js

Saturday, July 20, 2024

SEBA Class 9 Science chapter 2: আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?


Page 15


1. পদাৰ্থ বুলিলে কি বুজা ?

উত্তৰঃ  যি বস্তুৰ ভৰ  আৰু আয়তন থাকে তাকে পদাৰ্থ বোলে।


2. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।

উত্তৰঃ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰঃ

ক্ৰ. নং

সমসত্ব মিশ্ৰণ

অসমসত্ব মিশ্ৰণ

(i)

সমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুতি সুষম।

অসমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুক্তি সুষম নহয়।

(ii)

সমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা নাথাকে ।

উদাহৰণঃ পানী আৰু চেনীৰ মিশ্ৰণ

অসমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা থাকে ।

উদাহৰণঃ পানীআৰু তেলৰ মিশ্ৰণ



Page 18


1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ প্ৰাৰ্থক্য লিখা ।

উত্তৰঃ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰাৰ্থক্য

ক্ৰ. নং

সমসত্ব মিশ্ৰণ

অসমসত্ব মিশ্ৰণ

(i)

সমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুতি সুষম।

অসমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুক্তি সুষম নহয়।

(ii)

সমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা নাথাকে ।

উদাহৰণঃ পানী আৰু চেনীৰ মিশ্ৰণ ।

অসমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা থাকে ।

উদাহৰণঃ পানী আৰু তেলৰ মিশ্ৰণ।









2 কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি?

উত্তৰঃ কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ হলঃ

ক্ৰমিক নং

কলয়ড

দ্ৰৱণ

প্ৰলম্বন

(i)

কলয়ড এবিধ অসমসত্ব মিশ্ৰণ ।

দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ ।

প্ৰলম্বন এটা অসমসত্ব মিশ্ৰণ ।

(ii)

কলয়ডীয় দ্ৰৱৰ কণিকাবোৰৰ আকাৰ 1পৰা 1000 মিঃমিঃৰ ভিতৰতসেয়ে ইহঁতক খালী চকুৰে দেখা পোৱা নযায় ।

দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ 1মিঃমিঃ কম।গতিকে, ইহঁতক খালী চকুৰে দেখা নাযায় ।

প্ৰলম্বন কণিকাৰ আকাৰ 1000 মিটাৰতকৈ অধিক। গতিকে, ইহঁতক খালী চকুৰে দেখা যায়।

(iii)

কলয়ডীয় দ্ৰৱ সুস্থিৰ ।

দ্ৰৱণ অতি অস্থিৰ

প্ৰলম্বন অস্থিৰ

(iv)

কলয়ডীয় দ্ৰৱ ঙ্গষৎ স্বচ্চ বা অস্বচ্চ ।

দ্ৰৱণবোৰ স্বচ্চ ।

প্ৰলম্বনৰ ঙ্গষৎ স্বচ্চ।

(v)

ই পোহৰৰ ৰশ্মিগুচ্ছ বিচ্ছুৰিত কৰে অৰ্থাৎ ই টিণ্ডেল প্ৰভাৱ দেখুৱায় ।

ই পোহৰ বিচ্ছুৰিত নকৰে ।

ই পোহৰৰ ৰশ্মিগুচ্ছ বিচ্ছুৰিত কৰে ।


3. 293k উষ্ণতাত 100ml পানীত 36g ডিয়াম ক্লৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গলে দ্ৰৱণটোৰ গাঢ়তা নিৰ্দ্ধাৰণ কৰা ।

উত্তৰঃ ইয়াত, দ্ৰাৱ্য ছডিয়াম ক্লৰাইড (NaCl)ৰ ভৰ = 36g

দ্ৰাৱক (পানীৰ)ৰ ভৰ = 100g

আমি জানো,

দ্ৰৱৰ ভৰ = দ্ৰাৱ্যৰ ভৰ + দ্ৰাৱকৰ ভৰ

= 36g + 100g

= 136g

দ্ৰৱটোৰ গাঢ়তা = দ্ৰাৱ্যৰ ভৰ/দ্ৰাৱকৰভৰ × 100g

= 36/136× 100

= 26.47 %


Page 24

1. কেৰাচিন আৰু প্ৰেট্ৰলৰ (ইহঁতৰ উতলাংকৰ প্ৰাৰ্থক্য 25o C তকৈ বেছি ।) মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা ?

উত্তৰঃ যিহেতু কেৰাচিন আৰু প্ৰেট্ৰলৰ উতলাংকৰ প্ৰাৰ্থক্য 25o Cতকৈ বেছি সেয়ে মিশ্ৰণৰ পৰা সিহঁতক সৰল পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি ।






কেৰাচিন আৰু প্ৰেট্ৰলৰ মিশ্ৰণটোৰ পাতন ফ্লাস্কত লোৱা হয় । ইয়াৰ লগত এটা থাৰ্মমিটাৰ সমলগ্ন কৰা হয় । চিত্ৰত দেখুওৱাৰ দৰে সঁজুলিটো সদোৱা হয় । এটা বাৰ্ণাৰেৰে মিশ্ৰণটোত লাহে লাহে তাপ প্ৰয়োগ কৰি থাৰ্মমিটাৰৰ পাৰাস্তম্ভৰ ওপৰত দৃষ্টি নিহদ্ধ কৰা হয় । এক নিৰ্দিষ্ট উষ্ণতাত থাৰ্মমিটাৰৰ পাৰাস্তম্ভ স্হিৰ হৈ ৰয় । নিম্ন উতলাংক বিশিষ্ট প্ৰেট্ৰল প্ৰথলে বাষ্পীভূত হয় আৰু প্ৰেট্ৰলৰ বাষ্প সীতকৰ মাজেদি পৰিবাহিত হয় শীতকত প্ৰেট্ৰলৰ বাষ্প শীতল হৈ তৰল পদাৰ্থলৈ ৰুপান্তৰিত হয় ইয়াক শীতকৰ নিৰ্গম নলীৰ পৰা গ্ৰাহক পাত্ৰত সংগ্ৰহ কৰিব পৰা যায় ।


2. তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰে নাম লিখা ।

(i)দৈৰ পৰা মাখন (butter)

(ii)সাগৰৰ পানীৰ পৰা নিমখ

(iii)নিমখৰ পৰা কৰ্পূৰ

উত্তৰঃ (i) অপকেন্দ্ৰিক পদ্ধতি

(ii) বাষ্পীভৱন

(iii) উৰ্ধপাতন


3. স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায় ?

উত্তৰঃ গোটা পদাৰ্থ আৰু তৰল পদাৰ্থৰ মিশ্ৰণক বাষ্পীভৱন প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পৃথক কৰিলে ৰৈ যোৱা অৱশিষ্ট কিছুমান অশুদ্ধি থাকিব পাৰে অশুদ্ধিমুক্ত গোটা পদাৰ্থ পাবলৈ স্ফটিকীৰণ পদ্ধতিটো ব্যৱহাৰ কৰা হয় ।এই প্ৰক্ৰিয়াত স্ফটিকৰ ৰুপত বিশুদ্ধ গোটা পদাৰ্থ দ্ৰৱৰ পৰা পৃথক হৈ পৰে ।


Page 24

1. তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন ?

· গছ কটা ।

· কেৰাহি এখনত মাখন গলি যোৱা ।

· আলমাৰিত মামৰ ধৰা ।

· পানী উতলাই জলীয় ভাপ কৰা ।

· পানীৰ মাজেদি বাদ্যুত প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা ।

· পানীত নিমখ দ্ৰৱীভূত কৰা ।

· কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা ।

· কাগজ আৰু কাঠ পুৰিলে ।

উত্তৰঃ ভৌতিক পৰিৱৰ্তনঃ

· গছ কটা ।

· কেৰাহি এখনত মাখন গলি যোৱা ।

· পানী উতলাই জলীয় ভাপ কৰা

· পানীত নিমখ দ্ৰৱীভূত কৰা ।

· কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা ।

ৰাসায়নিক পৰিৱৰ্তনঃ

· আলমাৰিত মামৰ ধৰা ।

· পানীৰ মাজেদি বাদ্যুত প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা ।

· কাগজ আৰু কাঠ পুৰিলে ।


2. তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা ।

উত্তৰঃ বিশুদ্ধ পদাৰ্থঃ পানী, চেনি, ছ’ডিয়াম ক্ল’ৰাইড, লো, ৰুপ, সোণ, কৰ্পূৰ ইল্যাদি ।

মিশ্ৰণঃ মাটি, খনিজ, পদাৰ্থ, মৃদু পানীয়, কাগজ, লৱণৰ দ্ৰৱ, চেনিৰ দ্ৰৱ, গাখীৰ, পেট্ৰ’লিয়াম, চাহ, কফি, কাপোৰ,শাক-পাতলি ইত্যাদি ।


অনুশীলনী


1. তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা ?

(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্লৰাইড

(b) ডিয়াম ক্লৰাইড আৰু এমনিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এমনিয়াম ক্লৰাইড

(c) গাড়ীৰ ইঞ্জিন – তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা ।

(d) ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ (extract) পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ ।

(e) দৈৰ পৰা মাখন ।

(f) পানীৰ পৰা তেল ।

(g) চাহৰ পৰা চাহপাত ।

(h) বালিৰ পৰা লোৰ পিন ।

(i) চোকোৰাৰ পৰা গৰম গুটি ।

(j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সুক্ষ্ম কণিকাবোৰ ।

উত্তৰঃ

(a) বাষ্পীভৱন ।

(b) উৰ্ধপাতন ।

(c) পৰিশ্ৰাৱণ ।

(d) বৰ্ণলেখন ।

(e) অপকেন্দ্ৰিক পদ্ধতি ।

(f) পাতন ।

(g) পৰিশ্ৰাৱণ ।

(h) চুম্বকীয় পৃথকীকৰণ ।

(i) বা-দিয়া পদ্ধতি ।

(j) অপকেন্দ্ৰিক পদ্ধতি ।

2. একাপ চাহ বানাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ (Steps) লিখা । দ্ৰৱণ, দ্ৰাৱক, দ্ৰৱ্য, দ্ৰৱীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয়, পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰি ।

উত্তৰঃ কেটলিত অলপ পানী (দ্ৰাৱক) লোৱা হ'ল । বাৰ্ণাৰৰ ওপৰত ৰাখি ইয়াত তাপ প্ৰয়োগ কৰা হ'উতলা পানীত অলপ চাহপাত দিয়া '।চাহপাত পানীত অদ্ৰৱণীয়। অৱশ্য চাহপাতৰ ৰং আৰু স্বাদ দ্ৰাৱকৰ লগত মিহলি হয় । ইয়াক পৰিশ্ৰাৱণ কৰা হ' আৰু পৰিশ্ৰুতখিনি এটা কাপত সংগ্ৰহ কৰা হ'ব্যৱহাৰ চাহপাতখিনি ছাকনীত অৱশিষ্ট হিচাপে ৰৈ যাপৰিশ্ৰুত লগত গাখীৰ (দ্ৰাৱ্য) মিহলি কৰি দ্ৰৱণৰ সৃষ্টি কৰা হ' ।এতিয়া নিৰ্দিষ্ট পৰিমাণৰ চেনি (দ্ৰৱ্য) দ্ৰৱণটোত যোগ কৰা হ'ল। চেনি পানীত দ্ৰৱণীয়।চেনিখিনি দ্ৰৱীভূত নোহোৱা পৰ্যন্ত দ্ৰৱণটো আৱৰ্তিত কৰা হ' । এনে কৰাৰ অন্তত চাহখিনি খাবৰ উপযোগী হ'

3. প্ৰজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে । ( ফলাফলবোৰ তালিকা খনত 100g পানীত সংপৃক্ত দ্ৰৱণ প্ৰস্তুতি বাবে প্ৰয়োজনীয় দ্ৰাৱ্যৰ পৰিমাণ হিচাপে দিয়া হৈছে ।)



দ্ৰৱীভূত কৰা পদাৰ্থ

উষ্ণতা (K)

283 293 313 333 353

দ্ৰৱণীয়তা

পটেছিয়াম নাইট্ৰেট

21

32

62

106

167

ডিয়াম ক্লৰাইড

36

36

36

37

37

পটেছিয়াম ক্লৰাইড

35

35

40

46

24

এমনিয়াম

24

37

41

55

66


(a) পটেছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰবলৈ 313 k উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটেছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব?

(b) 353 k উষ্ণাতত প্ৰজ্ঞাই পটেছিয়াম ক্লৰাইড এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হবলৈ থৈ দিলে তেওঁ কি দেখিব?s

(c) প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293k ত নিৰ্দ্ধাৰণ কৰা । এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি?

(d) লৱণৰ দ্ৰণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ বাখ্যা কৰা

উত্তৰঃ

(a)প্ৰদত্ত তথ্যৰ পৰা পটেছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰবলৈ 313 k উষ্ণতাত 100g পানীত যোগ কৰিবলগীয়া পটেছিয়াম নাইট্ৰেচৰ ভৰ 62g

গতিকে, পটেছিয়াম নাইট্ৰেটৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰিবলৈ 313k উষ্ণতাত 50g পানীত যোগ কৰ্বলগীয়া পটেছিয়াম নাইট্ৰেটৰ ভৰ = 62/100× 50 = 31g

(b) সাধাৰণতে উষ্ণতা হ্ৰাস পালে তৰল পদাৰ্থত কঠিন পদাৰ্থৰ দ্ৰৱণীয়তা হ্ৰাস পায় ।

প্ৰদত্ত তথ্যৰ পৰা 353k উষ্ণতাত পটেছিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা 54, আনহাতে কোঠাৰ উষ্ণতাত (প্ৰায় 293k) দ্ৰৱণীয়তা 35 । ইয়াৰ অৰ্থ এয়ে যে 353k উষ্ণতাত 100g পানীয়ে সৰ্বাধিক 54g পটেছিয়াম ক্লৰাইড দ্ৰৱীভূত কৰিব পাৰে; আনহাতে কোঠাৰ উষ্ণতাত 100g পানীয়ে সৰ্বাধিক 35g পটেছিয়াম ক্লৰাইড দ্ৰৱীভূত কৰিব পাৰে । গতিকে, প্ৰজ্ঞাই পৰ্যবেক্ষণ কৰিব যে দ্ৰৱটোৰ উষ্ণতা 353k ৰ পৰা 293k লৈ হ্ৰাস পালে 54g – 35g = 19g পটেছিয়াম ক্লৰাইড দ্ৰৱটোৰ পৰা কঠিন পদাৰ্থৰ ৰুপত পৃথক হৈ স্ফটিক গঠন কৰিব।

(c) 293k উষ্ণতাতঃ

পটেছিয়াম নাইট্ৰেটৰ দ্ৰৱণীয়তা = 32g

ডিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা = 36g

পটেছিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা = 35g

এমনিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা = 37g

গতিকে, 293k উষ্ণতাত এমনিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা (37g) সৰ্বাধিক ।


(d) প্ৰদত্ত তথ্যৰ পৰা দেখা গল যে বেছি ভাগ ক্ষেত্ৰতে উষ্ণতা বৃদ্ধিৰ লগে লগে লৱণৰ দ্ৰৱণীয়তা বৃদ্ধি পায় ।

4. উদাহৰণ দি ব্যাখ্যা কৰা –

(a) সংপৃক্ত

(b) বিশুদ্ধ পদাৰ্থ

(c) কলয়ড

(d) প্ৰলম্বন

উত্তৰঃ

(a) সংপৃক্ত দ্ৰৱঃ নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱকত দ্ৰৱীভূত কৰ্ব পৰা দ্ৰৱ্যৰ সৰ্বোচ্চ সীমা থাকে । যি দ্ৰৱত নিৰ্দিষ্ট উষ্ণতাত সৰ্বাধিক পৰিমাণৰ দ্ৰৱ্য দ্ৰৱীভূত কৰা হয় তাকে সংপৃক্ত দ্ৰৱ বুলি কোৱা হয় । গতিকে, সংপৃক্ত দ্ৰৱত নিৰ্দিষ্ট উষ্ণতাটোত অধিক দ্ৰৱ্য দ্ৰৱীভূত কৰিব নোৱাৰি ।

উদাবৰণঃ মৃদ পানীয় আৰু মাটিৰ নাইট্ৰজেন ।

(b) বিশুদ্ধ পদাৰ্থঃ মাত্ৰ এবিধ কণাৰে ৰঠিত পদাৰ্থক বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয় । এটা বিশুদ্ধ পদাৰ্থৰ আটাইবোৰ উপাদান কণাৰ ৰাসায়নিক প্ৰকৃতি একে । এবিধ বিশুদ্ধ পদাৰ্থক কোনো ভৌতিক পদ্ধতিৰে অন্য প্ৰকাৰৰ পদাৰ্থলৈ পৃথক কৰ্ব নোৱাৰি । বিশুদ্ধ পদাৰ্থৰ নিৰ্দিষ্ট গলনাংক আৰু উতলাংক আছে । সকলোবোৰে মৌল আৰু যৌগ বিশুদ্ধ পদাৰ্থ ।

উদাহৰণঃ সোণ, পানী, ডিয়াম ক্লৰাইড ইত্যাদি ।

(c) কলয়ডঃ কলয়ড অথবা কলয়ডীয় দ্ৰৱ এনে এবিধ অসমসত্ব মিশ্ৰণ যত বিস্তাৰিত প্ৰাৱস্হাৰ দশাৰ কণাবোৰ বিস্তাৰণ মাধ্যত সুষমভাৱে ব্যাপ্ত হৈ থাকে । যেনে- গাখীৰ হৈছে এক কলয়ডীয় দ্ৰৱ যত চৰ্বি পানীত ব্যাপ্ত হৈ থাকে । কলয়ডৰ ধৰ্মসমূহ দ্ৰৱ আৰু প্ৰলম্বনৰ ধৰ্মৰ মধ্যৱৰ্তী ।

উদাবৰণঃ তেজ, গাখীৰ, চাবোনৰ দ্ৰৱ ইত্যাদি ।

(i) কলয়ডীয় দ্ৰৱৰ কণিকাবোৰৰ ব্যাস 10-9m ৰ পৰা 107m ৰ ভিতৰত । সেয়ে, ইহঁতক খালী চকুৰে দেখা পোৱা নাযায় । অৱশ্যে ইহঁতক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণ কৰিব পাৰি।

(ii) কলয়ডীয় দ্ৰৱ ঙ্গষৎ স্বচ্ছ ।

(iii) কলয়ডৰ দ্ৰাৱ্য কণিকাবোৰ কলয়ডৰ পৰা অপকেন্দ্ৰিক পদ্ধতি ব্যৱহাৰ কৰি পৃথক কৰিব পাৰি ।

(iv) কলয়ডীয় দ্ৰৱৰ মাজেদি অতিক্ৰম কৰা পোহৰৰ ৰশ্মিগুচ্ছ বিচ্ছুৰিত হয় আৰু ইয়াৰ গতিপথ দৃশ্যমান হয় অৰ্থাৎ কলয়ডীয় দ্ৰৱই টিণ্ডেল প্ৰভাৱ দেখুৱাই ।

(d) প্ৰলম্বনঃ প্ৰলম্বন হল এনে এবিধ অসমসত্ব মিশ্ৰণ যত দ্ৰাৱ্যৰ কণিকাবোৰে গোটেই মাধ্যমটোত দ্ৰৱীভূত নোহোৱাকৈ বিস্তাৰিত বৈ থাকে । গতিকে, প্ৰলম্বনত দ্ৰাৱ্যৰ কণিকাবোৰ দ্ৰৱীভূত নহয় । ইযাৰ পৰিৱৰ্তে ইহঁত গোটেই মধ্যমটোত বিস্তাৰিত হৈ থাকে ।

উদাহৰণঃ বোকা পানী, চক আৰু পানীৰ মিশ্ৰণ ইত্যাদি ।

(i) প্ৰলম্বন কণিকাবোৰৰ ব্যাস 107m সেইবাবে ইহঁতক খালী চকুৰে দেখা যায়

(ii) প্ৰলম্বনবোৰ ঙ্গষৎ স্বচ্ছ ।

(iii) প্ৰলম্বনৰ দ্ৰৱ্য কণিকাবোৰ পৰিশ্ৰাৱণ প্ৰক্ৰিয়াৰে প্ৰলম্বনৰ পৰা পৃথক কৰিব পাৰি ।

(iv) প্ৰলম্বনে টিণ্ডেল প্ৰভাৱ নেদেখুৱাই ।


5. তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভূক্ত কৰা-

ডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকিলোৱা চাহ

উত্তৰঃ

ডা পানী : সমসত্ব মিশ্ৰণ

কাঠ : অসমসত্ব মিশ্ৰণ

বায়ু : সমসত্ব মিশ্ৰণ

মাটি : অসমসত্ব মিশ্ৰণ

ভিনেগাৰ : সমসত্ব মিশ্ৰণ

চেকিলোৱা চাহ : সমসত্ব মিশ্ৰণ

6. তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা ?

উত্তৰঃ প্ৰটিটো পদাৰ্থৰ নিৰ্দিষ্ট উতলাংক আৰু গলনাংক আছে । প্ৰমাণ বায়ুমণ্ডলীয় চাপ (1 এটমছফিয়েৰ)ত বিশুদ্ধ পানীৰ উতলাংক 100o C (বা 353K) যদি বৰণহীন তৰলখিনি 100O C ত উতলে, তেন্তে এয়া নিশ্চিত যে প্ৰদত্ত তৰলখিনি বিশুদ্ধ পানী । অশুদ্ধি থাকিলে তৰলৰ উতলামক বৃদ্ধি পায় ।

7. তৰল পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থশাৰীত পৰিব ?

(a) বৰফ ।

(b) গাখীৰ ।

(c) লো ।

(d) হাইড্ৰক্লৰিক এছ্ড ।

(e) কেলছিয়াম অক্সাইড

(f) পাৰা ।

(g) ইটা ।

(h) কাঠ ।

(i) বায়ু ।

উত্তৰঃ সকলোবোৰ মৌল আৰু যৌগ বিশুদ্ধ পদাৰ্থ । সেয়ে লো, পাৰা, মৌলদ্বয় আৰু বৰফ, হাইড্ৰক্লৰিক এছিড, কেলছিয়াম অক্সাইড এই যৌগকেইটা বিশুদ্ধ পদাৰ্থ ।

8. তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা-

(a) মাটি

(b) সাগৰৰ পানী

(c) বায়ু

(d) কয়লা

(e) ডা পানী

উত্তৰঃ সাগৰৰ পানী, বায়ু, আৰু ছডা পানী হৈছে দ্ৰৱ ।


9. তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱদেখুৱাই ?

(a) লৱণৰ দ্ৰৱ

(b) গাখীৰ

(c) কপাৰ ছালফেটৰ দ্ৰৱণ

(d) ষ্টাৰ্চৰ দ্ৰৱণ(Starch Salution)

উত্তৰঃ গাখীৰ আৰু ষ্টাৰ্চৰ দ্ৰৱণ কলয়ডীয় দ্ৰৱ । গতিকে, ইহঁতে টিণ্ডেল প্ৰভাৱ প্ৰদৰ্শন কৰিব ।


10. তলৰ দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিছাপে শ্ৰেণীভূক্ত কৰা ।

(a) ডিয়াম

(b) মাটি

(c) চেনিৰ দ্ৰৱণ

(d) ছিলভাৰ

(e) কেলছিয়াম কাৰ্বনেট

(f) টিন

(g) ছিলিকন

(h) কয়লা

(i) বায়ু

(j) চাবোন

(k) মিথেন

(l) কাৰ্বন ডাই-অক্সাইড

(m) তেজ

উত্তৰঃ মৌলঃ ছডিয়াম, ছিলভাৰ, টিন আৰু ছিলিকন ।

যৌগঃ কেলছিয়াম কাৰ্বনেট, মিথেন আৰু কাৰ্বন ডাই-অক্সাইড

মিশ্ৰণঃ মাটি, চেনিৰ দ্ৰৱণ, কয়লা, বায়ু, চাবোন আৰু তেজ ।


11. তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন ?

(a) উদ্ভিদৰ বৃদ্ধি

(b) লোত মামৰে ধৰা

(c) লোৰ গুৰি বা বালি মিহলিকৰণ

(d) খাদ্য ৰন্ধন

(e) খাদ্য হজম হোৱা

(f) পানী গোটমৰা

(g) মমবাতি জ্বলোৱা

উত্তৰঃ ৰাসায়নিক পৰিৱৰ্তনঃ

(b) লোত মামৰে ধৰা

(d) খাদ্য ৰন্ধন

(e) খাদ্য হজম হোৱা

(g) মমবাতি জ্বলোৱা



No comments:

Post a Comment

General Knowledge MCQ

General Knowledge MCQ 1. Which country will be the first foreign country to adopt Indian UPI system:- a) Bhutan b) Ban...