Redirect Image

js

Friday, April 1, 2022

অষ্টম শ্ৰেণী অসমীয়া পাঠ ৪ জাগা জননীৰ সন্তান

জাগা জননীৰ সন্তান 

-জ্যোতিপ্ৰসাদ আগৰৱালা

জাগা জননীৰ সন্তান

জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ৷


মৃত্যু গছকি আনা জয়জিনি

কৰি দুৰ্জ্জয় অভিযান৷


কৰ্ম্মহীনতা কাপুৰুষতাই

তোমাক কৰিলে জয়

তুমি দুৰ্ব্বল ম্ৰিয়মান

তথাপিও নাই ভয়--

জাগা শক্তিমান জাগা মাতৃপ্ৰাণ৷


শক্তিগায়ত্ৰী মনত পেলোৱা হবা দুৰ্নিবাৰ

তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান৷


অ’ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ

অজেয় নৱ-জোৱান

জাগা শক্তিমান জাগা মাতৃপ্ৰাণ৷৷

***

 


-পাঠভিক্তিত ক্ৰিয়া-কলাপ

প্রশ্ন১। গীতটো সুৰ লগাই গোৱা ।

উত্তৰঃ ***

প্রশ্ন২। গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা ।

উত্তৰঃ গীতটো ভালদৰে পঢ়ি আমি এই কথা বুজি পালো যে দেশ মাতৃৰ সুসন্তান সকলে মৃত্যক গছকি হ’লেও দুৰ্য্যই অভিযান কৰি দেশ মাতৃক বহিঃ শত্ৰুৰ পৰা ৰক্ষা কৰিব লাগে, দেশ মাতৃৰ সন্মান অটুট ৰাখিবলৈ সন্তান সকলে কৰ্ম কৰিবই লাগিব । 

আপোনালোকক ৰক্ষা কৰিবলৈ,মাতৃৰ সন্মান অক্ষুন্ন ৰাখিবলৈ দুৰ্ম্মদ বীৰ অজেয় নৱ জোৱান সকল সজাগ হৈ থাকিব লাগে । তেতিয়া মাতৃভূমিৰ কেতিয়াও কোনেও হানি-বিঘিনী কৰিব নোৱাৰে ।

প্রশ্ন ৩ উত্তৰ দিয়া । 

( ) কবিয়ে কাক জাগি উঠিবলৈ কৈছে ?

উত্তৰঃ কবিয়ে জননীৰ সন্তানসকলক ‘জাগি উঠিবলৈ কৈছে ।

 ( ) দুর্জয় অভিযান বুলি কি বুজাইছে ?

 উত্তৰঃ মৃত্যু ভয়কো নেওচি মাতৃভূমিক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহাকেই দুর্জয় অভিযান বুলি বুজাইছে ।

 ( ) দুর্জয় অভিযানেৰে কি কৰিবলৈ কৈছে ?

 উত্তৰঃ  দুর্জয় অভিযানেৰে মাতৃভূমিৰ সন্তান ৰক্ষা তথা বহিঃ শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ কৈছে । 

( ) জননীৰ সন্তানক কিহে দুর্বল কৰাৰ কথা কৈছে

উত্তৰঃ জননীৰ সন্তানক কর্মহীনতা অথবা কাপুৰুষতাই দুর্বল কৰাৰ কথা কৈছে । 

( ) ‘তথাপিও নাই ভয়’ বুলি কৈছে ?

 উত্তৰঃ ‘ তথাপিও নাই ভয় ’ বুলি এই কাৰণেই কৈছে যে জননীৰ সন্তান সকল দুর্মদ বীৰ অজেয় নৱ জোৱান । তেওঁলােক শক্তিমান , দুর্নিবাৰ ।

 ( ) কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে

উত্তৰঃ অজৈয় নৱ – জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে ।

( ) আপােন পাহৰা বীৰ কি বুলি আখ্যা দিছে ?

 উত্তৰঃ আপােন পাহৰা বীৰক অজেয় নৱ – জোৱান বুলি আখ্যা দিছে ।

 প্রশ্ন ৪। গীতটোৰ বুজি নােপােৱা শব্দবােৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি  লােৱা ।

 উত্তৰঃ  

জননী             –   আই , মাতৃ ।

মৃত্যুক গছকি   –   মৃত্যু ভয় ত্যাগ কবি ।

দুর্জয়              –   সহজে জয় কৰিব নােৱাৰি , যাক বাধা দিব নােৱাৰি । 

দুর্মদ               –   অজেয় , নতি স্বীকাৰ নকৰা ।

প্রশ্ন ৫। গীতটোৰ মূলভাব লিখা । 

উত্তৰঃ দেশমাতৃৰ আহ্বানত দেশৰ সু – সন্তানসকল যুগে যুগে নিজ কর্তব্যত আগবাঢ়ি গৈছে । স্বদেশ – স্বজাতিৰ উন্নতি আৰু ৰক্ষাৰ অভিযানত কর্মহীনতা অথবা কাপুৰুষতাৰ কোনাে স্থান নাই । দেশৰ প্ৰতি থকা অপৰিসীম ভালপােৱাই মানুহক শক্তিশালী আৰু দুর্জয় সাহসী কৰি তােলে ।

নিজ দেশমাতৃক ৰক্ষা কৰিবলৈ , মাতৃভূমিৰ সন্মান অক্ষুন্ন  ৰাখিবলৈ কোনাে ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱ – জোৱান সকল দেশৰ অতন্দ্র প্রহৰী।এই সকল জোৱান সদা সতেজ হৈ থাকিলে দেশ সদায় সুৰক্ষিত হৈ থাকিব । 

খ – ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ

 প্রশ্ন ৬ বাক্য ৰচনা কৰা :

 শক্তিমান , কাপুৰুষ , নিনাদ , অজেয় , অভিযান ।

উত্তৰঃ   

শক্তিমান :- শক্তিমান পুৰুষে কাৰােলৈকে ভয় নকৰে । 

কাপুৰুষ :- সমাজ আৰু দেশৰ অন্যায় কাপুৰুষৰহে কাম । 

নিনাদ :- গহন বনত চৰাই – চিৰিকতিৰ সুললিত নিনাদে মনত বৰ আনন্দ দিয়ে ।

অজেয় :-  মহাবীৰ লাচিত এগৰাকী অজেয় বীৰ আছিল । 

অভিযান :- সর্বশিক্ষা অভিযানে অসমৰ শিক্ষাজগতত নতুন পথৰ সন্ধান দিছে । 

 প্ৰশ্ন৭।  সন্ধি গঠন কৰা আৰু ভাঙা

 উত্তৰঃ    গঠন 

দেৱ + অসুৰ = দেৱাসুৰ ।

মূৰ + অৰি = মূৰাৰি ।

কুশ + আসন = কুশাসন । 

দশ + আনন = দশানন ।

বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ । 

মহা + অৰ্ণৱ = মহার্ণৱ

উত্তৰঃ    ভঙা

মহর্ষি = মহা + ঋষি ।  

নৰেন্দ্ৰ = নব + ইন্দ্র । 

মনােহৰ = মনঃ + হৰ । 

মনােযােগ = মনঃ + যােগ ।

উল্লেখ = উৎ + লেখ । 

উজ্জ্বল = উৎ + জ্বল ।

নাৱিক = নৌ + ইক । 

দিগন্ত = দিক্ + অন্ত  

 প্রশ্ন ৮। বিপৰীত অর্থ বুজোৱা শব্দ লিখা । 

  মৃত্যু, জয় , কাপুৰুষ , ভয় , শত্রু , দুর্বল । 

উত্তৰঃ    

মৃত্যু         –     জন্ম ।

জয়         –     পৰাজয় ।

কাপুৰুষ   –     সুপুৰুষ ।

ভয়          –      সাহস  নির্ভয় ।

শত্রু         –      মিত্র

দুর্বল        –      সবল । 

প্রশ্ন ৯। তলৰ শব্দবােৰৰ সমার্থক শব্দ লিখা ।

 জননী , সন্তান , বীৰ , নিনাদ । 

উত্তৰঃ       

জননী     –       মাতৃ , মাক , আই , জন্মদাত্রী । 

সন্তান     –       পুত্র বা পুত্রী , তনয় বা তনয়া , পাে বা পােৱতী । 

বীৰ        –        নায়ক , নেতা , শক্তিমান , শক্তিৱন্ত । 

 নিনাদ    –        শব্দ , ধ্বনি , মাত ।

 প্রশ্ন ১০। এটা শব্দত প্ৰকাশ কৰা ।

( ) সাহস থকা মানুহ 

উত্তৰঃ সাহসী , সাহিয়াল ।

 ( ) জাকৈৰে মাছ ধৰা মানুহ । 

উত্তৰঃ জাকৈয়া । 

( ) যাৰ শক্তি আছ । 

উত্তৰঃ  শক্তিমান , শক্তিৱন্ত ।

 ( ) যাক জিনিব নােৱাৰি । 

উত্তৰঃ অজেয় , অজিনি । 

প্রশ্ন ১১৷ তলত দিয়া বিশেষ্য পদবােক বিশেষণলৈ পৰিৱৰ্তন কৰা । 

মান , দুর্বলতা , দর্শন , দুখ , মানৱ ।

উত্তৰঃ           

মান              –         মানী ।

দুর্বলতা        –         দুর্বল ।

দর্শন            –         দার্শনিক ।

দুখ              –          দুখীয়া । 

মানৱ           –          মানৱিক । 

                                                     গ – জ্ঞান সম্প্রসারণ 

প্রশ্ন ১২। ভাব বহলাই লিখা ।

সাঁতোৰ,সাঁতোৰ, নিজ বাহুবলে

সাঁতুৰিব নােৱাৰিলে যা ৰসাতলে । 

উত্তৰঃ সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব । কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়তহে সাঁতুৰিব পৰা যায় । তেনেদৰে সাঁতুৰিব নােৱাৰিলে ৰসাতললৈ অর্থাৎ পানীত ডুবি মৰিবলগীয়া হয় । আনৰ সহায়ত বা আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায় ।

             এই কথাৰপৰা ইয়াকে কব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহ’লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু যত্ন কৰিব লাগিব । আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল ।

নিজৰ কঠোৰ পৰিশ্ৰম আৰু চেষ্টা নাথাকিলে জীৱনত কেতিয়াও কোনাে কামতে সফলতা বা উন্নতি আশা কৰিব নােৱাৰে ; বৰং জীৱনলৈ অধঃপতনহে আহি পৰে । 

প্রশ্ন ১৩। জ্যোতি প্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্রহ কৰি গাবলৈ অভ্যাস কৰা । 

উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ এটি গীত সুবিধার্থে তলত উল্লেখ কৰিলোঁ গীতটি গাবলৈ অভ্যাস কৰিবা 

               ৰূপহ কোঁৱৰৰ চুমা পৰশতে 
                          লাজুকী কুঁৱৰী মৰহি যায় ।
              সােণতে সুৱগা আহি সানি দিলে
                         গােলাপী গালতে ৰঙে চৰাই ।
              সপােনৰে সখা আহি দিলে দেখা 
                        দিয়া সখী দিয়া হিয়া বিলাই ।

 প্রশ্ন ১৪। জ্যোতি প্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটকেইখনৰ নাম লিখি তাৰে এখনৰ কাহিনীটো চমুকৈ লিখা ।

 উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটকেইখনৰ নাম তলত উল্লেখ কৰা হ’ল—

    শােণিত কুঁৱৰী , কাৰেঙৰ লিগিৰী , ৰূপালীম , নিমাতী কইনা বা ৰূপকোৱৰ , সােণ  পখিলী , লভিতা , খনিকৰ , কনকলতা , সুন্দৰ কোৱৰ । 

      এই নাটসমূহৰ ভিতৰৰে ‘নিমাতী কইনা বা ৰূপকোঁৱৰ’ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখনি মনোমােহা শিশু – নাটিকা । ইয়াৰ কাহিনীটো চমুকৈ তলত উল্লেখ কৰা হ’ল— 

        আমাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘ নিমাতী কইনা’ নামৰ সাধুটিৰপৰা কাহিনী লৈ এই নাটখনি ৰচনা কৰা হৈছে । ইয়াত ঘাই দুটা চৰিত্ৰ হ’ল নিমাতী কইনা আৰু ৰূপকোঁৱৰ । নিমাতীক ইয়াত বােধন কৰিবলৈ দিয়া ‘কলালক্ষ্মী ’ স্বৰূপে আৰু ৰূপকোঁৱৰক চিৰ সুন্দৰৰ প্রধান মহাসিদ্ধ সাধক ৰূপে অংকন কৰিছে ।

কলালক্ষ্মীয়ে সাধকৰ আমন্ত্রণ আৰু বােধন মন্ত্ৰতহে উদ্বোধিত হৈ জগতত হাঁহে । কলালক্ষ্মীৰ হাঁহিয়েই হৈছে আনন্দ আৰু তেওঁৰ গানেই হৈছে বিশ্ব শান্তি । মানৱ জাতিৰ সকলাে কলা – সাধনাই পৃথিৱীত আনন্দ আৰু শান্তি প্রতিষ্ঠা কৰে । মানুহৰ সভ্যতাৰ অধিষ্ঠাত্রী হৈছে কলালক্ষ্মী ।

পৃথিৱীত আজি সকলােৱেই নানা কলা – সাধনাৰে এই কলালক্ষ্মীৰ হাঁহি আৰু গান উলিয়াব পৰা নাই । চিৰসুন্দৰৰ একান্ত সেৱক ৰূপকোৱৰৰ হাতত পৃথিৱীৰ ভাৰ পৰিলেহে পৃথিৱীত সুন্দৰৰ ৰাজ্য স্থাপন হ’ব , নিমাতী কইনা অর্থাৎ কলালক্ষ্মীৰ মুখৰ মাত ফুটিব , মুখত হাঁহি বিৰঙিব আৰু আনন্দৰ গীত বাজি উঠিব । 

           এয়াই থুলমূলকৈ ‘নিমাতী কইনা বা ৰূপকোৱৰ’ নামৰ শিশু নাটিকাখনিৰ কাহিনী বিষয়বস্তু ।



No comments:

Post a Comment

ASSEB Class IX English Textbook:Moments, Chapter 2: The Adventures of Toto Additional Questions and Answers

Chapter: The Adventures of Toto Addtional Questions and Answers Multiple Choice Questions (MCQs) 1. Who is the author of "The...