অতি চমু উত্তৰৰ প্ৰশ্ন-
১) বাখ্যা কৰা (এটা বাক্যত)
(ক) অৰ্থনৈতিক বিকাশ
দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল-অৰ্থনৈতিক বিকাশ
(খ) অৰ্থনৈতিক উন্নয়ন
এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয় ǀ
(গ) মানৱ উন্নয়ন
মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক,অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব দিয়ে ǀ
(ঘ)অৰ্থনৈতিক পৰিকল্পনা
নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হবলৈ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ’ল-অৰ্থনৈতিক পৰিকল্পনা
(ঙ)গণতান্ত্ৰিক পৰিকল্পনা
যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশ গ্ৰহণ সুনিশ্চিত কৰা হয়,সেই পৰিকল্পনাই গণতান্ত্ৰিক পৰিকল্পনা ǀ
(চ) উদাৰীকৰণ
দেশৰ আৰ্থিক ব্যৱস্হাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণেই হ’ল উদাৰীকৰণ ǀ
(ছ) ব্যক্তিগতকৰণ
চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্হাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিটোৱেই হ’ল ব্যক্তিগতকৰণ ǀ
(জ) গোলকীকৰণ বা বিশ্বায়ন
দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংহতি সাধন হোৱা প্ৰক্ৰিয়াটোৱেই হ’ল -গোলকীকৰণ বা বিশ্বায়ন ǀ
চমু উত্তৰৰ প্ৰশ্ন-
২) অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাথক্য উল্লেখ কৰা ǀ
উত্তৰঃ
অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন
দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল-অৰ্থনৈতিক বিকাশ ǀ
অৰ্থনৈতিক বিকাশ |
অৰ্থনৈতিক উন্নয়ন |
দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল-অৰ্থনৈতিক বিকাশ ǀ
|
এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয় ǀ |
অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত ǀ |
অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল ǀ |
৩) মানৱ উন্নয়নৰ তিনিটা সূচক কি কি ?
উত্তৰ- মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল ক্ৰমে-
1) প্ৰত্যাশিত আয়ুস
2) শিক্ষা
3) জীৱন যাত্ৰাৰ মান
৪) সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ?
উত্তৰঃ বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দ বা ভাল-বেয়াৰ ওফৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয় ǀ সমষ্টিগত পছন্দই অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দকো সামৰি লয় ǀ সমষ্টিগত পছন্দৰ লগত মানৱ উন্নয়নৰ প্ৰসংঙ্গ জড়িত হৈ আছে ǀ প্ৰকৃততে মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক,অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব দিয়ে ǀএই মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ হোৱাটো বুজায় ǀ
৫) ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা মূল লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা মূল লক্ষ্য হৈছে-
1) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰি তোলা
2) আৰ্থ সামাজিক বৈষম্য দুৰ কৰা
3) দৰিদ্ৰতা নিৰ্মূল কৰা
৬) NITI আয়োগৰ সদস্য সকল কোন কোন ?
উত্তৰঃ NITI আয়োগৰ অধ্যক্ষ হল প্ৰধানমন্ত্ৰী ǀ এই আয়োগৰ অন্য সদস্য সকল হৈছে-এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল,চাৰি গৰাকী কেন্দ্ৰীয় মন্ত্ৰী,মুখ্যকাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল ǀ
দীঘল উত্তৰৰ প্ৰশ্ন
৭)ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ ৰ পৰা বৰ্তমানলৈ)ৰ মাজত থকা এটা মূল পাৰ্থক্য বাখ্যা কৰা ǀ
উত্তৰঃ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) সময়ত ৰাজহুৱা খণ্ডই আধিপত্য বিস্তাৰ কৰিছিল ǀ ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ ǀ প্ৰায়বিলাক ঔদ্যোগীক নীতি সমাজবাদী আদৰ্শৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল ǀ অৰ্থনৈতিক উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকাই প্ৰধান্য লাভ কৰিছিল ǀ ষাঠিৰ দশকৰ কৃষি খণ্ডত সংঘটিত সেউজ বিপ্লৱে উত্তৰ ভাৰতৰ কেইএইখনমান নিৰ্দিষ্ট ৰাজ্যৰ বাদে অন্যৰাজ্যক চুব পৰা নাছিল ǀদেখা গল, সময়ত দেশৰ অৰ্থনীতিৰ উন্নয়ন হাৰ আশানৰূপ নহল ǀ
১৯৯১-৯২ ৰ পৰা বৰ্তমানলৈ ভাৰতবৰ্ষৰ অৰ্থনীতিত আমোল পৰিবৰ্তন আহিল ǀ ৰাজহুৱা খণ্ডৰ গুৰুত্ব কমি আহিল ǀ অৰ্থনীতিত ব্যক্তিগতকৰণ, উদ্যোগীকৰণ, গোলকীকৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে ǀ সময় আগবঢ়াৰ লগে লগে ভাৰতবৰ্ষৰ অৰ্থনীতিত এই সংস্কাৰমূলক প্ৰদক্ষেপসমূহৰ সুফল দেখিবলৈ পোৱা গৈছে ǀ দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে ǀপাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ǀ কেন্দ্ৰীয় বেংকত বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি পাইছে ǀ
৮)ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ বাখ্যা কৰা ǀ
উত্তৰঃ ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ হৈছে-
1) অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) সময়ত ৰাজহুৱা খণ্ডত গুৰুত্ব হৈছিল ǀ কিন্তু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগ হৈছিল যদিও ভালেমান উদ্যোগ লোকচানৰ সন্মুখীন হবলগীয়া হৈছিল ǀ ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪ টা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ভিতৰত ৫৮টা ই ৰুগ্ন হৈ পৰিছিল ǀ
2) অনাবৃষ্টি,ৰাজনৈতিক প্ৰেক্ষাপটৰ সঘন পৰিবৰ্তন ৰ ফলত এই সমছোৱাত অৰ্থনীতিৰ বিভিন্ন খণ্ডত সীমিত উৎপাদন হৈছিল ǀ সীমিত উৎপাদনৰ বাবে সৃষ্টি হোৱা মুদ্ৰাস্ফীতিয়ে আৰ্থিক ভাৱে দুৰ্বল লোকসকলক জুৰুলা কৰিছিল ǀ
3) ১৯৯০-৯১ চনত ভাৰতৰ বৈদেশিক বাণিজ্যৰ অৱস্হা একেবাৰে লাওলোৱা হৈছিল ǀ বিদেশৰ পৰা মূলধন অহাটো কমি গৈছিল ǀ অৰ্থনীতিৰ পৰা মূলধনৰ বহিঃগমণ হৈছিল ǀ
এনেবোৰ সমস্যাৰ বাবে বিশ্ববেংকেও ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিবৰ্তনৰ বাবে পৰামৰ্শ দিছিল ǀ
৯) অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা ǀ
উত্তৰঃ অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমূহৰ সুফলসমূহ হৈছে-
1) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে ǀ
2) পাইকাৰী মূল্যসূচী পূৰ্বতকৈ হ্ৰাস পাইছে ǀ
3) ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে ǀ
১০) অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ বাখ্যা কৰা ǀ
উত্তৰঃ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা হৈছে-
1) অৰ্থনীতিত প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা বৃদ্ধি কৰিছে ǀ বজাৰলৈ বিভিন্ন ধৰণৰ ন ন সা-সামগ্ৰী আহিব ধৰিছে ǀলাভালাভত গুৰুত্ব দিয়া বজাৰ সম্পৰ্কীয় বেছিভাগ প্ৰতিযোগিতাত সুস্হ মানসিকতা নিহিত নাথাকে ǀ
2) গোলকীকৰণৰ ফলত দেশখনে বা জনসাধাৰণে নিজৰ আত্মপৰিচয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ǀ গোলকীকৰণৰ বাবে বৰ্তমান সময়ত নিজস্বতা ধৰি ৰখাটো অতিশয় দূৰূহ কাৰ্য হৈ পৰিছেǀ ইতিমধ্যে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি আৰু জনগোষ্ঠীয়ে বাহিৰাগতৰ আগ্ৰাসনত নিজ সভ্যতা-সংস্কৃতি হেৰুৱাই বিলুপ্তিৰ দিশে আগবাঢ়িছে
১১) অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা ǀ
উত্তৰঃ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য হ’ল-
1) জৈৱ বৈচিত্ৰ ৰক্ষা কৰি জলবায়ু পৰিবৰ্তনৰ সমস্যাটোৰ মোকাবিলা কৰা ǀ
2) কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা ǀ
3) দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা ǀ
4) শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহন আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা ǀ
5) শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্হাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা ǀ
6) অহা দুটা তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশৈ বৃদ্ধি কৰা ǀ
No comments:
Post a Comment