js

Saturday, July 20, 2024

SEBA Class 9 Science Chapter 1: Matter in our Surroundings

আমাৰ চাৰিওকাষৰ বস্তুবোৰ 

(Matter in our Surroundings


প্ৰশ্নাৱলীঃ


1. তলৰ কোনবোৰ পদাৰ্থ?

চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস।

উত্তৰঃ- পদাৰ্থবোৰ হ’ল – চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়, সুগন্ধী দ্ৰব্যৰ সুবাস।

2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা।

উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

উত্তৰঃ- আমি জানাে যে, গৰম কৰিলে ব্যাপনৰ মাত্রা বাঢ়ে। ফলত ই বহু দূৰলৈকে বিয়পি পৰে। যাৰবাবে কঢ়াকৈ ভজা গৰম বস্তুৰ গােন্ধ বহু দূৰলৈ যায়। আনহাতে, ঠাণ্ডা বস্তুৰ কণিকাবােৰৰ ব্যাপনৰ মাত্রা কম, সেয়েহে ইয়াৰ গােন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

3. এজন  ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?

উত্তৰঃ- পানীৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ কম হোৱাৰ বাবে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে।

4. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?

উত্তৰঃ- বৈশিষ্ট্য বোৰ হ’ল 一

1) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে।

2) পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে।

3) পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে।



প্ৰশ্নাৱলীঃ

1. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমণকে ঘনত্ব বোলে। (ঘনত্ব = \( \frac{\text{ভৰ}}{\text{আয়তন}} \) )। তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা - বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।

উত্তৰঃ- বায়ু < চিমনিৰ পৰা ওলোৱা ধোঁৱা < কপাহ < পানী < মৌ < চকমাটি ।

2. (a) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা।

উত্তৰঃ-



গোটা

জুলীয়া (তৰল)

গেছ

1) নির্দিষ্ট আকৃতি আৰু আয়তন থাকে।

1) নির্দিষ্ট আয়তন আছে কিন্তু নির্দিষ্ট আকৃতি নাই

1) নির্দিষ্ট আকৃতি আৰু আয়তন নাই।

2) আন্তঃ কণিকাৰ আকৰ্ষণ অতি বেছি।

2) আন্তঃ কণিকাৰ আকর্ষণ মধ্যমীয়া।

2) অন্তঃ কণিকাৰ আকৰ্ষণ একেবাৰে কম (নিম্নতম)

3) আন্তঃ কণিকাৰ ব্যৱধান অতি কম।

3) আন্তঃ কণিকাৰ ব্যৱধান মধ্যমীয়া।

3) আন্তঃ কণিকাৰ ব্যৱধান অতি বেছি।

4) দৃঢ়, সংকোচন নঘটে।

4) দৃঢ় নহয়, সামান্য সংকোচন ঘটে।

4) একেবাৰে দৃঢ় নহয় সহজে সংকোচন ঘটাব পাৰি।

5) কোনাে পাত্র অবিহনে ৰাখিব পাৰি।

5) পাত্ৰতহে ৰাখিব পাৰি।

5) মাত্র বন্ধ পাত্ৰতহে ৰাখিব পাৰি।

6) বৈ নাযায়।

6) বৈ যায়।

6) বৈ যায়।


(b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া 一

           দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্ৰবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু  ঘনত্ব (density)।

উত্তৰঃ- দৃঢ়তাঃ বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে দৃঢ়তা বোলে।

সংকোচনশীলতাঃ চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বোলে। জুলীয়া আৰু গেছীয় পদাৰ্থই সংকোচনশীলতা দেখুৱাই।

প্ৰবাহীতাঃ জুলীয়া পদাৰ্থবোৰ বৈ যাব পাৰে, আকাৰ সলাব পাৰে ইয়াকে প্ৰবাহীতা বোলে।

আকাৰঃ স্পষ্ট পৰিসীমাত নিৰ্দিষ্ট আকৃতি আৰু আয়তনকে আকাৰ বোলে।

গতিশক্তিঃ গতিশীল অৱস্থাত কণিকাৰ সৈতে জড়িত শক্তিক গতিশক্তি বোলে। উষ্ণতা বৃদ্ধিৰ লগে লগে গতিশক্তিও বৃদ্ধি হয়।

ঘনত্বঃ প্ৰতি একক আয়তনত থকা ভৰক পদাৰ্থৰ ঘনত্ব বোলে।

3. কাৰণ দৰ্শোৱা 一

(a) কোনে এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।

উত্তৰঃ- গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি নিম্নতম (একেবাৰে কম) হোৱাৰ বাবে পাত্ৰ এটাত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।

b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।

উত্তৰঃ- গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিক ভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয়। এইয়ে গেছৰ চাপ।

c) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি।

উত্তৰঃ- কাৰণ কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে। লগতে টেবুলখন দৃঢ় আৰু সংকোচন নঘটে। সেইবাবে কাঠেৰে তৈয়াৰী টেবুল এখনক কঠিন পদাৰ্থ বুলি ক'ব পাৰি।

d) বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।

উত্তৰঃ- কাৰণ বায়ু কণিকাৰ মাজৰ আকৰ্ষণ বল কম লগতে কণিকাবোৰৰ মাজত ব্যৱধান বেছি সেইকাৰণে সহজতে হাত ঘূৰাব পাৰো।

         আনহাতে, কাঠ এডোখৰৰ মাজেৰে হাতখন ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন। কাৰণ কাঠৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বেছি আৰু কণিকাবোৰ টানকৈ বান্ধ খাই থাকে।


8. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে বৰফ পানীত ওপঙে, কিয় বাৰু?

উত্তৰঃ- বৰফ পানীত ওপঙে কাৰণ বৰফৰ ঘনত্ব জুলীয়া পানীতকৈ কম।


প্ৰশ্নাৱলীঃ


1. তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্ৰকাশ কৰা 一

(a) 300 k (b) 573 k

উত্তৰঃ-

(a) 300k = (300-273)°c = 27°c

(b) 573k = (573-273)°c = 300°c

2. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হব?   

(a)250°c (b)100°c 

উত্তৰঃ-

(a) 250°C উষ্ণতাত পানী গেছীয় অৱস্থাত পোৱা যায়।
(b) 100°c উষ্ণতাত পানী গেছীয় অৱস্থাত পোৱা যায়।


3. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়?

উত্তৰঃ- ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থকাৰ কাৰণ হ’ল প্ৰয়োগ কৰা তাপ, কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিত্ৰুম কৰি অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয়।

4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।

উত্তৰঃ- উচ্চ চাপত অথবা নিম্ন উষ্ণতাত বায়ুমণ্ডলীয় গেছক জুলীয়া বা তৰল অৱস্থালৈ আনিব পাৰি।


প্ৰশ্নাৱলীঃ


1. Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?

উত্তৰঃ- শুষ্ক গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয়। যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় আৰু সেয়েহে Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে।

2. গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?

উত্তৰঃ- মাটি কলহত পানী থলে তাত থকা সৰু সৰু ছিদ্ৰবোৰেৰে পানীৰ বাষ্পীভৱন হয় আৰু পানীৰ বাষ্পীভৱনত যি তাপৰ প্ৰয়োজন হয় সেইয়া পাত্ৰটোৰ পৰা আহৰণ কৰে। যাৰফলত গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে।

3. হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভৱ হয় কিয়?

উত্তৰঃ- এচিট'ন, পেট্ৰ'ল বা সুগন্ধি আতৰ হাতৰ তলুৱাত ঢালি দিলে এইবোৰৰ কণাসমূহে হাতৰ তলৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত কৰে। ফলত তলুৱাত ঠাণ্ডা অনুভৱ হয়।

4. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়?

উত্তৰঃ- কাৰণ প্লেটত ল'লে গাখীৰ বা চাহৰ পৃষ্ঠকালি বাঢ়ে। ফলত বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে আৰু সোনকালে ঠাণ্ডা হয়।

5. গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে?

উত্তৰঃ- গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে। কাৰণ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। বাষ্পীভৱনৰ লীন-তাপৰ পৰিমাণৰ সমান তাপ-শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লয় বাবে আমাৰ দেহটো শীতল পৰি যায়।


অনুশীলনীঃ


1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা 一

(a) 293 k (b) 470 k

উত্তৰঃ-  

(a) 293k = (293-273)°c = 20°c

(b) 470k = (470-273)°c = 197°c

2. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা一

(a) 25° C

(b) 373°C

উত্তৰঃ

(a) 25° C = (25 +273)K = 298K

(b) 373°C = (373 +273)K = 646K

3. কাৰণ দৰ্শোৱা一

(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।

উত্তৰঃ- নেফথেলিন বল এটা কেইদিনমান থৈ দিলে নাইকিয়া হোৱাৰ কাৰণ হ’ল উৰ্ধপাতন। উৰ্ধপাতনৰ ফলত নেফথেলিনৰ বলটো কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থাপ্ৰাপ্ত হয় ফলত এটা সময়ত নাইকিয়া হৈ পৰে।


(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।

উত্তৰঃ- দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় কাৰণ আতৰৰ কণিকাবোৰে ক্ষিপ্ৰভাৱ বায়ুৰ কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈকে বিয়পি পৰে আৰু আমাৰ নাকত লাগে। সেয়েহে দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।


4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা 一 পানী, চেনি আৰু অক্সিজেন।

উত্তৰঃ- অক্সিজেন < পানী < চেনি।

5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি?

(a) 25°C

(b) 0°C

(c) 100°C


উত্তৰঃ-

(a) 25°C = পানী জুলীয়া অৱস্থাত থাকে।

(b) 0°C = পানী বৰফ হয় বা গোটা অৱস্থা প্রাপ্ত হয়।

(c) 100°C = পানী গেছীয় (বাষ্প) অৱস্থাত পোৱা যায়।

6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা 一

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।

উত্তৰঃ- (a) সাধাৰণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আয়তন আছে যদিও নিজা আকৃতি নাই। লগতে প্ৰবাহিতা দেখুৱায়। সেয়েহে সাধাৰণ উষ্ণতাত পানী জুলীয়া।

(b) সাধাৰণ উষ্ণতাত লো দৃঢ় আৰু নিৰ্দিষ্ট গঢ় বা আকৃতি আছে কাৰণে লোৰে নিৰ্মিত আলমাৰিটো কঠিন।

7. 273 k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেচি ঠাণ্ডা কৰে কিয়?

উত্তৰঃ- 273k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে। কাৰণ 273k উষ্ণতাত থকা বৰফ তুলনামূলকভাৱে একে উষ্ণতাৰ পানীতকৈ কম শক্তি নিহিত হৈ থাকে।

বা

        273k উষ্ণতাত বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত নিহিত শক্তিৰ পৰিমাণ অধিক। সেইবাবে একে উষ্ণতাত বৰফ পানীতকৈ বেছি ঠাণ্ডা।

8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?

উত্তৰঃ- পানীৰ ভাপে বেছিকৈ পুৰিব। কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি। জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লীনতাপ ধৰি ৰখাৰ বাবে এনে হয়।

9. অৱস্থাৰ পৰিবৰ্তন দেখুৱাই তলৰ চিত্ৰত A, B, C, D, E আৰু F ৰ নাম দিয়া।

উত্তৰঃ-

    [A] = গলন

    [B] = বাষ্পীভৱন

    [C] = ঘণীভৱন

    [D] = স্ফটিকীকৰণ

    [E] = উৰ্ধপাতন

    [F] = উৰ্ধপাতন

No comments:

Post a Comment

General Knowledge MCQ

General Knowledge MCQ 1. Which country will be the first foreign country to adopt Indian UPI system:- a) Bhutan b) Ban...