প্ৰশ্নাৱলী:
প্ৰশ্ন:১) তোমাক তিনিটা পৰীক্ষানলী দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলীত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিৱা।
Ans:
(i) প্ৰথমে আমাক যোগান ধৰা ৰঙা লিটমাছ কাগজখন তিনিওঁটা পৰীক্ষানলীত ডুবাই দিয়া হ’ল । এতিয়া, যিটো দ্ৰৱই ৰঙা লিটমাছ কাগজখনৰ বৰণ নীলা কৰিৱ সেইটো হ’ৱ ক্ষাৰক। এছিড আৰু পাতিত পানীৰ ক্ষেত্ৰত লিটমাছ কাগজৰ কোনো প্ৰভাৱ নাথাকিৱ।
(ii) এতিয়া ক্ষন্তেক সময় পূৰ্বে পোৱা নীলা লিটমাছ আন দুটা দ্ৰৱত ডুবাই দিয়াত যিটো দ্ৰৱই নীলা লিটমাছৰ বৰণ ৰঙা কৰিৱ সেইটো হ’ৱ অম্ল।
(iii) আনহাতে, যিটো দ্ৰৱৰ ওপৰত লিটমাছৰ কোনো প্ৰভাৱ নাথাকিৱ সেইটো হ’ৱ পাতিত পানী।
প্ৰশ্নাৱলী:
প্ৰশ্ন:১) দৈ আৰু তেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
Ans: দৈ আৰু টেঙা খাদ্য বস্তুত এছিড থাকে। ইহঁতক তাম বা পিতলৰ পাত্ৰত থ’লে ধাতুৱে এছিডৰ লগত বিক্ৰিয়া কৰি বিষাক্ত ধাতৱ লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।এই বিষাক্ত লৱণে খাদ্য বস্তুৰ লগত মিলি খাদ্য বস্তু খোৱাৰ অনুপযোগী কৰি তোলে। ইয়াৰোপৰি এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰি পাত্ৰটোৰ ক্ষয়ী সাধনো কৰিৱ পাৰে।
প্ৰশ্ন:২) এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিৱা?
Ans: এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰি সাধাৰণতে H2 গেছ উৎপন্ন কৰে।
উদাহৰণস্ৱৰূপে, Zn (s) + H2SO4 (dil) → ZnSO4 (aq) + H2 (↑)
যিংকে লঘূ ছালফিউৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি যিংক ছালফেট আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
পৰীক্ষা: এটা পৰীক্ষা নলত 5ml লঘূ ছালফিউৰিক এছিড লৈ তাঁত কেইটামান যিংকৰ টুকুৰা যোগ কৰা হ’ল । এতিয়া উদ্ভৱ হোৱা গেছখীনি চাবোন পানীৰ মাজেৰে যাৱলৈ দিয়া হ’ল।হাইড্ৰ’জেনে চাবোনৰ পানীত বুদ-বুদৰ সৃষ্টি কৰি উৰ্ধমুখী দিশত বায়ুত মুক্ত হয়। এতিয়া এডাল জ্বলি থকা মমবাতি গেছ ভৰ্তী বুদ-বুদৰ ওচৰত ধৰা হোৱাত গেছ ভৰ্তী বুদ-বুদসমূহ ফট্-ফট্ শব্দ কৰি জ্বলিৱলৈ আৰম্ভ কৰে। যিহেতু H2 গেছ ফট্-ফট্ শব্দ কৰি জ্বলি উঠে গতিকে আমি সিদ্ধান্ত উপনীত হলো যে, উদ্ভৱ হোৱা গেছটো H2.
প্ৰশ্ন:৩) এটা ধাতৱ যৌগ A লঘূ হাইড্ৰ’ক্ল’ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণিৰ সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।
Ans: ধাতৱ যৌগ ‘A’ য়ে লঘূ হাইড্ৰ’ক্লৰিক এছিডৰ সৈতে বিক্ৰিবা কৰি CO2 গেছ উৎপন্ন কৰে যিয়ে এডাল জ্বলি থকা মমবাতি নুমুৱাই।
এতেকে, ধাতৱ যৌগ ‘A’ হৈছে কেলছিয়াম কাৰ্বনেট (CaCO3)
বিক্ৰিয়াটো হ’ল-
Ca(CO)3 (s) + 2HCl (aq) → CaCl2 (aq) + H2O (l) + CO2 (g)
প্ৰশ্নাৱলী:
প্ৰশ্ন:১) জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱাই?
Ans: জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে H+ আয়ন ত্যাগ কৰি হাইড্ৰ’নিয়াম aBn (H3O+) উৎপন্ন কৰে। যাৰ ফলত ইহঁতে এছিড ধৰ্ম প্ৰদৰ্শন কৰিৱ পাৰে।
HCl (aq) + H2O (l) ↔ H3O+ (aq) + Cl– (aq)
আনহাতে, এলক’হল, গ্লুক’জ আদিৰ দৰে যৌগি জলীয় দ্ৰৱত দ্ৰৱীভূত হৈ H+ বা H3O+ আয়ন সৃষ্টি কৰিৱ নোৱাৰে বাবে এইবোৰে আম্লিক ধৰ্ম প্ৰদৰ্শন কৰিৱ নোৱাৰে।
প্ৰশ্ন:২) এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিৱহণ কৰে?
Ans: জলীয় মাধ্যমত এছিড এটাই আয়নৰ সৃষ্টি কৰে। এই আয়নবোৰৰ বাবেই জলীয় মাধ্যমত এটাই বিদ্যুত পৰিৱহন কৰে।
প্ৰশ্ন:৩) শুকান HCl গেছে কিয় শুকান লিটমাচ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটাই?
Ans: শুকান অৱস্থাত HCl গেছে আয়নৰ সৃষ্টি কৰিৱ নোৱাৰে । যাৰ ফলত ই এছিডৰ ধৰ্ম প্ৰদৰ্শন কৰিৱ নোৱাৰে আৰু সেয়ে শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন কৰিৱ নোৱাৰে।
প্ৰশ্ন:৪) এছিড এটা লঘূ কৰোঁতে এছিড পানীত যোগ কৰিৱলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিৱলৈ কোৱা নহয় কিয়?
Ans: এছিড লঘূকৰণৰ প্ৰক্ৰিয়াটো হ’ল অতিশয় তাপবৰ্জী বিক্ৰিয়া। যদি পানী গাঢ় এছিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো বাহিৰলৈ ছিটিকি পৰিৱ পাৰে আৰু জুই লাগিৱ পাৰে। অত্যাধিক স্থানীয় তাপোৎপাদনৰ বাবে কাঁচৰ পাত্ৰটো ভাগিবওঁ পাৰে। সেয়ে গাঢ় এছিড পানীৰ সৈতে মিহলাওঁতে অতি কাৱধানেৰে কৰিৱ লাগে আৰু এছিড সদায় পানীতহে লাহে-লাহে যোগ কৰিৱ লাগে, কেতিয়াওঁ পানী এছিডত যোগ কৰিৱ নালাগে।
প্ৰশ্ন:৫) এছিডৰ দ্ৰৱ এটা লঘূ কৰোঁতে হাইড্ৰ’নিয়াম আয়ন (HNO3) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়?
Ans: এছিড এটা পানীৰে সৈতে মিহলাওঁতে প্ৰতি একক আয়তনত হাইড্ৰ’নিয়াম আয়নৰ(H3O+) গাঢ়তা হ্ৰাস পায়।
প্ৰশ্ন:৬) ছ’ডিয়াম হাইদ্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH–) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তীত হয়?
Ans: ছ’ডিয়াম হাইদ্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে প্ৰতি একক আয়তনত হাইড্ৰ’ক্সাইড আয়ন (OH–) ৰ গাঢ়তা বৃদ্ধি পায়।
প্ৰশ্নাৱলী:
প্ৰশ্ন:১)) তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে। দ্ৰৱ A ৰ PH ৰ মান 6 আৰু দ্ৰৱ B ৰ PH ৰ মান 8। কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?
Ans: দ্ৰৱ ‘A’ ত হাইড্ৰ’জেন আয়নৰ(H+) গাঢ়তা বেছি।
দ্ৰৱ ‘A’ হ’ল আম্লিক আৰু দ্ৰৱ ‘B’ হ’ল ক্ষাৰকীয়।
প্ৰশ্ন:২) দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ (aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে?
Ans: দ্ৰৱ এটাত H+ আয়নৰ গাঢ়তা বেছি হ’লে দ্ৰৱটো আম্লিক হয় আৰু দ্ৰৱ এটাত H+ আয়নৰ গাঢ়তা কম হ’লে দ্ৰৱটো কম আম্লিক হয় অৰ্থাৎ অধিক ক্ষাৰকীয় হয়।
প্ৰশ্ন:৩) ক্ষাৰকীয় দ্ৰৱত H+ (aq) আয়ন থাকেনে ? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয়?
Ans: ক্ষাৰকীয় দ্ৰৱত H+ (aq) আয়ন থাকে। ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে যদিওঁ H+ ৰ গাঢ়তা OH– আয়নৰ গাঢ়তাৰ তুলনাত বহু কম। সেয়ে, ইহঁত ক্ষাৰকীয়।
প্ৰশ্ন:৪) মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ ( কেলছিয়াম অক্সাইড ) বা শিথিলিত চূণ ( কেলছিয়াম হাইড্ৰ’ক্সাইড ) বা চক ( কেলছিয়াম কাৰ্বনেট ) প্ৰয়োগ কৰিৱ বুলি তোমালোকে ভাবা ?
Ans: গছ-গছনিৰ সুস্থ সৱল বৃদ্ধিৰ বাবে মাটিৰ PH ৰ পৰিসৰ 6.5 ৰ পৰা 7 ৰ ভিতৰত হ’ৱ লাগে। অৰ্থাৎ মাটিখিনি অধিক অম্লিক তথা অধিক ক্ষাৰকীয়ো হ’ৱ নালাগে। যদি মাটিখিনি অধিক আম্লিক অৰ্থাৎ PH ৰ মান 6.5 ৰ তলত হয় তেন্তে সেই অৱস্থাত কৃষক এজনে মাটিত পোৰা চূণ ( কেলছিয়াম অক্সাইড ) বা শিথিলিত চূণ ( কেলছিয়াম হাইড্ৰ’ক্সাইড ) বা চক ( কেলছিয়াম কাৰ্বনেট ) প্ৰয়োগ কৰিৱ যিয়ে মাটিখিনি প্ৰশম কৰি উপযোগী PH ৰ পৰিসৰলৈ লৈ আনিৱ ।
প্ৰশ্নাৱলী:
প্ৰশ্ন:১) যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি ?
Ans: যৌগ CaOCl2 ৰ সাধাৰণ নামটো হ’ল – ব্লিচিং পাউদাৰ।
প্ৰশ্ন:২) ক্ল’ৰিণৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা?
Ans: ক্ল’ৰিণৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম হ’ল – কেলছিয়াম হাইড্ৰ’ক্সাইড [Ca(OH)2] বা শিথিলিত চূণ।
প্ৰশ্ন:৩) কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা।
Ans: কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম হ’ল- ছ’ডিয়াম কাৰ্বনেট (Na2CO3.10H2O)
প্ৰশ্ন:৪) ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া।
Ans: ছ’ডিয়াম হাইড্ৰ’জেনৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ছ’ডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়।
জড়িত বিক্ৰিয়াটো হ’ল-
2NaHCO3 Na2CO3 + H2O + CO2
প্ৰশ্ন:৫) প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।
Ans: নিৰ্ণেয় বিক্ৰিয়াটো হ’ল:-
CaSO4.1/2 H2O + H2O CaSO4.2H2O
(প্লাষ্টাৰ অব পেৰিছ) (জিপছাম)
প্ৰশ্নাৱলী:
প্ৰশ্ন:১) এটা দ্ৰৱই ৰঙা লিটমাছ ৰঙা কৰিছে । ইয়াত PH হ’ব পাৰে–
(a) 1 (b) 4 (c) 5 (d) 10
Ans: (d) 10
প্ৰশ্ন:২) এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে–
(a) NaCl (b) HCl (c) LiCl (d) KCl
Ans: (b) HCl
প্ৰশ্ন:৩) NaOH দ্ৰৱ এটাৰ 10ml এ HCl দ্ৰৱ এটাৰ 8ml সম্পূৰ্নৰূপে পএশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লোঁ তেন্তে এইখিনি প্ৰশমিত কৰিৱলৈ লগা HCl দ্ৰৱৰ ( আগৰ সৈতে একেটা দ্ৰৱ ) পৰিমাণ হ’ৱ–
(a) 4ml (b) 8ml (c) 12ml (d) 16ml
Ans: (d) 16ml
প্ৰশ্ন:৪) অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ?
(a) এণ্টিবায়টিক
(b) বেদনানাশক (analgesic)
(c) অম্লনাশক
(d) বীজাণুবাৰক (antiseptic)
Ans: (c) অম্লনাশক
প্ৰশ্ন:৫) সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া–
(a) লঘূ ছালফিউৰিক এছিডে যিংকৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰে।
(b) লঘূ হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্ৰিয়া কৰে।
(c) লঘূ ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্ৰিয়া কৰে।
(d) লঘূ হাইড্ৰ’ক্ল’ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।
Ans:
(a) যিংকৰ গুড়ি + লঘূ ছালফিউৰিক এছিড → যিংক ছালফেট + হাইড্ৰ’জেন গেছ Zn(s) + H2SO4(aq) → ZnSO4(aq) + H2(g)
(b) মেগনেছিয়াম ফিটা + লঘূ হাইড্ৰ’ক্ল’ৰিক এছিড → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ
Mg(s) + 2HCl(aq) → MgCl2(aq) + H2(↑)
(c) এলুমিনিয়াম পাউদাৰ + লঘূ ছালফিউৰিক এছিড → এলুমিনিয়াম ছালফেট + হাইড্ৰ’জেন গেছ
2Al(s) + 3H2SO4(aq) → Al2(SO4)3 (aq) + 3H2(↑)
(d)লোৰ গুড়ি + লঘূ হাইড্ৰ’ক্ল’ৰিক এছিড → আইৰণ ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ
Fe(s) + 2HCl(aq) → FeCl2(aq) + H2(↑)
প্ৰশ্ন:৬) এলক’হল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিৱলৈ এটা পৰীক্ষা কৰা।
Ans: পৰীক্ষণীয় সঁজুলি-বিকাৰ, এলক’হল, গ্লুক’জৰ দ্ৰৱ, দুটা লোৰ গজাল, কৰ্ক, 6 ভল্টৰ বেটাৰী এটা
পদ্ধতি- কৰ্কৰ ওপৰত দুটা গজাল মাৰি কৰ্কটৌ বিকাৰটোত ৰখা হ’ল। গজাল দুটাৰ মূৰ দুটা এটা বাল্ব, এটা ছুইছ আৰু বেটাৰীৰ মূৰ দুটাৰ লগত সংযোগ কৰা হ’ল। এতিয়া বিকাৰটোত লাহে লাহে এলক’হল ভৰাই ছুইচটো টিপি দিয়া হ’ল। একেটা পৰীক্ষা এলক’হলৰ পৰিৱৰ্তে গ্লু’কজৰ দ্ৰৱলৈ পুনৰ কৰা হ’ল আৰু পাছত HCl ৰ জলীয় দ্ৰৱ লৈ পৰীক্ষাটো কৰা হ’ল।
পৰ্যবেক্ষণ- এলক’হল বা গ্লুক’জৰ দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো নজ্বলে কিন্তু HCl ৰ জলীয় দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো জ্বলে।
সিদ্ধান্ত-এছিডে বিদ্যুৎ প্ৰৱাহিত কৰাৰ কাৰণ হ’ল ইহঁত আয়নলৈ বিয়োজিত হয়। HCl বিয়োজিত হৈ হাইড্ৰ’জেন আয়ন (H+) আৰু ক্ল’ৰাইড আয়ন(Cl–) উৎপন্ন হয়।এলক’হল আৰু গ্লুক’জ বিয়োজিত হৈ আয়ন উৎপন্ন কৰিৱ নোৱাৰে। ফলত ইহঁতে বিদ্যুৎ প্ৰৱাহিত কৰিৱ নোৱাৰে।
প্ৰশ্ন:৭) পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ?
Ans: পাতিত পানীত কোনো ধৰণৰ আয়ন নাথাকে। যাৰ ফলত ইহঁতৰ মাজেদি আধানৰ সৰবৰাহ হ’ৱ নোৱাৰে। সেইবাবে পাতিত পানীৰ মাজেৰে কোনো বিদ্যুৎ প্ৰৱাহিত নহয়।
আনহাতে, বৰষুণৰ পানী বায়ুমণ্ডলৰ মাজেৰে ভূ-পৃষ্ঠলে নামি আহোঁতে বায়ুত থকা CO2, SO2 আদি গেছ বৰষুণৰ পানীত মিহলি হয়। এই গেছবোৰে কাৰ্বনিক এছিড (H2CO3), ছালফিউৰাছ এছিড (H2SO3) আদি এছিড উৎপন্ন কৰে। এছিডবোৰ পানীত দ্ৰৱীভূত হৈ আয়নলৈ বিযোজিত হয় আৰু এই আয়নবোৰৰ মাজেৰেই বৰঢ়ুণৰ পানীৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়।
প্ৰশ্ন:৮) পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় ?
Ans: জলীয় দ্ৰৱত এছিডে H+ আয়ন ত্যাগ কৰি হাইড্ৰ’নিয়াম আয়ন উৎপন্ন কৰে। যাৰ ফলত ইহঁতে এছিড ধৰ্ম প্ৰদৰ্শন কৰে।
HCl(aq) + H2O(l) → H3O+(aq) + Cl–(aq)
পানীৰ অনুপস্থিতিত এছিডে H+ আয়ন ত্যাগ কৰি হাইড্ৰ’নিয়াম আয়ন (H3O+) উৎপন্ন কৰিৱ নোৱাৰে। সেয়ে পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শণ কৰিৱ নোৱাৰে।
প্ৰশ্ন:৯) পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত PH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ –
(a) প্ৰশম
(b) তীব্ৰ ক্ষাৰকীয়
(c) তীব্ৰ আম্লিক
(d) মৃদু আম্লিক
(e) মৃদু ক্ষাৰকীয়
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত PH মানবোৰ সজোৱা।
Ans:
(a) D দ্ৰৱ প্ৰশম কিয়নো ইয়াৰ PH ৰ মান 7
(b) C দ্ৰৱ তীব্ৰ ক্ষাৰকীয় কিয়নো ইয়াৰ PH ৰ মান 11
(c) B দ্ৰৱ প্ৰশমতীব্ৰ আম্লিক কিয়নো ইয়াৰ PH ৰ মান 1
(d) A দ্ৰৱ মৃদু আম্লিক কিয়নো ইয়াৰ PH ৰ মান 4
(e) E দ্ৰৱ মৃদু ক্ষাৰকীয় কিয়নো ইয়াৰ PH ৰ মান 9
প্ৰশ্ন:১০) পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল । পৰীক্ষানল A ত হাইড্ৰ’ক্ল’ৰিক এছিদ (HCl) আৰু পৰীক্ষানল B ত এচেটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমানেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাৱ আৰু কিয় ?
Ans: পৰীক্ষানল ‘A’ ত বেছি বেগেৰে বুৰবুৰণি ওলাৱ। কিয়নো, HCl হৈছে তীব্ৰ এছিড আৰু এছেটিক এছিড হৈছে মৃদু এছিড। সেয়ে মেগনেছিয়ামে এছেটিক এছিডৰ তুলনাত HCl ৰ সৈতে বেছি বেগেৰে বিক্ৰিয়া কৰিৱ ফলত পৰীক্ষানল ‘A’ ত বেছি বেগেৰে বুৰ-বুৰণি ওলাৱ।
প্ৰশ্ন:১১) কেঁচা গাখীৰৰ PH ৰ মান 6। ই দৈত পৰিণত হ’লে PH সলনি হ’ৱনে ? ব্যাখ্যা কৰা ।
Ans: কেঁচা গাখীৰৰ PH ৰ মান 6 । কেঁচা গাখীৰ দৈত পৰিণত হ’ৱলৈ গাখিৰত যথেষ্ট পৰিমাণে লেকটিক এছিডৰ উৎপন্ন হয়। ফলত গাখিৰৰ PH 6 ত কৈ কমি আৰু অধিক আম্লিক হয় যাৰ ফলত দৈ প্ৰস্তুত হয়।
∴ কেঁচা গাখীৰ দৈত পৰিণত হওঁতে গাখীৰৰ PH সলনি হয়।
প্ৰশ্ন:১২) এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে।
(a) কিয় তেওঁ কেঁচা গাখিৰৰ PH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে?
(b) এই গাখীৰখিনি দৈত পৰিণত হ’ৱলৈ বেছি সময় লাগে কিয়?
Ans: (a) সাধাৰণতেই কেঁচা গাখিৰ কিছু পৰিমাণে আম্লিক হয়। যেতিয়া গোৱাল এজনে বহু সময়ৰ বাবে গাখীৰখিনি ৰাখি থয় তেতিয়া গাখীৰৰ PH 6 ত কৈ কমি আৰু বেছি আম্লিক হয় যিয়ে গাখীৰখিনি দৈত পৰিণত কৰে। গাখীৰখিনি দৈত পৰিণত নহ’ৱলৈ গোৱালজনে কেঁচা গাখীৰত কিছূ পৰিমাণে বেকিং ছ’ডা যোগ কৰি সামান্য ক্ষাৰকীয় কৰি লয় যাৰ ফলত গাখীৰখিনি দৈত পৰিণত হৱ’লৈ আগতকৈ বেছি সময়ৰ প্ৰয়োজন হ’ৱ। ফলত গোৱালজনে গাখিৰখিনি বেছি সময় সংৰক্যণ কৰি ৰাখিৱ পাৰিৱ।
(b) ক্ষাৰকীয় গাখিৰখিনি দৈত পৰিণত হ’ৱলৈ বেছি সময়ৰ প্ৰয়োজন হ’ৱ। কিয়নো গাখীৰত থকা লেকটিক এছিডে প্ৰথমে গাখিৰৰ ক্ষাৰ প্ৰশমিত কৰিৱ লাগিৱ। অধিক পৰিমাণৰ লেকটিক এছিড উৎপন্ন হ’লেহে গাখিৰখিনিৰ PH 6 ত কৈ কম হ’ৱ আৰু ফলত গাখীৰখিনি দৈত পৰিণত হ’ৱ, যাৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হ’ৱ।
প্ৰশ্ন:১৩) প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ’ৱ লাগে । কিয় ? ব্যাখ্যা কৰা ।
Ans: প্লাষ্টাৰ অব পেৰিছ এবিধ বগা পাউদাৰ। যেতিয়া প্লাষ্টাৰ অব পেৰিছক মুক্ত বায়ূত ৰখা হয় তেতিয়া ই বায়ুমণ্ডলৰ পৰা জলীয় ভাৱ শোষণ কৰি পুনৰ জিপছামলৈ ঘূৰি যায়। জিপছামলৈ পুনৰ ঘূৰি যোৱাত বাধা দিৱলৈ প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাৱ নোৱাৰা পাত্ৰত থ’ৱ লাগে।
বিক্ৰিয়া:
CaSO4.H2O + 1H2O CaSO4.2H2O
(প্লাষ্টাৰ অব পেৰিছ) (জিপছাম)
প্ৰশ্ন:১৪) প্ৰশমন বিক্ৰিয়া কি ? দুটা উদাহৰণ দিয়া । কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা ।
Ans: এছিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰা বিক্ৰিয়াটোকে প্ৰশমন বিক্ৰিয়া বোলে। এই বিক্ৰিয়াত অম্ল আৰু ক্ষাৰকে পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে।
এছিড + ক্ষাৰক → লৱণ + পানী
উদাহৰণস্বৰূপে,
(i) NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(l)
(ii) Ca(OH)2 + H2SO4(aq) → CaSO4(aq) + H2O(l)
কাপোৰ ধোৱা ছ’ডাৰ দুটা ব্যৱহাৰ:
(i) ছ’ডিয়াম কাৰ্বনেট (কাপোৰ ধোৱা ছ’ডা) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয়।
(ii) ব’ৰাক্সৰ দৰে ছ’ডিয়াম যৌগৰ পণ্য উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয়।
বেকিং ছ’ডাৰ দুটা ব্যৱহাৰ হ’ল:
(i) বেকিং পাউদাৰ প্ৰস্তুত কৰিৱলৈ। ই বেকিং ছ’ডা (ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেট) আৰু টাৰটাৰিক এছিডৰ দৰে ভক্ষণীয় মৃদু এছিডৰ মিশ্ৰণ।
(ii) ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেট ( বেকিং ছ’ডা ) অম্লনাশকবোৰৰ এটা উপাদান। ক্ষাৰকীয় হোৱা বাবে ই পেটৰ অতিৰিক্ত এছিড প্ৰশমিত কৰি সকাহ দিয়ে।
No comments:
Post a Comment