাৰী।

৩২। পানীত এছিড বা ক্ষাৰক দ্ৰবীভূত কৰা প্ৰক্ৰিয়াটো কি ৰাসায়নিক বিক্ৰিয়াৰ ভিতৰত পৰে?
উত্তৰঃ পানীত এছিড বা ক্ষাৰক দ্ৰবীভূত কৰা প্ৰক্ৰিয়াটো তাপবৰ্জী প্ৰক্ৰিয়াৰ ভিতৰত পৰে।

৩৩। কিয় এছিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে আৰু দ্ৰৱটো একেলেখৰীয়ে লৰাই থাকিব লাগে?
উত্তৰঃ এছিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে আৰু দ্ৰৱটো একেলেখৰীয়ে লৰাই থাকিব লাগে। অন্যথা যদি পানী গাঢ় এছিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লগাব পাৰে। লগতে, অত্যাধিক স্থানীয় তাপোৎপাদনৰ বাবে কাঁচৰ পাত্ৰ হ'লে ভাগিব পাৰে।

৩৪। লঘুকৰণ বা লঘু হোৱা বুলিলে কি বুজা?
উত্তৰঃ এছিড আরু ক্ষাৰক পানীৰ সৈতে মিহলালে প্রতি একক আয়তনত আয়ন (\(\text{H}_3\text{O}^+/\text{OH}^-\)) ৰ গাঢ়তা হ্রাস পায়। এনে প্ৰক্ৰিয়াক লঘুকৰণ (Dilution) বোলা হয় আৰু এছিড বা ক্ষাৰকটো লঘু হোৱা বোলা হয়।

৩৫। দ্ৰৱত হাইড্র’জেন আয়নৰ গাঢ়তা পৰিমাপৰ বাবে ব্যৱহাৰ স্কেলবিধৰ নাম কি ?
উত্তৰঃ দ্ৰৱত হাইড্র’জেন আয়নৰ গাঢ়তা পৰিমাপৰ বাবে ব্যৱহাৰ স্কেলবিধৰ নাম \(\text{pH}\) স্কেল বোলে।

৩৬। \(\text{pH}\) স্কেলৰ \(\text{P}\) শব্দটো কি ভাষা আরু কোনটো শব্দৰ পৰা আহিছে? ইয়াৰ অৰ্থ কি?
উত্তৰঃ \(\text{pH}\) স্কেলৰ \(\text{P}\) শব্দটো জার্মান ভাষাৰ 'Potenz' পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল- ক্ষমতা (Power)।

৩৭। \(\text{pH}\) স্কেলত এছিড বা ক্ষাৰকৰ তীব্রতা কেনেদৰে জোখা হয়?
উত্তৰঃ \(\text{pH}\) স্কেলত সচরাচর 0 (খুব বেছি আম্লিক) ৰ পৰা 14 (খুব বেছি ক্ষাৰকীয়) লৈ \(\text{pH}\) জুখিব পৰা যায়। \(\text{pH}\) স্কেলত মান 7 তকৈ কম হোৱাটোৱে দ্ৰৱটো আম্লিক আৰু 7 ৰ পৰা 14 লৈকে বৃদ্ধি ঘটাটোৱে \(\text{OH}^-\) আয়নৰ গাঢ়তা বৃদ্ধি অর্থাৎ ক্ষাৰকৰ তীব্রতা বৃদ্ধি হোৱাটো বুজায়।

৩৮। এটা প্ৰশম দ্ৰৱৰ \(\text{pH}\) ৰ মান কিমান?
উত্তৰঃ এটা প্ৰশম দ্ৰৱৰ \(\text{pH}\) ৰ মান 7

৩৯। \(\text{pH}\) স্কেলত 7 তকৈ কম হোৱাটোয়ে আরু 7 বা 7 তকৈ অধিক/বেছি হোৱাটোয়ে কি বুজায় ?
উত্তৰঃ \(\text{pH}\) স্কেলত মান 7 তকৈ কম হোৱাটোৱে দ্ৰৱটো আম্লিক আরু 7 ৰ পৰা 14 লৈকে বৃদ্ধি ঘটাটোৱে \(\text{OH}^-\) আয়নৰ গাঢ়তা বৃদ্ধি অর্থাৎ ক্ষাৰকৰ তীব্রতা বৃদ্ধি হোৱাটো বুজায়।

৪০। \(\text{pH}\) মান 7 ৰ পৰা 14 লৈ বৃদ্ধি ঘটাটোৱে কি আয়নৰ গাঢ়তা বৃদ্ধিক বুজায় ?
উত্তৰঃ \(\text{pH}\) ৰ মান 7 ৰ পৰা 14লৈ বৃদ্ধি ঘটাটোৱে \(\text{OH}^-\) আয়নৰ গাঢ়তা বৃদ্ধিক বুজায় অর্থাৎ ক্ষাৰক বৃদ্ধি হোৱাটো বুজায়।

৪১। তীব্র এছিড আরু মৃদু এছিড বুলিলে কি বুজা ?
উত্তৰঃ বেছি \(\text{H}^+\) আয়ন উৎপন্ন কৰা এছিডবোৰক তীব্র এছিড আরু কমকৈ \(\text{H}^+\) আয়ন উৎপন্ন কৰা এছিডবোৰক মৃদু এছিড বোলে।

৪২। আমাৰ শৰীৰ বা প্ৰাণীৰ লগত \(\text{pH}\) ৰ সম্পৰ্ক কি? \(\text{pH}\) কেনে অৱস্থাত জীৱ বৰ্তি থাকিব পাৰে?
উত্তৰঃ আমাৰ শৰীৰে 7.0 ৰ পৰা 7.8 লৈকে পৰিসৰৰ ভিতৰত কাৰ্য কৰে। ঠেক পৰিসৰত \(\text{pH}\) পৰিৱৰ্তন ঘটিলেহে জীৱ বৰ্তি থাকিব পাৰে।

৪৩। এছিড বৰষুণ কাক বোলে? এছিড বৰষুণ পানী বা নদীলৈ বৈ গ'লে কি হয়? এছিডে জলজ জীৱৰ ওপৰত কেনে প্ৰভাৱ পেলায়?
উত্তৰঃ বৰষুণৰ পানীৰ \(\text{pH}\) ৰ মান 5.6 ৰ কম হ'লে তাক এছিড বৰষুণ বোলে। এছিড বৰষুণৰ পানী নদীলৈ বৈ গ'লে বা কোনো পানীৰ উৎসলৈ বৈ গ'লে পানীখিনিৰ \(\text{pH}\) হ্রাস পায়। এনেকুৱা এছিড বৰষুণ সন্নিবিষ্ট পানী বা নদীত জলজ জীৱ (aquatic life) বৰ্তি থকাটো টান হৈ পৰে।

৪৪। উদ্ভিদৰ বাবে \(\text{pH}\) গুৰুত্বপূৰ্ণনে বা উদ্ভিদৰ বাবে \(\text{pH}\) ৰ কাম কি?
উত্তৰঃ গছ-গছনিৰ সুস্থ-সবল বৃদ্ধিৰ বাবে মাটিৰ \(\text{pH}\) নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত থাকিব লাগে।

৪৫। আমাৰ পেটত উৎপন্ন হোৱা এছিডবিধৰ নাম কি? আমাৰ দেহত এছিডৰ কাম কি?
উত্তৰঃ আমাৰ পেটত উৎপন্ন হোৱা এছিডবিধৰ নাম- হাইড্ৰ'ক্ল'ৰিক এছিড। পেটৰ কোনো অপকাৰ নকৰাকৈ এছিডে বা হাইড্ৰ'ক্ল'ৰিক এছিডে আমাৰ খাদ্য বস্তু হজম হোৱাত সহায় কৰে।

৪৬। পেট অজীর্ণ/খালী হ'লে বা আহাৰ গ্ৰহণ নকৰিলে বা লঘুকৈ থাকিলে আমাৰ দেহত এছিডৰ ক্ৰিয়া কেনেদৰে হয়?
উত্তৰঃ পেট অজীর্ণ/খালী হ'লে বা আহাৰ গ্ৰহণ নকৰিলে বা লঘুকৈ থাকিলে আমাৰ দেহত পেটে অত্যাধিক এছিড উৎপন্ন কৰে। ইয়াৰ ফলত পেটত জ্বলা-পোৰা আৰু বিষ হয়।

৪৭। অত্যাধিক এছিড উৎপন্নৰ ফলত পেটত পেটত জ্বলা-পোৰা আৰু বিষ হ'লে ইয়াৰ প্ৰতিকাৰ কি?
উত্তৰঃ অত্যাধিক এছিড উৎপন্নৰ ফলত পেটত পেটত জ্বলা-পোৰা আৰু বিষ হ'লে ইয়াৰ প্ৰতিকাৰ/পৰিত্ৰাণ পাবলৈ মানুহে অম্লনাশক (Antacids) হিচাপে ক্ষাৰক ব্যৱহাৰ কৰিব লাগে।

৪৮। এছিড প্ৰশমিত কৰিবলৈ ব্যৱহাৰ কৰা অম্লনাশক বা ক্ষাৰকবিধৰ নাম কি?/আমি খোৱা/সেৱন কৰা এবিধ ক্ষাৰকৰ নাম লিখা। ই কেনে প্ৰকৃতিৰ ?
উত্তৰঃ এছিড প্ৰশমিত কৰিবলৈ ব্যৱহাৰ কৰা অম্লনাশক বা ক্ষাৰকবিধৰ নাম- মেগনেছিয়াম হাইড্ৰ'ক্সাইড (মেগনেছিয়ামৰ দুগ্ধ)। ই এটা মৃদু ক্ষাৰক।

৪৯। মুখৰ ভিতৰত \(\text{pH}\) ৰ মান কিমান হ'লে দন্তক্ষয় হয়?
উত্তৰঃ মুখৰ ভিতৰত \(\text{pH}\) ৰ মান 5.5 তকৈ কম হ'লে দন্তক্ষয় হয়।

৫০। দাঁতৰ এনামেল (Tooth enamel) অংশটো কিহৰে তৈয়াৰী? দন্তক্ষয় বা দাঁতৰ ক্ষয় বুলিলে কি বুজা/কাক বোলে? কেতিয়া আমাৰ দন্তক্ষয় বা দাঁতৰ ক্ষয় হয়? ইয়াৰ দুটা প্ৰতিকাৰ লিখা।
উত্তৰঃ কেলছিয়াম হাইড্ৰ'ক্সিএপেটাইটেৰে দাঁতৰ এনামেল অংশটো তৈয়াৰী। দাঁতৰ এনামেল অংশটো শৰীৰৰ কঠিনতম পদাৰ্থ। ই পানীত দ্ৰবীভূত নহয়। কিন্তু মুখৰ ভিতৰৰ \(\text{pH}\) ৰ মান 5.5 তকৈ কমিলে ই ক্ষয় হয় অৰ্থাৎ দন্তক্ষয় বা দাঁতৰ ক্ষয়। আহাৰ গ্ৰহণ কৰাৰ পিছত মুখৰ ভিতৰত লাগি থকা শৰ্কৰা আৰু খাদ্য কণিকাবোৰ মুখ ভিতৰত থকা বেক্টেৰিয়াই জীর্ণ কৰি এছিড উৎপন্ন কৰে। যাৰ ফলত আমাৰ দাঁত ক্ষয় বা দন্তক্ষয় হয়।
ইয়াৰ দুটা প্ৰতিকাৰ হ'ল-
(ক) আহাৰ খোৱাৰ পিছত মুখখন ভালদৰে পৰিষ্কাৰ কৰিব লাগে।
(খ) দাঁত পৰিষ্কাৰ কৰাৰ বাবে টুথপেষ্ট (ক্ষাৰকীয়) ব্যৱহাৰ কৰি এই ক্ষতিকাৰক এছিড আৰু বেক্টেৰীয়া প্ৰশমিত কৰি দন্তক্ষয় বা দাঁত ক্ষয় হোৱা ৰোধ কৰিব পাৰি।

৫১। আমাৰ দাঁত কিয় টুথপেষ্টেৰে ঘঁহা হয়? টুথপেষ্ট কি প্ৰকৃতিৰ, আম্লিক নে ক্ষাৰকীয়?
উত্তৰঃ আহাৰ গ্ৰহণ কৰাৰ পিছত মুখৰ ভিতৰত লাগি থকা শৰ্কৰা আৰু খাদ্য কণিকাবোৰ মুখ ভিতৰত থকা বেক্টেৰিয়াই জীর্ণ কৰি এছিড উৎপন্ন কৰে। যাৰ ফলত আমাৰ দাঁত ক্ষয় বা দন্তক্ষয় হয়। সেয়েহে, দাঁত পৰিষ্কাৰ কৰাৰ বাবে টুথপেষ্ট (ক্ষাৰকীয়) ব্যৱহাৰ কৰি এই ক্ষতিকাৰক এছিড আৰু বেক্টেৰীয়া প্ৰশমিত কৰি দন্তক্ষয় বা দাঁত ক্ষয় হোৱা ৰোধ কৰিব পৰা যায়। টুথপেষ্ট সাধাৰণতে ক্ষাৰকীয়।

৫২। মৌ-মাখিয়ে কামুৰিলে বিন্ধিলে কিয় বিষ বা পোৰণি সৃষ্টি হয়? ইয়াৰ পৰা কেনেদৰে সকাহ বা আৰাম পাব পাৰি?
উত্তৰঃ মৌ-মাখি কামুৰিলে এবিধ ফৰ্মিক এছিড বা মিথানয়িক এছিড (Formic Acid or Methanoic Acid) এছিড নিঃসৰণ হয়। ইয়াৰ বাবেই বিষ আৰু পোৰণি সৃষ্টি হয়। বিন্ধা বা কামুৰাৰ স্থানত বেকিং চ'ডাৰ দৰে মৃদু ক্ষাৰক ব্যৱহাৰ কৰিলে সকাহ বা আৰাম পাব পাৰি।

৫৩। চোৰাত পাতে বিন্ধিলে আমাৰ কিয় কষ্টকৰ বিষ-বেদনা হয়? ইয়াৰ প্ৰতিকাৰ কি?
উত্তৰঃ চোৰাত পাতত এবিধ শুং থাকে আৰু এই শুংবোৰৰ পৰা মিথানয়িক এছিড নিঃসৃত হয়। সেয়েহে এই শুংবোৰে বিন্ধিলে আমাৰ কষ্টকৰ বিষ-বেদনা হয়। ইয়াৰ প্ৰতিকাৰ হ'ল- ঠাইদুখৰত পাহাৰী পালেং (Dock Plant) ৰ পাত ঘঁহি দিলে এনে যাতনাৰ পৰা পৰিত্ৰাণ বা উপশম পাব পাৰি।

৫৪। "প্ৰকৃতিয়েই প্ৰশমন বিকল্প যোগান ধৰে।" উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ "প্ৰকৃতিয়েই প্ৰশমন বিকল্প যোগান ধৰে।" উদাহৰণস্বৰূপে-চোৰাত পাতত এবিধ শুং থাকে আৰু এই শুংবোৰৰ পৰা মিথানয়িক এছিড নিঃসৃত হয়। সেয়েহে এই শুংবোৰে বিন্ধিলে আমাৰ কষ্টকৰ বিষ-বেদনা হয়। ইয়াৰ প্ৰতিকাৰ হ'ল- ঠাইদুখৰত পাহাৰী পালেং (Dock Plant) ৰ পাত ঘঁহি দিলে এনে যাতনাৰ পৰা পৰিত্ৰাণ বা উপশম পাব পাৰি। এই গছজোপা চোৰাত গছৰ আশে-পাশেই গজে।

৫৫। প্ৰাকৃতিকভাৱে পোৱা কেইবিধমান এছিডৰ নাম লিখা।
উত্তৰঃ

ক্ৰমিক নং প্ৰাকৃতিক উৎস এছিড
1 ভিনেগাৰ এছিটিক এছিড
2 কমলা টেঙা চাইট্ৰিক এছিড
3 তেতেলি টাৰটাৰিক এছিড
4 বিলাহী অকজেলিক এছিড
5 টেঙা গাখীৰ বা দৈ লেকটিক এছিড
6 লেমু টেঙা চাইট্ৰিক এছিড
7 সৰুৱাব/মৌ মাখিৰ শুং মিথানয়িক এছিড
8 চোৰাতৰ শুং মিথানয়িক এছিড

৫৬। ছ'ডিয়াম লৱণ শ্ৰেণীৰ অন্তৰ্গত দুবিধ লৱণৰ নাম লিখা।
উত্তৰঃ ছ'ডিয়াম লৱণ শ্ৰেণীৰ অন্তৰ্গত দুবিধ লৱণৰ নাম হ'ল- \(\text{NaCl}\) অৰ্থাৎ ছ'ডিয়াম ক্লৰাইড (Sodium Chloride) অৰ্থাৎ নিমখ আৰু \(\text{Na}_2\text{SO}_4\) অৰ্থাৎ ছ'ডিয়াম ছালফেট (Sodium Sulfate)।

৫৭। ক্ল'ৰাইড শ্ৰেণীৰ অন্তৰ্গত দুবিধ লৱণৰ নাম লিখা।
উত্তৰঃ ক্ল'ৰাইড শ্ৰেণীৰ অন্তৰ্গত দুবিধ লৱণৰ নাম- \(\text{NaCl}\) অৰ্থাৎ ছ'ডিয়াম ক্লৰাইড (Sodium Chloride) অৰ্থাৎ নিমখ আৰু \(\text{KCl}\) অৰ্থাৎ পটেছিয়াম ক্লৰাইড (Potassium Chloride)।

৫৮। লৱণৰ \(\text{pH}\) সম্পৰ্কে লিখা।
উত্তৰঃ তীব্ৰ এছিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ প্ৰশম আৰু এইবিলাক লৱণৰ বা জলীয় দ্ৰৱৰ \(\text{pH}\) ৰ মান 7। আনহাতে, তীব্ৰ এছিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ আম্লিক, এইবোৰ লৱণৰ জলীয় দ্ৰৱৰ মান 7 তকৈ কম। লগতে, তীব্ৰ ক্ষাৰক আৰু মৃদু এছিডৰ বিক্ৰিয়াজাত লৱণবোৰ ক্ষাৰকীয়, এইবোৰৰ জলীয় দ্ৰৱৰ \(\text{pH}\) ৰ মান 7 তকৈ বেছি।

৫৯। আমি খোৱা লৱণবিধৰ নাম আৰু সাংকেতিক চিহ্ন কি? কি কি পদাৰ্থ লগ লাগি এই লৱণবিধৰ উৎপন্ন হয়?
উত্তৰঃ আমি খোৱা লৱণবিধৰ নাম ছ'ডিয়াম ক্লৰাইড আৰু ইয়াৰ সাংকেতিক চিহ্ন হ'ল- \(\text{NaCl}\)। হাইড্ৰ'ক্ল'ৰিক এছিড আৰু ছ'ডিয়াম হাইড্ৰ'ক্সাইড লগ লাগি এই লৱণবিধৰ (ছ'ডিয়াম ক্লৰাইড) উৎপন্ন হয়। \(\text{HCl} + \text{NaOH} \to \text{NaCl}\).

৬০। খনিজ লৱণ বুলিলে কি বুজা? খনিজ লবণবোর ক'ত পোৱা যায় ? ইয়াক কেনেদরে আহরণ করা হয়? ইয়ার পরা কি পোরা যায় বা আমি খোৱা লবণবিধর ক'র পরা তৈয়ার করা হয়?
উত্তরঃ পৃথিৱীৰ অনেক প্রান্তত আরু গোটা লরণর ভাণ্ডার পোরা যায়। অশুদ্ধির বাবে এই বৃহৎ স্টার্টিকবোর সচরাচর মুগা বরণর হয়। ইয়াক খনিজ লবণ (Rock Salt) বোলা হয়। খনিজ লবণ কয়লার দরে খান্দি আহরণ করা হয়। এই গোটা লৱণবোরর পরা আরু সাগর পানীত দ্রবীভূত হৈ থকা লৱণবোরর পরা ছ'ডিয়াম ক্ল'রাইড পৃথক করি আমি খোরা লৱণবিধর তৈয়ার করা হয়।

৬১। খোরা লৱনটো কি কি সামগ্রী উৎপাদনর কেচা সামগ্রী হিচাপে ব্যৱহার করা হয়?
উত্তরঃ খোরা লবনটো ছ'ডিয়াম হাইড'ক্সাইড, বেকিং ঘ'ডা, কাসোর ধোরা দাঁড়া, ব্লিচিং পাউডার আরু বহু নিত্য ব্যৱহৃত সামগ্রী উৎপাদনর বাবে কেচা সামগ্রী হিচাপে ব্যৱহার করা হয়।

৬২। ছ'ডিয়াম হাইড্রক্সাইডৰ গঠন আৰু ইয়াৰ ব্যৱহাৰ সম্পর্কে লিখা। অথবাঃ ছাডিয়াম হাইড'ক্সাইড উৎপন্ন হোৱা পদ্ধতিটোৰ নাম কি? অথবাঃ ক্ল'র-এলকালি পদ্ধতি কাক বোলে? উদাহৰণসহ বুজাই লিখা।
উত্তরঃ ছ'ডিয়াম ক্র'মাইডন এক জলীয় দ্রর (ব্রাইন) অ মাতোদি বিদ্যুত প্রবাহ কৰাৰ ফলত দু'ডিয়াম 'বাইড বিযোজিত হয়। ইয়াৰ ফলত ঘ'ডিয়াম হাইড্র'ক্সাইডৰ সৃষ্টি হয়। এই পদ্ধতিটোক ক্ল'ৰ-এলকালি পদ্ধতি বোলে। এই পদ্ধতিৰ নামটো, ফ্ল'ৰিনৰ বাবে ক্ল'ৰ আৰু ঘ'ডিয়াম হাইড্রক্সাইডৰ বাবে এলকালি হৈছে।

\ ক্ল'বিন গেদুবিধ এন'ডত আরু হাইড্র'জেন গেছ সাধাৰণতে কেথ'ডত মুক্ত হোৱা দেখা যায়। লগতে এই পদ্ধভিত ছ'ডিয়াম হাইড্র'আইড দ্ররটো কেখ'ডৰ সমীপতেই উৎপন্ন হয়।

৬৪। ব্লিচিং পাউদাৰ কিহেবে/কেনেদৰে প্রস্তুত করা হয়? ব্লিচিং পাউদাৰৰ সংকেত কি? ইয়াৰ তিনিটা ব্যৱহাৰ লিখা।
উত্তৰঃ ছ'ডিয়াম ফ্ল'ৰাইডৰ এক জলীয় দ্রর (ব্রাইন) ৰ মাজেদি বিদ্যুত্ত বিশ্লেষণ কৰাৰ ফলত ক্লৰিনৰ সৃষ্টি হয়। শুকান শিখিলিত চূণ ৰ সৈতে ক্ল'ৰিনৰ ক্ৰিয়াৰ জৰিয়তে ব্লিচিং পাউদাৰ উৎপন্ন কৰা হয়।
\ ব্লিচিং পাউদাৰন সংকেত হ'ল- \(\text{CaOCl}_2\)
ব্লিচিং পাউদাৰৰ ভিনিটা ব্যৱহাৰ হ'ল-
(ক) খোৱা পানী বীজাণুমুক্ত কৰাৰ বাবে ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰা হয়।
(খ) ৰাসায়নিক উদ্যোগত জানক পদার্থ হিচাপে ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰা হয়।
(গ) বস্ত্র উদ্যোগসমূহত কপাহী কাপোৰ আৰু লিলেন কাপোৰবোব বিৰঞ্জিত কৰাৰ বাবে ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰা হয়।

৬৫। বেকিং ছ'ড়া প্রস্তুত কৰা প্রক্রিয়াটো লিখা। বেকিং ছ'ড়ান ৰাসায়নিক নাম আরু সংকেতটো কি? বেকিং ছ'ডাৰ দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ ছ'ডিয়াম ফ্ল'ৰাইডক কেঁচা সামগ্রী হিচাপে ব্যৱহাৰ কৰি বেকিং ঘ'ডা প্রস্তুত কৰা হয়।
\ বেকিং দু'ডাৰ ৰাসায়নিক নাম হ'ল- ছ'ডিয়াম হাইড্র'জেন কার্বনেট আরু সংকেতটো হ'ল- \(\text{NaHCO}_3\)
বেকিং ঘ'ডাৰ দুটা ব্যৱহাৰ হ'ল-
(ক) পকৰি দৰে মুৰমুৰিয়া খাদ্যসামগ্ৰী বনাবলৈ বেকিং দ'ড়া ব্যৱহাৰ কৰা হয়।
(খ) খোৱা বস্তু অতি সোনকালে সিজিবৰ বাবে বেকিং ছ'ড়া যোগ কৰা হয়।

৬৬। দ'ডিয়াম কার্বনেট কেনেদৰে সৃষ্টি হয়? ছ'ডিয়াম হাইড্র'জেনকার্বনেট ডিলিটা ব্যৱহাৰ লিখা।
উত্তৰঃ ঘ'ডিয়াম হাইড'জেলকার্বনেটক তাপ দিলে ঘ'ডিয়াম কার্বনেটৰ সৃষ্টি হয়। হাডিয়াম হাইড'জেনকার্বনেটৰ তিনিটা ব্যৱহাৰ হ'ল-
(ক) বেকিং পাউদাৰ প্রস্তুত কৰিবলৈ ছাডিয়াম হাইড্র (জলকার্বনেট ব্যৱহাৰ কৰা হয়।
(খ) এবিধ অম্লনাশক হিচাপে পেটৰ অতিৰিক্ত এছিড প্রশমিত কথাৰ বাবে দু'ডিয়াম হাইল'জেনকার্বনেট ব্যৱহাৰ কৰা হয়।
(গ) ছ'দ্রা এছিডক অগ্নি নির্বাপন যন্ত্ৰত প্ৰয়োগ কৰা হয়।

৬৭। কাগোর ধোয়া চ'ড়া (Washing Soda) কেনেদনে প্রস্তুত করা হয়? কাপোন যোরা চ'ড়াৰ ৰাসায়নিক নাম কি? ইয়াৰ তিনিটা ব্যৱহাব সিথা।
উত্তৰঃ বেকিং ছ'ডা উত্তম্ভ কৰিলে দু'ডিয়াম কার্বনেট পোৱা যায়। এই ছ'ডিয়াম কার্বনেটৰ পুনঃস্কটিকীকৰণ (Recrystallisation) ঘটায় কাপোৰ ধোৱা চ'ড়া (Washing Soda) প্রস্তুত কৰা হয়।
কাগোর ধোয়া চ'ড়ান বাসায়নিক নাম হ'ল- \(\text{Na}_2\text{CO}_3\cdot 10\text{H}_2\text{O}\)
ইয়াৰ তিনিটা ব্যৱহাৰ হ'ল-
(ক) কাপোৰ থোকা চ'ডাক পানীৰ স্থায়ী কঠিনতা দূৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।
(খ) ইয়াক যরুরা চাফাই কৰা কার্যত ব্যৱহাৰ কৰা হয়।
(গ) ব'ৰাক্সৰৰ নিচিনা ঘ'ডিয়াম যৌগৰ পণ্য উৎপাদন কামত ব্যৱহৃত হয়।
(ঘ) কাঁচ, কাগজ আরু চাবোন উদ্যোগসমূহত বারুকৈয়ে ইয়াক ব্যৱহাৰ কৰে।

৬৭। লৱপৰ স্ফটিকবোৰ প্রকৃততে শুকাননে ?
উত্তৰঃ সরণ বিশেষকৈ কসান মালফেটন আদিব দয়ে সয়ণবোনর স্মার্টকযোন শুকান যেন দেখাত লাগে যদিও স্ফটিকাবদ্ধ জল থকা পৰিলক্ষিত হয়। এই লাগবোনক তাপ প্ৰয়োগ কৰিলে পানী আঁতৰি যায়। লগতে, লৱপটো বৰণহীন হৈ পৰা দেখা যায়।

৬৮। স্ফটিকাবদ্ধ জল (Water of Crystallisation) কি? এবিধ স্ফটিকাবদ্ধ জল খকা লরপর নাম লিখা।
উত্তৰ। স্ফটিকাবদ্ধ জল (Water of Crystallisation) হ'ল- লৱণ এটাৰ সংকেত এককত থকা নির্দিষ্ট সংখ্যক পানীয় অণু। এবিধ স্ফটিকাবদ্ধ জল থকা লৱপৰ নাম হ'ল- ভিপদ্দাম।

৬৯। কণাৰ ছালফেটৰ এটা সংকেত এককত কেইটা পানীৰ অণু থাকে? জলযুক্ত কসান ছালফেটন রাসায়নিক সংকেত কি?
উত্তৰঃ কণাৰ ছালফেটৰ এটা সংকেত এককত গড়িটা পানীৰ অণু থাকে। জলযুক্ত কপান ছালফেটর বাসায়নিক সংকেত হ'ন- \(\text{CuSO}_4\cdot 5\text{H}_2\text{O}\)

৭০। জিপছাম কি? জিপছামত স্ফটিকাবদ্ধ জল হিচাপে কেইটা পানীৰ অণু থাকে? জিপছামৰ সংকেত কি?
উত্তৰঃ জিপছাম হ'ল- স্ফটিকাবদ্ধ জন থকা এবিধ নরণ। জিপছামত স্ফটিকাবদ্ধ জল হিচাপে দুটা পানীৰ অণু থাকে। জিপছামব সংকেত হ'ল- \(\text{CaSO}_4\cdot 2\text{H}_2\text{O}\)

৭১। প্লাষ্টাৰ অব পেৰিছ কি বা বুলিলে কি বুজা? ইয়াৰ ৰাসায়নিক সমীকৰণটো লিখা। প্লাষ্টাৰ অব পেৰিছৰ ৰাসায়নিক সংকেত কি?
উত্তৰ: জিপছামক 373k উষ্ণতাৰ উত্তম্ভ কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেট (\(\text{CaSO}_4\cdot\frac{1}{2}\text{H}_2\text{O}\)) ও পৰিপত হয়। ইয়াকে প্লাষ্টাৰ অব পেৰিছ বোনা হয়। প্লাষ্টাৰ অব পেৰিছ এবিধ বগা পাউদাৰ। পানী মিহলালে এই প্লাষ্টাৰ অব পেৰিছ পুনয় জিপছামলৈ পৰিবৰ্তিত হয় আরু টান গোটা পদার্থলৈ সলনি হয়
\ প্লাষ্টাৰ অব পেৰিছৰ ৰাসায়নিক সংকেত হ'ল- \(\text{CaSO}_4\cdot\frac{1}{2}\text{H}_2\text{O}\)

৭২। প্লাষ্টাৰ অব পেৰিছৰ তিনিটা ব্যৱহাৰ লিখা।
উত্তৰঃ প্লাষ্টাৰ অব পেৰিছৰ তিনিটা ব্যৱহাৰ হ'ল-
(ক) ডাক্তৰ সকলে ভগা হাঁড় জোৰা দিবলৈ আরু হাড় সাঠক স্থানত ধৰি ৰাখিবৰ নিমিত্তে প্লাষ্টাৰ অব পেৰিছ ব্যৱহাৰ কৰে।
(খ) প্লাষ্টাৰ অব পেৰিছক পুতলা সজা কামত ব্যৱহাৰ কৰা হয়।
(গ) ঘৰ সজোৱাৰ বিভিন্ন সামগ্রি আরু মসুন এপ সাজিবৰ নিমিত্তে প্লাষ্টাৰ অব পেৰিছ ব্যৱহৃত হয়।

Wednesday, November 26, 2025

ত্ৰিকোণমিতিৰ পৰিচয় MCQ

ত্ৰিকোণমিতিৰ পৰিচয়

1. 8 ( cosec ) 2 A + 8 ( c o t ) 2 A = ? 8(\cosec)^2A+8(cot)^2A=?

(a) 0

(b) 1

(c) 8

(d) 16

(c) 8


2. তলৰ কোনটো সত্য ?

(a) t a n A tan A ৰ মান সদায় 1 1 অতকৈ সৰু

(b) c o t A cot A ৰ মান সদায় 1 1 অতকৈ ডাঙৰ

(c) কোনো কোণ θ \theta ৰ বাবে sin θ = 5 3 \sin\theta=\frac53

(d) কোনো কোণ θ \theta ৰ বাবে s e c θ = 12 5 sec\theta=\frac{12}5

(c) কোনো কোণ θ \theta ৰ বাবে sin θ = 5 3 \sin\theta=\frac53


3. 9 s e c 2 60 0 9 tan 2 60 0 9sec^260^0-9\tan^260^0 ৰ মান হব一

(a) 9 2 \frac92

(b) 3 3

(c) 18 18

(d) 9 9

(d) 9 9


4. sin 2 30 0 cos 2 30 0 \sin^230^0-\cos^230^0 ৰ মান হব一

(a) 2 3 \frac23

(b) 3 2 \frac{\sqrt3}2

(c) 3 2 \frac32

(d) 1 2 -\frac12

(d) 1 2 -\frac12


5. 1 + tan 2 θ 1 + c o t 2 θ \frac{1+\tan^2\theta}{1+cot^2\theta} ৰ মান হব一

(a) c o t 2 θ cot^2\theta

(b) s e c 2 θ sec^2\theta

(c) tan 2 θ \tan^2\theta

(d) 1 -1

(c) tan 2 θ \tan^2\theta


6. cos e c ( 90 0 A ) = ? \cos ec\left(90^0-A\right)=?

(a) s i n A sinA

(b) c o s A cosA

(c) s e c A secA

(d) t a n A tanA

(c) s e c A secA


7. cos 2 60 0 + sin 2 60 0 \cos^260^0+\sin^260^0 ৰ মান হব一

(a) 3 2 \frac{\sqrt3}2

(b) 1 2 \frac12

(c) 1 1

(d) 0 0

(c) 1 1


8. 2 tan 30 0 1 + tan 2 30 0 \frac{2\tan30^0}{1+\tan^230^0} ৰ মান হব一

(a) cos 60 0 \cos60^0

(b) sin 60 0 \sin60^0

(c) tan 60 0 \tan60^0

(d) sin 30 0 \sin30^0

(c) tan 60 0 \tan60^0

Class 10 Maths Chapter 8 MCQ Assamese Medium Question Answer


9. tan 65 0 c o t 25 0 \frac{\tan65^0}{cot25^0} ৰ মান হব

(a) 1 1

(b) 1 2 \frac12

(c) 0 0

(d) 3 2 \frac{\sqrt3}2

(a) 1 1


10. cos e c 31 0 s e c 59 0 \cos ec31^0-sec59^0 ৰ মান হব一

(a) 1 1

(b) 1 2 \frac12

(c) 0 0

(d) 3 2 \frac{\sqrt3}2

(c) 0 0


11. যদি sin θ = cos θ \sin\theta=\cos\theta হয়, তেন্তে θ \theta ৰ মান হ’ব一

(a) 0°

(b) 30°

(c) 45°

(d) 60°

(c) 45°


12. sin A cos ( 90 0 A ) + cos A sin ( 90 0 A ) \sin A\cos\left(90^0-A\right)+\cos A\sin\left(90^0-A\right) ৰ মান হ’ব一

(a) 1 1

(b) 1 2 \frac12

(c) 0 0

(d) 3 2 \frac{\sqrt3}2

(a) 1 1

Class 10 Maths Chapter 8 MCQ Assamese Medium


13. 2 sin ( 90 0 θ ) = 1 \sqrt2\sin\left(90^0-\theta\right)=1 তেন্তে ፀ ৰ মান হল一

(a) 0°

(b) 30°

(c) 45°

(d) 60°

(c) 45°


14. s i n 2 A = 2 s i n A sin 2A = 2 sin A সত্য যেতিয়া A = A=

(a) 0°

(b) 30°

(c) 45°

(d) 60°

(a) 0°


15. sin θ = 1 2 \sin\theta=\frac1{\sqrt2} আৰু cos ϕ = 1 2 \cos\phi=\frac12 তেন্তে θ + ϕ \theta+\phi ৰ মান হল一

(a) 90°

(b) 30°

(c) 0°

(d) 105°

(d) 105°


16. θ + ϕ = 90 0 \theta+\phi=90^0 আৰু c o t θ = 3 cot\theta=\sqrt3 তেন্তে ϕ \phi ৰ মান হল一

(a) 90°

(b) 30°

(c) 0°

(d) 60°

(d) 60°


17. যদি 4 tan θ = 3 4\tan\theta=3 , তেন্তে ( 4 sin θ cos θ ) ( 4 sin θ + cos θ ) \frac{\left(4\sin\theta-\cos\theta\right)}{\left(4\sin\theta+\cos\theta\right)} ৰ মান হল一

(a) 1 1

(b) 1 2 \frac12

(c) 0 0

(d) 3 2 \frac{\sqrt3}2

(b) 1 2 \frac12


18. sin θ = 3 2 \sin\theta=\frac{\sqrt3}2 তেন্তে s e c θ sec\theta ৰ মান হল一

(a) 2 2

(b) 1 2 \frac12

(c) 4 4

(d) 3 2 \frac{\sqrt3}2

(a) 2 2

Class 10 Maths Chapter 8 MCQ in Assamese with Solution


19. sin A cos A = 0 \sin A-\cos A=0 তেন্তে A A ৰ মান হল一

(a) 90°

(b) 45°

(c) 0°

(d) 60°

(b) 45°


20. যদি tan ( 60 0 + θ ) = c o t 25 0 \tan\left(60^0+\theta\right)=cot25^0 তেন্তে s e c θ sec\theta ৰ মান হল一

(a) 10°

(b) 5°

(c) 0°

(d) 60°

(b) 5°

SEBA Agriculture Chapter 1 page 1

Unit 1 Irrigation Management in Vegetable Crops INTRODUCTION Vegetable crops requ...