১) পৃথিৱীৰ স্হলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা ǀ
উত্তৰ- স্হলমণ্ডল- সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশই হল স্হলমণ্ডল ǀ স্হলমণ্ডলটো ৭ খন মহাদেশেৰে গঠিত ǀ এছিয়া, ইউৰোপ আৰু আফ্ৰিকা, উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা মহাদেশে, ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশেৰে গঠিত ǀ ভূ-পৃষ্ঠৰ ২৯% স্হলভাগ ǀ এই স্হলভাগৰ বৃহৎ অংশ (প্ৰায় ৬৭%) উত্তৰ গোলাৰ্ধত অৱস্হিত ǀ পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০% ই উত্তৰ গোলাৰ্ধত বাস কৰে ǀ
জলমণ্ডল- ভূ-পৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ-নদী, হ্ৰদ, জলাশয় আদিৰে আগুৰা বৃহৎ অংশকে জলমণ্ডল বোলে ǀ জলমণ্ডলে ভূ-পৃষ্ঠৰ ৭১ % অঞ্চল আৱৰি আছে ǀ জলমণ্ডলত অন্তৰ্গত পৃথিৱীৰ ৫ খন প্ৰধান মহাসাগৰ হৈছে- প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ,উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ ǀ জলমণ্ডলৰ বৃহৎ অংশ ৫৭ % দক্ষিণ গোলাৰ্ধত অৱস্হিত ǀ
২) মহাদেশীয় বিস্হাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্হা আদিতে কেনে আছিল ?
উত্তৰ- মহাদেশীয় বিস্হাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্হলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল ǀ পৃথিৱীৰ সেই অৱস্হাত থকা স্হলমণ্ডলটোক পেঞ্জিয়া আৰু জলমণ্ডলটোক পাণ্হালাছা বুলি জনা যায় ǀ এই পেঞ্জিয়াৰ সোঁ মাজেৰে পূৱা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল ǀ সেই সাগৰখনক টেথিছ সাগৰ নামে জনা যায় আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল ǀ ইয়াৰ উত্তৰে থকা অংশটোক আঙ্গাৰালেণ্ড(লৰেছিয়া) আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডোৱানালেণ্ড বোলে ǀ ২৫০ নিযুত বছৰৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত আঙ্গাৰালেণ্ড বা লৰেছিয়া আৰু গাণ্ডোৱানালেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি থকা বৰ্তমান অৱস্হাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল ǀ লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা,গ্ৰীণলেণ্ড আৰু ভাৰতউপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল ǀ আনহাতে গাণ্ডোৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা,আফ্ৰিকা, মাদাগাস্কাৰ ,ভাৰতবৰ্ষ, আৰব অঞ্চল,অষ্ট্ৰেলিয়া,এণ্টাৰ্কটিকা ,মালেছিয়া আৰু অন্য দ্বীপ সমূহ সৃষ্টি হৈছিল ǀ
৩) মহাসাগৰৰ তলিভাগৰ ভূঅৱয়বৰ সম্পৰ্কে চমুকৈ লিখা ǀ
উত্তৰ- মহাসাগৰৰ তলিভাগৰ ভূ-প্ৰকৃতি তেনেই অসমান ǀ মহাসাগৰৰ তলিভাগত শৈলশিৰা, দ্ৰোণী,সামুদ্ৰিক টিলা, খাত আদিয়ে ওখোৰা মোখোৰা কৰি ৰাখিছে ǀ গড় হিচাপে মহাসাগৰৰ গভীৰতা ৪০০০ মিটাৰ ǀ মহাসাগৰৰ পাৰ বা তীৰ অঞ্চলৰ পৰা মাজভাগলৈ ক্ৰমান্বয়ে গভীৰতা বাঢ়ি যায় ǀ ইয়াত দেখিবলৈ পোৱা ভূ অৱয়ববোৰ হৈছে ক্ৰমে- উপকূল,মহীসোপান,মহীঢাল, গভীৰ সমুদ্ৰতল,সমুদ্ৰতলীয় দ্ৰোণী,,সামুদ্ৰিক শৈলসিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্ৰখাত ǀ মহীঢালৰ পিছতেই সাগৰ মহাসাগৰৰ মাজভাগত অতি গভীৰ সমুদ্ৰতলীয় দ্ৰোণী (৪০০০ মিটাৰ গভীৰ পৰ্যন্ত), গভীৰতম সমুদ্ৰখাত (গড় ৮০০০ মিটাৰ ) আৰু অত তত সিঁচৰিত হৈ থকা সমুদ্ৰপৃষ্ঠৰ ওপৰত শৈলসিৰা আৰু দ্বীপ দেখিবলৈ পোৱা যায় ǀ
৪) মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা ǀ
উত্তৰ- মহাদেশসমূহৰ বিতৰণ
সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশই হল স্হলমণ্ডল ǀ স্হলমণ্ডলটো জলমণ্ডলৰ মাজতে বিভাজিত হৈ সোমাই আছে ǀ স্হলমণ্ডলটো চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে ǀ
· প্ৰথমটো অংশত এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত
· দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ ,
· তৃতীয় অংশটোত অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগলাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশ
· চতুৰ্থ অংশটো এন্টাৰ্কটিকা মহাদেশেৰে গঠিত ǀ
মহাসাগৰ সমূহৰ বিতৰণ
জলমণ্ডলত অন্তৰ্গত পৃথিৱীৰ ৫খন প্ৰধান মহাসাগৰ হৈছে- প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ,উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ ǀ
· প্ৰশান্ত মহাসাগৰ- এছিয়া ,উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্হিত
· আটলান্টিক মহাসাগৰ - এফালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আনফালে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্হিত ǀ
· ভাৰত মহাসাগৰ- এছিয়া মহাদেশৰ দক্ষিণত ,আফ্ৰিকা মহাদেৰ পূৱত আৰু ওছেনিয়া মহাদেশৰ পশ্চিমত অৱস্হিত ǀ
· উত্তৰ মহাসাগৰ- উত্তৰ আমেৰিকা,ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্হিত
· দক্ষিণ মহাসাগৰ -দক্ষিণ আমেৰিকা,আফ্ৰিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অৱস্হিত ǀ
৫) পৃথিৱীৰ স্হলভাগৰ উপৰিভাগত থকা ভূ অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা ǀ
উত্তৰ- পৰ্বত, পাহাৰ, সমভূমি, মালভূমি ইত্যাদিৰ উপস্হিতিয়ে স্হলভালগৰ উপৰিভাগক অসমান কৰি ৰাখিছে ǀ পৃথিৱীৰ ৭খন মহাদেশ ক্ৰমে-এছিয়া, ইউৰোপ আৰু আফ্ৰিকা, উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা মহাদেশে, ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশ আদি প্ৰত্যেকৰে ভূ প্ৰকৃতি বেলেগ বেলেগ ǀ
ক) পৰ্বত,পাহাৰ- এছিয়াৰ হিমালয়,কাৰাকোৰম,টিয়েনচাং,আৰৱলী; ইউৰোপৰ ককেছাচ, আল্পছ;দক্ষিণ আমেৰিকাৰ এণ্ডিজ; উত্তৰ আমেৰিকাৰ ৰকি ; ওছেনিয়া মহাদেশৰ স্ন’ৱি পৰ্বতমালাই উল্লেখযোগ্য ǀ হিমালয় পৰ্বতত থকা মাউন্ট এভাৰেষ্ট (৮৮৪৮মি) বিশ্বৰ আটাইতকৈ উচ্চতম শৃংগ ǀ ঠিক তেনেদৰে দক্ষিণ আমেৰিকা মহাদেশৰ এণ্ডিজ পৰ্বতশ্ৰেণী (৮০০০ কি মি) ৰ বিস্তৃতি বিশ্বৰ ভিতৰতে বেছি ǀ
খ) সমভূমি- এচিয়া মহাদেশৰ গংগা, বহ্মপুত্ৰ নদী উপত্যকা সমভূমি , হোৱাংহো, ইৰাৱতী, মেকং, চিকিয়াঙ নদী উপত্যকা সমভূমি ; ইউৰোপৰ ফ্ৰান্সৰ উপকূলৰ পৰা ইউৰাল পৰ্বত শ্ৰেণী পৰ্যন্ত সমভূমি ; আফ্ৰিকা মহাদেশৰ কংগো, নাইজাৰ, লিম্পোপো, জাম্বেজি আদি নদী উপত্যকা সমভূমি অঞ্চল, উত্তৰ আমেৰিকাৰ উত্তৰৰ বিশাল উচ্চ সমভূমি অঞ্চল, উকূলীয় নিম্ন সমতলভূমি অঞ্চল, আমাজান, পাৰাণা, পাৰগুৱেৰে আদি নদীৰ বিস্তৃত সমভূমি অঞ্চল আৰু ওছেনিয়া মহাদেশৰ মূৰে আৰু ডাৰ্লিঙ নদীৰ সমভূমি অঞ্চলেই প্ৰধান ǀ
গ) মালভূমি- এচিয়াৰ পামিৰ,তিব্বত,চাইবেৰীয়া,মংগোলীয়া,আৰৱ,ইৰাণ আৰু দাক্ষিণাত্য মালভূমি; দক্ষিণ আমেৰিকাৰ ইকৱেডৰ আৰু পাৰাণা-পেটাগণিয়া মালভূমি আৰু ওছেনিয়া মহাদেশৰ অষ্ট্ৰেলিয়া প্ৰধান ǀ ইয়াৰ ভিতৰত পামিৰ মালভূমিক বিশ্বৰ আটাইতকৈ বৃহৎ মালভূমি আখ্যা দিয়া হয় ǀ
৬) এচিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা ǀ
উত্তৰ- এচিয়া মহাদেশখন পৰ্বত পাহাৰ ,সমভূমি,মালভূমি,মৰুভূমি, নদ-নদী, হ্ৰদ, দ্বীপ ইত্যাদি নানান ভূ-অৱয়বৰে গঠিত ǀ তাৰে কিছুমান আকৌ বিশ্বৰ আন প্ৰান্তত উপলব্ধ নহয়ǀ বৈশিষ্ট্যপূৰ্ণ এই ভূ-অবয়ব বোৰে মহাদেশখনক স্বকীয়তা প্ৰদান কৰিছে ǀ
এচিয়া মহাদেশ পৰ্বতসমূহ - হিমালয়,কাৰাকোৰম, টিয়েনচান, আৰৱলী, ইউৰাল ইত্যাদি ǀ এই মহাদেশত পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট(৮৮৪৮মি),দ্বিতীয় উচ্চতম শৃংগ গড্উইন অষ্টিন (৮৬৬১মি) আৰু তৃতীয় উচ্চতম শৃংগ কাঞ্চনজংঘা (৮৫৮৬মি) অৱস্হিত ǀ
এচিয়া মহাদেশৰ মালভূমি সমূহ –তিব্বতমালভূমি, চাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি ,দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি ইত্যাদি ǀএই মহাদেশতে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পামিৰ মালভূমি অৱস্হিত ǀ
এচিয়া মহাদেশৰ নদ-নদী সমূহ- মধ্য-দক্ষিণত অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ইয়েনিচি,ওবি আৰু লেনা, পূব অংশত থকা আমুৰ,হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাবতী, মেকং, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি ǀ ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্হিত ǀ তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে
এচিয়া মহাদেশৰ হ্ৰদ সমূহ- এই মহাদেশখনত সৰু ডাঙৰ বহুতো হ্ৰদ আছে ǀ উদাহৰণস্বৰূপে- বলখাচ, বৈকাল,চিল্কা, চম্বৰ ,ডাল, পুলিকট, লোকটক ইত্যাদি ǀ ইয়াৰ ভিতৰত-বৈকাল হ্ৰদ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দ’ নিৰ্মল পানীৰ হ্ৰদ ǀ
এচিয়া মহাদেশৰ মৰুভূমি সমূহ- এচিয়া মহাদেশত উষ্ণ আৰু শীতল দুয়ো প্ৰকাৰৰ মৰুভূমি আছে ǀশীতল মৰুভূমিৰ ভিতৰত মংগোলীয়াৰ গোবি আৰু উষ্ণ মৰুভূমিৰ ভিতৰত ভাৰতৰ থৰ আৰু আৰবৰ মৰুভূমিয়ে প্ৰধান ǀ
৭)কাৰণ দৰ্শাই উত্তৰ লিখা
(ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থূপ খাই আছে কিয় ?
উত্তৰ- স্হলভাগৰ বৃহৎ অংশ (প্ৰায় ৬৭ % )উত্তৰ গোলাৰ্ধতে অৱস্হিত সেয়ে জনবসতি এই স্হলভাগতহে বেছিকৈ পোৱা যাব ǀ
উত্তৰ গোলাৰ্ধত তুলনামূলকভাৱে উন্নত দেশবোৰ অধিক যেনে- ইউৰোপৰ দেশসমূহ, এচিয়াৰ জাপান ,চীন, ৰুচিয়া, উত্তৰ আমেৰিকাৰ কানাডা, আমেৰিকা ইত্যাদি ǀ উদ্যোগীকৰণ , যাতায়তৰ সা সুবিধা, খনিজ সম্পদৰ উপলব্ধতা, কৰ্মসংস্হাপনৰ সুবিধা আদিৰ বাবে এই ৰাষ্ট্ৰবোৰ অৰ্থনৈতিকভাৱে আগবঢ়া আৰু সেয়ে তাত জনবসতিও বেছি ǀ
উত্তৰ গোলাৰ্ধৰ জলবায়ু তুলনামূলকভাৱে দক্ষিণ গোলাৰ্ধৰ জলবায়ুতকৈ নমনীয় ǀ সেই জলবায়ু কৃষিকাৰ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উৎপাদন কাৰ্য চলাবলৈ সুবিধাজনক ǀ সেইয়ে সেইবোৰ অঞ্চলত বসতি অধিক ǀ ইয়াৰ বিপৰীতে দক্ষিণ গোলাৰ্ধৰ এটা বৃহৎ অংশ দক্ষিণ মেৰুত বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে যাৰ ফলত তাত মানুহৰ বসতি আৰু কামকাজৰ সুবিধা নাথাকে ǀ
(খ) এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্হায়ী বসতি দেখা নাযায় কিয় ?
উত্তৰ- পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত থকা এন্টাৰ্কটিকা মহাদেশত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে বাবে তাত ছমাহ একেৰাহে দিন আৰু ছমাহ একেৰাহে ৰাতি হৈ থাকে ǀ উত্তাপ কম হোৱাৰ বাবে এন্টাৰ্কটিকা মহাদেশৰ বেছিভাগ অঞ্চল বছৰৰ বাৰ মাহে বৰফেৰে আবৃত্ত হৈ থাকে ,সেয়ে তাত স্হায়ী বসতি দেখা নাযায় ǀ
৮) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া
ক) এচিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰকৃতিক সীমা কিহে সৃষ্টি কৰিছে লিখাǀ
উত্তৰ- ইউৰাল পৰ্বতমালাই
খ) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু কত অৱস্হিত ?
উত্তৰ- এণ্ডজ পৰ্বতমালা (৮০০০ মিটাৰ কি মি )
গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা ǀ
উত্তৰ- বৃহত্তম মহাদেশ –এচিয়া
ক্ষুদ্ৰতম মহাদেশ- ওছেনিয়া মহাদেশ
ঘ) পৃথিৱীৰ কোনখন দেশ আন দুখন মহাদেশলৈ বিস্তৃত ?
উত্তৰ-
ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা ǀ
উত্তৰ- বৃহত্তম মহাদেশ- এচিয়া
ক্ষুদ্ৰতম মহাদেশ- ওচেনিয়া
চ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি ? ই মহাদেশৰ কোন অংশত অৱস্হিত ǀ
উত্তৰ- ৰকি পৰ্বত শ্ৰেণী
ই মহাদেশখনৰ পশ্চিমফালৰ আলস্কাৰ পৰা মেক্সিকো পৰ্যন্ত উত্তৰা দক্ষিণাকৈ বিয়পি আছে ǀ
ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্হিত ?
উত্তৰ- চাহাৰ মৰুভূমি আৰু ই আফ্ৰিকা মহাদেশত অৱস্হিত ǀ
জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূৱ দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা ǀ
উত্তৰ- উত্তৰ দিশলৈ প্ৰবাহিত নদী- ইয়েনিছি আৰু ওব
পূব দিশলৈ প্ৰবাহিত নদী- আমুৰ, চিকিয়াং
ঝ)অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী,নদী আৰু মৰুভূমিৰ নাম লিখা ǀ
উত্তৰ-পৰ্বতশ্ৰেণী- স্ন’ৱি মাউন্টেইন
নদী- বেলিয়াণ্ডো
মৰুভূমি- গ্ৰেট ভিক্টোৰিয়া
ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্হিত তিনিখন দেশৰ নাম লিখা ǀ
উত্তৰ- ক্ৰীট,মালটা আৰু ছিছিলি
৯) চমুটোকা লিখা
(ক) পেঞ্জিয়া
মহাদেশীয় বিস্হাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্হলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল ǀ পৃথিৱীৰ সেই অৱস্হাত থকা স্হলমণ্ডলটোক পেঞ্জিয়া বুলি জনা যায় ǀ এই পেঞ্জিয়াৰ সোঁ মাজেৰে পূৱা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল ǀ সেই সাগৰখনক টেথিছ সাগৰ নামে জনা যায় আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল ǀ ইয়াৰ উত্তৰে থকা অংশটোক আঙ্গাৰালেণ্ড আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডোৱানালেণ্ড বোলে ǀ
(খ) উত্তৰ মহাসাগৰ
· পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ ǀ
· প্ৰায় ১৪ নিযুত বৰ্গ কিলোমিটাৰ এলেকা জুৰি এই মহাসাগৰ বিয়পি আছে ǀ
· এছিয়া,ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে ǀ
· ইয়াৰ তলিৰ গড় গভীৰতা ৩৫০০মিটাৰ ǀ
· এই মহাসাগৰ উত্তৰ মেৰু অঞ্চলত অৱস্হিত বাবে বছৰটোৰ বেছিভাগ সময় উত্তৰ মহাসাগৰখন বৰফেৰে ঢাক খাই থাকে ǀ
(গ) ওচেনিয়া মহাদেশ
· ওচেনিয়া মহাদেশৰ মাটিকালি প্ৰায় ৮ নিযুত বৰ্গ কি মি ǀ ই স্হলমণ্ডলৰ ৫.৪ শতাংশ অঞ্চল আৱৰি আছে ǀই বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ ǀ
· ওচেনিয়া মহাদেশত সৰু ডাঙৰ ১৪ খন দেশ আছে ǀ
· ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা ৩৮ নিযুত ǀ
· ওচেনিয়া মহাদেশৰ আটাইতকৈ বৃহৎ দেশ হল অষ্ট্ৰেলিয়া আৰু বিশ্বৰ ভিতৰত ষষ্ঠ বৃহতম দেশ
· ওচেনিয়া মহাদেশৰ মূল ভূখণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি ǀ
· মূৰে ,ডাৰ্লিঙ, বেলিয়াণ্ডো ,ভিক্টোৰিয়া, ছোৱান আদি এই মহাদেশৰ প্ৰধান নদী ǀ
· এই মহাদেশত থকা কিছুমান মৰুভূমি হৈছে- গ্ৰেট ভিক্টোৰিয়া,গ্ৰেট ছেণ্ডি, টানামী, ছিম্পছন,,গিবছন ইত্যাদি ǀ
(ঘ) এচিয়া মহাদেশৰ নদনদী-
এচিয়া মহাদেশৰ নদ-নদী সমূহ হৈছে -মধ্য-দক্ষিণত অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ইয়েনিচি,ওবি আৰু লেনা, পূব অংশত থকা আমুৰ,হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাবতী, মেকং, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি ǀ ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্হিত ǀ তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে
(ঙ)আফ্ৰিকা মহাদেশৰ হ্ৰদ সমূহ
আফ্ৰিকা মহাদেশত বহুতো হ্ৰদৰ উপস্হিতি লক্ষ্য কৰা যায় ǀ সেই হ্ৰদসমূহ হৈছে- ভিক্টোৰিয়া, এলবাৰ্ট টাংগানিকা, চাড,ভোল্টা, ন্যাচা,কেব’ৰা বাচ্চা, মালৱি, টুকাৰ্ণা কিভু, এব্বে ইত্যাদি ǀ
(চ)ইউৰোপ মহাদেশৰ নদ-নদী
ইউৰোপ মহাদেশত সৰু বৰ বহুতো নদীৰ উপস্হিতি দেখা যায় ǀ দেশ অনুযায়ী নদ-নদীবোৰ হৈছে-
|
দেশৰ নাম |
নদীৰ নাম |
|
স্পেইন |
এলব্ৰো |
|
ফ্ৰান্স |
ৰোণ আৰু চেইন |
|
জাৰ্মানী |
ৰাইন আৰু এল্বে |
|
পোলেণ্ড |
ওডাৰ আৰু ভিষ্টুলা |
|
অষ্ট্ৰীয়া,হাংগেৰী আৰু ৰোমানিয়া |
ডানিয়ুব |
|
বেলাৰুচ আৰু ইউক্ৰেইন |
নিপাৰ |
|
ইটালী |
পো |
|
গ্ৰেট ব্ৰিটেইন |
থেমচ |
|
ৰুচিয়া |
ডন, ভল্গা,ইউৰাল |
(ছ)আপেলেছিয়ান উচ্চভূমি অঞ্চল
· উত্তৰ আমেৰিকাৰ অন্যতম পুৰণি পৰ্বতমালাই হল আপেলেছিয়ান উচ্চভূমি
· উত্তৰে নিউফাণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লৰিডা লৈ বিস্তৃত হৈ আছে ǀ ওখোৰা মোখোৰা এই অঞ্চলটো পৰ্বত পাহৰ,ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত ǀ
· সমগ্ৰ অঞ্চলটো অৰণ্যৰে ভৰপূৰ
· এই অঞ্চলতেই আমেৰিকাৰ খনিজ সম্পদৰ (কয়লা,লোৰ আকৰ, জিংক আদিৰ) বিশাল ভাণ্ডাৰবোৰ লুকাই আছে
(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ
উত্তৰ আমেৰিকা মহাদেশত অজস্ৰ নদ নদী আৰু হ্ৰদ আছে ǀ তাৰে ভিতৰত উল্লেখযোগ্য হ্ৰদ কেইটা হৈছে- ছুপেৰিয়ৰ, হুৰ’ন, মিছিগান এৰি,ওন্টেৰিও, গ্ৰেট বিয়াৰ ,গ্ৰেট শ্লেভ, উইনিপেগ,গ্ৰেট ছল্ট ǀ ইয়াৰে ছুপেৰিয়ৰ হল বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম আৰু উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ মিঠা পানী হ্ৰদ ǀ
১০) পাৰ্থক্য লিখা
(ক)মহীসোপান আৰু মহীঢাল
|
মহীসোপান |
মহীঢাল |
|
উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰৰ অগভীৰ অংশকে মহীসোপান বোলে ǀ |
মহীসোপানৰ পিছৰ গভীৰ অংশক মহীঢাল বোলা হয় ǀ |
|
গভীৰতা প্ৰায় ২০০ মিটাৰ পৰ্যন্ত ǀ |
গভীৰতা প্ৰায় ২০০০ মিটাৰ পৰ্যন্ত ǀ |
(খ) এভাৰেষ্ট আৰু গডউইন অষ্টিন
|
এভাৰেষ্ট |
গড্উইন অষ্টিন |
|
পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগ ǀ (উচ্চতা ৮৮৪৮ মিটাৰ) |
পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ ǀ (উচ্চতা ৮৬১১ মিটাৰ) |
|
হিমালয় পৰ্বতশ্ৰেণীৰ অন্তৰ্গত ǀ |
কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত ǀ |
(গ) ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশ
|
ওছেনিয়া মহাদেশ |
এন্টাৰ্কটিকা মহাদেশ |
|
ওছেনিয়া মহাদেশত মুঠ ১৪ খন দেশ আছে ǀ |
এন্টাৰ্কটিকাত কোনো দেশ নাই |
|
ওছেনিয়া মহাদেশ মাটিকালি ৮.১ নিযুত বৰ্গ কি মি ǀ |
এন্টাৰ্কটিকা মহাদেশৰ মাটিকালি ১৩.২ নিযুত বৰ্গ কি মি ǀ (এন্টাৰ্কটিকা মহাদেশৰ আকাৰ ওছেনিয়া মহাদেশত ডাঙৰ) |
|
মুঠ জনসংখ্যা ৩৮ নিযুত ǀ |
এন্টাৰ্কটিকা মহাদেশত মানুহৰ বসতি নাই ǀ |
|
ওছেনিয়া মহাদেশ বৰফেৰে আৱৰা নহয় ǀ |
এন্টাৰ্কটিকা মহাদেশ খন বৰফৰে আৱৰা ǀ |
(ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি
|
গোবি মৰুভূমি |
আটাকামা মৰুভূমি |
|
এছিয়া মহাদেশৰ মঙ্গোলিয়াত অৱস্হিত |
দক্ষিণ আমেৰিকাত চিলি আৰু বলিভিয়াৰ মাজত অৱস্হিত ǀ |
|
শীতল মৰুভূমি ǀ |
উষ্ণ মৰুভূমি |
|
স্নো লিপাৰ্ড,উট,শিয়াল নানা প্ৰকাৰৰ সাপ আদি জীৱ জন্তু পোৱা যায় |
উষ্ণতা অত্যাধিক বাবে সাপ,মকৰা আদি কিছু জীৱৰ বাদে অন্য জীৱজন্তু পোৱা নাযায় |
|
বছৰি গড়ে ১৯৪ মিলিমিটাৰ বৰষুণ পৰে |
বছৰি গড়ে ১৫ মিলিমিটাৰ বৰষুণ পৰে |
১১) শুদ্ধ উত্তৰটো বাছি উলিওৱা
(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ?
(১) প্ৰশান্ত মহাসাগৰ
(২) ভাৰত মহাসাগৰ
(৩) আটলাণ্টিক মহাসাগৰ
(৪) দক্ষিণ মহাসাগৰ
উত্তৰ- (৩) আটলাণ্টিক মহাসাগৰ
(খ) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন ?
(১) উত্তৰ আমেৰিকা মহাদেষ
(২) ইউৰোপ মহাদেশ
(৩) এন্টাৰ্কটিকা মহাদেশ
(৪) ওছেনিয়া মহাদেশ
উত্তৰ- (৪) ওছেনিয়া মহাদেশ
(গ) ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্হিত ?
(১) আটলাণ্টিক মহাসাগৰ
(২) প্ৰশান্ত মহাসাগৰ
(৩) ভাৰত মহাসাগৰ
উত্তৰ- (৩) আটলাণ্টিক মহাসাগৰ
(ঘ) এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ?
(১) ভূমধ্য সাগৰ
(২) লোহিত সাগৰ
(৩) কস্পিয়ান সাগৰ
(৪) আৰব সাগৰ
উত্তৰ-
(ঙ)এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে ?
(১) ইউৰাল পৰ্বতমালা
(২) ককেচাছ পৰ্বত
(৩) কাস্পিয়ান সাগৰ
(৪) ভল্গা নদী
উত্তৰ- (১) ইউৰাল পৰ্বতমালা
(চ) ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্হিত ?
(১) উত্তৰ আমেৰিকা
(২) দক্ষিণ আমেৰিকা
(৩) আফ্ৰিকা
(৪) এছিয়া
উত্তৰ- (২) দক্ষিণ আমেৰিকা
( ছ) ব্ৰাজিলৰ ৰাজধানী কি ?
(১) ৰিঅ ডি জেনেইৰো
(২) চাও পাওলো
(৩) ব্ৰাচিলিয়া
( ৪ ) লিমা
উত্তৰ- (৩)
ব্ৰাচিলিয়া


No comments:
Post a Comment