পাৰস্যত এভুমুকি
পাৰস্য উপসাগৰত অৱস্থিত আমাৰ ৰিগটোৰ পৰা আহি বন্দৰ নগৰী বুশ্বেৰত অৱতৰণ কৰোঁতে প্ৰায় দুই বাজিছিল। হেলিকপ্টাৰৰ দুৱাৰ খোলাৰ লগে লগে ভমককৈ এছাটি গৰম বতাহ সোমাই আহিল। বুজিবলৈ বাকী নাথাকিল যে বুশ্বেৰৰ তাপমাত্ৰা চল্লিছ ডিগ্ৰী ছেন্টিগ্ৰেডৰ ওপৰত আছে। এই প্ৰচণ্ড গৰমত 'ৰানৱে'ৰ ওচৰত ৰৈ থাকিব নোৱাৰি। নিজ নিজ বেগ চমজি লৈ আমি তিনিজন- মই, মেহদি আৰু ঘাছেম বিমান বন্দৰৰ মূল ভৱনটোৰফালে আগবাঢ়িলোঁ।
বুশ্বেৰৰ বিমান বন্দৰটো বেছি ব্যস্ত নহয়। অৱশ্যে ইয়াৰ এটা বিশেষ গুৰুত্ব আছে। ই ইৰাণৰ এটা সামৰিক থাটি। তাতে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলিও শুনিছোঁ।
মেহদি আৰু ঘাছেম দুয়োজন ইৰাণী যুৱক, থাকে তৈলনগৰী আহৱাজত; বুশ্বেৰৰ পৰা প্ৰায় দুঘণ্টা দূৰৈত ইৰাক সীমান্তৰ ফালে। তেওঁলোকৰ বাবে এই যাত্ৰা হঠাতে হোৱা। ৰুটিন মতে তেওঁলোক দুদিন পাছতহে আহিলহেঁতেন। কিন্তু হঠাতে এটা বিশেষ আলোচনাৰ বাবে মই টেহৰাণলৈ যাব লগা হোৱাত হেলিকপ্টাৰ মাতিব লগা হ'ল। তেওঁলোকৰ কাম প্ৰায় সম্পূৰ্ণ হৈছিল, সেয়ে তেওঁলোককো ওলাবলৈ কলোঁ। দুয়ো 'জিঅ'লগ নামৰ ইটালিয়ান কোম্পানিটোৰ 'মাডলগাৰ'। তেলৰ বাবে চলোৱা খনন কাৰ্যত 'মাডলগিং' আহিলাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আবিষ্কাৰত আৰু কোনো বিপজ্জনক পৰিস্থিতি নোহোৱাকৈ খনন চলোবাত সহায় কৰিব পাৰে। ভূতত্ববিদৰ বাবে ই এবিধ গুৰুত্বপূৰ্ণ সঁজুলি। মাডলগিং ইউনিটটোৰ পৰা প্ৰেৰণ কৰা তথ্য দেখিয়েই আমি বহুতো সিদ্ধান্তত উপনীত হ'ব পাৰোঁ, খননত হ'ব পৰা সম্ভাব্য বিপদ সম্পৰ্কে ভবিষ্যতবাণী কৰিব পাৰোঁ, আটাইতকৈ ডাঙৰ কথা সেই সৰু গৱেষণাগাৰটোত বহিয়েই পোন প্ৰথমে মই জানিবলৈ পাওঁ তেল পামনে নাপাম।
বিমানবন্দৰৰ আগমন ভৱনলৈ সোমাই যাওঁতে জানিব পাৰিলোঁ যে মেহদিহঁতৰ বাবে গাড়ী আহি ৰৈ আছে। মই আশা কৰা মতে মোৰ সহকৰ্মী ভেংকি (ভেংকটৰমণী) ৰৈ আছিল। তেওঁ বুশ্বেৰত থাকে। ইয়াৰপৰা তেওঁ ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে। ভেংকিয়ে মোক জনালে যে অলপ সময় আমি বিমান বন্দৰতে ৰৈ আবুজাৰৰ অপেক্ষা কৰিম। আবুজাৰ আমাৰ ট্ৰেভেল এজেন্ট। তেওঁ গৈছে মোৰ টেহৰাণ যাত্ৰাৰ টিকট কিনিবলৈ। বিমানৰ বাবে দহঘণ্টামান সময় আছে। বিমান বন্দৰটোত মই, আবুজাৰৰ সহযোগী হুছেইন আৰু নিৰাপত্তা ৰক্ষী কেইজনৰ বাদে কোনো মানুহ নাই। ভেংকিয়ে নিৰাপত্তাৰক্ষী কেইজনৰ সৈতে কথা-বতৰা আৰম্ভ কৰিলে। হুছেইনে ফাৰ্চীৰ পৰা ইংৰাজীলৈ আৰু ইংৰাজীৰ পৰা ফাৰ্চীলৈ অনুবাদ কৰি বাৰ্তালাপত সহায় কৰিলে। মোৰ এই কমদিনৰ অভিজ্ঞতাৰ পৰা এটা কথা বুজিব পাৰিছোঁ যে ইৰাণীসকল যথেষ্ট নম্ৰ। তেওঁলোকে সুন্দৰ সম্ভাষণেৰে বাৰ্তালাপ কৰে, উচ্চস্বৰত কথা নকয় আৰু কথা বতৰাত বিনয়ী স্বভাৱৰ প্ৰতিফলন ঘটে। তেওঁলোকে যে এটা ঐতিহ্যময় সভ্যতাৰ শিখা কঢ়িয়াই আনিছে তাৰ পৰিচয় পোৱা যায় তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, বাৰ্তালাপ আদিত।
এঘণ্টামানৰ পাছত ফোঁপাই জোপাই আবুজাৰ ওলালহি। নিৰাপত্তাৰক্ষী কেইজনৰ পৰা বিদায় লৈ আমি দুয়ো আবুজাৰৰ পিক আপ ভেনখনত উঠিলোঁ। তেনেতে ভেংকিয়ে ক'লে-"ৰথীন, এয়া আমাৰ "আগা আবুজাৰ"। ভেংকিয়ে দুই এটা ফাৰ্চীশব্দ ক'বলৈ শিকিছে। 'আগা' শব্দটো শ্ৰীযুতৰ সমাৰ্থক সম্মানীয় শব্দ।
গাড়ীৰ খিৰিকী বন্ধ কৰি আবুজাবে এয়াৰ কণ্ডিশ্যনাৰ চলাই দিলে।
এখন অচিনাকি চহৰৰ মাজেদি যাত্ৰা কৰোঁতে মই অজান পুলক অনুভৱ কৰিলোঁ। তেল অন্বেষণ মোৰ বৃত্তি নোহোৱা হ'লে আন বহুতৰে দৰে বুশ্বেৰ চহৰ মোৰ বাবে অপৰিচিত হৈয়ে থাকিলহেঁতেন। বুশ্বেৰ চহৰৰ কোনোবা এঠাইত পাৰমাণবিক গৱেষণা চলি আছে। আমাৰ ডাটা ইঞ্জিনিয়াৰ জাভাদেও মোক কৈছিল যে বুশ্বেৰত এটা ৰিয়েক্টৰ আছে। সেয়ে যেতিয়াই মই হেলিকপ্টাৰেৰে বুশ্বেৰলৈ অহা যোৱা কৰোঁ প্ৰতিবাৰতে গোলাকৃতিৰ স্থাপত্যটোৱে মোক কৌতূহলী কৰি তোলে। তাৰ মানে তাতেই চলি আছে পাৰমাণৱিক গৱেষণা। এটা কথা ঠিক যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ হৈছে উত্তৰ দিশত অৱস্থিত নাতাঞ্জৰ ভূগৰ্ভত থকা প্ৰকল্প।
বুশ্বেৰ সৰু চহৰ। কিন্তু ৰাস্তা, চহৰৰ পৰিকল্পনা দেখিলে কোনেও নক'ব ই এখন সৰু চহৰ। চাৰিটা লেনৰ ৰাস্তা, মাজত ডিভাইডাৰ। যথেষ্ট চাফা। নগৰ পৰিকল্পনাই যে বুশ্বেৰ চহৰখনত গুৰুত্ব লাভ কৰিছে সেয়া মই আকাশমাৰ্গৰ পৰাই বুজিব পাৰিছিলোঁ। প্ৰতিটো ঘৰ দেৱালেৰে ঘেৰা। প্ৰৱেশদ্বাৰত এখন মজবুত লোহাৰ গেট। আৱাসিক অঞ্চলৰ ঘৰবোৰ দুই বা তিনিমহলীয়া। খুব বেছি ভিৰ নাই। ভেংকিয়ে ক'লে-"এয়া আমি চহৰৰ সম্ভ্ৰান্ত এলেকা নুৰ হুছেইন ষ্ট্ৰীটত প্ৰৱেশ কৰিছোঁ আৰু এই.
অসমীয়া সাহিত্য চয়নিকা (নতুন)
৮৩
ষ্টীটতে মি. ভেংকটৰমণী থাকে।" ভেংকিৰ কথা কোৱাৰ ষ্টাইল দেখি আবুজাৰে হাঁহিলে।
আমাক নমাই থৈ আবুজাৰ গ'লগৈ। যাওঁতে তেওঁ কৈ গ'ল "ৰাতি আপোনাক এয়াৰ পৰ্টত থৈ আহিম।"
"খে'লে মামনুন" ভেংকিয়ে ক'লে।
ময়ো ক'লো-'মেৰচি'। ফাৰ্চী ভাষাত মামনুন, খোলে মামনুন, মেৰচি আদি শব্দেৰে ধন্যবাদ জ্ঞাপন কৰা হয়।
ভেংকিৰ ঘৰৰ সন্মুখত ৰৈ ভিতৰফালে চাবলৈ চেষ্টা কৰিলোঁ, একো দেখা নাপালোঁ। গেটখনত কোনোধৰণৰ বিন্ধা এটাও নাই। জেপৰপৰা চাবি উলিয়াই তেওঁ গেট খুলিলে। ওপৰ মহলাত থকা তেওঁৰ ঘৰৰ ভিতৰত সোমাই তেওঁ লৰালৰিকৈ এয়াৰ কণ্ডিশ্যনাৰ অন কৰি দিলে। এছিব ঠাণ্ডাবতাহ পাইহে ভাল লাগিল, আৰামী ছ'ফাত বহি গাটো এৰি দিলো।
ইতিমধ্যে ভেংকি ব্যস্ত হৈ পৰিল দুপৰীয়াৰ খাদ্য প্ৰস্তুত কৰাত। আবেলি আমি খোজ কাঢ়ি ওলাই গ'লো। চহৰখনৰ উপৰিও মোৰ অন্য এক আকৰ্ষণ হ'ল ইৰাণৰ মানুহবোৰ।
ইৰাণীসকলৰ চেহেৰা যথেষ্ট ধুনীয়া, সাজ পোছাক আধুনিক। চহৰ ভ্ৰমণ কৰোঁতে বহুতো ইৰাণী মহিলা দেখিবলৈ পালোঁ। মন কৰিলোঁ যে সকলোৰে বোখা নিপিন্ধে। আধাতকৈ বেছিয়ে বিশেষকৈ যুৱতীবোৰে টি ছাৰ্ট, জিনছ, কে'ডছ আদি পিন্ধিছে, মাথোন একোখন স্কাৰ্ফেৰে মূৰটো ঢাকি লৈছে। ভেংকিয়ে মোক ক'লে সেইখনৰ নাম হিজাব।
চহৰখন সৰু যদিও গাড়ী যথেষ্ট, নহ'ব কিয়। চাৰি টকীয়া পেট্ৰ'ল পালে কোনেনো গাড়ী নচলাব! আমেৰিকাৰ দৰে ইয়াতো গাড়ীৰ চালকজন বাওঁফালে বহি গাড়ী চলায়, যিটো আমাৰ নিয়মৰ সম্পূৰ্ণ ওলোটা।
খোজ কাঢ়ি কাঢ়ি আমি চহৰখনৰ মূল স্থানৰ মাজেদি পাক মাৰিলোঁ। আজি শুক্ৰবাৰ, সেয়ে আমাৰ দেশৰ দেওবাৰৰ দৰে পৰিৱেশ। তাৰ মাজতো দুই এখন দৈনন্দিন প্ৰয়োজনীয় দোকান খোলা আছিল। ফলমূলৰ দোকানত দেখিলোঁ ৰঙা চেৰিৰপৰা আৰম্ভ কৰি তৰমুজলৈকে বিভিন্ন ফলমূল সজাই থোৱা আছে। এঠাইত দেখিলোঁ এজন মানুহে ডেৰফুটমান দীঘল এখন ৰুটী কঢ়িয়াই লৈ গৈছে। মই ৰুটীখনৰ আকৃতি দেখি আচৰিত হোৱা বুলি জানি ভেংকিয়ে মোক বুজাই দিলে যে এয়া মেছিনত তৈয়াৰী ৰুটী বা নুন (হিন্দীত নান)। আমাৰ দেশত যিদবে ব্ৰেড বা পাউৰুটী বিক্ৰী হয় সেইদৰে ইয়াত এই নুন অতি জনপ্ৰিয়। এইবোৰ সাধাৰণতে ঘৰত তৈয়াৰ নকৰে, মানুহে দোকানৰ পৰা কিনি খায়। এইবোৰ শুকান আৰু লেকেটা। নিশ্চয় তেওঁলোকৰ খোৱাৰ বিশেষ নিয়ম আছে। মই মন কৰিছিলোঁ আমাৰ লগৰ ইৰাণী কৰ্মচাৰী কেইজনেও যথেষ্ট শুকানকৈ আহাৰ খায়।
বহুতো ঠাইত পদপথত সেউজীয়া ৰঙৰ বাকচ এবিধ দেখিলোঁ, ভেংকিয়ে ক'লে সেইবোৰ দানপাত্ৰ। চৰকাৰী পৃষ্ঠপোষকতাত এইবোৰ স্থাপন কৰা হৈছে।
বুশ্বেৰৰ খেজুৰ বিখ্যাত। মিঠা আৰু সতেজ। পকা খেজুৰৰপৰা যিদৰে ৰস ওলায়, নাজানিলে ধাৰণা হ'ব যেন কোনোবাই ৰস ঢালি আনিছে। সেইদিনা, মোৰ ইৰাণী বন্ধু আহমেদে আহৱাজৰপৰা মোৰ বাবে খেজুৰৰ পৰঠা (নুন কুৰমাই) লৈ আহিছিল। মাজত খেজুৰ সুমুৱাই তৈয়াৰ কৰা এবিধ বিশেষ ৰুটী। এনেকুৱা এখন কুৰমাই খালে ভাত খোৱাৰ দৰে হয়।
দোকানৰ ছাইনব'ৰ্ডবোৰ ফাৰ্চী ভাষাত লিখা। বহুতো ঠাইত চকলেটৰ দোকান দেখিলোঁ। অনুমান কৰিবলৈ টান নহ'ল যে ইয়াত চকলেট জনপ্ৰিয়। নানা তৰহৰ চকলেটেৰে দোকান ভৰ্তি হৈ আছে। এঠাইত দেখিলোঁ ছাইবাৰ কাফেত বহি বহুতো যুৱতীয়ে ইন্টাৰনেট ছাৰ্ফিং কৰিছে।
ঘৰলৈ ঘূৰি আহি ভেংকি ব্যস্ত হৈ পৰিল নিশাৰ আহাৰ তৈয়াৰ কৰাত। তেওঁ সুন্দৰ বহুম ৰান্ধিব পাৰে। কেতিয়াও সপোনতো নভবা এখন অচিন নগৰীত বহি আমি দুয়ো ভাৰতীয়ই দক্ষিণ ভাৰতীয় আহাৰ অতি তৃপ্তিবে খালোঁ।
দহ বজাৰ লগে লগে আমি গেটৰ ওচৰলৈ ওলাই গ'লো। আবুজাৰে গাড়ী পঠাই দিছে মোক বিমান বন্দৰত নমাই থৈ আহিবৰ বাবে। খন্তেক পাছতে আবুজাৰ আহি ওলালহি, তেওঁ মটৰ ছাইকেলত আহিছে। তেৱোঁ বিমান বন্দৰলৈ যাব মোক বিদায় জনাবৰ বাবে। মই গাড়ীত আৰু আবুজাৰৰ সৈতে ভেংকি মটৰ চাইকেলত।
প্ৰায় এঘণ্টা পলমকৈ বিমানে যাত্ৰা আৰম্ভ কৰিলে। দুঘণ্টাৰ পাছতে মই টেহৰাণত অৱতৰণ কৰিম। ইৰাণ বুলিলে মোৰ মনলৈ কিছুমান ছবি ভাঁহি আহে। সৰুকালত পাঠ্যপুথি বা আনবোৰ কিতাপত অতীজৰেপৰা পাৰস্যৰ সৈতে আমাৰ দেশৰ বাণিজ্যিক সম্পৰ্ক থকাৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ। সেইবোৰে মোৰ মানসপটত নাও বাই অহা কিছুমান সদাগৰৰ ছবিৰ সৃষ্টি কৰিছিল।
পাৰস্যৰ এটা কথাই মোক সদাই আকৰ্ষণ কৰিছিল। সেয়া হ'ল অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ফাচী ভাষাৰ শব্দবোৰ। কেইবা শতিকা ধৰি কিছুমান ব্যক্তিয়ে সুদূৰ পাৰস্যৰ পাৰৰ পৰা আনি ভাৰতৰ উত্তৰ পূবৰ দিশত এই শব্দবোৰ বিলাই দিছিল। আমি নজনাকৈয়ে এই শব্দবোৰে আমাৰ ভাষা চহকী কৰি আহিছে। এতিয়া কেঁচী, দোবাত, চিয়াঁহী, চিঁচা-এইবোৰ শব্দ আমাৰ বাবে হাড়ে হিমজুবে অসমীয়া শব্দ।
ইৰাণ মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কীৰ্তিস্তম্ভৰ যোগেদি ইৰাণৰ প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে।
প্ৰায় চাৰি হাজাৰ বছৰ পূৰ্বে ইৰাণলৈ আৰ্যগোষ্ঠীৰ লোকসকল আহি বসবাস কৰিবলৈ লৈছিল। খ্ৰীষ্টপূৰ্ব ছয় শতিকামান পূৰ্বে বিখ্যাত ৰজা ছাইবাছে উত্তৰ ইৰাণৰ 'মেডেছ'সকলক পৰাস্ত কৰি ইৰাণবাসীক...
একগোট কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫২৯ ত ছাইবাছৰ মৃত্যু হোৱাত নতুন বজা দৰিয়াছে সাম্ৰাজ্য প্ৰসাৰৰ প্ৰয়াস কৰিছিল। পৰৱৰ্তী কালত (চতুৰ্থ শতিকাত) আলেকজেণ্ডাৰৰ আগমনে ছাইবাজৰ পাৰ্হেপলিছ (Persepolis) সাম্ৰাজ্যৰ পতন ঘটাইছিল।
খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকালৈকে চলা গ্ৰীক শাসনৰ পাছত পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লৈছিল। তেওঁলোকৰ শাসন কালত জোবাষ্ট্ৰিয়ান ধৰ্মই ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰীয়া পাৰ্থিয়ান শাসনৰ পাছত ছাজানিদসকলে চাৰিটা শতিকা ইৰাণ শাসন কৰিছিল। তাৰ পাছতে আৰৱসকলৰ আগমনে ইৰাণৰ ইতিহাস সলনি কৰি দিছিল। আৰৱসকলে ইৰাণলৈ ইছলাম ধৰ্মব আগমন ঘটাইছিল আৰু কিছুকাল পাছত ইছলামক ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছিল। কেইবাশতিকা জুবি চলা আৰব শাসনৰ পৰৱৰ্তী কালত বহুতো বিদেশী শক্তিৰ আক্ৰমণত ইৰাণ বিধ্বস্ত হৈ পৰিল।
ছাফাভিদ বংশৰ শাসন কালত ইৰাণে পূৰ্বৰ খ্যাতি কিছু পৰিমাণে ঘূৰাই পাবলৈ সক্ষম হৈছিল। স্থাপত্যৰ প্ৰতি শ্বাহ আব্বাছ (প্ৰথম) ৰ বিশেষ অনুৰাগ আছিল। তেওঁৰ দিনত ইছলাম ধৰ্মৰ ছিয়া সম্প্ৰদায়ে ৰাজধৰ্মৰ খিতাপ লাভ কৰিছিল। পৰৱৰ্তীকালত আফগানসকলৰ আক্ৰমণৰ বাবে ছাফাভিদ ৰাজত্বৰ পতন ঘটে।
ইৰাণৰ শাসকসকলৰ কথা আলোচনা কৰিলে মনলৈ ভাঁহি অহা শাসকজন হ'ল নাদিব শ্বাহ। তেওঁ বেছিদিন ৰাজত্ব কৰা নাছিল (১৭৩৭-৪৭)। কিন্তু তেওঁৰ ৰাজত্বই আমাৰ দেশত বিভীষিকাৰ সৃষ্টি কৰিছিল। তেওঁ আফগানিস্তানৰ পাছত ভাৰত আক্ৰমণ কৰিছিল আৰু মোগল সম্ৰাট মহম্মদ শ্বাহক পৰাস্ত কৰি (১৭৩৯) এটা বিশাল ৰাজভবাল লুট কৰিছিল। তেওঁ বহুতো নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ হীৰা, মুকুট আদিৰ উপৰিও হাতী, ঘোঁৰা, উট লৈ গৈছিল। ভাৰতবৰ্ষৰ পৰা তেওঁ ইমানবোৰ সা-সম্পত্তি লুট কৰি নিছিল যে পৰৱৰ্তী তিনিবছৰে তেওঁ দেশবাসীৰপৰা কোনো কৰ সংগ্ৰহ কৰা নাছিল।
নাদিব শ্বাহৰ পিছত ইৰাণৰ দুটা শাসক বংশৰ মাজত সংঘাত হয় আৰু ১৭৯০ খ্ৰীষ্টাব্দত কাজাৰ বংশ জয়ী হয় আৰু তেওঁলোকে প্ৰথম বিশ্বযুদ্ধলৈকে ৰাজত্ব কৰে।
কেইবা শতিকা জুৰি আৰৱ ৰাজত্বৰ অধীন হোৱাৰ বাবে ইৰাণৰ সম্পৰ্ক আন দেশৰ সৈতে নোহোৱাৰ দৰে হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ পাছত বেজাশ্বাহ পাহ্লাভিয়ে ইৰাণৰ শাসনভাৰ হাতত ল'লে আৰু তেতিয়াৰে পৰা আধুনিকীকৰণৰ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে। ১৯৪১ চনত ছোভিয়েট বাছিয়া আৰু ইংলেণ্ড ইবাণৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে জড়িত হৈ পৰিছিল। আবাছ নদীৰ উত্তৰত থকা সকলো অঞ্চল ছোভিয়েট ৰাছিয়াই দখল কৰিছিল। ইৰাণৰ তৈলক্ষেত্ৰৰ ব্যৱসায়িক স্বত্ত্ব ইংলেণ্ডে লাভ কৰিছিল। প্ৰকৃততে ইৰাণৰ শাসনতন্ত্ৰ শক্তিহীন হৈ পৰিছিল।
খ্ৰীষ্টীয় ১৯৭৯ চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্ৰিলৰপৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। বিপ্লৱৰ নেতা ইমাম আয়াতুল্লা খোমোনি এই গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক। ধৰ্মীয়.
৮৬
অসমীয়া সাহিত্য চয়নিকা (নতুন)
বিপ্লবে দেশখনৰ আভ্যন্তৰীণ ব্যবস্থাত আমূল পৰিৱৰ্তন আনি দিলে। শ্বাহৰ শাসন কালত যিখন দেশব আদৰ কায়দা পশ্চিমীয়া দেশৰ দৰে হৈ পৰিছিল, হঠাতে সেইখন দেশৰ সম্বন্ধ বহুতৰে সতে ছেদ হ'ল। আমেৰিকা তেওঁলোকৰ শত্ৰুৰ দৰে হৈ পৰিল। আগবঢ়া দেশবোৰৰ সৈতে বৈদেশিক নীতিগত পাৰ্থক্যৰ বাবে ইৰাণৰ ব্যৱসায় বাণিজ্য হ্ৰাস পালে। তেনে সময়তে ইৰাকৰ সৈতে হোৱা দীঘলীয়া যুদ্ধত দুয়োখন দেশৰে প্ৰচুৰ ক্ষতি হ'ল। এই সময়ত এবছৰ জুৰি আমেৰিকাৰ নৌসেনাৰ সৈতেও যুদ্ধ হ'ল। এনেবোৰ কাৰণত দেশখন বহুত পিছুৱাই গ'ল। প্ৰচুৰ তৈলভাণ্ডাৰ থকা স্বত্বেও দেশখনে সম্পদসমূহ সঠিকভাবে আহৰণ কৰি নিজৰ বিকাশত ব্যৱহাৰৰ কৰিব নোৱাৰিলে। বৰঞ্চ পাৰমাণবিক গৱেষণা বিষয়টোৰেহে গুৰুত্ব পাবলৈ ধৰিলে।
যেতিয়া আছেমান এয়াৰলাইনছৰ সৰু বিমানখনত মই ডুবাইৰ পৰা বুশ্বেৰ অভিমুখে যাত্ৰা কৰিছিলোঁ তেতিয়া মোৰ বাবে এই যাত্ৰাৰ মুখ্য আকৰ্ষণ আছিল জাগ্ৰন্থ পৰ্বতমালা। মোৰ মনৰ টাইম মেছিনে মোক লৈ গৈছিল এটা ভূতাত্ত্বিক যুগলৈ, পৃথিৱীৰ ইতিহাসৰ এনে এটা ক্ষণলৈ যেতিয়া আৰৱ প্লেট আৰু ইউবেছিয়া প্লেটৰ সংঘাত আৰম্ভ হৈছিল আৰু তাৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল জাগ্ৰছ পৰ্বত। জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একে। এই জাগ্ৰছৰ দক্ষিণ-পশ্চিম দিশত সঞ্চিত হৈ আছে বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ। ভূতত্ত্বৰ আশীৰ্বাদ পুষ্ট পাৰস্য উপসাগৰীয় অঞ্চলত ডেৰশতকৈও অধিক তৈলক্ষেত্ৰ আছে; আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল। কোনো ধৰণৰ সংকট, উত্তেজনা বা আন কাৰণত তেলৰ মূল্য বৃদ্ধিয়ে আনবোৰ দেশৰ অৰ্থনীতিত প্ৰচুৰ আঘাত হানে।
ফ্ৰান্সৰ 'টুটেল' কোম্পানিৰ এখন ভাৰাতীয়া বিমানৰ কেইটামান ছিট আমাৰ বাবে সংৰক্ষিত। এইখন বিমানত ছিটনম্বৰ নাই, যেয়ে যেনেকৈ পাৰে বহিলেই হ'ল। মই সোঁহাতৰ খিৰিকিৰ কাষৰ ছিটটো লওঁ, যাতে দুঘণ্টাৰ এই যাত্ৰাত মই জাগ্ৰছৰ মনোৰম দৃশ্য উপভোগ কৰি যাব পাৰোঁ। আমাৰ বিমান পাৰস্য উপসাগৰৰ তট ৰেখাইদি আৰু জাগ্ৰছৰ ওপৰেদি যাত্ৰা কৰে। বুশ্বেৰ চহৰ পাৰস্যৰ আনটো দিশত অবস্থিত। সেয়ে আমাৰ এই যাত্ৰাত উপসাগৰখন আৰু জাগ্ৰছৰ মনোৰম দৃশ্যলানি দেখিবলৈ পাওঁ। জাগ্ৰছ পৰ্বত শৃংখলা ইৰাণৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈকে বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্ৰায় ৪৫০০ মিটাৰ। জাগ্ৰছৰ উপৰিও দেশখনত আৰু কেইবাটাও পৰ্বত শৃংখলা আছে।
তেল অন্বেষণৰ দায়িত্বত ইৰাণলৈ অহাৰ পাছৰে পৰা কিছুমান শব্দ, কিছুমান ঠাইৰ নাম মোৰ তেনেই চিনাকি হৈ পৰিছে। কাৰোবাক লগ পালেই প্ৰথমে জানিবলৈ চেষ্টা কৰোঁ তেওঁ কোনলানি পাহাৰৰ ওচৰত থাকে, জাগ্ৰছৰ এই পাৰে নে সিপাৰে ইত্যাদি। আনহাতে চিৰাজ; আহৰাজ, ইছফাহান, নাটাঞ্জ, মাছাদ, য়াজ, টাবৰিজ, হামাদান, কাৰমান, আৰডাবিল আদি ঠাইৰ নামবোৰো চিনাকি হৈ পৰিছে। তাতোকৈও আদৰৰ হৈ পৰিছে কেইটমান ফাৰ্চী শব্দ-খে'লে মামনুন, মেৰচি, ছালামক, ছব্বাখেৰ ইত্যাদি। এই শব্দবোৰে মোক যথেষ্ট সহায় কৰিছে ইৰাণীসকলৰ সৈতে বন্ধুত্ব গঢ়াত।
অসমীয়া সাহিত্য চয়নিকা (নতুন)
৮৭
টেহৰাণত বিমান বন্দৰ দুটা- মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইন্টাৰনেশ্যনেল এয়াৰ পৰ্ট। আমাব বিমানে মেহৰাবাদত অৱতৰণ কৰিলে। এই বিমান বন্দৰটো চহৰত, আনহাতে খোমেনি বিমান বন্দৰটো চহৰৰপৰা দূৰত। ইৰাণৰ কান্ট্ৰি মেনেজাৰ শ্ৰীপি.কে বাৰ্মাই মোক ফোনযোগে নিৰ্দেশনা দি ৰাখিছিল-ক'ত টেক্সি ল'ব লাগিব, কি ক'ব লাগিব, কোনখন হোটেললৈ যাব লাগিব ইত্যাদি। তেওঁ মোক কৈছিল-"ড্ৰাইভাৰক ক'ব, হোমা হোটেল, নজডিকে বানক স্কোৱাৰ," আমাৰ বিগত থকা সহকৰ্মী এজনে ফাৰ্চী ভাষাত হোটেলৰ সম্পূৰ্ণ ঠিকনা লিখি দিলে, ড্ৰাইভাৰে ইংৰাজী বুজি নাপালে সেই কাগজখন দেখুৱাই দিলেই হ'ব।
বিমানখন মেহবাবাদ বিমান বন্দৰত অৱতৰণ কৰোঁতে ৰাতিপুৱা তিনি বাজিবৰ হৈছিল। কনভয়ৰ বেল্টৰপৰা বেগটো সংগ্ৰহ কৰি মই টেক্সি কাউন্টাৰৰ ফালে গ'লোঁ। ইমান দেৰিকৈ টেহৰাণ পামহি বাবে বাৰ্মাজীয়ে কৈছিল- 'ইয়েল্ল'কেব'ত আহিব, ভাৰা বেছি ল'ব কিন্তু সুৰক্ষাৰ সমস্যা নাই। বিছ হাজাৰ ৰিয়াল দি 'ইয়েল্ল'কেব'ৰ কুপন ললোঁ।
বাহিৰলৈ ওলাই আহোঁতে মোৰ কুপনখন দেখা পাই এজন ড্ৰাইভাবে 'ইয়েল 'কেব' লাইনটো দেখুৱাই দিলে। কুপনখন বুথটোত দিয়াৰ লগে লগে এজনে সুধিলে "কলৈ যাব? 'হোটেল হোমা-নজডিকে বানক স্কোৱাৰ'। লগে লগে এজন টেক্সি ড্ৰাইভাৰে মোক আগবঢ়াই লৈ গ'ল। বাস্তাইদি গৈ থাকোঁতে অনুভৱ কৰিলো, যথেষ্ট আৰামদায়ক গাড়ী।
মৃদু, শীতল বতাহে মোক টেহৰাণলৈ আদৰণি জনালে। ছটা লেনৰ সুন্দৰ বাস্তা। মন কৰিলোঁ দিল্লীব দবে যথেষ্ট মুকলি অঞ্চল আছে। বিজুলীবাতিয়ে আলিবাট পোহৰাই ৰাখিছে। প্ৰথম দৰ্শনত মোৰ ধাৰণা হ'ল যে টেহৰাণ এখন পৰিকল্পিত চহৰ।
হোটেলৰ দুৱাৰমুখত গাড়ী ৰ'লহি। 'কিমান হ'ল?' ড্ৰাইভাৰক ইংৰাজীতে সুধিলোঁ। ড্ৰাইভাবে মিটাৰটোলৈ আঙুলিয়াই দেখুৱালে। পঞ্চাছ হাজাৰ বিয়াল দি তেওঁক বিদায় দিলোঁ।
মোৰ বাবে কম বুক হৈয়ে আছিল বাবে বেছি পৰ ৰ'ব লগা নহ'ল। যথেষ্ট সুবিধা থকা কম। ডুবাইৰ দৰে ইয়াতো কমৰ ভিতৰত পশ্চিমে দিশৰ নিৰ্দেশনা দিয়া আছে। নামাজৰ বাবে দলিচা এখনো পাৰি থোৱা আছে।
লৰালৰিকৈ মই শুবলৈ সাজু হলোঁ। বেছি সময় শুবলৈ নাপাম, ৰাতিপুৱা আলোচনাৰ বাবে যাব লাগিব ছাগৈ। সেই সময়তে দিনত টেহৰাণখন দেখিম।
পুৱাৰ টেহৰাণ উপভোগ কৰিবৰ বাবে পৰ্দাখন টানি দিলোঁ। চহৰৰ কাষতে ওখ পাহাৰ, সুৰুযৰ চুমাত সেইবোৰ জিলিকি উঠিছে। অতদিনে ইৰাণ বুলিলে মৰুভূমিৰ ধাৰণাটো প্ৰকট হৈ উঠিছিল। পাছত জানিব পাৰিছিলোঁ যে টেহৰাণক বহুতে পেৰিছৰ লগত তুলনা কবে। ওখ ওখ পৰ্বতেৰে পৰিবেষ্টিত হোৱা বাবে টেহৰাণখন অতি সুন্দৰ। গ্ৰীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি.
৮৮
অসমীয়া সাহিত্য চয়নিকা (নতুন)
আৰাম দায়ক। শীতকালত ইয়াত বৰফ পৰে। টেহৰাণক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্ৰুজ পৰ্বত ৰাশিয়ে। মহানগৰীখনৰ বাবে খোৱাপানী আহে পৰ্বতৰ ওপৰৰ হিমপ্ৰবাহৰপৰা।
পুৱাৰ আহাৰৰ বাবে হোটেলৰ পুলচাইড ৰেষ্টোৰাঁলৈ গ'লোঁ। চেৰিৰ বস, সিজোৱা কাঠফুলা, (বুতাম আকৃতিৰ) আৰু কেইবিধমান বিশেষ খাদ্য লৈ টেবুলত বহোঁতে আমাৰ কোম্পানিৰ জেনেৰেল মেনেজাৰজন আহি উপস্থিত হ'ল। আমি একেলগে বহি জলপান খালোঁ। সেই সুযোগতে মই তেওঁক খনন সম্পৰ্কীয় সকলো তথ্য আৰু গুৰুত্বপূৰ্ণ বিষয় অৱগত কৰিলোঁ। লগতে মই মত প্ৰকাশ কৰিলো যে এই খননত যে তেল আহৰণ কৰিব পৰা যাব তাক লৈ মই সম্পূৰ্ণ আশাবাদী।
জলপানৰ পাছত আমি অলপ পৰ হোটেলৰ লাউঞ্জতে বহিলোঁ। অলপ পাছত আমাৰ কান্ট্ৰি মেনেজাৰ পি. কে. বাৰ্মা আহি উপস্থিত হ'ল। বাৰ্মাজীৰ সৈতে আমি প্ৰথমে ইৰাণৰ চৰকাৰী তেল কোম্পানীৰ (N.I.O.C) কাৰ্যালয়লৈ গ'লো। আমি কোম্পানীটোৰ তেল অন্বেষণৰ এগৰাকী মুখ্য বিষয়াক লগ কৰিবলৈ আহিছোঁ। গেটত বাৰ্মাজীয়ে ফাৰ্টীভাষাত কথা পাতিলে। তাৰ পাছত ক'লে যে আমি আগা আশ্ৰুফজাদেক লগ কৰিবলৈ আহিছোঁ। আগতে অনুমতি নল'লে প্ৰৱেশৰ অনুমতি পোৱা কঠিন। তাতে কাইলৈ খোমেনিৰ মৃত্যু দিৱস। সমগ্ৰ ইৰাণ বন্ধ থাকিব।
অলপ পাছত আমাৰ অনুমতি আহিল। বাৰ্মাজীয়ে আমাক বাট দেখুৱাই চতুৰ্থ মহলাত থকা আগা আশ্ৰুফজাদেৰ অফিছটোলৈ লৈ গ'ল। তেওঁৰ বিষয়ে বহুদিন ধৰি শুনি আছিলোঁ। মানুহজনক লগ পাই মই আনন্দিত হ'লো। অত্যন্ত বিনয়ী, কোমল মাত আৰু সৌজন্যতাপূৰ্ণ ব্যৱহাৰ। তেওঁ বেচ ধীৰে সুস্থিৰে কথা কয়। ইৰাণৰ তৈল অন্বেষণৰ প্ৰতিটো বিষয় এইজন ব্যক্তিৰ নখ দৰ্পণত।
আশ্ৰুফজাদেব কোঠালিৰ বাহিৰে-ভিতৰে বিভিন্ন শিলৰ নমুনা সজাই থোৱা আছে। ইৰাণৰ ভূক্তৰৰ বিভিন্ন যুগৰ বিভিন্ন শিলাত তেল আৰু গেছ পোৱা যায়। পাৰস্য উপসাগৰ আৰু তাৰ উত্তৰ পশ্চিম আহৱাজৰ ওচৰে পাজৰে বহুতো তৈলক্ষেত্ৰ আছে আৰু আনহাতে ইৰাণত কেইবাখনো গেছ উৎপাদনকাৰী তৈলক্ষেত্ৰ আছে। দুই এটা ব্যতিক্ৰম বাদ দি ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীবি মহাকল্পৰ শিলাস্তবত অবস্থিত। কিন্তু পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীৱী মহাকল্পৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে।
আমি চাহ খাই থাকোঁতে অন্য বিভাগসমূহৰ বিষয়াসকল আহিল। খননৰ অভিজ্ঞতা আৰু আহৰণ কৰা তথ্যৰ ভিত্তিতে তেল উৎপাদনৰ বাবে পৰীক্ষা চলোৱা হ'ব। তাৰবাবে এই আলোচনা। মোৰ লগত থকা পৰ্টেবল হাৰ্ডডিস্কত সকলো তথ্য লৈ আহিছোঁ। যাকে প্ৰয়োজন হৈছে দেখুৱাইছোঁ।
আলোচনা সম্পূৰ্ণ হোৱাৰ পাছত আমি 'স্লামবাজাৰ' নামৰ বহুৰাষ্ট্ৰীয় কোম্পানীটোৰ অফিছলৈ আহিলোঁ। এইটো এনে এটা কোম্পানি যাৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰপৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে পাজৰে আছেই। এক অৰ্থত তৈল.
উদ্যোগৰ সৈতে এই কোম্পানি অতি ঘনিষ্ঠভাবে জড়িত। তৈল উদ্যোগৰ বিকাশত এই কোম্পানিব গুৰুত্বপূৰ্ণ বৰঙণি আছে। আনহাতে স্লামবাৰ্জাৰৰ প্ৰতিযোগী কোম্পানি 'হেলিবাৰ্টন' বা 'বেকাৰ' মূলত আমেৰিকান কোম্পানি হোৱা বাবে ইৰাণত কাম কৰিব নোৱাৰে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু তৈল উদ্যোগৰ কি এক গভীৰ সম্পৰ্ক আছে সেয়া নাজানিলে অনুমান কৰা টান।
'স্লামবাৰ্জাৰ'ৰ অফিছৰ পৰা বিদায় লৈ আমি আমাৰ ইৰাণ কাৰ্যালয়লৈ আহিলোঁ। আমি সকলোবে বহি আলোচনা কৰিলো। আমাৰ আলোচনাত অংশ ল'লেহি পেট্ৰাল নামৰ কোম্পানিটোৰ সঞ্চালক এম, এফ আলাবিয়ে। আলাবিৰ বয়স সত্তৰৰ ওপৰত। যথেষ্ট লাহে ধীৰে কথা কয়। অলপ পৰ কথা পতাৰ পাছত জানিব পাৰিলোঁ যে ইৰাণৰ তৈল উদ্যোগ আৰু এই অঞ্চলব ভূতত্ত্বৰ বিষয়ে তেওঁব বিস্তৃত জ্ঞান আছে। এনে ধৰণৰ অভিজ্ঞ ভূতত্ববিদৰ সৈতে কাম কৰিবলৈ পোৱাটো সৌভাগ্যৰ বিষয়।
আলোচনা কৰি থাকোঁতে সন্ধিয়া হ'ল। অফিছৰপৰা ওলাই দেখিলোঁ বাস্তাত মানুহ নাই বুলিলেই হয়। কেৱল দুই এখন গাড়ীহে অহা যোৱা কৰি আছে।
টেহৰাণত বহুতো দৰ্শনীয় স্থল আছে। ইয়াত বহুতো সংগ্ৰহালয় (কাৰ্পেট, অলঙ্কাৰ, মুদ্ৰা) আৰু পুৰণি অট্টালিকা আছে। আমি আজাদী স্কোৱাৰ দৰ্শন কৰিছো। ৪৫ মিটাৰ উচ্চতাৰ এই স্মাৰকটোত এটা সংগ্ৰাহালয় আছে। খোমেনিৰ মৃত্যু দিৱসত ধৰ্মীয় নেতাসকলে ইয়াৰপৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব।
নিশাৰ আহাৰৰ বাবে বিখ্যাত তাজমহল হোটেললৈ গলোঁ। তাৰ বেছমেণ্টত থকা ৰেস্তোঁৰাখনত ভাৰতীয় খাদ্য পোৱা যায়।
খোজ কাঢ়িয়েই আমি হোটেলৰ ফালে আহিলোঁ। সুযোগ বুজি আমি এখন উদ্যানৰ মাজেদি চৰ্টকাট ললোঁ। নিশা দহবজাতো উদ্যানত মানুহ ভৰি আছিল। বাৰ্মীজীৰ পৰা জানিব পাৰিলোঁ যে ইয়াৰ প্ৰায়বোৰ মানুহ পাৰ্কলৈ আহে, ই কটিনৰ দৰে।
হোটেলৰ ওচৰ পাওঁতে মোক ভাগবে জুমুৰি দি ধৰিলে।
বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ 'ন' বোজ (নতুন দিন) উদযাপন কৰে। দুসপ্তাহ জুৰি উদ্যাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনত, যেতিয়া সূৰ্যই বিষুৰ বেখা অতিক্ৰম কৰে (মাৰ্চ মাহৰ ২০-২২ তাৰিখৰ ভিতৰত)। ভেংকিয়ে মোক কোৱামতে সেই সময়ত বুশ্বেৰৰ হোটেলৰ কথা বাদেই স্কুল কলেজৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়লৈকে সকলোতে শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে নৱবৰ্ষ উদ্যাপন কৰিব পাৰে। আমাৰ বিহুৰ দৰে এওঁলোকেও নতুন কাপোৰ লয়, পিঠা-পনা খায়। নৱবৰ্ষৰ এই আনন্দোৎসবত বহুতো বিষয় সামৰি লোৱা হয়— পৰিৱেশ আৰু নিজকে চাফচিকুণকৈ ৰখা, শত্ৰুভাব দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নি শিখা প্ৰজ্জ্বলন কৰা,.
সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্ৰা ইত্যাদি। উল্লেখযোগ্য যে জোৰাষ্টিয়ান ধৰ্ম ইৰাণৰ মূল ধৰ্ম হৈ থকা সময়তে এই উৎসৱৰ বিকাশ ঘটিছিল।
সাধাৰণতে উৎসবৰ সময়ত যিকোনো পাৰ্ছি গৃহত টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি সাতবিধ খাদ্য বস্তু সজোৱা হয়। প্ৰতিটো বস্তুৰে এটা প্ৰতীকী অৰ্থ আছে। বস্তুবোৰ হ'ল-ছবজে (ঘেঁহু বা দাইল-পুনৰ্জন্মৰ প্ৰতীক), চামানু (ঘেঁহুৰ কঠীয়াৰ পায়স-নতুন জীৱনৰ প্ৰতীক), ছিব (আপেল-স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক), ছেনজেড (বনৰীয়া শুকান জলফাই-প্ৰেমৰ প্ৰতীক), ছিৰ (নহৰু-ঔষধ), ছমাক (এবিধ বগৰী-সূৰ্যোদয়ৰ বৰণ বুজায়) আৰু ছেৰকেহ (ভিনেগাৰ-বয়স আৰু ধৈৰ্যৰ প্ৰতীক)।
এই সাতবিধ খাদ্যৰ কাষত থাকে পবিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতাপুথি। তদুপৰি নৈবেদ্যত থোৱা আন কেইবিধমান বস্তু হ'ল মুদ্ৰা (ধনসম্পত্তি), খৰাহি ভৰ্তি বং কৰা কণী (উৰ্বৰতা বা প্ৰজনন ক্ষমতা), গোলাপজল (যাদুকৰী চাফাই শক্তি), গাখীৰ (শিশুৰ পুষ্টিৰ বাবে), ভেটফুল আদি। এটা পাত্ৰত পানী থৈ তাত এটা সুমথিৰা ওপঙাই থোৱা হয়। ইয়াৰ অৰ্থ হ'ল যে পৃথিবী মহাকাশত ওপত্তি আছে। আন এটা পানী ভৰ্তি পাত্ৰত সোণালী মাছ এবি দিয়া হয়, ই পানী আৰু উৰ্বৰতা সূচায়। নৈবেদ্যৰ কাষত এখন আইনা থোৱা হয় আৰু এই আইনাৰ দুয়োকাষে মমবাতি সজোৱা হয়-পৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে।
তিনি হাজাৰ বছৰীয়া এটা কিংবদন্তি মতে সম্ৰাট জামছেদে নৱৰোজৰ কোনো এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল। সেয়ে এই আৱিষ্কাৰৰ লগত সংগতি ৰাখি পাৰ্ছিসকলে সাতবিধ মিঠাই প্ৰস্তুত কৰে। ইংৰাজী কেন্দি শব্দটো হেনো পাৰ্ছি শব্দ কেন্দৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল চেনি।
বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই আৰু জুইৰ ওপৰেদি পাৰ হৈ তেওঁলোকে চিঞৰি চিঞৰি গায়-মোৰ বেমাৰ লৈ যোৱা আৰু মোক তোমাৰ সুন্দৰ ৰঙা বৰণ দিয়া। জুইৰ পোহৰত তেওঁলোকে থাল বাটি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে। নৱবৰ্ষৰ আৰম্ভণিতে সকলোৱে পবিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পড়ে। এইদৰে যথেষ্ট ধুমধামেৰে পাৰস্যৰ তীৰৰ এই জনজীবনে নতুন বছৰক আদৰি লয়।
পৰ্বত শৃংখলালৈ চালোঁ। ৰ'দৰ পোহৰত চূড়াবোৰ জিলিকি উঠিছে। শীতকাল হোৱা হ'লে বৰফে সাৰটি থাকিলহেঁতেন। কেনেবাকৈ যদি কোনোবা এটা শিখৰৰ পৰা তাৰ সিপাৰৰ কাস্পিয়ান সাগৰৰ দৃশ্য দেখা পালোহেঁতেন। কিমান যে আনন্দ লাগিলহেঁতেন। পাহাৰৰ সিপাৰৰ সেই নীলিম জলৰাশিৰ তলতে সঞ্চিত হৈ আছে এটা বিশাল তৈল ভাণ্ডাৰ। এই তৈলভাণ্ডাৰক লৈ এটা বিৰাট ভূৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি হৈছে। খণ্ডিত ছেভিয়েট বাছিয়াৰ স্বাধীন ৰাষ্ট্ৰবোৰে এই তৈল সম্পদ আহৰণৰ প্ৰচেষ্টা চলাইছে। তেনে এটা সময়তে বহুৰাষ্ট্ৰীয় তেল কোম্পানীবোৰ উপস্থিত হৈছেহি কাস্পিয়ানৰ তটৰেখাত। সেইবাবে ইৰাণৰ বাবেও ই গুৰুত্বপূৰ্ণ জলবাশি হৈ পৰিছে।.
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৯১
আজিৰ দিনটো ইৰাণবাসীৰ বাবে
আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। ইমাম আয়াতুল্লা খোমেনিৰ মৃত্যু দিৱস। সেই উপলক্ষে
টেহৰাণত এটা বিৰাট গণ সমাবেশৰ আয়োজন কৰা হৈছে আৰু সেই ৰাজহুৱা সভালৈ ধৰ্মীয়
নেতাসকলো আহিব।
বাস্তাইদি গৈ থাকোঁতে মন কৰিলোঁ মানুহ নাই, জনশূন্য
বুলিয়েই ক'ব পাৰি। যিটো বিল্ডিঙত আমাৰ কাৰ্যালয় অৱস্থিত সেইটোও বন্ধ।
বাৰ্মাজীয়ে নিৰাপত্তাৰ দায়িত্বত থকা মানুহজনক কালিয়েই কৈ থৈছিল। সেই অনুসৰি
তেওঁ আমাক প্ৰৱেশদ্বাৰ খুলি দিলে।
ই-মেইল চাই আৰু ফোনযোগে খননস্থলীৰ
বিপৰ্ট ল'লোঁ। অলপ পাছতে আমাৰ কনছালটেন্ট দুজন আহিল। তেওঁলোকৰ সৈতে দীঘলীয়া
আলোচনাত বহিলোঁ।
আলোচনা কৰি থাকোঁতেই সন্ধিয়া হ'ল। তাৰ পৰা আমি খোজ
কাঢ়ি বাৰ্মাজীৰ ঘৰলৈ গ'লোঁ। অফিছৰ সিপাৰে ভিৰ দেখি বাৰ্মাজীক তাৰ কাৰণ সোধাত
ক'লে-এইখন এখন পাৰ্ক, নাম পাৰ্ক-ই-মিলাড। এটা কথা মই মন কৰিলোঁ যে এওঁলোকে
পাৰ্ক, হোটেল আদিৰ নাম ওলোটাকৈ কয় যেনে-পাৰ্ক-ই-মিলাড, হোটেল হোমা, আমি
কলোঁহেঁতেন-মিলাড পাৰ্ক, হোমাহোটেল। ইত্যাদি।
টেহৰাণৰ অন্য এখন
জনপ্ৰিয় স্থান হ'ল বেহেষ্ট-ই-জাহৰা। টেহৰাণক জানিব বা অনুভৱ কৰিবৰ বাবে হেনো
বজাৰ বা আলিবাটত ঘুৰিব নালাগে। তাতোকৈ বেহেষ্ট-ই-জাহৰা ভ্ৰমণ কৰা উচিত। টেহৰাণৰ
এই মুখ্য সমাধিস্থলখন কেইবা কিল'মিটাৰ দীঘল। হয়তো ই একমাত্ৰ সমাধি স্থল যত খোৱা
বোৱাৰ দোকানৰপৰা খেলপথাৰলৈকে সকলো আছে।
বেহেষ্ট-ই-জাহৰাৰ প্ৰসংগ
আহোঁতে ন'বেল বিজয়ী শ্বিৰীণ ইবাডিলৈ মনত পৰিল। তেওঁৰ পৰিয়ালৰ এজন সদস্যকো ইয়াতে
সমাধিস্থ কৰা হৈছিল। ছাদ্দাম হুছেইন সমৰ্থিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে তেওঁ
খোমেনিক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল। তাৰ বাবে তেওঁক শীতল মস্তিস্কবে হত্যা
কৰা হৈছিল। কঠোৰ পন্থীৰ বিৰুদ্ধে শ্বিৰীণ ইবাডিৰ যি সংগ্ৰাম সি শলাগিবলগীয়া।
তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া
হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল-মানৱ অধিকাৰ।
তেওঁ সেইবোৰ লোকৰ বাবে যুজিছিল-য'ত যুৱতীক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি
যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল। যেতিয়া তেওঁ বিজয়ৰ
মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্ৰণী বন্ধুৱা হিচাপে সমগ্ৰ বিশ্বতে
পৰিচিত হৈ পৰিল। তেনে সময়তে তেওঁক ন'বেল বঁটাৰে সন্মানিত কৰা হয়। সকলোকে চমকিত
কৰি ইৰাণীবাসীয়ে তেওঁক টেহৰাণ বিমানবন্দৰত বিপুল আদৰণি জনালে।
বাৰ্মাজীৰ
ঘৰত এজন ভাৰতীয় গৱেষকক লগ পালোঁ। তেওঁ টেহৰাণ বিশ্ববিদ্যালয়ত ফাৰ্চীভাষাৰ কোনো
এটা বিষয়ত অধ্যয়ন কৰি আছে।
কথাপাতি থাকোতে সময়বোৰ কেতিয়া পাৰ হ'ল গমকে নাপালো। বাৰ্মাজীৰ পত্নীয়ে বন্ধা খাদ্য অতি তৃপ্তিৰে খালোঁ।
নিশা হোটেললৈ ঘূৰি আহোঁতে আমাৰ বিপৰীত দিশে এটা বিৰাট যানজট দেখিলোঁ। ভাগ্য ভাল আমি অহা পথটোত ইমান ভিৰ নাছিল।
পাছদিনা আবেলি দুই বজাত আমি ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ-খোমেনি ইণ্টাৰনেশানেল বিমান বন্দৰলৈ ওলালোঁ। ৰাস্তা প্ৰায় খালি বুলিয়েই ক'ব পাৰি। চহৰৰ পৰা যথেষ্ট দূৰৈত হোৱা সত্ত্বেও আজি আমাক বেছি সময় নালাগিল।
ইৰাণ এয়াৰত আমি ডুবাইলৈ যাম। হাতত থকা এটা টোপোলাৰ বাদে বাকীবোৰ লাগেজত দি আমি আগবাঢ়িলোঁ। হাতত থকা টোপোলাটোৱে যে এনে তিক্ত অভিজ্ঞতা দিব সেয়া পূৰ্বে অনুমান কৰিব পৰা নাছিলোঁ। চিকিউৰিটি চেক ইনৰ বাবে সোমাওঁতে টোপোলটো লৈ হুলস্থুল লাগিল—'কি আছে টোপোলাত?' 'গ্লাছৰ ফ্ৰেম' মই উত্তৰ দিলো। লগে লগে হৈ চৈৰ সৃষ্টি হ'ল চিঁচা, চিঁচা! পিছত আন এজন নিৰাপত্তাৰক্ষী আহি জনালে যে চিঁচা নিবলৈ দিব নোৱাৰে।
তেনেতে ইৰাণ এয়াৰৰ এজন কৰ্মচাৰী আহিল। তেওঁক কথাটো বুজাই ক'লো। ওচৰতে ওলমাই থোৱা খোমেনিৰ ফটোৰ ফ্ৰেমটো দেখুৱাই বুজালো যে এনেধৰণৰ বস্তু। তেওঁৰ হাতত বিশেষ উপায় নাছিল। নহ'লে বিমান পলম হৈ যাব। অলপ চিন্তা কৰি তেওঁ ক'লে—'লৈ যাওক'। আমি স্বস্তিৰ নিশ্বাস পেলালোঁ। আধা ঘণ্টা সময় এটা যুগৰ দৰে হৈ পৰিছিল।
মানুহজনৰ প্ৰতি কৃতজ্ঞ হৈ ধন্যবাদ জনালোঁ—"খে'লে মামনুন।"
"খায়েছ মিক' নাম"— তেওঁ উত্তৰ দিলে।
বিদায় টেহৰাণ।
No comments:
Post a Comment