পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ (সকলো প্ৰশ্ন মেট্ৰিকৰ হৈ যোৱা পৰীক্ষা প্রশ্ন কাকতৰ সমাধান)
১।
তােমাক পাতিত পানী,
এছিড
দ্ৰব্য আৰু ক্ষাৰকীয় দ্রব্য
থকা ক্রমে A,
B, C, তিনিটা
পৰীক্ষা নল দিয়া হৈছে। যদি
তােমাক কেৱল নীলা লিটমাছ কাগজ
দিয়া হয় তেন্তে তুমি কেনেকৈ
পৰীক্ষা নলত থকা দ্রব্যসমূহ
চিনাক্ত কৰিবা?
উঃ
নীল লিটমাছ কাগজ তিনিওটা
পৰীক্ষা নলত দিয়া হ’ল। ইয়াৰ
যিটো পৰীক্ষা নলত নীল লিটমাছখন
ৰঙা হ’ল সেই দ্রব্যখিনি আম্লিক
হয়। এতিয়া সেই ৰঙা লিটমাছ
বাকী দুটা পৰীক্ষা নলত ডুবাই
দিয়াত যিটো পৰীক্ষা নলত
লিটমাছখন পুনৰ নীলা হয় সেই
দ্রব্যখিনি ক্ষাৰকীয় হ’ব।
বাকী থকা A
পৰীক্ষা
নলত পাতিত পানী থকা বুলি চিনাক্ত
কৰা হ’ব।
২।
তােমাৰ হাতত A
আৰু
B
দুটা
দ্ৰৱ আছে। দ্ৰৱ Aৰ
PHৰ
মান 6
আৰু
দ্ৰৱ B
টোৰ
PHৰ
মান 8।
কোনটো দ্ৰৱত হাইড্রজেন আয়নৰ
গাঢ়তা বেছি ?
কোনটো
আম্লিক আৰু কোনটো ক্ষাৰকীয়?
উ
:
দ্ৰৱ
A
আম্লিক
আৰু ইয়াত হাইড্রজেন আয়নৰ
গাঢ়তা বেছি। দ্ৰৱ B
ক্ষাৰকীয়।
২〉
দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ
আৰু তামৰ পাত্ৰত থোৱা নহয়
কিয়?
উঃ
দৈ আৰু টেঙা খাদ্যবস্তুত এছিড
থাকে। এই এচিডে পিতল আৰু তামৰ
লগত বিক্রিয়া কৰি লৱণ আৰু
পানী উৎপন্ন কৰে। সেই কাৰণে
ইহঁতক পিতল বা তামৰ পাত্ৰত
থােৱা নহয়।
৩।
এছিডে ধাতুৰ সৈতে বিক্রিয়া
কৰিলে সাধাৰণতে কোনটো গেছ
নির্গত হয়?
এটা
উদাহৰণেৰে সৈতে বুজাই লিখা।
এই গেছটোৰ উপস্থিতি কেনেকৈ
পৰীক্ষা কৰিবা।
উঃ
এছিডে ধাতুৰ সৈতে বিক্রিয়া
কৰি হাইড্রজেন গেছ উৎপন্ন
কৰে। উদাহৰণস্বৰূপে– Na
ধাতুৱে
HCI
এছিডৰ
সৈতে বিক্রিয়া কৰি H2
গেছ
উৎপন্ন কৰে।
2Na(s)+2HCl
(aq) +2NaCl+H2(g)
এতিয়া
জ্বলন্ত কাঠি এডাল গেছটোৰ
কাষলৈ নিলে গেছখিনি নীলা
শিখাৰে জ্বলি উঠে। ইয়াৰ
দ্বাৰা প্রমাণ হয় যে গেছখিনি
হাইড্রজেন।
৪।
এটা ধাতৱ যৌগ লঘু হাইড্রক্লৰিক
এছিডৰ সৈতে বিক্রিয়া কৰি
বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন
হােৱা গেছটোৱে এডাল জ্বলি
থকা মম নুমুৱায়। বিক্রিয়াটোত
উৎপন্ন হােৱা এটা যৌগ কেলছিয়াম
ক্ল’ৰাইড হলে বিক্রিয়াটোৰ
বাবে সত্তলিত সমীকৰণটো লিখা।
উঃ
গেছটোৱে বুৰবুৰণিৰ সৃষ্টি
কৰিছে আৰু ই আকৌ জুই নুমুৱাত
সহায় কৰিছে সেয়েহে গেছটো
CO2।
গতিকে A
যৌগটো
হ’ব কেলছিয়াম কার্বনেট
CaCO3।
বিক্রিয়াটোৰ
বাবে সমতুল সমীকৰণটো হ’ল—
CaCO3+2HCl
→CaCI2+C02+H2
৫।
জলীয় দ্ৰৱত HCl,
HNO3 ইত্যাদিয়ে
কিয় আম্লিক ধর্ম দেখুৱায়
কিন্তু এলকহল আৰু গ্লুক’জৰ
দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম
নেদেখুৱায়?
উ
:
HCI, HNO3 আৰু
H2SO4
ইত্যাদিয়ে
জলীয় দ্ৰৱত আয়নীত হৈ হাইড্রজেন
আয়ন (H+)
মুক্ত
কৰে। সেইবাবে ইহতে আম্লিক
ধর্ম দেখুৱায়।
আনহাতে,
এলকহল
আৰু গ্লুক’জ জলীয় দ্ৰৱত
আয়নীত হৈ হাইড্রজেন আয়ন
(H+)
মুক্ত
নকৰে।সেইবাবে ইহঁতে আম্লিক
ধর্ম নেদেখুৱায়।
৬।
এছিড এটাৰ জলীয় দ্ৰৱই কিয়
বিদ্যুৎ পৰিবহণ কৰে?
উঃ
এছিডবােৰে জলীয় দ্ৰৱত আয়নীত
হৈ হাইড্ৰ’জেন আয়ন সৃষ্টি
কৰে। সেইবাবে এছিডৰ জলীয়
দ্ৰবই বিদ্যুৎ পৰিবহণ কৰিব
পাৰে। ইহঁত বিদ্যুতৰ সুপৰিবাহী।
প্রঃ ৭। শুকান HCI গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ?
উঃ শুকান HCI গেছে H+ আয়ন উৎপন্ন কৰিব নােৱাৰে বাবে ই শুকান লিটমাছৰ ৰঙৰ পৰিৱৰ্তন নঘটায়।
৮।
এছিড এটা লঘু কৰোতে এছিড পানীত
যােগ কৰিবলৈ কোৱা হয় কিন্তু
পানী এছিডত যােগ কৰিবলৈ কোৱা
নহয় কিয়?
উঃ
এছিডত পানী মিহলি কৰিলে অত্যধিক
পৰিমাণে তাপৰ উদ্ভৱ হয়। যাৰ
ফলত বিক্রিয়া সংঘটিত কৰা
বিকাৰ ভাঙি যাব পাৰে বা জুই
লাগিব পাৰে। সেইবাবে এছিডক
লঘু কৰোতে পানী এছিডত যােগ
কৰা নহয়।
৯।
এছিড এটা লঘু কৰোতে হাইড্রনিয়াম
আয়ন (H3O+)ৰ
গাঢ়তা কিদৰে পৰিৱৰ্তন হয়
?
উঃ
এছিড দ্ৰৱ পানীৰ সৈতে মিহলালে
(H3O+)
আয়নৰ
প্রতি একক আয়তনৰ মান হ্রাস
পায়,
ফলত
এছিড লঘু হয়।
১০|
ছডিয়াম
হাইড্রক্সাইডৰ দ্ৰৱ এটাত
অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে
হাইড্রক্সাইড আয়নৰ গাঢ়তা
কিদৰে পৰিৱর্তিত হব?
উঃ
ছ’ডিয়াম অক্সাইডৰ দ্ৰৱ এটাত
অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে
OH
ৰ
গাঢ়তা বৃদ্ধি হয়।
১১।
তােমাৰ হাতত A
আৰু
B
দুটা
দ্ৰৱ। A
PH ৰ
মান 6
আৰু
দ্ৰৱ Bৰ
PHৰ
মান ৪ কোনটো দ্ৰৱত হাইড্রজেন
(H3o+)
আয়নৰ
গাঢ়তা বেছি?
কোনটো
আম্লিক আৰু কোনটো ক্ষাৰকীয়?
উঃ
দ্ৰৱ Aত
হাইড্রজেন আয়নৰ গাঢ়তা বেছি।
দ্ৰৱ A
আম্লিক
আৰু দ্ৰৱ B
ক্ষাৰকীয়।
ইয়াৰ HO‾
আয়নৰ
গাঢ়তা বেছি।
১২।
দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত
H+(aq)
আয়নৰ
গাঢ়তাৰ কি প্রভাব আছে?
উ
:H+
আয়নৰ
গাঢ়তা অধিক হলে ই আম্লিক,
H+ আয়নৰ
গাঢ়তা কম হলে ক্ষাৰকীয়া
হয়।
দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২
১৩।
ক্ষাৰকীয় দ্ৰবত H+(aq)
আয়ন
থাকেনে?
যদি
থাকে,
তেন্তে
ইহঁত কিয় ক্ষাৰকীয় ?
উঃ
ক্ষাৰকীয় দ্ৰববােৰত OH–
আয়নৰ
উপৰিও H+
আয়ন
থাকে যদিও এইবােৰ ক্ষাৰকীয়
হয়। ইহঁতে H+
আয়নতকৈ
OH–
আয়ন
বেছি পৰিমাণে এৰি দিয়ে।
১৪।
মাটিত কি অৱস্থাত কৃষক এজনে
পােৰা চূণ (কেলছিয়াম
অক্সাইড)
বা
শিথিলিত চুণ (কেলছিয়াম
হাইড্রক্সাইড)
বা
চক (কেলছিয়াম
কার্বনেট)
প্রয়ােগ
কৰিব বুলি তােমালােকে ভাবা?
উঃ
চুণ বা শিথিলিত চুণ বা চক মাটিত
ব্যৱহাৰ কৰিলে শস্যক্ষেত্ৰত
বৃদ্ধি হােৱা এছিডৰ পৰিমাণ
হ্রাস হয়।
১৫। যৌগ CaOCI2ৰ সাধাৰণ নামটো কি?
উঃ ব্রিচিং পাউডাৰ।
১৬।
ক্ল’ৰিণৰ সৈতে বিক্রিয়া
কৰালে ব্লিচিং পাউদাৰ উৎপন্ন
কৰা যৌগটোৰ নাম লিখা।
উ
:
চূণ
পানী Ca(OH)2
১৭
|
ছডিয়াম
হাইড্রজেন কার্বনেট দ্ৰৱ এটা
উত্তপ্ত কৰিলে কি হয়?
বিক্রিয়াটোৰ
সমীকৰণ লিখা।
উঃ
ছ’ডিয়াম হাইড্রজেন কার্বনেটত
তাপ প্রয়ােগ কৰিলে Na2CO3,
CO2 আৰু
পানী উৎপন্ন হয়।
2NaHC03→
Na2CO3+CO2+H2
১৮।
প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ
মাজৰ বিক্রিয়াটো দেখুৱাবলৈ
এটা সমীকৰণ লিখা।
উ
:
CaSO4 ½ H2O+3/2H20→Cas042H2
দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২
১৯।
এটা দ্ৰৱই ৰঙা লিটমাছ নীলা
কৰিছে। ইয়াত pH
হ’ব
পাৰে-
(a)
1 (b) 4 (c) 5 (d) 10
উ
:
(d) 10.
২০।
এটা দ্ৰৱই গুড়ি কৰি লােৱা
কণীৰ খােলাৰে সৈতে বিক্রিয়া
কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে
চুণ পানী ঘােলা কৰে দ্ৰৱটোত
থাকে
(a)
Nacl (b) HCl (c) Licl (d) KCI
উ
:
(b) HCl
২১।
NaOH
দ্ৰৱ
এটাৰ 10mL
এ
HCl
দ্ৰৱ
এটাৰ। 8mL
সম্পূৰ্ণৰূপে
প্রশমিত কৰে। যদি আমি একেটা
NaOH
দ্ৰৱৰ
200mL
লওঁ
তেন্তে এই প্রসমিত কৰিবলগা
HCI
দ্ৰৱৰ
(আগৰ
সৈতে একেটা দ্ৰৱ)ৰ
পৰিমাণ হ’ব
(a)
4ml (b) 8ml (c) 12ml (d) 16ml
উঃ
(d)
16ml
২২।
অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ
কোন ধৰণৰ-
ঔষধ
ব্যৱহাৰ কৰা হয় ?
(a)
এন্টিবায়টিক
(b)
বেদনানাশক
(c)
অম্লনাশক।
(d)
বীজাণুবাৰক
উ:
(c) অম্লনাশক।
২৩।
সংঘটিত বিক্রিয়াৰ বাবে শব্দ
সমীকৰণ আৰু সন্তুলিত সমীকৰণ
লিখা যেতিয়া-
(a)
লঘু
ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে
সৈতে বিক্রিয়া কৰে।
(b)
লঘু
হাইড্ৰ’ক্লৰিক এছিডে মেগনেছিয়াম
ফিটাৰে সৈতে বিক্রিয়া কৰে।
(c)
লঘু
ছালফিউৰিক এছিডে এলুমিনিয়াম
পাউডাৰৰ সৈতে বিক্রিয়া
কৰে।
(d)
লঘু
হাইড্রক্ল’ৰিক এছিড়ে লােৰ
গুড়িৰে সৈতে বিক্রিয়া কৰে।
উ
:
(a) জিংকৰ
+
ছালফিউৰিক
এচিড → জিংক ছালফেট +
হাইড্রজেন
গেছ।
Zn(s)+H2SO4(aq)
ZnSO4(aq)+H2(g)
(b)
মেগনেছিয়াম
+
হাইড্ৰ’ক্ল’ৰিক
এচিড → মেগনেছিয়াম ক্ল’ৰাইড
+
হাইড্রজেন
গেছ
Mg(s)+2HCl(aq)
→ MgCl2(aq)+H2(g)
(c)
এলুমিনিয়াম
+
ছালফিউৰিক
এচিড (aq)
→ এলুমিনিয়াম
ছালফেট +
হাইড্রজেন
গেছ।
2Al(s)+3H2S04(aq)
→AI2(SO4)3(aq) +3H2(g)
(d)
লাে
+
হাইড্ৰ’ক্ল’ৰিক
এচিড় (aq)
→আইৰণ
ক্ল’ৰাইড
Fe(s)+2HCl(aq)
→FeCI2(aq)+H2(g)
(e) Zn + CuS04 → ZnSO4 + Cu
২৪
|
এলকহল
‘আৰু গ্লুক’জৰ দৰে যৌগবােৰতাে
হাইড্রজেন থাকে। কিন্তু সিহঁতক
এছিড হিচাপে শ্রেণীভূক্ত কৰা
হােৱা নাই। ইয়াক প্রমাণ
কৰিবলৈ এটা পৰীক্ষা বর্ণনা
কৰা।
উঃ
এটা বিকাৰত গ্লুক’জৰ দ্ৰৱ
লােৱা হ’ল। এটা কৰ্কৰ সহায়ত
দ্ৰৱৰ ভিতৰত দুটা গজাল সুমুৱাই
দি গজাল দুটাৰ মূৰত তাৰৰ সহায়ত
6
ভল্টৰ
বেটাৰী,
এটা
বাল্ব আৰু এটা চুইচ সংযােগ
কৰা হ’ল। এতিয়া চুইচটো দিয়াত
বাল্বটো জ্বলা নাই। একেদৰে
গ্লুক’জৰ পৰিৱর্তে এলকহলৰ
দ্ৰাৱত চুইচ দিলে বাল্বটো
নজ্বলে। অর্থাৎ,
দ্রবত
হাইড্রজেন আয়ন। (H+)
উৎপন্ন
হােৱা নাই। সেইবাবে এলকহল
আৰু গ্লুকজক এছিডত শ্রেণীভূক্ত
কৰা হােৱা নাই।
এছিড ক্ষাৰক আৰু লৱণ
২৫।
পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ
নকৰে কিন্তু বৰষুণৰ পানীয়ে
কৰে কিয় ?
উঃ
বৰষুণৰ পানীত H+
আয়ন
থাকে বাবে বিদ্যুৎ সৰবৰাহ
কৰে। আনহাতে,
পাতিত
পানীত H+
আয়ন
নাথাকে বাবে বিদ্যুৎ সৰবৰাহ
নকৰে।
২৬।
পানীৰ অনুপস্থিতিত এছিডে
এছিডৰ ধর্ম প্রদর্শন নকৰে
কিয়
উঃ
পানীৰ অনুপস্থিতিত এছিডে
আয়ন সৃষ্টি নকৰে। সেইবাৰে
এইবােৰে এছিডৰ ধৰ্ম প্রদর্শন
নকৰে।
প্রঃ ২৭। পাচটা দ্রব A, B, C, D আৰু E ক সার্বজনীন সূচকেৰে পৰীক্ষা কৰাত PH ৰ মান ক্রমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্রব
(a)
প্ৰশম
(b)
তীব্র
ক্ষাৰকীয় (c)
তীব্র
আম্লিক (d)
মৃদু
আম্লিক (e)
মৃদু
ক্ষাৰকীয়
হাইড্রজেন
আয়নৰ গাঢ়তাৰ বর্ধিত ক্ৰমাত
PH
ৰ
মানবােৰ সজোৱা।
উ
:
(a) D প্ৰশম
(pH)
=7
(b) C তীব্র
ক্ষাৰকীয়PH
=11
(c) B তীব্র
আম্লিক pH
=1
(d) A মৃদু
আম্লিক PH
=4
(e) E মৃদু
ক্ষাৰকীয় PH
=9
হাইড্রজেন
আয়নৰ গাঢ়তাৰ বর্ধিত ক্ৰমত
PHৰ
মানবােৰ হ’ল— 11<9<7<4<1
২৮
|
পৰীক্ষানল
A
আৰু
Bত
সমান সমান দৈৰ্ঘ্যৰ দুডাল
মেগনেছিয়ামৰ ফিটা লােৱা
হ’ল। পৰীক্ষানল Aত
হাইড্ৰ’ক্লৰিক এছিড (HCl)
আৰু
পৰীক্ষানল Bত
এচিটিক এছিড যােগ কৰা হ’ল।
এছিড দুটাৰ গাঢ়তা একে আৰু
একে পৰিমাণেই লােৱা হৈছে।
কোনটো পৰীক্ষানলত বেছি বেগেৰে
বুৰবুৰণি ওলাব আৰু কিয় ?
উঃ
পৰীক্ষানল Aত
বেছি বেগেৰে বুৰবুৰণি ওলাব।
কাৰণ,
HCI এছিড
CH3COOH
তকৈ
তীব্র। গতিকে HCl
এছিড
আৰু মেগনেছিয়ামৰ মাজৰ
বিক্রিয়াৰ বেগ বেছি হ’ব।
গতিকে A
Bতকৈ
বেছি শব্দ কৰি বুৰবুৰণিৰ
সৃষ্টি হ’ব।
২৯।
কেঁচা গাখীৰৰ PHৰ
মান 6।
ই দৈত পৰিণত হলে pH
সলনি
হ’বনে?
ব্যাখ্যা
কৰা।
উ:
কেচা
গাখীৰ দৈত পৰিণত কৰিলে PHৰ
মান কমি আহে। কাৰণ,
প্রক্রিয়াটোত
লেক্টিক এছিড উৎপন্ন হয়।
৩০।
এজন গােৱালে কেঁচা গাখীৰত
সামান্য পৰিমাণৰ বেকিং ছডা
যােগ কৰিলে।
(a)
কিয়
তেওঁ কেচা গাখীৰৰ PHৰ
মান 6ৰ
পৰা সামান্যভাৱে ক্ষাৰকীয়
কৰি ল’লে।
(b)
এই
গাখীৰখিনি দৈত পৰিণত হ’বলৈ
বেছি সময় লাগে কিয়?
উঃ
(a)
গাখীৰত
বেকিং ছডা মিহলালে গাখীৰ
সামান্য পৰিমাণে ক্ষাৰকীয়
আৰু গাখীৰ বেছি সময়লৈ নষ্ট
নােহােৱাকৈ থাকে।
(b)
লেকটিক
এছিড গাখীৰত মিহলােৱা বেকিং
ছডাৰ লগত বিক্রিয়া কৰি প্ৰশম
হয়। এতিয়া গাখীৰ দৈত পৰিণত
হ’বলৈ অধিক পৰিমাণৰ লেকট্রিক
এছিডৰ প্রয়ােজন হয়। ফলত
গাখীৰ দৈত পৰিণত হ’বলৈ অধিক
সময়ৰ প্রয়ােজন।
৩১।
প্লাষ্টাৰ অৱ পেৰিছক জলীয়
বাষ্প সােমাব নােৱাৰা পাত্ৰত
থব লাগে কিয়?
ব্যাখ্যা
কৰা।
উঃ
প্লাষ্টাৰ অৱ পেৰিছত জলীয়
বাষ্প সােমালে ই সহজে জিপছামলৈ
পৰিৱৰ্তন হ’ব। ফলত ই কঠিন হৈ
ব্যৱহাৰৰ অনুপযােগী হ’ব।
সেয়েহে প্লাষ্টাৰ অৱ পেৰিছক
জলীয় বাষ্প সােমাব নােৱাৰা
পাত্ৰত থব লাগে।
প্রঃ
৩২। প্রশমন বিক্রিয়া কি ?
দুটা
উদাহৰণ দিয়া?
কাপােৰ
ধােৱা ছডা আৰু বেকিং ছ’ডাৰ
দুটাকৈ গুৰুত্ব ব্যৱহাৰ
লিখা।
উঃ
এছিড আৰু ক্ষাৰৰ মাজৰ বিক্রিয়াৰ
ফলত লৱণ আৰু পানী উৎপন্ন হয়।
এই বিক্রিয়াক প্রশমণ বিক্রিয়া
বােলে।
উদাহৰণ—
(a)
HCl(aq)+NaOH(aq) → NaCl2(aq) + H20(l)
(b) 2NaOH(aq)+H2SO4(aq)
→ Na2SO4(aq)+ 2H2O(l)
৩৩।
এলকালি কাক বােলে ?
উ
:
যিবােৰ
ক্ষাৰক পানীত দ্ৰৱীভূত হয়
সেইবােৰক এলকালি বােলে।
৩৪।
এছিড কাক বােলে?
উঃ
যিবােৰ পদার্থই জলীয় দ্ৰৱত
আয়নিত হৈ হাইড্রজেন আয়ন
মুক্ত কৰে সেইবােৰক এছিড
বােলে।
৩৫।
দুবিধ প্রাকৃতিক আৰু দুবিধ
কৃত্রিম সূচকৰ নাম লিখা।
উঃ
দুবিধ প্রাকৃতিক সূচক হ’ল—লিটমাছ
আৰু হালধী।
দুবিধ
কৃত্রিম সূচকৰ নাম হ’ল—মিথাইল
অৰেঞ্জ আৰু ফেন’লফথেলিন।
৩৬।
লিটমাছ দ্ৰৱ কি?
প্রশম
অৱস্থাত ইয়াৰ ৰং কেনেকুৱা?
উ
:
লিটমাছ
হ’ল লাইকেন নামৰ উদ্ভিদৰ পৰা
নিষ্কাষণ কৰা এবিধ ৰঞ্জক
পদার্থ।
সুচক
কি?
উঃ
যি দ্ৰৱ্যই অম্ল বা ক্ষাৰকীয়
মাধ্যমত নিজৰ ৰং সলনি কৰে তাকে
সূচক বােলে।
৩৭।
পানীৰ লগত বিক্রিয়া কৰি
ক্ষাৰক উৎপন্ন কৰা দুবিধ
অক্সাইডৰ নাম লিখা।
উ
:
পানীৰ
লগত বিক্রিয়া কৰি ক্ষাৰক
উৎপন্ন কৰা অক্সাইড দুবিধ
হ’ল—
(ক)
মেগনেছিয়াম
আৰু (খ)
কেলছিয়াম।
৩৮
|
ক্ষাৰকৰ
দুটা ধর্ম উল্লেখ কৰা।
উঃ
ক্ষাৰকৰ দুটা ধর্ম হ’ল—
(ক)
ক্ষাৰকৰ
সােৱাদ তিতা বা কেহা।
(খ)
ক্ষাৰকে
ৰঙা লিটমাছৰ বৰণ নীলা কৰে।
৩৯।
এছিড বৰষুণ কি?
উ
:
বৰষুণৰ
পানীত pHৰ
পৰিমাণ 5.6তকৈ
কম হলে তাক এছিড় বৰষুণ কোৱা
হয়।
৪০।
ব্লিচিং পাউদাৰ প্ৰস্তুতিত
ঘটা বিক্রিয়াৰ সন্তুলিত
ৰাসায়নিক সমীকৰণ লিখা।
ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ
লিখা।
উঃ
শুকান শিথিলিত চূণৰ ওপৰেদি
ক্ল’ৰিণ গেছ যাবলৈ দি ব্রিচিং
পাউডাৰ প্ৰস্তুত কৰা
হয়।
Ca(OH)2+Cl2→
CaOCI2+H2
ব্লিচিং
পাউডাৰৰ ব্যৱহাৰ হ’ল—
(ক)
বস্ত্র
শিল্প,
কাগজ
শিল্প আৰু বিভিন্ন উদ্যোগত
ব্লিচিং পাউডাৰৰ বিৰঞ্জক
হিচাপে ব্যৱহাৰ কৰা হয়।
(খ)
খােৱাপানী
বিশুদ্ধ কৰিবলৈ আৰু বীজাণুনাশক
হিচাপে ব্লিচিং পাউডাৰ ব্যৱহাৰ
কৰা হয়।
(গ)
কাপােৰ
ধুবলৈ ব্লিচিং পাউডাৰ ব্যৱহাৰ
কৰা হয়।
৪১:
প্লাষ্টাৰ
অব পেৰিছ কি?
ইয়াক
কেনেদৰে প্ৰস্তুত কৰা হয়?
ইয়াৰ
এটা গুৰুত্বপূর্ণ ব্যৱহাৰ
লিখা। প্লাষ্টাৰ অৱ পেৰিছৰ
দুটা ব্যৱহাৰ লিখা।
উঃ
প্লাষ্টাৰ অৱ পেৰিছ হ’ল এবিধ
বগা পাউদাৰজাতীয় পদার্থ।
ইয়াৰ ৰাসায়নিক নাম কেলছিয়াম
ছালফেট হেমিহাইড্রেট
(Caso4so.½H2o)
জিপছাম
(Cas042H20)
ক
100°
C ত
উত্তপ্ত কৰি ইয়াক প্ৰস্তুত
কৰা হয়।
প্লাষ্টাৰ
অৱ পেৰিছৰ দুটা ব্যৱহাৰ হ’ল—
(ক)
ভগা
হাড় জোৰা লগাবলৈ প্লাষ্টাৰ
অৱ পেৰিছ ব্যৱহাৰ কৰা হয়।
(খ)
পুতলা,
ঘৰ
সজোৱা সামগ্ৰী আৰু মিহি তল
সাজি বাবে প্লাষ্টাৰ অৱ পেৰিছ
ব্যৱহাৰ কৰা হয়।
৪২।
ছ’ডিয়াম হাইড্রজেন কার্বনেটৰ
দ্ৰৱ এটা উত্তপ্ত কৰিলে কি
হয় ?
বিক্রিয়াটোৰ
সমীকৰণ দিয়া।
উ
:
ছ’ডিয়াম
হাইড্রজেন কার্বনেট গৰম কৰিলে
ছ’ডিয়াম কার্বনেট,
পানী
আৰু কার্বন-ডাই
অক্সাইড পােৱা যায়।
2NaHCO3
→ Na2c03+H2O+CO2
৪৩:
pH কি?
(H.S.L.C -15)
উঃ
pH
হল
এছিড আৰু ক্ষাৰৰ গাঢ়তা জোখা
স্কেল।
প্রঃ
৪৪। কঠিন পানী কোমল কৰাৰ কাৰণে
ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ
নাম লিখা।
উ
:
ছ’ডিয়াম
কার্বনেট।
৪৫। যৌগ Ca0cl2ৰ সাধাৰণ নামটো কি?
উ : Ca0cl2ৰ সাধাৰণ নাম ব্লিচিং পাউডাৰ।
প্রঃ
বেকিং ছ’ডাৰ ৰাসায়নিক নাম
কি?
ইয়াক
কেনেকৈ প্ৰস্তুত কৰা হয়?
ৰাসায়নিক
সমীকৰণ লিখা।
উ
:
বেকিং
ছ’ডাৰ ৰাসায়নিক নাম – ছ’ডিয়াম
হাইড্রজেন কার্বনেট NaHCO3
ছডিয়াম
ক্ল’ৰাইডক অন্যতম কেঁচামাল
হিচাপে ব্যৱহাৰ কৰি তলত দিয়া
সমীকৰণত দেখুওৱা পদার্থসমূহ
লৈ বেকিং ছডা প্রস্তুত
হয়।
NaCl+H2O+CO2+NH3→NH4Cl+NaHCO3
(বেকিং
ছডা)
No comments:
Post a Comment