Redirect Image

js

Wednesday, March 16, 2022

ধ্বনি আৰু বৰ্ণ বা আখৰ

১। ধ্বনি কাক বোলে? উদাহৰণেৰে বুজাই দিয়া।
উত্তৰ : আমি কোৱা ভাষা দৰাচলতে কিছুমান বাক্যৰ সমষ্টি। বাক্যবোৰ আকৌ কিছুমান অৰ্থযুক্ত শব্দৰ সঙ্গতিপূৰ্ণ বিন্যাস। শব্দক ধ্বনি বুলিও কোৱা হয়। শব্দ বা ধ্বনিও আকৌ কিছুমান নিজাকৈ কোনো অৰ্থ নোহোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ ধ্বনিৰ সমাহাৰ। যেনে 'মৰণ' এটা শব্দ ; ই ক্ৰমে ম, ৰ আৰু ণ ধ্বনিৰে গঠিত হৈছে; ইয়াত ম, ৰ আৰু ণ-ৰ নিজস্ব কোনো অৰ্থ নাই, একগোট হৈহে 'মৰণ' অৰ্থ বুজাইছে।

২। বৰ্ণ ধ্বনি আৰু শব্দ-ধ্বণিৰ পাৰ্থক্য কি?
উত্তৰ : বৰ্ণ-ধ্বনি হৈছে বিশেষ বিশেষ ধ্বনিসূচক বিশেষ বিশেষ কিছুমান চিন বা প্ৰতীক। আনহাতে শব্দ-ধ্বনি হৈছে দুই বা ততোধিক বৰ্ণ-ধ্বনিৰে গঠিত একোটা অৰ্থবহনকাৰী গোট।


৩। স্বৰ-ধ্বনি, ব্যঞ্জন-ধ্বনি আৰু বিশিষ্ট স্বৰ-ধ্বনি কাক বোলে?
উত্তৰ : হাওঁফাওঁৰ পৰা ওলাই অহা বতাহৰ সহায়ত মুখৰ ক'তো বাধা নোপোৱাকৈ পোনপটীয়াকৈ যিকোনো মাত বা ধ্বনিৰ সৃষ্টি হয়, তাক স্বৰধ্বনি বোলে।

যিবোৰ ধ্বনি মুখৰ কোনো নহয় কোনো অংশত সম্পূৰ্ণৰূপে বাধা পাই অথবা ঘঁহনি খাইহে উচ্চাৰিত হয়, সেইবোৰক ব্যঞ্জনধ্বনি বোলে।

শব্দৰ মাজত একে অৱস্থানত বহিও যি ধ্বনিয়ে শব্দৰ ৰূপ আৰু অৰ্থৰ পৰিবৰ্তন সাধে, সেই ধ্বনিকে বিশিষ্ট ধ্বনি বোলে।


৪। অক্ষৰ আৰু আখৰৰ পাৰ্থক্য কি?
উত্তৰ : অক্ষৰ শব্দটো ইংৰাজী syllable আৰু আখৰ শব্দটো Letter-ৰ সমাৰ্থক।


৫। হ্ৰস্বস্বৰ আৰু দীৰ্ঘস্বৰৰ পাৰ্থক্য বুজাই দিয়া।
উত্তৰ : স্বৰবৰ্ণ দুবিধ --- হ্ৰস্বস্বৰ আৰু দীৰ্ঘস্বৰ। অ, ই, উ, ঋ --- এই চাৰিটা হ্ৰস্বস্বৰ। আ, ঈ, ঊ, এ, ঐ, ও, ঔ --- এই কেইটা দীৰ্ঘস্বৰ। হ্ৰস্বস্বৰৰ উচ্চাৰণকাল কম, দীৰ্ঘস্বৰৰ উচ্চাৰণকাল হ্ৰস্বস্বৰৰ দুগুণ। বৰ্ণৰ উচ্চাৰণকালক মাত্ৰা বোলে। হ্ৰস্বস্বৰৰ উচ্চাৰণকাল এক মাত্ৰা আৰু দীৰ্ঘস্বৰৰ উচ্চাৰণকাল দুই মাত্ৰা ধৰা হয়।



No comments:

Post a Comment

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...