চমু প্রশ্নোত্তৰ
প্রশ্ন
১। স্কেল বা মাপনী বুলিলে কি
বুজা?
উত্তৰঃ
যিটো অনুপাতত পৃথিৱীৰ উপৰি
ভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্রকৃত
দূৰত্বক কম কৰি লােৱা হয় তাকে
মানচিত্র বিদ্যাত (cartography)
স্কেল
বা মাপনী বােলে।
প্রশ্ন
২। কি কি ক্ষেত্ৰত গােলকীয়
স্থান নির্ণয় ব্যৱস্থা
প্রয়োগ কৰা হয় ?
উত্তৰঃ
ভূ-পৃষ্ঠত
ইয়াৰ অৱস্থান সম্বন্ধীয়
তথ্য আদি অর্থাৎ ঠাইখনৰ (১)
দ্রাঘিমাংশ
(২)
অক্ষাংশ
(৩)
উচ্চতা
আদি নির্ণয় কৰিবলৈ গােলকীয়
স্থান নির্ণয় ব্যৱস্থা
প্রয়ােগ কৰা হয়।
অনুশীলন ৰচনাধৰ্মী প্ৰশ্নোত্তৰ সমূহ
প্রশ্ন
১। মানচিত্র অংকনৰ ক্ৰমবিকাশৰ
বিষয়ে এটি টোকা লিখা।
উত্তৰ:
সভ্যতাৰ
আদিম অৱস্থাৰ পৰাই মানুহে
মানচিত্র প্রস্তুত কৰাৰ চেষ্টা
কৰি অহাৰ প্রমাণ পােৱা যায়।
(১) বর্তমান (ইৰাকত) আটাইতকৈ প্রাচীন কালৰ মানচিত্র উদ্ধাৰ হৈছে। এই মানচিত্র টেৰাকোটাৰ ফলকত অংকন কৰা হৈছিল। মিছৰতো একে বানাক্ৰান্ত অঞ্চলৰ মানচিত্র উদ্ধাৰ হৈছে।
(২) খ্রীষ্টপূর্ব দ্বিতীয় শতিকাত চীনদেশত স্কেলৰ মানচিত্র অংকনৰ প্ৰমাণ পােৱা গৈছে। চীনদেশত পাটৰ কাপােৰৰ পৰ্বত-পাহাৰ, নদ-নদী, ৰাস্তা-ঘাট আদি অংকন কৰি দেখুৱাইছিল। ট’লেমিয়ে মানচিত্র অংকনৰ চেষ্টাত দ্রাঘিমা অক্ষাংশৰ ব্যৱহাৰ কৰা দেখা যায়।
(৩) পৰৱৰ্তীকালত কলম্বাচ, ভাস্কো-ডা-গামাই পৃথিৱী ভ্ৰমণ কৰি নানা ঠাই আবৱিষ্কাৰ কৰি বিশ্ববাসীক যথেষ্ট জ্ঞান দি সচেতন কৰি তুলিছিল। পাছত শিল্পবিপ্লৱৰ সময়ত ছপাযন্ত্ৰ আৱিষ্কাৰ হােৱাৰ পাছত মানচিত্র প্রস্তুতৰ ব্যাপক উন্নতি হয়। কাৰণ ইংলেণ্ডত আৰম্ভ হােৱা শিল্পবিপ্লৱে গােটেই ইউৰােপতে এক আলােড়ন সৃষ্টি কৰি বিভিন্ন যন্ত্রপাতি আৱিষ্কাৰ কৰে।।
(৪) খ্রীষ্টপূর্ব ২৫০০ ভাৰতত মানচিত্র অংকনৰ প্ৰমাণ পােৱা যায়। ৰজা মহাৰজাসকলে ৰাজ্যৰ সীমা অংকন কৰি মানচিত্র তৈয়াৰ কৰিছিল। অৱশ্যে ইংৰাজসকলেই বিজ্ঞানসন্মতভাৱে মানচিত্র অংকন কৰিছিল। তেওঁলােকে ছার্ভে অব ইণ্ডিয়া নামৰ প্রতিষ্ঠানটো ১৭৬৭ চনত প্রতিষ্ঠা কৰিছিল। ইংৰাজ বিষয়া ছাৰ জর্জ এভাৰেষ্টে আৰু উইলিয়াম লেমটনে মানচিত্র অংকনত ত্রিকোণমিতিৰ সহায় লৈছিল। আধুনিক যুগত বর্তমান ভাৰতত দূৰ-সংবেদন প্রযুক্তি আৰু কম্পিউটাৰৰ ব্যৱহাৰ কৰি নিখুঁত আৰু অতি উন্নত মানৰ মানচিত্র তৈয়াৰ কৰা দেখা যায়। মানচিত্র অধ্যয়ন সম্পর্কে কেইটিমান জানিবলগীয়া প্রশ্নোত্তৰ
প্রশ্ন
১৪ মানচিত্র কাক বােলে ?
ভূগােল
অধ্যয়নত মানচিত্ৰৰ ভূমিকা
কি চমুকৈ লিখা।
উত্তৰঃ
মানচিত্র কাক বােলেঃ
ভূ-পৃষ্ঠৰ
বা ইয়াৰ যিকোনাে এটা অংশৰ
উপাদানসমূহৰ প্রতিচ্ছবি
একেলগে দেখুৱাবলৈ সমতল ক্ষেত্রত
প্রয়ােজনীয় জোখ-মাখ
কৰি শুদ্ধকৈ অংকন কৰা চিত্রকে
মানচিত্র বােলে।
মানচিত্ৰৰ ভূমিকা: ভূগােল অধ্যয়নত সকলােবােৰ সমলৰ ভিতৰত মানচিত্ৰৰ অধ্যয়নেই আটাইতকৈ প্রয়ােজনীয়। মানচিত্র প্রকৃততে ভৌগােলিক তথ্যৰ ভঁৰালস্বৰূপ। মানচিত্ৰৰ যােগেদিয়ে ভূ-পৃষ্ঠৰ এটা অঞ্চলৰ বা এখন দেশৰ প্রতিচ্ছবি দাঙি ধৰিব পাৰি। মানচিত্ৰৰ জৰিয়তেহে বিশাল পৃথিৱীখনৰ বিভিন্ন অঞ্চলৰ জলবায়ু, উদ্ভিদ, মাটি, পানী, ভূ-প্রকৃতি, কৃষি কাৰ্য, জনসংখ্যা, যাতায়াত ব্যৱস্থা, সময়ৰ গতিত হােৱা পৰিৱৰ্তন আদি সহজে বুজিব পৰা যায়।
ইয়াৰ জৰিয়তেই পৃথিৱীখনৰ দেশ-বিদেশৰ বিভিন্ন ঠাইৰ মাজৰ দূৰত্ব, দিশ, সাদৃশ্য, সম্পর্ক কথা আমি সহজে জানিব পাৰোঁ। প্ৰকৃততে মানচিত্ৰৰ পৰাই আমি নেদেখা-নুশুনা, নজনা কথাৰ বিষয়ে জ্ঞান অর্জন কৰিব পাৰোঁ। মানচিত্র এখনৰ পৰা পাব পৰা এনেবােৰ জ্ঞানৰ বাবেই মানচিত্রক ভূগােল অধ্যয়নৰ এটা অত্যাৱশ্যকীয় আহিলা বা সমল বুলি বিবেচনা কৰা হয়। অকল ভূগােল অধ্যয়নৰ বাবেই নহয়, ভূ-পৃষ্ঠৰ প্রাকৃতিক বা মানৱসৃষ্ট বিভিন্ন তথ্য প্রকাশৰ মাধ্যম হিচাপেও মানচিত্ৰৰ ভূমিকা অতি গুৰুত্বপূর্ণ।
প্রশ্ন
২ :
মানচিত্র
কেই প্ৰকাৰৰ আৰু কি কি?
উদাহৰণসহ
লিখা।
উত্তৰ:
অংকন
পদ্ধতি,
বিষয়বস্তু,
উদ্দেশ্য
আৰু স্কেলৰ ওপৰত নিৰ্ভৰ কৰি
ভূগােল অধ্যয়নৰ বাবে প্রস্তুত
কৰা মানচিত্ৰক চাৰি প্ৰকাৰে
ভাগ কৰা হৈছে
(ক)
অংকন
পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰা ভাগ
দুটা হ’ল– (১)
উচ্চতা
ভিত্তিক মানচিত্র আৰু (২)
সমতল
ভিত্তিক মানচিত্র।
(খ)
বিষয়বস্তুৰ
ওপৰত অংকন কৰা মানচিত্র হ’ল–
(১)
প্রাকৃতিক
মানচিত্র,
(২)ৰাজনৈতিক
মানচিত্র,
(৩)
সাংস্কৃতিক
মানচিত্র আৰু (৪)
ভূ-তাত্ত্বিক
মানচিত্র।
(গ)
উদ্দেশ্য
আৰু উপস্থাপন কৰা তথ্যৰ ভিত্তিত
কৰা ভাগ হ’ল-
(১)
সাধাৰণ
মানচিত্র,
(২)
বিষয়
ভিত্তিক মানচিত্র আৰু (৩)
বিশেষ
মানচিত্র।
(ঘ)
স্কেলৰ
ওপৰত ভিত্তি কৰি অংকন কৰা
মানচিত্র হ’ল—(১)
সৰু
স্কেলৰ মানচিত্র,
(২)
মধ্যমীয়া
স্কেলৰ মানচিত্ৰ আৰু (৩)
ডাঙৰ
স্কেলৰ মানচিত্র।
প্রশ্ন
৩ঃ সাধাৰণ মানচিত্র আৰু বিশেষ
মানচিত্ৰৰ মাজৰ পার্থক্য
কি?
উত্তৰ
:সাধাৰণ
মানচিত্ৰত সাধাৰণতে প্রাকৃতিক
আৰু মানৱসৃষ্ট দুয়ােবিধ
উপাদানকে দেখুওৱা হয়;
কিন্তু
বিশেষ মানচিত্র উদ্দেশ্য এটা
আগত লৈ বিশেষ ধৰণে অংকন কৰা
হয় যেনে-
শিশুসকলৰ
বাবে,
অন্ধলােকৰ
বাবে নাইবা নতুনকৈ প্রশিক্ষণ
বা শিক্ষা দিবৰ বাবে অংকন কৰা
মানচিত্ৰক বিশেষ মানচিত্র
বােলে। সাধাৰণ মানচিত্র
সকলােৰে বাবে আৰু বিশেষ মানচিত্র
বিশেষ শ্ৰেণীৰ বাবেহে অংকন
কৰা হয়।
প্রশ্ন
৪ :
ডাঙৰ
স্কেলৰ মানচিত্র আৰু সৰু
স্কেলৰ মানচিত্রৰ মাজত পার্থক্য
কি?
উত্তৰ:
এখন
গাঁও,
এখন
নগৰ,
এটা
মৌজা নাইবা মহকুমা আৰু জিলাৰ
মানচিত্র অংকন কৰোতে ডাঙৰ
স্কেল ব্যৱহাৰ কৰা হয়। ডাঙৰ
স্কেলৰ মানচিত্রত সাধাৰণতে
১চেঃমিঃ =১
কিঃমিঃ,
১
চেঃমিঃ =২
কিঃ মিঃ নাইবা ১ চেঃমিঃ =৫
কিঃমিঃ হিচাবত লােৱা হয়।
ভূ-পৃষ্ঠৰ
একোটা সৰু খণ্ডৰ মানচিত্র
অংকন কৰিবলৈ হ’লে ডাঙৰ স্কেল
ব্যৱহাৰ কৰা প্রয়ােজন।
আনহাতে বিশাল পৃথিৱীৰ বা তাৰ কোনাে অংশৰ, যেনে মহাদেশ, দেশ বা প্রদেশৰ মানচিত্র অংকন কৰিবলৈ সৰু স্কেল ব্যৱহাৰ কৰা হয়। সৰু স্কেলৰ মানচিত্রৰ স্কেল ১ চেঃ মিঃ =১০০ কিঃ মিঃ, ১ চেঃ মিঃ =২০০ কিঃ মিঃ বা ১ চেঃ মিঃ ৫০০ কিঃ মিঃ হ’ব পাৰে। ডাঙৰ স্কেলৰ মানচিত্রত গাঁও বা নগৰৰ ভিতৰত থকা ভূ-পৃষ্ঠৰ বন্ধুৰতা, নদ-নদী, খাল-বিল, পুখুৰী, জনবসতি, ৰাস্তা-ঘাট, স্কুল, কার্যালয়, বজাৰ, কৃষিভূমি আদি ভালদৰে দেখুৱাব পাৰি।
আনকি,
ৰাজ্যৰ
ৰাজহ বিভাগে ব্যৱহাৰ কৰা
কেডেষ্ট্রেল মেপত বেছি ডাঙৰ
স্কেল ব্যৱহাৰ কৰি প্ৰতিটো
পৰিয়ালৰ মাটিৰ পৰিমাণ দেখুৱাব
পাৰি। সৰু স্কেলত আঁকা দেশ
বা মহাদেশৰ মানচিত্রত প্রধান
পর্বত-পাহাৰ,
নদ-নদী,
হ্রদ,
নগৰ-মহানগৰ,
ঘাই
আলিবাট,
ৰে’লপথ
ইত্যাদি মুখ্য ভৌগােলিক
উপকৰণবােৰহে
দেখুৱাব
পাৰি। এনে ধৰণৰ মানচিত্র এখন
নগৰ বা চহৰৰ অৱস্থান এটা বিন্দু
হিচাপেহে দেখুওৱা হয়।
ডাঙৰ স্কেলৰ মানচিত্র যি অঞ্চলৰ বাবে আঁকা হয়, তাত সকলােবােৰ তথ্য বিতংভাৱে জানিব পাৰি। কিন্তু সৰু স্কেলৰ মানচিত্রৰ পৰা সামান্য জ্ঞানহে আহৰণ কৰিব পাৰি। স্কুল বা মহাবিদ্যালয়বােৰত ব্যৱহাৰ কৰা দেৱাল মেপ বা ভূচিত্ৰাৱলী সৰু স্কেলৰ মানচিত্রৰ অন্তৰ্গত। মুঠতে, ডাঙৰ স্কেলৰ মানচিত্র সৰু স্কেলৰ মানুচিত্ৰতকৈ ব্যৱহাৰৰ বাবে বেছি উপযােগী।
প্রশ্ন
৫ :
মানচিত্র
প্রধান বৈশিষ্ট্যবােৰ উল্লেখ
কৰা।
উত্তৰ:
(ক)
মানচিত্রৰ
মূল বৈশিষ্ট্য হল— ভূ-পৃষ্ঠৰ
বিভিন্ন উপাদানৰ সঠিক অৱস্থান
আৰু গুণাগুণ দেখুওৱা।
(খ)
উপাদানসমূহক
পৃথকভাৱে চিনাক্ত কৰাৰ বাবে
বিশেষ চিহ্ন ব্যৱহাৰ কৰা
হয়।
(গ)
সৰলীকৰণ
পদ্ধতিৰ ব্যৱহাৰ কৰা হয় যাতে
বিশাল পৃথিৱীৰ বিভিন্ন
উপাদানসমূহৰ বিতৰণৰ জটিলতা
হ্রাস কৰিব পৰা যায়।
প্রশ্ন
৬ :
মানচিত্রৰ
কেইটামান ব্যৱহাৰ উল্লেখ
কৰা।
উত্তৰ:
মানচিত্রৰ
ব্যৱহাৰবােৰ তলত উল্লেখ কৰা
হ’ল-
(ক)
মানচিত্ৰৰ
পৰা কোনাে দেশ-বিদেশৰ
আৰু কোনাে ঠাইৰ অৱস্থিতি,
বিস্তৃতি
আৰু আপেক্ষিক অৱস্থান দূৰত্ব
আৰু দিশ আদি নির্ণয় কৰিব
পাৰি।
(খ)
মানচিত্র
অধ্যয়নৰ জৰিয়তে ঠাই এখনৰ
প্রাকৃতিক,
ৰাজনৈতিক
আৰু আর্থ-
সামাজিক
তথ্যসমূহ উদ্ঘাটন কৰিব পাৰি।
(গ)
কোনাে
এখন দেশ বা এটা অঞ্চলৰ বিভিন্ন
সময়ৰ অংকিত কৰা মানচিত্র
অধ্যয়ন কৰি তাত সংঘটিত হােৱা
পৰিৱৰ্তনবােৰ চিনাক্ত কৰিব
পাৰি।
(ঘ)
মানচিত্রৰ
জৰিয়তে ভূ-পৃষ্ঠৰ
উপাদানবােৰৰ বিতৰণ আৰু গুণাগুণ
সহজে মূল্যায়ন কৰিব পাৰি।
(ঙ)
ডাঙৰ
স্কেলৰ সাধাৰণ মানচিত্রৰ পৰা
আৱশ্যক মতে বহুত মধ্যমীয়া
বা সৰু বিষয়ভিত্তিক মানচিত্র
অংকন কৰি উলিয়াব পাৰি।
প্রশ্ন
৭ :
মানচিত্র
প্রকৃততে ভৌগােলিক তথ্যৰ
ভঁৰালস্বৰূপ।’ এই কথা ফাঁকিৰ
তাৎপর্য চমুকৈ আলােচনা
কৰা।
উত্তৰ:
(ওপৰৰ
১নং প্রশ্নোত্তৰত মানচিত্ৰৰ
ভূমিকা চোৱা।)
প্রশ্ন
৮ :
‘এখন
ঠাইৰ মানচিত্র ঠাইখনৰ
দাপােণস্বৰূপ’ এই কথাখিনি
চমুকৈ ব্যাখ্যা কৰা।
নাইবা,
মানচিত্র
এখনৰ পৰা এখন ঠাইৰ ভৌগােলিক
পৰিৱেশ সম্পর্কে কেনেদৰে
জানিব পাৰি?
উত্তৰ:
ভূ-পৃষ্ঠৰ
কোনাে অংশৰ প্রাকৃতিক,
সামাজিক,
অর্থনৈতিক
উপাদানসমূহক একেলগে চাবলৈ
সমতলত উপযুক্ত স্কেল ব্যৱহাৰ
কৰি যি চিত্র অংকন কৰা হয়
তাকেই। মানচিত্র বােলে। ইয়াৰ
উপৰি মানচিত্রত অক্ষৰেখা আৰু
দ্রাঘিমাবােৰ শুদ্ধভাৱে
দেখুওৱা হয়। ইয়াৰ সহায়ত
ভূ-পৃষ্ঠৰ
যিকোনাে ঠাইৰ ভৌগােলিক অৱস্থান
মানচিত্র দেখা যায়।
ভূ-পৃষ্ঠৰ প্ৰাকৃতিক অবয়বসমূহ, যেনে বন্ধুৰতা; পর্বত-পাহাৰ, মালভূমি, সমভূমি, মৰুভূমি, উপকূল, জলবায়ু, নদ-নদী, সাগৰ-মহাসাগৰ, হ্রদ, হাবি-বননি, জীৱ-জন্তু আদি সকলাে উপকৰণ প্ৰাকৃতিক মানচিত্রত দেখুওৱা হয়। লগতে, ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক তথ্য যেনে— দেশৰ সীমাৰেখা, জনসংখ্যা, লােকবসতি, কৃষিজ আৰু খনিজ সম্পদ, মাটিৰ প্ৰকাৰ, ৰাস্তা-ঘাট, গাঁও, নগৰ-চহৰ আদি মানৱসৃষ্ট সকলাে উপকৰণ সঠিকভাৱে দেখুওৱা হয়।
এনে কাৰণতে ভূ-পৃষ্ঠৰ কোনাে এখন ঠাইৰ মানচিত্রক ঠাইখনৰ দাপােণ বুলিয়ে কোৱা হয়। কাৰণ ভৌগােলিক পৰিৱেশৰ প্ৰতিটো উপাদান, প্রাকৃতিক বা মানৱসৃষ্ট সকলােবােৰ স্পষ্ট প্রতিচ্ছবি মানচিত্র এখনত প্রতিবিম্বিত হয়।
প্রশ্ন
৯ :
মানচিত্রক
ভূগােল অধ্যয়নৰ এটা প্রধান
আহিলা বুলি কিয় কোৱা হয়
?
উত্তৰ:
ভূগােল
অধ্যয়নত সকলােবােৰ সমলৰ
ভিতৰত মানচিত্র অধ্যয়নেই
আটাইতকৈ প্রয়ােজনীয়। অকল
ভূগােলৰ কিতাপ পঢ়ি পৃথিৱীৰ
সকলােবােৰ জ্ঞান আহৰণ কৰা
সম্ভৱ নহয়। কোনাে এখন দেশ
বা কোনাে এটা অঞ্চলৰ বিষয়ে
ভূগােলত পঢ়াৰ লগতে সেই ঠাইৰ
মানচিত্র ভালদৰে লক্ষ্য কৰিব
লাগে। তেতিয়াহে ঠাইখনৰ প্ৰকৃত
ভৌগােলিক জ্ঞান আহৰণ কৰিব
পৰা যাব। পৃথিৱীৰ বিভিন্ন
ভূ-খণ্ড,
দেশ
আৰু মহাদেশৰ প্ৰাকৃতিক,
ৰাজনৈতিক,
জলবায়ু
ইত্যদি
সম্পর্কীয়
বিষয়বােৰ প্ৰকাশ কৰিবৰ বাবে
নানান প্রকাৰ মানচিত্র ব্যৱহাৰ
কৰা হয়।
ইয়াৰ উপৰি জনসংখ্যা, জনবসতি, জীৱ-জন্তু, কৃষিজ আৰু খনিজ সম্পদ, যাতায়াত আৰু পৰিবহণ ব্যৱস্থা— এই সকলােবােৰ বিষয়েই মানচিত্ৰৰ সহায়েৰে প্ৰকাশ কৰা হয়। সেয়ে মানচিত্র হ’ল এখন দেশ বা এটা অঞ্চলৰ প্রতিচ্ছবি। এইবােৰ কাৰণতে কোনাে এক অঞ্চলৰ বা দেশৰ ভৌগােলিক জ্ঞান পাবৰ কাৰণে মানচিত্র অধ্যয়ন অতি প্রয়ােজনীয়। সেয়ে, মানচিত্রক ভূগােল অধ্যয়নৰ প্ৰধান আহিলা বুলি কোৱা হয়।
প্রশ্ন
১০ঃ মানচিত্র এখনৰ স্কেল বা
মাপনী বুলিলে কি বুজা?
উদাহৰণসহ
চমুকৈ আলােচনা কৰা।
উত্তৰ
:স্কেল
বা মাপনী বুলিলে সাধাৰণ অৰ্থত
দীর্ঘতাৰ মাপকাঠীকে বুজো।
কিন্তু মানচিত্র অংকনত যি
স্কেল বা মাপনী ব্যৱহাৰ হয়,
তাৰ
অৰ্থ আৰু তাৎপর্য সুকীয়া।
যিকোনাে এখন মানচিত্রলৈ মন
কৰিলেই তাৰ এটা কোণত স্কেল
লিখি থােৱা দেখা যায়। পৃথিৱীৰ
উপৰিভাগৰ বা তাৰ যিকোনাে অংশৰ
পৰিপাটি অংকনেই হ’ল মানচিত্র
। বিশাল পৃথিৱীৰ উপৰিভাগত
থকা সকলোবােৰ প্ৰাকৃতিক আৰু
মানৱসৃষ্ট উপাদানসমূহ একেলগে
চোৱাটো বা অধ্যয়ন কৰা সহজ
নহয়। কেৱল মানচিত্ৰৰ সহায়তহে
ই সম্ভৱ হ’ব পাৰে।
সেয়ে পৃথিৱীৰ কোনাে এটা অংশৰ মানচিত্র অংকন কৰোঁতে পৃথিৱীৰ আকাৰ সৰু কৰি লােৱা হয়। ফলত মানচিত্রত দেখুওৱা দুখন ঠাইৰ মাজৰ দূৰত্ব ভূ-পৃষ্ঠৰ আচল দুৰত্বতকৈ বহুগুণে কম হয়। ধৰি লােৱা হওক যে এখন মানচিত্রত ক আৰু খ দুখন ঠাইৰ দূৰত্ব ১০ চেণ্টিমিটাৰ। কিন্তু ধৰাপৃষ্ঠত ইয়াত আচল দূৰত্ব ১০০ কিলােমিটাৰ। ইয়াৰ অৰ্থ এয়ে যে মানচিত্রৰ ১০ চেণ্টিমিটাৰ দীর্ঘত ধৰাতলৰ ১০ কিলােমিটাৰৰ সমান। দুখন ঠাইৰ মানচিত্রত দেখুওৱা দূৰত্ব আৰু ধৰাতলত সেই একে দুখন ঠাইৰ আচল দূৰত্বৰ যি অনুপাত তাক স্কেল বা মাপনী বােলে। মুঠতে স্কেল হ’ল এক গাণিতিক উপায় যাৰ সহায়ত ভূ-পৃষ্ঠৰ যিকোনাে অঞ্চলক প্রয়ােজন অনুসৰি সৰু কৰি দেখুৱাব পাৰি। স্কেল অবিহনে মানচিত্র অংকন কৰা সম্ভৱ নহয়। কাৰণ, পৃথিৱী বিশাল আকাৰৰ। সেয়ে প্রয়ােজন অনুসৰি এক নির্দিষ্ট স্কেল ধৰি লােৱা হয় আৰু সেই অনুপাতে ভূ-পৃষ্ঠৰ যিকোনাে অংশৰ মানচিত্র অংকন কৰা হয়। সেয়ে মানচিত্র বিদ্যাত স্কেলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু অপৰিহার্য।
প্রশ্ন
১১ :
স্কেল
বা মাপনী কেইপ্রকাৰৰ আৰু কি
কি?
উদাহৰণেৰে
সৈতে লিখা।
উত্তৰ
:
মানচিত্ৰত
সাধাৰণতে তিনি প্রকাৰৰ স্কেল
বা মাপনী ব্যৱহাৰ কৰা হয় ।
যেনে– (ক)
উক্তিৰ
স্কেল বা ভাষাৰে প্ৰকাশ কৰা
মাপনী,
(খ)
নিৰূপক
ভগ্নাংশ মাপ আৰু (গ)
ৰৈখিক
বা লেখচৈত্রিক মাপনী
(ক) ভাষাৰ মাপনী: মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ দূৰত্বৰ অনুপাত কেতিয়াবা ভাষাৰে প্ৰকাশ কৰিলে যি মাপনী পােৱা যায় তাকে ভাষাৰ মাপনী বা উক্তিৰ মাপনী বােলে। যেনে—১ চেঃ মিঃ =১০ কিঃ মিঃ, ১ ইঞ্চি = ৫ মাইল ইত্যাদি।
(খ) নিৰূপক ভগ্নাংশ মাপনী : এক বিশেষ ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা মাপনীক নিৰূপক ভগ্নাংশ মাপনী বােলা হয়। যেনে—১:১০০, ০০০ বা ১ ইয়াত লব সদায় ১ আৰু লব ১০০,০০০ আৰু হৰ দুয়ােটাকে দীঘতাৰ একে এককত প্রকাশ কৰা হয়। এই মাপনীৰ সুবিধা এয়ে যে যি মানুহে চেণ্টিমিটাৰ, কিলােমিটাৰ বা ইঞ্চি, মাইল বুজি নাপায় তেওঁলােকে এই মাপনী ব্যৱহাৰ কৰিব পাৰে। সেই বাবে এই প্রকাৰৰ মাপনী অন্তর্জাতিক ব্যৱহাৰােপযােগী।
(গ) ৰৈখিক মাপনীঃ লেখচিত্র বা গ্রাফৰ সহায়েৰেও মানচিত্র আৰু ভূ-পৃষ্ঠৰ দুটা দূৰত্বৰ অনুপাত এডাল ৰেখাৰে প্ৰকাশ কৰা হয় আৰু তাকে ৰৈখিক মাপনী বােলা হয়। মানচিত্র এখন যদি ভাষাৰ মাপনী ১ চেঃ মিঃ =১০ কিঃমিঃ হয়, তেনেহ’লে ৫ চেঃমিঃ দৈর্ঘ্যৰ এডাল ৰেখাই ভূ- পৃষ্ঠত ৫০ কিলােমিটাৰ আৰু মানচিত্রত ৫ চেঃ মিঃ বুজায়। এই মাপনীৰ সহায়ত মানচিত্রৰ যিকোনাে দুখন ঠাইৰ মাজৰ দূৰত্ব অতি সহজে নির্ণয় কৰিব পাৰি।।
প্রশ্ন
১২ :
এখন
ঠাইৰ চাৰিসীমা বুলিলে কি
বুজায়?
তােমাৰ
নিজ গাঁও বা নগৰৰ চাৰিসীমা
উল্লেখ কৰা।
উত্তৰ:
ভূ-পৃষ্ঠৰ
কোনাে এখন ঠাইৰ অঞ্চল,
জিলা,
ৰাজ্য,
দেশ
বা মহাদেশ আদিৰ উত্তৰ-দক্ষিণ,
পূর্ব-পশ্চিম
এই চাৰিও দিশত থকা প্রাকৃতিক
বা মানৱসৃষ্ট উপাদানসমূহ
উল্লেখ কৰি সেই নির্দিষ্ট
অঞ্চলৰ সীমাক বুজোৱা হয়।
উদাহৰণস্বৰূপে কোনে নদী,
পাহাৰ,
পর্বত,
হ্রদ,
ৰাস্তা,
আলিবাট,
ৰে’ল
লাইন,
কোনাে
বিখ্যাত প্রধান অনুষ্ঠান-প্রতিষ্ঠান,
পথাৰ
ইত্যাদি হ’ব পাৰে।
তলত
উত্তৰ গুৱাহাটী নগৰৰ চাৰিসীমা
উল্লেখ কৰা হ’ল-
উত্তৰে→
মােমাই কটা গড়,
দীর্ঘেশ্বৰী
পাহাৰ।
দক্ষিণে→ব্রহ্মপুত্র
নদ।
পূবে→
মণিকণেশ্বৰ পাহাৰ,
ব্ৰহ্মপুত্ৰৰ
মথাউৰি।
পশ্চিমে→শীলাসেন্দুৰী
ঘােপা পাহাৰ,
ঘোঁৰামাৰা
পুঁতি,
ৰে’ল
লাইন আদি।
প্রশ্ন
১৩ঃ মানচিত্ৰত কিয় সাংকেতিক
চিহ্ন ব্যৱহাৰ কৰা হয়।
উত্তৰঃ
প্রায়বােৰ মানচিত্রতে
ভূ-পৃষ্ঠৰ
নির্দিষ্ট অঞ্চলটোত থকা
বিভিন্ন প্রাকৃতিক আৰু মানৱসৃষ্ট
উপাদানবােৰ চিনাক্ত কৰি
দেখুৱাবলৈ কিছুমান সাংকেতিক
চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে
পাহাৰ-পর্বত,
নদ-নদী,
হ্রদ,
অৰণ্যভূমি,
মৰুভূমি
আদি প্রাকৃতিক উপাদানবােৰ।
সেইদৰে ৰাজনৈতিক মানচিত্ৰত দেশ-বিদেশ, জিলা, মহকুমা, প্রধান ঠাই, ৰাজধানী, ৰাস্তা- ঘাট, ৰে’ললাইন, উদ্যোগ আদি মানৱসৃষ্ট উপাদানসমূহ বিশেষ চিহ্নৰ দ্বাৰা চিহ্নিত কৰি দেখুওৱা হয়। এই বিভিন্ন উপাদানবােৰৰ নির্দিষ্ট স্থান, এলেকা, সুকীয়া চিহ্নৰ দ্বাৰা বুজোৱা হয়। এনেবােৰ কাৰণতে সাংকেতিক চিহ্নৰ ব্যৱহাৰ কৰা হয়।
প্রশ্ন
১৪ :
ক্ষেত্র
অধ্যয়ন বুলিলে কি বুজা?
ভূগােল
অধ্যয়নত ইয়াৰ প্ৰয়ােজনীয়তা
কি?
উত্তৰঃ
ভূগােল বিজ্ঞানৰ মূল বিষয়বস্তু
আৰু লক্ষ্য হ’ল ভূ-পৃষ্ঠৰ
প্রাকৃতিক অবয়বসমূহৰ লগত
মানুহৰ ক্রিয়া কলাপৰ কেনে
ধৰণৰ সম্পর্ক ঘটিছে আৰু তাৰ
ফলত কেনে ধৰণৰ পৰিৱেশ সৃষ্টি
হৈছে সেই বিষয়ে অধ্যয়ন কৰা।
ভূগােলৰ কিতাপত ভূ-পৃষ্ঠৰ
যিকোনাে স্থানৰ সুন্দৰ সুন্দৰ
বৰ্ণনা দিয়া আছে। লগতে মানচিত্র
প্রকৃতি আৰু মানৱসৃষ্ট সকলাে
উপাদান সঠিকভাৱে দেখুওৱা
আছে। কিন্তু,
অকল
ভূগােলৰ কিতাপ অধ্যয়ন কৰি
আৰু মানচিত্র চাই একোখন ঠাইৰ
সম্পূর্ণ ভৌগােলিক জ্ঞান
আহৰণ কৰিব নােৱাৰি।
সেয়ে ভূ-পৃষ্ঠৰ কোনাে ঠাইৰ ভৌগােলিক জ্ঞান আহৰণ কৰিবৰ বাবে নিজৰ চকুৰে সেইবােৰ চাব লাগে। এইদৰে নিজে গৈ চাই-চিতি ঠাইখনৰ কথা বুজিবলৈ চেষ্টা কৰাকে ক্ষেত্র অধ্যয়ন বােলা হয়। প্রাকৃতিক আৰু মানৱসৃষ্ট দুয়ােটা পৰিৱেশেই পৰিৱৰ্তনশীল। সেয়ে পৰিৱৰ্তনশীল পৃথিৱীৰ লগত গতিশীল মানৱ সম্পৰ্কত কেনেদৰে ভৌগােলিক উপাদানসমূহৰ পৰিৱর্তন ঘটিব লাগিছে তাক ক্ষেত্র অধ্যয়নৰ দ্বাৰা বিচাৰ কৰা প্রয়ােজন। সেয়ে ভূগােল অধ্যয়নত ক্ষেত্র অধ্যয়নৰ ভূমিকা অতি গুৰুত্বপূর্ণ।
প্রশ্ন
১৫ :
আৰ্হি
চিত্র কাক বােলে?
তােমাৰ
গাঁও বা নগৰ ক্ষেত্র অধ্যয়ন
কৰি প্রধান উপাদানসমূহ দেখুৱাই
এখন আৰ্হি চিত্র প্রস্তুত
কৰা।
উত্তৰ:
ভূ-পৃষ্ঠৰ
কোনাে এখন ঠাই বা অঞ্চলৰ প্রধান
প্রাকৃতিক বা মানৱসৃষ্ট
উপাদানসমূহৰ থুলমূল অৱস্থান
দেখুৱাই প্ৰস্তুত কৰা চিত্রকে
আৰ্হি চিত্র বােলে।
তলত
এখন গাঁৱৰ আৰ্হি চিত্র দিয়া
হ’ল।
প্রশ্ন
১৬ :
চমুটোকা
লিখা।
(ক)
মানচিত্রৰ
বৈশিষ্ট্য। (খ)
মানচিত্রৰ
ব্যৱহৃত সাংকেতিক চিহ্ন। (গ)
ক্ষেত্র
অধ্যয়ন। (ঘ)
আৰ্হি
চিত্র।
উত্তৰ:
(ক) মানচিত্র বৈশিষ্ট্য : মানচিত্ৰৰ মূল বৈশিষ্ট্য হ’ল— ভূ-পৃষ্ঠৰ বিভিন্ন উপাদানৰ সঠিক অৱস্থান আৰু গুণাগুণ দেখুওৱা। উপাদানসমূহক পৃথকভাৱে চিনাক্ত কৰাৰ বাবে বিশেষ চিহ্ন ব্যৱহাৰ কৰা হয়। সৰলীকৰণ পদ্ধতিৰ ব্যৱহাৰ কৰা হয় যাতে বিশাল পৃথিৱীৰ বিভিন্ন উপাদানসমূহৰ বিতৰণৰ জটিলতা হ্রাস কৰিব পৰা যায়।
(খ)
মানচিত্ৰত
ব্যৱহৃত সাংকেতিক চিহ্ন:
তলত
উল্লিখিত মানচিত্ৰত ব্যৱহাৰ
কৰা সাংকেতিক চিহ্নসমূহ অংকিত
কৰা হ’ল-
(১)
আন্তঃৰাষ্ট্রীয়
সীমা,
(২)
জিলাৰ
সীমা,
(৩)
পকী
ৰাস্তা,
(৪)
সুৰংগৰ
সৈতে ৰে’ল-লাইন,
(৫)
দুর্গ,
(৬)
সমােচ্চ
ৰেখা,
(৭)
নিজৰা
আৰু (৮)
সৰলবর্গীয়
উদ্ভিদ।
(গ) অধ্যয়ন ক্ষেত্র: ভূগােল বিজ্ঞানৰ মূল বিষয়বস্তু আৰু লক্ষ্য হ’ল ভূ-পৃষ্ঠৰ প্রাকৃতিক অবয়বসমূহৰ লগত মানুহৰ ক্রিয়া কলাপৰ কেনে ধৰণৰ সম্পর্ক ঘটিছে আৰু তাৰ ফলত কোনে ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে সেই বিষয়ে অধ্যয়ন কৰা। ভূগােলৰ কিতাপত ভূ-পৃষ্ঠৰ যিকোনাে স্থানৰ সুন্দৰ সুন্দৰ বৰ্ণনা দিয়া আছে। লগতে মানচিত্র প্রকৃতি আৰু মানৱসৃষ্ট সকলাে উপাদান সঠিকভাৱে দেখুওৱা আছে। কিন্তু, অকল ভূগােলৰ কিতাপ অধ্যয়ন কৰি আৰু মানচিত্র চাই একোখন ঠাইৰ সম্পূর্ণ ভৌগােলিক জ্ঞান আহৰণ কৰিব নােৱাৰি। সেয়ে ভূ-পৃষ্ঠৰ কোনাে ঠাইৰ ভৌগােলিক জ্ঞান আহৰণ কৰিবৰ বাবে নিজৰ চকুৰে সেইবােৰ চাব লাগে। এইদৰে নিজে গৈ চাই-চিতি ঠাইখনৰ কথা বুজিবলৈ চেষ্টা কৰাকে ক্ষেত্র অধ্যয়ন বােলা হয়। প্রাকৃতিক আৰু মানৱসৃষ্ট দুয়ােটা পৰিৱেশেই পৰিৱৰ্তনশীল। সেয়ে পৰিৱৰ্তনশীল পৃথিৱীৰ লগত গতিশীল মানৱ সম্পৰ্কত কেনেদৰে ভৌগােলিক উপাদানসমূহৰ পৰিৱৰ্তন ঘটিব লাগিছে তাক ক্ষেত্র অধ্যয়নৰ দ্বাৰা বিচাৰ কৰা প্রয়ােজন। সেয়ে ভূগােল অধ্যয়নত ক্ষেত্র অধ্যয়নৰ ভূমিকা অতি গুৰুত্বপূর্ণ।
(ঘ) আৰ্হি চিত্র: (ওপৰৰ ১৫ নং প্রশ্নোত্তৰ চোৱা)
প্রশ্ন ১৭ : পার্থক্য দেখুওৱা:
(ক)
মানচিত্র
আৰু আৰ্হি চিত্ৰৰ পার্থক্য।
উত্তৰঃ
ভূ-পৃষ্ঠৰ
কোনাে এখন ঠাই বা অঞ্চলৰ
উপাদানসমূহক একেলগে দেখুৱাবলৈ
সমতল ক্ষেত্ৰত প্ৰয়ােজনীয়
জোখ-মাখ
কৰি উপযুক্ত স্কেলৰ সহায়ত
অংকন কৰা চিত্রকে মানচিত্র
বােলা হয়। আনহাতে আৰ্হি চিত্র
হ’ল— কোনাে এখন ঠাইৰ প্ৰধান
প্রাকৃতিক আৰু মানৱসৃষ্ট
উপাদানসমূহৰ থুলমুলকৈ দেখুৱাই
প্ৰস্তুত কৰা চিত্র। আৰ্হি
চিত্ৰত মানচিত্র দৰে স্কেল
ব্যৱহাৰ কৰা নহয় মােটামুটিক
চিত্ৰখন (sketch)
আঁকি
উপাদানসমূহৰ আৱস্থানৰ ওপৰতহে
বেছি গুৰুত্ব দিয়া হয়।
(খ)
উচ্চতা
ভিত্তিক মানচিত্র আৰু সমতলভিত্তিক
মানচিত্র পার্থক্য
উত্তৰ
:উদ্দেশ্যভিত্তিত
মানচিত্র অংকন পদ্ধতি মতে
উচ্চতাভিত্তিক আৰু সমতলভিত্তিক
মানচিত্ৰৰ পার্থক্য আছে।
ভূ-পৃষ্ঠৰ
যিকোনাে অংশৰ ভূঅবয়বৰ উচ্চতাৰ
তাৰতম্যৰ দেখুৱাই অংকন কৰা
মানচিত্ৰক উচ্চতাভিত্তিক
মানচিত্র (Hypsometric
Map) বােলে;
কিন্তু
আনহাতে সমতলভিত্তিক মানচিত্ৰত
ভূ-পৃষ্ঠৰ
কোনাে অঞ্চলৰ বিভিন্ন উপাদানৰ
আনুভূমিক বিতৰণ আৰু অৱস্থান
দেখুৱাবলৈ আংকন কৰা মানচিত্ৰক
সমতলভিত্তিক (Plani-
metric map) মানচিত্র
বােলা হয়। দুয়ো প্ৰকাৰৰ
মানচিত্র উদ্দেশ্য পার্থক্য
দেখা যায়। প্রথম প্ৰকাৰৰ
মানচিত্ৰত ভূ-অবয়বৰ
উচ্চতাৰ তাৰতম্য দেখুওৱা হয়
আৰু দ্বিতীয় প্রকাৰত উপাদানৰ
অনুভূমিক বিতৰণ দেখুৱাবলৈ
অংকন কৰা হয়।
(গ) প্রাকৃতিক মানচিত্ৰ আৰু ৰাজনৈতিক মানচিত্র পার্থক্য
উত্তৰ: প্রাকৃতিক আৰু ৰাজনৈতিক এই দুয়ো প্ৰকাৰ মানচিত্র বিষয়বস্তু ভিত্তিক মানচিত্র হ’লেও দুয়ো প্ৰকাৰৰ মাজত পার্থক্য আছে। প্রাকৃতিক মানচিত্রত বিশেষকৈ প্ৰকৃতিয়ে সৃষ্টি কৰা উপাদানসমূহৰ অৱস্থান দেখুৱাই অকংন কৰা হয়। এই উপাদানবিলাক হ’ল পাহাৰ- পর্বত, নদ-নদী, হ্রদ, অৰণ্য, মৰুভূমি, জলবায়ু, সমভূমি, উপত্যকা ইত্যাদিবােৰ। এইবােৰ মানৱসৃষ্ট উপাদান নহয়। কিন্তু ৰাজনৈতিক মানচিত্ৰত মানৱসৃষ্ট উপাদানবােৰ, শাসনৰ উদ্দেশ্যে কৰা বিভিন্ন অঞ্চলবােৰ দেখুৱাবৰ বাবে অংকন কৰা হয়। এই মানচিত্রত আন্তর্জাতিক সীমা, ৰাজ্যিক সীমা, প্ৰদেশৰ সীমা, জিলা, মহকুমা, গাঁও আদিৰ সীমাৰো স্পষ্টকৈ দেখুওৱা হয়। ৰাজধানী, নগৰ-চহৰ, উদ্যোগ, অনুষ্ঠান-প্রতিষ্ঠান আদিৰ অৱস্থানবােৰ দেখুৱাই ৰাজনৈতিক মানচিত্র অংকন কৰা হয়। ইয়াৰ পৰাই দুয়াে প্ৰকাৰ মানচিত্র পার্থক্য বুজা যায়।
(ঘ)
ভাষাৰ
মাপনী আৰু নিৰূপক ভগ্নাংশৰ
মাপনী পার্থক্য লিখা ।
উত্তৰ
:
মানচিত্র
এখনত দেখুওৱা দুখন ঠাইৰ দূৰত্ব
আৰু ভূ-পৃষ্ঠত
সেই একেই ঠাই দুখনৰ মাজৰ আচল
দূৰত্বৰ অনুপাতক যেতিয়া
ভাষাৰে প্ৰকাশ কৰা হয় তাকে
ভাষাৰ বা উক্তিৰ মাপনী বা
স্কেল (scale
in statement) বােলা
হয়। উদাহৰণস্বৰূপে ১ চেঃ
মিঃ =২
কিঃ মিঃ;
নাইবা
১ ইঞ্চি =
১০
কিঃ মিঃ আদি। কিন্তু যদি ওপৰত
উল্লিখিত ঠাই দুখনৰ মানচিত্রত
দেখুওৱা আৰু সেই একে ঠাই দুখনৰ
ভূ-পৃষ্ঠৰ
আচল দূৰত্বক এক বিশেষ ভগ্নাংশৰ
সহায়ত দেখুওৱা হয় তাক ভগ্নাংশ
মাপনা (Scale
in Representative Foraction) বােলে।
উদাহৰণ =
১
:
১০০০
বা ১/১০০০
প্রকাশ কৰা হয়। ইয়াত ১/১০০০
হৰটোৱে মানচিত্র এক একক আৰু
লবটো ঠাই দুখনৰ আচল দূৰত্বৰ
একক বুজাইছে।
(ঙ)
প্রাকৃতিক
উপাদান আৰু মানৱসৃষ্ট উপাদান
পার্থক্য:
উত্তৰ
:
মানচিত্র
এখনত দেখুওৱা উপাদানসমূহক
সাধাৰণতে দুটা ভাগত ভাগ কৰা
হয়। এটা প্রাকৃতিক উপাদান
আৰু আনটো মানৱসৃষ্ট উপাদান।
এই দুয়াে বিধ উপাদানৰ পার্থক্য
আছে। প্রাকৃতিক উপাদানসমূহ
অতি প্রাচীন কালৰে পৰা বা
পৃথিৱীৰ সৃষ্টিৰ পৰাই ভূ-পৃষ্ঠত
আছে। উদাহৰণস্বৰূপে পর্বত-পাহাৰ,
নদ-নদী,
সাগৰ,
মহাসাগৰ,
দেশ-বিদেশ,
অৰণ্য,
মৰুভূমি
ইত্যাদি। এই প্রাকৃতিক উপাদানৰ
উপৰি মানুহে নিজৰ সুবিধাৰ
বাবে পৃথিৱীত বিভিন্ন উপাদানৰ
সৃষ্টি কৰি লৈছে। যিবােৰ
উপাদান মানুহে সৃষ্টি কৰিছে,
প্রকৃতি
সৃষ্টি হয় তাকে মানৱসৃষ্ট
উপাদান বুলি কোৱা হয়। যেনে—
দেশ-মহাদেশ,
ৰাস্তা-ঘাট,
ৰে’ল
লাইন ৰাজধানী,নগৰ-চহৰ,
উদ্যোগ,
অনুষ্ঠান-প্রতিষ্ঠান,
ঘৰ-দুৱাৰ,
অট্টালিকা,
বিজ্ঞান
আৰু প্রযুক্তি আৱিষ্কাৰে
মানৱ জাতি সুখ-স্বাচ্ছন্দ্যৰ
বাবে উপাদান সৃষ্টি কৰিছে।
মানৱসৃষ্ট উপাদানৰ বাবেই
মানৱ জীৱনৰ বহুতাে উন্নতি
হৈছে।
No comments:
Post a Comment