Redirect Image

js

Wednesday, March 16, 2022

অসমীয়া ব্যাকৰণঃ সমাস

১। সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা। [ HSLC '07, '09, '12]
 উত্তৰ : পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। সমাসৰ উদ্দেশ্য হৈছে দুটা বা  ততোধিক পদক চুটি বা সংক্ষেপ কৰা।
বৰশী মৰা মাছ -- ইয়াত 'মাছ' শব্দটোক বিশেষকৈ বুজোৱা বিশেষণ শব্দ 'বৰশীমৰা'।
বৰশীৰে মাৰি অনা মাছ -- এই অৰ্থত বৰশীমৰা শব্দটো গঢ়ি উঠিছে। গতিকে বৰশীমৰা পদটো তৃতীয়া তৎপুৰুষ সমাস। ইয়াত 'বৰশীৰে' তৃতীয়া বিভক্তি লোপ পাই 'মৰা' কৃদন্ত পদৰ
 লগত যোগ হৈছে আৰু 'মাৰ' ধাতুত
 বিশ্লেষণাত্মক কৃদন্ত 'আ' যোগ হৈ 'মৰা' সম্ভৱ
 হৈছে। তেনেকৈ দিনে দিনে -- প্ৰতিদিনে, ধৰ্মৰ
 অভাৱ-অধৰ্ম।

 ২। ব্যাসবাক্যৰ সৈতে সমাসৰ নাম লিখা:
 (ক) দোমাহী, চক্ৰ পাণি [HSLC '10]
 উত্তৰ : দোমাহী - দুই মাহৰ মাজৰ দিন
   (দ্বিগু সমাস)
   চক্ৰপাণি - চক্ৰ আছে পাণিত যাৰ
   তেওঁ (ব্যাধিকৰণ বা তৎপুৰুষ
   বহুব্ৰীহি সমাস)

 (খ) দোমাহী, পীতাম্বৰ, মাতৃভক্তি, আমৰণ।
  [HSLC '11]
 উত্তৰ :দোমাহী - দুই মাহৰ মাজৰ দিন
   (দ্বিগু সমাস)
  পীতাম্বৰ - পীত অম্বৰ পিন্ধে যি
  (কৰ্মধাৰয় বা সমানাধিকৰণ
  বহুব্ৰীহি সমাস)
  মাতৃভক্তি - মাতৃলৈ ভক্তি (তৎপুৰুষ
  সমাস)
  আমৰণ - মৰণ পৰ্যন্ত (অব্যয়ীভাৱ
  সমাস)
    

 (গ) ৰামৰাৱণ, পীতাম্বৰ, হাতদীঘল,
 জলচৰ।[HSLC '13]
 উত্তৰ : ৰামৰাৱণ - ৰাম আৰু ৰাৱণ।
   (ইতৰেতৰ দ্বন্দ্ব সমাস)
   পীতাম্বৰ - পীৰৰ অম্বৰ পিন্ধে যি
   (কৰ্মধাৰয় বা সমানাধিকৰণ
   বহুব্ৰীহি সমাস)
   হাতদীঘল - দীঘল হাত যাৰ সি।
   (কৰ্মধাৰয় বা সমানাধিকৰণ
   বহুব্ৰীহি সমাস)
   জলচৰ - জলত চৰে যি।(বহুব্ৰীহি
   সমাস)

 (ঘ) নৱৰত্ন, শূৰ্পণখা, চন্দ্ৰমুখ, গৃহস্থ।
 [HSLC '14]
 উত্তৰ: নৱৰত্ন - ন ৰত্নৰ সমাহাৰ
  (দ্বিগু সমাস)
  শূৰ্পণখা - শূৰ্পৰ নিচিনা নখ
  যাৰ। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
  চন্দ্ৰমুখ - চন্দ্ৰৰ তুল্য মুখ (কৰ্মধাৰয়
  সমাস)
  গৃহস্থ - গৃহত থাকে যি (তৎপুৰুষ
  সমাস)

 (ঙ) ৰাধাকৃষ্ণ, দোমাহী, চক্ৰপাণি, শুক্লপক্ষ
 [HSLC '15]
 উত্তৰ: ৰাধাকৃষ্ণ - ৰাধা আৰু কৃষ্ণ।
  (ইতৰেতৰ দ্বন্দ্ব সমাস)
  দোমাহী - দুই মাহৰ মাজৰ দিন।
  (দ্বিগু সমাস)
  চক্ৰপাণি - চক্ৰ আছে পাণিত যাৰ
  তেওঁ।(ব্যাধিকৰণ বা তৎপুৰুষ
  বহুব্ৰীহি সমাস)
  শুক্লপক্ষ - শুক্ল যি পক্ষ সি।
  (কৰ্মধাৰয় সমাস)

 (চ) ত্ৰিফলা, শূলপাণি, মহাপুৰুষ, সত্যাগ্ৰহ
 [HSLC '16]
 উত্তৰ: ত্ৰিফলা - ত্ৰি বা তিনি ফলৰসমাহাৰ
  (দ্বিগু সমাস)
  শূলপাণি - শূল আছে পাণিত যাৰ।
  (ব্যাধিকৰণ বা তৎপুৰুষ
  বহুব্ৰীহি সমাস)
  মহাপুৰুষ - মহান বা মহৎ পুৰুষ যি
  (ব্যতিহাৰ বহুব্ৰীহি সমাস)
  সত্যাগ্ৰহ - সত্যত আগ্ৰহ। (সপ্তমী
  তৎপুৰুষ সমাস)

 (ছ) দোমাহী, দেশান্তৰ, মহাপুৰুষ, উপবন।
 [HSLC '17]
 উত্তৰ: দোমাহী - দুই মাহৰ মাজৰ দিন
  (দ্বিগু সমাস)
  দেশান্তৰ - অন্য দেশ (নিত্য
  অব্যয়ীভাৱ সমাপ্ত)   
  মহাপুৰুষ - মহান বা মহৎ পুৰুষ যি
  (ব্যতিহাৰ বহুব্ৰীহি সমাস)
  উপবন - বনৰ সমীপ (অব্যয়ীভাৱ
  সমাস)

 (জ) ত্ৰিফলা, উৰাজাহাজ, মাটিকঁঠাল,
 মৌচাক। [HSLC '18]
 উত্তৰ: ত্ৰিফলা - ত্ৰি বা তিনি ফলৰ
  সমাহাৰ। (দ্বিগু সমাস)
  উৰাজাহাজ - উৰা যি জাহাজ সি।
  (কৰ্মধাৰয় সমাস)
  মাটীকঁঠাল - কঁঠালৰ দৰে ফল
  মাটিত হয় বাবেই। (ব্যাধিকৰণ বা
  তৎপুৰুষ বহুব্ৰীহি সমাস)
  মৌচাক - মৌৰ চাক।(ষষ্ঠী তৎপুৰুষ
  সমাস)

No comments:

Post a Comment

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...