js

Tuesday, August 20, 2024

SEBA Class IX Science Chapter 7 Questions and Answers draft

নৱম শ্ৰেণীৰ বিজ্ঞানৰ সপ্তম অধ্যায়ৰ প্রশ্ন উত্তৰ - জীৱৰ বিচিত্ৰতা

নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ Page No. 80


1. আমি জীৱবিলাকৰ কিয় শ্ৰেণী বিভাজন কৰো?

Answer: সহজ আৰু সুবিধাজনক অধ্যয়ৰ বাবে আমি জীৱৰ শ্ৰেণী বিভাজন কৰো। জীৱ বিলাকৰ মাজত থকা সাদৃশ্যতা আৰু পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি জীৱ বিলাকক শ্ৰেণী বিভাজন কৰা হয়।


2. তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া।

Answer: 

a) নিগনিটোৰ পৰা গৰুটোলৈ

b) ঘাঁহৰ পৰা বাঁহগছলৈ

c) পখিলাটোৰ পৰা চিলনীটোলৈ


নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ Page No. 82


1. জীৱজগতৰ শ্ৰেণী বিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা?

ক) সিহঁতে বসবাস কৰা স্থানক?

খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক ? আৰু কিয়?

Answer: জীৱবিলাকৰ শ্ৰেণীবিভাজন কৰোতে সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। কাৰণ, প্ৰকোষকেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় জীৱৰ উভয়ৰে দেহৰ গঠন আৰু চৰিত্ৰ পৃথক হ'ব।

আনহাতে, বসবাস কৰা স্থানৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰাতো গুৰুত্বপূৰ্ণ নহয় কিয়নো কোনো এক বাসস্থানত বিভিন্ন চৰিত্ৰগত আৰু পৃথক দেহ গঠনৰ জীৱ একেলগে বাস কৰে। উদাহৰণ স্বৰূপে - এটা পুখুৰীত জলজ উদ্ভিদৰ পৰা মাছ-কাছলৈ একেলগে থাকে আৰু সিহঁতৰ জীৱ দেহৰ গঠন আৰু চৰিত্ৰয়ো পৃথক হ'ব।


2. জীৱজগতৰ শ্ৰেণীবিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি?

Answer: জীৱজগতৰ শ্ৰেণীবিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ'ল কোষৰ প্ৰকাৰ, যাক প্ৰকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় হিচাপে বিভাজিত কৰিব পাৰি।


3.  কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে?

Answer:
ক) কোষবেৰৰ উপস্থিতি আৰু অনুপস্থিতি
খ) পুষ্টিৰ প্ৰকাৰ, স্বপোষী নে পৰপোষী।


নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ Page No. 83

1. কোনবোৰ জীৱক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক?

Answer: সৰল কোষৰ দ্বাৰা গঠিত আৰু শ্ৰম বিভাজন নথকা জীৱক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয়।

উচ্চস্তৰীয় জীৱৰ দেহ বহুকোষৰ দ্বাৰা গঠিত হয় লগতে বিভিন্ন কাৰ্যৰ বাবে কলা বা অংগৰ ব্যৱস্থা থাকে।


2. উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেইনে? যদি হয়। কিয়?

Answer: হয়, উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একে। ক্ৰমবিকাশৰ গতিৰ ধাৰাত জীৱৰ দেহৰ অধিক জটিল পৰ্যায়ৰ ফালে ধাৱিত হয়।


নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ Page No. 85


1. মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে?

Answer: সুস্পষ্ট কোষকেন্দ্ৰ থকা আৰু নথকাৰ ওপৰত ভিত্তি কৰি মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ জীৱবিলাকক বিভক্ত কৰা হৈছে।

মনেৰাৰ ৰাজ্যৰ জীৱবিলাকৰ কোষকেন্দ্ৰ বেৰ নাথাকে। আনহাতে প্ৰটিষ্টা ৰাজ্যৰ জীৱবিলাকৰ কোষকেন্দ্ৰ সুস্পষ্ট আৰু কেন্দ্ৰাবৰণযুক্ত।


2. সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যত অন্তৰ্ভুক্ত কৰিবা ?

Answer: প্ৰটিষ্টা ৰাজ্যত।


3. শ্ৰেণীবিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো আটাইতকৈ বেছি সংখ্যক জীৱ অন্তভুক্ত হয়?

Answer: মনেৰা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকৰ সৰ্বাধিক সাধাৰণ বৈশিষ্ট্য থকা জীৱৰ সংখ্যা আটাইতকৈ কম হ'ব।

আনহাতে, প্ৰাণী ৰাজ্যত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হ'ব।


নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ Page No. 88


1. উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?

Answer: সমাংগদেহী বা শেলাই।


2. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পাৰ্থক্য?

Answer: ঢেঁকীয়া জাতীয় উদ্ভিদ আৰু সপুষ্পক উদ্ভিদৰ মাজৰ পাৰ্থক্য-


ঢেঁকীয়া জাতীয় উদ্ভিদ সপুষ্পক উদ্ভিদ
বীজ ধাৰণ নকৰে বীজ ধাৰণ কৰে
প্ৰজনন অংগ অস্পষ্ট প্ৰজনন অংগ সুনিৰ্দিষ্ট
উদাহৰণ- পানী টেঙেচী, ঢেঁকীয়া উদাহৰণ- চাইকাচ, মিঠাআলু


3. নগ্নবীজী আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য কি?

Answer: নগ্নবাজী আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা পাৰ্থক্যসমূহ-


নগ্নবীজী উদ্ভিদ গুপ্তবীজী উদ্ভিদ
ইহঁত ফুলবিহীন উদ্ভিদ। ইহঁত ফুল ফুলা উদ্ভিদ।
বীজ নগ্ন অৱস্থাত থাকে। বীজ ফলত আৱদ্ধ হৈ থাকে।
উদাহৰণ- পাইন গছ, চাইকাচ আদি উদাহৰণ- আম, বিলাহী আদি।


নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ Page No. 94


1. ৰন্ধ্ৰীপ্ৰাণীসমূহক একনলদেহী প্ৰাণীসমূহৰ পৰা কিদৰে পাৰ্থক্য কৰিব পাৰি?

Answer: ৰন্ধ্ৰীপ্ৰাণী আৰু একনলদেহী প্ৰাণীসমূহৰ মাজত থকা পাৰ্থক্যসমূহ-


ৰন্ধ্ৰীপ্ৰাণী একনলদেহী প্ৰাণী
ইহঁত বেছিভাগেই সাগৰীয়, চলনক্ষমহীন আৰু কঠিন পদাৰ্থত খামোচ মাৰি লাগি থাকে। ইহঁত সাগৰীয় প্ৰাণী যিবোৰে সংঘবদ্ধভাৱে বা অকলশৰীয়াকৈ বাস কৰে।
কোষীয় সংগঠনৰ স্তৰ দেখুৱায়। কলাৰ সংগঠনৰ স্তৰ দেখুৱায়।
উদাহৰণ- স্পঞ্জিলা, চাইকন আদি। উদাহৰণ- হাইড্ৰা, সাগৰীয়া এনিমন আদি।


2. কেনেকৈ বলয়ীদেহী প্রাণীসমূহক সন্ধীপদী প্রাণীসমূহৰ পৰা পাৰ্থক্য কৰিব পাৰি?

Answer: বলয়ীদেহী প্ৰাণী আৰু সন্ধীপদী প্ৰাণীসমূহৰ মাজৰ পাৰ্থক্য-


বলয়ীদেহী প্ৰাণী সন্ধীপদী প্ৰাণী
শৰীৰটো বহু একেধৰণৰ খণ্ডত বিভক্ত। শৰীৰটো কিছুমান বিশেষ খণ্ডত বিভক্ত।
ৰক্ত সঞ্চালন ব্যৱস্থা বন্ধ হৈ থাকে। মুক্ত ৰক্ত সঞ্চালন ব্যৱস্থা থাকে।
উদাহৰণ- কেঁচু, জোক। উদাহৰণ- মিছামাছ, পখিলা।


3. উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি ?

Answer: উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজত থকা পাৰ্থক্যসমূহ-


উভচৰ সৰীসৃপ
ইহঁতৰ ছালত বাকলি নাথাকে। ইহঁতৰ ছালত বাকলি থাকে।
পানীত কণী পাৰে। স্থলভাগত কণী পাৰে।
ইহঁত জল আৰু স্থল দুয়োটা পৰিবেশতে থাকে। ইহঁত সাধাৰণতে স্থলজ।
উদাহৰণ- চুক ভেকুলি, ৰাণা টাইগ্ৰিনা, চালামান্দাৰ আদি। উদাহৰণ- কাছ, সাপ, ঘৰ জেঠী আদি।


4. পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি কি?

Answer: পক্ষী আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজত থকা পাৰ্থক্যসমূহ-


পক্ষী স্তন্যপায়ী প্ৰাণী
দেহৰ বহিঃ আৱৰণ পাখিৰে আবৃত, ঠোট থাকে। ইহঁতৰ পাখি আৰু ঠোট নাথাকে।
ইহঁতে কণী পাৰে। কিছুমানৰ বাদে বাকী সকলোবোৰে পোৱালী জন্ম দিয়ে।
উদাহৰণ- পাৰ চৰাই, ঘৰচিৰিকা আদি। উদাহৰণ- মানুহ, মেকুৰী, বাদুলী আদি।


অনুশীলনী

নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ Page No. 97


1. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?

Answer: জীৱৰ বৰ্গীকৰণৰ সুবিধাসমূহ হ'ল-

ক) পৃথিৱীৰ বিশাল জৈৱ বৈচিত্ৰক সহজে আৰু পদ্ধতিগতভাৱে অধ্যয়ন কৰাত সহায় কৰে।

খ) বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাত সহায়ক হয়।

গ) মানুহ আৰু অন্য জীৱৰ মাজত থকা সম্পৰ্ক আৰু নিৰ্ভৰশীলতাৰ বিষয়ে অধ্যয়ন কৰাত সহায় হয়।

ঘ) বাণিজ্যিক ক্ষেত্ৰত সংকৰণ আৰু জিনীয় পৰিবৰ্তন আদিৰ বাবে সুবিধাজনক হয়।


2. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা?

Answer: শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবলৈ আমি কেবাটাও বৈশিষ্ট্যৰ মাজৰ পৰা মৌলিক বৈশিষ্ট্যটো বাছি লৈ জীৱসমূহৰ পৰবৰ্তী বিভাজন কৰিব পাৰো। কিয়নো পৰবৰ্তী বিভাজনৰ বৈশিষ্ট্য পূৰ্বৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰশীল হ'ব।


3. জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা?

Answer: জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ-

ক) কোষৰ গঠন - প্ৰকোষকেন্দ্ৰীয় নে সংকোষকেন্দ্ৰীয়।

খ) পৰিপুষ্টিৰ ধৰণ- স্বপোষী নে পৰপোষী।

গ) দেহৰ সংগঠন - এককোষী নে বহুকোষী।

ঘ) কোষৰ কোষবেৰ- আছে নে নাই।


4. উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগসমূহ কি কি? এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে?

Answer: উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগসমূহ হ'ল-

ক) সমাঙ্গদেহী উদ্ভিদ (Thallophyta)

খ) মচ জাতীয় উদ্ভিদ (Bryophyta)

গ) ঢেঁকীয়া জাতীয় উদ্ভিদ (Pteridophyta)

ঘ) নগ্নবীজী উদ্ভিদ (Gymnosperms)

ঙ) গুপ্তবীজী উদ্ভিদ (Angiosperms)


ইহঁতৰ বিভাজনৰ ভিত্তিসমূহ-

ক) উদ্ভিদৰ দেহ পৃথক অংশত বিভক্ত কৰিব পাৰি নে নোৱাৰি।

খ) সংবহন কলা থাকে নে নাথাকে।

গ) বীজ ধাৰণ কৰে নে নকৰে।

ঘ) বীজ নগ্ন অৱস্থাত থাকে নে বীজ ফলত আবৃত হৈ থাকে।


5. উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজন কৰা ভিত্তিসমূহ আৰু প্ৰাণী জগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূহৰ মাজৰ প্ৰভেদ কি?

Answer: উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজন উদ্ভিদৰ দেহ পৃথক অংশত বিভক্ত কৰিব পাৰি নে নোৱাৰি, সংবহন কলা থাকে নে নাথাকে, বীজ ধাৰণ কৰে নে নকৰে, বীজ নগ্ন অৱস্থাত থাকে নে বীজ ফলত আবৃত হৈ থাকে ইত্যাদিৰ ওপৰত ভিত্তি কৰি কৰা হয়।

অন্যহাতে, প্ৰাণী ৰাজ্যৰ শ্ৰেণীবিভাজন শৰীৰৰ সংগঠনৰ স্তৰ কোষস্তৰৰ নে কলাস্তৰৰ, দেহগুহা থাকে নে নাথাকে, মেৰুদণ্ড থাকে নে নাথাকে ইত্যাদিৰ ওপৰত ভিত্তি কৰি কৰা হয়। 


6. মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা?

Answer: মেৰুদণ্ডী প্ৰাণীসমূহক পাঁচটা শ্ৰেণীত উপ বিভাজন কৰা হৈছে। সেইকেইটা হ'ল - মৎস্য, উভচৰ, সৰীসৃপ, পক্ষী আৰু স্তন্যপায়ী।

ক) মৎস্য (Pisces) - বহিঃ কংকাল বাকলিৰে আবৃত, অন্তঃ কংকাল অস্থি বা উপাস্থিৰে গঠিত, ফুলৰ সহায়ত উশাহ লয়।

খ) উভচৰ (Amphibia) - লালুকী অৱস্থাত ফুলৰ সহায়ত আৰু প্ৰাপ্তবয়স্কত হাওঁফাওঁৰ দ্বাৰা উশাহ লয়। মিহি ছাল থাকে।

গ) সৰীসৃপ (Reptilia) - বহিঃ কংকাল বাকলিৰে আবৃত, স্থলত কণী পাৰে।

ঘ) পক্ষী (Aves) - বহিঃ কংকাল পাখিৰে আবৃত, কণী পাৰে আৰু উৰিব পাৰে।

ঙ) স্তন্যপায়ী (Mammalia) - বহিঃ কংকাল নোমেৰে আবৃত, বহিঃ কৰ্ণ থাকে। স্ত্ৰী প্ৰাণীসমূহৰ দেহত স্তন গ্ৰন্থি থাকে। কিছুমানৰ বাদে সকলোবোৰে পোৱালি জন্ম দিয়ে।


No comments:

Post a Comment