( )
১) চমুকৈ উত্তৰ দিয়া -ঃ
ক) মাধৱ কন্দলী কোন আছিল ?
উঃ মাধৱ কন্দলী প্ৰাক - শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল ।
খ) মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল ?
উঃ মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল ।
গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় ?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত পাচঁটা কাণ্ড পোৱা যায় ?
ঘ) মাধৱ কন্দলীক শংকৰদেৱে কবি বুলি অভিহিত কৰিছিল ?
উঃ মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল ?
ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে ?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত সন্নিৱিষ্ট বৰ্তমানে উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল ।
চ) হনুমন্তৰ লংকাদৰ্শন - কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ?
উঃ হনুমন্তৰ লংকাদৰ্শন - কাব্যাংশ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে ।
২) মাধৱ কন্দলীৰ বাহিৰে শংকৰ - পূৰ্ব যুগৰ কবিকেইজনাৰ নাম উল্লেখ আছে ?
উঃমাধৱ কন্দলীৰ বাহিৰে শংকৰ - পূৰ্ব যুগৰ কবিকেইজনাৰ নাম - হেমসৰস্ৱতী , হৰিদাস বিপ্ৰ , কবিৰত্ন সৰস্ৱতী আৰু ৰুদ্ৰ কন্দলী ।
৩) মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ? তেওঁ কৰ ৰজা আছিল ?
উঃ মাধৱ কন্দলীয়ে বৰাহী ৰজা মহাকাব্যৰ ষ্ঠপোষকতা লাভ কৰিছিল । তেওঁ পুৰণি অসমৰ পূৰ্ব মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল ।
৪) তলত দিয়াবোৰৰ টোকা লিখা ঃ
উঃ হনুমন্ত - হনুমন্ত অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত আছিল । হনুমন্ত বানৰ বীৰ আছিল । তেওঁ বায়ু দেৱতা আৰু অঞ্জলিৰ পুত্ৰ আছিল । তেওঁ মহা বলবন্ত আৰু বুদ্ধিমত্ত আছিল । ৰাবণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সীতাৰ সন্ধান উলিয়াইছিল । ৰাম - ৰাৱনৰ যুদ্ধত লক্ষ্মণক মেঘনাথে শৰ মাৰি বধ কৰাত বিশল্য়কৰণী সঞ্জীৱনী আনিবলৈ গৈ হনুমানে গোটেই পৰ্বতখনকে দাঙি আনিছিল । তেওঁৰ অন্তৰত আৰু সুখত সদায় ৰাম ৰাস কৰিছিল ।
সুগ্ৰীৱ - সুগ্ৰীৱ বানৰসকলৰ ৰাজ্য কিষ্কিন্ধ্যাৰ ৰজা বালীক ভায়েক আছিল । এওঁ ৰামৰ পৰম মিত্ৰ আছিল । সীতাৰ সন্ধানত ঘূৰি ফুঁৰোতে ৰাম আৰু সুগ্ৰীৱৰ মিলত ঘটিছিল । ৰাজ্যলাভৰ আশাত সুগ্ৰীৱে
ভায়েক বালীক ৰামৰ হতুৱাই হত্যা কৰায়ছিল । সীতাৰ উদ্ধাৰৰ বাবে হোৱা যুদ্ধখনত সমস্ত বানৰ সেনা লৈ সুগ্ৰীৱে ৰামক সহায় কৰিছিল ।
নীল -ঃ নীল এগৰাকী বানৰ বীৰ আছিল । কিষ্কিন্ধাত তেওঁ ৰামচন্দ্ৰক লগ পায় । এওঁ সীতা উদ্ধাৰৰ বাবে সাগৰত যি সেতু নিমাৰ্ণ কৰাব লগা হৈছিল সেই কাৰ্যৰ এগৰাকী সেনাপতি আছিল । নীল সীতা উদ্ধাৰৰ বাবে লগা ৰাম- ৰাৱণৰ যুদ্ধৰ এগৰাকী সেনাপতি আছিল ।
অম্ৰাৱতী - ঃ অম্ৰাৱতী দেৱৰাজ ইন্দ্ৰৰ ৰাজধানীআছিল । এই নগৰখন দেৱসকলৰ সনিকৰ বিশ্ৱকৰ্মাই নিৰ্মাণ কৰিছিল । ইয়াত সৌন্দৰ্য অতি বিভোপন আৰু চালে চকুৰুৱা আছিল । অম্ৰাৱতীত থকা বাগিছাখনৰ নাম নন্দন কানন আছিল । যত দুষ্প্ৰাপ্য ফুল জকমকাই সদাই ইুলি আছিল ।
কাশ্যপ নন্দন -ঃ সূৰ্যদেৱৰ আন এটা নাম আছিল কাশ্যপ নন্দন । ৰামায়ণৰ আৰু কোনো কোনো পুৰাণ শাস্ত্ৰ মতে সূৰ্যদেৱতা কাশ্যপ ঋষি আৰু অদিতিৰ পূত্ৰ আছিল । এওঁক ঐৈলোক্যৰ প্ৰদীপ বুলিও কব পাৰি । অগ্নি , ৰুদ্ৰ আৰু বিষ্ণুৰ লগত সূৰ্য অভিন্ন ।
বিশ্বকৰ্মা -ঃ বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত । ত্ৰিলোকৰ শ্ৰেষ্ঠ শিল্পী বিশ্বকৰ্মা । এওঁ দেৱতাসকলৰ অলংকাৰ আৰু বিমান নিৰ্মান কৰিছিেল । ইন্দৰ ৰাজধানী অম্ৰাৱতী নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাৰ গই সাধিত হৈছিল । এঁওক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা বুলি জনা যায় ।
৫) লংকা নগৰীৰ কাষৰ বন- বননিত হনুমন্তই কি কি ফল - ফুলৰ গছ দেখিবলৈ পাইছিল ?
উঃ লংকা নগৰীৰ , যাওঁতে কাষৰ বন- বননিত অনেক হনুমন্তই ফল - ফুল দেখিবলৈ পাইছিল । সেইবোৰ হল সৰল , পিয়াল , ঔটেঙা , আঙুৰ , আম , জাম ,খেজুৰ , শাল , তাল , তামোল ,গমাৰি , বগৰী , সোলেং টেঙা , কৰ্দৈ, বীজপুৰ , আমলখি , অমৰা , বুট , মনিছাৰ বা বিন , কল , গুনকল , সেৱতী , মালতী , , নাৰিকল , শ্ৰীফল , মহৰি , পাৰিজাত , ছতিয়কা , হাৰিঠা , নগগেশ্ৱৰ , আদি বিভিন্ন ফল - ফুলেৰে আগুৰি আছিল লংকাৰ বন । ইয়াৰ উপৰিও এসময়ত আছিল পদুম ফুলেৰে ভৰি থকা ধুনিয়া পুখুৰী ।
৬) হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰবেশ কৰিছিল ? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল ?
উঃ হনুমন্তই বিৰান অৰ্থাত মেকুৰীৰ ৰূপ লে লংকা নগৰীত প্ৰৱেশ কৰিছিল । লঙ্কা নগৰীত সুৰক্ষা ব্য়ৱস্থা অতি শক্তিশালী আছিল । হনুমানে নিজ ৰূপেৰে তাত প্ৰবেশ ৰাক্ষসবোৰে তেওঁক ধৰি পেলাব আৰু বন্ধি লৈ ঘৰে ঘৰে লৈ ফুৰাৰ সম্ভাৱনা দেখিছিল । সেইবাবে তেওঁ মায়াবিদ্য়াৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰি লঙ্কা নগৰীত প্ৰবেশ কৰিছিল ।
৭) হনুমন্তই পদূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া ।
উঃ সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্ত লংকা অভিমুখে গৈছিল । বিবিধ ফল - ফুলেৰে জাতিষ্কাৰ বন- বননিৰ পাৰ হৈ গধূলি সময়ত উপস্থিত হৈ লংকা নগৰীত প্ৰবেশ কৰিবলৈ সাজু হল । কিন্তু তেওঁৰ প্ৰকাণ্ড শৰীৰটো দেখিলে লংকাত থকা ৰাক্ষসে তেওঁক বান্ধি ঘৰে ঘৰে লৈ ফুৰা বুলি ভাবি তেওঁ ভয় কৰিছিল । তেতিয়া তেওঁ মায়াবিদ্য়াৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰিলে । মেকুৰী এটি হৈ তেওঁ দেৱাল বগাই লংকাৰ সৌন্দৰ্য উপভোগ কৰিব ধৰিলে । ত্ৰিকূট পৰ্বত স্থাপিত
লংকা নগৰখন যেন বিশ্বকৰ্মা নিৰ্মিত ইন্দ্ৰৰ ৰাজধানী অমৰাবতীহে । সমগ্ৰ লংকা নগৰীৰ চাৰিসীমা সোণৰ গড়েৰে নিৰ্মিত আছিল । সোণ , মণি - মণিক আদিবোৰে ঠাইখনৰ মাজে মাজে জলমন্দলৈ থাকি পোহৰ বিলাই আছিল । গোটেই লংকা নগৰীখনৰ চৌপাশে একোটা ডাঙৰ গড়ে বেঢ়ি আছিলে ।
দেৱতা , অসুৰ আদিয়ে পাৰ হব নোৱাৰাকৈ শাৰী - শাৰীকৈ বিভিন্ন যন্ত্ৰ সাজি থোৱা আছিল । গধূলি সময়ত দেখা লংকা নগৰী খন দুৰ্গম স্থান যেন লাগিছিল হনুমন্তইৰ ।
৮) সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল ?
উঃ ৰামভক্ত হনুমন্তই প্ৰভুৰ দুখ দেখি সীতাৰ সন্ধানত লংকা নগৰীত উপস্থিত হৈছিল । গধূলি সময়ত তেওঁ দেখিছিল গোটেই লংকাখন সোণেৰে নিৰ্মিত গড়ে । লংকা নগৰীৰ বহল চাৰিসীমা আৱৰি আছে অসংখ্য়া মজবুত দুৰ্গই । নানা যন্দ্ৰেৰে সজ্জিত সেই দুৰ্গ দেৱতাই অসুৰ আদিয়ে লংঘিব নোৱাৰাকৈ শাৰী - শাৰীকৈ যন্ত্ৰৰে সাজি থোৱা আছে । হনুমন্তই ধাৰণা হৈছিল যে লংকা দুৰ্গম ঠাই তেওঁৰ মনত চিন্তা উপজিছিল যে অংগদ , মুগ্ৰীৱ , নীল আৰু তেওঁ মায়াবলেৰে সাগৰ অতিক্ৰম কৰি লংকাত প্ৰৱেশ কৰিব পাৰিলে । নহলে অন্য় বানৰে শত যোজন পথ পাৰ হৈ সাগৰৰ সিপাৰে থকা লংকালৈ কিদৰে আহিব পাৰিব । দেৱতায়ো লংঘিব নোৱাৰা লংকালৈ আহি দাশৰথী ৰামেও যেন একো কৰিব নোৱাৰিব - সেই চিন্তাইহে হনুমন্তইৰ মনলৈ আহিছিল ।
৯) সুবেল শৃংগত বাহি হনুমন্তই কি ভাবিছিল?
উঃ সীতাক বিচাৰি ত্ৰিকূট পৰ্বতৰ ওপৰত সুবেল - শৃংগত আহি উপস্থিত হৈছিল হনুমন্ত । তেতিয়া শৃংগত বাহি ভাবিছিলে যে সমুদ্ৰ অতিক্ৰম কৰি তেওঁ সুস্থ শৰীৰেৰে সুবেল আহি পাইছেহি । এতিয়া তেওঁ আগলৈও আগবাঢ়ি যাব পাৰিব । সাগৰ পাৰ হওঁতে কিন্তু তেওঁৰ মনলৈ কোনো শংকা অহা নাছিল । সেইবাবে এতিয়া তেওঁ আগবাঢ়ি নোৱাৰিব বুলি ভাবিবলৈ লাজ লাগে । এই বিলাক কথা ভাবি হনুমন্তই সুবেলত শৃংগত বাহি দ্ৱিতীয় অমৰাবতী সদৃশ লংকা নগৰীলৈ যাবলৈ ভাবিছিল ।
১০) হনুমন্তই লঙ্কাদৰ্শন কাব্য়াংশাৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।
উঃ ৰাৱণে সীতাক হৰি নিহে বুলি গম পাই হনুমাণে বিশাল সাগৰ পাৰ হৈ সুবলে শৃংগত অৱতৰন কৰে । সুবেলিগিৰি শৃংগত বহি লংকা নগৰীখন চাই থাকোতেঁ সূৰ্য অস্ত যাবলৈ ওলোৱাত কিছু সময়ৰ বাবে সূৰ্য দেৱতাক প্ৰকাশিত হৈ থাকিবলৈ হনুমানে প্ৰাৰ্থনা কৰিছিল যাতে দিনৰ পোহৰত তেওঁ লংকাৰ গড়টো চাব পাৰে । হনুমানৰ প্ৰাৰ্থনাত সূৰ্যদেৱতা সন্তুষ হৈ কিছু সময়ৰ বাবে প্ৰকাশিত হৈ থকাত হনুমানে দিনৰ পুহৰত লংকা নগৰীখন দেখা পালে আৰু তালৈ যাবলৈ সাজু হল । এই পথছোৱাত সৌন্দৰ্য অতি মনোলোৱা আহিলে । চাৰিওফালে থকা বননিযোৰ মাজত থকা পুখুৰীযোৰত পদুম ফুল ফুলি জকমকাই আছে আৰু ভোমোৰাবোৰে সেই ফল - ফুলবোৰৰ মধুপান কৰি আছে । অই বননিত হনুমন্তই বিঙিন্ন ধৰণৰ ফল - ফুলৰ গছ দেখা পাইছে । সেইবোৰ হল সৰল, পিয়াল , নিখৰ , খেজুৰ , শাল , তাল , তামোল , গমাৰি , বীজপুৰ , বৰগছ , ঔটেঙা , বুট , কমলা , বগৰী , তেতেলী , আম , জাম , নাগেশ্বৰ , আমলখি , নাৰিকল , শ্ৰীফল , কৰ্দৈ , অমৰা , কল , গুলাল , পাৰিজাত , মালতী , গুটিমালী আদি । এই গছবোৰৰ
পৰা গোটেই বঠৰ জুৰি , শীতল বতাহ বলি থাকে আৰু বছৰটোৰ ছয়টা ঋতুতেই কুলিয়ে সুললিত কণ্ঠে গীত গাই থাকে । লঙ্কাৰ চৌপাশে সাগৰে বাৰে বৰণীয়া মুকুতাৰে উপচাই পেলাইছে । গোটেই দিনটো লঙ্কাৰ কাষৰ বননিখনৰ সৌন্দৰ্য উপভোগ কৰাৰ অন্তত গধূলি বেলিকা হনুমানে লঙ্কাতৱ প্ৰৱেশ কৰিবলৈ আহিছিল কিন্তু নিজৰ শাৰীৰিক কলেৱৰ মেকুৰীৰ সমান কৰি হে তেওঁ লঙ্কাৰ প্ৰাচীৰৰ ওপৰত উঠিল । গোটেই লঙ্কাখন সোণৰ গড় আৰু প্ৰাচীৰেৰে আবৰি আছে আৰু শাৰী - শাৰীকৈ নানা যন্ত্ৰ সাজি থোৱা আছে যাতে দেৱতা বা কোনো অসুৰে তাক লঙঘন কৰিব নোৱাৰে । সেই দুৰ্গম ছাই দেখি হনুমানে চিন্তাত পৰিল । কাৰণ অঙ্গত, সুগ্ৰীৱ , নীল আৰু হনুমানে লগ হৈ শতেক যোজন দূৰত থকা সাগৰ পাৰ হব পাৰিলেও বান্দৰবোৰে লঙ্কালৈ কেনেদৰে আহিব । আহিলেও ৰামচন্দ্ৰইনো তাত কি কৰিব ? যিহেতু ৰাম লক্ষ্মণৰ অপাৰ মহিমা গতিকে মনত কিছু আশা লোৱা উচিত ।
ইয়াত লঙ্কা নগৰীৰ প্ৰকৃতি বৰ্ননাত অলমীয়া কবিয়ে যতেই সুৰুঙা পাইছে ততেই অসমৰ গছ, বন , ফুলৰ নামবোৰ উল্লেখ কৰিছে ।
ভাষা - বিষয়ক ঃ-
১১) তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা - ঃ
কণ্টকি , ছাতিমাল , তাইতে , দেখিলন্ত ।
উঃ কণ্টকি - কাই ।
ছাতিমাল - ছতিয়না গছ ।
আধুনিক - তাত ।
দেখিলন্ত - দেখিলে ।
১২) সমাৰ্থক শব্দ লিখা -ঃ
গগন , বিৰাল , গড় , সমুদ্ৰ ,পৱন ।
উঃ গগন - আকাশ ।
বিৰাল - মেকুৰী
গড় -দুৰ্গ , কোঁঠ
সমুদ্ৰ - সাগৰজলধি ।
পৱন - বতাহ , বায়ু ।
অতি চমু প্ৰশ্নোত্তৰ ঃ-
১) মাধৱ কন্দলী কোন যুগৰ কবি আছিল ।
উঃ মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ কবি আছিল ।
২) মাধৱ কন্দলীৰ ৰামায়ণত কোন দুটা কাণ্ড পোৱা যায় ?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত আদি কাণ্ড আৰু উত্তৰাকাণ্ড দুটা পোৱা যায় ।
৩) কাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্য়খন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?
উঃ বৰাহী ৰজা মহামাণিক্য়ৰ পৃষ্ঠপোষকতাত পৃষ্ঠপোষক সংস্কৃত ৰামায়ণ মহাকাব্য়খন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ।
৪) মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰাকাণ্ড দুটা কোনে ৰচনা কৰিছিল ?
উঃ মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰাকাণ্ড দুটা ক্ৰমে মহাপুৰুষ মাধৱদেৱ আৰু শ্ৰামন্ত শংকৰদেৱ ৰচনা কৰিছিল ।
৫) মাধৱ কন্দলীৰ ৰচনাত কৰিব মৌলিকতাৰ প্ৰভাৱ দেখা যায় নে নেযায় ?
উঃ মাধৱ কন্দলীৰ ৰচনাত কৰিব মৌলিকতাৰ প্ৰভাৱ দেখা যায় ।
৬) পৱন নন্দন কোন ?
উঃ পৱন নন্দন হল পৱন পুত্ৰ হনুমান ।
৭) লঙ্কাপুৰী কত অৱস্থিত আছিল ?
উঃ লঙ্কাপুৰী ত্ৰিকূট পৰ্বতৰ ওপৰত অৱস্থিত আছিল ।
৮) অম্ৰাবতী কোনে নিৰ্মাণ কৰিছিল ?
উঃ অম্ৰাবতী দেৱতাৰ মিকৰ বিশ্ৱকৰ্মাই নিৰ্মাণ কৰিছিল ।
৯) হনুমানে কিহৰ ওপৰত বহি লংকা নগৰীখন চাইছিল ।
উঃ হনুমানে সুবেল শৃংগত বহি লংকা নগৰীখন চাইছিল ।
১০) কাল্য়প নন্দন কোন ?
উঃ কল্য়শ নন্দন হল সূৰ্যৰ এটা নাম ।
১১) পদ্মিনী দিঘী মানেকি ?
উঃ পদ্মিনী দিঘী মানে হল পদুম ফুলেৰে ভৰি থকা পুখুৰী ।
১২) দাশৰথী ৰাম - ৰে কি অৰ্থ কৰিছে ?
উঃ দাশৰথী ৰাম - দশৰথৰ পুত্ৰ ৰামৰ অৰ্থ প্ৰকাশ কৰিছে ।
১৩) কি দেখি হনুৃমন্ত চিন্তিত হৈছিল ?
উঃ লঙ্কাৰ সুৰক্ষা ব্য়ৱস্থা দেখি হনুৃমন্ত চিন্তিত হৈছিল ।
js
Tuesday, March 15, 2022
9 হনুমন্তৰ লঙ্কাদৰ্শন
Subscribe to:
Post Comments (Atom)
দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় 'কাৰ্বন আৰু তাৰ যৌগ' (Carbon and its Compounds)
চতুৰ্থ অধ্যায় 'কাৰ্বন আৰু তাৰ যৌগ' (Carbon and its Compounds) ১. কাৰ্বন আৰু ইয়াৰ প্ৰকৃতি (Carbon and its Nature) কাৰ্বন (Carb...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
No comments:
Post a Comment