Redirect Image

js

Thursday, March 24, 2022

অষ্টম শ্ৰেণী - বিজ্ঞান - অধ্যায় ৮ - কোষ- গঠন আৰু কাৰ্য

 

) তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা।

) এককোষী জীৱৰ দেহত এটা কোষ থাকে।

উত্তৰঃ সত্য।

) পেশী কোষবোৰ শাখাযুক্ত।

উত্তৰঃঅসত্য।

) এটা জীৱৰ মৌলিক জীৱীত একক হ'ল অংগ।

উত্তৰঃঅসত্য।

) এমিবাৰ আকৃতি অনিয়মীয়া।

উত্তৰ সত্য।



)মানুহৰ স্নায়ুকোষৰ চিত্ৰ আঁকা। স্নায়ুকোষে কি কাম কৰে?

উত্তৰ:-  



স্নায়ুকোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই আৰু দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু  যোগাযোগ ৰক্ষা কৰাত সহায় কৰে।



)তলত দিয়া বিষয়ৰ ওপৰত চমুটোকা লিখা।

) কোষ প্ৰৰস

উত্তৰ:- 

) কোষ প্ৰৰস:-  কোষপ্ৰৰস  হৈছে কোষৰ বেৰ আৰু  কোষকেন্দ্ৰ মাজত থকা জেলীৰ দৰে দ্ৰৱ্য। কোষৰ আন বহুতো উপাদান কোষপ্ৰৰসত পোৱা যায় । সেইবোৰ হ'ল মাইট্ৰ'কণ্ডিয়া , গলগি বডি , ৰাইব'জম ইত্যাদি।

) কোষকেন্দ্ৰ

উত্তৰঃ

) কোষকেন্দ্ৰ :- কোষকেন্দ্ৰ হৈছে জীৱ কোষৰ আটাইতকৈ প্ৰয়োজনীয়  উপাদান। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্রত  অৱস্থিত। ইয়াক অতি সহজে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। কোষকেন্দ্ৰীয়  আৱৰণ খনে কোষকেন্দ্ৰক কোষপ্ৰৰস পৰা পৃথক কৰি ৰাখে।



)কোষৰ কোনটো অংশত কোষাংগ বোৰ থাকে?

উত্তৰ:-  চাইট্ৰ'প্লাজমত।



) প্ৰাণী আৰু উদ্ভিদৰ  কোষৰ ছবি আঁকা । সিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰ:-





প্ৰাণীকোষ আৰু উদ্ভিদকোষ ৰ পাৰ্থক্য হ'-

) প্রাণীকোষত কোষবেৰ নাথাকে।

                     আনহাতে

      উদ্ভিদকোষত কোষবেৰ  থাকে।    

     

প্রাণীকোষত প্লাষ্টিড  নাথাকে। 

                 আনহাতে

         উদ্ভিদকোষত প্লাষ্টিড থাকে।



) প্রাণীকোষত ৰসধানীবোৰ সৰু। 

                        আনহাতে,

     উদ্ভিদকোষত ৰসধানীবোৰ  সাধাৰণতে ডাঙৰ।



) ইউকেৰিঅ'টছ আৰু প্ৰ'কেৰিঅ'টছ মাজত পাৰ্থক্য উল্লেখ কৰা।

উত্তৰ:-  ইউকেৰিঅ'টছ আৰু প্ৰ'কেৰিঅ'টছৰ মাজত পাৰ্থক্য হ'

) ইউকেৰিঅ'টছ বা সংকোষকেন্দ্ৰীয়  জীৱৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণ থাকে । আনহাতে  প্ৰকোষকেন্দ্ৰীয় জীৱৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে।

) ইউকেৰিঅ'টছৰ কোষকেন্দ্ৰীয় অংগাণুবিলাক থাকে। আনহাতে প্ৰ'কেৰিঅ'টছৰ কোষকেন্দ্ৰীয় অংগাণুবিলাক নাথাকে।

) ইউকেৰিঅ'টছৰ উদাহৰণ হৈছে বেক্টেৰিয়া আৰু নীল সেউজ শেলাই। আনহাতে প্ৰ'কেৰিঅ'টছৰ উদাহৰণ হৈছে প্ৰায়বোৰ   উদ্ভিদ আৰু প্রাণী।



) কোষৰ কোনটো অংশত  ক্ৰমজম  পোৱা যায় ? সিহঁতৰ কাম উল্লেখ কৰা।

উত্তৰ:-  কোষৰ  অতিকোষকেন্দ্ৰত ক্ৰমজম পোৱা যায়। 

                     ক্ৰমজমে ইয়াত থকা জিনৰ সহায়ত বংশানুক্রমে পোৱা গুণবোৰ পিতৃ-মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে।



) "কোষ জীৱৰ মৌলিক গঠন গত একক " ব্যাখ্যা কৰা।

উত্তৰ:- আমি জানো যে সকলোবোৰ জীৱৰ দেহ কোষেৰে গঠিত কোষবোৰৰ কিছুমান মৌলিক কাৰ্য কৰাৰ সামৰ্থ থাকে। কোষবোৰ একলগ হৈ কলা গঠন কৰে আৰু কলাবোৰে অংগ গঠন কৰে। এই অংগ বোৰৰ দ্বাৰাই জীৱ দেহ গঠন হ'য়। সেয়েহে কোৱা হয় "কোষ জীৱৰ মৌলিক গঠন গত একক "



) কিয় হৰিৎকণা  মাথো উদ্ভিদ কোষত হে পোৱা যায়? ব্যাখ্যা কৰা।

উত্তৰঃ উদ্ভিদৰ পাতৰ সেউজীয়া ৰঙৰ প্লাষ্টিড বোৰক হৰিৎকণা  বোলে। হৰিৎকণা নামৰ কোষ অংগাণুত পত্ৰহৰিৎ থাকে। এই পত্ৰহৰিৎবোৰ উদ্ভিদৰ সালোক  সংশ্লেষণ ৰ বাবে অতি প্ৰয়োজনীয়। পত্ৰহৰিৎ বোৰে  সৌৰ শক্তি আহৰণ কৰি উদ্ভিদক খাদ্য প্ৰস্তুতকৰণ ত সহায় কৰে।কিন্তু প্ৰাণীৰ ক্ষেত্ৰত এনে হোৱা দেখা নাযায়। 

   সেয়েহে হৰিৎকণা  মাথো উদ্ভিদ কোষত হে পোৱা যায় ।



১০) তলৰ শব্দ সাঁথৰ সম্পূৰ্ণ কৰা।

তললৈ :

) কোষ কেন্দ্ৰত থকা পকোৱা-সূতা সদৃশ গঠনৰ উপাদান।

) পাতৰ কোষৰ কোষপ্ৰৰসত  থকা ৰঙীন পদাৰ্থ।

) এবিধ এককোষী জীৱ।

) কোষপ্ৰৰসত থকা খালী ঠাই বিশিষ্ট গঠন।

) জীৱৰ অংগ গঠন কৰা কোষৰ সমষ্টি।

পথালিকৈ:

) কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য।

) কোষ আৱিষ্কাৰী বিজ্ঞানী গৰাকী।

উত্তৰ:-

 



অতিৰিক্ত প্রশ্ন উত্তৰ

) কোষ আৱিষ্কাৰী বিজ্ঞানী গৰাকী নাম কি?

উত্তৰ:- ৰবাৰ্ট হুক।

) এককোষী জীৱ কাক বোলে?

উত্তৰ:- এটা কোষেৰে গঠিত জীৱ বোৰক এককোষী জীৱ বোলে। উদাহৰণ - এমিবা আৰু পেৰামেছিয়াম।

) বহুকোষী জীৱ কাক বোলে?

উত্তৰ:-  এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত জীৱ বোৰক বহুকোষী জীৱ বোলে।উদাহৰণমানুহ, হাতী, বাঘ ,মাছ আদি।

) কোষৰ অংশ সমূহৰ নাম লিখা

উত্তৰ:-

) কোষকেন্দ্ৰ বা নিউক্লিয়াছ

) কোষাৱৰণ

) কোষপ্ৰৰস



No comments:

Post a Comment

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...