পাঠৰ
মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ
1.
স্পন্দনশীল
বস্তু এটাই মাধ্যমত উৎপন্ন
কৰা শব্দ কেনেকৈ তােমাৰ কাণ
পাগৈ ?
উত্তৰঃ
স্পন্দনশীল বস্তু এটাই মাধ্যমত
শব্দ উৎপন্ন কৰিলে মাধ্যমটোৰ
সৰু সৰু কণিকাবােৰ নিজ স্থানতে
দুলি থাকে। শব্দ সঞ্চালিত
হওঁতে মাধ্যমৰ কণাবােৰ সংকোচিত
হয় আৰু শব্দ পাৰ হৈ যােৱাৰ
পিছত প্ৰসাৰিত হয়। এনেদৰে
মাধ্যমৰ মাজেৰে শব্দ আমাৰ
কাণত আহি পৰে।
2.
তােমাৰ
স্কুলৰ ঘণ্টাটোৱে কেনেদৰে
শব্দৰ সৃষ্টিকৰে বর্ণনা
করা।
উত্তৰঃ
স্কুলৰ ঘণ্টাত লাঠিৰে আঘাত
কৰিলে কম্পনৰ সৃষ্টি হয়।
যিটো কম্পনৰ ফলত শব্দৰ সৃষ্টি
হয়।
3.
শব্দ
তৰংগক কিয় যান্ত্রিক তৰংগ
বুলি কোৱা হয় ?
উত্তৰঃ
শব্দ তৰংগৰ উৎপন্নৰ বাবে আঘাতৰ
প্রয়ােজন। এই আঘাত কোনাে
বস্তুত কৰা হয় আৰু ইয়াৰ
সঞ্চালনৰ বাবে গােটা,
তৰল
বা গেছীয় মাধ্যমৰ প্রয়ােজনাে
হয়। যন্ত্র বা সঁজুলিৰ
প্রয়ােজন বাবে ইয়াক যান্ত্রিক
তৰংগ বােলা হয়।
4.
ধৰা
হওঁক,
তুমি
আৰু তােমাৰ বন্ধু চন্দ্ৰত
আছা। তােমাৰ বন্ধুৱে উৎপন্ন
কৰা যিকোনাে শব্দ শুনিবলৈ
সমর্থ হ’বানে?
উত্তৰঃ
বন্ধুজনে উৎপন্ন কৰা শব্দ
আমি শুনিবলৈ নাপাম। কাৰণ,
শব্দ
সঞ্চালিত হােৱাৰ বাবে মাধ্যমৰ
প্রয়ােজন। যিহেতু চন্দ্ৰত
বায়ু আৰু আন শব্দ সঞ্চালিত
হােৱা মাধ্যম নাই।
5.
তৰংগৰ
কি ধর্মই (a)
তীব্রতা
আৰু (b)
তীক্ষ্ণতা
নির্ণয় কৰে?
উত্তৰঃ
(a)
তৰংগৰ
তীব্রতা বিস্তাৰৰ ওপৰত নিৰ্ভৰ
কৰে।
(b)
উৎসই
উৎপন্ন কৰা কম্পনে তৰংগৰ
তীক্ষ্ণতা নির্ণয় কৰে।
6.
গাড়ীৰ
হর্ন আৰু গীটাৰ,
এই
দুয়ােটাৰ ভিতৰত কোনটোৰ শব্দৰ
তীক্ষ্ণতা বেছি?
উত্তৰঃ
গাড়ীৰ হর্ন শব্দৰ তীক্ষ্ণতা
বেছি।
7.
শব্দ
তৰংগৰতৰংগ দৈর্ঘ্য,
কম্পনাংক,
পর্যায়কাল
আৰু বিস্তাৰৰ সংজ্ঞা দিয়া।
উত্তৰঃ
তৰংগ দৈর্ঘ্যঃ দুটা অনুক্রমিক
সংকোচন বা তনূভৱনৰ মাজৰ দূৰত্বক
তৰংগ দৈর্ঘ্য বােলে।
কল্পনাংকঃ
প্রতি একক সময়ত সম্পূর্ণ
হােৱা দোলনৰ সংখ্যাকেই কম্পনাংক
বােলে।
পর্যায়কালঃ
দুটা অনুক্রমিক সংকোচন বা
তনূভৱননে নির্ধাৰিত বিন্দু
এটা অতিক্ৰম কৰিবলৈ লােৱা
সময়ক তৰংগৰ পর্যায়কাল বােলে।
বিস্তাৰঃ গড় মানৰ দুয়ােফালে মাধ্যমৰ আন্দোলনৰ সর্বোচ্চ মানক তৰংগৰ বিস্তাৰ বােলে।
8.
শব্দ
তৰংগৰ কম্পনাংক আৰুতৰংগ
দৈর্ঘ্য কি দৰে তাৰ দ্ৰুতিৰ
সৈতে জড়িত হৈ আছে?
উত্তৰঃ
শব্দৰ দ্রুতি হ’ল সংকোচন বা
তনূভৱনৰ বিন্দু এটাই প্রতি
একক সময়ত অতিক্রম কৰা দূৰত্ব।
তৰংগ দৈর্ঘ্য হ’ল এটা পর্যায়কালত
শব্দই অতিক্রম কৰা দূৰত্ব।
গতিকে,
তৰংগৰ
কম্পানংক (n),
তৰংগ
দৈর্ঘ্য (λ)
আৰু
দ্রুতি (ν)
ৰ
মাজৰ সম্পর্ক হ’ল-
দ্রুতি
=
তৰংগ
দৈর্ঘ্য ×
কম্পনাংক
বা
ν
= nλ.
9.
প্রদত্ত
মাধ্যম এটাত শব্দ তৰংগৰ দ্রুতি
440
ms-1 আৰু
কম্পনাংক 220
Hz।
ইয়াৰ তৰংগ দৈর্ঘ্য নির্ণয়
কৰা।
উত্তৰঃ
ইয়াত,
তৰংগৰ
দ্রুতি,
υ = 440 ms-1
কম্পাংক,
n = 220 Hz
তৰংগ
দৈর্ঘ্য,
λ = ?
আমি
জানাে যে,
v
=’nλ
⇒ λ = v/n
= 440 ms”/220Hz
=2m
10.
উৎসৰ
পৰা 450
m দূৰত্বত
উপৱিষ্ট ব্যক্তি এজনে শুনি
থকা স্বৰ এটাৰ কম্পনাংক 500
Hz ।
উৎসৰ পৰা নিৰ্গত অনুক্রমিক
সংকোচনবােৰৰ মাজৰ সময়ৰ
অন্তৰাল কিমান?
উত্তৰঃ
ইয়াত,
উৎসৰ
পৰা ব্যক্তিৰ মাজৰ দূৰত্ব,
d = 450 m
কম্পনাংক,
n = 500 Hz
সময়,
t = ?
আমি
জানাে যে,
t
= d/n
= 450/500
= 0.9s
11.
শব্দৰ
তীব্ৰতা আৰু প্ৰাৱল্যতাৰ
মাজৰ পার্থক্য কি?
উত্তৰঃ
শব্দৰ তীব্রতা হল শব্দৰ
কম্পনাংকই অতিক্রম কৰা বিস্তাৰ।
আনহাতে,
প্ৰাৱল্য
হ’ল শব্দ এটাৰ তীব্ৰতাৰ জোখ।
12.
বায়ু,
পানী
আৰু লােৰ ভিতৰত কোনটো মাধ্যমত
এক নির্দিষ্ট উষ্ণতাত শব্দৰ
দ্রুতি আটাইতকৈ বেছি?
উত্তৰঃ
লাে মাধ্যমত।
13.
শব্দ
এটা প্রতিধ্বনি 3s
পিছত
শুনা গল। প্রতিফলক পৃষ্ঠ আৰু
উৎসৰ মাজৰ দূৰত্ব কিমান?
দিয়া
আছে,
শব্দৰ
দ্রুতি 342
ms-1
উত্তরঃ
ইয়াত,
শব্দ
দ্রুতি,ν
= 342 ms-1
প্রতিধ্বনি
শুনােতে লগা সময়,
t = 3 s
. শব্দই
অতিক্রম কৰা দূৰত্ব,
d = v×t
= 342 x 3
= 1026 m
মানুহ
আৰু উৎসৰ মাজৰ দূৰত্ব
=
d/2
= 1026/2
=513m
14.
সংগীত
সমলয়ৰ প্রেক্ষাগৃহৰ মূধচখন
বক্ৰাকৃতিৰ কিয় হয় ?
উত্তৰঃ
সংগীত সমলয়ৰ মুধচখন বক্রাকৃতিৰ
হয়। কাৰণ,
যাতে
সমলয়ত পৰিবেশন কৰা সংগীত
সমলয়ৰ চোকে-কোণে
যাব পাৰে আৰু প্রেক্ষাগৃহত
বহি থকা সকলাে শ্রোতৰ কাণত
গৈ পৰে।
15.
সাধাৰণতে
মানুহৰ শ্ৰাৱ্যৰ পৰিসৰ
কি?
উত্তৰঃ
সধাৰণতে মানুহৰ শ্ৰাৱ্যৰ
পৰিসৰ হ’ল 20
Hzৰ
পৰা 20
kHz লৈ।
16.
(a) অৱশব্দ
আৰু (b)
অতিশব্দৰ
সৈতে জড়িত কম্পাংকৰ পৰিসৰ
কি?
উত্তৰঃ
(a)
অৱশব্দৰ
পৰিসৰ 20
Hz তকৈ
কম।
(b)
অতিশব্দৰ
পৰিসৰ 20
kHzতকৈ
বেছি।
17.
শিশু
জাহাজ এখনে নির্গত কৰা চনাৰ
স্পন্দন (sonar
pulse) এটা
সমুদ্র তলিৰ টিলা এটাত খুন্দা
খাই 1.02
s ত
উভতি আহিল। যদি লুনীয়া পানীত
শব্দৰ দ্ৰতি 1531
m/s হয়,
তেন্তে
টিলাটোৰ দূৰত্ব কিমান ?
উত্তৰঃ
ইয়াত,
পানীত
শব্দৰ দ্রুতি,
v = 1531 ms-1
সময়,
t = 1.02 s
টিলাটোৰ
দূৰত্ব,
d = ?
আমি জানো যে,

গতিকে, টিলাটোৰ দূৰত্ব 780.81 m|
1. শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয় ?
উত্তৰঃ শব্দ হৈছে এবিধ যান্ত্রিক তৰংগ যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়। বিভিন্ন বস্তুৰ কম্পনৰ সৃষ্টি কৰি শব্দ উৎপন্ন কৰা হয়।
2.
শব্দৰ
উৎসৰ ওচৰত ঘনীভৱন আৰু তনূভৱন
কেনেকৈ উৎপন্ন হয় চিত্ৰৰ
সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ
শব্দ
উৎস

উৎস এটাৰ পৰা শব্দ সঞ্চালিত হওঁতে মাধ্যমৰ কণাবােৰ হেঁচা খাই সংকুচিত হয় যাৰ ফলত ঘনীভৱনৰ সৃষ্টি হয়। আকৌ, শব্দখিনি পাৰ হৈ যােৱাৰ পিছত কণাবােৰ আগৰ অৱস্থালৈ (তনুভৱন) ঘূৰি আহে। এইদৰে শব্দ তৰংগ আমাৰ কাণত আহি পৰে।
3.
শব্দ
সঞ্চালনৰ বাবে মাধ্যমৰ
প্রয়ােজনীয়তা প্রদর্শন
কৰা পৰীক্ষা এটা উল্লেখ
কৰা।
উত্তরঃ
বায়ুৰুদ্ধ বেলজাৰ এটা লৈ
ভিতৰত এটা বৈদ্যুতিক ঘণ্টা
ওলােমােৱা হয়। বেলজাৰটোত
এটা বায়ু নিষ্কাশন নলী সংযােগ
কৰা হয়। বেলজাৰৰ মুখখন এটা
কৰ্কৰ দ্বাৰা বন্ধ কৰি লােৱা
হয় যাতে বেলজাৰটোৰ ভিতৰলৈ
বায়ু অহাে-যােৱা
কৰিব নােৱাৰে।

এতিয়া চুইচটো টিপি দিলে ঘণ্টাটোৰ পৰা শব্দ শুনিবলৈ পােৱা যাব। বেলজাৰটোৰ পৰা বায়ু। নিষ্কাশন নলীৰে বায়ু ওলাই আনিলে ঘণ্টাটোৰ শব্দ লাহে লাহে কমি আহিব আৰু সম্পূৰ্ণৰূপে বায়ু নিষ্কাশিত হলে শব্দ শুনিবলৈ পােৱা নাযাব। ইয়াৰ পৰা প্রমাণ হয় যে শব্দ সঞ্চালিত হােৱাৰ বাবে মাধ্যমৰ প্রয়ােজন।
4.
শব্দ
তৰংগক অনুদৈর্ঘ্য তৰংগ বুলি
কিয় কোৱা হয় ?
উত্তৰঃ
অনুদৈর্ঘ্য তৰংগৰ দৰে শব্দৰ
প্ৰভাৱত মাধ্যমৰ কণাবােৰে
নিজৰ সাম্য অৱস্থানৰ সাপেক্ষে
অগা-পিছা
কৰি থাকে। সেইবাবে শব্দ তৰংগকো
অনুদৈর্ঘ্য তৰংগ বােলে।
5.
অন্ধকাৰ
কোঠা এটাত বহুতৰ লগত বহি থকা
অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ
বাবে তােমাৰ বন্ধুৰ মাত চিনাক্ত
কৰিব পাৰা ?
উত্তৰঃ
শব্দৰ তীব্ৰতাৰ পৰা।
6.
বিজুলী
আৰু ঢেৰেকণি দুয়ােটাৰ একেলগে
সৃষ্টি হয়। কিন্তু বিজুলী
দৃশ্যমান হােৱাৰ কেইচেকেণ্ডমানৰ
পিছতহে ঢেৰেকণি শুনা যায়,
কিয়?
উত্তৰঃ
আমি জানো যে,
বায়ুমণ্ডলত
শব্দৰ দ্রুতিতকৈ পােহৰৰ দ্রুতি
বছি। সেইবাবে বিজুলী আৰু
ঢেৰেকণি একেলগে উৎপন্ন হলেও
বিজুলিৰ পােহৰ আগতে দৃশ্যমান
হয়।
7.
ব্যক্তি
এজনৰ শ্ৰাৱ সীমাৰ পৰিসৰ 20Hz
– 20kHz ৰ
ভিতৰত। এই দুটা তৰংগ কম্পনাংক
সাপেক্ষে শব্দ তৰংগৰ বায়ুত
প্রাপিক তৰংগ দৈর্ঘ্য কিমান?
বায়ুত
শব্দৰ দ্রুতি 344
m/s বুলি
ধৰা।
উত্তৰঃ
ইয়াত,
কম্পনাংক,
n = 20 Hz – 20 kHz
শব্দৰ
দ্রুতি,
ν = 344 ms-1
n = 20 Hz সাপেক্ষে
– তৰংগ দৈর্ঘ্য,
λ
= v/n
= 344 ms/20Hz
= 17.2 m
20
kHz সাপেক্ষে-
তৰংগ
দৈর্ঘ্য,
λ
= v/n
344 ms/200O0Hz
= 0.0172m
8.
এলুমিনিয়ামৰ
দণ্ড এডালৰ দুইমুৰত দুজন ছাত্র
আছে। এজনে শিলগুটিৰে দণ্ডডাল
টুকুৰাই দিলে। শব্দ বায়ু
আৰু এলুমিনিয়ামৰ মাজেৰে গৈ
ইজন ছাত্ৰৰ ওচৰ পাওঁতে লগা
সময়ৰ অনুপাত উলিওৱা।
উত্তৰঃ
তালিকাৰ পৰা-
এলুমিনিয়ামত
শব্দৰ দ্রুতি =
6420 ms-1
বায়ুত
শব্দৰ দ্রুতি =
346 ms-1
আমি
জানাে যে,
T=
1/v
= 1/6420
=0.00015 s
আকৌ,
T=
1/v
= 1/346
=0.0029 s
∴ অনুপাত
=
0.0029/0.00015
9.
শব্দৰ
উৎস এটাৰ কম্পনাংক 100
Hz।
ই এক মিনিটত কিমানটা কম্পন
সম্পূর্ণ কৰিব?
উত্তৰঃ
ইয়াত,
কম্পনাংক,
ν = 100 Hz
সময়,
T = 1 min = 60 s
∴ 1s ত
সম্পূর্ণ হােৱা কম্পনাংকৰ
সংখ্যা =
100 টা।
60s
ত
সম্পূর্ণ হােৱা কম্পনাংকৰ
সংখ্যা =
100× 60 টা।
= 6000 টা
10.
পােহৰে
মানি চলা প্রতি ফলনৰ সূত্ৰকেইটা
শব্দই মানেনে?
ব্যাখ্যা
কৰা।
উত্তৰঃ
পােহৰে মানি চলা সূত্ৰবােৰ
শব্দয়াে মানি চলে। পােহৰে
যেনেকৈ প্ৰতিফলক পৃষ্ঠৰ পৰা
উভতি আহে,
সেইদৰেশব্দয়ে
প্রতিফলক পৃষ্ঠৰ পৰা উভতি
আহে৷ পােহৰে প্রতিফলনৰ পিছত
প্রতিবিম্বৰ সৃষ্টি কৰে,
সেইদৰে
শব্দই প্রতিফলনৰ পিছত প্রতিধ্বনিৰ
সৃষ্টি কৰে।
11.
দূৰৰ
বস্তু এটাই শব্দ প্রতিফলিত
কৰিলে প্রতিধ্বনিৰ সৃষ্টি
হয়। ধৰা হওঁক,
শব্দৰ
উৎস আৰু প্রতি ফলক পৃষ্ঠৰ মাজৰ
দূৰত্ব একে আছে। তাতােকৈ গৰম
দিন এটাত প্ৰতি ধ্বনিৰ শব্দ
শুনিবানে?
উত্তৰঃ
শব্দৰ উৎস আৰু প্ৰতিফলকৰ
দূৰত্ব একে থাকিলেও তাতােকৈ
গৰম দিনতাে প্রতিধ্বনি শুনা
যাব।
12.
শব্দ
তৰংগৰ প্রতিফলনৰ দুটা ব্যৱহাৰিক
প্রয়ােগ লিখা।
উত্তৰঃ
শব্দ তৰংগৰ প্রতিফলনৰ দুটা
ব্যৱহাৰ হল-
(i)
শব্দৰ
পুনঃ পুনঃ প্রতিফলনৰ দ্বাৰা
হৃদপিণ্ড আৰু হওঁফাওঁত উৎপন্ন
হােৱা শব্দ ষ্টেথ’স্কপ সহায়ত
চিকিৎসকে শুনিবলৈ পায়।
(ii)
প্রেক্ষাগৃহত
শব্দৰ পুনঃ পুনঃ প্রতিফলনৰ
ফলত শ্ৰোতাৰ শুনিবলৈ সহজ হয়।
13.
500 m ওখ
স্তম্ভ এটাৰ শীৰ্ষৰ পৰা শিল
এটা স্তম্ভৰ পাদদেশত থকা
পুখুৰীৰ পানীত পৰিবলৈ দিয়া
হ’ল। পানীত পৰাৰ শব্দটো
স্তম্ভটোৰ শীৰ্ষত কেতিয়া
শুনিবলৈ পােৱা যাব?
দিয়া
আছে g
= 10 ms-2 আৰু
শব্দৰ দ্রুতি =
340 ms-1
উত্তৰঃ
ইয়াত,
শব্দই
অতিক্রম কৰা দূৰত্ব,
d = 500 m
শব্দৰ
দ্রুতি,
ν = 340 ms-1
g = 10 ms-2
সময়, t = ?
আমি
জানেনা যে,
t=
d/v
= 500/340
= 1.47 s
অতিবাহিত
সময় =
1.47 ×10 = 14.7 s
14.
শব্দ
তৰংগ এটা 339
ms-1 দ্রুতিৰে
সঞ্চালিত হৈছে ৷ যদি ইয়াৰ
তৰংগ দৈর্ঘ্য 1.5
cm, তেন্তে
তৰংগটোৰ কম্পনাংক কিমান?
ই
শ্রাব্য হ’বনে?
উত্তৰঃ
ইয়াত,
শব্দৰ
দ্রুতি,
ν = 339 ms-1
তৰংগ
দৈর্ঘ্য,
2 = 1.5 cm
কম্পনাংক,
n = ?
আমি
জাননা যে,
n=
v/λ
= 339/0.015
=22600Hz
যিহেতু
22600
Hz >20,000 Hz।
গতিকে ই শ্রাব্য নহয়।
15. অনুৰণন কাক বােলে? ইয়াক কেনেকৈ কমাব পাৰি?
উত্তৰঃ
শব্দৰ পুনঃ পুনঃ প্রতিফলনকে
অনুৰণন বােলে। অনুৰণন কমাবৰ
বাবে প্রেক্ষাগৃহৰ বেৰ,
মূধচ
আৰু বহা আসনবােৰ শব্দ শােষণকাৰী
পদার্থৰে
সজ্জিত
কৰিব লাগে।
16.
শব্দৰ
তীব্রতা কাক বােলে ?
কি
কি কাৰকৰ ওপৰত ইনিৰ্ভৰশীল?
উত্তৰঃ
শব্দৰ কম্পনাংকই অতিক্রম কৰা
বিস্তাৰক শব্দৰ তীব্রতা বােল।
ই বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰে।
18.
পৰিষ্কাৰ
(cleaning)
কৰিবলৈ
অতিশব্দৰ ব্যৱহাৰ কিদৰে হয়
?
উত্তৰঃ
বিভিন্ন আকৃতিৰ যন্ত্ৰৰ
অংশবােৰ,
ইলেক্ট্রনীয়
উপাদান আদিৰ সহজে ঢুকি নােপােৱা
ঠাইবােৰ পৰিষ্কাৰ কৰিবলৈ
অতিশব্দ ব্যৱহাৰ কৰা হয়।
পৰিষ্কাৰ কৰিবলগীয়া সঁজুলি
এটা পৰিষ্কাৰক দ্রৱৰ মাজত
ৰাখি তাৰ মাজেৰে অতিশব্দ
প্ৰেৰণ কৰা হয়। অতিশব্দৰ
খুন্দাত ধূলি-মাকতি,
তেলেতীয়া
পদার্থ আদিবােৰ বাহিৰলৈ ওলাই
আহে আৰু পৰিষ্কাৰক দ্ৰৱৰ তলিত
জমা হয়।
19
: চনাৰৰ
কার্যনীতি আৰু প্ৰয়ােগ
ব্যাখ্যা কৰা।
উত্তৰ
:
SONAR হ’ল
Sound
Navigation and Ranging, Sonar অৰ
সহায়ত অতি শব্দ ব্যৱহাৰৰ
দ্বাৰা বস্তুৰ দূৰত্ব,
দিশ
আৰু পানীৰ তলৰ বস্তুৰ দ্ৰুতি
নির্ণয় কৰিব পাৰি।
কার্যনীতি
:
চনাৰত
অতি শব্দৰ প্রতিধ্বনি ব্যৱহাৰ
কৰা হয়।
কাৰ্য্য
:
জাহাজ
এখনত সংস্থাপিত কৰা চৰৰ প্রেৰক
যন্ত্ৰৰ পৰা অতিশব্দ তৰংগ
সাগৰৰ পানীৰ মাজেৰে পঠাই দিয়া
হয়।
20.
শিহু
জাহাজত সংযুক্ত চনাৰ সঁজুলি
এটাই সংকেত প্ৰেৰণ কৰাৰ 5
s পিছত
প্রতিধ্বনি ধৰা পেলালে। শিহু
জাহাজৰ পৰা বস্তুটোৰ দূৰত্ব
3625
m হলে
পানীত শব্দৰ দ্রুতি নির্ণয়
কৰা।
উত্তৰ:
ইয়াত,
সময়,
t = 5 s
শিহু
জাহাজৰ পৰা বস্তুটোৰ দূৰত্ব,
d = 3625m
শব্দৰ
দ্রুতি,
v = ?
আমি
জানাে যে,
v
= 2d/t
= 2 × 3625/5
= 1450 ms-1
21.
অতিশব্দ
ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা
এটাৰ বিসংগতি কেনেকৈ ধৰা
পেলােৱা হয় ব্যাখ্যা কৰা।
উত্তৰঃ
ধাতুৰ কুণ্ডা এটাৰ মাজেৰে
অতিশব্দ প্রেৰণ কৰিলে ধাতুৰ
কুণ্ডাৰ অন্তৰ্ভাগত অতি
ক্ষুদ্র বিসংগতি থাকিলেও তাৰ
পৰা অতি শাব্দিক তৰংগবােৰ
প্রতিফলিত হৈ উভতি আহে। এনেদৰে
অতিশব্দ ব্যৱহাৰ কৰি ধাতুৰ
কুণ্ডা এটাৰ বিসংগতি ধৰা পেলাব
পাৰি।
22.
মানুহৰ
কাণৰ কার্যপদ্ধতি বর্ণনা
কৰা।
উত্তৰঃ
আমাৰ চৰিওফালৰ শব্দবােৰ কাণৰ
বাহ্যিক অংশ কর্ণপালিয়ে
সংগ্রহ কৰে। এই সংগ্রহীত
শব্দবােৰ শ্ৰৱণ নলীৰে কাণমাদলত
উপনীত হয় ফলত কাণমাদলৰ
বৰ্হিভাগত চাপৰ সৃষ্টি হয়
আৰু কাণমাদলক ভিতৰলৈ ঠেলি
পঠিয়াই দিয়ে। আকৌ তনুভৱনৰ
সৃষ্টিৰ ফলত কাণমাদল বাহিৰলৈ
ওলাই আহে। যাৰ ফলত কাণমাদলত
কম্পনৰ সৃষ্টি হয়। এই কম্পন
মধ্যকর্ণই অন্তঃকর্ণলৈ প্ৰেৰণ
কৰে আৰু অন্তঃকর্ণৰ বায়ুচাপৰ
পৰিবৰ্তনক কর্ণাবর্তই বৈদ্যুতিক
সংকেত লৈ ৰূপান্তৰ কৰে। এই
বৈদ্যুতিক সংকেতবােৰ শ্ৰৱণ
স্নায়ুৰ জৰিয়তে মাগজু পায়গৈ
আৰু শব্দ শুনিবলৈ পােৱা যায়।
অতি চমু প্রশ্নোত্তৰ
প্রশ্ন
:
শব্দ
উৎপন্ন বাবে প্রধানত কিহৰ
প্রয়ােজন?
উত্তৰঃ
শব্দ উৎপন্নৰ বাবে মাধ্যমত
কম্পনৰ প্রয়ােজন।
প্রশ্ন
:
মানুহৰ
মাত কিহৰ দ্বাৰা উৎপন্ন
হয়?
উত্তৰ:
মানুহৰ
মাত মানুহৰ স্বতন্ত্রত থকা
সুৰতন্ত্রী (vocal
cord) ৰ
দ্বাৰা উৎপন্ন হয়।
প্রশ্ন
:
মাধ্যম
অবিহনে শব্দৰ সঞ্চালন
সম্ভৱনে?
উত্তৰ:
নহয়।
প্রশ্ন
:
শব্দ
তৰংগ বাহিত হওঁতে মাধ্যমটি
বাহিত হয়নে?
উত্তৰ
:
নহয়।
প্রশ্ন
:
শব্দ
তৰংগ কি প্রকৃতিৰ তৰংগ?
উত্তৰঃ
শব্দ তৰংগ অনুদৈঘ্য যান্ত্রিক
তৰংগ।
প্রশ্ন
:
শব্দ
তৰংগই বায়ুৰ মাজেৰে সঞ্চালন
হওঁতে বায়ুত কি পৰিঘটনা ঘটে
?
উত্তৰঃ
শব্দ তৰংগই বায়ুৰ মাজেৰে
সঞ্চালিত হওঁতে বায়ুত সংকোচন
আৰু প্ৰসাৰণৰ সৃষ্টি কৰে।
প্রশ্ন
:
শব্দ
কি আৰু কেনেকৈ উৎপন্ন কৰা হয়
?
উত্তৰঃ
শব্দ হ’ল’অনুদৈর্ঘ্য তৰংগ
যিয়ে আমাৰ কাণত অনুভূতি
সঞ্চাৰ কৰে। ইয়াক যিকোনাে
মাধ্যমত কম্পন উৎপন্ন কৰি
উৎপন্ন কৰা হয়।
প্রশ্ন
:
দুটা
অনুক্রমিক তৰংগ শীর্ষ আৰু
তৰংগ খাদ বা সংকোচন আৰু প্ৰসাৰণ
(তনুভৱন)
ৰ
মাজৰ দূৰত্বক কি বােলে?
উত্তৰ:
তৰংগ
দৈর্ঘ্য বােলে।
প্রশ্ন
:
এটা
অনুক্রমিক সংকোচন আৰু প্ৰসাৰণৰ
মাজৰ দূৰত্বৰ জোখে কি দিয়ে?
উত্তৰঃ
সেই তৰংগৰ আদ্য তৰংগ দৈর্ঘ্যৰ
জোখ দিয়ে।
প্রশ্ন
:
কি
কি চৰিত্ৰৰ ভিত্তিত শব্দ তৰংগৰ
বৰ্ণনা দিব পাৰি?
উত্তৰঃ
কম্পনাংক,
বিস্তাৰ
আৰু দ্রুতি এই চৰিত্ৰ কেইটাৰ
ওপৰত ভিত্তি কৰি শব্দ তৰংগৰ
বৰ্ণনা দিব পাৰি।
প্রশ্ন
:
হেনৰিছ
ৰুডলফ হার্টজ কোন আছিল ?
উত্তৰঃ
হেনৰিছ ৰুডলফ হার্টজ’ জার্মান
পদার্থ বিজ্ঞানী আছিল।
প্রশ্ন
:
হার্টজে
কি পৰীক্ষা সাব্যস্ত কৰিছিল
?
উত্তৰঃ
হার্টজে মেক্সৱেলৰ বিদ্যুৎ
চুম্বকীয় তত্ত্ব স্যব্যস্ত
কৰিছিল।
প্রশ্ন : আলােক বিদুৎ পৰিঘটনা কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰঃ হেনৰিছ রুডলফ হার্টজ নামৰ বিজ্ঞানীজনে আলােক বিদ্যুৎ পৰিঘটনা আবিষ্কাৰ কৰিছিল।
প্রশ্ন
:
কম্পানাংক
সংজ্ঞা দিয়া।
উত্তৰঃ
প্রতি ছেকেণ্ডত কোনাে ঘূর্ণনশীল
বা কম্পনশীল বস্তু এটাই সম্পন্ন
কৰা ঘূর্ণন বা কম্পনকে তাৰ
কম্পানাংক বােলে।
প্রশ্ন
:
পৰ্য্যাযকালৰ
সংজ্ঞা লিখা।
উত্তৰঃ
এটা কম্পন বা ঘূর্ণন সম্পূর্ণ
হওঁতে প্রয়ােজন হােৱা সময়কেতাৰ
পর্যায়কাল বােলে।
প্রশ্ন
:
পৰ্য্যায়কাল
আৰু কম্পনাংকৰ সম্পর্ক
কি?
উত্তৰঃ
পৰ্য্যায়কাল (T)
আৰু
কম্পনাংক (n)
ৰ
সম্পর্ক হ’ল n
=1/T
প্রশ্ন:
কম্পাংকৰ
একক কি?
উত্তৰঃ
কম্পনাংকৰ একক হ’ল হার্টজ
(Hertz:Hz)।
প্রশ্ন
:শব্দ
তৰংগৰ দ্ৰতি,
কম্পাংকৰ
আৰু তৰংগদৈর্ঘ্যৰ সম্পৰ্কটো
লিখা।
উত্তৰ:
কম্পনাংক
(ν),
তৰংগদৈর্ঘ্য
(λ)
আৰু
দ্রুতি (n)
ৰ
মাজৰ সম্বন্ধটো
হ’ল-
ν=nλ
প্রশ্ন
:
দুজন
মানুহৰ কথাৰ মাজত শুনা শব্দ
দুটা কি কাৰণত বেলেগ বেলেগ
হয়?
উত্তৰ:
শব্দৰ
তীক্ষ্ণতা শব্দ অনুযায়ী
বেলেগ বেলেগ হােৱা বাবে এনে
হয়।
প্রশ্ন
:
শব্দৰ
গুণ বা ধ্বনি বৈশিষ্ট্যই কি
বুজায় ?
উত্তৰঃ
শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্যই
একে তীক্ষ্ণতা আৰু তীব্রতাৰ
দুটা শব্দৰ মাজৰ পার্থক্য
অনুভূত কৰােৱায়।
প্রশ্ন:
স্বৰ
কাক বােলে ?
উত্তৰঃ
এটা কম্পনাংক বিশিষ্ট শব্দক
স্বৰ বা টোন (tone)বােলে।।
প্রশ্ন
:
সুৰ
(note)
কাক
বােলে ?
উত্তৰঃ কেইবাটাও কম্পনাংকৰ সংমিশ্ৰণত
সৃষ্টি হােৱা শ্রুতি মধুৰ
শব্দক সুৰ বা নােট বােলে।
প্রশ্ন
:
কোলাহল
কি?
উত্তৰ:
কেবাটাও
কম্পনাংকৰ যধেমধে সংমিশ্ৰণত
হােৱা শ্রুতিকটু শব্দক কোলাহল
বা noise
বােলে।
প্রশ্ন
:
শব্দ
তৰংগৰ প্রাবল্য কাক বােলে
?
উত্তৰঃ
প্রতি ছেকেণ্ডত একক কালিৰ
মাজেৰে পাৰ হৈ যােৱা শব্দ
শক্তিৰ পৰিমাণক শব্দ তৰংগৰ
প্রাবল্য বােলে।
প্রশ্ন
:
শব্দ
তৰংগৰ তীব্রতা কি?
উত্তৰঃ
আমাৰ কাণে শব্দ তৰংগক দিয়া
সহাৰিকে সেই শব্দৰ প্রাবল্য
বােলে। অর্থাৎ একে তীব্রতাৰ
শব্দ হলেও তাৰ তীব্রতা কাণে
দিয়া সহাৰিৰ ওপৰত নিৰ্ভৰশীল।
প্রশ্ন
:
বিজুলীৰ
পােহৰ দেখা পােৱাৰ কিছুসময়
পাছতহে ঢেৰেকণি শুনা যায়
কিয়?
উত্তৰ:
শব্দৰ
বেগ পােহৰৰ বেগতকৈ বহুত কম
বাবে বিজুলীৰ পােহৰ দেখা
পােৱাৰ কিছু পাছতহে ঢেৰেকণি
শুনা যায়।
প্রশ্ন
:
বায়ুত
শব্দৰ বেগ 0°C
উষ্ণতাত
কিমান?
উত্তৰ
:
0° ছে,
উষ্ণতাত
বায়ুত শব্দৰ বেগ 331ms‾¹
প্রশ্ন
:
220 ছে.
উষ্ণতাত
বায়ুত শব্দৰ বেগ কিমান?
উত্তৰ:
22º ছে,
উষ্ণতাত
বায়ুত শব্দৰ বেগ 344ms‾¹
প্রশ্ন
:
উষ্ণতাৰ
লগত শব্দৰ দ্ৰুতিৰ সম্পর্ক
কি?
উত্তৰ
উষ্ণতা বাঢ়িলে শব্দৰ দ্রুতি
বাঢ়ে।
প্রশ্ন
:
25° ছে,
উষ্ণতাত
সাগৰৰ পানীৰ মাজেৰে শব্দৰ
বেগ কিমান?
উত্তৰঃ
25
ছে,
উষ্ণতাত
সাগৰৰ পানীৰ মাজেৰে শব্দৰ
বেগ 1531
মি./ছে।
প্রশ্ন:
প্রঘাতী
তৰংগৰ সৃষ্টি কিদৰে হয়?
উত্তঃ
শব্দৰ উৎস এটাই শব্দতকৈ অধিক
বেগত গতি কৰিলে ই বায়ুত যি
তৰংগৰ সৃষ্টি কৰে তাকে প্রঘাতী
তৰংগ বােলে।।
প্রশ্ন
:
শাব্দিক
বিস্ফোৰণ’ বা চনিক বুম’
কি?
উত্তৰঃ
প্রঘাতী তৰংগৰ লগত জড়িত
বায়ুৰ চাপৰ পৰিবৰ্তনে ক্ষণিকৰ
বাবে এক সুতীব্র শব্দৰ সৃষ্টি
কৰে। ইয়াকে ‘শাব্দিক বিস্ফোৰণ’
বােলে।
প্রশ্ন
:
শব্দৰ
প্রতিফলন বুলিলে কি বুজা?
উত্তৰ
শব্দই কোনাে বস্তুত আপতিত হৈ
পুনৰ মাধ্যমলৈ ঘূৰি অহাকে
শব্দৰ প্রতিফলন বােলে।
প্রশ্ন:
প্রতিধ্বনি
কাক বােলে ?
উত্তৰ
শব্দই কোনাে প্রতিবন্ধকৰ পৰা
প্রতিফলিত হৈ পুনৰ কাণত অনুভূত
হােৱাকে প্রতিধ্বনি বােলে।
প্রশ্ন
:
প্রতিধ্বনি
শুনিবলৈ হ’লে উৎস আৰু শ্ৰোতাৰ
মাজৰ নিম্নতম দূৰত্ব কিমান
হৰ লাগে?
উত্তৰ
:
17.2 মিটাৰ।
প্রশ্ন
:
অনুৰণন
কাক বােলে ?
উত্তৰঃ
ডাঙৰ হল ঘৰ এটাত পুনঃপুনঃ
প্রতিফলিত শব্দই শ্রাব্যসীমাৰ
তললৈ হ্রাস নােপােৱা পৰ্যন্ত
শ্ৰোতাৰ কাণত বাজি থকাকে
অনুৰণন বােলে।
প্রশ্ন
:
শব্দৰ
পুনঃপুনঃ প্রতিফলনৰ দুটা
ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ
(i)
হর্ণ
বা শিঙা আৰু (ii)
ষ্টেথ
‘প।।
প্রশ্ন
:
অতিশব্দ
কি ?
উত্তৰঃ
যি শব্দৰ কম্পনাকে 20
KHz অতকৈ
বেছি তাকে অতিশব্দ বােলে।
প্রশ্ন
:
অৱশব্দ
কাক কয়?
উত্তৰঃ
20KHz
অতকৈ
কম কম্পাংকৰ শব্দক অৱশব্দ
বােলে।
প্রশ্ন:
অতিশব্দৰ
এটা ব্যবহার উল্লেখ কৰা।
উত্তৰঃ
সাগৰৰ গভীৰতা নির্ণয়ৰ বাবে
অতিশব্দ ব্যৱহাৰ হয়।
প্রশ্ন
:
প্রতিধ্বনি
হৃদয়লেখ (echocardiograph)
কাক
বােলে?
উত্তৰঃ
অতিশাব্দিক তৰংগক হৃদপিণ্ডৰ
বিভিন্ন অংশৰ পৰা প্রতিফলিত
কৰােৱাই হৃদপিণ্ডৰ প্রতিবিম্ব
গঠন কৰা হয়। এই পদ্ধতিক
প্রতিধ্বনি হৃদয়লেখ বােলে।
প্রশ্ন:
SONAR ৰ
পুৰ্ণ পাঠ কি?
উত্তৰঃ
Sound
Navigation and Ranging.
প্রশ্ন:
বাদুলীয়ে
ৰাতি কি তৰংগ ব্যবহাৰ কৰি তাৰ
খাদ্য বিচাৰে?
উত্তঃ
অতিশব্দ ব্যৱহাৰ কৰি।
চমু প্রশ্নোত্তৰ
প্রশ্ন
:
শব্দ
তৰংগক কিয় যান্ত্রিক তৰংগ
বুলি কোৱা হয় ?
উত্তৰঃ
শব্দ তৰংগৰ উৎপন্নৰ বাবে আঘাতৰ
প্রয়ােজন। এই আঘাত কোনাে
বস্তুত কৰা হয় আৰু ইয়াৰ
সঞ্চালনৰ বাবে গােটা,
তৰল
বা গেছীয় মাধ্যমৰ প্রয়ােজনাে
হয়। যন্ত্র বা সঁজুলিৰ
প্রয়ােজন বাবে ইয়াক যান্ত্রিক
তৰংগ বােলা হয়।
প্রশ্ন
:
ধৰাহওক,
তুমি
আৰু তােমাৰ বন্ধু চন্দ্ৰত
আছা। তােমাৰ বন্ধুৱে উৎপন্ন
কৰা যিকোন শব্দ শুনিবলৈ সমৰ্থ
হ’বানে?
উত্তৰঃ
নহও। কাৰণ চন্দ্ৰত বায়ু নাই।
গতিকে বন্ধুৱে মােক কোৱা
কথাবােৰ কঢ়িয়াই নিবলৈ তাত
মাধ্যম নাই। গতিকে বন্ধুৰ
কথা শুনিবলৈ সমর্থ নহম।
প্রশ্ন
:
তৰংগৰ
কি ধর্মই (a)
তীব্রতা
আৰু (b)
তীক্ষ্ণতা
নির্ণয় কৰে?
উত্তৰঃ
(a)
তৰংগৰ
বিস্তাৰে তাৰ তীব্রতা নির্ণয়
কৰে।
(b)
তৰংগৰ
কম্পনাংকই তাৰ তীক্ষ্ণতা
নির্ণয় কৰে।
প্রশ্ন:
গাড়ীৰ
হর্ন আৰু গীটাৰ,
এই
দুয়ােটাৰ ভিতৰত কোনটোৰ শব্দৰ
তীক্ষ্ণতা বেছি?
উত্তৰঃ
গীটাৰৰ শব্দৰ তীক্ষ্ণতা গাড়ীৰ
হৰ্ণতকৈ বেছি। কাৰণ গীতাৰৰ
শব্দৰ কম্পনাংক গাড়ীৰ হৰ্ণৰ
শব্দৰ কম্পনাংকতকৈ অধিক হয়।
প্রশ্ন
:
শব্দ
তৰংগৰ তৰংগদৈর্ঘ্য,
কম্পনাংক,
পর্যায়
কাল আৰু বিস্তাৰৰ সংজ্ঞা
লিখা।
উত্তৰঃ
তৰংগ দৈর্ঘ্য (λ):
দুটা
অনুক্রমিক সংকোচন অথবা দুটা
অনুক্রমিক প্ৰসাৰণৰ মাজৰ
দূৰত্বকে সেই তৰংগৰ ৰংগ দৈর্ঘ্য
বােলে।
কম্পনাংক
(n):
প্রতি
ছেকেণ্ডত সম্পন্ন হােৱা কম্পন
/
দোলন
বা ঘূর্ণনৰ সংখ্যাকেকম্পনাংক
বােলে।
পর্যায়কাল
(T):
এটা
কম্পন/দোলন
বা ঘূর্ণনৰ বাবে প্রয়ােজনীয়
সময়কে পর্যায় কাল বােলে।
বিস্তাৰ
(A)
: দোলন
শীল বস্তু এটাই তাৰ সাম্য
অৱস্থাৰ পৰা লাভ কৰা সর্বোচ্চ
সৰণকে তাৰ বিস্তাৰ বােলে।
প্রশ্ন:
শব্দ
তৰংগৰ কম্পনাংক আৰু তৰংগ
দৈর্ঘ্য কি দৰে দ্ৰুতিৰ সৈতে
জড়িত হৈ আছে?
উত্তৰঃ
শব্দ তৰংগৰ কম্পনাংক (n),
তৰংগ
দৈর্ঘ্য (λ)
সেই
শব্দ তৰংগটোৰ দ্রুতি (ν)
ৰ
সৈতে কৰা সম্পর্কটো হ’ল—
দ্রুতি
=
কম্পনাংক
x
তৰংগ
দৈর্ঘ্য
⇒
V= n x λ
প্রশ্ন
:
শব্দৰ
তীব্রতা কাক বলে ?
কি
কি কাৰকৰ ওপৰত ই নিৰ্ভৰশীল?
উত্তৰঃ
শব্দৰ তীব্রতা হ’ল আমাৰ কাণে
গ্ৰহণ কৰা শব্দ তৰংগৰ বিস্তাৰ।
অর্থাৎ শব্দ তৰংগ উৎসত যি মানৰ
বল প্রয়ােগৰ দ্বাৰা কম্পনৰ
সৃষ্টি কৰা হয় তাৰ ওপৰত শব্দৰ
তীব্রতা নিৰ্ভৰ কৰে। শব্দৰ
প্রাবল্য বা তীব্রতাৰ দ্বাৰা
উচ্চ স্বৰৰ আৰু নিম্ন স্বৰৰ
শব্দৰ মাজৰ পার্থক্য নির্ণয়
কৰা হয়। গতিকে শব্দৰ তীব্রতা
তলত দিয়া কাৰকৰ ওপৰত নিৰ্ভৰশীল:.(i)
শব্দ
তৰংগৰ প্রাবল্য। প্রাবল্য
তাৰ বিস্তাৰৰ বৰ্গৰ সমানুপাতিক।
(ii)
কাণৰ
সংবেদশীলতা।
প্রশ্ন
:
চিকাৰ
ধৰিবলৈ বাদুলিয়ে অতিশব্দৰ
ব্যৱহাৰ কি দৰে কৰে?
উত্তৰ:
বাদুলীয়ে
অতিশব্দ উৎপন্ন আৰু গ্ৰহণ
কৰিব পাৰে। নিশা উৰি যাওঁতে
বাদুলিয়ে অতিশব্দ উৎপন্ন
কৰি উৰে। এই অতিশব্দ তাৰ সন্মুখত
কোনাে প্রতিবন্ধক থাকিলে,
তাৰ
পৰা প্রতিফলিত হৈ বাদুলীৰ
কাণত পৰে। এই প্রতিধ্বনিৰ
পৰা বাদুলীয়ে তাৰ আগত থকা
প্রতিবন্ধক চিনাক্ত কৰি তাৰ
পৰা হাত সৰাৰ বাবে নিজৰ উৰণৰ
দিশ সলনি কৰে। যেতিয়ালৈ
প্রতিধ্বনি শুনে তেতিয়ালৈ
সন্মুখত প্রতিবন্ধক নাই বুলি
নিশ্চিত। হৈ স্বচ্ছন্দে উৰি
যায়। এনেদৰে সি তাৰ চিকাৰ
ধৰিবলৈ উৰি ফুৰে। যদি প্রতিধ্বনি
শুনে তেতিয়া লাহে লাহে তাৰ
ওচৰ চাপে আৰু সেই প্রতিবন্ধক
ভক্ষণযােগ্য হলে তাক খাদ্য
হিচাপে গ্রহণাে কৰে।
প্রশ্ন
:
চনাৰ
যন্ত্ৰৰ সহায়ত কি কৰা হয়?
চনাৰ
প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে
লিখা।
উত্তৰ
:
চনাৰ
যন্ত্রত অতি শব্দৰ প্রেৰক
আৰু গ্রাহক দুয়ােটা অংশ থাকে।
প্ৰেৰক যন্ত্রাংশই তাত সৃষ্টি
হােৱা অতিশব্দ বহু দূৰলৈ
প্ৰেৰণ কৰে আৰু গ্রাহক যন্ত্রাংশই
সেই অতিশব্দ কোনাে প্রতিফলকত
পৰি উভতি আহিলে তাক গ্রহণ কৰে।
ইয়াৰ দ্বাৰা দূৰৰ বস্তুটোৰ
অস্তিত্ব বা তাৰ যন্ত্ৰটোৰ
পৰা দূৰত্ব নির্ণয় কৰিব পাৰি।
বাদুলিয়ে চনাৰ ব্যৱহাৰৰ
দ্বাৰা অন্ধকাৰ ৰাতিত তাৰ
আহাৰ বিচাৰি স্বচ্ছন্দে ঘূৰি
ফুৰে। চনাৰ প্ৰযুক্তি ব্যৱহাৰ
কৰি সাগৰৰ গভীৰতাৰ জোখ লােৱা
হয়। ইয়াৰ সহায়ত পানীৰ তলত
দ্রুতি,
দিশ
আৰু আকৃতি নির্ণয় কৰিব পাৰি।
No comments:
Post a Comment