Redirect Image

js

Friday, September 13, 2024

অসমীয়া ব্যাকৰণঃ সন্ধি

সন্ধি

১/সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ৷
উত্তৰ: কোনো এটা শব্দৰ শেষ বৰ্ণ আৰু আন এটাৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলা হয় ৷

২/ সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ: সন্ধি তিনি বিধ –
১. স্বৰ সন্ধি ৷
২. ব্যঞ্জন সন্ধি ৷
৩. বিসৰ্গ সন্ধি ৷ বহুতে বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ অন্তৰ্গত বুলিও কয় ৷

৩/ স্বৰ সন্ধি কাক বোলে ? স্বৰ সন্ধিৰ উদাহৰণ দিয়া ?
উত্তৰঃ স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয় তেনে সন্ধিক স্বৰ সন্ধি বোলা হয় ৷
উদাহৰণ-
জল + অধিপতি = জলাধিপতি ৷
হিম + অচল = হিমাচল ৷
উমা + আনন্দ = উমানন্দ ৷

৪/ ব্যঞ্জন সন্ধি কাক বোলে ? ব্যঞ্জন সন্ধিৰ উদাহৰণ দিয়া ?
উত্তৰ: ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণ অথবা ব্যঞ্জনবৰ্ণৰ লগত স্বৰবৰ্ণ মিলি যি সন্ধি গঠন হয় তেনে সন্ধিক ব্যঞ্জন সন্ধি বুলি কোৱা হয় ৷
উদাহৰণ –
অনু + ছেদ = অনুচ্ছেদ ৷
দিক + অন্ত = দিগন্ত ৷
উৎ + লেখ = উল্লেখ ৷

৫/ বিসৰ্গ সন্ধি কাক বোলে ? উদাহৰণ দিয়া ?
উত্তৰ: স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণৰ লগত বিসৰ্গৰ মিলন হ’লে তেনে সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয় ৷ বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ ভিতৰতে ধৰা হয় ৷
উদাহৰণ –
নি: + চয় = নিশ্চয় ৷
পুৰ: + কাৰ = পুৰস্কাৰ ৷
নম: + কাৰ = নমস্কাৰ ৷

HSLC পৰীক্ষাত অহা সন্ধি সম্পৰ্কীয় প্ৰশ্নসমূহ:

সন্ধি ভাঙা :
১। হিতাহিত ; অতীন্দ্ৰিয়                 [HSLC'08]
উত্তৰ :
হিতাহিত : হিত + অহিত।
অতীন্দ্ৰিয় : অতি + ইন্দ্ৰিয়।

২। সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা। [HSLC'09]

উত্তৰ : নিচেই ওচৰা - উচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষাক্ষৰ আৰু দ্বিতীয়টোৰ আদ্যক্ষৰৰ পাৰস্পৰিক প্ৰভাৱৰ ফলত যি মিলন ঘটে তাকেই সন্ধি বোলা হয়।

"পৰম" আৰু "মৃত" এই দুটা শব্দ সন্ধি হৈ "পৰমামৃত" হৈছে। "পৰম" শব্দটোৰ "অ" আৰু "মৃত" শব্দৰ "অ" মিলি "আ" হৈছে। ফলত নতুন শব্দটো হৈছে "পৰমামৃত"।

৩। সংস্কৃত, অতীন্দ্ৰিয়।                 [HSLC'10]
উত্তৰ :
সংস্কৃত : সম্ + কৃত।
অতীন্দ্ৰিয় : অতি + ইন্দ্ৰিয়।

৪। যথাৰ্থ, ইত্যাদি, নীৰৱ, দেৱৰ্ষি।   [HSLC'11]
উত্তৰ :
যথাৰ্থ : যথা + অৰ্থ।
ইত্যাদি : ইতি + আদি।
নীৰৱ : নিঃ+ ৰৱ।
দেৱৰ্ষি : দেৱ + ঋষি।

৫। পৰীক্ষা, হিতাহিত, নাৱিক, হিমালয়। [HSLC'12]
উত্তৰ :
পৰীক্ষা : পৰি + ঈক্ষা।
হিতাহিত : হিত + অহিত।
নাৱিক: নৌ + ইক।
হিমালয় : হিম + আলয়।

৬। হিমাচল, গিৰীন্দ্ৰ, যথেষ্ট, উচ্ছেদ [HSLC'13]
উত্তৰ :
হিমাচল : হিম + আচল।
গিৰীন্দ্ৰ : গিৰ + ইন্দ্ৰ।
যথেষ্ট : যথা + ইষ্ট।
উচ্ছেদ : উৎ + ছেদ।

৭। যথাৰ্থ, নমস্কাৰ, ৰাজৰ্ষি, বিদ্যালয়। [HSLC'14]
উত্তৰ :
যথাৰ্থ : যথা + অৰ্থ।
নমস্কাৰ : নমঃ + কাৰ।
ৰাজৰ্ষি : ৰাজ + ঋষি।
বিদ্যালয় : বিদ্যা + আলয়।

৮। উচ্ছল, কটুক্তি, ইত্যাদি, নিশ্চয়।[HSLC'15]
উত্তৰ :
উচ্ছল : উৎ + ছল।
কটুক্তি : কটু + উক্তি।
ইত্যাদি : ইতি + আদি।
নিশ্চয় : নিঃ+চয়।

৯। বিদ্যালয়, চন্দ্ৰোদয়, যদ্যাপি, নমস্কাৰ। [HSLC'16]
উত্তৰ :
বিদ্যালয় : বিদ্যা + আলয়।
চন্দ্ৰোদয় : চন্দ্ৰ + উদয়।
যদ্যাপি : যদি + অপি।
নমস্কাৰ : নমঃ +  কাৰ।

১০। ইত্যাদি, হোমাগ্নি, সংস্কৃতি, যদ্যপি। [HSLC'17]
উত্তৰ :
ইত্যাদি : ইতি + আদি।
হোমাগ্নি : হোম + অগ্নি।
সংস্কৃত : সম্ + কৃত।
যদ্যপি : যদি + অপি।

১১। সূৰ্যোদয়, যথেষ্ট, অন্বেষণ, ভাবুক। [HSLC'18]
উত্তৰ :
সূৰ্যোদয় : সূৰ্য + উদয়।
যথেষ্ট : যথা + ইষ্ট।
অন্বেষণ : অনু + এষণ।
ভাবুক : ভৌ + উক।


অন্য গুৰুত্বপূৰ্ণ সন্ধি পতা:

বহিঃ +কাৰ = বহিস্কাৰ
তৎ +উপৰি = তদুপৰি
অলম্ +কাৰ = অলংকাৰ
তত্ত্ব+অৱধান = তত্ত্বাৱধান
ৰূপ +অন্তৰ = ৰূপান্তৰ
অৰুণ + উদয় = অৰুণােদয়
মহান +আত্মা = মহাত্মা
ভােক +ইন্দ্র = ভােকেন্দ্র
ৰবি +ইন্দ্র = ৰবীন্দ্র
ভোকাৰ্ত =ভোক+ঋত
দুৰ্যোগ =দুঃ+যোগ
একৈক =এক+এক
ভোকাতুৰ =ভোক+আতুৰ
দুঃসম্বাদ =দুঃ+সম্বাদ
দুৰ্মতি =দুঃ+মতি
নৰেশ =নৰ+ঈশ
সৰ্বস্বান্ত =সৰ্বস্ব+অন্ত
ক্ষিতীশ =ক্ষিতি+ঈশ
আশাতীত =আশা+অতীত
ৰাজেশ্বৰ =ৰাজ+ঈশ্বৰ
নিৰ্জন =নিঃ+জন
নিঃসঙ্গ =নিঃ+সঙ্গ
দুৰ্গম =দুঃ+গম
যথোপযুক্ত =যথা+উপযুক্ত
প্ৰত্যেক =প্ৰতি+এক
সদানন্দ =সদা+আনন্দ
বাক্যামৃত =বাক্য+অমৃত
নৰেশ্বৰ =নৰ+ঈশ্বৰ
বনস্পতি =বন+পতি
জগন্নাথ =জগৎ+নাথ
জগদম্বা =জগত+অম্বা
দুৰ্লভৈশ্বৰ্য =দুৰ্লভ+ঐশ্বৰ্য
হিতোপদেশ =হিত+উপদেশ
সংকীৰ্ণ =সম্+কীৰ্ণ
উত্থান=উৎ+স্থান
সন্তান =সম্+তান
উদঘাটন =উৎ+ঘাটন
উন্নতি =উৎ+নতি
জগদম্বা =জগৎ+অম্বা
মতৈক্য=মত+ঐক্য
বিদ্যোৎসাহী =বিদ্যা+উৎসাহী
বলীন্দ্ৰ =বলি+ইন্দ্ৰ
দেৱাসুৰ =দেৱ+অসু
মহৰ্ষি =মহা+ঋষি
নিঃশব্দ =নিঃ+শব্দ
দুৰ্গতি =দুঃ+গতি
পুৰস্কাৰ =পুৰঃ+কাৰ
ৰথীন্দ্ৰ =ৰথী+ইন্দ্ৰ
মুনীন্দ্ৰ =মুনি+ইন্দ্ৰ
দয়াৰ্ণৱ =দয়া+অৰ্ণৱ
পূৰ্বাভাস =পূৰ্ব+আভাস
পৰাধীন=পৰ+অধীন
মেঘালয় =মেঘ+আলয়
বেশ্যালয় =বেশ্যা+আলয়
দেৱেন্দ্ৰ =দেৱ+ইন্দ্ৰ
নিস্ফল =নিঃ+ফল
অন্তৰংগ =অন্তঃ+অংগ
শিল্পোদ্যোগ =শিল্প+উদ্যোগ
কথোপনিষদ =কথা+উপনিষদ
বহ্বাৰম্ভ =বহু+আৰম্ভ
অতীন্দ্ৰিয় =অতি+ইন্দ্ৰিয়
শুভাগমন =শুভ+আগমন
পুৰুষোত্তম =পুৰুষ+উত্তম
প্ৰত্যাশা =প্ৰতি+আশা
প্ৰৌঢ় =প্ৰ+উঢ়
উন্নীত =উৎ+নীত
যজ্ঞ=যজ+ন
উদগতি =উৎ+গতি
সংগতি =সম্+গতি
আচ্ছাদন=আ+ছাদন

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...