js

Friday, July 12, 2024

SEBA Class 9 SST History chapter1 MCQ

  ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

 

প্রাচীন কালৰে পৰা ভাৰতবৰ্ষৰ সৈতে গ্ৰীচ, ৰোম আদি, ইউৰোপীয় দেশৰ যোগাযোগ আছিল বুলি জানিব পাৰি । গ্রীক আৰু ৰোমান আদি ইউৰোপীয় জাতিসকলে লোহিত, পাৰস্য আৰু আফগানিস্তানৰ ভিতৰেদি থকা স্থলপথেৰে ভাৰতবৰ্ষৰ লগত বাণিজ্যিক সম্পর্ক চলাইছিল । খ্রীষ্টীয় ষষ্ঠ শতিকাৰ শেষলৈকে এই যোগাযোগ বর্তি আছিল । কিন্তু খ্রীষ্টীয় সপ্তম শতিকাৰ পৰা সাগৰীয় পথত আৰব নৌবাহিনীৰ একছত্রী আধিপত্য বিস্তাৰ হোৱাৰ পিছৰ পৰা ভাৰতবৰ্ষৰ সৈতে ইউৰোপীয়সকলৰ প্রত্যক্ষ যোগাযোগ একেবাৰে কমি আহিছিল । বিশেষকৈ খ্রীষ্টীয় দ্বাদশ শতিকাত দেখা দিয়া ধর্মযুদ্ধক কেন্দ্ৰ কৰি কনষ্টান্তিনোপল তুর্কী বাহিনীৰ হস্তগত (১৪৫৩ খ্রীষ্টাব্দ) হোৱাত, ভাৰতৰ সৈতে পাশ্চাত্যৰ দেশসমূহৰ পোনপটীয়া সম্পর্ক ব্যাহত হৈছিল । তুর্কী হস্তগত আবৰ দেশৰ মাজেদি ইউৰোপীয়সকলৰ পোনপটীয়া পথ বন্ধ হৈ যোৱাত ভাৰতৰ সৈতে বিকল্প পথৰ প্রয়োজনীয়তা অনুভৱ কৰিছিল ।


1. গ্ৰীক আৰু ৰোমান জাতিসকলে কোন পথৰ যোগেদি ভাৰতৰ লগত বাণিজ্যিক সম্পর্ক চলাইছিল?

A. সাগৰীয় পথ

B. স্থলপথ

C. আকাশপথ

D. নদী পথ

2. খ্রীষ্টীয় কোন শতিকাৰ শেষলৈকে ইউৰোপীয় দেশসমূহৰ সৈতে ভাৰতৰ যোগাযোগ বর্তি আছিল?

A. চতুৰ্থ শতিকাৰ

B. পঞ্চম শতিকাৰ

C. ষষ্ঠ শতিকাৰ

D. সপ্তম শতিকাৰ

3. কোন সময়ৰ পৰা সাগৰীয় পথত আৰব নৌবাহিনীৰ একছত্রী আধিপত্য বিস্তাৰ হৈ ভাৰতৰ লগত ইউৰোপীয়সকলৰ যোগাযোগ কমি আহিছিল?

A. খ্রীষ্টীয় সপ্তম শতিকাৰ পৰা

B. খ্রীষ্টীয় চতুৰ্থ শতিকাৰ পৰা

C. খ্রীষ্টীয় দ্বাদশ শতিকাৰ পৰা

D. খ্রীষ্টীয় দশম শতিকাৰ পৰা



4. কোন ঘটনাৰ ফলস্বৰূপে ভাৰতৰ সৈতে পাশ্চাত্য দেশসমূহৰ পোনপটীয়া সম্পর্ক ব্যাহত হৈছিল?

A. আৰব নৌবাহিনীৰ আধিপত্য বিস্তাৰ

B. কনষ্টান্তিনোপল তুৰ্কী বাহিনীৰ হস্তগত হোৱাত

C. ধর্মযুদ্ধ

D. আফগানিস্তানৰ মাৰ্গে বাধাৰ সৃষ্টি



5. কনষ্টান্তিনোপল কেতিয়া তুৰ্কী বাহিনীৰ হস্তগত হৈছিল?

A. ১৪৫৩ খ্রীষ্টাব্দত

B. ১২৫৩ খ্রীষ্টাব্দত

C. ১৩৫৩ খ্রীষ্টাব্দত

D. ১৪০৩ খ্রীষ্টাব্দত



6. কনষ্টান্তিনোপল তুৰ্কী বাহিনীৰ হস্তগত হোৱাৰ ফলত কোনটো পথ বন্ধ হৈ গৈছিল?

A. সাগৰীয় পথ

B. স্থলপথ

C. আকাশপথ

D. নদী পথ



7. কোন শতিকাৰ সময়ৰ পৰা ভাৰতৰ সৈতে ইউৰোপীয় দেশসমূহৰ সাগৰীয় পথৰ যোগাযোগ একেবাৰে কমি আহিছিল?

A. সপ্তম শতিকাৰ

B. দ্বাদশ শতিকাৰ

C. ষষ্ঠ শতিকাৰ

D. পঞ্চম শতিকাৰ


নতুন পথৰ সন্ধানৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা লৈছিল পর্তুগীজসকলে । দুঃসাহসিক, দুর্দমনীয় পর্তুগীজ নাৱিকসকলে ভাৰতৰ সৈতে নতুন নৌপথৰ আৱিষ্কাৰৰ উদ্দেশ্য লৈ অজানা সমুদ্রত নৌ যাত্রা কৰিছিল । ১৪৮৭ খ্রীষ্টাব্দত পর্তুগীজ নাবিক বার্থ''মিউ ডিয়াজে (Bartolo meu Dias) আফ্রিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তমাশা অন্তৰীপত উপস্থিত হ'ব পাৰিছিল । দহ বছৰৰ পিছত আন এজন নাৱিক ভাস্ক'-ডা-গামাই (Vasco-da-Gama) ডিয়াজক অনুসৰণ কৰি ১৪৯৮ খ্রীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল । নতুন জলপথৰ আবিষ্কাৰে ভাৰতৰ সৈতে পাশ্চাত্যৰ পোনপটীয়া যোগাযোগ সূচনা কৰিছিল । এক কথাত এই যোগাযোগে ভাৰত তথা সমগ্র পৃথিবীৰ ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিছিল ।






1. কোন দেশৰ নাবিকসকলে নতুন পথৰ সন্ধানৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা লৈছিল?

A. স্পেইন

B. পর্তুগাল

C. ফ্ৰান্স

D. ইংলেণ্ড



2. কোন বছৰত বার্থ''মিউ ডিয়াজে উত্তমাশা অন্তৰীপত উপস্থিত হৈছিল?

A. ১৪৭৮ খ্রীষ্টাব্দত

B. ১৪৮৭ খ্রীষ্টাব্দত

C. ১৪৯৮ খ্রীষ্টাব্দত

D. ১৫০৭ খ্রীষ্টাব্দত



3. ভাস্ক'-ডা-গামাই কোন বছৰত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল?

A. ১৪৮৭ খ্রীষ্টাব্দত

B. ১৪৯৮ খ্রীষ্টাব্দত

C. ১৫০৭ খ্রীষ্টাব্দত

D. ১৪৯২ খ্রীষ্টাব্দত



4. বার্থ''মিউ ডিয়াজে কোন মহাদেশৰ দক্ষিণ দিশৰ উত্তমাশা অন্তৰীপত উপস্থিত হৈছিল?

A. এশিয়া

B. ইউৰোপ

C. আফ্ৰিকা

D. দক্ষিণ আমেৰিকা



5. ভাস্ক'-ডা-গামাই কোন জন নাৱিকক অনুসৰণ কৰি কালিকট বন্দৰত উপস্থিত হৈছিল?

A. ক্রিষ্টোফাৰ ক'লম্বাছ

B. ফাৰ্ডিনেণ্ড মেগেল্লান

C. বার্থ''মিউ ডিয়াজ

D. মার্ক' ''



6. ভাস্ক'-ডা-গামাই দক্ষিণ ভাৰতৰ কোন বন্দৰত উপস্থিত হৈছিল?

A. মুম্বাই

B. চেন্নাই

C. কালিকট

D. কোচিন



7. নতুন জলপথৰ আবিষ্কাৰে ভাৰতৰ সৈতে পাশ্চাত্যৰ পোনপটীয়া যোগাযোগ কোন বছৰত সূচনা হৈছিল?

A. ১৪৭৮ খ্রীষ্টাব্দত

B. ১৪৮৭ খ্রীষ্টাব্দত

C. ১৪৯৮ খ্রীষ্টাব্দত

D. ১৫০৭ খ্রীষ্টাব্দত






পর্তুগীজসকলৰ দৰে ইংৰাজ নাৱিকসকলেও নতুন সাগৰীয় পথৰ অন্বেষণত মনোযোগ দিছিল । ১৫৮০ খ্রীষ্টাব্দত ফান্সিছ ড্রেক (Francis Drake) নামৰ এজন ইংৰাজ নাৱিকে জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থৱান হৈছিল । ১৫৮২ খ্রীষ্টাব্দত ৰালফ্ ফিট্চ(Ralph Fitch) নামৰ আন এজন নাৱিকে ভাৰত আৰু ব্ৰহ্মদেশ ভ্রমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল । পর্তুগীজ সদাগৰসকলৰ দৰে ইংৰাজ সদাগৰসকলেও ভাৰতৰ সৈতে বেহা-বেপাৰত মনোযোগ দিব বিচাৰিছিল । বাণিজ্যিক সুবিধা লাভ কৰাৰ উদ্দেশ্যে ১৫৯৯ খ্রীষ্টাব্দত জন মিলডেন হল (John Mildenhall) নামৰ ইংৰাজ নাৱিক এজনে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ-পত্ৰ লৈ পোন প্ৰথমবাৰৰ বাবে ভাৰত ভূমিত প্রবেশ কৰিছিল ।






1. কোন ইংৰাজ নাৱিকে ১৫৮০ খ্ৰীষ্টাব্দত জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিছিল?

A. জন মিলডেন হল

B. ফান্সিছ ড্রেক

C. ৰালফ্ ফিট্ চ

D. খ্ৰীষ্টোফাৰ ক'লম্বাছ



2. ৰালফ্ ফিট্ চ কোন বছৰত ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰিছিল?

A. ১৫৮০ খ্ৰীষ্টাব্দত

B. ১৫৮২ খ্ৰীষ্টাব্দত

C. ১৫৯৯ খ্ৰীষ্টাব্দত

D. ১৬০০ খ্ৰীষ্টাব্দত



3. জন মিলডেন হল কোন বছৰত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ-পত্ৰ লৈ ভাৰতত প্ৰবেশ কৰিছিল?

A. ১৫৮০ খ্ৰীষ্টাব্দত

B. ১৫৮২ খ্ৰীষ্টাব্দত

C. ১৫৯৯ খ্ৰীষ্টাব্দত

D. ১৬০০ খ্ৰীষ্টাব্দত



4. ইংৰাজ নাৱিকসকলে কোন দেশৰ সদাগৰসকলৰ দৰে ভাৰতৰ সৈতে বেহা-বেপাৰত মনোযোগ দিয়াৰ চেষ্টা কৰিছিল?

A. ডাচ

B. ফ্ৰান্স

C. স্পেইন

D. পর্তুগাল



5. ফান্সিছ ড্রেক কোন দেশৰ নাৱিক আছিল?

A. স্পেইন

B. ফ্ৰান্স

C. ইংলেণ্ড

D. পর্তুগাল



6. জন মিলডেন হলৰ উদ্দেশ্য কি আছিল?

A. নতুন সাগৰীয় পথৰ অন্বেষণ

B. বাণিজ্যিক সুবিধা লাভ কৰা

C. সাম্ৰাজ্য বিস্তাৰ কৰা

D. ধৰ্ম প্রচাৰ কৰা



7. ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা জন মিলডেন হল কি লৈ ভাৰতত আহিছিল?

A. বাণিজ্যিক চুক্তি

B. অনুৰোধ-পত্ৰ

C. সামৰিক সহায়

D. ৰাজনৈতিক পৃষ্ঠপোষকতা



8. কোন ইংৰাজ নাৱিকে ১৫৮২ খ্ৰীষ্টাব্দত ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল?

A. ফান্সিছ ড্রেক

B. ৰালফ্ ফিট্চ

C. জন মিলডেন হল

D. জন স্মিথ




প্রাচ্যৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে ১৬০০ খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে এটা বাণিজ্যিক প্রতিষ্ঠান লণ্ডনত গঠন কৰিছিল। এই প্রতিষ্ঠানটো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি নামেৰে জনাজাত হৈছিল।



ইংলেণ্ডৰ ৰাণী এলিজাবেথে এই কোম্পানিটোক আফ্ৰিকাৰ দক্ষিণ দিশত অৱস্থিত উত্তমাশা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালান (Magellan) প্রণালী পর্যন্ত বিশাল সাগৰীয় এলেকাত ১৫ বছৰৰ বাবে বেহা-বেপাৰ কৰাৰ অনুমতি প্রদান কৰিছিল। এই কোম্পানিটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগেয়ে সুমাত্রা, জাভা, মালাক্কা আদি ঠাইৰ সৈতে মচলা ব্যৱসায় কৰিছিল।






1. কোন বছৰত ইংৰাজ সদাগৰসকলে এটা বাণিজ্যিক প্রতিষ্ঠান গঠন কৰিছিল?

A. ১৫৮০ খ্ৰীষ্টাব্দত

B. ১৫৯৯ খ্ৰীষ্টাব্দত

C. ১৬০০ খ্ৰীষ্টাব্দত

D. ১৬০১ খ্ৰীষ্টাব্দত



2. ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কোন ঠাইত গঠন হৈছিল?

A. মাদ্ৰাজত

B. বোম্বেত

C. কেলকাটাত

D. লণ্ডনত



3. ইংলেণ্ডৰ ৰাণী এলিজাবেথে কোম্পানিটোক কিমান বছৰৰ বাবে বেহা-বেপাৰ কৰাৰ অনুমতি দিছিল?

A. ১০ বছৰৰ বাবে

B. ১৫ বছৰৰ বাবে

C. ২০ বছৰৰ বাবে

D. ২৫ বছৰৰ বাবে



4. আফ্ৰিকাৰ দক্ষিণ দিশত অৱস্থিত কোন অন্তৰীপৰ পৰা কোম্পানিটো বেহা-বেপাৰ আৰম্ভ কৰিবলৈ অনুমতি পোৱা হৈছিল?

A. উত্তমাশা অন্তৰীপ

B. হর্ণ অন্তৰীপ

C. উত্তৰাণ্ত অন্তৰীপ

D. উত্তৰধ্রুব



5. দক্ষিণ আমেৰিকাৰ কোন প্রণালী পর্যন্ত কোম্পানিটো বেহা-বেপাৰ কৰিবলৈ অনুমতি পোৱা হৈছিল?

A. ড্ৰেক প্রণালী

B. পানামা প্রণালী

C. মাগালান প্রণালী

D. হৰমুজ প্রণালী



6. কোম্পানিটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগেয়ে কোন ঠাইৰ সৈতে মচলা ব্যৱসায় কৰিছিল?

A. সুমাত্ৰা, জাভা, মালাক্কা

B. চীন, জাপান, কোৰিয়া

C. শ্ৰীলংকা, মালদ্বীপ, ভাৰত

D. থাইলেণ্ড, ভিয়েতনাম, ফিলিপাইন



7. কোন ৰাণীএ কোম্পানিটোক অনুমতি প্ৰদান কৰিছিল?

A. ৰাণী মেৰী

B. ৰাণী ভিক্টোৰিয়া

C. ৰাণী এলিজাবেথ

D. ৰাণী কেথৰিন








১৬০৮ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স (Hawkins) নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্রাট জাহাংগীৰলৈ (১৬০৫-১৬২৭) এখন আবেদন-পত্ৰ প্ৰেৰণ কৰিছিল। হকিন্সে তাপ্তী নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল।



কেপ্টেইন উইলিয়াম হকিন্সে ১৬০৯ খ্রীষ্টাব্দৰ এপ্রিল মাহত আগ্রাত উপস্থিত হৈ মোগল ৰাজদৰবাৰত সম্রাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। এয়াই আছিল ইংৰাজৰ প্ৰথম আগ্রাত পদার্পণ।








1. কোন বছৰত কেপ্টেইন উইলিয়াম হকিন্সে চুৰাট বন্দৰত উপস্থিত হৈছিল?

A. ১৫৮০ খ্ৰীষ্টাব্দত

B. ১৫৯৯ খ্ৰীষ্টাব্দত

C. ১৬০৮ খ্ৰীষ্টাব্দত

D. ১৬০৯ খ্ৰীষ্টাব্দত



2. কোন ব্ৰিটিছ সদাগৰে মোগল সম্রাট জাহাংগীৰলৈ আবেদন-পত্ৰ প্ৰেৰণ কৰিছিল?

A. কেপ্টেইন উইলিয়াম হকিন্স

B. ফান্সিছ ড্রেক

C. ৰালফ্ ফিট্ চ

D. জন মিলডেন হল



3. কেপ্টেইন উইলিয়াম হকিন্স কোন নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল?

A. গংগা নদী

B. যমুনা নদী

C. তাপ্তী নদী

D. ব্রহ্মপুত্ৰ নদী



4. কোন বছৰত কেপ্টেইন উইলিয়াম হকিন্স আগ্রাত উপস্থিত হৈছিল?

A. ১৫৮০ খ্ৰীষ্টাব্দত

B. ১৫৯৯ খ্ৰীষ্টাব্দত

C. ১৬০৮ খ্ৰীষ্টাব্দত

D. ১৬০৯ খ্ৰীষ্টাব্দত



5. কেপ্টেইন উইলিয়াম হকিন্সে কোন মাহত আগ্রাত উপস্থিত হৈছিল?

A. জানুৱাৰী মাহত

B. এপ্ৰিল মাহত

C. জুলাই মাহত

D. অক্টোবৰ মাহত



6. কেপ্টেইন উইলিয়াম হকিন্সে কোন সম্রাটক সাক্ষাৎ কৰিছিল?

A. সম্রাট আকবৰ

B. সম্রাট অউৰংজেব

C. সম্রাট জাহাংগীৰ

D. সম্রাট শ্বাহজাহান



7. ইংলেণ্ডৰ কোন ৰজাই ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে আবেদন-পত্ৰ প্ৰেৰণ কৰিছিল?

A. ৰজা হেন্ৰী অষ্টম

B. ৰজা দ্বিতীয় চাৰ্লছ

C. ৰজা প্ৰথম জেমচ

D. ৰজা জৰ্জ






কেপ্টেইন হকিন্সে প্রায় দুই বছৰ কাল মোগল সাম্রাজ্যত থাকি সম্ৰাটৰ পৰা বেহা-বেপাৰৰ কিছু সা-সুবিধা আদায়ৰ চেষ্টা চলাইছিল। কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্রাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। ১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্রথম জেমছে ছাৰ টমাচ ৰ' (Sir Thomas Roe) নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাচ ৰ'ৱে আজমীৰত উপস্থিত হৈ সম্রাটক দেখা কৰিছিল। টমাচ ৰ'ৱে কোনোধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্রাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্রদান কৰিছিল। ইয়াৰ পিছতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবৰ প্রচেষ্টা চলাই থাকিল আৰু ভিন ভিন ঠাইত বাণিজ্যক সম্প্ৰসাৰণ ঘটাবলৈও সক্ষম হৈছিল।






1. কেপ্টেইন হকিন্সে কোন সাম্রাজ্যত বেহা-বেপাৰৰ কিছু সা-সুবিধা আদায়ৰ চেষ্টা চলাইছিল?

A. মোগল সাম্রাজ্য

B. মাৰাঠা সাম্রাজ্য

C. মিস্ত্রি সাম্রাজ্য

D. অস্ত্রলিয়ান সাম্রাজ্য



2. কোন চনত সম্রাট জাহাংগীৰে কেপ্টেইন হকিন্সৰ বাণিজ্যিক চুক্তিৰ আবেদন নামঞ্জুৰ কৰিছিল?

A. ১৬০৮ খ্ৰীষ্টাব্দ

B. ১৬১৫ খ্ৰীষ্টাব্দ

C. ১৬১০ খ্ৰীষ্টাব্দ

D. ১৬২০ খ্ৰীষ্টাব্দ



3. কোন ৰজাই টমাচ ৰ'ক মোগল সম্রাট জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল?

A. প্ৰথম জেমছে ছাৰ

B. হেন্ৰী অষ্টম

C. চাৰ্লছ

D. জৰ্জ



4. সম্রাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত কেইটা বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল?

A. আঠটা

B. তিনিটা

C. অনুমতি দিয়া নাছিল

D. এটা






১৭১৫ খ্রীষ্টাব্দত জন ছাৰমানৰ (John Surman) নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্রাট ফাৰুখছিয়াৰক (১৭১৩-১৭১৯) সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্রাট ফাৰুখছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্রান্ত সম্রাট ফাৰুখছিয়াৰক সঁজাতী দলটোৰ চিকিৎসক ডাঃ হেমিলটনে (Hamilton) চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। সঁজাতী দলটোৰ প্ৰতি সম্রাটে সদয়ৰ ভাব দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰ্মান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত নির্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানিয়ে নিজৰ ভবিষ্যৎ সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল।








1. কাৰ নেতৃত্বত ইংৰাজ লোকৰ সঁজাতী দলটোৱে মোগল সম্রাট ফাৰুখছিয়াৰ সাক্ষাৎ কৰিবলৈ গৈছিল?

A. জন ছাৰমান

B. ডাঃ হেমিলটন

C. সিৰ জন ওয়াল্টা

D. কেপ্টেইন উইলিয়াম হকিন্স



2. কিমান চনত ইংৰাজ লোকৰ সঁজাতী দলটোৱে মোগল সম্রাট ফাৰুখছিয়াৰ সাক্ষাৎ কৰিবলৈ গৈছিল?

A. ১৭০৫

B. ১৭১০

C. ১৬৯৫

D. ১৬৮৫



3. সম্ৰাট ফাৰুখছিয়াৰক কোন চিকিৎসকে চিকিৎসা কৰিছিল?

A. ডাঃ হেমিলটন

B. ডাঃ ফাৰমান

C. ডাঃ জন ছাৰমান

D. ডাঃ জন ওয়াল্টা



4. সম্ৰাট ফাৰুখছিয়াৰ পৰা ইংৰাজ সদাগৰসকলে কিমানখন ফৰ্মান আদায় কৰিছিল ?

A. আঠখন

B. পাচখম

C. দুখন

D. তিনিখন



5. ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কোন চনত সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰিছিল?

A. ১৬০০ খ্ৰীষ্টাব্দ

B. ১৬৫০ খ্ৰীষ্টাব্দ

C. ১৭০০ খ্ৰীষ্টাব্দ

D. ১৭১৫ খ্ৰীষ্টাব্দ




ভাৰতবৰ্ষত থিতাপি লোৱা ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰথম আৰু প্রধান উদ্দেশ্য আছিল বেহা-বেপাৰ কৰা। কিন্তু বেহা-বেপাৰক কেন্দ্ৰ কৰি গোজেই গজালি মেলি পিছলৈ কোম্পানিয়ে ৰাজ্য শাসনৰ সপোন দেখিছিল। ভাৰতীয় ৰাজন্যবৰ্গৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা শত্রুতা তথা তেওঁলোকৰ দুৰ্বলতাৰ চেলু লৈ কোম্পানিয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলাইছিল।




1. ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতবৰ্ষত থিতাপি লোৱাৰ মূল উদ্দেশ্য কি আছিল?

A) ৰাজ্য শাসন

B) বেহা-বেপাৰ

C) ভাৰতীয় ৰাজন্যবৰ্গৰ মাজত শত্রুতা সৃষ্টি কৰা

D) ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা



2. ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কিহৰ সপোন দেখিছিল?

A) ভাৰতীয় ৰাজন্যবৰ্গৰ মাজত শত্রুতা বৃদ্ধি কৰা

B) ৰাজ্য শাসনৰ

C) বেহা-বেপাৰ

D) ভাৰতীয় ৰজা সকলৰ দুৰ্বলতা



3. ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ভাৰতীয় ৰাজন্যবৰ্গৰ মাজত কি দেখিছিল?

A) মিত্ৰতা

B) সহযোগিতা

C) শত্রুতা

D) মৰম



4. ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কিহৰ চেলু লৈ ভাৰতবৰ্ষত ইংৰাজ শাসন প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল?

A) ভাৰতীয় ৰাজন্যবৰ্গৰ শক্তি

B) ভাৰতীয় ৰাজন্যবৰ্গৰ দুৰ্বলতা

C) ভাৰতীয় ৰজা সকলৰ মিত্ৰতা

D) ভাৰতীয় ৰজা সকলৰ মৰম




১৬১১ খ্রীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানিয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্র স্থাপন কৰিছিল। ১৬৩৬ খ্রীষ্টাব্দত কোম্পানিয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্র মুকলি কৰিছিল। ১৬৩৯ খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফর্ট ছেন্ট জর্জ।


1. ১৬১১ খ্রীষ্টাব্দত কোন ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানিয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্র স্থাপন কৰিছিল?

. মোগল সাম্ৰাজ্য

. গোলকুণ্ডা ৰাজ্য

. মাৰাঠা সাম্ৰাজ্য

. দিল্লী সুলতানত



2. কোম্পানিয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্র কেতিয়া মুকলি কৰিছিল?

. ১৬১১ খ্রীষ্টাব্দত

. ১৬৩৬ খ্রীষ্টাব্দত

. ১৬৩৯ খ্রীষ্টাব্দত

. ১৬৪২ খ্রীষ্টাব্দত



3. চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি কোম্পানীয়ে কোন ঠাইলৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নিছিল?

. দিল্লী

. কলকাতা

. মাদ্ৰাজ

. মছলিপট্টম



4. মাদ্ৰাজৰ কাষৰীয়া ঠাইলৈ তুলি নিয়া আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটোৰ নাম কি দিয়া হৈছিল ?

. ফৰ্ট ছেন্ট জৰ্জ

. ফৰ্ট ছেন্ট মাৰ্ক

. ফৰ্ট ছেন্ট পল

. ফৰ্ট ছেন্ট পিটাৰ



5. ফৰ্ট ছেন্ট জৰ্জ কোন বছৰত স্থাপন কৰা হৈছিল?

. ১৬১১ খ্রীষ্টাব্দত

. ১৬৩৬ খ্রীষ্টাব্দত

. ১৬৩৯ খ্ৰীষ্টাব্দত

. ১৬৪২ খ্রীষ্টাব্দত


১৬৬১ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে (Charles II) পর্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই (মুম্বাই) চহৰ লাভ কৰিছিল। ৰজা চাৰ্লছে ১৬৬৮ খ্রীষ্টাব্দত পঞ্চাশ হেজাৰ পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানিক হস্তান্তৰ কৰিছিল।




1. ১৬৬১ খ্রীষ্টাব্দত কোন চহৰ যৌতুক হিচাপে ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে লাভ কৰিছিল?

. কলকাতা

. মাদ্ৰাজ

. বোম্বাই

. দিল্লী



2. ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে কোন পর্তুগীজ ৰাজকন্যাক বিয়া কৰিছিল?

. ইছাবেল

. এলিজাবেথ

. কেথৰিন

. মাৰিয়া



3. ১৬৬৮ খ্রীষ্টাব্দত বোম্বাই কোন কোম্পানিক হস্তান্তৰ কৰা হৈছিল?

. ডাচ ইষ্ট ইণ্ডিয়া কোম্পানি

. ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানি

. ফ্ৰেন্স ইষ্ট ইণ্ডিয়া কোম্পানি

. পোৰ্তুগিজ ইষ্ট ইণ্ডিয়া কোম্পানি



4. বোম্বাই কিমান পাউণ্ড ঋণৰ বিনিময়ত ইংৰাজ কোম্পানিক হস্তান্তৰ কৰা হৈছিল?

. চাৰিটা হাজাৰ পাউণ্ড

. পঞ্চাশ হাজাৰ পাউণ্ড

. এক লক্ষ পাউণ্ড

. পাঁচ লক্ষ পাউণ্ড



5. কোন বছৰত ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে বোম্বাই ইংৰাজ কোম্পানিক হস্তান্তৰ কৰিছিল?

. ১৬৬১ খ্রীষ্টাব্দত

. ১৬৬৫ খ্রীষ্টাব্দত

. ১৬৬৮ খ্রীষ্টাব্দত

. ১৬৭০ খ্রীষ্টাব্দত







তেতিয়াৰ পৰা বোম্বাই কোম্পানিৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল। ১৬৯০ খ্রীষ্টাব্দত জব চার্ণক (Job Charnock) নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি বাৰশ টকাৰ খাজনাৰ বিনিময়ত কালী ঘাট (কলিকতা), সুতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কোম্পানিয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ সমষ্টিয়েই পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল।






1. ১৬৬১ খ্রীষ্টাব্দৰ পৰা কোন চহৰ কোম্পানিৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল?

. মাদ্ৰাজ

. কলকাতা

. বোম্বাই (মুম্বাই)

. দিল্লী



2. ১৬৯০ খ্রীষ্টাব্দত কোন বিষয়াই বংগৰ নবাবৰ লগত চুক্তি কৰিছিল?

. ৰবেৰ্ট ক্লাইভ

. জব চার্ণক

. ৱাৰেণ হিচিংছ

. লৰ্ড কৰ্ণৱালিছ



3. বংগৰ নবাবৰ লগত কৰা চুক্তিৰ বিনিময়ত কোম্পানিয়ে বছৰি কিমান টকাৰ খাজনা দিবলৈ সন্মত হৈছিল?

. ছয়শ টকা

. আঠশ টকা

. বাৰশ টকা

. দুশ টকা



4. কোম্পানিয়ে কোন ঠাইত বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল?

. দিল্লী

. মাদ্ৰাজ

. কালী ঘাট (কলিকতা), সুতানুটি আৰু গোবিন্দপুৰ

. বোম্বাই (মুম্বাই)



5. কোন ঠাইৰ সমষ্টিয়ে পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল?

. কালী ঘাট, সুতানুটি আৰু গোবিন্দপুৰ

. দিল্লী, মাদ্ৰাজ আৰু বোম্বাই

. হাওৰা, শিলিগুৰি আৰু দাৰ্জিলিং

. চন্দ্ৰগিৰি, মছলিপট্টম আৰু আৰমাগাঁও




ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানার্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম 'ফর্ট উইলিয়াম' ৰখা হৈছিল।

ইষ্ট ইণ্ডিয়া কোম্পানিৰ সাধাৰণ কৰ্মচাৰী ৰবাৰ্ট ক্লাইৱে ভাৰতত ঔপনিৱেশিক সাম্রাজ্য গঢ়ি তোলাৰ কূটনৈতিক কলা-কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। ক্লাইবে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানিৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আৱাধৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানিৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কর্তৃত্ব বিসর্জন দিব লগা হৈছিল।




1. কোন ৰজাৰ সন্মানার্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম 'ফৰ্ট উইলিয়াম' ৰখা হৈছিল?

. ৰজা দ্বিতীয় চার্লছ

. ৰজা তৃতীয় উইলিয়াম

. ৰজা প্ৰথম জৰ্জ

. ৰজা চাৰ্লছ



2. ইষ্ট ইণ্ডিয়া কোম্পানিৰ সাধাৰণ কোন কৰ্মচাৰীএ ভাৰতত ঔপনিৱেশিক সাম্ৰাজ্য গঢ়ি তোলাৰ কূটনৈতিক কলা-কৌশল আয়ত্ত কৰিছিল?

. ৰবেৰ্ট ক্লাইভ

. ৱাৰেণ হিচিংছ

. জব চার্ণক

. লৰ্ড কৰ্ণৱালিছ



3. ৰবাৰ্ট ক্লাইৱে কোন কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল?

. ফ্ৰেন্স ইষ্ট ইণ্ডিয়া কোম্পানি

. ডাচ ইষ্ট ইণ্ডিয়া কোম্পানি

. পোৰ্তুগিজ ইষ্ট ইণ্ডিয়া কোম্পানি

. সকলো বিদেশী ইউৰোপীয়ান কোম্পানি




পলাচী যুদ্ধত (১৭৫৭ খ্ৰীষ্টাব্দ) বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব ছিৰাজ উদ্‌দৗলাক (১৭৫৬-৫৭) চল-চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰি ব্ৰিটিছ সাম্রাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল।



ৰবাৰ্ট ক্লাইৱৰ পৰা লৰ্ড ডেলহাউচীৰ (১৮৪৮-৫৬) শাসনৰ সময়লৈকে ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কালক্ৰমত সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্রাজ্যবাদৰ উপনিৱেশ স্থাপন কৰিছিল।






1. কোন বছৰত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব ছিৰাজ উদ্‌দৌলাক পলাচী যুদ্ধত পৰাস্ত কৰা হৈছিল?

. ১৭৫০ খ্ৰীষ্টাব্দত

. ১৭৫৫ খ্ৰীষ্টাব্দত

. ১৭৫৭ খ্ৰীষ্টাব্দত

. ১৭৬০ খ্ৰীষ্টাব্দত



2. পলাচী যুদ্ধত কোন নবাবক পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰা হৈছিল?

. নবাব মীৰ কাশিম

. নবাব ছিৰাজ উদ্‌দৌলাক

. নবাব শুজাউদ্দিন

. নবাব আলিবর্দী খান



3. কোনে পলাচী যুদ্ধত বংগৰ নবাবক পৰাস্ত কৰিছিল?

. লৰ্ড কৰ্ণৱালিছ

. ৰবেৰ্ট ক্লাইভ

. ৱাৰেণ হিচিংছ

. লৰ্ড ডেলহাউচী



4. লৰ্ড ডেলহাউচীৰ শাসনকাল কোন বছৰৰ পৰা কোন বছৰলৈ আছিল?

. ১৭৫৭-১৭৬৪ খ্ৰীষ্টাব্দত

. ১৭৮৫-১৭৯৩ খ্ৰীষ্টাব্দত

. ১৮৪৮-১৮৫৬ খ্ৰীষ্টাব্দত

. ১৮৬০-১৮৬৮ খ্ৰীষ্টাব্দত



5. কোনে ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসনকালত সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন কৰিছিল?

. ৰবেৰ্ট ক্লাইভ

. লৰ্ড কৰ্ণৱালিছ

. লৰ্ড ডেলহাউচী

. ৱাৰেণ হিচিংছ




পৰাধীন ভাৰতৰ সুদীর্ঘ কালজুৰি ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভগাব পাৰি। প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে আৰু দ্বিতীয়টো হৈছে ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্রীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে। প্রথমছোৱা সময়ত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ভাৰতীয় ৰাজ্যবৰ্গক ক্ষমতাচ্যুত কৰি সিঁচৰতি হৈ থকা ৰাজ্যখণ্ডসমূহক একত্ৰিত কৰি বিস্তাৰিত ভাৰত-ব্ৰিটিছ ভূ-এলেকাত কেন্দ্রীয় শাসনযন্ত্র প্রতিষ্ঠা কৰিছিল। দ্বিতীয়ছোৱা সময়ত ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন সু-সংবদ্ধ কৰি ৰখাৰ স্বাৰ্থত স্থায়ী চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল। ভাৰতীয় জাতীয় আন্দোলন এইছোৱা সময়তে হৈছিল। আন্দোলনৰ পৰিণতি স্বৰূপে ব্ৰিটিছ সাম্রাজ্যবাদে ভাৰতৰ পৰা বিদায় ল'বলগা হৈছিল।




1. ব্ৰিটিছ শাসনৰ সময়ছোৱাক কেইটা ভাগত ভগাব পাৰি

) এটা

) দুটা

) তিনিটা

) চাৰিটা




.২ কোম্পানিৰ আমোল :



ৰবাৰ্ট ক্লাইবৰ দ্বিতীয়টো প্রশাসন (১৭৬৫-৬৭) ভাৰতত কোম্পানিৰ শাসনৰ এটা উল্লেখযোগ্য সময় আছিল। এইছোৱা সময়ত ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ৰাজশক্তি ৰূপে আইনগত স্বীকৃতি পাইছিল। মোগল সম্রাট ছাহ আলমে (১৭৫৯-১৮০৬) ক্লাইবৰ লগত এলাহাবাদ চুক্তি (১৭৬৫) সম্পন্ন কৰাৰ ফলস্বৰূপে কোম্পানিয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কর্তৃত্ব লাভ কৰিছিল। সম্রাটে কোম্পানিক দেৱানী অর্থাৎ ৰাজহ সংগ্ৰহ আৰু অসামৰিক প্ৰশাসনৰ দায়িত্ব প্ৰদানৰ যোগেদি বংগত দ্বৈতশাসন প্ৰৱৰ্তন (১৭৬৫) কৰিছিল। এই ব্যৱস্থাৰ যোগেদি এফালে কোম্পানিৰ ক্ষমতা দুগুণে বৃদ্ধি হৈছিল আৰু আনফালে সম্ৰাটৰ তলতীয়া নবাবগৰাকী হৈছিল নামমাত্ৰ সামৰিক প্রশাসক (নিজামত)







1. ৰবাৰ্ট ক্লাইব কিমান বছৰৰ বাবে কোম্পানিৰ দ্বিতীয়টো প্রশাসনৰ দায়িত্বত আছিল?

A. ১৭৫৯-১৭৬৫

B. ১৭৬৫-১৭৬৭

C. ১৭৬৭-১৭৭০

D. ১৭৬৫-১৭৭০



2. কোন চুক্তিৰ ফলস্বৰূপে ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কর্তৃত্ব লাভ কৰিছিল?

A. এলাহাবাদ চুক্তি

B. কুশীনগৰ চুক্তি

C. দিল্লী চুক্তি

D. পাটনা চুক্তি



3. এলাহাবাদ চুক্তি কোন বছৰত সম্পন্ন হৈছিল?

A. ১৭৫৯

B. ১৭৬০

C. ১৭৬৫

D. ১৭৬৭



4. মোগল সম্ৰাট ছাহ আলম কোন বছৰৰ পৰা কোন বছৰৰ ভিতৰত শাসন কৰিছিল?

A. ১৭৫৯-১৭৬৫

B. ১৭৬৫-১৮০৬

C. ১৭৫৯-১৮০৬

D. ১৭৬৫-১৭৭০



5. বংগত দ্বৈতশাসন কোন বছৰত প্ৰৱৰ্তন কৰা হৈছিল?

A. ১৭৫৯

B. ১৭৬০

C. ১৭৬৫

D. ১৭৬৭



6. দ্বৈতশাসনৰ সময়ত নবাবৰ দায়িত্ব কি আছিল?

A. ৰাজহ সংগ্ৰহ

B. অসামৰিক প্ৰশাসন

C. নামমাত্ৰ সামৰিক প্রশাসন

D. সামৰিক আৰু অসামৰিক প্রশাসক



7. এলাহাবাদ চুক্তি সম্পন্ন কৰা সময়ত মোগল সম্ৰাট কোন আছিল?

A. আওৰংজেব

B. জাহাংগীৰ

C. ছাহ আলম

D. বাহাদুৰ শ্বাহ



8. কোনখন চুক্তিৰ ফলস্বৰূপে কোম্পানিয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কর্তৃত্ব লাভ কৰিছিল?

A. এলাহাবাদ চুক্তিৰ ফলস্বৰূপে

B. দিল্লী চুক্তিৰ ফলস্বৰূপে

C. কুশীনগৰ চুক্তিৰ ফলস্বৰূপে

D. পাটনা চুক্তিৰ ফলস্বৰূপে

No comments:

Post a Comment

General Knowledge MCQ

General Knowledge MCQ 1. Which country will be the first foreign country to adopt Indian UPI system:- a) Bhutan b) Ban...