js

Friday, April 1, 2022

অষ্টম শ্ৰেণী অসমীয়া পাঠ ১৩ হোমি জাহাংগীৰ ভাবা

হোমি জাহাংগীৰ ভাবা

প্রশ্ন ১। চমু উত্তৰ দিয়া

 ( ) টোপনি পাতল ল’ৰাজনৰ নাম কি ?

উত্তৰঃ  টোপনি পাতল ল’ৰাজনৰ নাম হােমি জাহাংগীৰ ভাবা ।

( ) ল’ৰাজনৰ টোপনি পাতল হােৱাৰ কাৰণ কি আছিল

উত্তৰ ল’ৰাজনৰ টোপনি পাতল হােৱাৰ কাৰণ আছিল ল’ৰাজন ইমানেই তীক্ষ্ণ বুদ্ধিৰ যে তেওঁৰ চিন্তা শক্তি প্রবাহ মস্তিষ্কত নিৰৱচ্ছিন্নভাৱে বৈ থাকে ।

 ( ) চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল’ৰাজনৰ বাবে কেনে ব্যৱস্থা ল’লে ?

উত্তৰঃ  চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক – দেউতাকে ল’ৰাজনৰ মনােযােগ বিজ্ঞানৰ প্রতি আকর্ষিত কৰিবলৈ সিদ্ধান্ত ল’লে । সেই অনুসৰি তেখেতসকলে বিজ্ঞানৰ কিতাপ – পত্ৰৰে এটা গ্রন্থাগাৰৰ ব্যৱস্থা কৰি ল’ৰাজনক পঢ়া – শুনাৰ সকলাে সা – সুবিধা প্রদান কৰিলে । 

( ) হােমি জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল

উত্তৰঃ  হােমি জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰিও সংগীত আৰু চিত্রাংকন প্রতিও ৰুচি আছিল । 

( ) হােমি জাংহাগীৰ ভাবা লণ্ডনলৈ কিয় কৈছিল

উত্তৰঃ  জাংহাগীৰ ভাবা লণ্ডনলৈ ইঞ্জিনীয়াৰিং পঢ়িবলৈ গৈছিল ।

 ( ) ‘দোৰাবজী টাটা ট্রাষ্ট’ৰ সহায়ত তেখেতে কি অনুষ্ঠান প্রতিষ্ঠা কৰে

উত্তৰঃ  ‘দোৰাবজী টাটা ট্রাষ্ট’ৰ সহায়ত তেখেতে ‘ টাটা ইন্সটিটিউত অৱ ফাণ্ডামেণ্টেল ৰিছার্চ ‘ প্রতিষ্ঠা কৰে । 

( ) স্বাধীনতাৰ পাছত তেখেত কি আয়ােগৰ মুৰবী হিচাপে নিযুক্ত হৈছিল ?

উত্তৰঃ  স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়ােগৰ মুৰী হিচাপে নিযুক্ত হৈছিল ।

 ( ) তেখেতৰ প্রতি শ্রদ্ধা জনাই কি অনুষ্ঠান প্রতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ মৃত্যুৰ পিছত তেখেতৰ প্রতি শ্রদ্ধা জনাই মুম্বাই ( বম্বে ) ত ‘ ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্র’ প্রতিষ্ঠা কৰা হৈছিল ।

 প্রশ্ন ২। লাহে লাহে কিতাপবােৰ ল’ৰাজনৰ সংগী হৈ পৰিল ।

ইয়াত লৰাজন বুলি কাৰ কথা কোৱা হৈছে ? কিতাপবােৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল ? বুজাই লিখা ।

 উত্তৰঃ ইয়াত ল’ৰাজন’বুলি হােমি জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে । চিকিৎসক কথা শুনি মাক – দেউতাকে ল’ৰা হােমি জাহাংগীৰ ভাবাৰ মনােযােগ বিজ্ঞানৰ প্ৰতি আকর্ষিত কৰিবলৈ সিদ্ধান্ত ল’লে আৰু সেই উদ্দেশ্যেই তেখেতসকলে বিজ্ঞানৰ কিতাপ – পত্ৰৰে এটা  গ্রন্থাগাৰৰ ব্যৱস্থা কৰি ভাবাক পঢ়া – শুনাৰ সকলাে সা – সুবিধা প্রদান কৰিলে ।

শিশু হােমি জাহাংগীৰ ভাবাই এই কিতাপ পত্ৰবােৰৰ স্যৱহাৰৰ কৰিবলৈ ল’লে আৰু লাহে লাহে কিতাপবােৰ হােমিৰ সংগী হৈ পৰিল ; অর্থাৎ তেখেত কিতাপ পত্ৰবােৰৰ লগত একাত্ম হৈ পৰিল । 

প্রশ্ন ৩। হােমি জাহাংগীৰ ভাবাৰ সপোন কি আছিল ? এই সপােন কিয় ফলৱতী নহ’ল ?

 উত্তৰঃ হােমি জাহাংগীৰ ভাবাৰ সপোন আছিল পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত – জিলিকা দেশত পৰিণত কৰাৰ । তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল । কিন্তু তেখেতৰ এই সপােন বাস্তৱত পৰিণত হােৱাৰ আগতেই এক বিমান দুর্ঘটনাত তেখেতৰ মৃত্যু হােৱাত সেই সপোন ফলৱতী নহ’ল । 

প্রশ্ন ৪। ‘হােমি জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল ’ — এই কথা পাঠটোত কেনেদৰে প্রতিফলিত হৈছে লিখা । 

উত্তৰঃ হােমি জাহাংগীৰ ভাবাই নিজদেশ ভাৰতবৰ্ষক ভাল পাইছিল । সেই কাৰণেই তেখেতে বিদেশত থাকি সুখেৰে দিন কটাব পাৰিলেহেঁতেন যদিও বিদেশত নাথাকি দেশৰ প্ৰতি থকা ভাল পােৱা তথা কর্তব্য আৰু দায়বদ্ধতাৰ বাবেই তেখেতে ১৯৪০ চনত ভাৰতবৰ্ষলৈ ঘূৰি আহে । তেতিয়াৰে পৰাই এই বিজ্ঞানীজনে ভাৰতবৰ্ষৰ উন্নতিৰ কাৰণে অহােপুৰুষাৰ্থ কৰিছিল ।

তেখেতে ‘ ডােৰাবজী টাটা ট্রাষ্ট’ৰ সহায়ত ভাৰতত টাটা ইন্সষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছার্ড ’ প্রতিষ্ঠা কৰিছিল । আনকি তেখেতে পাৰমাণবিক শক্তিৰ ক্ষেত্ৰত ভাৰতত এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ ৰঙীণ সপােন দেখিছিল ।

তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল । কিন্তু এটা বিমান দুর্ঘটনাত হঠাতে তেখেতৰ মৃত্যু হােৱাত সেই সপােন বাস্তৱত পৰিণত কৰিব নােৱাৰিলে । ‘জানাে আহা’ আৰু কাৰক বিভক্তি সম্পর্কীয় কথাখিনি পাঠত বুজাই লিখা আছে । মনােযােগেৰে পঢ়ি মনত ৰাখা ।

 প্রশ্ন ৫। ‘হােমি জাহাংগীৰ ‘ভাবা’ পাঠটোত থকা বিভক্তিযুক্ত শব্দবােৰ বাছি উলিয়াই লিখা । 

উত্তৰঃ কালত , শিশুসকলৰ , স্বভাৱৰ , এজনক , মাক – দেউতাক হৈছিল , চিকিৎসক দ্বাৰা , ল’ৰাজনৰ , নাছিল , কৰিবলৈ , তেখেতসকলে , কিতাপ – পত্রেৰে , শিশুজনক , কৰিলে , শিশুটিয়ে , কিতাপ পত্ৰবােৰ , পৃথিৱীত , পৰিয়ালত , আছিল , তেখেতে , লণ্ডনলৈ , বিশ্ববিদ্যালয়ত , পাইছিল , অধ্যয়নত , ডিৰাকক , তথ্য , জগতৰ , ভাবাই , বিদেশত — ইত্যাদি ।

 প্রশ্ন ৬। নিম্ন লিখিত শব্দকেইটাৰ পৰা বিভক্তিবােৰ বাছি উলিয়াই সেইবােৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা । 

           তেখেতে , শিশুজনক , কিতাপ পত্ৰৰে , ভাৰতলৈ ; চিকিৎসকৰ , শৈশৱ কালত ।

উত্তৰঃ   তেখেতে = তেখেত + এ – ১ মা বিভক্তি – কর্তাকাৰক । 

           শিশুজনক = শিশুজন + ক – ২ য়া বিভক্তি কর্মকাৰক । 

           কিতাপ – পত্ৰৰে = কিতাপপত্র + ৰে’- ৩ য়া বিভক্তি -কৰণ কাৰক । 

           ভাৰতলৈ = ভাৰত + লৈ – ৪ র্থী বিভক্তি – সম্প্রদান কাৰক । 

           চিকিৎসকৰ = চিকিৎসক + অৰ – ৬ ষ্ঠী বিভক্তি – অপাদান কাৰক । 

           শৈশৱ কালত = শৈশৱ কাল + ত – ৭ মী বিভক্তি- অধিকৰণ কাৰক । 

প্রশ্ন ৭ তলৰ বাক্যবােৰত আঁচটনা পদ বিলাকৰ বিভক্তি নির্ণয় কৰা আৰু কাৰকৰ নাম লিখা ।

 ( ) বেলি ডুবিলত আমি খেল সামৰিলোঁ  ।

উত্তৰঃ  ডুবিলত ৭ মী বিভক্তি – অধিকৰণ কাৰক ।

 ( ) ৰামে কিতাপ পঢ়িছে ।

উত্তৰঃ  কিতাপ – ২ য়া ‘ অক ’ বিভক্তি লুপ্ত হৈ আছে – কর্মকাৰক । 

( ) দুখীয়াৰ প্রতি দয়ালু হ’বা । 

উত্তৰঃ দুখীয়াৰ- ৬ ষ্ঠী বিভক্তি অপাদান কাৰক ।

( ) এইখন মােৰ দেশ । 

উত্তৰঃ  মােৰ ৬ ষ্ঠী বিভক্তি – অপাদান কাৰক ।

 ( ) আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই ।

উত্তৰঃ পৰীক্ষালৈ- ৪ থী বিভক্তি সম্প্রদান কাৰক ।

( ) যঁতৰেৰে সূতা কাটিব পাৰি । 

উত্তৰঃ যঁতৰেৰে – ৩ য়া বিভক্তি- কৰণ কাৰক ।

 ( ) শিক্ষাগুৰুক ভক্তি কৰিব লাগে । 

উত্তৰঃ শিক্ষাগুৰুক – ৪থী বিভক্তি – সম্প্রদান কাৰক । 

( ) ডাৱৰীয়া বতৰত হিমালয় পর্বত নেদেখি ।

উত্তৰঃ হিমালয় পর্বত- ২ য়া ‘অক ‘ বিভক্তি লুপ্ত হৈ আছে— কর্ম কাৰক ।

 ( ) কোনাে মানুহক হিংসা নকৰিবা ।

উত্তৰঃ  মানুহক ২ য় বিভক্তি -কর্মকাৰক ।

 প্রশ্ন ৮। আঁচটনা শব্দবােৰত বিপৰীত অর্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰা ।

উত্তৰঃ ( ) সফল মাতৃ – বিফল মাতৃ ।

           ( ) তীক্ষ্ণ বুদ্ধি – ভােটা বুদ্ধি । 

           ( ) কোনাে বিসংগতি – কােনাে সংগতি ।

           ( ) পাঠ অন্তর্ভুক্ত – পাঠ বহির্ভূত ।

           ( ) তেখেতৰ মৃত্যু হৈছিল— তেখেতৰ জন্ম হৈছিল । 

           ( ) বুদ্ধি পাইছিল — হ্রাস পাইছিল । 

প্রশ্ন ৯। বাক্য ৰচনা কৰা 

 অৱদান , ধাউতি , জাকত জিলিকা ,আশ্বাস, গৱেষণা , সিদ্ধান্ত 

উত্তৰঃ    অৱদান :-  বিজ্ঞান জগতত হােমি জাহাংগীৰ ভাবাৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব ।

ধাউতি :- হােমি জাহাংগীৰ ভাবাৰ চিত্রাংকণ বিষয়টোত বৰ ধাউতি আছিল । 

জাকত জিলিকা :- পাৰমাণৱিক শক্তিত ভাৰতক জাকত জিলিকা কৰিবলৈ হােমি জাহাংগীৰ ভাবাই সপােন দেখিছিল । 

আশ্বস :- মানুহজনে দুখীয়া ছাত্ৰজনক সহায় কৰাৰ আশ্বাস দিলে ।

গবেষণা :- গৱেষনাৰ জৰিয়তেহে কোনাে বস্তুৰ তথ্য গােৱা যায় । 

সিদ্ধান্ত :- জটিল কথাবােৰেৰে অলােচনা – বিলােচনাৰ মাজেৰে সহজ সিদ্ধান্ত ল’ব পৰা যায় ।

 প্রশ্ন ১০। যুক্তাক্ষৰ হুৱাই শব্দবােৰ পূৰ কৰা হৈছে

উত্তৰঃ   ক  –  ক =   কণ্টক ।

           উপল  –  = উপলব্দি । 

           নি  –  নিম্ন । 

           বি  –  ত = বিঘ্নিত । 

           বিশেষ – = বিশেষজ্ঞ ।

           – – গাৰ = বিজ্ঞানাগাৰ ।

           প্রতি – = প্রতিজ্ঞা । 

            ম  –  –ত মন্ত্রপূত ।

             ই – ন = ইঞ্জিন । 

প্রশ্ন ১১। তলৰ শব্দবােৰৰ প্রতিশব্দ লিখা ।

 সংগী , তীক্ষ্ণ , প্রধান , গ্রন্থ , কিৰণ , চিকিৎসক ।

উত্তৰঃ    সংগী    –     লগৰীয়া , সহযােগী , সতীর্থ ।

            তীক্ষ্ণ    –     চোকা, প্রখৰ ।

            প্রধান   –     মুখ্য । 

             গ্রন্থ      –     কিতাপ । 

             কিৰণ   –     পােহৰ ।

             চিকিৎসক – ডাক্তৰ । 

 প্রশ্ন ১২। হােমি জাহাংগীৰ ভাবাৰ মাক – দেউতাকে তেখেতৰ বাবে এটা গ্রন্থাগাৰ ব্যৱস্থা কৰি দিছিল ।

‘ — এনে ধৰণৰ সুবিধা পালে তুমি কোনটো দিশত নিজকে আগবঢ়াই নিবা লিখা ।

উত্তৰঃ  হােমি জাহাংগীৰ ভাবাৰ মাক – দেউতাকে তেখেতক যিদৰে এটা গ্রন্থাগাৰৰ ব্যৱস্থা কৰি দিছিল আৰু সেই গ্রন্থাগাৰৰ সদব্যৱহাৰ কৰি তেখেতে যিদৰে ভৱিষ্যৎ জীৱনত এচাম সফল বিজ্ঞানী হােৱাৰ সপােন দেখিছিল , ঠিক তেনেদৰে ময়াে তেনে সুবিধা পালে বিজ্ঞান বিষয়ক কিতাপ পত্র সমূহ বৰ মনােযােগেৰে অধ্যয়ন কৰিম আৰু মােৰ মনত বৈজ্ঞানিক মনােভাৱ গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিম ।

অন্যান্য বিষয়ৰ কিতাপ পঢ়াৰ উপৰিও বৈজ্ঞানিকৰ জীৱনী , বিভিন্ন আৱিষ্কাৰৰ কাহিনী , আধুনিক প্রযুক্তি বিদ্যা , আধুনিক বৈজ্ঞানিক সফলতা আদি বিষয়ৰ কিতাপবােৰ পঢ়ি . সেইবােৰৰ মনত ৰাখিবলগীয়া কথাবোেৰ টুকি ৰাখি বিজ্ঞান শিক্ষাৰ বিষয়ে সকলো কথা জানিবলৈ চেষ্টা কৰিম যাতে ভৱিষ্যত শিক্ষাৰ ক্ষেত্ৰত মােক ইয়ে আগ্রহ জন্মায় আৰু সহায় কৰে ।

তাৰােপৰি নিজৰ সৎ আৰু প্রকৃত ব্যক্তি হিচাপে গঢ় দিবলৈ মহৎ লােকৰ জীৱনীসমূহাে পঢ়িম । বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিবলৈয়াে তেনে ধৰণৰ কিতাপ – পত্রও মনােযােগেৰে পঢ়িম ।

 প্রশ্ন ১৩। হােমি জাহাংগীৰ ভাবাই বিজ্ঞান অধ্যয়নৰ জৰিয়তে দেশৰ উন্নতিৰ কথা ভাবিছিল  ।’

    কিছুমান সৰু সৰু কামৰ জৰিয়তে আমি দেশৰ উন্নতিৰ কথা ভাবিব পাৰোঁ । আমাৰ বাট – পথ পৰিষ্কাৰ – পৰিচ্ছন্নকৈ ৰখা , ৰাজহুৱা সম্পত্তিৰ যত্ন লােৱা , প্রাকৃতিক সম্পদৰ সংৰক্ষণৰ  ব্যৱস্থা গ্ৰহণ কৰা আদিও দেশৰ উন্নয়নমূলক কাম ।

  – তুমি কেনেধৰণৰ কাম কৰি দেশখনৰ উন্নয়নত সহায় কৰিম বুলি ভাবিছা ?

উত্তৰঃ আমাৰ ৰাজহুৱা তথা ব্যক্তিগত বাট – পথবােৰ আজিৰ শিক্ষিত সমাজতো বৰ দুখ লগাকৈ বেয়া আৰু অপৰিষ্কাৰ । শিক্ষা – দীক্ষাৰে মানুহ যথেষ্ট আগবাঢ়িছে যদিও সামাজিক স্বার্থজড়িত জ্ঞান বহুতৰে কম দেখা যায় । নিজৰ ঘৰৰ সমুখৰ বা নিজে অহা – যােৱা বাট পথবােৰৰ দুৰৱস্থা দেখিও নেদেখা হৈ থাকে ।

খলা বমা হৈ পানী জমা হ’লেও , বােকা পানীৰে কদর্যৰূপ ল’লেও এইবােৰ ভাল কৰিবলৈ বা তাত এচপৰা মাটি দি ঠিক কৰি ল’বলৈ অনেক লােকেই চিন্তা নকৰে । আনকি নিজৰ ঘৰত লেতেৰা জাবৰ – জোথৰ , পলিথিন আদি সাৰি – পুচি আনি বাট – পথতে বা পানী ওলাই যােৱা নর্দমাত পেলাই গােটেইখন অপৰিষ্কাৰ কৰি পেলায় , পৰিৱেশ দুর্গন্ধময় কৰি তােলে ।

ইয়াৰ দ্বাৰা পানী ওলাই যাব নােৱাৰি গােটেইবােৰ গেলি – পচি মহ মাখিৰ উৎপাত বৃদ্ধি কৰে , পৰিবেশে অত্যন্তভাৱে দুর্গন্ধময় হৈ পৰে । ফলত মানুহৰ নানা বেমাৰ – আজাৰ হয় , আনকি বেমাৰ আজাৰত লােকৰ মৃত্যুও হয় । এইবােৰ দেশৰ কাৰণে অতিকৈ ক্ষতিকাৰক । 

      এইবােৰ দেখি – শুনি মই ভাবিছাে , উপৰােক্ত পৰিৱেশ বা অৱস্থা যাতে হ’ব নােৱাৰে , তাৰ বাবে বাট – পথবােৰৰ উন্নয়নৰ কাৰণে সেইবােৰ পৰিষ্কাৰ  পৰিচ্ছন্নকৈ ৰখাৰ কাৰণে , পানী ওলাই যােৱা নর্দমাত জাবৰ – জোথৰ , পলিথিন আদি নেপেলাবৰ কাৰণে মই সকলাে শ্ৰেণীৰ সমাজক সচেতন কৰি তুলিবলৈ চেষ্টা কৰিম ।

সমাজৰ মাজত , ৰাইজৰ মাজত সজাগতা আনিবলৈ ঠায়ে ঠায়ে সভা – সমিতি পাতি কথাবােৰ বুজাই দিয়াৰ উপৰিও দল সংগঠনৰ সহযােগত , ৰাইজৰ সহযােগত হাতে কামে বাট – পথবােৰ পৰিষ্কাৰ কৰিও দেখুৱাম । এনেদৰে দেশখনৰ উন্নয়নত সহায় কৰিম বুলি ভাবিছোঁ ।



No comments:

Post a Comment

SEBA HSLC Question Paper Assamese 2022