প্রঃ
কিছুমান পদার্থ জীৱ নিম্নিকৰণ
আৰু আন কিছুমান জীৱ অনিম্নিকৰণ
কিয় হয়।
উঃ
মানুহে দৈনন্দিন ব্যৱহাৰ কৰা
বস্তুবিলাক সাধাৰণতে জৈবিক
আৰু অজৈবিক হিচাপে বিভক্ত।
ইয়াৰে কিছুমান পদার্থ জৈবিক
প্রক্রিয়াৰে সৰল পর্যায়লৈ
পৰিৱৰ্তন হয়। এইবােৰকে জীৱ
নিম্নিকৰণ পদার্থ বােলে।
কিছুমান পদার্থ জৈৱিক প্ৰক্ৰিয়াৰে
সৰল পর্যায়লৈ সলনি নহয় বাবে
এইবােৰক জীৱ অনিম্নিকৰণ পদার্থ
বােলে।
প্র
:
জীৱ
নিম্নিকৰণ পদার্থই পৰিৱেশত
প্ৰভাৱ পেলাব পৰা যিকোনাে
দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
উঃ
জীৱ নিম্নিকৰণ পদার্থবােৰৰ
পাচনৰ ফলত এইবােৰৰ পৰা মাখি
আদিয়ে বেমাৰৰ বীজাণু কঢ়িয়াই
আৰু খাদ্যবস্তুৰ যােগেদি
মানুহৰ শৰীৰলৈ গৈ বাহকজনিত
ৰােগ বিয়পায়। এই পদার্থবােৰৰ
পচনৰ ফলত অসহ্যকৰ গেছ উৎপন্ন
হয় আৰু বায়ু প্ৰদূষণ হয়।
প্র
:
জীৱ
অনিম্নিকৰণ পদার্থই পৰিৱেশত
প্রভাৱ পেলাব পৰা যিকোনাে
দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
উঃ
জীৱ অনিম্নিকৰণ পদার্থবােৰ
হৈছে মানুহে সৃষ্টি কৰা আৱৰ্জনা।
এই পদার্থসমূহে পৰিৱেশত তলত
দিয়া ধৰণে প্রভাৱ পেলায়-
(ক)
কিছুমান
জীৱ অনিম্নিকৰণ পদার্থই মানুহৰ
খাদ্য শৃংখলত সােমাই মানুহৰ
স্বাস্থ্যৰ অবনতি ঘটায়।
(খ)
এই
পদার্থবােৰে মাটিৰ লগত মিহলি
হৈ মাটিৰ উৰ্বৰতা নষ্ট কৰে।
এই পদার্থবােৰে অসহ্যকৰ গেছ
নির্গমন কৰি বায়ু প্ৰদূষিত
কৰে।
প্র
:
পৌষ্টিক
স্তৰ কি?
উদাহৰণসহ
এটা খাদ্য শৃংখলৰ বিভিন্ন
পৌষ্টিক স্তৰৰ বিষয়ে লিখা।
উঃ
এক নির্দিষ্ট সংখ্যক প্রাণীৰ
মাজত খাদ্য প্রবাহেই খাদ্য
শৃংখল। ইয়াত খাদ্যৰ পৰিবহণ
বিভিন্ন স্তৰত সংঘটিত হয়।
এই স্তৰবােৰক পৌষ্টিক স্তৰ
বােলে।
উদাহৰণস্বৰূপে
ঘাঁহনি এডৰা লােৱা হ’ল-
ঘাঁহনি
→ পােক-পৰুৱা
→মাছ →চৰাই
এই শৃংখলটোত ঘাঁহ উৎপাদক হােৱা বাবে ইয়াক প্রথম স্তৰত ৰখা হৈছে। মাছ পতংগভােজী হােৱা বাবে ইয়াক তৃতীয় স্তৰত ৰখা হৈছে আৰু চৰাই হ’ল উচ্চ স্তৰৰ মাংসভােজী সেইবাবে ইয়াক চতুর্থ স্তৰত ৰখা হৈছে।
প্র
:
পৰিস্থিতি
তন্ত্রত বিয়ােজকৰ ভূমিকা
কি?
উঃ
বিয়ােজকে অনুজীৱৰ জটিল জৈৱ
পদার্থবােৰক আৰু জীবিত
প্ৰট’প্লাজমবােৰ সৰল অণুলৈ
ভঙাত সহায় কৰে। এই অনুবােৰ
মাটিৰ লগত মিহলি হৈ মাটিৰ
গুণাগুণ বৃদ্ধি কৰে এইদৰে
বিয়ােজকে পৰিৱেশ বিশুদ্ধ
কৰে।
প্র : অজন কি আৰু ই কোন পৰিস্থিতি তন্ত্রত কেনেদৰে প্ৰভাৱ পেলায়?
উঃ
অজন হ’ল তিনিটা অক্সিজেন
পৰমাণুৰে গঠিত। ইয়াৰ সংকেত
O3
সূৰ্যৰ
পৰা অহা অতি বেঙুনীয়া ৰশ্মি
আৰু অক্সিজেনৰ মাজত বিক্রিয়া
সংঘটিত হৈ এই গেছৰ সৃষ্টি হয়।
পৰিস্থিতি তন্ত্ৰত ইয়াৰ
প্ৰভাৱ-
(ক)
সূৰ্যৰ
পৰা অহা অতি বেঙুনীয়া ৰশ্মিক
ই পৃথিৱীত প্রৱেশত বাধা দিয়ে।
এই বেঙুনীয়া ৰশ্মিয়ে মানুহৰ
কৰ্কট ৰােগ সৃষ্টি কৰাৰ লগতে
ৰােগৰ প্ৰতিৰােধ ক্ষমতা
নােহােৱা কৰে।
(খ)
অ’জন
স্তৰৰ অৱক্ষয়ে গােলকীয়
উষ্ণতাৰ ওপৰত প্ৰভাৱ পেলায়।
প্রঃ
পেলনীয়া আৱৰ্জনাৰ সমস্যাৰ
হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ
গ্রহণ কৰিবা?
ইয়াৰ
যিকোনাে দুটা পদ্ধতিৰ বিষয়ে
লিখা।
উঃ
তলত দিয়া পদ্ধতিৰ সহায়ত
পেলনীয়া আৱৰ্জনৰ সমস্যা
হ্রাস কৰিব পাৰি-
(ক)
জীৱ
অনিন্নিকৰণ পদার্থ যেনে—প্লাষ্টিক,
পলিথিন
আদিবােৰ য’তে ত’তে পেলাই
নাৰাখি এইবােৰ জ্বলাই দিব
লাগে।
(খ)
জীৱ
নিম্নিকৰণ পদার্থবােৰৰ পৰা
প্রয়ােজনীয় জৈৱ গেছ আহৰণৰ
বাবে উপযােগী কৰি তােলা দৰকাৰ।
আমাৰ পৰিবেশ দশম শ্ৰেণী
প্র
:
তলত
উল্লেখ কৰা কোনখিনিত কেৱল
জীৱ নিম্নিকৰণ পদার্থ আছে?
(ক)
ঘাহ,
ফুল
আৰু চামৰা (খ)
ঘাঁহ,
কাঠ
আৰু প্লাষ্টিক (গ)
ফল-মূলৰ
বাকলি,
পিঠা
আৰু টেঙাৰ ৰস (ঘ)
পিঠা,
কাঠ
আৰু ঘাঁহ
উঃ
(ক),
(গ)
আৰু
(ঘ)
প্র
:
তলত
উল্লেখ কৰা কোনখিনিয়ে খাদ্য
শৃংখল গঠন কৰে?
(ক)
ঘাঁহ,
ঘেহু
আৰু আম (খ)
ঘাঁহ,
ছাগলী
আৰু মানুহ (গ)
ছাগলী,
গৰু
আৰু হাতী (ঘ)
ঘাঁহ,
মাছ
আৰু মানুহ
উ
:
(খ)
ঘাঁহ,
ছাগলী
আৰু মানুহ
প্রঃ
তলত উল্লেখ কৰা বিলাকৰ কোনকেইটা
পৰিৱেশৰ অনুকূল অভ্যাসৰ
অন্তর্ভুক্ত?
(ক)
দোকান
বজাৰ কৰিবলৈ যাওঁতে হাতত
কাপােৰৰ মােনা লৈ যােৱা
অভ্যাস
(খ)
অপ্রয়ােজনীয়ভাৱে
জ্বলি থকা লাইট বা চলি থকা
ফেনৰ চুইচ বন্ধ কৰি ৰখা
অভ্যাস।
(গ)
তােমাক
মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ
অনা নিয়া কৰাৰ পৰিৱর্তে তুমি
নিজে খােজ কাঢ়ি যােৱা অভ্যাস।
(ঘ)
ওপৰৰ
আটাইকেইটা অভ্যাস।
উঃ
(ঘ)
ওপৰৰ
আটাইকেইটা অভ্যাস।
প্রঃ
১১। পৌষ্টিক স্তৰ কি?
উদাহৰণসহ
এটা শৃংখলৰ বিভিন্ন পৌষ্টিক
স্তৰৰ বিষয়ে লিখা।
উঃ
এটা খাদ্যজালত খাদ্যৰ স্থানান্তৰৰ
যিবােৰ স্তৰ থাকে তাকে পৌষ্টিক
স্তৰ বােলে। যেনে-
খাদ্যজালঃ খাদ্য-শৃংখলবােৰৰ মাজত বহুতাে শাখা- প্রশাখা থাকে। শাখা-প্রশাখাৰে গঠিত খাদ্য-শৃংখল জটিল হয়। এনে জটিল খাদ্য-শৃংখলকে খাদ্যজাল বােলে। উদাহৰণ হিচাপে সেউজীয়া উদ্ভিদ বা শস্য নিগনিয়ে খায়, নিগনিক চিলনীয়ে খায়। আনহাতে নিগনিক সাপে খায়, সাপক চিলনীয়ে খায়। আকৌ শস্য পতঙ্গই খায়, ভেকুলীয়ে পতঙ্গ খায়, সাপে ভেকুলী খায় আৰু চিলনীয়ে সাপক খায়।
প্র
:
বেলেগ
বেলেগ পৌষ্টিক স্তৰৰ পৰা
সকলােবিলাক জীৱক ধ্বংস কৰিলে
প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ
সৈতে একেদৰে প্ৰভাৱ পৰিবনে?
পৰিস্থিতি
তন্ত্ৰৰ কোনাে হানি নােহােৱাকৈ
যি কোনাে এটা পৌষ্টিক স্তৰৰ
সকলােবিলাক জীৱ আঁতৰাব
পাৰিমনে?
উঃ
একে প্ৰভাৱ পৰিব। উৎপাদক ধ্বংস
কৰিলে তৃণভােজী প্রাণী জীয়াই
থাকিব। তৃণভােজী ধ্বংস কৰিলে
উৎপাদকৰ পৰিমাণ বাঢ়িব,
ফলত
মাংসভােজী প্ৰাণীৰ খাদ্যৰ
অভাৱ হ’ব। মাংসভােজী ধ্বংস
কৰিলে তৃণভােজীৰ পৰিমাণ বাঢ়ি
যাব। পৰিস্থিতি তন্ত্ৰৰ
যিকোনাে এটা স্তৰৰ সকলােবিলাক
জীৱ আঁতৰালে পৰিস্থিতি তন্ত্ৰৰ
ভাৰসাম্য বিনষ্ট হ’ব।
প্রঃ
জৈৱিক বিৱর্ধক বুলিলে কি বুজা?
পৰিস্থিতি
তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত
ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ
হ’বনে?
উঃ
জীৱ অনিম্নিকৰণ ৰাসায়নিক
পদার্থৰ ব্যৱহাৰে ক্রমান্বয়ে
খাদ্য শৃংখলৰ বিভিন্ন স্তৰৰ
গাঢ়তা বঢ়োৱাকে জৈবিক বিৱর্ধক
বােলা হয়। এই ৰাসায়নিক
পদার্থবােৰৰ গাঢ়তা বেলেগ
বেলেগ পুষ্টি স্তৰত বেলেগ
বেলেগ হয়। প্রথম ভৰ ইয়াৰ
গঢ়তা একেবাৰে কম আৰু শেষৰ
স্তৰত ইয়াৰ গাঢ়তা বেচি হয়।
প্রঃ
আমি সৃষ্টি কৰা জীৱ অনিন্নিকৰণ
পদার্থবিলাকৰ পৰা আমাৰ কি কি
সমস্যা হ’ব পাৰে।
উঃ
আমি সৃষ্টি কৰা জীৱ অনিন্নিকৰণ
পদার্থবিলাকৰ পৰা তলত দিয়া
সমস্যাবােৰ সৃষ্টি হ’ব পাৰে
(ক)
এইবােৰে
মাটিৰ গুণাগুণ বিনষ্ট কৰে।
(খ)
পৰিস্থিতিত
ভাৰসাম্য বিনষ্ট কৰে। (গ)
পৰিৱেশ
প্ৰদূষিত কৰে।
প্রঃ
আমি সৃষ্টি কৰা আৱৰ্জনা বিলাকৰ
সকলােবিলাকেই যদি জীৱ নিন্নিকৰণ
পদার্থ হয় তেনেহ’লে পৰিৱেশৰ
ওপৰত একো প্ৰভাৱ নপৰাকৈ
থাকিবনে?
উ
:
আমি
সৃষ্টি কৰা সকলােবিলাক পদার্থ
যদি জীৱ নিন্নিকৰণ পদার্থ
হয় তেন্তে এইবােৰে পৰিৱেশৰ
ওপৰত খুব কম সময়ৰ বাবে প্ৰভাৱ
পেলাব। অণুজীৱৰ ক্রিয়া ধীৰ
গতিত হােৱা বাবে সামান্য
পৰিমাণে,
বায়ু
আৰু পানী প্ৰদূষিত কৰে যদিও
এই প্রদূষণ দীর্ঘকালীন নহয়!
প্রঃ
বিয়ােজক কাক বােলে?
উঃ
যিবােৰ অনুজীৱই মৃত জীৱৰ দেহ
আৰু জীৱৰ মল বা বর্জিত পদার্থবিলাক
সৰল পর্যায়লৈ পৰিৱৰ্তন কৰিব
পাৰে সেইবোেৰ অনুজীৱক যিয়ােজক
বােলে।।
প্রঃ
অ’জন স্তৰ কি আৰু ইয়াৰ কেনেকৈ
অৱক্ষয় ঘটিছে?
উ
:
অজন
হ’ল বায়ুমণ্ডলৰ উচ্চ স্তৰত
থকা ত্রিপাৰমাণৱিক অক্সিজেন
অণুৰ গঠন। উচ্চ শক্তিসম্পন্ন
অতি বেঙুনীয়া ৰশ্মিয়ে বায়ুৰ
উচ্চস্তৰৰ অক্সিজেনৰ লগত
বিক্রিয়া কৰি অজন অণু সৃষ্টি
কৰে!
O2
→ 0+0
0+02 → 03 (অজন)
বর্তমান
উচ্চহাৰত নিৰ্গত হােৱা CFC
গেছে
অজন স্তৰত বিন্ধাৰ সৃষ্টি
কৰি ইয়াৰ অৱক্ষয় ঘটাইছে।
প্রঃ
কৃষিত প্রয়ােগ কৰা কীটনাশক
দ্ৰব্যবােৰে কেনেকৈ আমাক
প্ৰভাৱান্বিত কৰে-
ব্যাখ্যা
কৰা।
উঃ
কৃষি কার্যত ব্যৱহাৰ কৰা
ৰাসায়নিক সাৰ,
কীটনাশক
দ্রব্য আদি ব্যৱহাৰৰ পাছত
অৱশিষ্ট কিছু অংশ মাটিত থাকি
যায় বা কিছু পৰিমাণে পানীত
মিহলি হয়। মাটিত থকাখিনি
উদ্ভিদে পানী আৰু খনিজ লৱণ
শােষণ প্রক্রিয়াৰ লগতে সিহঁতৰ
দেহত প্ৰৱেশ ঘটে। একেদৰে পানীত
থকাখিনি জলজ উদ্ভিদ বা প্রাণীৰ
দেহলৈ যায়। এই ক্ষতিকাৰক
ৰাসায়নিক পদার্থবিলাক খাদ্য
শৃংখলত প্রৱেশ ঘটি খাদ্য
শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত
জমা হয়। সেই কাৰণে আমাৰ খাদ্য
শস্য যেনে-
ধান,
ঘেহু,
ফল-মূল,
মাছ-মাংস
আদিত কিছু পৰিমাণে কীটনাশক
পদার্থ অবশিষ্ট পােৱা যায়।
প্রঃ
তলৰ কোনটো জীৱ নিম্নিকৰণ
আৱৰ্জনা নহয়?
(a)
পাকঘৰৰ
শাক-পাচলিৰ
আৱৰ্জনা (b)
পুৰণি
ফটা কাপােৰ (c)
প্লাষ্টিকৰ
মােনা। (d)
পুৰণি
বাতৰি কাকত
উঃ
(c)
প্লাষ্টিকৰ
মােনা।
প্রঃ তলত দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া দ্রব্য।
(a)
পলিথিনৰ
মােনা (b)
আমৰ
বাকলি (c)
ফালি
যােৱা চামৰাৰ মােনা (d)
প্লাষ্টিকৰ
বটল
উ
:
(b) আমৰ
বাকলি।
প্র
:
বায়ুমণ্ডলৰ
উচ্চ স্তৰত অ’জনে ___ক
বাধা দিয়ে
(a)
অৱলােহিত
(b)
দৃশ্যমান
পােহৰ (c)
অতিবেঙুণীয়া
ৰশ্মি (d)
(a) আৰু
(c)
দুয়ােটা।
উ
:
(c) অতিবেঙুণীয়া
ৰশ্মি।
প্রঃ
তলত উল্লেখ কৰা কোনখিনিত কেৱল
জীৱ নিম্নিকৰণ পদার্থ আছে—
(a)
ঘাঁহ,
ফুল
আৰু চামৰা। (b)
ঘাঁহ,
কাঠ
আৰু প্লাষ্টিক। (c)
ফল-মূলৰ
বাকলি,
পিঠা
আৰু টেঙাৰ ৰস। (d)
পিঠা,
কাঠ
আৰু ঘাঁহ।
উ
:
(a), (c) আৰু
(d)
No comments:
Post a Comment