ভক্তপ্ৰাণ প্রহ্লাদ
ক – পাঠভিত্তিক ক্রিয়া
( ক ) ভক্তপ্রাণ প্রহ্লাদ ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা ।
উত্তৰঃ ভক্তপ্রাণ প্রহ্লাদ’নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটা হ’ল – হৰি ( ত্ৰিজগতৰ ত্রাণকর্তা , ভক্তবৃন্দৰ উপাস্য দেৱতা ) হিৰণ্যকশিপু ( দৈত্যৰাজ , হৰিৰ চিৰবৈৰী ) প্রহ্লাদ ( হিৰণ্যকশিপুৰ পুত্র , ভগৱানৰ একান্ত ভক্ত ) ষণ্ডামর্ক ( দৈত্য গুৰু) মহাৰাণী ( হিৰণ্যকশিপুৰ পত্নী , দৈত্যৰাণী , প্রহ্লাদৰ মাক )
( খ ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত ?
উত্তৰঃ নাটিকাখনি ৫ টা দৃশ্যত বিভক্ত ।
( গ ) প্রহ্লাদৰ পিতৃৰ নাম কি ?
উত্তৰঃ প্রহ্লাদৰ পিতৃৰ নাম হ’ল হিৰণ্যকশিপু ।
( ঘ ) হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল ?
উত্তৰঃ হিৰণ্যকশিপুৰ ভাতৃৰ নাম হিৰণ্যাক্ষ আছিল ।
( ঙ ) হৰিৰ প্রতি প্রহ্লাদৰ কেনে ভক্তি আছিল ?
উত্তৰঃ হৰিৰ প্রতি প্রহ্লাদৰ অচলা ভক্তি আছিল । হৰিৰ প্ৰতি থকা এই ভক্তিৰ কাৰণেই তেওঁ মৃত্যুকে ভয় নকৰিছিল ।
( চ ) প্রহ্লাদক অসুৰৰ শাস্ত্রজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল ?
উত্তৰঃ প্রহ্লাদক অসুৰৰ শাস্ত্রজ্ঞান দিবলৈ দৈত্যগুৰু ষণ্ডামর্কক নিযুক্তি দিয়া হৈছিল ।
( ছ ) ত্ৰিজগতৰ পতি বুলি প্রহ্লাদে কাক কৈছিল ?
উত্তৰঃ ত্ৰিজগতৰ পতি বুলি প্রহ্লাদে হৰিক কৈছিল ।
( জ ) স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি ?
উত্তৰঃ স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম হ’ল- ‘নৰসিংহ’ । ই বিষ্ণুৰ অন্য এক ৰূপ বা অৱতাৰ ।
( ঝ ) অসুৰৰ শাস্ত্ৰখনৰ নাম কি ?
উত্তৰঃ অসুৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্র ।
( ক ) কি ভাবত তন্ময় হৈ আছা প্রহ্লাদ ? তােমাৰ কাষত আহি মই ৰৈছোঁহি , তুমি গমেই পােৱা নাইনে ? —এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল ? সেই সময়ত প্রহ্লাদ কি ভাবত তন্ময় হৈ আছিল?
উত্তৰঃ এই কথাষাৰ প্ৰহ্লাদক তেওঁৰ জ্যেষ্ঠভাতৃয়ে কৈছিল । প্রহ্লাদে সেই সময়ত সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকর্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল ।
( খ ) স্ফটিক স্তম্ভ ভাঙি প্রভু নৰসিংহ ওলাই আহি কি কৰিছিল ? তেওঁৰ গর্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল ?
উত্তৰঃ স্ফটিক স্তম্ভ ভাঙি প্রভু নৰসিংহ ওলাই আহি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে ধৰি নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিছিল । তেওঁৰ গর্জনত সকলাে দৈত্য ভয়ত কম্পমান হৈ মূৰ্ছা প্রায় হৈছিল ।
( ক ) প্রহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবােৰ একাদিক্রমে লিখা ।
উত্তৰঃ প্রহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে এনেদৰে যুক্তি দেখুৱাইছে যে হৰি ত্রিভুবনৰ গৰাকী , ন্যায়ৰ মূর্তি । হৰিৰ মহিমা স্মৰণ কেতিয়াও অনুচিত বুলিব নােৱাৰি । তেওঁৰ মহিমাই মৃত্যুভয় থাকিলেও মুকলিকৈ সঁচা কথা ক’বলৈ সাহস যােগায় ।
ত্রিজগতৰ পতি হৰিৰ মহিমাক কোনেও অৱজ্ঞা কৰিব নােৱাৰে । হৰিৰ মহিমাই সকলাে বিপদৰ পৰা ৰক্ষা কৰে । প্রহাদৰ একান্ত যুক্তি হ’ল “ ৰাখে হৰি মাৰে কোনে ” । প্রহ্লাদৰ বিশ্বাস এই ধৰিত্ৰীৰ আকাশ , বতাহ , বায়ু , পানী সকলােতে পৰমপিতা হৰি সুপ্ত হৈ আছে । হৰি নােহােৱা ঠাই নায়েই ।
( খ ) বামানয় শাস্ত্রজ্ঞান ল’বলৈ প্রহ্লাদে কিয় আপত্তি কৰিছিল ?
উত্তৰঃ প্রহ্লাদ আছিল হৰিৰ একান্ত ভক্ত । অসুৰৰ শাস্ত্র অর্থাৎ বামানয় শাস্ত্ৰ আছিল হৰিবিৰােধী । সেয়ে প্রহ্লাদে অসুৰৰ শাস্ত্রজ্ঞান ল’বলৈ আপত্তি কৰিছিল ।
( গ ) হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল ?
উত্তৰঃ হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই এইকাৰণেই কৈছিল যে হৰিয়ে তেওঁৰ সহােদৰ হিৰণ্যাক্ষক বৰাহৰূপ ধাৰণ কৰি দাঁতেৰে খুচি হত্যা কৰিছিল ।
( ঘ ) পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকূতি কৰিছিল ?
উত্তৰঃ পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এইবুলি কাকূতি কৰিছিল– ‘হে হৰি , আমাৰ সকলােকে শুভ বুদ্ধি নি আপুনি আমাক ৰক্ষা কৰক । পিতৃৰ সকলাে দোষ মার্জনা কৰি তেওঁক ক্ষমা কৰক ।
( ঙ ) ষণ্ডামর্কই প্রহ্লাদক বামানয় শাস্ত্রজ্ঞান দিবলৈ কি কি বুজনি দিছিল ?
উত্তৰঃ যণ্ডামর্কই প্রহ্লাদক বামানয়ৰ শাস্ত্রজ্ঞান দিবলৈ এনেদৰে বুজনি দিছিল — ‘ চোৱা ৰাজকুমাৰ প্রহ্লাদ , তােমাৰ কণ্ঠত হৰিনামে শােভা নাপায় । তুমি হ’লা দৈত্যবংশৰ পুত্র , দেৱতাৰ জয়গান গােৱাটো তােমাৰ বাবে উচিত হােৱা নাই । সেয়েহে আহা , বামানয় শাস্ত্র পঢ়া , য’ত আছে দৈত্যবংশৰ পৰম্পৰাৰ শিকীয় অনেক কথা ।
তাৰােপৰি এনেদৰে কৈছিল— ‘ হৰিভক্তিৰ মহিমা বর্ণনাৰ পৰা তুমি বিৰত থকা , নহলে জানাই নহয় , তােমাৰ পিতৃ দৈত্যৰাজৰ ক্রোধাগ্নিয়ে সকলােকে ভস্ম কৰি পেলাব ।’
( চ ) প্রহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লােৱা নাছিল ?
উত্তৰঃ প্রহ্লাদে গুৰুদ্বয়ৰ বুজনি এই কাৰণেই মানি লােৱা নাছিল যে সেই বুজনি আছি হৰিৰ মহিমা বিৰােধী । প্রহ্লাদ আছিল হৰিৰ মহিমা বর্ণনা কৰা একান্ত হৰিভক্ত । একান্ত হৰিভক্তই হৰি বিৰােধী বুজনি কেতিয়াও মানি ল’ব নােৱাৰে ।
‘ ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্রহ্লাদৰ কাহিনী হ’ল এক গৌৰৱময় সংযােজন ।’
উত্তৰঃ কথাফাকি ‘ ভক্তপ্রাণ প্রহ্লাদ ’ পাঠটিৰ পৰা লােৱা হৈছে । কথাফাকিৰ জৰিয়তে ভাৰতীয় পৰম্পৰাগত ভক্তিধাৰাৰ ঐতিহ্যকেই প্রকাশ কৰা হৈছে ।
ভাৰতীয় ভক্তিধাৰা হৈছে বৈষ্ণৱ ধর্ম । বিষ্ণুৰ মহিমা কীর্তন , চৰ্চা আৰু ধ্যানেই এই ভক্তিধাৰাৰ মূল । এই ধর্ম বা ভক্তিৰ মতে বিষ্ণু বা হৰি হ’ল ত্রিজগতৰ পতি , এই সুন্দৰ প্রকৃতিৰ সৃষ্টিকর্তা । তেৱেঁই সকলােকে সৃষ্টি কৰিছে , পালন কৰিছে , আৰু প্ৰয়ােজনত ধ্বংসও কৰিছে ।
‘ৰাখে হবি মাৰে কোনে ’ – এই মতবাদেই ভাৰতীয় ভক্তিধাৰাৰ একমাত্র বিশ্বাস । প্রহ্লাদৰ কাহিনীৰ জৰিয়তে এই মতবাদেই প্রচাৰিত হৈছে আৰু প্রমাণিত হৈছে । সেই কাৰণে এই কাহিনী ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত এক গৌৰৱময় সংযোজন ।
প্রশ্ন ৫।‘মােৰ বিনাশ , হাঃ হাঃ হাঃ । বােধকৰোঁ তােমালােকৰ জ্ঞাত নহয় যে মােক মানুহ অথবা জন্তুৱে বধ কৰিব নােৱাৰে । আনহাতে মােৰ মৃত্যু দিনৰ ভাগতাে নহয় আৰু ৰাতিও নহয় ৷ সেয়েহে মই নিশ্চিত , সহজে নহয় মােৰ বিনাশ ।এই সংলাপটো কোনে কাক কৈছে ? লিখা ।
উত্তৰঃ ‘হৰিৰ বিৰুদ্ধাচৰণ কৰিলে আপােনাৰ অমংগল অথবা বিনাশৰাে সম্ভাৱনা আছে ‘ বুলি যেতিয়া হৰিভক্ত প্রহ্লাদে হৰিবিৰােধী পিতৃ হিৰণ্যকশিপুক কলে তেতিয়া , হিৰণ্যকশিপুই প্রহ্লাদক এই কথাষাৰ কৈছিল ।
খ-ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ )
প্রশ্ন ৬ তলত উল্লেখ কৰা সমূহ ব্যস্ত বা সমস্যমান পদ , সমস্ত পদ আৰু বাস বাক্য হিচাবে দেখুৱাই এখন তালিকা যুগুত কৰা
ত্রিভুন , হতাহতি , পর্বত গম্ভীৰ , ত্রিজগত , সিংহাসন
উত্তৰঃ
ব্যস্ত বা সমস্য মান পদ সমস্ত পদ
১। তিনি ভুবনৰ সমাহাৰ ।
২। পৰস্পৰে হাতে হাতে কৰা যি কৰা যি যুদ্ধ ।
৩। পর্বতৰ নিচিনা গম্ভীৰ ।
৪। তিনি জগতৰ সমাহাৰ ।
৫। সিংহখােচিত আসন ।
সমস্ত পদ
১। ত্রিভুবন ।
২। হতাহতি ।
৩। পর্বত গম্ভীৰ ।
৪। ত্রিজগত ।
৫। সিংহাসন ।
ব্যাস বাক্য
১। তিনি ভুবনৰ সমাহাৰ ।
২। পৰস্পৰে হাতে হাতে কৰা যি কৰা যি যুদ্ধ ।
৩। পৰ্বতৰ নিচিনা গম্ভীৰ ।
৪। তিনি জগতৰ সমাহাৰ ।
৫। সিংহখোচিত আসন ।
প্রশ্ন ৭। এটা শব্দত প্ৰকাশ কৰি লিখা
( ক ) যাৰ সাহস আছে
উত্তৰঃ সাহসী , সাহিয়াল ।
( খ ) যি ঈশ্বৰক বিশ্বাস কৰে
উত্তৰঃ ঈশ্বৰ বিশ্বাসী , আস্তিক ।
( গ ) যি বিষ্ণুক উপাসনা কৰে
উত্তৰঃ বৈষ্ণৱ ।
( ঘ ) একে মাকৰ সন্তান
উত্তৰঃ সহােদৰ , সহােদৰা ।
( ঙ ) যি সঁচা কথা কয়
উত্তৰঃ সত্যবাদী ।
( চ ) যাক দেখা নাযায়
উত্তৰঃ অদৃশ্য ।
চিৰবৈৰী , হিংসা – দ্বেষ , আকাশ – পাতাল , গৰিমা , চালে চকুৰােৱা , শয়নে – সপােনে ।
উত্তৰঃ চিৰবৈৰী :- হিৰণ্যকশিপুৱে হৰিক চিৰবৈৰী বুলি ভাবিছিল ।
হিংসা – দ্বেষ :- সমাজৰ পৰা হিংসা – দ্বেষ আঁতৰ হলেহে শান্তি স্থাপন হয় ।
আকাশ – পাতাল :- বিপদত অধৈর্য হৈ আকাশ – পাতাল চিন্তা কৰি থাকিলে বিপদৰ পৰা উদ্ধাৰ পাব নােৱাৰি ।
গৰিমা :- সৎ লােকৰ গুণ – গৰিমাক প্রশংসা কৰিব লাগে ।
চালে চকুৰােৱা :- কোঠাটো চালে চকুৰােৱাকৈ সজাই তুলিছে ।
শয়নে – সপােনে :- প্রহ্লাদে শয়নে – সপােনে একমাত্র হৰিৰ মহিমাকে চিন্তা কৰি আছিল ।
গ – জ্ঞান সম্প্ৰসাৰণ
( ক ) ষণ্ডামৰ্কৰ পিতৃৰ নাম কি ?
উত্তৰঃ ষণ্ডামৰ্কৰ পিতৃৰ নাম শুক্রাচার্য আছিল ।
( খ ) বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল ?
উত্তৰঃ বিষ্ণুৱে প্ৰধানকৈ দহটা অৱতাৰ ধাৰণ কৰিছিল ।
( গ ) বিষ্ণুৰ চতুর্থ অৱতাৰটো কি ?
উত্তৰঃ বিষ্ণুৰ চতুর্থ অৱতাৰটো হ’ল বামন অৱতাৰ ।
( ঘ ) বামানয় শাস্ত্র কি ?
উত্তৰঃ বামানয় শাস্ত্র হ’ল- হৰি বিৰোধী শিক্ষা থকা অসুৰৰ শাস্ত্ৰ ।
ঘ প্রকল্প
১০৷ আমাৰ সমাজৰ সামাজিক শৃংখলা বজাই ৰাখিবলৈ আৰু মানৱীয় প্ৰমূল্যক গুৰুত্ব দিবলৈ সমাজৰ মহান ব্যক্তিসকলে বিভিন্ন নীতি কথা প্রকাশ কৰি থৈ গৈছে । যেনে- ‘অহিংসাই পৰম ধর্ম ।’ এনেধৰণৰ নীতি কথা সংগ্রহ কৰি লিখা আৰু শ্রেণী কোঠাত ওলােমাই থােৱা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।
১১। দৈনিক বাতৰি কাকতত প্ৰকাশ পােৱা অমানৱীয় ঘটনাৰ বাতৰি সংগ্ৰহ কৰি তাৰ কাৰণবােৰ লিখা আৰু তােমাৰ মতামত ব্যক্ত কৰা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।
No comments:
Post a Comment