Redirect Image

js

Wednesday, March 23, 2022

অসমীয়া ব্যাকৰণঃ অনুসর্গ

 

অনুসর্গ— শব্দৰ পাছত বিভক্তি বা প্রত্যয়ৰ সমশক্তিৰে ব্যৱহাৰ হোৱা বর্ণ বা বর্ণসমষ্টিক অনুসর্গ বোলে। অনুসর্গবোৰে পদৰ অন্তত বহি ‘কোনো কথাৰ জোৰ, দৃঢ়তা, আবেদন আদি বুজায়।'


প্রত্যয়ো শব্দ বা ধাতুৰ পাছত বহে; কিন্তু ই তাৰ গঠনৰ লগত মিলি শব্দৰ নতুন ৰূপ দিয়ে। অনুসৰ্গৰ যোগত মূল শব্দৰ ৰূপ একেদৰেই থাকে। ই শব্দ বা পদৰ অনু অর্থাৎ পাছত বহা সর্গ বাবেই ইয়াৰ নাম অনুসর্গ বা পৰসর্গ।


কোনো কোনোৱে অনুসর্গক দৃঢ়তাসূচক, নির্দেশাত্মক আৰু স্বার্থিক প্রত্যয় বুলিও অভিহিত কৰিছে। সেইবাবে নির্দেশাত্মক প্রত্যয়, স্বার্থিক প্রত্যয়, বহুবচনৰ চিন আদি অনুসৰ্গৰ অন্তৰ্গত। সেইদৰে— সৈতে, দ্বাৰা, পৰা আদিও অনুসর্গহে, বিভক্তি নহয়।


মনত ৰাখিবা যে উপসর্গ শব্দ বা পদৰ আগত বহে; কিন্তু অনুসর্গ শব্দৰ পাছত বহে।

অনুসৰ্গৰ ব্যৱহাৰঃ


হঁকঃ (অনুৰোধ বুজোৱা অৰ্থত) তোমালোক যাবাহঁক। মই ঘূৰি অহাৰ আগতেই কামটো শেষ কৰিবাহঁক। আমি খেলোঁহঁক। ইত্যাদি।


চোনঃ (আদেশ, অনুৰোধ আৰু আশ্চর্য বুজোৱা অৰ্থত) তোমালোক আহাচোন। চোৱাচোন কেনে সুন্দৰ ফুলনিখন। চিঠিখন লিখাচোন। ইত্যাদি।


হ’বলাঃ (অনিশ্চয়তা বুজোৱা অৰ্থত) সিঁহত গৈছিল হ’বলা। গাখীৰখিনি পৰিল হ’বলা। ইত্যাদি।


তোঃ (দৃঢ়তা বুজোৱা অৰ্থত) বায়েকহঁতৰ লগত সিতো যাবই। সিহঁতৰ সৈতে মইতো আহিমেই। ইত্যাদি।


ওঃ (সত্ত্বেও অর্থত) হৰেনৰ লগত সিও দেখোন গ'ল। নবীনৰ বিয়ালৈ তুমিও যাবা নেকি? সময় উলিয়াব পাৰিলে বিয়ালৈ ময়ো যাম। ইত্যাদি।


ইঃ (দৃঢ়তা বুজোৱা অৰ্থত) মই কালিলৈ যামেই। সি পৰহি আহিবই। ইত্যাদি।



হেঃ (অনিশ্চয়তা আৰু দৃঢ়তা বুজোৱা অৰ্থত) মই অকলেহে যাম । তাক কেৱল দাইল-ভাতহে খাবলৈ দিছে। ইত্যাদি ।


দেঃ সি আজি যাওক দে। তাক কালিলৈ আহিবলৈ দে । দাইল-ভাতকে খাবলৈ দে। ইত্যাদি।


গৈঃ তুমি বেগতে আহাগৈ। ৰাতি হ’ল সোনকালে যােৱাগৈ। ইত্যাদি।


হিঃ সিহঁত এইমাত্ৰ আহি পালেহি। তোমালোক কেতিয়া পালাহি। ইত্যাদি।


নোঃ তুমি আহিনো ইয়াত কি কৰিবা? সিনো গল কেলেই? ইত্যাদি।


দেইঃ তুমি কিন্তু জৰুৰ যাবা দেই। মই এতিয়া যাওঁ দেই। ইত্যাদি।


'লেঃ মই হ'লে তোৰ বিয়ালৈ যাব নোৱাৰিম। মোৰ হলে বৰ ভয় লাগিছে। ইত্যাদি।


পায়ঃ তাক মাতিবই নোৱাৰি পায়। ইমানকৈ খাটিব নোৱাৰোঁ পায়। ইত্যাদি।


দেখোনঃ তই আজিয়েই আহিলি দেখোন। তুমি দেখোন বিয়ালৈ নাহিলা। ইত্যাদি।


দেওঃ মই হলে সিহঁতৰ সৱাহলৈ নাযাওঁ দেও। আৰু ঠাট্টা নকৰিবা দেও। ইত্যাদি


একাঃ তাই বৰ ভাল ছোৱালী নহয় একা। সি এলাপেচা ভকত নহয় একা। ইত্যাদি।


এই (ৱেই, য়েই)- মই আজি একোৱেই নাখাওঁ। আপুনিয়েই কামফেৰা শেষ কৰক। ইত্যাদি।


(য়ে)- তুমি আহিয়ে এইখন কৰিলা। দাখন সিয়ে লৈ গ'ল। ইত্যাদি।


কে (লৈকে)- মই কালিলৈকে কথাটোৰ উমান পোৱা নাছিলোঁ। সিহঁত এতিয়ালৈকে আহি পোৱা নাই। ইত্যাদি।



অনুশীলনী


১। অনুসর্গ কাক বোলে ? শব্দত বিভিন্ন অনুসর্গ যোগ কৰি কেইটামান বাক্য সজোৱা।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...