দ্বিতীয় অধ্যায়
ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
মূল আলোচ্য বিষয়
ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণত
* পাশ্চাত্য শিক্ষা, যাতায়াত, সমাজ সংস্কাৰ আন্দোলনৰ ভূমিকা
* বাতৰি কাকতৰ ভূমিকা
ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম
দাদাভাই নৌৰজীৰ অৱদান
সম্রাট ঔৰংজেৱ (১৬৫৮-১৭০৯)ৰ মৃত্যুৰ পিছত মোগল সাম্রাজ্যত দেখা দিয়া বিশৃংখলতাৰ সুযোগ বুজি ইষ্ট ইন্ডিয়া কোম্পানিয়ে ক্রমান্বয়ে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। ব্যৱসায়ৰ কাৰণে ৰাজনৈতিক ক্ষমতা আহৰণ কৰাৰ প্ৰয়োজন হোৱাত ইষ্ট ইণ্ডিয়া কোম্পানিৰ বিষয়া ৰবাৰ্ট ক্লাইবে বংগৰ নবাব চিৰাজুদ্দৌলাক (১৭৫৬-৫৭) পলাচী যুদ্ধত (১৭৫৭ খ্ৰীষ্টাব্দ) পৰাস্ত কৰি ভাৰতবৰ্ষত ব্রিটিছ শাসনৰ পাতনি মেলিছিল। অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ভাৰতবৰ্ষক চাৰিওফালৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্রশাসনে গ্রাস কৰিছিল। পলাচী যুদ্ধৰ এশ বছৰৰ পিছত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষত এটা প্রচণ্ড বিদ্ৰোহৰ সূত্রপাত হৈছিল।
১৮৫৭ খ্রীষ্টাব্দৰ চিপাহী বিদ্রোহ আছিল একপ্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্রোহীসকলে ইংৰাজ শাসন ওফৰাই দেশখনত পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰপ্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল।
ইংৰাজ প্রশাসনে ভাৰতীয়ক পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াত ভাৰতীয়ৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছিল। তেওঁলোকৰ মনত নতুন চেতনাৰ উন্মেষ ঘটিছিল। যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িছিল। শোষণ, অন্যায় আদিৰ দিশ বিলাক বিচাৰ কৰিবলৈ তেওঁলোকে সক্ষমতা লাভ কৰাৰ লগতে সমাজ, জাতি তথা মাতৃভূমিৰ প্রতি দায়বদ্ধতাৰ ভাব জগাই তুলিছিল। এই নৱচেতনাকে নৱজাগৰণ বা জাতীয়তাবাদৰ উন্মেষণ বুলি আখ্যা দিয়া হয়। ষষ্ঠদশ শতিকাৰ ইউৰোপৰ নৱজাগৰণে যেনেকৈ নতুন ইউৰোপৰ জন্ম দিছিল ঠিক একেদৰে উনবিংশ শতিকাৰ নৱজাগৰণে এখন নতুন ভাৰত সৃষ্টি কৰিছিল।
২.১ ভাৰতীয় জাতীয়তাবাদ উন্মেষণৰ কাৰকসমূহ :
তলত উল্লেখ কৰা কাৰকসমূহে ভাৰতবৰ্ষত জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা গ্রহণ কৰিছিল।
২.১.১ পাশ্চাত্য শিক্ষাৰ প্রভাৱ:
ঊনবিংশ শতিকাৰ প্ৰথমার্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয়। প্রথমে বংগদেশত আৰু পিছলৈ ভাৰতৰ আন আন ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠান গঢ়ি উঠে। একে সময়তে ব্রিটিছ চৰকাৰেও আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছিল। ১৮৩৫ খ্রীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল পৰিষদৰ আইনৰ সদস্য তথা শিক্ষা সমিতিৰ সভাপতি লর্ড মেক'লেই ইংৰাজী ভাষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিল। এই পৰামৰ্শৰ ভিত্তিত ১৮৪৪ খ্ৰীষ্টাব্দৰ পৰা কোম্পানিৰ চৰকাৰে আধুনিক শিক্ষা প্ৰৱৰ্তনৰ যো-জা চলাইছিল। ১৮৫৪ খ্রীষ্টাব্দত চালচ উড (নিয়ন্ত্রণ সভাৰ সভাপতি)ৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হ'ল। উডে তেওঁৰ প্ৰেৰণ পত্র (শিক্ষা সংস্কাৰ আঁচনি)ত প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নির্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্রদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল। মেধাবী ছাত্রক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল। প্রতিখন প্রদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল।
পাশ্চাত্য শিক্ষাই বংগবাসীক পোন প্রথম আলোড়িত কৰিছিল; এফালে ৰাজধানী কলিকতাৰ প্ৰতি আকর্ষণ আৰু আনফালে ইয়াৰ শিক্ষা প্রতিষ্ঠান। কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব পৰাটো এটা গৌৰৱৰ বিষয় হৈ পৰিছিল। দুয়োটাৰ সান্নিধ্যত তেওঁলোকৰ মন-প্রাণ নৱ আলোকেৰে উদ্ভাসিত হৈ উঠিছিল। তেওঁলোক পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল আৰু একে সময়তে ইউৰোপীয় ব্যক্তিসকলৰ কথা-বতৰা, চাল-চলনেও তেওঁলোকক আকৰ্ষণ কৰিছিল। কছো (Rousseau), ভল্টেয়াৰ (Voltaire), বার্ক (Burk), মেক'লে (Macaelay) স্পেনচাৰ (Spencer) আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলোকে মনলৈ মানসিক সন্তুষ্টিৰ জোৱাৰ আনিছিল। জাতীয়তা, স্বশাসন, গণতন্ত্র আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকৰ মন অজান কৌতূহলেৰে ভৰি পৰিছিল। ছাত্র জীবন শেষ কৰি উভতি অহাসকলে তেওঁলোকৰ নৱচিন্তাৰ আলোক সমাজখনত ছটিয়াই দিছিল। তেওঁলোকৰ মনত একতাৰ ভাব গঢ়ি উঠিছিল। পৰাধীনতাৰ পৰা মুক্তি পোৱাৰ স্বপ্ন তেওঁলোকে দেখিছিল।
কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্রথম জাতীয় চেতনাৰ বিকাশ
ঘটিছিল। ঈশ্বৰচন্দ্ৰ গুপ্তই পোন প্রথমে স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্রেম জগাই তুলিছিল। আনন্দ মঠ উপন্যাসৰ ৰচয়িতা বঙ্কিমচন্দ্র চট্টোপাধ্যায়ে 'বন্দেমাতৰম' গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল। কবি ইকবালে 'স্যাৰে জাহাছে আচ্ছা, হিন্দুস্তান হামাৰা' আদি গীতেৰে জাতীয়তাবাদৰ স্পৃহা জাগ্ৰত কৰিছিল।
২.১.২ যাতায়াতৰ উন্নতি:
কোম্পানিৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। ভাৰতবৰ্ষৰ কেঁচা সামগ্রী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন হৈছিল। ১৮৩৯ খ্রীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্রেণ্ড ট্রাঙ্ক ৰোড নির্মাণ কৰিছিল। দুটা বছৰৰ ভিতৰতে এই পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হয়। লর্ড ডেলহাউচীৰ কাৰ্যকালত (১৮৪৮-৫৬) এই পথ পেচোৱাৰলৈকে সম্প্ৰসাৰিত হৈছিল। প্ৰধান চহৰ, বন্দৰ, বজাৰসমূহ এই পথছোৱাৰ সৈতে সংযোগ ঘটোৱা হৈছিল। ইংলেণ্ডৰ আৰ্হিত ভাৰতবৰ্ষতো ১৮৩২ খ্রীষ্টাব্দত ভাপ কলেৰে ৰেল যোগাযোগ আৰম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল। ১৮৫৩ খ্রীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত ২১ কিলোমিটাৰ পথত বেল চলাচলেৰে ভাৰতবৰ্ষত প্রথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়। ১৮৫৪ খ্রীষ্টাব্দত মাদ্রাজত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। দুয়োখন প্রধান ঠাইক কেন্দ্রবিন্দু হিচাপে লৈ বেল যোগাযোগৰ সম্প্ৰসাৰণ ঘটোৱা হয়। ১৮৮৩ খ্রীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগ আৰম্ভ হয়। অসমত চাহপাত উৎপন্ন আৰু ব্যৱসায় সম্প্ৰসাৰণৰ দিশটোৰ চিন্তা কৰিয়েই এই ৰেল যোগাযোগৰ সূচনা হয়।
১৮৩৯ খ্রীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথম টেলিগ্রাফ ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। লর্ড ডেলহাউচীয়ে ১৮৫১ খ্রীষ্টাব্দত টেলিগ্রাফ ব্যৱস্থাটো চৰকাৰী নিয়ন্ত্ৰণলৈ আনি কলিকতা আৰু আগ্ৰাৰ মাজত টেলিগ্রাফ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাইছিল। আধুনিক যোগাযোগ ব্যৱস্থাই শিক্ষিত ভাৰতীয়ৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল।
চিন্তনীয়
ঔপনিৱেশিক শাসন আৰু শোষণৰ বাবে ব্রিটিছসকল যিমানেই নিন্দিত নহ'লেও ভাৰতবৰ্ষৰ বিকাশত তেওঁলোকৰ মৌলিক অৱদানসমূহো বন্দিত হৈ ৰ'ব। তেনে কেতবোৰ অৱদান হ'ল-
ইংলেণ্ডৰ উদ্যোগজাত সামগ্ৰী ভাৰতত বিক্ৰী কৰাৰ উদ্দেশ্যে ভাৰতত যাতায়াতৰ সূচল ব্যবস্থাৰ দৰকাৰ হৈছিল। ইয়াৰ বাবে ব্ৰিটিছে স্থলপথ, ৰেলপথ, টেলিগ্রাফ ব্যবস্থাৰ প্ৰৱৰ্তন কৰিছিল। যাৰ বাবে ভাৰত তথা অসম বিকাশৰ দিশত পৃথিৱীৰ মানচিত্ৰত চিহ্নিত হৈছিল।
ব্রিটিছ মেজৰ জেনকিন্সৰ বাবেই ১৯ শতিকাৰ আগভাগতে অসমত চাহপাত, কয়লা আৰু তেল উদ্যোগৰ বিকাশ হৈছিল। ব্রহ্মপুত্ৰ নৈত প্ৰথম ভাপৰ জাহাজৰ প্ৰচলন কৰিছিল, গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছিল।
মেজৰ জেনকিন্সৰ নিচিনা ব্রিটিছ বিষয়াই বুজি উঠিছিল যে অসমৰ নিচিনা ঠাইত স্থানীয় লোকৰ নিযুক্তিৰ দ্বাৰা তেওঁলোকৰ বিকাশ হ'ব লাগে। তেওঁ অসমত বংগদেশৰ আমোলা নিযুক্তিৰ বিৰোধিতা কৰিছিল।
২.১.৩ ধর্ম আৰু সমাজ সংস্কাৰ আন্দোলন:
কেইগৰাকীমান মহান ব্যক্তিয়ে সমাজত প্রচলিত ধর্মীয় অন্ধবিশ্বাস, অশুভ পৰম্পৰা আৰু কু-সংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কৰি নিকা সমাজ গঠনৰ প্ৰয়োজনেৰে সামাজিক আন্দোলন গঢ়ি তুলিছিল। সমাজত নাৰীৰ প্ৰতি কৰি অহা অবজ্ঞা, অন্যায় আৰু বঞ্চনাৰ মনোভাবক ভেটা দি এখন যুক্তিবাদী সু-শৃংখলিত সমাজ গঠন কৰিবলৈ তেওঁলোকে আগভাগ লৈছিল। আধুনিক শিক্ষাক আলম হিচাপে লৈ ভাৰতৰ গৌৰৱময় ঐতিহ্যক সকলোৰে মাজত পৰিচয় কৰাৰ প্ৰয়াস এই সংস্কাৰ আন্দোলনৰ মাজেৰে ফুটি উঠিছিল।
(ক) ৰাজা ৰামমোহন ৰায় আৰু ব্রাহ্ম সমাজ :
ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্রথমগৰাকী ব্যক্তিৰ নাম হৈছে ৰাজা ৰামমোহন ৰায় (১৭৭২-১৮৩৩)। বংগদেশৰ বর্ধমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্রহণ কৰা এইগৰাকী ব্যক্তিয়ে ধৰ্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাব কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা পালন কৰিছিল। প্রাচীন ভাৰতীয় সংস্কৃতি, ইছলাম ধর্মীয় সংস্কৃতি আৰু পাশ্চাত্য (ইউৰোপীয়) এই তিনিওটা সভ্যতাৰ লগত চিনাকি হোৱাৰ যোগ্যতা আহৰণ কৰি মহাসমন্বয়ক আঁকোৱালি লৈ ভাৰতবৰ্ষত নৱযুগৰ সূচনা কৰিছিল।
১৭৯৭ খ্রীষ্টাব্দত ইউৰোপীয় মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে শ্ৰীৰামপুৰত প্ৰথমটো ছপাখানা স্থাপন কৰিছিল। শ্ৰীৰামপুৰ মিছন ছপাখানাই বঙলা ভাষাত প্রকাশ কৰা 'দিগদর্শন' আৰু 'সমাচাৰ দর্পণ' নামৰ বাৰ্তালোচনী দুখনে খ্রীষ্টান ধর্মক এটা মহান ধর্ম হিচাপে প্রতিপন্ন কৰি হিন্দু ধৰ্মৰ প্ৰতি কিছুমান নিন্দাসূচক মন্তব্য প্ৰচাৰ কৰিছিল। হিন্দু ধৰ্মৰ প্ৰতি কৰা নিন্দাসূচক মনোভাবৰ বিৰুদ্ধে ৰামমোহন ৰায়ে তীব্র প্রতিবাদ কৰিছিল। খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক মিছনেৰীসকলক উপযুক্ত প্রত্যুত্তৰ দিয়াৰ উদ্দেশ্যে তেওঁ ব্রাহ্মণ সেবধি আৰু ব্রাহ্মণ মিছনেৰি সংবাদ নামৰ দুখন হাতেলিখা পুস্তিকা প্রকাশ কৰিছিল। এই দুখন পুস্তিকাৰ যোগেদি তেওঁ ভাৰতীয় হিন্দু ধৰ্মৰ ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত কেইবাটাও প্রবন্ধ লিখি দুয়োটা ধৰ্মৰ মাজত কোনো আদর্শগত পার্থক্য নাই বুলি প্রমাণ কৰিছিল। হিন্দু ধর্মত দেখা পোৱা দোষ-ত্রুটিসমূহ পৰৱৰ্তী যুগৰ ধৰ্মীয় নেতাসকলে নিজাকৈ তৈয়াৰ কৰা ভুল আচাৰ বুলিহে তেওঁ জনমানসত প্ৰচাৰ কৰিছিল। আত্মৰক্ষাৰ মনোবৃত্তিৰে হিন্দু ধৰ্মক সজীৱ কৰি তোলাৰ উদ্দেশ্যে ধর্মীয় সংস্কাৰৰ প্ৰতি তেওঁ মনোযোগ দিছিল। হিন্দু ধৰ্মৰ নিকা ভাবমূৰ্তি প্ৰকাশৰ উদ্দেশ্যে তেওঁ ১৮১৫ খ্রীষ্টাব্দত কলিকতাত 'আত্মীয় সভা' নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল। ১৮২৮ খ্রীষ্টাব্দত 'ব্রাহ্ম সভা' নামৰ আন এটা অনুষ্ঠান স্থাপন কৰিছিল। ব্রাহ্মহ্ম সভাই পিছলৈ ব্রাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে।
হিন্দু ধর্মক সজীৱ আৰু নিকা ৰূপ দিয়াৰ উদ্দেশ্যে তেওঁ প্রাচীন ধর্মীয় গ্রন্থসমূহ
গভীৰভাৱে অধ্যয়ন কৰিছিল। ভাৰতীয় প্রাচীন উপনিষদসমূহ মাতৃভাষালৈ অনুবাদ কৰি হিন্দু ধৰ্মৰ সহজ-সৰল বিশ্লেষণ জনসাধাৰণৰ মাজত দাঙি ধৰিছিল। এই কামৰ যোগেদি তেওঁ বঙলা ভাষা-সাহিত্যৰ উন্নতি সাধন কৰাৰ লগতে গোড়া-ৰক্ষণশীল হিন্দু পুৰোহিত শ্রেণীয়ে ধৰ্মৰ নামত চলাই অহা কু-সংস্কাৰবিলাক প্রকাশ কৰি জনমানসত প্রবল আলোড়নৰ সৃষ্টি কৰিছিল। হিন্দু ধৰ্মৰ মূল গ্রন্থ বেদ আৰু উপনিষদৰ ওপৰত গভীৰ বিশ্লেষণ আগবঢ়াই তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে প্রাচীন হিন্দুসকলেও একেশ্বৰবাদ বিশ্বাস কৰিছিল। তেওঁ বহু দেৱ-দেৱীৰ পূজা অপ্রয়োজন বুলি কোৱাৰ লগতে মূর্তিপূজাৰ অসাৰতাৰ বিষয়ে হিন্দু সমাজক বুজাইছিল। ৰামমোহন ৰায়ৰ মতে ঈশ্বৰ এজন আৰু ঈশ্বৰৰ কোনো ৰূপ বা আকাৰ নাই। ঈশ্বৰ পূজাৰ নামত আড়ম্বৰতা অর্থহীন।
ৰাজা ৰামমোহন ৰায় আছিল এজন বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি। হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজতে আবদ্ধ নাথাকি সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰতো সমানেই গুৰুত্ব দিছিল। তেওঁ বাল্য বিবাহ, পর্দা প্রথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। বিধৱা বিবাহ আৰু অসবর্ণ বিবাহক সামাজিকভাবে স্বীকৃতি দিয়াইছিল। অবিবাহিত ডেকাসকলৰ মাজত বিধৱা বিবাহক এটা মর্যদাসূচক কাম বুলি প্ৰচাৰ কৰিছিল। ভাৰতবৰ্ষত প্রচলিত সতীদাহ প্রথা সম্পূর্ণ বন্ধ কৰাৰ ক্ষেত্ৰত ৰায়ৰ বলিষ্ঠ ভূমিকা সামাজিক বুৰঞ্জীৰ এটা উল্লেখযোগ্য ঘটনা হৈ ৰ'ব। একমাত্ৰ ৰায়ৰ সহযোগ লাভ কৰিয়েই গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিংকে (১৮২৮-৩৫) এই কু-প্রথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটাবলৈ সক্ষম হৈছিল। স্ত্রী শিক্ষাৰ বিস্তাৰত মনোযোগ দিয়াৰ লগতে নাৰীসকলক সম্পত্তিৰ অধিকাৰ দিবলৈ দেহে-কেহে খাটিছিল। ডেভিদ হেয়াৰৰ সৈতে লগ লাগি ভাৰতবৰ্ষত পশ্চিমীয়া শিক্ষা বিস্তাৰৰ কাৰণে ১৮১৭ খ্রীষ্টাব্দত কলিকতাত হিন্দু কলেজ প্রতিষ্ঠা কৰিছিল। এইখন কলেজেই পিছলৈ প্রেছিডেন্সি কলেজ (১৮৫৫ খ্রীষ্টাব্দ) নামেৰে বিখ্যাত হৈ পৰে।
(প্রেছিডেন্সি কলেজেই ২০১০ চনত প্রেছিডেন্সি ইউনিভাৰচিটীলৈ উন্নীত হয়। প্রেছিডেন্সি কলেজৰ কেইজনমান বিখ্যাত প্রাক্তন ছাত্র হ'ল- অমর্ত্য সেন, সুভাষ চন্দ্র বসু, সত্যেন্দ্রনাথ বসু, জগদীশ চন্দ্র বসু আৰু প্ৰফুল্ল চন্দ্ৰ ৰায়।)
ৰায়ে ভাৰতবৰ্ষত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ কাৰণে কোম্পানিৰ চৰকাৰক আহ্বান জনাইছিল। কটকটীয়া শাসনৰ অৱসান ঘটাবলৈ তেওঁ কার্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ বিচৰাৰ লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল। বর্ধিত ভূমি কৰ উঠাই দি খেতিয়কৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আহ্বান জনাইছিল। ১৮৩৩ খ্রীষ্টাব্দত তেওঁ ব্রিটিছ হাউছ অব কমন্সত বাছনি কমিটীৰ সভাত ভাৰতীয়ৰ হকে সাক্ষ্য দিবলৈ লন্ডনত উপস্থিত হৈছিল। তেওঁ ভাৰতীয়ৰ বাবে নতুন চনদ বিচাৰিছিল আৰু ভাৰতীয় নেতাৰ লগত আলোচনা কৰি চনদ ৰূপায়ণৰ পৰামৰ্শ আগবঢ়াইছিল।
ৰায়ে এচাম প্রতিভাশালী জাতীয় নেতাক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ ভিতৰত দ্বাৰকানাথ ঠাকুৰ, প্রসন্ন কুমাৰ ঠাকুৰ, হেনৰি ভিভিয়ান ডেৰজিয় আদি উল্লেখযোগ্য। ৰায়ৰ আদৰ্শত বিশ্বাসী অধ্যাপক হেনৰী ভিভিয়ান ডেৰজিয়ই 'ইয়ং বেংগল' নামৰ এটা অনুষ্ঠান গঠন কৰি হিন্দু কলেজৰ ছাত্ৰসকলক ইয়াৰ সদস্যপদ দিছিল। ডেৰজিয়ই তেওঁ ছাত্ৰসকলক দেশপ্ৰেমৰ মন্ত্ৰেৰে প্ৰচলিত সামাজিক অন্যায় আৰু কু-সংস্কাৰৰ প্ৰতিবাদ জনাবলৈ আহ্বান জনাইছিল। ডেৰজিয়ক প্রথমগৰাকী জাতীয়তাবাদী বুলি ক'ব পাৰি। তেওঁৰ স্বৰচিত কবিতাৰ মাজেৰে সমাজত বাস কৰা দুখীয়া-দুৰ্বলীৰ দুৰ্দশাৰ ছবিখন ফুটাই তুলিছিল। ডেৰজিয়ৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈ বঙ্কিমচন্দ্ৰই বন্দেমাতৰম গীতটি ৰচনা কৰিছিল।
ৰাজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা। আধুনিকতাৰ পৰশ তেওঁ সকলো ক্ষেত্রলৈ সমানে ছটিয়াই দিব পাৰিছিল।
(খ) আর্য সমাজ: সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে (১৮২৪-৮৩) পঞ্জাৱত আর্য সমাজ (১৮৭৫) প্রতিষ্ঠা কৰিছিল। ব্ৰহ্মসমাজৰ দৰে আৰ্য সমাজেও এক ঈশ্বৰক বিশ্বাস কৰি দেৱ-দেৱীৰ উপাসনা আৰু মূর্তিপূজাৰ অসাৰতা জনগণৰ মাজত প্ৰচাৰ কৰিছিল। আর্য সমাজে ধর্মীয় উপাসনাৰ নামত বাহ্যিকতাক সমর্থন কৰা নাছিল। হিন্দু সমাজৰ বাল্য বিবাহ, জাতি-ভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল। বিধৱা বিবাহ, স্ত্রী শিক্ষা বিস্তাৰৰ বাবে আগভাগ লৈছিল। আর্য সমাজে সমুদ্র যাত্রাত সমর্থন জনাইছিল আৰু সকলোবিলাক অন্ধবিশ্বাস পৰিহাৰ কৰিবলৈ প্ৰচাৰ চলাইছিল। স্বামী দয়ানন্দৰ মতে বেদত যি ধর্ম আছে সেয়াই ধর্ম। 'বেদলৈ উভতি যোৱা' এই বাণী তেওঁ প্ৰচাৰ কৰিছিল। আর্য সমাজে ধৰ্মান্তৰকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইয়াক 'শুদ্ধি' বুলি জনা যায়। হিন্দু ধর্মত আগতে অহিন্দু লোকক হিন্দু ধর্মত দীক্ষা দিয়াৰ কোনো প্রথা বা নিয়ম নাছিল। স্বামী দয়ানন্দই প্রথম ধৰ্মান্তৰকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধর্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধর্ম গ্রহণত অনুমতি প্রদান কৰিছিল। ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্রগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্রণী ভূমিকা লৈছিল। আর্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল।
(গ) প্রার্থনা সমাজ:
ব্রাহ্ম সমাজৰ আৰ্হিত কেশৱ চন্দ্র সেনে (১৮৩৮-৮৪) মহাৰাষ্ট্ৰত ১৮৬৭ খ্রীষ্টাব্দত 'প্রার্থনা সমাজ' প্রতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। প্রার্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল। সমগ্র দক্ষিণ ভাৰতত এই অনুষ্ঠানে সংস্কাৰমুখী এটা প্রবল আলোড়নৰ সৃষ্টি কৰিব পাৰিছিল।
প্রার্থনা সমাজৰ মূল নেতৃত্ব গ্রহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰাণাডে (১৮৪২-১৯০১)। মহাৰাষ্ট্ৰীয় নৱবৈষ্ণৱ আন্দোলনৰ ধৰ্মীয় গুৰু নামদেব, টুকা ৰাম, ৰাম দাস আদি নৱবৈষ্ণৱ ধৰ্মীয় গুৰুৰ মতাদর্শক প্রাধান্য দি এখন গতিশীল সমাজ গঠনৰ বাবে তেওঁ জনতাৰ মাজত সোমাই গৈছিল। ৰাণাডেৰ একান্ত চেষ্টাত 'বিধৱা বিবাহ সংস্থা' আৰু 'দাক্ষিণাত্য শিক্ষা সমাজ' নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল। প্রথমটো অনুষ্ঠানৰ যোগেদি বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগোৱাৰ লগতে অনাদৃত বিধৱাসকলৰ আর্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল। দাক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ লালন-পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্রম স্থাপন কৰিছিল। নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰিছিল। প্ৰাৰ্থনা সমাজৰ সংস্কাৰ আন্দোলনে সমগ্র দক্ষিণ ভাৰতৰ জনতাৰ অন্তৰত জাতীয়তাবাদী ভাবধাৰাৰ গভীৰ প্ৰেৰণা সঞ্চাৰ কৰিছিল।
(ঘ) ৰামকৃষ্ণ মিছন:
ৰামকৃষ্ণ পরমহংসৰ (১৮৩৪-৮৬) মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল। ৰামকৃষ্ণ পৰমহংস আছিল এগৰাকী সহজ-সৰল ব্যক্তি। অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্মৰ বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল।
ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। তেওঁৰ প্ৰকৃত নাম নৰেন্দ্ৰ নাথ দত্ত (১৮৬৩-১৯০২)। সন্যাস ব্রত গ্রহণ কৰাৰ পিছত তেওঁ স্বামী বিবেকানন্দ নামে পৰিচিত হয়। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতী ছাত্র বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্রহণ কৰিছিল। গুৰুৰ পৰলোকপ্ৰাপ্তিৰ পিছত তেওঁ এটা মঠ প্রতিষ্ঠা (১৮৮৭ খ্রীষ্টাব্দ) কৰিছিল।
স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশে-বিদেশে বিস্তাৰ কৰিছিল। তেওঁৰ ধর্ম সাধনাৰ বিশেষত্ব আছিল (১) ভাৰতীয়ৰ মনত স্বদেশপ্রেম সঞ্চাৰ কৰা, (২) ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা আৰু (৩) ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাবৰ বিকাশ ঘটোৱা। তেওঁ ভাৰতীয়ৰ মাজত ঐক্য-সম্প্রীতি ভাব গঢ়ি তুলিব বিচাৰিছিল। তেওঁৰ
No comments:
Post a Comment