Redirect Image

js

Tuesday, March 15, 2022

পৰিশিষ্ট




    বহত্তৰ অসমীয়া জাতি গঠনৰ হোতা হিচাপে আমি প্ৰথমেই নাম ল'ব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তেওঁৰেই পদাংক অনুসৰণ কৰি পৰৱৰ্তী সময়ত মাধৱদেৱ, দামোদৰদেৱ হৰিদেৱ আদি বৈষ্ণৱসকলে বিভিন্ন দিশত অৱদান আগবঢ়াই গৈছে। এইসকলৰ উপৰিও অসমীয়া জাতীয় ঐক্য, সম্প্ৰীতি বজায় ৰখা ক্ষেত্ৰত লক্ষ্মীনাথ বেজৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱা, ড° ভূপেন হাজৰিকা আদি মনীষীসকলেও বিশেষ অৱদান আগবঢ়াই থৈ গৈছে। এইসকলৰ লগতে অতীত কালৰে পৰা অসমত বাস কৰি অহা বিভিন্ন জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ সন্মিলিত ৰূপটোতহে আমি প্ৰকৃত অসমখনক বিচাৰি পাব পাৰোঁ। এইসকলৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য আদিৰ সমন্বয়ে অসমখনক বৈচিত্ৰ্যময় কৰি তুলিছে। এই বৈচিত্ৰ্যময় অসমখনক এখন ছবি শিক্ষাৰ্থীসকলৰ আগত তুলি ধৰাটোৱেই আমাৰ উদ্দেশ্য কাতাপখনক সন্নিৱিষ্টি বিভিন্ন সনগোষ্ঠীসমূহৰ উপৰিও অসমত আৰু বহুতো জাতি-জনজাতি বা সম্প্ৰদায়ৰ লোক অতীতৰে পৰাই নিজৰ কৃষ্টি-সংস্কৃতিৰে অসমক উজ্জীৱিত কৰি ৰাখিছে, যিসকলৰ বিষয়েই এই ক্ষুদ্ৰ দ্ৰুতপাঠখনিত সন্নিৱিষ্ট কৰাটো সম্পৱ হৈ নুঠিল। এইসকলক বাদ দি আমি সামগ্ৰি অসমখনক কথা ভাবিব নোৱাৰোঁ। ছাত্ৰ-ছাত্ৰীসকলে উচ্চ পৰ্যায়ত বিস্তৃতভাৱে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত এই দ্ৰুতপাঠখনিয়ে উৎসাহ যোগাব।

No comments:

Post a Comment

Indian History MCQ GK Set-10

Indian History MCQ GK Set-10 Q.1 Which of the following conspiracy is related to the attack on Lord...