সুখ
১। অতি চমু উত্তৰ দিয়া—
(ক) মানুহৰ সুখ-দুখৰ আচল কথা কি?
উত্তৰঃ সুখ-দুখৰ
মনেই কাৰণ
মনক ৰাখিব থিত, — অর্থাৎ সুখ- দুখৰ কাৰণ হ’ল স্থিৰ মন।
(খ) কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুৰায় বুলি কবিলে কৈছে?
উত্তৰ: মই মােৰ’ ভাবে তললৈ বুৰাৰ
নাপাবা ৰক্ষাৰ তীৰ। অর্থাৎ মানুহৰ অহংভাৱে মানুহক অধঃপতনৰ দিশে লৈ যায়।
(গ) নিঃস্বার্থৰ বাট কেনেকুৱা ?
উত্তৰঃ নিঃস্বার্থৰ বাট, সেন্দুৰীয়া আলি, সুগন্ধি কুসুম ফুলে
—অর্থাৎ নি-স্বার্থবান মানুহৰ পথ যাত্রা সদায় মসৃন আৰু আনন্দ মুখৰ হয়।
(ঘ) কবি আনন্দ চন্দ্র আগৰৱালাক কিয় ‘ভাঙনি কোঁৱৰ বুলি কোৱা হয় ?
উত্তৰ : আগৰৱালাই কেইবাটিও
ইংৰাজী কবিতা অসমীয়ালৈ সুৱলাকৈ ভাঙনি কৰা বাবে তেওঁ ভাঙনি কোঁৱৰ’আখ্যা দিয়া হৈছে।
(ঙ) কাক আপােন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে?
উত্তৰ: পৰক আপােন কৰিব
পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে।
(চ) কবিৰ মতে প্রকৃত সুখ কেনেকৈ পাব পাৰি
উত্তৰঃ ধৰ্মৰ্ত থাকি, নিস্বার্থভাৱে সকলােকে আপােন কৰি ল’ব পাৰিলে প্রকৃত সুখ পােৱা যায়।
২। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা?
উত্তৰঃ সুখ হৈছে মূলতঃ মন বা শৰীৰত অনুভূত হােৱা
তৃপ্তিকৰ অৱস্থা, মানসিক বা শাৰীৰিক সন্তুষ্টি। সুখ বিচাৰি মানুহ ব্যাকুল হলেও প্রকৃত সুখ পাবলৈ হ’লে মানুহে
স্বার্থত্যাগ কৰিব পাৰিব লাগিব, আনৰ কাৰণে খাটিব লাগিব বা আনৰ দুখত দুখী হ’ব পাৰিব লাগিব। সকলােকে আপােন কৰি
ল’ব পৰা গুণেও মানুহক সুখী কৰে। নিস্বার্থ মানুহবােৰ সুখী হয়। যিয়ে নিঃস্বার্থ মনােভাৱেৰে এক সুন্দৰ জীৱন- যাপন
কৰে, সকলােৰে মাজত বিশ্বপ্রেমৰ বাণী বিলাই আদর্শজীৱনৰ গৰাকী হয়— তেওঁৰ বাবে সুখৰ কেতিয়াও ওৰ নপৰে বুলি কবিয়ে দৃঢ়তাৰে
ব্যক্ত কৰিছে।
৩। ব্যাখ্যা কৰা
(ক) অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে
সংসাৰ সুখৰ ঠাই।
উত্তৰ : উক্ত
কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ ৰ অন্তৰ্গত কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱে লিখা ‘সুখ’ নামৰ
কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
মানুহ স্বার্থপৰ হব নালাগে। নিজৰ বাহিৰেও পৰৰ কথা চিন্তা কৰিব লাগে। নিজে নাখায়
অইনক খাবলৈ দিব পৰাতাে মহৎ গুণ। যদি অইনৰ দুখ-সুখত নিজক বিলনী কৰি দিব পৰা যায় তেতিয়া হ’লে সংসাৰত কত দুখৰ ঠাই
পােৱা নাযায়।
খ) গাই গােটা পেটে ভঁৰাল নহবা
লােকৰ দুখলৈ চোৱা,
মানুহৰ সেৱা
মানুহৰ পূজা।
পবিত্ৰ বৰত লােৱা।
উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি
‘অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱে লিখা ‘সুখ’ নামৰ কবিতাটোৰ পৰা।
তুলি দিয়া
হৈছে।
অসমীয়াত এষাৰ কথা আছে যে সকলো বামুণ মৰক মােৰ, পেটটো ভৰক। মানুহ অত্যাধিক ব্যক্তিকেন্দ্রিক হ’ব
নালাগে। নিজৰ যেনেকৈ ভােক পিয়াহ থাকে তেনেকৈ অইনৰাে ভােক পিয়াহ থাকে। সেয়ে সকলােখিনি নিজে ভক্ষণ নকৰি আনৰ কাৰণেও
চিন্তা কৰিব লাগে। মানৱ সেৱা হ’ল প্রকৃত সেৱা। গতিকে কবিয়ে এই প্রকৃত সেৱাৰ নামত নিজকে উৎসর্গিত কৰিবলৈ সকলােকে আহ্বান
জনাইছে।
(গ) স্বার্থৰ বাটত দুখৰ কাঁইট
খােজে পতি বিন্ধ হুলে
নিঃস্বার্থৰ
বাট সেন্দুৰীয়া আলি
সুগন্ধি কুলুম ফুৰে।
উত্তৰ: উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথি
অসমীয়া সাহিত্য চয়নিকা’(নতুন)ৰ অন্তৰ্গত কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱে লিখা সুখ’ নামৰ কবিতাটোৰ পৰা
তুলি দিয়া
হৈছে।
স্বার্থপৰ মানুহৰ বিপদ অনেক। এনেকুৱা মানুহ সকলােৰে বাবে চকুৰ কুটা দাঁতৰহুল’ সদৃশ হয়। এই ধৰণৰ মানুহে
সংসাৰত অনেক দুখকষ্ট ভােক কৰিব লগা হয়। কিন্তু নিঃস্বার্থবান মানুহ সকলােৰে আপােন। এই ধৰণৰ মানুহৰ বাবে সংসাৰ পথত বাধা
বিঘিনী নাথাকে। যি পিনেই গতি কৰে সেইপিনেই ‘জয় জয়-ময় ময়’।।
প্ৰঃ সুখ কবিতাটোৰ কৱি জনৰ নাম কি
উত্তৰ: আনন্দ চন্দ্ৰ আগৰৱালা
প্ৰঃ মানুহৰ সুখ-দুখৰ আচল কথা কি?
উত্তৰ: সুখ- দুখৰ কাৰণ হ’ল স্থিৰ মন।
No comments:
Post a Comment