যুগমীয়া শৰাইঘাট
-ডঃ সূৰ্য কুমাৰ ভূঞা
১। পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়াৰ অভ্যাস কৰিবা ।
উত্তৰঃ নিজেই চেষ্টা কৰা ।
( ক ) অতীতৰ শৰাইঘাটৰ সমস্যাবােৰ কি আছিল ?
উত্তৰঃ অতীতৰ শৰাইঘাটৰ সমস্যাবােৰ সামৰিক আছিল ।
( খ ) বর্তমান শৰাইঘাটৰ সমস্যাবােৰ কি ?
উত্তৰঃ বর্তমান শৰাইঘাটৰ সমস্যাবােৰ হ’ল সামাজিক , অর্থনৈতিক , ৰাজনৈতিক । আৰু ঐতিহাসিক ।
( গ ) ৰাম সিংহ কোন আছিল ?
উত্তৰঃ ৰামসিংহ ৰাজপুত ৰজা আৰু মােগল সম্রাট ঔৰংজেৱৰ সেনাপতি আছিল ।
( ঘ ) ৰাম সিংহ অসমলৈ কিয় আহিছিল ?
উত্তৰঃ ৰাম সিংহ অসমলৈ অসম আক্ৰমণ কৰি অসমক মােগল সম্রাটৰ অধীন কৰিবলৈ আহিছিল ৷
( ঙ ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰঃ শৰাইঘাটৰ ৰণ অসমীয়া সেনা আৰু মােগল সেনাৰ মাজত হৈছিল ।
( চ ) লাচিতৰ অধীনত কিমান সৈন্য আছিল ?
উত্তৰঃ লাচিতৰ অধীনত এক লক্ষ সৈন্য আছিল ।
( ছ ) মােগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি ?
উত্তৰঃ মােগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম আছিল কোৱামৃদ্ধ হাজৰিকা ।
( জ ) মােগলৰ সেনাপতিক চৰাই খােজাৰ দায়ত লাচিত বৰফুকনে কাক লােৱা লগাই থৈছিল ?
উত্তৰঃ মােগলৰ সেনাপতিক চৰাই খােজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণ কটকীক লােৱা লগাই থৈছিল ।
(ঝ ) ৰাম সিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল ?
উত্তৰঃ ৰাম সিংহই বীৰ লাচিতলৈ কটকীৰ জৰিয়তে পঠোৱা আফুগুটিৰ টোপােলাৰ জৰিয়তে ইয়াকে বুজাবলৈ গৈছিল যে টোপােলাত আফুগুটি যিমান আছে ৰামসিংহৰ সৈন্য সংখ্যাও সিমান ।
( ঞ ) লাচিতে অসমীয়া সৈন্যবল বুজাবৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল ?
উত্তৰঃ লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰাম সিংহলৈ এচুঙা বালি পঠিয়াইছিল ।
প্রশ্ন ৩। পাঠটোত থকা কঠিন শব্দবােৰৰ অর্থ লিখা ।
উত্তৰঃ সংঘবদ্ধ – একগােট ।
সামৰিক – ৰণ বা সমৰ সম্পৰ্কীয় ।
সামাজিক – সমাজ সম্পর্কীয় ।
অর্থনৈতিক – অর্থনীতি সম্পৰ্কীয় ।
ৰাজনৈতিক – ৰাজনীতি সম্পর্কীয় ।
ঐতিহাসিক – ইতিহাস সম্পর্কীয় ।
অন্ত – শেষ
দুর্যোগ – বিপদ , বিঘিনি ।
প্রবৃত্তি – ইচ্ছা , বাসনা ।
চিৰন্তন – চিৰস্থায়ী , যুগমীয়া ।
মনােবৃত্তি – চিন্তাধাৰা , বিচাৰ ।
দেশপ্রেম – দেশক ভাল পােৱা ।
এনয় – এনেকুৱা ।
মৃত্যুপন – মৰিম বুলি কৰা প্রতিজ্ঞা ।
আমূলে – মূল বা শিপাসহ ।
আত্মকন্দল – নিজৰ ভিতৰতে লগা হাই-কাজিয়া ।
উৎপাটন – উঘালি অনা ।
আহিলা – পাতি – জা – যােগাৰ , সা – সৰঞ্জাম ।
আহােপুৰুষাৰ্থ – চেষ্টা ।
প্ৰলোভন – লােভ জন্মােৱা কার্য ।
লােৱা লগাই – শিকলিৰে বান্ধি ।
সাউৎকৰে – তৎক্ষণাত ।
তুৰন্তে – সােনকালে,তৎক্ষণাত ।
টিপ – ইংগিত , সংকেত ।
মচণ্ডল – মতলীয়া ।
অতুলনীয়া – তুলনা কৰিব নােৱাৰা ।
নিৰূপণ – ঠিক
প্রশ্ন ৪। পাঠত থকাৰ দৰে সংলাপবােৰ লিখা
( ক ) কথাৰ যুদ্ধৰে বলে নােৱাৰি ৰাম সিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে ৰণুৱাসকলক কি কৈছিল ?
উত্তৰঃ জ্বৰৰ গাৰে লাচিত বৰফুকনে ৰণুৱাসকলক এনেদৰে কৈছিল— “ অসমীয়া ৰণুৱাসকল , মই যুঁজিহে মৰিম । চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ , তাতে শটো থ’বা । নাইবা মােক বঙালে ধৰি লৈ যাওক , তােমালােক সুখেৰে ঘৰলৈ উভতি যােৱা । ”
( খ ) অসম এৰি যােৱা সময়ত ৰাম সিংহই অসমক প্রশংসা কৰি কি কৈছিল ?
উত্তৰঃ অসম এৰি যােৱা সময়ত ৰাম সিংহই অসমক প্রশংসা কৰি এনেদৰে কৈ গৈছিল— “ ধন্য ৰজা , ধন্য মন্ত্রী , ধন্য সেনাপতি , ধন্য সেনা । অকল এজন মানুহে সকলাে সৈন্য চলায় , ই কি আচৰিত । মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ । ”
( গ ) কোনােবাই যুদ্ধৰ কামত মন এৰি ইফাল – সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গােসাঁনীলৈ সেৱা কৰি কি ঘােষণা কৰিছিল ?
উত্তৰঃ বীৰ লাচিত বৰফুকনে কামাখ্যা গােসাঁনীলৈ সেৱা কৰি এনেদৰে ঘােষণা কৰিছিল— “ যুদ্ধৰ কামত পাছ হুহঁকিলে মই এই হেংদাঙেৰে দুডােখৰ কৰি কাটিম , পাছতহে স্বৰ্গদেৱক জনাম । ”
( ঘ ) বৰ অই-কুঁৱৰীয়ে কাপােৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল ?
উত্তৰঃ;বৰ আই কুঁৱৰীয়ে কাপােৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক এনেদৰে উপদেশ দিছিল— “ বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ’ব । ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হােৱাটো নিশ্চয় । ”
( ক ) যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়ােজন আছে লিখা ।
উত্তরঃ যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলা – পাতিৰ বাহিৰেও বেছিকৈ প্রয়ােজন সৈনিকবৃন্দ আৰু সমগ্র জাতিৰ স্বাৰ্থহীন মনােবৃত্তি , কর্ম নিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ ।
যুদ্ধত স্বার্থ ৰাখি কাম কৰিলে , কৰ্মৰ প্রতি একাগ্রতা নাথাকিলে আৰু যুদ্ধ জয়ৰ প্রতি তীব্র হেঁপাহ নাথাকিলে সৈনিকবৃন্দ আৰু সমগ্র জাতিৰ মনােবল তথা সাহসেই নাইকিয়া হৈ যাব আৰু যুদ্ধ জয় কৰিব নােৱাৰিব ।
( খ ) সেনাপতি কোৱমৃদ্ধা হাজৰিকাই কি কৌশলেৰে মােগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বর্ণনা কৰা ।
উত্তৰঃ মােগল সৈন্যই শৰাইঘটীয়া সেনাপতি কোৱামৃদ্ধা হাজৰিকাক নাৱেৰে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক’লে । চাৰিওফালে মােগলৰ নাও , মাজতে কোৱামৃদ্ধাৰ নাও । হাজৰিকাই ক’লে – ‘ মই নাচিম । ঢােল – মৃদংগ – খঞ্জৰী নাই , –তােমালােকে চাপৰি মাৰা ।’ নাৱৰ বৈঠাৰ পৰা হাত এৰি মােগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে ।
কোৱামৃদ্ধই নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে টোৱাবলৈ । নাচোনৰ ছেও দেখি বঙালৰ সৈন্য মচণ্ডল হ’ল । এই ছেগতে কোৱাৰ নাওখন সাউৎকৰে আঁতৰি গ’ল । মােগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যাে – জা কৰোঁতেই অসমীয়া সেনা নিজৰ ঠাই পালেহি ।
এনে কৌশলেৰে কোৱামৃদ্ধ হাজৰিকা মােগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল ।
( গ ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবােৰ লিখা ।
উত্তৰঃ শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবােৰ হ’ল— সুচিন্তিত আঁচনি , বিচক্ষণ সংগঠন , শৃংখলামূলক আয়ােজন , সুদৃঢ় নিয়মানুবর্তিতা , বিপদত ধৈর্য , সংকটত নির্ভীকতা , আমূলে দুর্নীতি দমন , দেশৰ মংগলৰ কার্যত সম্পূর্ণ আত্মবিলােপ আৰু স্বার্থ ত্যাগ , আৰু আত্মকন্দলৰূপী বিষবৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে – ঠেঙুলিয়ে উৎপাটন ।
প্রশ্ন ৬। প্রসংগ সংগতি দর্শাই বুজাই লিখা ।
( ক ) অগ্নি , সর্প আৰু প্রলােভন , —এই তিনি একে ধৰণেৰে বিষাক্ত ।
উত্তৰঃ এই বাক্যটি বুৰঞ্জীবিদ ড ° সূর্যকুমাৰ ভূঞা ডাঙৰীয়াৰ ‘ যুগমীয়া শৰাইঘাট . নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে ।
অসমীয়া কটকী ৰামচৰণ মােগল সেনাপতি , ফন্দিয়ক ৰামসিংহৰ প্রলােভনত পৰা প্রসংগত কথাষাৰ কোৱা হৈছিল ।
ফন্দিয়ক ৰামসিংহই অসমীয়া কটকী ৰামচৰণ আৰু নিমক লগ পাই প্রলােভিত কৰাৰ বাবে ৰাজপুতনাৰ পিনৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল । কাঠৰ চবাইৰ’সেই নাচ দেখি প্রলােভিত হৈ ৰামচৰণে ৰামসিংহৰ পৰা এটা চৰাই বিচাৰিছিল । চতুৰ ৰামসিংহই ৰামচৰণক দুটা কাঠৰ চৰাই দি পঠাইছিল ।
বীৰ সেনাপতি লাচিত বৰফুকনে এই কথা গম পাই কটকী , ৰাচৰপৰ প্রতি অসন্তুষ্ট আৰু ক্ৰোধাম্বিত হৈ পৰিলি । কিয়নাে বৰফুকনে জানিছিল যে অগ্নি,সর্প আৰু প্রলােভন এই তিনিওটাই সমানে বিষাক্ত আৰু ধ্বংসকাৰী। কটকী ৰামচৰণ ৰামসিংহৰ প্রলােভনত পৰা মানেই অসমীয়া সেনাবাহিনীয়ে বিষময় ফল ভোগ কৰা হ’ব ।
কটকী ৰামচৰণৰ যোগে মােগল সেনাই অসমীয়া সেনাবাহিনীৰ গোপন তথ্যৰ সম্ভেদ পাব । সেইবাবে প্রলােভনৰ উপক্ৰম দেখি , বিষাক্ত প্ৰলোভন পুলিয়ে – পোখাই নিৰ্মল কৰাৰ বাৰে সেনাপতি লাচিত বৰফুকনে কটকী ৰামচৰপক লােৱা লগাই থৈ শাস্তি দিছিল । সেনাপতি বৰফুকনৰ এই কাৰ্যই অসমীয়া সেনাবাহিনীক সম্বাৱ্য অঘটনৰ পৰা ৰক্ষা কৰিছিল ।
( খ ) ‘বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোঁটা – দহোটা মানুহক শিঙিয়ে বিন্ধে ।’
উত্তৰঃ বুৰঞ্জীবিদ ড°সূর্যকুমাৰ ‘ ভূঞাদেৱৰ ‘যুগমীয়া শৰাইঘাট ’ নানৰ পাঠৰ পৰা এই বাক্যটি লােৱা হৈছে ।
অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনে আলাৱৈৰ যুদ্ধত মৃত্যু ঘটা দহ হাজাৰ সৈন্যৰ প্রতিজনেই একো একোটা হাতীৰ দৰে আছিল বুলি সেই বিষাদ বাতৰি স্বৰ্গদেৱক জনাব বিচাৰিছিল । তেতিয়া ৰাজমন্ত্রী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই বৰফুকনক বাধা দি যুক্তি প্রদর্শনসূচক এই কথাষাৰ কৈছিল ।
গভীৰভাৱে বিবেচনা নকৰাকৈয়ে আহােম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰণ কৰিবলৈ নির্দেশ দিয়াৰ পৰিণতিত আলাবৈৰ ৰণত একে দিনাই দহ হাজাৰ অসমীয়া সৈন্য নিপাত হৈছিল । এনে ঘটনাত সেনাপতি লাচিত বৰফুকনে খেদ প্রকাশ কৰি কৈছিল তেওঁৰ একোজন সৈন্য একোটা হাতীৰ দৰেই শক্তিশালী আছিল ।
দুখত ম্রিয়মাণ বৰফুকনে সেই বিষাদ বাতৰি স্বৰ্গদেৱক , দিব বিচাৰিছিল । বৰফুকনৰ তেনে কার্যই স্বৰ্গদেৱৰ চিন্তা আৰু কামৰ খুঁত দেখুৱাই দিয়াৰ শংকা কৰি ৰাজমন্ত্রী আতন বুঢ়াগােহাঁই ডাঙৰীয়াই বৰফুকনক সান্ত্বনাৰ বুজনি দি কৈছিল যে বাৰীৰ ভিতৰত সাধাৰণ পুখুৰী এটা সিঁচিলেও আঠ – দহজন মানুহক শিঙিয়ে বিন্ধি আঘাত কৰে ।
গতিকে যুদ্ধ এখনত কিছুসংখ্যক মানুহৰ মৃত্যু হােৱাটো একো অস্বাভাৱিক নহয় । তাকে লৈ আক্ষেপ কৰাও উচিত নহয় আৰু সেই কথা স্বৰ্গদেৱক জনােৱাৰাে প্রয়ােজন নাই বুলি ঘটনাৰ গুৰুত্ব কমাই বুঢ়াগােহাঁই ডাঙৰীয়াই বৰফুকনক সান্ত্বনা দিছিল ।
( গ ) ‘সেয়ে শৰাইঘাট নাই , কিন্তু শৰাইঘাট আছে ।’
উত্তৰঃ বুৰঞ্জীবিদ ড ° সূর্যকুমাৰ ভূঞদেৱৰ ‘যুগমীয়া শৰাইঘাট’নামৰ পাঠৰ পৰা উক্ত বাক্যটি লােৱা হৈছে ।
লাচিত বৰফুকনৰ দিনৰ শৰাইঘাট আৰু আজিৰ শৰাইঘাটৰ প্ৰসংগত কথাষাৰ উল্লেখ কৰা হৈছে ।
প্রবল পৰাক্ৰমী মােগল সেনাপতি ৰামসিংহৰ আক্রমণ প্রতিৰােধ কৰাৰ বাবে সেনাপতি লাচিত বৰফুকনে শৰাইঘাটত গুৱাহাটী আৰু অসম দেশ , অসমৰ ৰজা আৰু প্ৰজাৰ ৰক্ষাৰ হকে ৰণ কৰিবলগীয়া হৈছিল । বীৰ সেনাপতি লাচিত বৰফুকনৰ সুচিন্তিত , সুশৃংখলিত , সুদক্ষ পৰিচালনাৰ ফলতে শৰাইঘাটৰ ৰণত অসমৰ জয় আৰু মােগলবাহিনীৰ শোচনীয় পৰাজয় ঘটিছিল ।
গভীৰভাৱে বিবেচনা নকৰাকৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰণ কৰিবলৈ নির্দেশ দিয়াৰ ফলত আলবৈৰ যুদ্ধত এদিনতে দহ হাজাৰ সৈন্য নিপাত হােৱাত সেনাপতি বৰফুকনে বৰ বেজাৰ পাইছিল । আলবৈৰ ৰণৰ দৰে নহ’বৰ বাবে শৰাইঘাটৰ ৰণলৈ তিনিবছৰীয়া পূর্ব প্রস্তুতিৰে আগবাঢ়িছিল ।
সুবিবেচিতভাৱে কাৰ্যপন্থা নিৰূপণ , ক্ষিপ্রতাৰে কার্যপন্থা গ্রহণ আৰু সম্পাদন শৰাইঘাটৰ ৰণত অসমীয়াৰ প্রয়ােজন আছিল । উপযুক্ত সামৰিক শক্তিৰে তেতিয়াৰ শৰাইঘাট সুৰক্ষিত কৰাৰ প্রয়ােজন আছিল । কাৰণ তেতিয়াৰ শৰাইঘাটৰ মূল সমস্যা আছিল সামৰিক ৰক্ষণাবেক্ষণ ।
সেই সময়ৰ শৰাইঘাট আজিৰ সময়ত নাই যদিও এখন শৰাইঘাট আজিও আছে যাৰ সমস্যা সামৰিক নহয়— বৰং সামাজিক , অর্থনৈতিক , ৰাজনৈতিক , ঐতিহাসিক আৰু শৈক্ষিক । এই সমস্যাবােৰৰ সুসমাধানে এতিয়াৰ শৰাইঘাট , এতিয়াৰ ৰাইজ , এতিয়াৰ দেশ ৰক্ষা কৰিব পাৰিব । সেই কাৰণেই অর্থপূর্ণভাৱে কোৱা হৈছে ‘শৰাইঘাট নাই , কিন্তু শৰাইঘাট আছে ।’
( ঘ ) ‘আফুগুটি পঠিয়াইছা , পটাত পিহিলে পানী হ’ব ।’
উত্তৰঃ উক্ত বাক্যটি বুৰঞ্জীবিদ ড ° সূর্যকুমাৰ ভূঞা ডাঙৰীয়াৰ ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা লােৱা হৈছে ।
অগণন সৈন্য – সামন্ত লগত লৈ অসম আক্ৰমণ কৰিবৰ বাবে মােগল বাদছাহ ঔৰংজেৱৰ সেনাপতি ৰামসিংহই অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনলৈ আফুগুটিৰ টোপােলা , পঠিয়াই নিজৰ সৈন্য – সামন্তৰ সংখ্যাৰ সম্ভেদ দি লাচিতক ভয় দেখুৱাব খােজাৰ উত্তৰত লাচিতে উক্ত কথাষাৰ কৈছিল ।
মিৰজুমলাই গুৱাহাটী অধিকাৰ কৰি উভতি যােৱাৰ পিছত অসমে পুনৰ গুৱাহাটী উদ্ধাৰ কৰিছিল । মােগল বাদছাহ ঔৰংজেৱে এই বাতৰি পাই অম্বৰৰ ৰজা ৰামসিংহক মােগলবাহিনীৰ সেনাপতি পাতি লগত অসংখ্য সৈন্য – সামন্ত দি অসম আক্ৰমণ কৰিবলৈ পঠাইছিল ।
নিশ্চিত বিজয়ৰ আশা বুকুত বান্ধি ৰামসিংহ সগৌৰৱে শৰাইঘাটত উপস্থিত হৈ নিজৰ সৈন্যবাহিনীৰ সংখ্যা আৰু শক্তিৰে বৰফুকনক ভয় খুৱাবৰ বাবে কটকীৰ হাতত আফুগুটিৰ টোপােলা পঠাইছিল । ৰামসিংহই হয়তাে ভাবিছিল মােগলৰ বিশাল বাহিনীৰ সম্ভেদ পালে ভয়ত লাচিতে বিনা যুদ্ধে গুৱাহাটী এৰি দিব ।
ৰামসিংহৰ সেই দম্ভালিৰ সমুচিত উত্তৰ দি লাচিতে কটকীৰ হাতত এচুঙা বালি পঠাই কৈ পঠাইছিল যে আফুগুটি পটাত পিহিলে পানী হৈ যাব , কিন্তু বালিৰ কোনাে পৰিৱৰ্তন বা বঢ়া – টুটা নহ’ব ।
বীৰ সৈনাপতি লাচিত বৰফুকনৰ সুচিন্তিত , সুসংগঠিত , দৃঢ় শৃংখলিত আৰু সুপৰিচালিত শৰাইঘাটৰ ৰণত আফুগুটিৰ দৰে অগণন মােগল সৈন্যবাহিনীক বাৰুকৈ পৰাস্ত কৰি মােগলক বীৰত্বৰ পৰিচয় দিছিল আৰু নিজে কোৱা কথাৰ মর্যাদা কাললৈ ৰক্ষা কৰিছিল । পৰাজিত ৰামসিংহ উভতি যােৱাৰ সময়ত এজন মাত্র মানুহে নিখুতভাৱে সমগ্র সৈন্যবাহিনী পৰিচালনা কৰা দক্ষতাৰ প্রশংসা কৰি গৈছিল ।
( ঙ ) ‘এই সমস্যাবােৰ ভালৰূপে সমাধান নহ’লে অসমৰ অস্তিত্বলৈ টনাটনি হ’ব ।’
উত্তৰঃ উক্ত বাক্যটি বুৰঞ্জীবিদ ড ° সূর্যকুমাৰ ভূঞা ৰচিত ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা লােৱা হৈছে ।
তাহানিৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ দিনৰ শৰাইঘাটৰ সৈতে জড়িত দেশ , ৰাইজ বা ৰজাক ৰক্ষা কৰাৰ সমস্যা আৰু এতিয়াৰ শৰাইঘাটৰ সৈতে জড়িত দেশ ৰক্ষা কৰাৰ সমস্যা একে নহয় । এই সন্দৰ্ভত কথাষাৰ কোৱা হৈছে ।
হওঁতে বীৰ সেনাপতি লাচিত বৰফুকনৰ দিনৰ শৰাইঘাট আজি নাই । কিন্তু তথাপি শৰাইঘাট থকা বুলি প্রবন্ধকাৰে উল্লেখ কৰিছে । এই কথাষাৰ তাৎপর্যপূর্ণভাৱে কোৱা হৈছে । তেতিয়াৰ শৰাইঘাট দেশ ৰক্ষাৰ দুৱাৰ বা ঘাটি আছিল । অসম দেশ আক্রমণকাৰীসকলক প্রতিহত কৰা সামৰিক সমস্যাই আছিল তেতিয়াৰ শৰাইঘাট তথা অসম দেশৰ সমস্যা ।
তেতিয়াৰ শৰাইঘাট আৰু অসম দেশ ৰক্ষা কৰাৰ বাবে প্রয়ােজন আছিল সামৰিক দক্ষতা আৰু লাচিত বৰফুকনে জান – প্রাণ দি তাৰেই চেষ্টা কৰিছিল । তেতিয়াৰ শৰাইঘাট বর্তমান নাথাকিলেও শৰাইঘাট প্ৰমুখ্যে অসম দেশৰ সমস্যা সমাধানৰ ৰণখন আজিও আছে । আধুনিক শৰাইঘাট অথবা অসমৰ সমস্যা সমাধানৰ ৰণ তেতিয়াৰ শৰাইঘাটৰ ৰণৰ দৰেই গুৰুত্বপূর্ণ ।
পার্থক্য ইমানেই যে তেতিয়াৰ দেশৰক্ষাৰ মূল আছিল সামৰিক সমাধান । কিন্তু এতিয়াৰ সমস্যা হৈছে ৰাজনৈতিক , সামাজিক , অর্থনৈতিক , ঐতিহাসিক , শৈক্ষিক , সাংস্কৃতিক আদি বিবিধ ।
সুচিন্তিত , সুবিবেচিতভাৱে সঠিক কার্যব্যৱস্থা নিৰূপণ আৰু তাৰ ক্ষিপ্র সমাধানে শৰাইঘাটৰ যুদ্ধত বিজয়ী কৰাৰ দৰেই আজিও তেতিয়াৰ সেনাপতি বৰফুকনস্বৰূপ দেশীয় চৰকাৰে সুচিন্তিতভাৱে আৰু ক্ষিপ্রতাৰে দেশৰ সমস্যাবােৰ সমাধান কৰিব নােৱাৰিলে দেশৰ অস্তিত্ব সংকটাপন্ন হ’ব বুলি কোৱা হৈছে । সমস্যা সমাধানৰ ৰণখনৰ বাবেই শৰাইঘাট আজিও আছে বুলি প্রবন্ধকাৰে কৈছে ।
প্রশ্ন ৭ তলত দিয়া শব্দবােৰৰ বৰ্ণ বিন্যাস কৰা আৰু কাৰণ দশোৱা ।
( ক ) কিয় মূর্ধন্য ণ হৈছে ?
( খ ) কিয় মূর্ধন্য ণ নহয় ?
পৰিণাম , পৰিধান , পৰিমাণ , প্রণাম , প্রার্থনা , বিশেষণ , কৃপণ , নির্ণয় , পাষাণ , শ্ৰৱণ তৰাণি , নৰানি , ফেৰেঙনি , ৰামায়ণ ।
উত্তৰঃ ঋ , ৰ আৰু ষ – ৰ পাছত থকা দস্তন্য ন বােৰ মূর্ধন্য – ণ হয় । আনহাতে ঋ , ৰ , ষ আৰু ন-ৰ মাজত কোনাে স্বৰবৰ্ণ বা ক আৰু প – বর্গৰ কোনাে বর্ণ বা য , ৱ , হ বা অনুস্বাৰ থাকিলেও ন মূর্ধন্য হয় ।
এই ণত্ববিদিৰ নিয়ম অনুসাৰেই পৰিণাম , পৰিমাণ , প্রণাম , বিশেষণ , কৃপণ , নির্ণয় , পাষাণ , শ্ৰৱণ , ৰামায়ণ আদি শব্দৰ ন – বােৰ মূর্ধন্য ণ হৈছে ।
ওপৰােক্ত নিয়ম কেৱল সংস্কৃত মূলীয় শব্দতহে খাটে আৰু ওপৰত উল্লেখিত শব্দবােৰ সংস্কৃতমূলীয় শব্দ কাৰণেই সেই নিয়মত পূৰ হৈছে । কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰণেই পৰিধান , তৰানি , নাৰানি , আৰু ফেৰেঙনি এই শব্দকেইটাৰ মূর্ধন্য ণ নহ’ল ।
প্রশ্ন ৯। তলৰ শব্দবোেৰৰ সন্ধি ভাঙি কি সন্ধি নাম লিখা ।
উত্তৰঃ পৰীক্ষা = পৰি + ঈক্ষা – স্বৰ সন্ধি ।
দৈনিক = দিন + ইক – ব্যঞ্জন সন্ধি।
নরেন্দ্র = নৰ + ইন্দ্র – স্বৰ সন্ধি ।
উল্লেখ = উৎ + লেখ – ব্যঞ্জন সন্ধি।
সংযম = সম্ + যম – ব্যঞ্জন সন্ধি।
মহার্ঘ = মহা + অর্ঘ – স্বৰ সন্ধি ।
উজ্জ্বল = উৎ + জ্বল – ব্যঞ্জন সন্ধি।
মুনিন্দ্ৰ = মুনি + ইন্দ্র – স্বৰ সন্ধি ।
ইত্যাদি = ইতি + আদি – স্বৰ সন্ধি ।
প্রত্যেক = প্রতি + এক – স্বৰ সন্ধি ।
মহাত্মা = মহা + আত্মা – স্বৰ সন্ধি ।
নিশ্চয় = নিঃ + চয় – বিসর্গ সন্ধি ।
সঞ্চয় = সম + চয় –ব্যঞ্জন সন্ধি
নয়ন = নাে + অন – স্বৰ সন্ধি ।
উদ্ধাৰ = উৎ + ধাৰ – ব্যঞ্জন সন্ধি ।
সম্রাট = সম + ৰাট – ব্যঞ্জন সন্ধি ।
উন্নতি = উৎ + নতি – ব্যঞ্জন সন্ধি ।
দুর্নীতি = দু:+নীতি – বিসর্গ সন্ধি ।
দেৱালয় = দেৱ + আলয় – স্বৰ সন্ধি ।
হিমালয় = হিম + আলয় – স্বৰ সন্ধি ।
বিদ্যালয় = বিদ্যা + আলয় – স্বৰ সন্ধি ।
ষড়ানন = ষড় + আনন – স্বৰ সন্ধি ।
সতীশ = সত্ + ঈশ – ব্যঞ্জন সন্ধি ।
দুচিন্তা = দুঃ + চিন্তা – বিসর্গ সন্ধি ।
শিৰচ্ছেদ = শিৰঃ + ছেদ – বিসর্গ সন্ধি ।
জগন্নাথ = জগৎ + নাথ – ব্যঞ্জন সন্ধি ।
উচ্ছংখল = উৎ + শৃংখল – ব্যঞ্জন সন্ধি ।
আশাতীত = আশা + অতীত – স্বৰ সন্ধি ।
যথােচিত = যথা+উচিত – স্বৰ সন্ধি ।
ৰামায়ণ = ৰাম+অয়ন – স্বৰ সন্ধি ।
প্রশ্ন ৯। বিশেষ্যৰ পৰা বিশেষণ ৰূপ ।
উত্তৰঃ বিশেষ্য বিশেষণ
যুগ যুগমীয়া
অসম অসমীয়া
ইতিহাস ঐতিহাসিক
সমৰ সামৰিক
মাতাল মতলীয়া
যােগান যােগনীয়া
অৰ্থনীতি অৰ্থনৈতিক
ৰাজনীতি ৰাজনৈতিক
শৰাইঘাট শৰাইঘটীয়া
সমাজ সামাজিক
গাঁও গাঁৱলীয়া
ঘৰ ঘৰুৱা
নগৰ নগৰীয়া
ৰণ ৰনুৱা
চহৰ চহৰীয়া
বন বনৰীয়া
পাহাৰ পাহৰুৱা
খক খকুৱা
মিছা মিছলীয়া
বিশ্লেষণৰ পৰা বিশেষ্য ৰূপ
উত্তৰঃ বিশেষণ বিশেষ্য
সৰল সৰলতা
দুষ্ট দুষ্টালি
নম্ৰ নম্ৰতা
টেঙৰ টেঙৰালি
ভদ্ৰ ভদ্রামি
ধূর্ত ধূর্তালি
সত্য সত্যতা
ধিতিঙা ধিতিঙালি
মিত্র মিতা
ভাল ভালৰি
প্রশ্ন ১০। তলত উল্লেখ কৰা সমস্যাবাজি ‘ যুগমীয়া শৰাইঘাট ‘ পাঠটোৰ সহায়ত চমুকৈ লিখা ।
( ক ) ৰাজনৈতিক
( খ ) সামাজিক
( গ ) অর্থনৈতিক
( ঘ ) ঐতিহাসিক
( ঙ ) প্রাকৃতিক
উত্তৰঃ
দেশ এখনক শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি ৰজা – প্রজা সকলােকে সুৰক্ষা দান কৰা , দেশৰ বাবে সুচিন্তিত , সুপৰিকল্পিত সামৰিক ব্যৱস্থা কৰা , সৈন্য – সামন্তৰ ব্যৱস্থা কৰা , সামাজিক অস্ত্র-শস্ত্র , আহিলা – পাতিৰ ব্যৱস্থা কৰা , সৈন্য বাহিনীৰ ৰচদ – পাতিৰ যােগানৰ ব্যৱস্থা , দেশৰ ৰজা , ৰাজমন্ত্রী , ডা – ডাঙৰীয়াসকলৰ সদ্ভাৱ সম্প্ৰীতি ৰক্ষা কৰা , দেশৰ কল্যাণৰ হকে একেমুখে নিঃস্বার্থভাৱে সকলােৱে সেৱা কৰা আদিয়েই ৰাজনৈতিক সমস্যা । এই সমস্যা ৰাজিৰ সু – সমাধানেহে এখন দেশক সুস্থ – সবল কৰি ৰাখিব পাৰে ।
সমাজত দুই শ্ৰেণীৰ মানুহ বাস কৰে , ― এক শ্রেণী সুপ্রবৃত্তিৰ আৰু আন শ্রেণী কুপ্রবৃত্তিৰ । কু – প্রবৃত্তিৰ মানুহে সমাজ তথা দেশৰ প্ৰগতিত , শান্তি – শৃংখলাত , ঐক্য সংহতি সদায় বাধাৰ সৃষ্টি কৰি থাকে । গােষ্ঠী সংঘর্ষ , ধর্মীয় আৰু সাম্প্রদায়িক বিভেদতা আদিত এইসকল লােকে এচাম লােকক উচটাই সমাজ তথা দেশত অশান্তি আৰু অস্থিৰতাৰ সৃষ্টি কৰে ।
এই শ্ৰেণীৰ মানুহক দমন কৰি শান্তি – সম্প্রীতিৰ বাতাবৰণ সৃষ্টি কৰা , শিক্ষা – দীক্ষাৰ ব্যৱস্থা কৰা , সমাজৰ সকলাে শ্ৰেণীৰ লগতে দীন – হীন জনৰ প্রতি বিশেষ মনোযােগ দিয়া , মাৰি-মৰক আদি প্ৰতিৰােধ কৰা আদি সমাজ কল্যাণ সাধন কৰাৰ অর্থে যত্নৰ অতি প্রয়ােজন । সামাজিক সমস্যা দূৰীকৰণ নহ’লে সমাজ তথা দেশৰ উন্নতি সম্ভৱ নহয় ।
অর্থনৈতিক সমস্যাই দেশ এখনক বাৰুকৈয়ে জুৰুলা কৰে । ওচৰ – চুবুৰীয়া ৰাজ্য , তথা অন্যান্য দেশৰ লগত চলাচলৰ সু-ব্যৱস্থা , বেপাৰ বাণিজ্য আদিৰ দিহা কৰা , বিভিন্ন ঠাইৰ পৰা অনুদান লাভ কৰা আদিয়েই অর্থনৈতিক সমস্যা ।
সকলাে প্রকাৰৰ উন্নয়নমূলক কামতে অর্থৰ প্রয়ােজন । ইয়াৰ অভাৱত উন্নয়নৰ কামত দাৰুণ বাধা আহি পৰে । সেই কাৰণেই অর্থনৈতিক গাঁথনি টনকিয়ালৰ চেষ্টা ৰাজ্য বা দেশ এখনৰ নিতান্তই প্রয়ােজন ।
গভীৰ দেশপ্রেম , দেশ ৰক্ষাৰ চিন্তা , জাতীয়তাবােধ , ৰজা ৰাজমন্ত্রী , ডা – ডাঙৰীয়াসকলৰ সদ্ভাৱ সম্প্রীতি , স্বাধীনতা প্রেম , সৰু – ডাঙৰৰ মাজৰ মৰম শ্রদ্ধা , দেশবাসী প্রজাৰ ৰীতি – নীতি , আচাৰ – ব্যৱহাৰ , উৎসৱ – পার্বণ উদযাপন আদি দেশৰ ঐতিহাসিক সমস্যা । এইবােৰৰ সন্মানসূচক আদান – প্রদান তথা ব্যৱহাৰেই ঐতিহাসিক সমস্যাবােৰৰ সমাধান নিশ্চিত কৰে ।
অতিবৃষ্টি , অনাবৃষ্টি , বানপানী , ধুমুহা , ভূমিকম্প , শস্য নষ্টকাৰী পােক – পৰুৱাৰ উৎপাত , খহনীয়া , ভূমিস্খলন , আগ্নেয়গিৰি , শিলাপাত , ছুনামি , শীত আৰু উষ্ণতাৰ তীব্রতা আদিয়েই প্রাকৃতিক সমস্যা ।
এইবােৰ সমস্যা সমাধানৰ বাবে ৰজা – প্রজা সকলােৰে একগােট হৈ যুঁজ দিলেহে কিছু পৰিমাণে সফলতা লাভ কৰিব পৰা যায় । বেছিভাগ এনে সমস্যা সমাধানৰ বাবে বৈজ্ঞানিক আৰু কাৰিকৰী দৃষ্টিভংগীৰে চেষ্টা কৰিবলৈ লােৱা হৈছে কিন্তু পূৰামাত্রাই সফল হােৱা বুলি ক’ব নােৱাৰি ।
No comments:
Post a Comment