js

Tuesday, March 15, 2022

SEBA Class IX বৈচিত্রময় অসমঃ কোচ-ৰাজবংশীসকল



১। কোচ-ৰাজবংশীসকল কোন ধৰ্মৰ লোক ?

উত্তৰঃ কোচ-ৰাজবংশীসকল হিন্দু ধৰ্মৰ লোক ।

২। কোচ-ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে লিখা ।

উত্তৰঃ কোচ-ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে হ'লঃ

কোচ  ৰাজবংশীসকলৰ মাতৃভাষা ৰাজবংশী ভাষাৰ নিজস্ব শব্দ সম্ভাৰ , সর্বনাম , নিজস্ব ক্রিয়াৰূপ , শব্দৰূপ , মৌখিক আৰু লিখিত সাহিত্য , উচ্চাৰণ ভঙ্গী , নিজস্ব বাক্য গঠন পদ্ধতি আদি আছে । সেয়ে এই ভাষা অন্যান্য আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন এটি ভাষা ।

কোচ ৰাজবংশীসকলৰ সুপ্রাচীন এটি ভিন্নধর্মী উজ্জ্বল চমকপ্রদ সংস্কৃতি পাওঁ । ভাৰতবৰ্ষত আৰ্যসকলে সৃষ্টি কৰা বর্ণ ভিত্তিক সমাজ ব্যৱস্থাৰ পৰা কোচ ৰাজবংশীসকল সম্পূর্ণ পৃথক । সময়ৰ সোঁতত তেওঁলােকে এই ব্যৱস্থাৰ আওতালৈ আহিলেও আক্ষত্রিয় হিন্দুসকলৰ সংস্কৃতিৰ লগত এওঁলােকৰ কোনাে মিল নাই । বৰ্ণ হিন্দুৰ আচাৰ - নীতি গ্রহণ কৰিলেও কোচ -ৰাজবংশীসকলৰ নিজস্ব আচাৰ - সংস্কাৰ , পূজা - পার্বণ , ধর্মীয় বিশ্বাস , আদ্য - সম্ভাৰ , পােছাক পৰিদ , আ - অলংকাৰ , গীত - মাত আদি বিদ্যমান । এই সকলােবােৰ স্বকীয় মহিমাৰে সমুজ্জ্বল ।

কোচ ৰাজবংশীসকলৰ জন্ম - মৃত্যু , বিয়াৰ নিজস্ব আচাৰ - নীতি , মৰাৰ পিছত আত্মাৰ অস্তিত্বৰ বিশ্বাস , মৃতকৰ প্রতি শ্রদ্ধা , নানা ঐন্দ্রজালিক ক্রিয়া , তন্ত্র মন্ত্রাদি বিশ্বাস , প্রকৃতিৰ সৃষ্টি কৰোঁতাক মাতৃ হিচাপে পূজা , বাঁট গছক পুজা , টোটেমৰ প্রতি শ্রদ্ধা , জীৱ - জন্তুৰ পূজা , মানুহৰ ৰােগ - ব্যাধি আৰু বেয়া ঘটনাবােৰ অপশক্তি বা  ভূত - প্রেতৰ দ্বাৰাই ঘটে বুলি বিশ্বাস । নানা ধৰণৰ বাধা - নিষেধ বা অনুশাসন , খােৱা , বেষমা বা বিষুৱা , পুষুণা , কাতিগজা , হােলি , চড়ক পূজা , গাজন , মনসা , বিষহৰি , শীতলা , মাসান , কালী আদি পূজাবােৰত অর্থ হিন্দু বা জনজাতীয় বৈশিষ্ট্য বিদ্যমান । ৰাজহুৱা কামত চাউল , কল , কলৰ গছ , নাৰিকল , তামােল - পাণ , পিঠাগুৰি আদিৰ ব্যৱহাৰ লক্ষণীয় । ধর্ম পালনৰ বেলিকা বর্ণ হিন্দুৰ দেৱ - দেৱীক পূজা - অর্চনা , ভক্তি শ্রদ্ধা কৰাৰ লগতে তেওঁলােকৰ নিজস্ব বিধিৰে , বুঢ়াবুঢ়ী , তিস্তাবুঢ়া , হুদুম পূজা , গ্রাম পূজা , ধামপূজা , মাশান , যখা , সােণাৰায় , কাতি , যাইটল আদি পূজা কৰে । ধর্মীয় সংস্কাৰৰ ভিতৰত আমাতি , যাত্রাপূজা , চড়ক পূজা , সত্য নাৰায়ণ , ত্রিনাথ পূজা আদি আছে ।

৩। কোচ-ৰাজবংশীসকলৰ খাদ্য আৰু সাজ-পোচাকৰ বিষয়ে লিখা ।

উত্তৰঃ কোচ-ৰাজবংশীসকলৰ খাদ্য আৰু সাজ-পোচাকৰ বিষয়ে হ'লঃ

কোচ-ৰাজবংশীসকলৰ খাদ্যঃ ছেকা, পেল্কা, ভেল্কা, সিদল, সুটকা, টোপলাভাত আদি ।

কোচ-ৰাজবংশীসকলৰ সাজ-পোচাকঃ মহিলাসকলৰ পাটানী , বুকুনী , ফোতা , ছেউটা ; আ - অলংকাৰৰ ভিতৰত হাতৰ মুঠাখাৰু , চুৰি , শাখা , বাজু ; গলৰ সূর্যহাৰ , চন্দ্ৰহাৰ , সিক্কাহাৰ ; কাণত মাকিৰি , অন্তি ; নাকত নােলােক , ফুল ; ভৰিত তােলা খাৰু , ফেলা খাৰু আদি ।

৪। কোচ-ৰাজবংশীসকলৰ গীত-মাত সমূহ কি কি ?

উত্তৰঃ কোচ-ৰাজবংশীসকলৰ গীত-মাত সমূহ হ'লঃ  ভাওয়াইয়া গান , বিভিন্ন পূজাৰ গান , বাণ গান , কুশান গান , দোতােৰা গান , বিষহৰি পূজাৰ গান , মাৰৈ পূজাৰ গান , তুকখা গান , লাহাংকাৰী গান , নটুয়া , শাঙী ঢাকৰ গান , ডাকনাম , জাগ গান আদি ।

৫। চমুটোকা লিখাঃ

(ক) জননেতা শৰৎচন্দ্ৰ সিংহঃ শৰৎচন্দ্ৰ সিং জন্ম হৈছিল ১৯১৪ চনৰ ১ জানুৱাৰী তাৰিখে । তেখেতৰ পিতৃৰ নাম লালসিং সিংহ আৰু মাতৃৰ নাম আয়াচিনি সিংহ । শৰৎচন্দ্ৰ সিংহ আছিল এজন প্ৰকৃত জনতাৰ নেতা । সেয়ে তেওঁক জননেতা বুলি বিভূষিত কৰিছিল । তেওঁ জীৱনৰ লক্ষ্য আছিল জনসাধাৰণক সেৱা কৰা । তেওঁ অসমক দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে গঢ়া সপোন দেখিছিল আৰু তাক বাস্তৱ ৰূপ দিবলৈ জীৱনৰ অন্তিম সময়লৈকে চেষ্টা কৰিছিল । তেওঁ অসমৰ ১৯৭২ চনৰ ৩১ জানুৱাৰীৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হৈছিল । ১৯৪৬ তনৰ পৰা ১৯৫২ চনলৈ, ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ, ১৯৭২ চনৰ পাৰ ১৯৭৮ চনলৈ আৰু ১৯৭৮ চনৰ পৰা ১৯৮২ চনলৈ অসমৰ বিধান সভাৰ বিধায়ক আছিল । তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত বহুতো উন্নয়নমূলক কাম কৰিছিল তাৰভিতৰতঃ ( ১ ) জৰুৰীকালীন ৰবিশস্য । আঁচনি , (২) গাঁও পঞ্চায়ত সমবায় সমিতি (৩) কৃষি নিগম ( ৪ ) আকলন পত্ৰ আঁচনি (৫) তদাৰক কোষ আঁচনি (৬) পঞ্চায়তীৰাজ ( ৭ ) চিলঙৰ পৰা দিছপুৰলৈ অস্থায়ী ৰাজধানী স্থানান্তৰকৰণ ( ৮ ) খাদ্যশস্যৰ চৰকাৰী ব্যৱসায় আৰু ( 9 ) শিক্ষানুষ্ঠান সংস্কাৰ আঁচনি । ২০০৫ চনৰ ২৪ ডিচেম্বৰৰ মাজ নিশা তেওঁৰ স্বৰ্গগামী হয় ।

(খ) অম্বিকাচৰণ চৌধুৰীঃ ১৯৩০ চনৰ ১৬ আগষ্টৰ তাৰিখে বঙাইগাঁও জিলাত অম্বিকাচৰণ চৌধুৰী জন্ম হৈছিল । তেখেতৰ পিতাকৰ নাম নৰেশ্বৰ চৌধুৰী আৰু মাতৃৰ নাম কাশীশ্বৰী চৌধুৰী । অম্বিকাচৰণ চৌধুৰী বঙাইগাঁৱৰ পৰা প্ৰাথমিক আৰু উচ্চ বিদ্যালয়ৰ শিক্ষা লাভ কৰিছিল । তাৰপাছত কটন কলেজৰ পৰা ১৯৫৫ চনত দৰ্শন বিভাগত অনাৰ্চসহ স্নাতক ডিগ্ৰী লয় । চিলঙত চাকৰি কৰি থকা সময়ত তাৰপৰা বি.টি. পাছ কৰে । এম.এ. আৰু বি.এল  পঢ়াৰ কাৰণে বিশ্ববিদ্টালয়ত নাম লগাই লৈ আৰ্থিক অনাটনৰ কাৰণে চাকৰি কৰিবলগীয়া হোৱাত উক্ত ডিগ্ৰী পাঠ্যক্ৰম তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে । অম্বিকাচৰণ চৌধুৰীদেৱে মৃত্যুৰ আগলৈকে সৰু - ডাঙৰ প্রায় ৩২ খন ইতিহাস , সংস্কৃতি , সমালােচনা আদি বিষয়ক গ্রন্থ লিখিছিল । ইংৰাজী , অসমীয়া আৰু ৰাজবংশী তিনিওটা ভাষাতেই তেওঁৰ সমান দখল আছিল । ইংৰাজী আৰু অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ প্রায় শতাধিক প্রবন্ধও লিখিছিল । ১৯৬১ চনত অসম সাহিত্য সভাৰ গােৱালপাৰা অধিৱেশনত অম্বিকাচৰণ চৌধুৰীদেৱ ৰত্নপীঠৰ ৰত্ন উপাধিৰে বিভূষিত হৈছিল । ১৯৯২ চনত উত্তৰ বংগৰ সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা কামতাৰত্ন ’ উপাধি লাভ কৰে । ১৯৯৪ চনৰ পৰা তেওঁ সাহিত্যিক পেন্সন পাইছিল । ২০০৩ চনত তেওঁ নতুন দিল্লীৰ প্ৰেণ্ডি সংঘৰ তৰফৰপৰা মহেন্দ্র নাথ বৰা পুৰস্কাৰ লাভ কৰে । প্রাথমিক শিক্ষক সংস্থাৰ তৰফৰ পৰা তেওঁ “ শিক্ষাবান্ধৱ ’ উপাধিও পাইছিল । তদুপৰি তেওঁ জীৱনকালত বঙাইগাঁও জিলা সাহিত্য সভা, বৰপেটা সাহিত্য সভা, বিভিন্ন শাখা সাহিত্য সভা , অসম প্ৰকাশন পৰিষদ , ভাৰত বিকাশ পৰিষদ , বঙাইগাঁও জিলা প্রশাসন, বঙাইগাঁও নর্মালস্কুল কর্তৃপক্ষ আদি অনুষ্ঠানৰ দ্বাৰা বিশেষভাৱে সম্বর্ধনা লাভ কৰিছিল ।

(গ) অৰুণ কুমাৰ ৰায়ঃ ১৯২৫ চনৰ ৮ অক্টোবৰত বঙাইগাঁৱৰ ছিপন গাঁৱত  অৰুণ কুমাৰ ৰায় জন্ম হৈছিল । তেখেতৰ পিতৃৰ নাম প্ৰকাশ চন্দ্ৰ ৰায় আৰু মাতৃৰ নাম অভয়েশ্বৰী ৰায় । চিৰাং জিলাৰ পৰা ব্ংতল প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল আৰু বঙাইগাঁও বীৰঝৰ উচ্চ মাধ্যমিক স্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত পাছ কৰে । তাৰ পাছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধলৈ আহি আৰ চি পি যোগদান কৰে । ১৯৬৪ চনত কৃষক আন্দোলনৰ লগত , তাৰ পাছত গৃহৰক্ষা বিভাগত যোগদান কৰিছিল, তাৰপাছত বেংতল এম.ভি. স্কুলত শিক্ষকতা কৰিছিল, ১৯৭৪-১৯৭৫ কোকৰাঝাৰ মহকুমা পৰিষদৰ সভাপতি, ১৯৮৩ চনত উত্তৰ শালমাৰ মহকুমা সভাপতি তাৰপাছত ১৯৯৯ চনৰ পৰা ২০১৬ চনলৈকে কোচ-ৰাজবংশীসকলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ কাম কৰিছিল । তেওঁ কোচ-ৰাজবংশীসকলৰ ওপৰত সংস্কৃতমূলক গ্ৰন্থ ৰচনা কৰিছিল তাৰ উপৰি নাটক, কবিতা আৰু শব্দকোষ লিখিছিল । তেখেতে সৰ্বমুঠ ১০ খন গ্ৰন্থ ৰচনা কৰিছিল । ২০০৪ চনত তেওঁ অসম চৰকাৰৰ পৰা এককালীন সাহিত্যিক অনুদান লাভ কৰে । ২০১৩ চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত গুৰুশিষ্য পৰম্পৰা আঁচনিৰ অধীনত ‘ লােক - সংস্কৃতিৰ গুৰু ৰূপে স্বীকৃতি আৰু সন্মান লাভ কৰে । ২০১৩ চনত তেও বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা কামতা ৰত্ন অম্বিকাচৰণ চৌধুৰী স্মাৰক বঁটা লাভ কৰে । কোচ - ৰাজবংশী জনগােষ্ঠী তথা তেওঁলােকৰ ভাষা - সাহিত্যৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে কোচ - ৰাজংশী সাহিত্য সভাই মৰণােত্তৰভাৱে ২০১৬ চনত তেওঁক সাহিত্য ৰত্ন সম্মান প্রদান কৰে ।

(ঘ) ৰুক্মিণী কান্ত ৰায়ঃ ৰুক্মিণী কান্ত ৰায় আছিল কোচ-ৰাজবংশী সম্প্ৰদায়ৰ লোক । তেওঁ এজন অসমৰ খ্যাতনামা বুদ্ধিজীৱী, শিক্ষাবিদ, ৰাজনীতিবিদ, সমাজসেৱক আৰু হাস্যৰসিক হিচাপে খ্যাত আছিল । গাঁৱৰ এখন বিদ্যালয়ৰ পৰা শিক্ষা আৰম্ভ কৰি  গুৱাহাটী  বিশ্ববিদ্যালয়ৰ পৰা  অৰ্থনীতি বিভাগত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি  উচ্চ শিক্ষা লাভ কৰিছিল । ৰুক্মিণী কান্ত ৰায় তেখেতৰ মাতৃভাষাক বৰ ভাল পাইছিল ।  তেওঁ যি বক্তৃতাই দিয়ে সেই বক্তৃতাই সকলোৰে মন জয় কৰিছিল । তেওঁ সমাজৰ উন্নতিৰ কাৰণে অসংখ্য স্কুল , কলেজ , মঠ - মন্দিৰ আদি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লৈছিল । ৰাজনৈতিক জীৱনৰ ক্ষেত্ৰত তেওঁ জিলা পর্যায়ৰ পৰা ৰাজ্যিক পর্যায়লৈ উন্নতি লাভ কৰি কেন্দ্রীয় পর্যায়ৰ নেতাৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল । সাধাৰণ কেৰাণীৰ চাকৰিৰপৰা কলেজ অধ্যাপক , অধ্যক্ষ , তথা বিধায়ক পর্যায়লৈকে উন্নীত হৈছিল । ভাল এজন ফুটবল খেলুৱৈ হিচাপে প্রশংসা লাভ কৰাৰ উপৰিও জীৱনৰ শেষ বয়সত এজন সুদক্ষ ধর্মীয় বক্তা হিচাপে প্রতিষ্ঠা লাভ কৰিছিল । কৃষ্ণানন ব্রহ্মচাৰীৰ লগত দীর্ঘদিন অতিবাহিত কৰি তেওঁ কিছুমান ধর্ম বিষয়ক তত্ত্বগধুৰ নিৱন্ধ লিখিছিল ।

(ঙ) পানীৰাম দাসঃ ১৯১৭ চনৰ ৭ এপ্ৰিল তাৰিখে মঙ্গলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত জলজলী গাঁৱত পানীৰাম দাসৰ জন্ম হৈছিল তেখেতৰ জন্ম হৈছিল ।১৯৩৪ চনত পাথৰিঘাট এম.ই. স্কুৱৰ পৰা সুখ্যাতিৰে সপ্তম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয় । তাৰপাছত মঙ্গলদৈ হাইস্কুলত নাম লগায় । ১৯৩৭ চনত কলিকতাৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰে । তেওঁ আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী । তেওঁ ১৯৪১ চনত কাৰবাস খাটিব লগা হৈছিল । তেওঁ নিজৰ দেশৰ উন্নতিৰ বাবে অহােপুৰুষাৰ্থ কৰিছিল । ২০০৫ চনত ভাৰতৰ মহামান্য ৰাষ্ট্রপতি ড ° এ . পি . জে . আব্দুল কালাম ডাঙৰীয়াই এইগৰাকী স্বাধীনতা সংগ্রামীক ৰাষ্ট্রীয় সম্মানেৰে সন্মানিত কৰিছিল । উক্ত চনতে ভাৰতীয় সেনাবাহিনীত ঐতিহাসিক পথৰুঘাটত আয়ােজন কৰা কৃষক শ্বহীদ দিৱসত তেওঁক ‘ খাদী পৰিহিত সেনাধ্যক্ষ ত ( The General in Khadi ) উপাধিৰে বিভূষিত কৰিছিল । ২০১০ চনৰ ৩০ নবেম্বৰত এইজনা স্পষ্টবাদী দুৰন্ত তৰুণ স্বাধীনতা সংগ্রামীজনৰ মৃত্যু হয় । দেশলৈ নির আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতীয় সেনাৰ ৬৫ নং ফিল্ড ৰেজিমেন্টে সম্পূর্ণ সামৰিক মর্যাদাৰে তেওঁলৈ শেষ সন্মান যচাৰ লগতে অসম আৰক্ষীয়েও টোপধ্বনিসহ ৰাষ্ট্রীয় মর্যাদাৰে শেষ সম্মান দিছিল ।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...