এন্ ফ্ৰাঙ্কৰ ডায়েৰী
ক-পাঠভিক্তিক ক্ৰিয়া-কলাপ
প্রশ্ন ১। তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়া :
( ক ) ( ১ ) জন্মসূত্রে এন্ ফ্রাংক কোন সম্প্রদায়ৰ ছােৱালী আছিল ?
উত্তৰঃ জন্মসূত্রে এন্ ফ্রাংক ইহুদী সম্প্রদায়ৰ , ছােৱালী আছিল ।
( ২ ) এন্ ফ্রাংকৰ দেউতাকৰ নাম কি আছিল ?
উত্তৰঃ এন্ ফ্রাংকৰ দেউতাকৰ নাম আছিল অট’ ফ্রাংক ।
( ৩ ) নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলােক ক’ত লুকাই আছিল ?
উত্তৰঃ নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলােক দুবছৰ কাল এটা পণ্যাগাৰত লুকাই আছিল ।
( ৪ ) এন্ ফ্রাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল ?
উত্তৰঃ এন্ ফ্রাংকে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈকে দিনলেখা লিখিছিল ।
( ৫ ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জার্মান সেনাধ্যক্ষজনৰ নাম কি ? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল ?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জার্মান সেনাধ্যক্ষজনৰ নাম আছিল এড্ লফ হিটলাৰ । তেওঁ ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল । লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল ।
( খ ) ( ১ ) এন্ ফ্রাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল ?
উত্তৰঃ নাজীবাহিনীৰ বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ গােটেই ফ্রাংক পৰিয়াল দুবছৰকাল এটি পণ্যাগাৰত আত্মগােপন কৰি আছিল । যন্ত্রণাকাতৰ এই আত্মগােপন জীৱনৰ কৰুণ কাহিনী ধৰি ৰাখিবলৈকেই তেৰ বছৰীয়া এন্ ফ্রাংকে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল ।
( ২ ) দিনলেখাসমূহ এন্ ফ্রাংকে কিয় সম্পাদনা কৰিছিল ?
উত্তৰ দিনলেখাসমূহ পুথি আকাৰে প্ৰকাশ কৰিবলৈ সম্পাদনা কৰিছিল ।
( ৩ ) অট ’ ফ্রাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগােপন কৰি আছিল ?
উত্তৰঃ নাজীবাহিনীৰ বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ অট ’ ফ্রাংকে পণ্যাগাৰত আত্মগােপন কৰি আছিল ।
( গ ) ‘মানুহতকৈ কাগজৰ ধৈর্য বেছি ’ বুলি এন্ ফ্রাংকে উপলব্ধি কৰিছিল কিয়— বুজাই লিখা ।
উত্তৰঃ এন্ ফ্রাংকে তেৰ বছৰ বয়সতে দিনলেখা লিখিবলৈ আৰম্ভ কৰিছিল । এই দিনলেখাত যন্ত্রণাকাতৰ গােপন জীৱনৰ কৰুণ অভিজ্ঞতাসমূহ প্রতিদিনে লিখি গৈছিল । নাজীবাহিনীৰ পৰা মুক্তি পাই কি কৰোঁ কি নকৰাে এনে ভাবত হতাশ হৈ পৰিছিল । অৱশেষত তেওঁ নিজে লিখা ডায়েৰী অর্থাৎ দিনলেখাখনি লগত লৈ হতাশা আঁতৰাবলৈ চেষ্টা কৰিছিল ।
তেতিয়াই তেওঁ উপলব্ধি কৰিছিল— ‘মানুহতকৈ কাগজৰ ধৈর্য বেছি ‘ । তেতিয়ালৈকে সেই টোকা বহীখন যাক তেওঁ ‘ ‘ডায়েৰি ‘ বুলি নামকৰণ কৰিছে , কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাছিল । কাৰণ তেতিয়ালৈকে তেওঁ এগৰাকী প্রকৃত বন্ধু পােৱা নাছিল ।
( ঘ ) এন্ ফ্রাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল ?
উত্তৰঃ এন্ ফ্রাংকে নিজকে প্রথমে অকলশৰীয়া বুলি অনুভব কৰিছিল । কাৰণ নাজীবাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত দেউতাকৰ বাহিৰে মাক , বায়েক আৰু অন্যান্য লোক অনাহাৰ – অত্যাচাৰত মৃত্যুমুখত পৰে । কিন্তু তাৰ পিছত তেওঁ অকলশৰীয়া নহয়াে বুলি অনুভব কৰিছে ।
প্রশ্ন ২। তলৰ শব্দসমূহৰ অৰ্থ লিখা—
গণ্য , বর্ব , অধিগৃহীত , আড়ম্বৰ , পুঞ্জীভূত , গতানুগতিক , পৰিত্যক্ত , থিৰাং , প্রত্যাশিত , শামকটা , অস্ত্রোপচাৰ , প্রবাদ , উৎসর্গা , ভাবমূর্তি , সন্নিবিষ্ট ।
উত্তৰঃ গণ্য – মান্য , মানিবলগীয়া ।
বৰ্বৰ – অসভ্য , অতিদুষ্ট ।
অধিগৃহীত – দখল কৰা ।
আড়ম্বৰ – জাক – জমক ।
পুঞ্জীভূত – একত্রিত ।
গতানুগতিক – আগৰ পৰা যেনেকৈ চলি আছে তেনে ।
পৰিত্যক্ত – বর্জিত , ত্যাগ কৰা ।
থিৰাং – নিশ্চিত , নিশ্চয় কৰা ।
প্রত্যাশিত – নিশ্চিত , ভৰসা কৰিব পৰা ।
শামকটা – অন্ত পৰা , শেষ হােৱা ।
অস্ত্রোপচাৰ – কটাচিঙা কৰা কাৰ্য ।
প্ৰবাদ – আনৰ পৰা শুনা ; মুখে মুখে চলি অহা ।
উৎসর্গা – অর্পণ ।
ভাবমূর্তি – ধ্যান ধাৰণা ।
সন্নিবিষ্ট – ভালকৈ সমুওৱা , ভালকৈ বহুওৱা ।
প্রশ্ন ৩। ‘কিটি’ কোন ? এন্ ফ্রাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা ।
উত্তৰঃ ‘কিটি’ হ’ল এন্ ফ্রাংকৰ ডায়েৰিখন । এন্ ফ্রাংকে লিখা ডায়েৰিখনত তেওঁৰ কল্পনাৰ বহু প্রত্যাশিত বন্ধুগৰাকীৰ ভাবমূর্তি বৃদ্ধিৰ কাৰণে একোৱেই নিলিখিলে । এই ডায়েৰিখনকে তেওঁ তেওঁৰ প্রকৃত বন্ধু হিচাপে গণ্য কৰিবলৈ ইচ্ছা কৰিলে আৰু সেইবাবেই তেওঁৰ বন্ধু অর্থাৎ ডায়েৰিখনৰ নাম ‘ কিটি ’ ৰাখিলে ।
প্রশ্ন ৪। এন্ ফ্রাংকৰ ডায়েৰিখন পুথি আকাৰে প্রকাশ হােৱাত কোনে আগভাগ লৈছিল ? তেখেতে এই ডায়েৰিখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল ?
উত্তৰঃ এন্ ফ্রাংকৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হােৱাত তেওঁৰ দেউতাক অট ’ ফ্রাংকে আগভাগ লৈছিল ।
১৯৪৪ চনৰে কোনােবা এদিন হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনার্তাৰ যােগে ঘােষণা কৰিলে যে যুদ্ধ শামকটাৰ পিছত তেওঁ জার্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লােকে যুদ্ধৰ সময়ত দুখ – যন্ত্রণা ভােগ কৰিছিল তেওঁলােকৰ সাক্ষ্য গ্রহণ কৰিব আৰু এইবােৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব । তেওঁ বিশেষকৈ চিঠি – পত্ৰ আৰু ডায়েৰিৰ কথা উল্লেখ কৰিছিল ।
বিষয়াজনৰ কথাত অনুপ্রাণিত হৈ এন্ ফ্রাংকে তেওঁৰ ডায়েৰিখনৰ ভিত্তিত এখন পুথি প্রকাশ কৰিব বুলি সিদ্ধান্ত কৰিছিল আৰু ডায়েৰিখন সম্পাদনাও কৰিছিল । কিন্তু হঠাতে নাজীবাহিনীৰ হাতত বন্দী হ’ব লগীয়া হােৱাত এন্ ফ্রাংকৰ দেউতাক অট ’ ফ্রাংকে সেই ডায়েৰিখন এক মূল্যবান সম্পত্তি হ’ব বুলি ভাবি পুথি আকাৰে প্ৰকাশ কৰিছিল ।
সঁচাকৈয়ে এন্ ফ্রাংকৰ এই ডায়েৰিখন পিছলৈ এখনি বিশ্ববিখ্যাত গ্রন্থত পৰিণত হৈছিল ।
প্রশ্ন ৫। এন্ ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল ? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল ?
উত্তৰঃ এন্ ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ বৰ মধুৰ আছিল । সেই কাৰণেই আইতাকৰ অসুখ হােৱাত আৰু অস্ত্রোপচাৰ কৰিবলগীয়া হােৱাত এন্ ফ্রাঙ্কে নিজৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰিছিল । আইতাকৰ মৃত্যুৰ পিছতাে তেওঁৰ আইতাকলৈ বৰকৈ মনত পৰি আছিল । কাৰণ তেওঁ আইতাকক বৰ ভাল পাইছিল ।
সেইকাৰণেই তেওঁৰ জন্মদিনৰ মমবাতিবােৰৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলাইছিল ।
প্রশ্ন ৬। পাঠটো পঢ়ি এন্ ফ্রাঙ্কৰ সেই সময়ত হােৱা মনৰ ভাবৰ বিষয়ে লিখা ।
উত্তৰঃ এন্ ফ্রাঙ্কে মাত্র তেৰবছৰ বয়সতে ডায়েৰি লিখিবলৈ লৈছিল । তেওঁৰ নিচিনা এজনী ছােৱালীৰ কাৰণে ডায়েৰি লিখাটো সঁচাকৈয়ে আশ্চর্যকৰ অভিজ্ঞতা বুলি তেওঁ ভাবিছিল । তথাপি নাজীবাহিনীৰ বৰ্বৰ অত্যাচাৰ আৰু হত্যালীলাৰ কথা সবিস্তাৰে লিখি ৰখাৰ মনােভাবেৰে পৰিয়ালসহ পণ্যাগাৰত লুকাই থকা অৱস্থাতে এন্ ফ্রাঙ্কে দিনলেখা অর্থাৎ ডায়েৰি লিখি গৈছিল ।
তেওঁ ভাবিছিল ডায়েৰিখনত তেওঁৰ মাক – দেউতাক বায়েক আৰু অন্যান্য আত্মীয়সকলৰো বিৱৰণ থাকিব । কেনেকৈ নাজীবাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰাৰ উপৰিও লাখ লাখ ইহুদীক হত্যা কৰিছে তাৰো বিৱৰণ বিশ্ববাসীক সময়ত জনাব পাৰিব এই ডায়েৰিখনৰ জৰিয়তে ।
এনে মনােভাব এন্ ফ্রাঙ্কৰ আছিল । আইতাককে ধৰি ঘৰৰ পৰিয়াল আত্মীয়সকলৰ প্ৰতি তেওঁৰ আছিল অতি মৰম , শ্রদ্ধা আৰু সহানুভূতিৰ ভাব ।
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন ৭। পাঠটোত অধি , অনু , প্রতি এইকেইটা– উপসর্গ যােগ হৈ হােৱা শব্দ কেইটা বিচাৰি লিখা ।
উত্তৰঃ
অধি – অধিগৃহীত , অনু – অনুবাদ , প্রতি – প্রতিদিনে ,
অনুপ্রাণিত , প্রতিবিম্ব
অনুষ্টুপীয়াকৈ ,
প্রশ্ন ৮। তলৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দবােৰ লিখা ।
স্থায়ী , প্রকাশ , ভােগ , স্মৃতি , সমাপ্ত , আড়ম্বৰ , ভাগ্য , ধৈর্য ।
উত্তৰঃ
স্থায়ী – অস্থায়ী ।
প্রকাশ – অপ্রকাশ , গােপন ।
ভােগ – দুর্ভোগ ।
স্মৃতি – বিস্মৃতি , পাহৰণি ।
সমাপ্ত – অসমাপ্ত ।
আড়ম্বৰ – অনাড়ম্বৰ ।
ভাগ্য – দুর্ভাগ্য ।
ধৈর্য – অধৈর্য ।
প্রশ্ন ৯ তলৰ শব্দবােৰৰ প্রতিশব্দ লিখা—
যন্ত্রণা , কৰুণ , কিশােৰী , মৃত্যু
উত্তৰঃ
যন্ত্রণা – কষ্ট , যাতনা ।
কৰুণ – বেজাৰ , শােকাবহ , দুখলগা ।
কিশােৰী – বালিকা , ছােৱালী ।
মৃত্যু – মৰণ ।
প্রশ্ন ১০। তলৰ বাক্যবােৰ সৰল বাক্য , যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্রেণী বিভাজন কৰা :
( ক ) মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ’ল ।
উত্তৰঃ যৌগিক বাক্য ।
( খ ) ভাল লৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে ।
উত্তৰঃ সৰল বাক্য ।
( গ ) বৰষুণ পৰিছে ।
উত্তৰঃ সৰল বাক্য ।
( ঘ ) মই সদায় ভাত খাই স্কুললৈ যাওঁ ।
উত্তৰঃ সৰল বাক্য ।
( ঙ ) একমাত্র দেউতাকেই নাজীবাহিনীৰ কৱলৰপৰা জীৱিত ৰূপত বাচি আহিছিল ।
উত্তৰঃ সৰল বাক্য ।
( চ ) এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লেখা কাম আৰম্ভ কৰিছিল ।
উত্তৰঃ সৰল বাক্য ।
( ছ ) এইবাৰ পিছে তেওঁ ‘মৰমৰ কিটি ‘ বুলি সম্বােধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত ‘তােমাৰ এন্’বুলি সমাপ্ত কৰিছিল ।
উত্তৰঃ যৌগিক বাক্য ।
( জ ) জন্মদিনৰ মমবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলােৱা হ’ল ।
উত্তৰঃ সৰল বাক্য ।
প্রশ্ন ১১। তলৰ বাক্যবােৰ তুলনামূলক বাক্যলৈ পৰিবৰ্তন কৰা ( দুটা আৰু বহুতৰ মাজত )
( ক ) সােণ উজ্জ্বল ।
উত্তৰঃ ৰূপ , তাম আদি ধাতুতকৈ সােণৰ উজ্জ্বলতা বেছি ।
( খ ) মীনা মেধাৱী ।
উত্তৰঃ সীতাতকৈ মীনা মেধাবী । সীতা,ৰীনা,টিনা, এই সকলোতকৈ মীনা মেধাবী ।
(গ ) অৰুণ ওখ ।
উত্তৰঃ তৰুণতকৈ অৰুণ ওখ । তৰুণ , বৰুণ , কৰুতকৈ অৰুণ ওখ ।
( ঘ ) জোনবাই সৰু ।
উত্তৰঃ সূৰুযতকৈ জোনবাই সৰু । সূর্য আৰু পৃথিৱীতকৈ জোনবাই সৰু ।
( ঙ ) এই কিতাপখন ভাল ।
উত্তৰঃ এইখনতকৈ এইখন কিতাপ ভাল । এই আটাইবোৰ কিতাপৰ ভিতৰত এইখন কিতাপ ভাল ।
অনতি পলমে , হাঁহি – ধেমালি , ৰূপান্তৰিত , আত্ম – গােপন , চিঠি – পত্র , দুখ যন্ত্রণ পৰিত্যক্ত , বিশ্ববিখ্যাত , আদান – প্রদান , চিন্তা – ভাবনা ।
উত্তৰঃ অনতি – পলমে :- দেৰী নকৰি অনতি – পলমে কামটো কৰিবা ।
হাঁহি – ধেমালি :- হাঁহি ধেমালিৰে জীৱনটো কটালেহে সুখ পায় ।
ৰূপান্তৰিত :- ৰূপ সােণলৈ ৰূপান্তৰিত হয় ।
আত্মগােপন :- বিপদৰ উমান পাই সি আত্মগােপন কৰিলে ।
চিঠি – পত্র :- ফোনবােৰ ওলােৱাৰ কাৰণে আজিকালি মানুহে চিঠি – পত্র নিলিখাই হল ।
দুখ – যন্ত্রণা :- মানুহৰ জীৱনত দুখ – যন্ত্রণ থাকেই ।
পৰিত্যক্ত :- পবিত্যক্ত ঠাইবিলাক বৰ জয়াল হৈ পৰে ।
বিশ্ববিখ্যাত :- এন্ ফ্রাঙ্কৰ ডায়েৰিখন এখনি বিশ্ববিখ্যাত গ্রন্থ ।
আদান – প্রদান :- আদান – প্রদানৰ মাধ্যমেৰে মানুহৰ মাজত আত্মীয়তা গঢ় লৈ উঠে ।
চিন্তা – ভাবনা :- চিন্তা – ভাবনাৰেহে সুস্থিৰ সিদ্ধান্ত ল’ব পৰা যায় ।
প্ৰশ্ন১৩। এন্ ফ্রাঙ্কৰ ডায়েৰিখনে বিশ্ব সাহিত্যত অন্যতম শ্রেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।
এতে এগৰাকী কিশােৰীৰ বিষয়ে পঢ়ি তােমাৰাে কিবা এটা কৰাৰ কথা নিশ্চয় মনলৈ আহিব । তুমিও এন্ ফ্রাঙ্কৰ দৰে তােমাৰ দৈনন্দিন কাম – কাজৰ খতিয়ান বিতংকৈ লিখিবা আৰু পাছদিনা কি কি কৰিবা সেই ডায়েৰিতেই লিপিবদ্ধ কৰি ৰাখিবা ।
উত্তৰঃ নিজেই চেষ্টা কৰা ।
প্ৰশ্ন১৪। দলত বহি নিজৰ অভিজ্ঞতা প্রকাশ কৰা আৰু লগৰীয়াৰ কথা শুনা ।
( ক ) কোনাে কামত বা পঢ়া – শুনাৰ ক্ষেত্ৰত বন্ধু বান্ধৱীক সহায় কৰি
( খ ) পেলনীয়া বস্তুৰে কামত অহাকৈ কোনাে বস্তু সাজি আৰু তাক ব্যৱহাৰ কৰি
( গ ) বাতৰি কাকতৰ শিশু – শিতানৰ ভাল লগা গল্প – সাধু পঢ়ি
( ঘ ) সাহিত্য – চ’ৰাবােৰে অনুষ্ঠিত কৰা শিশু – প্রতিযােগিতাৰ বিভিন্ন শিতানত অংশগ্রহণ কৰি
( ঙ ) ঘৰত অনুষ্ঠিত কোনাে উৎসৱ – পার্বণত অংশগ্রহণ কৰি
উত্তৰঃ ওপৰত উল্লেখ কৰা আটাইবোৰ প্ৰশ্নৰ উত্তৰ নিজে দিব’লৈ চেষ্টা কৰা ।
প্রশ্ন ১৩। ‘এন্ ফ্রাঙ্কৰ ডায়েৰি’ পাঠটোত মন , আটক , শব্দযুক্ত হৈ থকা তলৰ খণ্ড বাক্যবােৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা ।
উত্তৰঃ মন পা – ( মন বুজ ) :- আপােনজনৰহে মন পাবলৈ সহজ ।
মন বান্ধ – ( মন – দমা ) :- টকা – পইচা নাই যেতিয়া ডাঙৰ ঘৰ বন্ধাৰ কথাটোত মন বান্ধ ।
মন পুতি লাগ – ( মনােযােগ দি লাগ ) :- মনপুতি লাগিলেহে কামত সফল হ’ব পাৰি ।
মন মাৰ – ( নিৰানন্দ হু ) :- বেয়া খবৰটো শুনি সি মন মাৰি বহি আছে ।
মন কৰ – ( ইচ্ছা কৰ ) :- ভাল কামলৈ সদায় মন কৰিব লাগে ।
আটক কৰ – ( আবদ্ধ কৰ ) :- পুলিচে চোৰটোক আটক কৰিলে ।
আটক ধুনীয়া ( অসাধাৰণ ৰূপে ধুনীয়া ) :- ঠাইখনি বৰ আটক ধুনীয়াকৈ সজাই তুলিছে ।
No comments:
Post a Comment