![]()
ভাৱ-বিষয়ক:
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :
(ক) “… নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”
– কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে
উত্তৰ:- “ ….নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”
– কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে।
(খ) সনক সনন্দ যোগী যাহাকু ধিয়ায়।
-সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?
উত্তৰ:- সনক সনন্দ যোগী যাহাকু ধিয়ায়।
–সনক, সনন্দ আদি যোগীসকলে হৰিক ধ্যান কৰে বুলি কবিতাটোত কোৱা হৈছে।
(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰ:- কবি সাংসাৰিক জ্বালা-যন্ত্রণা, দুখ, বিষয়-বাসনাত আতুৰ হোৱা বুলি কৈছে।
(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰ :- বৰগীতটি মাধৱদেৱে ৰচনা কৰা।
(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?
উত্তৰ:- বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।
(চ) কবিয়ে ‘বান্ধব’ বুলি কাক সম্বোধন কৰিছে?
উত্তৰ :- কবিয়ে পৰমপুৰুষ ঈশ্বৰক (হৰিক) বান্ধৱ বুলি সম্বোধন কৰিছে।
(ছ) ‘মোহ-পাশ’ মানে কি?
উত্তৰ:- মোহ-পাশ হৈছে মায়াৰ বন্ধন।
২। বৰগীতটিৰ মূলভাব লিখা।
উত্তৰ:- ত্ৰিজগতৰ পতি ভগবান শ্রীকৃষ্ণ হৈছে সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ কাৰণ। তেখেতৰ পৰাই সমগ্র বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টি। তেওঁত শৰণ ল’লেই দৰাচলতে সকলো বিপদ আপদৰপৰা উদ্ধাৰ পোৱা যায়। জীৱন কালত যেন সকলো বিপদ-আপদৰপৰা তেওঁ ৰক্ষা কৰে তাৰ বাবে কবিয়ে আঁতুৰ চিত্তে তেওঁক প্রার্থনা জনাইছে। বন্ধুৱে সিদৰে সকলো বিপত্তিতে এগৰাকী বন্ধুৰ সৈতে থাকি সহায় সহযোগিতা আগবঢ়াই বিপদসাগৰৰপৰা উদ্ধাৰ কৰে, একেদৰে হৰিয়েও যেন বান্ধৱৰ ৰূপত অৱতীৰ্ণ হৈ তেওঁৰ ভক্তক উদ্ধাৰ কৰে। জীৱনকালত লগত থকাৰ দৰে মৰণ কালতো যেন প্রভুৱে ভক্তক লগ দিয়ে। এইজন ভগৱানৰ মহিমা অপাৰ। সনক, সনন্দ আদি যোগীয়ে সেইজন ঈশ্বৰক ধ্যানৰ জৰিয়তে ঢুকি পায়, কাৰণ অন্য উপায়েৰে তেওঁক লাভ কৰা সম্ভৱ নহয়। বেদ, উপনিষদ জাতীয় গ্রন্থই এইজন ঈশ্বৰক বিচাৰি উলিয়াব নোৱাৰে। গতিকে কবিৰ দৰে সাধাৰণ নৰ মনিচৰ জানো তেওঁক বিচাৰি উলিওৱাৰ সাধ্য আছে । কেৱল হৰিব হে সেই সাধ্য আছে, তেওঁৰ ইচ্ছাতহে অন্যই তেওঁক বিচাৰি উলিয়াব পাবে।
জন্মা মুহূর্তেই মায়া মোহে মানুহক আৱৰি ধৰে। কবিও মায়াজালত আৱদ্ধ। কিন্তু মায়াৰ বন্ধনত থকা মানুহৰ বাবে মোক্ষপ্রাপ্তি কেতিয়াও সম্ভৱ নহয়। মানুহক সাংসাৰিক জ্বালা-যন্ত্ৰণাৰপৰা উদ্ধাৰ কৰিব পাৰে। ঈশ্বৰচিন্তাত নিমগ্নজনক মায়া মোহে ব্যতিব্যস্ত কৰিব নোৱাৰে । সেয়ে কবিয়ে ঈশ্বৰৰ শ্ৰীচৰণত শৰণ লৈছে যাতে তাৰ দ্বাৰা তেওঁ এই অথাই সাগৰৰপৰা উদ্ধাৰ পায়। ভগৱানৰ দুই চৰণ অতি অমূল্য সম্পদ। ভকতৰ জীৱনস্বৰূপ ভগৱানে সেই দুই চৰণত সেৱা আগবঢ়োৱাৰ সুবিধা কবিক দিয়ে যেন তাৰ বাবেই কবিয়ে ঈশ্বৰক কাতৰ কণ্ঠে প্ৰাৰ্থনা জনাইছে। ঈশ্বৰৰ দাসৰ ৰূপত তেওঁ হৰিৰ আগত নিজক অর্পণ কৰিছে। মোহ-পাশৰপৰা উদ্ধাৰ কৰি হৰিয়ে তেওঁক ৰক্ষা কৰক।
প্রশ্ন ৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰ :- অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকসকলৰ ভিতৰত মাধৱদেৱ অন্যতম। তেখেত মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য তথা একান্ত অনুগত আছিল। তেখেতৰ জন্ম হৈছিল ১৪১১ শক অৰ্থাৎ ১৪৮৯ খ্রীঃত উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰত। তেখেতৰ পিতৃ গোবিন্দগিৰী ভূঞা, মাতৃ মনোৰমা। বৰ্তমান বাংলাদেশৰ বাণ্ডুকাত ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত মাধৱদেৱে ব্যাকৰণ, পুৰাণ, তন্ত্র আদি শাস্ত্ৰ অধ্যয়ন কৰে। ১৫২২ খ্রীঃত বেলগুৰি নামে ঠাইত শংকৰদেৱৰ সৈতে মাধৱদেৱৰ মিলন হয়। এই মিলনক ‘গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ’ বুলি কোৱা হয়। প্রথমাৱস্থাত দুয়োৰে মাজত ধর্ম সম্পর্কে তর্কাতর্কি হয়। পাছত শংকৰদেৱে তৰুমূল শ্লোকৰ অৱতাৰণা কৰাত মাধৱদেৱে নিজৰ ভুল বুজি – পায় আৰু তেওঁৰ ওচৰত শৰণ লয়। ধৰ্মত শৰণ লোৱাৰ পৰাই তেওঁ ঈশ্মৰণ জীবন যাপন কৰে। আহোম ৰজাৰ ৰোষত পৰি ১৫৪৬ চনত তেওঁ ভটিয়াই কোচবিহাৰ পায়হি। তেওঁ বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাদাঙ্গা আদিত ধৰ্মপ্ৰচাৰ কৰে। শংকৰদেৱৰ মৃত্যুৰ পাছত ১৫৬৮ চনত তেওঁ বৈষ্ণৱ ধৰ্মৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু সুন্দৰীদিয়াত থাকিবলৈ -লয়। ১৫৯৬ খ্রীষ্টাব্দত তেখেতৰ মৃত্যু ঘটে।
‘নামঘোষা’ হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। তেখেতৰ ৰচনাসমূহ আখ্যানমূলক ৰচনা, তত্ত্বমূলক ৰচনা, অংকীয়া নাট আৰু গীত-এই চৰিভাগত ভগাব পাৰি। গীতবোৰক পুনৰায় ভটিমা আৰু বৰগীত-এই দুই শ্ৰেণীত ভগাব পাৰি। তেখেতৰ ৰচনাসমূহ-
আখ্যানমূলক ৰচনা – ৰাজসূয় যজ্ঞ, আদিকাণ্ড ৰামায়ণ।
তত্ত্বমূলক ৰচনা – নামঘোষা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম
মালিকা।
অংকীয়া নাট – চোৰ ধৰা, পিম্পৰা গুচোৱা, অর্জুন ভঞ্জন,
ভূমি লোটোৱা, ভোজন বিহাৰ।
এই সমূহৰ উপৰিও অন্য কেইবাখনো গ্রন্থ তেওঁৰদ্বাৰা ৰচিত বুলি কিছু সংখ্যক পণ্ডিতে দাবী কৰে।
৪। ব্যাখ্যা কৰা:
(ক) সহস্র বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
উত্তৰ:- উদ্ধৃত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য-চয়নিকা’ৰ অন্তৰ্গত শ্রীশ্রীমাধৱদেৱৰ ‘বৰগীতটিৰপৰা তুলি দিয়া হৈছে।
কবিতাফাকিৰ মাজেদি ভগৱান শ্রীহৰিৰ মহিমা সম্পর্কে কোৱা হৈছে।
পৰমপুৰুষ ভগৱান শ্রীকৃষ্ণ হৈছে ত্ৰিজগতৰ ঈশ্বৰ। জীৱজগতৰ প্রতিবিধ বস্তুতেই তেওঁ বিদ্যমান। পশু-পক্ষী, উদ্ভিদ, মানৱ সকলোৰে ৰূপতেই একেজন ঈশ্বৰৰ স্থিতি। মুঠৰ ওপৰত ভগৱানৰ সীমাৰ কোনো পাৰ নাই। গোটেই জীৱজগতত আদিৰপৰা অন্তলৈ তেওঁ আছে। সহস্র মুখৰ মাজত তেওঁৰ সীমা নির্ধাৰণ কৰা সম্ভৱ নহয়। প্রত্যক্ষৰূপতো তেওঁৰ অনেক অৱতাৰ থকাৰ কথা জানিব পাৰি। আমি প্রায়েই আওবাওঁ-মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম বৰাহ ভগৱানৰ মোহিনীরূপৰ কথা সর্বজনবিদিত। এনেকৈয়ে সহস্ৰ ৰূপৰ শ্রীৰাম, বুদ্ধ কল্কি, নামে দশ। আকৃতি ধৰিলা কৃষ্ণ।। ইয়াৰ উপৰিও মাজত ভগৱান শ্রীহবি স্থিত হৈ আছে। কবিয়ে নিজকে অধম বুলি অভিহিত কৰি ইয়াকেই কৈছে যে যিজন ঈশ্বৰক সহস্র ৰূপৰ মাজত বিচাৰিও শেষ কৰিব নোৱাৰি, যাৰ মহিমা পাৰাপাৰহীন সেইজনৰ মহিমা জনা তেওঁৰ বাবে সম্ভৱ নহয়। কবি শ্রীহৰিৰ কৃপাৰ বাবে আতুৰ। শ্রীহৰিৰ কৃপা হ’লেহে তেওঁৰ মহিমা ভক্তই বুজিব পাৰে আৰু মায়াব সাগৰৰপৰা উদ্ধাৰ পাব পাৰে ।
(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে। কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।
উত্তৰ:- উদ্ধৃত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্ৰীশ্ৰীমাধৱদেৱৰ ‘বৰগীত ‘টিৰপৰা তুলি দিয়া হৈছে।
কবিতাফাকিৰ মাজেদি সাংসাৰিক জ্বালা-যন্ত্রণা, বিষয়-বাসনাৰপৰা উদ্ধাৰ কৰিবলৈ কবিয়ে ঈশ্বৰক প্ৰাৰ্থনা জনাইছে।
এই পৃথিৱী মায়াৰদ্বাৰা আচ্ছাদিত। এখন চাদৰৰ দৰে মায়াই গোটেই পৃথিৱী আৱৰি আছে। মায়াৰ জালত আৱদ্ধ হৈ পৰা বাবেই মানুহে এই পৃথিৱীত বাৰে বাৰে জন্মিব লগা হয় আৰু দুখ-কষ্ট, লাঞ্চনা ভূগিব লাগে। কর্মবন্ধই পৃথিৱীলৈ বাৰে বাৰে আহিবলৈ মানুহক বাধ্য কৰে। অৱশ্যে ঈশ্বৰচিন্তাৰ দ্বাৰা মায়াৰ বাট ভেটিব পাৰি। কাৰণ মায়াৰ সৃষ্টিয়ে ঈশ্বৰৰপৰা। মহাপুৰুষ মাধৱদেৱৰ অন্য এটা বৰগীতত পাওঁ,
যাৰ মায়াপাশে বন্দী সকল সংসাৰ।
সে তুমি বন্ধন কেনে লৈলা যশোৱাৰ।।
অৰ্থাৎ হৰিৰ মায়াপাশতেই সমগ্র জগত বন্দী হৈ আছে। গতিকে ঈশ্বৰেহে মায়াজ্ঞানৰপৰা মানুহক মুক্ত কৰিব পাৰে। মায়াৰ বন্ধন আঁতৰ হ’লেই নিজৰ আৰু ঈশ্বৰৰ মাজৰ ভেদ-অভেদ সম্পর্কে জানিবলৈ মানুহ সক্ষম হয়। যি মুহূর্ততে এক আত্মাৰ সকলোৰে মাজত অৱস্থিতি জাতীয় উপলব্ধি মানুহৰ হয়, সেই মুহূৰ্তৰপৰাই লোভ, মোহ, ক্রোধ জাতীয় বিচাৰসমূহ মনৰপৰা আঁতৰি যায় আৰু যি মুহূৰ্ততে এইবোৰৰ মাত্রা কমে সেই মুহূৰ্তৰপৰাই মোক্ষ লাভৰ দুৱাৰ অধিক প্রশস্ত হৈ পৰে। সেয়ে এই মায়া-মোহৰপৰা আঁতৰাই কবিক মুক্ত কৰিবলৈ কবিয়ে ঈশ্বৰক প্ৰাৰ্থনা জনাইছে। সাংসাৰিক জ্বালা-যন্ত্রণা, দুখ-শোকে কবিক আতুৰ কৰিছে। তাৰপৰা উদ্ধাৰ কৰিবলৈ ঈশ্বৰহে সক্ষম বাবে কবিয়ে ঈশ্বৰক আতুৰ চিত্তে প্রার্থনা জনাইছে তেওঁ যেন কবিক তেওঁৰ শ্ৰীচৰণত শৰণ দি মায়াৰ সাগৰৰপৰা উদ্ধাৰ কৰে। মায়াৰ পাশৰপৰা মুক্ত হ’লে সাংসাৰিক জ্বালা-যন্ত্রণাই কবিক আতুৰ কৰিবলৈ নোৱাৰিব।
(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীবন।
উত্তৰ:- উদ্ধৃত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্ৰীশ্ৰীমাধৱদেৱৰ ‘বৰগীত’টিৰপৰা তুলি দিয়া হৈছে।
শ্রীহৰি ভগৱান সমগ্র ব্ৰিজগতৰেই স্বামী। তেওঁৰ ওপৰতেই সমগ্র জগতৰ সৃষ্টি, স্থিতি, প্রলয় নির্ভৰশীল। কিন্তু ইমান শক্তিশালী হ’লেও’ ভগৱান সদায়েই ভক্তৰ দাস। ভক্তিৰদ্বাৰা এই ঈশ্বৰক লাভ কৰিব পাৰি। দৰাচলতে ভক্তৰ জীৱনেই হৈছে ভগৱান। সেই ভগৱানৰ চৰণ চিন্তাৰ-দ্বাৰাই তেওঁক পাব পাৰি। অৰ্থাৎ শ্রীচৰণত নিজক অর্পণ কৰি ভগৱানক সন্তুষ্ট কৰিব পাৰি। সেয়ে তেওঁৰ দুই চৰণ কবিৰ বাবে মহাধনস্বৰূপ বুলি কবিয়ে উল্লেখ কৰিছে। তেওঁৰ শ্ৰীচৰণত কবিয়ে দাসৰ ৰূপত নিজক সমর্পণ কৰিছে।
৫। সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নপায়।”
-তাৎপর্য বিচাৰ কৰা।
উত্তৰ :- ভগৱান শ্রীহৰিৰ মহিমা অপাৰ। তেওঁৰ মহিমা কোনেও বুজিব নোৱাৰে। জগতৰ সৃষ্টি, স্থিতি, প্রলয়ৰ তেওঁ কাৰণ। কেৱল ভক্তিৰ দ্বাৰাহে তেওঁৰ মায়া ভেদ কৰিব পাৰি। সনক, সনন্দ প্রভৃতি মহাযোগীয়ে সেয়ে ভক্তিৰদ্বাৰা তেওঁক লাভৰ প্ৰয়াস কৰে। তেওঁৰ ধ্যানৰদ্বাৰা তেওঁলোকে ভগৱানক পায়। আনকি বেদ, পুৰাণ আদি নিগম শাস্ত্রইও এইজন হৰিৰ সন্ধান দিব নোৱাৰে। কাৰণ তেওঁ মায়াৰ অতীত, মহিমাধাৰী পৰমপুৰুষ। তেওঁক লাভৰ একমাত্র উপায় তেওঁৰ শ্ৰীচৰণত নিজক অর্পণ কৰা। এই কথাখিনি উপলব্ধি কৰি কবিয়ে শ্রীহৰিৰ কথা এনেদৰে কৈছে। সনক, সনন্দ প্রভৃতি মহাযোগীৰ তুলনাত কবি অতি তুচ্ছ। সেইসকলে মহাপ্রভুক ধ্যান কৰিয়েই মোক্ষ লভিছে আৰু সংসাৰ বন্ধনৰপৰা মুক্ত হৈছে। নিগমশাস্ত্রইও বিচাৰি উলিয়াব নোৱাৰা সেইজন হৰিৰ মায়াৰাজি বর্ণোৱাৰ প্ৰসংগতে এই কবিতাফাকিৰ অৱতাৰণা।
৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।
উত্তৰ :- মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা সৃষ্ট বিশেষ ভাৱ-ভঙ্গীযুক্ত, উচ্চমানবিশিষ্ট গীতসমূহকে বৰগীত বোলে। এই গীতিসমূহ অন্যান্য, গীততকৈ পৃথক। আধ্যাত্মিক ভাৱ তথা শাস্ত্ৰীয় ৰাগৰ প্রয়োগে এই গীতসমূহক বিশেষ মর্যাদা প্রদান কৰিছে।
বৰগীতৰ চাৰিটা লক্ষণ তলত উল্লেখ কৰা হ’ল–
১। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।
২। এই বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত।
৩। বৰগীতসমূহ আধ্যাত্মিক ভাৱযুক্ত তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।
৪। বৰগীতসমূহ প্রধানতঃ ভক্তিৰস প্রধান। ইয়াৰোপৰি এই সমূহত
দাস্য, শান্ত, বাৎসল্য আদি ৰস উপলব্ধ হয়।
ভাষা-বিষয়ক:
১। তলত দিয়া শব্দকেটইটাৰ আধুনিক ৰূপ লিখাঃ
নপাবস্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।
উত্তৰ:- প্রাচীন ৰূপ আধুনিক ৰূপ
নপাৱন্ত —- নাপায়; পোৱা নাযায়
কেনে —– কেনেকৈ; কিদৰে
ভৈলোহো —– হলোঁ
তুমিসে —— তুমিহে
জনেৰ —— জনৰ
কহয় —– কয়
২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ :- ব্ৰজাৱলী ভাষা একপ্ৰকাৰ কৃত্রিম উপভাষা। এই ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ অন্য ভাষাৰ সংমিশ্রণ হৈ ই এক স্বতন্ত্র ৰূপ লাভ কৰিছে।
ব্ৰজাৱলী ভাষাৰ কেইটামান বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল-
(১) ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম উপভাষা।
(২) ব্ৰজাৱলী ভাষাৰ মূল ভেটি ছে মৈথিলী।
(৩) ব্রজাবলী ভাষাত মৈথিলীৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্রণ হয়।
(৪) ব্ৰজাৱলী ভাষা শ্রুতিমধুৰ। প্ৰচুৰ স্বৰধ্বনিৰ প্ৰয়োগে ইয়াক
শ্রুতিমধুৰ কৰাৰ লগতে বিশেষ মাত্রা প্রদান কৰিছে।
(৫) এই সাহিত্যিক ভাষাৰ অন্য নাম ব্রজবুলি, ব্রজবোল বা ব্ৰজাৱলী।
No comments:
Post a Comment