অ নু শী ল নী
১ । বায়ুমণ্ডল কাক বােলে ? তথ্যসহ ইয়াৰ গঠন সম্পর্কে চমুকৈ লিখা ।
উত্তৰ:-
পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয়
অবস্থাত থকা বায়ুৰ আৱৰণটোকে বায়ুমণ্ডল বোলে। অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে
থকা বায়ুৰ সমূদ্ৰই হল বায়ুমণ্ডল।
বায়ুমণ্ডলৰ গঠনঃ
বায়ুমণ্ডল পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ বিস্তৃত আৰু ই বিভিন্ন
গেছ, জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণত গঠিত। উল্লেখযোগ্য যে ভূপৃষ্ঠৰ পৰা
ক্ৰমশঃ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়। সেয়ে
উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদানবোৰৰ পৰিমাণ
সলনি হয় আৰু বায়ুৰ ঘনত্ব, চাপ আৰু উত্তাপৰ পৰিৱৰ্তন ঘটে।
তালিকা : বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰুপৰিমাণ
বায়ুমণ্ডলত
থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰজেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি।
বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্ৰজেন আৰু ২০.৯৪ শতাংশ
অক্সিজেন (তালিকামতে)। অন্যান্য গেছবোৰৰ ভিতৰত আৰ্গন (০.৯৩ শতাংশ), কাৰ্বন
ডাই অক্সাইড (০.০৩৬ শতাংশ) আৰু নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন,
হাইড্ৰ'জেন, অ' জন, জেনন ইত্যাদি উল্লেখযোগ্য (০.০১৪ শতাংশ)।
২। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি ? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা ।
উত্তৰ:- বায়ুমণ্ডলত থকা গেছসমূহৰ ৰাসায়নিক গঠন অনুসৰি ইয়াক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হয়ঃ
(১) হ'ম' স্ফিয়েৰ আৰু
(২) হেটেৰ'স্ফিয়েৰ।
ভূপৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ
গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায়ে একে থাকে বাবে এই নিম্নস্তৰটোক হ'ম'স্ফিয়েৰ
বোলা হয়। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে
হ'ম'স্ফিয়েৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপ'স্ফিয়েৰ, ষ্টেট' স্ফিয়েৰ
আৰু মেছ'স্ফিয়েৰ হিচাপে বিভক্ত কৰা হৈছে।
আনহাতে, মেছ'স্ফিয়েৰ স্তৰৰ পিছৰ পৰা, অৰ্থাৎ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা
ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া
অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰ'স্ফিয়েৰ বোলা হয়। বায়ুমণ্ডলৰ
এই স্তৰটোত নাইট্ৰ'জেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰ' জেন গেছে সিহঁতৰ
আনৱিক ভৰ অনুসৰি চাৰিটা তৰপৰ সৃষ্টি কৰিছে। উচ্চতা অনুসৰি এই তৰপকেইটা হৈছে
ক্ৰমে নাইট্ৰ' জেন তৰপ (৮০ কিলোমিটাৰৰ পৰা ২০০ কিলমিটাৰ পৰ্যন্ত),
অক্সিজেন তৰপ (১১২৫ কিলোমিটাৰ উচ্চতা পৰ্যন্ত), হিলিয়াম (৩৫৪০ কিলিমিটাৰ
উচ্চতা পৰ্যন্ত) আৰু হাইড্ৰ'জেন তৰপ (১০,০০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত)।
বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য।
৩ । উচ্চতা আৰু উত্তাপৰ হ্রাস - বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি
কি স্তৰত বিভক্ত কৰিব পাৰি । চিত্রসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য
সম্পর্কে চমুকৈ লিখা ।
উত্তৰ:-
উচ্চতা আৰু উত্তাপৰ হ্ৰাস- বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক পাঁচটা স্তৰত ভাগ
কৰিব পাৰি আৰু সেইকেইটা হ'লঃ ট্ৰপ'স্ফিয়েৰ, ষ্টেট'স্ফিয়েৰ, মেছ'স্ফিয়েৰ,
থাৰ্ম' স্ফিয়েৰ আৰু এক্স'স্ফিয়েৰ।
১) ট্ৰপ'স্ফিয়েৰঃ
ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰতোয়ে হল ট্ৰপ'স্ফিয়েৰ বা
ট্ৰপ'মণ্ডল । বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি - চতুৰ্থাংশ আৰু প্ৰায়
সম্পুৰ্ণ জলীয় বাষ্প আৰু ধুলিকণা কেৱল এই ট্ৰপ'স্ফিয়েৰতে আছে। বায়ুমণ্ডলৰ
এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা
ক্ৰমান্বয়ে হ্ৰাস পায়। ব্তৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া- কাৰ্য যেনে -
মেঘ, বৰষুণ, ঘূৰ্ণী বতাহ, ধুমুহা বৃষ্টি আদি এই ট্ৰপ'স্ফিয়েৰতে সংঘটিত হয়।
২)ষ্ট্ৰেট'স্ফিয়েৰঃ
ট্ৰপ'স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হল ষ্ট্ৰেট'স্ফিয়েৰ বা স্তৰমণ্ডল।
ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্ৰায় অনুভূমিক বাবে এই স্তৰৰ মাজেদি আকাশী
পথবোৰ ৰচনা কৰা হৈছে। বায়ুমণ্ডলৰ এই স্তৰটোতে অ'জন গেছৰ এটা স্তৰ আছে। অ'
জন গেছৰ অনুৱে সূৰ্য্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুণীয়া ৰশ্মি
শোষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্ৰেট'স্ফিয়েৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায়।
৩)মেছ'স্ফিয়েৰঃ
ষ্ট্ৰেট'স্ফিয়েৰৰ উৰ্ধ্বসীমা অৰ্থাৎ ষ্ট্ৰেট' পজৰ ঠিক ওপৰৰ স্তৰটোকে
মেছ'স্ফিয়েৰ বোলা হয়। এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ
লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায়।
৪)থাৰ্ম'স্ফিয়েৰঃ
মেছ'স্ফিয়েৰৰ উৰ্ধ্বসীমা অৰ্থাৎ মেছ'পজৰ ঠিক ওপৰৰ স্তৰটোক থাৰ্ম'স্ফিয়েৰ
বা তাপমণ্ডল বোলে। এই স্তৰত বায়ুৰ উষ্ণতা প্ৰায় ১৬৫০° চেন্টিগ্ৰেড
পৰ্যন্ত বৃদ্ধি পায় আৰু ইয়াত বায়ুৰ ঘনত্ব প্ৰায় শূণ্যলৈ হ্ৰাস পায়।
উল্লেখযোগ্য যে এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে।
পৃথিৱীপৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ' তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয়।
৫)এক্স'স্ফিয়েৰঃ
থাৰ্ম'স্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্স'স্ফিয়েৰ বোলা
হয়। এই তৰপটো বায়ুমণ্ডলৰ ৪০০ কিলোমিটাৰ উচ্চতাৰ পৰা ১০,০০০ কিলোমিটাৰ
উচ্চতালৈ বিস্তৃত। এনে উচ্চতাত বায়ুৰ অণু- পৰমাণুৰ ঘনত্ব অতি নিম্ন। কেৱল
হাইড্ৰ'জেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল।
৪ । বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবােৰ উদাহৰণসহ আলােচনা কৰা ।
উত্তৰ:- বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণ প্ৰধানকৈ দুটা - বায়ুৰ উষ্ণতা আৰু পৃথিৱীপৃষ্ঠৰ উচ্চতা।
১) বায়ুৰ উষ্ণতাঃ
পথিৱীপৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে একে নহয়। এই তাপৰ মান মূলতঃ ঠাইখনৰ
ভৌগোলিক অৱস্থান অৰ্থাৎ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে। তাপ বিতৰণৰ এনে তাৰতম্যৰ
ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল
গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত
চাপৰো তাৰতম্য হয়। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় আৰু বায়ু
সম্প্ৰসাৰিত হলে ইয়াৰ ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পালে বায়ু পাতল হৈ
পৰে। এনে পাতল বায়ুৰ চাপো কম হয়। আনহাতে, উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ
ক্ষমতা বেছি। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ
পৰে তেতিয়া তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয়
বাষ্পৰ ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ
বেছি। উষ্ণতা বেছি হলে বায়ুৰ চাপ হ্ৰাস পায়। সেই কাৰণেই বিষুৱ অঞ্চলৰ পৰা
দুই মেৰু অঞ্চললৈ বায়ুৰ চাপৰ পৰিমাণ বৃদ্ধি হয়।
২) পৃথিৱীপৃষ্ঠৰ উচ্চতাঃ
সমূদ্ৰপৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যোৱা হয় সিমানেই বায়ুমণ্ডলৰ গভীৰতা,
অৰ্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্ৰাস পায়। বায়ুমণ্ডলৰ গভীৰতা হ্ৰাস
পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপে বায়ুৰ চাপো কম হয়। অৰ্থাৎ উচ্চতা
বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস পায় আৰু সেয়েহে যি ঠাইৰ উচ্চতা বেছি সেই
ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাই কম উচ্চতাত অৱস্থিত তেনে ঠাইত
বায়ুমণ্ডলৰ চাপ তুলনামূলক ভাৱে বেছি। উল্লেখযোগ্য যে প্ৰতি ৯০০ ফুট
উচ্চতা বৃদ্ধিত বায়ুৰ চাপ ১ ইঞ্চি অৰ্থাৎ প্ৰায় ৩৪ মিলিবাৰ হাৰত হ্ৰাস
পায়। গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য
হয়। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰো হ্ৰাস বৃদ্ধি হয়।
৫ । চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলােচনা কৰা ।
উত্তৰঃ
বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱীপৃষ্ঠত প্ৰধানকৈ চাৰিটা চাপবলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছেঃ
ক) নিৰক্ষীয় নিম্নচাপ বলয়
খ) উপক্ৰান্তীয় উচ্চচাপ বলয়
গ) উপ- মেৰুদেশীয় নিম্নচাপ বলয়
ঘ) মেৰুদেশীয় উচ্চ- চাপ বলয়
ক) নিৰ ক্ষীয় নিম্নচাপ বলয়ঃ এই
অঞ্চলত স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি। লগতে উত্তাপ বেছি হোৱাৰ বাবে
এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহে এই অঞ্চলত বায়ুৰ চাপ
হ্ৰাস পায়। এনে কাৰণতে নিৰক্ষীয় অঞ্চলত স্হানীয়ভাৱে বায়ুমণ্ডলৰ চাপ
নিম্ন হৈ থাকে। এই অঞ্চলৰ বায়ু তুলনামূলকভাৱে উত্তপ্ত হৈ থাকে বাবে ইয়াৰ
বায়ু পাতল হয় আৰু ঘনত্ব হ্ৰাস পায়। নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু
উত্তপ্ত হৈ উৰ্ধগামী হয়।
খ) উপক্ৰান্তীয় উচ্চচাপ বলয়ঃ দুই
মেৰু অঞ্চলৰ পৰা শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ
কৰ্কটক্ৰান্তি আৰু দক্ষিণৰ মকৰক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল
বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। এই অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ
নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ বা বায়ুপ্ৰৱাহ অনুভূত হয়।
উপক্ৰান্তীয় উচ্চচাপ মণ্ডলটো ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা
কিছু দক্ষিণলৈ প্ৰসাৰিত হয়।
গ) উপ-মেৰুদেশীয় নিম্নচাপ বলযঃ
উপমেৰু অঞ্চলৰ বায়ু উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়াই
উপমেৰু অঞ্চল দুটাত বায়ুৰ পৰিমাণ হ্ৰাস পাই তাত নিম্নচাপৰ সৃষ্টি হয়। এই
চাপমণ্ডলটো ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি
কৰে।
ঘ) মেৰুদেশীয় উচ্চ- চাপ বলযঃ
পোনপটীয়া সূৰ্য্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত
আৰু অতিপাত ঠাণ্ডা। ইয়াত বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত
পানী বৰফৰ ৰূপত জমা হৈ থাকে। এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায় নাথাকেই।
ফলত মেৰু অঞ্চল দুটাত স্হানীয়ভাৱে বায়ুৰ উচ্চচাপ থাকে।
৬ । পৃথিৱীত অনুকূল প্রাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পর্কে লিখা ।
উত্তৰঃ বায়ুমণ্ডল
পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ অতি গুৰুত্বপূৰ্ণ উপাদান। মাটি আৰু পানী অৰ্থাৎ
অশ্মমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু
বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ কৰিছে। ইয়াক জীৱজগত বা
জীৱমণ্ডল বোলা হয়। জীৱজগতত থকা মানুহ আৰু উদ্ভিদ- প্ৰাণীৰ বাবে
প্ৰয়োজনীয় গেছসমূহ যোগান ধৰাৰ উপৰি বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু
জলীয় বাষ্প বিতৰণ আৰু সঞ্চালনত সহায় কৰে। পৃথিৱীৰ বায়ুমণ্ডলত থকা
গেছসমূহ এক সঠিক অনুপাতত আছে বাবে ই ভূপৃষ্ঠত মানুহ আৰু অন্যান্য জীৱৰ
অনুকুল এক উষ্ণতা বিৰাজ কৰে। বায়ু গতিশীল হোৱা বাবে আকৌ বহু ঠাই অতিপাত
ঠাণ্ডা আৰু গৰমৰ প্ৰকোপৰ পৰা কিছু হলেও সকাহ পায়। এই বায়ুমণ্ডলে জীৱৰ বাবে
অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা
প্ৰদান কৰে। বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰতে
সংঘটিত হয়। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ- প্ৰাণী জীয়াই
থাকে। মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা ভাবিবই নোৱাৰি।
৭ । বায়ুপ্রবাহ কাক বােলে ? বায়ুপ্রবাহৰ উৎপত্তিৰ কাৰকসমূহ আলােচনা কৰা ।
উত্তৰঃ
বায়ুমণ্ডলত বায়ু কেতিয়াও স্হিৰ অৱস্থাত নাথাকে। বায়ুৱে গতি কৰিলেই ইয়াক
বায়ুপ্ৰৱাহ বোলা হয় । বতৰ বিজ্ঞানৰ মতে বায়ুৱে যেতিয়া ভূপৃষ্ঠৰ
সমন্তৰালভাৱে গতি কৰে তেতিয়া তাকেই বতাহ বা বায়ুপ্ৰৱাহ বোলে।
যি কোনো এখন ঠাইৰ বায়ুপ্ৰবাহত প্ৰভাৱ বিস্তাৰ মূলতঃ বায়ুমণ্ডলৰ
উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ ওপৰত
নিৰ্ভৰ কৰে।
বায়ুপ্ৰৱাহৰ উৎপত্তিৰ প্ৰধান শক্তি বা কাৰকসমূহ হ'লঃ
১) চাপনতি শক্তি,
২) মধ্যাকৰ্ষণ শক্তি,
৩) অপকেন্দ্ৰিক শক্তি,
৪) ঘৰ্ষণ শক্তি
১) চাপনতি শক্তিঃ
ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়েই
মূলতঃ বায়ুপ্ৰৱাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। দৰাচলতে
দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাই দুখনৰ
মাজত চাপৰ পাৰ্থক্য বেছি হলে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব
বেছি হলে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা
নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্ৰবাহৰ দিশো
নিৰ্ণয় কৰে। এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ
আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হলে বতাহৰ
গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অবস্থা বিৰাজ কৰে।
আনহাতে চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ুপ্ৰবাহ প্ৰায় শূণ্য হয় আৰু
বায়ুমণ্ডলীয় অবস্থা শান্ত হয়।
২) মাধ্যাকৰ্ষণ শক্তিঃ
বায়ুপ্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কোনো
বিশেষ ভূমিকা নোহোৱা যেন লাগে। কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণেও
বায়ুপ্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালে
আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনকেই পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে।
তাৰোপৰি বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে।
বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস
পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু
বায়ুচাপ হ্ৰাস পায়। এইদৰেই বায়ুমণ্ডলত উচ্চচাপৰ পৰা নিম্ন চাপলৈ এক
উল্লম্বিক বায়ুপ্ৰবাহো চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অবয়ৱৰ
উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰেই চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা
পৰ্বতলৈ বায়ুপ্ৰবাহ চলে। তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকৰ্ষণ শক্তিৰ
বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পুৰ্ণ সৰলৰৈখিক
নহৈ কিছু বক্ৰাকাৰ হয়।
৩) অপকেন্দ্ৰিক শক্তিঃ
পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা
বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয় । এই
অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে
পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্ৰথমে গেচ্ পাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাছী
গণিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটো `কোৰিওলিচ বল' হিচাপে জনাজাত।
বতাহৰ লগতে কোৰিওলিচ বলৰ প্ৰভাৱ ভূপৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ
ক্ষেত্ৰতো একেই। অৱেশ্যে কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এই
বলৰ মান বিষুৱৰেখাত শূন্য আৰু ই মেৰুফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত
মেৰুত সৰ্বোচ্চ হয়। অৰ্থাৎ বিষুবীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইৰ
বায়ুপ্ৰবাহক পৃথিৱীৰ আৱৰ্তন গতিয়ে প্ৰভাৱান্তি কৰে। সেয়ে কব পাৰি যে আমি
দেখা বায়ুপ্ৰবাহ প্ৰকৃততে ঘুৰ্ণায়মান পৃথিৱীৰ পৰিপ্ৰেক্ষিততহে উদ্ভৱ হৈছে।
৪) ঘৰ্ষণ শক্তিঃ
বায়ুপ্ৰবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগত ঘৰ্ষণ
শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰে। যদি ভূপৃষ্ঠ পৰ্বত পাহাৰ ভৈয়ামৰ খলা
বমাৰে পূৰ্ণ বা গছ গছনি, সুউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘৰ্ষণ
শক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি বায়ুপ্ৰবাহ হলে গতিবেগ যথেষ্ট
হ্ৰাস পায়। সেয়েহে ভূপৃষ্ঠৰ কিছু ওপৰেদি বায়ুপ্ৰবাহ হলে ঘৰ্ষণৰ মাত্ৰা
যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগ বাঢ়ে। ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত
ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়।
৮ । বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণটো কি ? ইয়াৰ গতি আৰু দিশ নির্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা ।
উত্তৰঃ বায়ুপ্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো হল চাপনতি। এই চাপনতিয়েই প্ৰথমে বতাহৰ দিশ আৰু গতিবেগ নিৰ্ধাৰণ কৰে।
১) চাপনতি শক্তিঃ ভূপৃষ্ঠত
থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়েই মূলতঃ
বায়ুপ্ৰৱাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। দৰাচলতে দুখন ঠাইৰ
মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাই দুখনৰ মাজত চাপৰ
পাৰ্থক্য বেছি হলে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হলে
গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ
অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্ৰবাহৰ দিশো নিৰ্ণয়
কৰে। এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ
সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হলে বতাহৰ গতিবেগ
বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অবস্থা বিৰাজ কৰে। আনহাতে
চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ুপ্ৰবাহ প্ৰায় শূণ্য হয় আৰু
বায়ুমণ্ডলীয় অবস্থা শান্ত হয়।
২) মাধ্যাকৰ্ষণ শক্তিঃ বায়ুপ্ৰবাহৰ
ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা
নোহোৱা যেন লাগে। কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণেও বায়ুপ্ৰবাহত এক
চালিকা শক্তিৰ কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ
বায়ুমণ্ডলখনকেই পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি বায়ুৰ
ওজন বা চাপ মূলতঃ মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি
ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়ে সাগৰ
পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ হ্ৰাস পায়।
এইদৰেই বায়ুমণ্ডলত উচ্চচাপৰ পৰা নিম্ন চাপলৈ এক উল্লম্বিক বায়ুপ্ৰবাহো
চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অবয়ৱৰ উচ্চতাৰ তাৰতম্যৰ বাবে
এইদৰেই চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ুপ্ৰবাহ
চলে। তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা
আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পুৰ্ণ সৰলৰৈখিক নহৈ কিছু বক্ৰাকাৰ
হয়।
৩) অপকেন্দ্ৰিক শক্তিঃ পৃথিৱীয়ে
নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক
শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয় । এই অপকেন্দ্ৰিক
শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪
চনত পোন প্ৰথমে গেচ্ পাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাছী গণিতজ্ঞ এজনে উদঘাটন কৰা
বাবে এই শক্তিটো `কোৰিওলিচ বল' হিচাপে জনাজাত। বতাহৰ লগতে কোৰিওলিচ বলৰ
প্ৰভাৱ ভূপৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰতো একেই। অৱেশ্যে
কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এই বলৰ মান বিষুৱৰেখাত
শূন্য আৰু ই মেৰুফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়।
অৰ্থাৎ বিষুবীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইৰ বায়ুপ্ৰবাহক পৃথিৱীৰ
আৱৰ্তন গতিয়ে প্ৰভাৱান্তি কৰে। সেয়ে কব পাৰি যে আমি দেখা বায়ুপ্ৰবাহ
প্ৰকৃততে ঘুৰ্ণায়মান পৃথিৱীৰ পৰিপ্ৰেক্ষিততহে উদ্ভৱ হৈছে।
৪) ঘৰ্ষণ শক্তিঃ বায়ুপ্ৰবাহত
ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে
ঋণাত্মকভাৱে ক্ৰিয়া কৰে। যদি ভূপৃষ্ঠ পৰ্বত পাহাৰ ভৈয়ামৰ খলা বমাৰে পূৰ্ণ
বা গছ গছনি, সুউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু
তেনে পৃষ্ঠইদি বায়ুপ্ৰবাহ হলে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়েহে ভূপৃষ্ঠৰ
কিছু ওপৰেদি বায়ুপ্ৰবাহ হলে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ
গতিবেগ বাঢ়ে। ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ
গতিবেগত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়।
৯ । কোৰিওলিচ বল ’ বুলিলে কি বুজায় ? বতাহৰ গতিদিশ নির্ধাৰণত ইয়াৰ ভূমিকা চিত্রসহ চমুকৈ বর্ণনা কৰা ।
উত্তৰঃ
অপকেন্দ্ৰিক শক্তিঃ পৃথিৱীয়ে
নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক
শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয় । এই অপকেন্দ্ৰিক
শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪
চনত পোন প্ৰথমে গেচ্ পাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাছী গণিতজ্ঞ এজনে উদঘাটন কৰা
বাবে এই শক্তিটো `কোৰিওলিচ বল' হিচাপে জনাজাত। বতাহৰ লগতে কোৰিওলিচ বলৰ
প্ৰভাৱ ভূপৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰতো একেই। অৱেশ্যে
কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এই বলৰ মান বিষুৱৰেখাত
শূন্য আৰু ই মেৰুফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়।
অৰ্থাৎ বিষুবীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইৰ বায়ুপ্ৰবাহক পৃথিৱীৰ
আৱৰ্তন গতিয়ে প্ৰভাৱান্তি কৰে। সেয়ে কব পাৰি যে আমি দেখা বায়ুপ্ৰবাহ
প্ৰকৃততে ঘুৰ্ণায়মান পৃথিৱীৰ পৰিপ্ৰেক্ষিততহে উদ্ভৱ হৈছে।
১০ । চাপতি শক্তি বুলিলে কি বুজায় ? বায়ুপ্রবাহত ইয়াৰ ভূমিকা কি ?
উত্তৰঃ ভূপৃষ্ঠত
থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়েই মূলতঃ
বায়ুপ্ৰৱাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। দৰাচলতে দুখন ঠাইৰ
মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাই দুখনৰ মাজত চাপৰ
পাৰ্থক্য বেছি হলে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হলে
গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ
অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্ৰবাহৰ দিশো নিৰ্ণয়
কৰে। এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ
সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হলে বতাহৰ গতিবেগ
বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অবস্থা বিৰাজ কৰে। আনহাতে
চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ুপ্ৰবাহ প্ৰায় শূণ্য হয় আৰু
বায়ুমণ্ডলীয় অবস্থা শান্ত হয়।
১১ । বায়ুপ্রবাহত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ বায়ুপ্ৰবাহৰ
ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা
নোহোৱা যেন লাগে। কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণেও বায়ুপ্ৰবাহত এক
চালিকা শক্তিৰ কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা
সমগ্ৰ বায়ুমণ্ডলখনকেই পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি
বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। বায়ুক
আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়,
সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ
হ্ৰাস পায়। এইদৰেই বায়ুমণ্ডলত উচ্চচাপৰ পৰা নিম্ন চাপলৈ এক উল্লম্বিক
বায়ুপ্ৰবাহো চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অবয়ৱৰ উচ্চতাৰ
তাৰতম্যৰ বাবে এইদৰেই চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ
বায়ুপ্ৰবাহ চলে। তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকৰ্ষণ শক্তিৰ বাবে
এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পুৰ্ণ সৰলৰৈখিক নহৈ কিছু
বক্ৰাকাৰ হয়।
১২ । বতাহৰ নামকৰণ বুলিলে কি বুজায় ? এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামকৰণ কেনে?
উত্তৰঃ যি
দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম দিয়া হয়। তাকে বতাহৰ
নামাকৰণ বোলা হয়। বতাহৰ নামকৰণ প্ৰবাহ- দিশ অনুযায়ী কৰা হয়।
পশ্চিম দিশৰ পৰা প্ৰবাহিত বায়ুক পশ্চিমা বতাহ, উত্তৰ- পূৱ দিশৰ পৰা
বলা বতাহক উত্তৰ- পূৱ বতাহ বোলে। যি অঞ্চলৰ ওপৰেদি বতাহ বলে, বায়ুৰাশিয়ে
সেই অঞ্চলৰ উষ্ণতা, আদ্ৰতা আদি ভৌতিক ধৰ্ম বোৰ সংগ্ৰহ কৰে। সেয়ে সমূদ্ৰৰ
ওপৰেদি প্ৰবাহিত বায়ুৰাশিত প্ৰচুৰ পৰিমাণে জলীয় বাষ্প থাকে। আনহাতে
ক্ৰান্তীয় মৰুভূমিৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশি শুকান আৰু উষ্ণ হয়।
ভূপৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী আৰু যি দিশলৈ বলে তাক পৱনবিমূখ
বোলা হয়।
এনেদৰে এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামকৰণ কৰা হয়।
১৩ । বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় ? ইয়াৰ গতিবেগৰ এককবােৰ কি ?
উত্তৰঃ বতৰ
অধ্যয়নত বতাহৰ গতিবেগ আৰু জ্ঞান থকাটো অত্যন্ত জৰুৰী। এখন ঠাইৰ বতাহৰ দিশ
অবশ্যে জাবৰ, ধোঁৱা, পানীৰঢ়ৌ ইত্যাদিবোৰ গতিৰ পৰাই জানিব পাৰি। কিন্তু
উইণ্ড'ভেন নামৰ যন্ত্ৰ এটাৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্নয় কৰিব পাৰি। বতাহৰ
দিশ সাধাৰণতে চুম্বকীয় উত্তৰ দিশৰ পৰিপ্ৰেক্ষিতত ডিগ্ৰীত প্ৰকাশ কৰা হয়।
বতাহৰ গতিবেগ এনিম' মিটাৰ নামৰ যন্ত্ৰ এটাৰ দ্বাৰা জোখা হয়। আজিকালি
অৱশ্যে বহু ধৰণৰ এনিম' মিটাৰ যন্ত্ৰ ওলাইছে। ইয়াৰে এনিম'গ্ৰাফ নামৰ
যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্ৰিয় ভাবে বতাহৰ দিশ আৰু গতিবেগ লিপিৱদ্ধ হয়।
১৮০৫ চনতে বৃটিছ বিজ্ঞানী চাৰ ফ্ৰেন্সিচ বিউফ'ৰ্টে প্ৰস্তুত কৰা ০- ১২
নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ
জানিব পাৰি। ইয়াকে বিউফ'ৰ্ট স্কেল বুলি কোৱা হয়। বতাহৰ গতিবেগ নট প্ৰকাশ
কৰা হয়। বতাহৰ গতিবেগ এক নট মানে প্ৰতি ঘণ্টাত ১ নটিকেল মাইল। অৰ্থাৎ
প্ৰতি ঘণ্টাত ১. ৮৫৪ কিলোমিটাৰ বা প্ৰতি মিনিটত ৩০. ৯ মিটাৰ।
১৪ । বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয় ? উদাহৰণসহ চমুকৈ আলােচনা কৰা ।
উত্তৰঃ বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বহুলভাৱে বা বায়ু প্ৰবাহ বা বতাহক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি - - -
১) মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ
২) পৌন বায়ু প্ৰবাহ
৩) স্হানীয় বায়ু প্ৰবাহ
১) মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহঃ
পৃথিৱী পৃষ্ঠত স্থায়ী ভাৱে থকা চাপ বলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি
সাধাৰণতে সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা
মুখ্য বায়ু প্ৰবাহ বোলে। বানিজ্যি বতাহ, পছোৱা বতাহ আৰু মেৰু দেশীয় বতাহ
প্ৰাথমিক বায়ু প্ৰবাহৰ অন্তগৰ্ত।
২) গৌণ বতাহঃ
ভূ অবয়বৰ প্ৰকৄতি আৰু ভূমি জল ভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু
ঋতু ভিত্তিক চাপ - আপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা
বায়ু প্ৰবাহ বোৰক সাধাৰন ভাৱে গৌণ বায়ু প্ৰবাহ বা বতাহ বোলে। ঘূৰ্ণীবতাহ,
প্ৰতীপ, ঘূৰ্ণীবতাহ, বায়ুৰাশি, বাতাগ্ৰ, মৌচুমী বতাহ, আদিয়ে প্ৰধানকৈ
গৌণ প্ৰবাহৰ অন্তগৰ্ত। এনে বায়ুৰ প্ৰবাহ একো একোটা অঞ্চলত বতৰৰ লক্ষণীয়
পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অবস্থা অস্থিৰ কৰি তোলে।
৩) স্থানীয় বায়ু প্ৰবাহঃ
সম্পুৰ্ণ ভাবে কিছুমান স্হানীয় কাৰক, যেনে ভূ অবয়বৰ বিভিন্নতা আৰু উচ্চতৰ
তাৰতম্যৰ বাবে সিমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে
স্হানীয় বায়ু প্ৰবাহ বা তৃতীয়ক বায়ু প্ৰবাহ বোলা হয়। ইয়াৰ পৰিসীমা
অতি সীমিত। ইয়াৰ ভিতৰত জল বতাহ, স্থল বতাহ, পাৰ্বত্য বতাহ আদি
উল্লেখযোগ্য।
১৫ । প্রাথমিক বায়ুপ্রবাহ বুলিলে কি বুজায় ? এখন চিত্ৰত প্রাথমিক বায়ুপ্রবাহৰ বিতৰণ দেখুওৱা । ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ পৃথিৱী
পৃষ্ঠত স্থায়ীভাৱে থকা চাপ বলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ
পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ
বোলে।
ইয়াৰ প্ৰধান বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা হল -
১) প্ৰাথমিক বায়ু প্ৰবাহেই অন্য নিম্নপৰ্যায়ৰ বায়ু প্ৰবাহৰ পৰিবেশ সৃষ্টি কৰে।
২) এনে স্থায়ী বায়ু প্ৰবাহ অহৰহ পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ
উপক্ৰান্তীয় আৰু মেৰু দেশীয় উচচ চাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেৰুদেশীয়
নিম্ন চাপ বলয়লৈ চলি থাকে।
১৬ । গৌণ বতাহ কাক বােলে ? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নির্ধাৰণত ইয়াৰ ভূমিকা বর্ণনা কৰা ।
উত্তৰঃ ভূ
অবয়বৰ প্ৰকৃতি আৰু ভূমি - জল ভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু
ঋতু ভিত্তিক চাপ অপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা
বায়ু প্ৰবাহ বোৰক গৌণ বতাহ বোলে। ঘূৰ্ণীবতাহ, বায়ুৰাশি ইত্যাদি ইয়াৰ
অন্তৰ্গত।
গৌণ বতাহে একো একোটা অঞ্চলত ব্তৰৰ লক্ষনীয় পৰিৱৰ্তন আনে আৰু
কেতিয়াবা বায়ুমণ্ডলৰ অবস্থা অস্থিৰ কৰি তোলে। বহি ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ
কাৰণে মূলতঃ নাতিশীতোষ্ণ অঞ্চলৰ বতৰ সঘনে পৰিৱৰ্তন হৈ অস্থিৰ হোৱা দেখা
যায়। এনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাষাৰ বৰষুণৰ সৃষ্টি হয়। উচচ
স্তৰৰ বায়ু অতিপাত চেঁচা হলে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকণীৰে ধুমুহা
বৰষুণ হয়। কিন্তু কিছু সময় পিছতেই বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশ খন মুকলি
হয়। অবশ্যে ৰিব্ ৰিব্ বতাহ বলি থাকে বাবে কিছু ঠাণ্ডা অনূভৱ হয়।
গ্ৰীষ্মকালত মেক্সিকো উপসাগৰেদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অংশত প্ৰবেশ
কৰা উপ ক্ৰান্তীয় প্ৰতিপ চক্ৰ বাতৰ কাৰণে সেই অঞ্চলত কিছু বৰষুণ হোৱা দেখা
যায়। এইদৰে পৃথিৱীৰ ভালেমান ক্ৰান্তীয় উপকূল অঞ্চলত বৰষুণ হোৱা দেখা
যায়। কিন্তু উপ ক্ৰান্তীয় অঞ্চলৰ আংশিকভাৱে স্থায়ী প্ৰতিপ ঘূৰ্ণীবতাহ
বোৰৰ পৰা পূবলৈ গতি কৰা বায়ু গৰম হয়। এনে বায়ু প্ৰবাহে এক অস্বাভাৱিক
উষ্ণ শুকান ব্তৰৰ সৃষ্টি কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য আৰু দক্ষিণ - পূব
অংশত প্ৰায় এনে উষ্ণ শুকান বতৰৰ অনূভৱ হয়। শীতকালত শুকান উত্তৰ পূৱ
মৌচুমী বতাহে বংগোপসাগৰৰ পৰা জলীয় বাষ্প শোষণ কৰি পিছত দক্ষিণ ভাৰতৰ
তামিলনাডু উপকূলত কিছু বৰষুণ দিয়ে।
১৭ । স্থানীয় বতাহ কাক বােলে ? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায় । উদাহৰণসহ চমুকৈ আলােচনা কৰা ।
উত্তৰঃ ভূ অবয়বৰ বিভিন্নতা আৰু উচ্ছতাৰ পাৰ্থক্যৰ বাবে সিমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে স্হানীয় বতাহ বোলে।
ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত স্হানীয় ভাৱে উষ্ণতা বৃদ্ধিৰ ফলত
নিম্ন চাপ কেন্দ্ৰৰ সৃষ্টি হয়। এনে অস্থায়ী নিম্ন চাপ কেন্দ্ৰৰ প্ৰবল
আকষৰ্ণত কিছুমান বায়ু প্ৰবাহৰ সৃষ্টি হয়। উত্তৰ আফ্ৰিকাৰ ছাহাৰা মৰুভূমিত
উৎপত্তি হোৱা অতি উষ্ণ আৰু শুকান দক্ষিণ বায়ু প্ৰবাহক চিৰ'ক্কো বোলে।
ইজিপ্তত এনে বতাহক খামচিন আৰু আৰবত চিমুখ বোলা হয়। এই বায়ু ইমান উচ্চ আৰু
শুকান যে একেৰাহে কেইবাদিন এনে বায়ু প্ৰবাহ হলে মানুহৰ শৰীৰৰ ছাল ফাটিবলৈ
ধৰে, মাটিত ফাঁট মেলে আৰু গছ গছনি শুকাই সৰিবলৈ ধৰে। শুকান মৰুভূমিৰ
পৃষ্ঠভূমিয়েদি এনে বায়ু প্ৰবাহিত হলে প্ৰচুৰ ধূলি বালি কঢ়িয়াই আনি সঘনে
ধূলি ধুমুহাৰ সৃষ্টি কৰে। গ্ৰীষ্মকালত দিনৰ ভাগত উষ্ণতা বৃদ্ধিৰ ফলত থৰ
মৰুভূমিত সৃষ্টি হোৱা এনে বায়ু প্ৰবাহ যেতিয়া উত্তৰ ভাৰতৰ গংগা সমভূমি
অঞ্চলত প্ৰবেশ কৰে তেতিয়া ইয়াক লু বোলা হয়। আনহাতে শীতকালত দক্ষিণ
পশ্চিম ইউৰোপৰ উচ্চভূমি অঞ্চলৰ পৰা দক্ষিণ ঢালেদি ভূমধ্য সাগৰীয় উপকূল
অঞ্চলত প্ৰবাহিত গধুৰ শীতল বতাহক মিষ্ট্ৰেল বোলা হয়। এইদৰে স্হানীয় বতাহে
স্হানীয় পৰ্যায়ত একোতা অঞ্চলৰ ব্তৰৰ পৰিৱৰ্তন আনে।
১৮ । ঘূর্ণীবতাহ ’ কাক বােলে ? ই কেইপ্রকাৰৰ আৰু কি কি ? এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা ।
উত্তৰঃ বায়ুমণ্ডলীয় প্ৰবাহৰ যি অবস্থাত এটা নিম্ন চাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে।
ঘূৰ্ণীবতাহ প্ৰধানকৈ দুই প্ৰকাৰৰ - ১) ক্ৰান্তীয় ঘূৰ্ণীবতাহ,
২) বহি ক্ৰান্তীয় বা মধ্য ক্ৰান্তীয় ঘূৰ্ণীবতাহ।
এই
ঘূৰ্ণীবতাহ বোৰ বছৰৰ যিকোনো সময়ত সৃষ্টি হব পাৰে। এনে ঘূৰ্ণীবতাহৰ ফলত ঘন
ডাৱৰ আৰু ধাৰাষাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হলে
শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকণীৰে ধুমুহা বৰষুণ হয়। কিন্তু কিছু সময় পিছতেই
বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশ খন মুকলি হয়। বহি ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ
বাবেই মূলত নাতিশীতোষ্ণ অঞ্চলৰ বতৰ বা জলবায়ু সঘনে পৰিৱৰ্তন হৈ অস্থিৰ দেখা
যায়।
১৯ । ' বায়ুৰাশি ’ কাক বােলে ? ইয়াক কেনেকৈ শ্রেণীবিভাজন কৰা হয় ? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি ?
উত্তৰঃ
উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুন সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ু পুঞ্জক
বায়ুৰাশি বোলে। বায়ুৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ চাৰিটা শ্ৰেণীত
বিভক্ত কৰিব পাৰি।
১) ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি।
২) ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি।
৩)মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি।
৪) মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি।
এক
বিশেষ গুণসম্পৰ্ণ বায়ুৰাশিৰ সৃষ্টি হলেই অপসাৰী হৈ যি অঞ্চলৰ ওপৰেদি
প্ৰবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে। উলম্বিক তাপ বিতৰণে বায়ুৰ
শীতলতা আৰু উষ্ণতাৰ উপৰি বায়ুৰাশিৰ স্থিৰতা আৰু অস্থিৰতাৰ বিষয়েও ইংগিত
দিয়ে। একোটা বায়ুৰাশিয়ে উৎস স্হান ত্যাগ কৰি প্ৰবাহিত হলে উত্তাপ বিতৰণৰ
তাৰতম্য হয় যদিও বায়ুৰাশিটোৰ অনুভূমিক তাপ আৰু আৰ্দ্ৰতাৰ বিতৰণ অধ্যয়নৰ
জৰিয়তে ইয়াৰ উৎসভূমি চিনাক্ত কৰিব পাৰি। বায়ুৰাশি উচ্চভূমিৰ পৰা অপসাৰি হৈ
প্ৰবাহিত হওতে ব্তৰৰ পৰিৱৰ্তন ঘটোৱাৰ উপৰি নিজৰো উত্তাপ আৰ্দ্ৰতাৰ
পৰিৱৰ্তন হয়।
২০ । বাতাগ্র ’ বুলিলে কি বুজায় ? ই কেনেকৈ সৃষ্টি হয় ? জলবায়ু আৰু বাতাগ্ৰৰ সম্পর্ক চমুকৈ আলােচনা কৰা ।
উত্তৰঃ যেতিয়া
উত্তাপ, আৰ্দ্ৰতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন
বায়ুৰাশি পৰস্পৰৰ সন্মুখীন হয়, ইহঁতৰ মাজত পোনে পোনে মিশ্ৰণ নঘটি দুটাৰ
মাজত এক বিচ্ছেদক বায়ুপৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয়। ইয়াকে
বাতাগ্ৰ বোলা হয়।
বাতাগ্ৰ সৃষ্টি হবলৈ বায়ুৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্ৰয়োজন -
১) দুটা বায়ুৰাশিৰ এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হব লাগিব।
২) বায়ুপ্ৰবাহ অভিসাৰী হব লাগিব যাতে দুটা বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমুখে প্ৰবাহিত হয়।
বিপৰীত গুণসম্পন্ন দুটা বায়ুৰাশিৰ মিলন হলে তুলনামূলকভাৱে উষ্ণ
পাতল বায়ু শীতল গধুৰ বায়ুৰ ওপৰত অবতৰণ কৰি এক সুস্থিৰ অৱস্থাত থাকে।
বাতাগ্ৰ অঞ্চলত চাপনতি বিপৰীতমুখী হোৱাৰ ফলত বায়ুৰ অপসৰণ হয় আৰু বাতাগ্ৰ
অগ্ৰসৰ হোৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তনৰ ফলত
বাতাগ্ৰ অঞ্চলত ডাৱৰৰ সৃষ্টি হয়।
২১ । মৌচুমী বতাহ বুলিলে কি বুজায় ? ই কেনেকৈ সৃষ্টি হয় ? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবােৰ অঞ্চলত সুস্পষ্ট?
উত্তৰঃ ঋতুভেদে,
অৰ্থাৎ ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহিত সাময়িক বায়ু প্ৰবাহক
মৌচুমী বতাহ বোলে। মৌচুমী এক প্ৰকাৰৰ পৃষ্ঠীয় বায়ুপ্ৰবাহ, যাৰ
গ্ৰীষ্মকালৰ গতিদিশ শীতকালৰ সম্পুৰ্ণ বিপৰীত।
ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত মৌচুমীৰ
সৃষ্টি হয় আৰু ইয়াৰ প্ৰবাহৰ দিশো সলনি হয়। পৃথিৱীৰ এনে অঞ্চলক যিবোৰক
সাগৰ- মহাসাগৰে আগুৰি আছে (যেনে - দক্ষিণ এছিয়া, দক্ষিণ পূব চীন আদি) তাত
মৌচুমী প্ৰবাহ বেছিকৈ পৰিলক্ষিত হয়।
মৌচুমীৰ প্ৰভাৱ দক্ষিণ আৰু দক্ষিণ পূব অংশত আটাইতকৈ সুস্পষ্ট আৰু প্ৰবল।
২২ । কাৰণ দৰ্শাই উত্তৰ লিখা ?
( ক ) ট্ৰপ'স্ফিয়েৰ স্তৰটোতে প্রধানকৈ বতৰৰ ক্রিয়া-কলাপ কিয় সংঘটিত হয় ?
উত্তৰঃ বায়ুমণ্ডলৰ
মুঠ গেছৰ প্ৰায় তিনি- চতুৰ্থাংশ আৰু প্ৰায় সম্পুৰ্ণ জলীয় বাষ্প আৰু
ধুলিকণা কেৱল এই ট্ৰপ'স্ফিয়েৰত আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগৰ
উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়।
সেইবাবে বছৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া- কাৰ্য যেনে - মেঘ, বৰষুণ, ঘূৰ্ণী
বতাহ, ধুমুহা বৃষ্টি আদি এই ট্ৰপ'স্ফিয়েৰতে সংঘটিত হয়।
( খ ) বায়ুমণ্ডলত কার্বন ডাই -অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ'ব ?
উত্তৰঃ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে বায়ুমণ্ডলৰ উষ্ণতাও বৃদ্ধি পাব।
( গ ) আর্দ্র বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি ?
উত্তৰঃ জলভাগৰ
জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে
আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ
ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। সেইবাবে
আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ বেছি।
( ঘ ) অ'জন গেছৰ স্তৰটোৱে কেনেকৈ জীৱজগতৰ উপকাৰ সাধে ?
উত্তৰঃ বায়ুমণ্ডলৰ
পৰা প্ৰায় ৪০- ৫০ কিলোমিটাৰ উচ্চতাত থকা অ'জন গেছে উদ্ভিদ- প্ৰাণীৰ বাবে
অতি মাৰাত্মক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱজগতক সাম্ভাৱ্য বিপদৰ পৰা
ৰক্ষা কৰি আছে।
( ঙ ) সাগৰপৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি ?
উত্তৰঃ সাগৰপৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ বেছি কাৰণ সাগৰপৃষ্ঠতলি কম উচ্চতাত অৱস্থিত, যিহেতু কম উচ্চতাত অৱস্থিত বায়ুৰ চাপ বেছি হয়।
( চ ) ট্ৰপ'স্ফিয়েৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত কিয় বেলেগ বেলেগ ?
উত্তৰঃ ট্ৰপ'স্ফিয়েৰ স্তৰত উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুবীয় অঞ্চলত অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়।
( ছ ) নিৰক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত হয় ?
উত্তৰঃ
নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ উৰ্ধ্বগামী হয়। এনে
পৰিস্থিতিত এই অঞ্চলত ভূ পৃষ্ঠৰ সমন্তৰালভাৱে কোনো বতাহ বলাটো পৰিলক্ষিত
হয়।
২৩ । তলৰ প্রশ্নবােৰৰ চমু উত্তৰ দিয়া ।
( ক ) বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত ?
উত্তৰঃ ভূ পৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ কিলোমিটাৰ পৰ্যন্ত এই বায়ুমণ্ডল বিস্তৃত।
( খ ) ভূ -পৃষ্ঠৰ পৰা কিমান উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে ?
উত্তৰঃ ভূ পৃষ্ঠৰ পৰা ৮০ কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে।
( গ ) হ'ম'স্ফিয়েৰ আৰু হেটেৰ'স্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি ?
উত্তৰঃ হ'ম' স্ফিয়েৰ আৰু হেটেৰ'স্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম হল - ট্ৰপ'পজ।
( ঘ ) ফেৰেলৰ সূত্ৰটো কি ?
উত্তৰঃ পৃথিৱীৰ
আৱৰ্তনৰ বাবে সৃষ্টি হোৱা কোৰিওলিচ বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক
ঘড়ীৰ কাঁটাৰ দিশত সোফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ
বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। ইয়াকে ফেৰেলৰ সূত্ৰ বুলি কোৱা হয়।
( ঙ ) বিউফ'ট স্কেল কি ? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিতা সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ১৮০৫
চনত বৃটিছ বিজ্ঞানী চাৰ ফ্ৰেঞ্চিচ বিউফৰ্টে প্ৰস্তুত কৰা ০- ১২ নম্বৰ
স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব
পাৰি।ইয়াকে বিউফৰ্ট স্কেল বুলি কোৱা হয়।
এই স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি।
বতাহৰ গতিবেগ নটত প্ৰকাশ কৰা হয়। উদাহৰণ - বিউফৰ্ট নম্বৰ ০ ; বতাহৰ
গতিবেগ নট হিচাপে <১;বতাহৰ প্ৰকৃতি মন্থৰ বতাহ, বতাহৰ প্ৰভাৱ - ধোৱা
উলম্বিকভাৱে ওপৰলৈ উঠে।
( চ ) লেপৃচ হাৰ কি চমুকৈ লিখা ।
উত্তৰঃ বায়ুমণ্ডলৰ
ট্ৰপ'স্ফিয়েৰ স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে
উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়। সাধাৰণতে প্ৰতি কিলোমিটাৰ উচ্চতা বৃদ্ধিত
৬°৫০ চেন্টিগ্ৰেডকৈ বায়ুৰ উষ্ণতা হ্ৰাস পায়। ইয়াকে লেপচ হাৰ বোলা হয়।
২৪ । চমুটোকা লিখা ?
ক) হ'ম'স্ফিয়েৰঃ
ভূ- পৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ
ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্নস্তৰটোক হ'
ম'স্ফিয়েৰ বোলা হয়। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্য বাবে
হ'ম'স্ফিয়েৰ স্তৰটোক পুনৰ ভূ - পৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপ'স্ফিয়েৰ,
ষ্টেট'স্ফিয়েৰ আৰু মেছ'স্ফিয়েৰ হিচাপে বিভক্ত কৰা হৈছে।
খ) হেটেৰ'স্ফিয়েৰঃ
মেছ'স্ফিয়েৰ স্তৰৰ পিছৰ পৰা, অৰ্থাৎ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ
বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিবৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ
সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰ'স্ফিয়েৰ বোলা হয়। বায়ুমণ্ডলৰ এই
স্তৰটোত নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰ'জেন গেছে সিহঁতৰ আনৱিক ভৰ
অনুসৰি চাৰিটা তৰপৰ সৃষ্টি কৰিছে। বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব
তেনেই নগন্য।
গ) বায়ুৰ তাপ, ভূ- পৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্কঃ
বায়ু
এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ বা ওজন আছে বাবে ইয়াৰ চাপো আছে। আকৌ বায়ুৰ
সমষ্টিয়েই যিহেতু বায়ুমণ্ডল; বায়ুমণ্ডলৰো চাপ আছে। বায়ুমণ্ডলৰ এই চাপ
পৃথিৱীৰ উপৰিভাগত অনুভূত হয়। বায়ুৰ সম্প্ৰসাৰণ আৰু সংকোচনশীল গুনৰ বাবে
বায়ুৰ ঘনত্ব কম বেছি হয়। বায়ুৰ ঘনত্ব বাঢ়িলে ইয়াৰ চাপো বৃদ্ধি পায়।
অৰ্থাৎ ভূ- পৃষ্ঠৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ ঘনত্ব আৰু চাপ হ্ৰাস পায়।
ঘ) মেৰুদেশীয় উচ্চচাপ বলযঃ পোনপটীয়া
সূৰ্য্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত
ঠাণ্ডা। ইয়াত বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই
অঞ্চলত
পানী বৰফৰ ৰূপত জমা হৈ থাকে। এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায় নাথাকেই।
ফলত মেৰু অঞ্চল দুটাত স্হানীয়ভাৱে বায়ুৰ উচ্চচাপ থাকে ।সেয়েহে এই অঞ্চলক
মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বোলা হয়।
ঙ) বায়ুপ্ৰবাহ তন্ত্ৰঃ
বায়ুপ্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা অতি প্ৰয়োজনীয় মাধ্যম
যি অহৰহ উত্তাপ, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন
ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। সেয়ে বহল অৰ্থত, ইয়াক
বায়ুপ্ৰবাহ তন্ত্ৰ বোলা হয়।
চ) চাপনতিঃ ৰ বিষয়ে ৭ নং প্ৰশ্নৰ উত্তৰৰ লগত একে সেইবাবে লিখি দিয়া নাই।
ছ) বানিজ্য বতাহঃ
৩০° উত্তৰ আৰু ৩০° দক্ষিণ অক্ষাংশৰ আশেপাশে অৱস্থিত উপক্ৰান্তীয় উচ্চচাপ
বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত পৃষ্ঠ বায়ুক বানিজ্য বতাহ
বোলে। কোৰিওলিচ বলৰ বাবে এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ- পূবৰ পৰা দক্ষিণ
পশ্চিম দিশত আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ পূবৰ পৰা উত্তৰ পশ্চিম দিশত বলে।
সেয়ে ইয়াক উত্তৰ গোলাৰ্ধত উত্তৰ- পূব বানিজ্য বতাহ আৰু দক্ষিণ গোলাৰ্ধত
দক্ষিণ- পূব বানিজ্য বতাহ বোলে।
জ) অশ্ব-অক্ষাংশঃ
উপক্ৰান্তীয় উচ্চ চাপবলয়ৰ যি অংশৰ পৰা বানিজ্য বতাহ আৰু পছোৱা বতাহ বলে
তাতো এটা মন্থৰ বায়ু প্ৰবাহৰ শান্তবলয় আছে। এই অঞ্চলৰ পৰা বায়ু বহিঃ মুখী
হয় যদিও ইয়াৰ মধ্যাংশত বতাহ প্ৰায় গতিহীন হৈ এক শান্ত অৱস্থাত থাকে।
পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ বিশেষকৈ ৩০° ৰ পৰা ৩৫° অক্ষাংশৰ মাজত অৱস্থিত এই
অঞ্চলকে অশ্ব-অক্ষাংশ বোলা হয়।
ঝ) গৰ্জনমুখৰ চল্লিশঃ
দক্ষিণ গোলাৰ্ধৰ বিশেষকৈ ৪০° ৰ পৰা ৬০° অক্ষাংশৰ অঞ্চল মহাসাগৰে আবৰি আছে
বাবে এই অংশত পছোৱা বতাহৰ তীব্ৰতা অত্যাধিক হয়। সেয়েহে মহাসাগৰীয়
নাবিকসকলে চল্লিশ দশকৰ অক্ষাংশৰ অঞ্চলক গৰ্জনমুখৰ চল্লিশ বোলে।
ঞ) প্ৰতীপ ঘূৰ্ণীবতাহঃ
যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা
চক্ৰাকাৰে অপসাৰী বায়ু প্ৰবাহৰ সৃষ্টি হয় তাক প্ৰতীপ ঘূৰ্ণীবতাহ বোলা
হয়। প্ৰতীপ ঘূৰ্ণীবতাহৰ কেন্দ্ৰত চাপ সৰ্বোচ্চ হয় বাবে ইয়াক উচ্চচাপ
কেন্দ্ৰও বোলে। দৰাচলতে প্ৰতীপ ঘূৰ্ণীবতাহ এটা বায়ুমণ্ডলীয় অৱস্থা যিটো
ঘূৰ্ণীবতাহৰ সম্পুৰ্ণ বিপৰীত। পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু
উচ্চ অক্ষাংশ অঞ্চলত প্ৰতীপ ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। প্ৰতীপ ঘূৰ্ণীবতাহ
প্ৰধানতঃ দুই প্ৰকাৰৰ -
১) উপক্ৰান্তীয় উষ্ণপ্ৰতীপ ঘূৰ্ণীবতাহ আৰু
২) উচ্চ অক্ষাংশীয় শীতল প্ৰতীপ ঘূৰ্ণীবতাহ
ট) জেটপ্ৰবাহঃ
ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি পশ্চিমা প্ৰবাহৰ দৰে এক তীব্ৰবেগী পূবমুৱা
বায়ুপ্ৰবাহিত হয়। ইয়াকে জেটপ্ৰবাহ বোলা হয়। জেটপ্ৰবাহে এখন ঠাইৰ বতৰ
আৰু জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটায়।
ঠ) সমচাপ ৰেখাঃ
চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ুপ্ৰবাহ প্ৰায় শূন্য হয় আৰু
বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়। বহু ঠাই জুৰি এনে অৱস্থা বিৰাজ কৰিলে সেই
অঞ্চলৰ সমচাপ মানচিত্ৰত সমচাপ ৰেখা (সমান বায়ু চাপ থকা ঠাই সংযোগী ৰেখা)
প্ৰায় একেবাৰে দেখা নাযায়।
ড) ক্ৰান্তীয় ঘূৰ্ণীবতাহঃ
ক্ৰান্তীয় অঞ্চলৰ নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা
অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে ঘূৰি এক ভয়ংকৰ ৰূপ লয়, তাকে
ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয়। পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত
সৃষ্টি হোৱা এনে ঘূৰ্ণী বতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত
ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে।
ক্ৰান্তীয়
ঘূৰ্ণী বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ ৰ পৰা ২৮০ কিলিমিটাৰ পৰ্যন্ত হয়।
একোটা পুৰ্ণ পৰ্যায়ৰ ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ পৰা বহু উচ্চ পৰিমাণৰ শক্তি
নিৰ্গত হয় বাবে এনে চক্ৰবাতবোৰ ভয়ংকৰ, ধ্বংসকাৰী আৰু ক্ষতিকাৰক। ইয়াক
প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত টাইফুন, ভাৰত মহাসাগৰীয় অঞ্চলত
চাইক্লোন, অসমত বৰদৈচিলা আদিৰে নামেৰে পৰিচিত।
২৫ । পার্থক্য লিখা ?
ক) অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহ
বায়ুৰ গতি সদা অনুভূমিক।
আনহাতে বায়ু যেতিয়া উৰ্ধগামী হয় তেতিয়া তাক উলম্বিক প্ৰবাহ বা স্ৰোত বোলে।
বায়ুমণ্ডলত থকা বায়ুৰ অনুভূমিক প্ৰবাহৰ পৰিমাণ উলম্বিক প্ৰবাহৰ তুলনাত বহু গুনে বেছি।
খ) বায়ুপ্ৰবাহ আৰু বায়ুৰাশিঃ
বায়ু
গতি কৰিলে ইয়াক বতাহ বা বায়ু প্ৰবাহ বোলে। এই বায়ু প্ৰবাহ ভূ পৃষ্ঠৰ
সমন্তৰালভাৱে হয়। বায়ুপ্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা
অতি প্ৰয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য
বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে।
আনহাতে উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপঞ্জক বায়ুৰাশি বোলে।
গ) ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃ ক্ৰান্তীয় ঘূৰ্ণীবতাহ
ক্ৰান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ
অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ংকৰ ৰূপ লয়
তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে।
আনহাতে নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিঃ ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয়।
ঘ) জলবতাহ আৰু স্থলবতাহঃ দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ বলা প্ৰবাহত জলবতাহ বোলে।
আনহাতে, ৰাতি স্থলভাগৰ পৰা জলভাগলৈ বলা প্ৰবাহক স্থলবতাহ বোলে।
ঙ) পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহঃ দিনৰ ভাগত নদী উপত্যাকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি হোৱা উৰ্ধমুখী প্ৰবাহক ভৈয়ামৰ বতাহ বোলে।
ৰাতি উচ্ছভূমি, অৰ্থাৎ পৰ্বতশিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেঁচা আৰু
গধুৰ হয়। ফলত এই বায়ু পৰ্বতৰ ঢালেদি ভৈয়ামলৈ নিম্নগামী হয়। ইয়াকে
পাৰ্ব্বত্য বতাহ বোলে।
চ) ঘূৰ্ণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীবতাহঃ
বায়ুমণ্ডলৰ প্ৰবাহৰ যি অবস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী
বতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বোলে। ঘূৰ্ণীবতাহৰ কেন্দ্ৰত থকা
নিম্নচাপৰ তুলনাত চাৰিওফালৰ বায়ুমণ্ডলীয় চাপ বহু বেছি হোৱা বাবে বতাহৰ
গতিবেগ তীব্ৰতৰ হয়।
যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ
পৰা চক্ৰাকাৰে অপসাৰী বায়ুপ্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতীপ ঘূৰ্ণীবতাহ বোলা
হয়।
কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণত ঘূৰ্ণীবতাহৰ তুলনাত প্ৰতীপ ঘূৰ্ণীবতাহৰ ভূমিকা তেনেই নগণ্য।
ছ) শীতল বাতাগ্ৰ আৰু উষ্ণ বাতাগ্ৰঃ যি বাতাগ্ৰত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে তাক শীতল বাতাগ্ৰ বোলে।
আনহাতে, যি বাতাগ্ৰত অগ্ৰগামী উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ
ওপৰেদি প্ৰবাহিত হৈ ইয়াক স্থানান্তৰিত কৰে তাকে উষ্ণ বাতাগ্ৰ বোলে।
জ) ট্ৰপ'স্ফিয়েৰ আৰু ষ্ট্ৰেট'স্ফিয়েৰঃ ভূ পৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হল ট্ৰপ'স্ফিয়েৰ।ব্তৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া কাৰ্য এই স্তৰত সংঘটিত হয়।
ট্ৰপ'স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হল ষ্ট্ৰেট'স্ফিয়েৰ বোলা হয়। মেঘ
সৃষ্টিকে আদি কৰি কোনো ধৰণৰ বতৰজনিত কাৰ্যকলাপ এই স্তৰটোত দেখা নাযায়।
২৬ । শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
( ক ) অ’জন গেছৰ স্তৰটো ক'ত অৱস্থিত ?
(১) ট্ৰপস্ফিয়েৰ
(২) স্ট্রেট স্ফিয়েৰ
(৩) মেছ ' স্ফিয়েৰ
(৪) থার্ম স্ফিয়েৰ
উত্তৰঃ ২) ষ্ট্ৰেট'স্ফিয়েৰ।
( খ ) বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে ?
(১) ২০ . ৯৪ %
(২) ২৯ . ০১ %
(৩) ৩২ . ৪৭ %
(৪) ৭৮ . ০৮ %
উত্তৰঃ ১) ২০.৯৪%
( গ ) বায়ুপ্রবাহৰ মূল কাৰণটো হ ' ল —
(১) আদ্রর্তাৰ তাৰতম্য
(২) চাপৰ তাৰতম্য
(৩) মাধ্যাকর্ষণ শক্তি
(৪) অপকেন্দ্রিক বল |
উত্তৰঃ ২) চাপৰ তাৰতম্য।
( ঘ ) বতাহৰ গতিবেগ নির্ণয় কৰা যন্ত্ৰটো হ’ল —
(১) উইণ্ড ভেন
(২) এনিম ’ মিটাৰ
(৩) বিউফ ’ র্ট স্কেল ।
(৪) হাইড্ৰ ' মিটাৰ ।
উত্তৰঃ ২) এনিম'মিটাৰ।
( ঙ ) বতাহৰ গতিবেগৰ এককটো হ'ল —
(১) নট
(২) মিলিবাৰ |
(৩) শতাংশ ।
(৪) ডিগ্রী |
উত্তৰঃ ১) নট।
(চ) মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত ?
(১) স্থানীয় বতাহ ।
(২) প্রাথমিক বতাহ
(৩) গৌণ বতাহ
(৪) নিয়মিত বতাহ
উত্তৰঃ ৩) গৌণ বতাহ
( ছ ) প্রাচ্যৰ প্রশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূর্ণীবতাহৰ নামটো হ’ল —
(১) চাইনি ।
(২) হাৰিকেন
(৩) উইলী উইলী
(৪) টাইফুন
উত্তৰঃ ৪) টাইফুন।





No comments:
Post a Comment