১) চমুকৈ উত্তৰ লিখাঃ
ক) ৰাজপুত বীৰ মহাৰানা প্ৰতাপৰ জন্ম ক'ত হৈছিল?
উত্তৰ : ৰাজপুত বীৰ মহাৰানা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ ৰাজছমন্দ জিলাৰ উদয়পুৰত।
খ) পিপলান্ত্ৰি গাওঁখন ক'ত অৱস্থিত?
উত্তৰঃ পিপলান্ত্ৰি গাওঁখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলিমিটাৰ আঁতৰত।
গ) কিহৰ বাবে পিপলান্ত্ৰি গাওঁখনে ' গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড'ত স্থান পাইছিল?
উত্তৰঃ মাৰ্বল পাথৰৰ বাবে পিপলান্ত্ৰি গাওঁখনে ' গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড'ত স্থান পাইছিল।
ঘ) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমৰ পিপলান্ত্ৰি গাৱঁৰ সফলতাৰ কাহিনী অৰ্ন্তভুক্ত হৈছে?
উত্তৰঃ ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাৱঁৰ সফলতাৰ কাহিনী অৰ্ন্তভুক্ত হৈছে।
ঙ) 'tree sisters' নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল?
উত্তৰঃ 'Tree sisters' নামৰ চিনেমাখন আৰ্জেন্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল।
চ) কিৰণ কোন আছিল?
উত্তৰঃ কিৰণ শ্যাম সুন্দৰ পালিৱালৰ কণ্যা সন্তান আছিল।
ছ) ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰি গাৱঁৰ ছোৱালী আৰু বোৱাৰী সকলে কি কৰে?
উত্তৰঃ ৰাখী বন্ধনৰ দিনা পিপলান্দ্ৰি গাৱঁৰ ছোৱালী আৰু বোৱাৰী সকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে।
জ) 'কিৰণ নিধি যোজনা' ৰ আঁৰৰ মানুহজন কোন?
উত্তৰঃ কিৰণ নিধি যোজনা' ৰ আঁৰৰ মানুহজন হল - শ্যাম সুন্দৰ পালিৱাল ।
ঝ) কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাৱঁৰ মানুহে কি কৰে?
উত্তৰঃ কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাৱঁৰ মানুহে মৃতকৰ স্মৃতিত ১১ টা গছপুলি ৰোপন কৰে।
প্ৰশ্ন নং : ২ঃ পিপলান্ত্ৰি গাৱঁৰ পৰিবেশ কিয় দূষিত হৈছিল?
উত্তৰঃ মাৰ্বল পাথৰৰ বাবে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড'ত স্থান লাভ কৰা পিপলান্ত্ৰি গাৱঁত ডাঙৰ ডাঙৰ ব্যবসায়ী সকলে বৃহৎ বৃহৎ মাৰ্বল খনি আৰম্ভ কৰে। এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদো ব্যবসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰ আহৰণৰ বাবে খনি বোৰত দিনে নিশাই কামচলাৰ ফলত পিপলান্ত্ৰি গাঁৱৰ পৰিবেশ দূষিত হয়।
প্ৰশ্ন নং ৩: শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰি গাওঁখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমূকৈ লিখা?
উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল হল পিপলান্দ্ৰি গাওঁখনক পুনৰ জীয়াই তোলাৰ আঁৰৰ ব্যক্তি।
পিপলান্ত্ৰি গাওঁখন পৃথিৱী বিখ্যাত তেওঁৰ অৱদান : ২০০৫-২০১০
চনটো শ্যাম সুন্দৰ পালিৱালে গাওঁখনৰ মুখীয়ালৰ দায়িত্বত থকা কালত তেওঁৰ একক আৰু মহৎ প্ৰচেষ্টাই গোটেই গাওঁখনকে এটা নতুন জীৱন দিলে। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক চাৰিটা দায়িত্ব অৰ্পণ কৰে। সেই চাৰিটা দায়িত্ব হল - কণ্যা সন্তানক লৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি বাতি কৰি নিজৰ প্ৰয়োজন পূৰ কৰা। তাৰোপৰি তেওঁ 'কিৰণ নিধি যোজনা 'ৰ অধীনত গাওঁখনত জন্ম হোৱা প্ৰতিজনী কণ্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰোপণৰ ব্যৱ্স্থা কৰে। তেওঁ এনেদৰে তেওঁ প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা কৰি পিপলান্ত্ৰি গাওঁখনক পৃথিৱী বিখ্যাত হোৱাত সহায় কৰিছিল।
প্ৰশ্ন নং ৪: কিৰণ নিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে?
উত্তৰঃ কিৰণ নিধি যোজনা হল শ্যাম সুন্দৰ পালিৱালে প্ৰৱৰ্তন কৰা এক আঁচনি। এই আচনিৰ মতে পিপলান্ত্ৰি গাওঁখনত জন্ম হোৱা প্ৰতিজনী কণ্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰোপণ কৰিব লাগিব।
এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে। সেই চাৰিটা দায়িত্ব হল:
১) কণ্যা সন্তানক লৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা।
২) পানী সংৰক্ষণ কৰা ।
৩) গছ - গছনি ৰুই প্ৰতিপালন কৰা ।
৪) খেতি - বাতি নিজৰ প্ৰয়োজন পূৰণ কৰা।
প্ৰশ্ন নং : ৫ কণ্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনে ধৰণৰ আঁচনি লৈছিল?
উত্তৰঃ কণ্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে গাওঁখনত ছোৱালী সন্তান জন্ম হলে ছোৱালী জনীৰ নামত ১১১ টা গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক কৰে। তেওঁ নিয়ম কৰি দিছিল - গাৱঁৰ কোনো লোকে কণ্যা সন্তান হত্যা কৰিব নোৱাৰিব। দ্বিতীয়তে, ছোৱালী জনীক যেনেদৰে আলফুলে ডাঙৰ দীঘল কৰা হব সেই একেই মৰম চেনেহ আৰু যত্নেৰে ১১১ টা গছপুলি প্ৰতিপালন কৰিব লাগিব । তৃতীয়তে, কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। চতুৰ্থতে, কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব। পঞ্চমতে, ছোৱালীৰ নামত বেংকত থোৱা ৩১,০০০ টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামত হে খৰছ কৰিব পাৰিব। শেষত, ছোৱালীৰ জন্ম সময়তে ৰোৱা গছপুলিবোৰ গাঁৱৰ সম্প্ৰতি হব। এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তিৰ স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিব লগীয়া হয় গাঁৱৰ ৰাইজে।
প্ৰশ্ন নং : ৬ পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা?
উত্তৰঃ পিপলান্ত্ৰি গাঁৱত শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত গাওঁখনত কণ্যা সন্তান জন্ম হলে প্ৰতিজনী কণ্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰোপণ কৰিব লাগিছিল আৰু এই কাম 'কিৰণ নিধি যোজনা' ৰ অধীনত আৰম্ভ হয়। ছোৱালীজনীৰ জন্মৰ সময়ত ৰোৱা গছপুলি বোৰৰ ছোৱালী জনীৰ বিয়াৰ বয়সলৈ একো জোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত হয় আৰু ১১১ জোপা গছৰ মূল্যৰ ভালে খিনি বৃদ্ধি পায়। এইবোৰ গাঁওখনৰ মূল্যবান সম্পতি হৈ পৰে। কিন্তু গছে দিয়া অক্সিজেন তাতোকৈও অধিক মূল্যবান। গতিকে প্ৰতিটো গছপুলিক এজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্ৰতিজন লোকেই পালন কৰি আহিছে। ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল।
প্ৰশ্ন নং ৭: পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে?
উত্তৰঃ পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী দেশখনৰ প্ৰতিখন বাতৰি কাকত, সংবাদ মাধ্যমৰ উপৰিও ইউটিউব, ফেচবুক, টুইটাৰ, আদি সামাজিক মাধ্যমৰ জৰিয়তেও প্ৰচাৰ কৰা হৈছে।
প্ৰশ্ন নং ৯ঃ বহলাই, বুজাই লিখাঃ
ক) বাৰটা মাহত তেৰটা খেতিঃ আামাৰ বছৰটো বাৰটা মাহ আছে। প্ৰতিটো মাহেই খেতিৰ বাবে উপযুক্ত নহয়। কিন্তু কৰ্মী লোক সকলে নিজ পৰিশ্ৰমেৰে প্ৰতিটো মাহকেই খেতিৰ বাবে উপযুক্ত কৰি তোলে। অৰ্থাৎ বছৰৰ গোটেইকেইটা মাহতেই খেতি পথাৰত শস্যৰ ভৰপূৰ হৈ থাকে। ইয়াকেই বাৰটা মাহত তেৰটা খেতি বুলি কয়।
খ) স্বচ্ছ ভাৰত অভিযানঃ ২০১৫ চনত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ' স্বচ্ছ ভাৰত অভিযান' নামৰ আঁচনি খন প্ৰৱৰ্তন কৰে। এই আঁচনি খনৰ মূল উদ্দেশ্য হল : এখন নিকা, স্বচ্ছ প্ৰদূষণ মুক্ত ভাৰত গঢ়ি তোলা। প্ৰতিগৰাকী নাগৰিকে নিজৰ ঘৰখন, সমাজখন, দেশখন, চাফ চিকুনকে ৰখাৰ বাবে দায়বদ্ধ।
গ) সামাজিক দায়ৱদ্ধঃ সামাজিক মাধ্যম (Social Media) বৰ্তমানৰ সময়ৰ আটাইতকৈ ক্ষিপ্ৰ আৰু শক্তিশালী প্ৰচাৰ মাধ্যম। ফেচবুক, ইউটিউব, টুইটাৰ, হোৱাটচ্এপ আদিৰ জৰিয়তে আজি সকলো ধৰণৰ বাৰ্তা সমগ্ৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব পাৰি। ই এক শক্তিশালি গণমাধ্যম।
ভাষা বিষয়কঃ
১০) বাক্য ৰচনা কৰাঃ
হাতে কামেঃ নিজে হাতে-কামে লগাতহে ৰমেনৰ খেতি ডৰা লহপহকৈ বাঢ়ি আহিছে।
নিয়ম শৃংখলাঃ ঘৰখনৰ নিয়ম-শৃংখলা বোৰ মানি চলিলে ঘৰখন নিয়াৰিকৈ চলে।
দিনে নিশাইঃ নিজৰ লৰা-ছোৱালী কেইটাই ভালকৈ থাকক বুলিয়ে মাক গৰাকীয়ে দিনে-নিশাই পৰিশ্ৰম কৰিছে।
খেতি বাতিঃ বানপানীৰ বাবে এইবাৰ খেতি বাতি ভাল নহল।
আনন্দ উল্লাসঃ নিৰুৰ বিয়া খন আনন্দ-উল্লাস ৰ মাজেৰেই পাৰ হৈ গল।
ডাঙৰ দীঘলঃ শ্ৰী কৃষ্ণক যশোদাই তুলি তালি ডাঙৰ দীঘল কৰিছিল,
মুখ - সমৃদ্ধিঃ সকোলোৰে মিলিত প্ৰচেষ্টাত গাঁও খনলৈ মুখ-সমৃদ্ধি ঘূৰি আহিল।
১২) তলৰ শব্দ বোৰৰ প্ৰতিটোৰে একোটাকৈ সমাৰ্থক শব্দ লিখাঃ
মুক্ত : মুকলি
বায়ু : বতাহ
বৃহৎ : ডাঙৰ
পানী : জল
গছ : বৃক্ষ
চকু: নয়ন
গাঁও : গ্ৰাম
১৩) তলৰ উপষৰ্গ কেইটাৰ একোটা শব্দ গঠন কৰাঃ
প্ৰতি : প্ৰতিদান
অধি : অধিগ্ৰহণ
উপ : উপকাৰ
অৱ: অৱৰোধ
দূৰ : দূৰ সংযোগ
js
Tuesday, March 15, 2022
9 পোহৰৰ বাটে আগবঢ়া গাওঁ খন
Subscribe to:
Post Comments (Atom)
MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry
MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
No comments:
Post a Comment