js

Friday, September 13, 2024

অসমীয়া ব্যাকৰণঃ সমাস

সমাস

সমাসৰ সংজ্ঞাঃ
পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততােধিক পদ লগ লাগি এক পদ হােৱাকে সমাস বােলে। সাধাৰণতে শব্দ বা কথা চুটি আৰু শ্রুতিমধুৰ কৰিবলৈ সমাস ব্যৱহাৰ কৰা।
যেনেঃ ঘৰত যি ওপজে = ঘৰওপজা।

সমাসৰ বৈশিষ্ট্য:
(ক) দুই বা তাতােকৈ অধিক পদ বা পদ থকা বাক্য লগ এক পদ হ'লেই সমাস হয়।
(খ) সমাস হােৱা পদবােৰে কেতিয়াবা প্রকৃত অর্থ।
(গ) সমাসত পদবােৰৰ বিভক্তিৰ চিন লুপ্ত সি হ'ব লগীয়া পদবিলাকৰ ব্যাক্যৰ অনেক পদ ললাপ হয়।

ব্যাসবাক্যঃ
সমাসৰ অর্থ প্রকাশ কৰা বাক্য  বা বাক্যাংশক ব্যাসবাক্য বােলে।
যেনেঃ পীতাম্বৰ পদটোৰ ব্যাসবাক্য হ'ল পীত বৰণীয়া অম্বৰ (কাপােৰ) পৰিধান কৰে যি-পীতাম্বৰ ।

সমস্তপদ:
বােৰৰ লগ লাগি শেষত যিটো পদ গঠিত হয়, সেই সমাসবদ্ধ পদটোক সমস্ত পদ বােলে।
যেনেঃ তিনিটা ৰং যাৰ তিনিবৰণীয়া; ইয়াত তিনিবৰণীয়া হৈছে সমস্ত পদ।

ব্যস্ত পদঃ
যিকেইটা পদৰ সমাস হয়, সিহঁতৰ প্রত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বােলে।
যেনে:  হাতেকটা; সমাসবদ্ধ পদৰ হাতেৰে আৰু কটা প্ৰতিটো পদেই ব্যস্ত পদ।

সমাসৰ বিভিন্ন প্ৰকাৰ

সমাস সাধাৰণতে ছয় প্রকাৰৰ।
(ক) দ্বন্দ্ব সমাস
(খ) তৎপুৰুষ সমাস
(গ) কর্মধাৰয় সমাস
(ঘ) দ্বিগু সমাস
(ঙ) বহুব্ৰীহি সমাস আৰু
(চ) অব্যয়ীভাৱ সমাস।

(ক) দ্বন্দ্ব সমাসঃ দুটা বা তাতােকৈ অধিক সংজ্ঞা শব্দ বা বিভিন্ন অর্থ বুজোৱা পদৰ মাজৰ সংযােজক অব্যয় লােপ পাই হােৱা সমাসকে সমাস বােলে। দ্বন্দ মানে হৈছে জোৰা।এই সমাসত সমস্যমান সংজ্ঞা শব্দবােৰ সংযোযক অব্যয় ‘ আৰু' ৰ দ্বাৰা লগ লাগি থাকে।
যেনেঃ ভাই আৰু ককাই = ভাই ককাই

দ্বন্দ্ব সমাস তিনিবিধ হ'ল-
(১) ইতৰেতৰ দ্বন্দ্ব,
(২) সমাহাৰ দ্বন্দ্ব,
(৩) একশেষ দ্বন্দ্ব

(খ) তৎ পুৰুষ সমাসঃ যি সমাসত দুটা ব্যস্ত পদৰ প্রথম পদটো প্রথম বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে,আৰু এই বিভক্তি লােপ হৈ সমাস হয় তাকে তৎপুৰুষ সমাস বােলে ৷
যেনেঃ চোৰক ধৰা = চোৰধৰা, গুক কটা = গুৱাকটা ইত্যাদি।
তৎপুৰুষ সমাস ছয় প্রকাৰৰ-
(১) দ্বিতীয়া তৎপুৰুষ
(২) তৃতীয়া তৎপুৰুষ
(৩) চতুর্থী তৎপুৰুষ
(৪) পঞ্চমী তৎপুৰুষ
(৫) ষষ্ঠী তৎপুৰুষ আৰু
(৬) সপ্তমী তৎপুৰুষ।

(গ) কর্মধৰয় সমাসঃ যি সমাসত ব্যস্ত পদবােৰ বিশেষ্য আৰু বিশেষণ পদ হিচাপে লগ লগােৱা হয়,তাকে কর্মধায় সমাস বােলে। এইসমাসত প্রথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়।
যেনেঃ পিতল বৰণৰ যি চকু-পিতলচকু,
শুক্ল যি পক্ষ-শুক্লপক্ষ, পুণ্য যি ভূমি- পূণ্যভূমি।

কর্মধায় সমাস দুবিধ হ'ল-
(১) মধ্যপদলােপী আৰু
(২) অন্ত্যপদলােপী সমাস।

(ঘ) দ্বিগু সমাসঃ দুই বা তাতােকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয়, তাকে দ্বিগু সমাস বোলে।
যেনেঃ সাত বিহুৰ সমাহাৰ-সাত বিহু,
নৱ ৰত্নৰ সমাহাৰ নৱৰত্ন,
ত্রি ভূৱনৰ সমাহাৰ-ত্রিভূৱন।ইত্যাদি।

(ঙ) বহুব্রীহি সমাসঃ যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অর্থনুবুজাই আন কোনাে বিশেষ অর্থহে বুজায়, তাকে বব্রীহি সমাস বােলে।
যেনেঃ পদ্ম আছে নাভিত যাৰ-পদ্মনাভ,
হত হৈছে ভাগ্য যাৰ তেওঁ-হতভাগ্য,
বাঘে খাইছে যাক-বাঘেখােৱা ইত্যাদি।

বহুব্রীহি সমাস তিনি প্রকাৰৰ-
(১) কর্মধায় বহুব্রীহি বা সমানাধিকৰণ বহুব্রীহি,
(২) ব্যাধিকৰণ বহুব্রীহি বা তৎপুৰুষ বহুব্রীহি আৰু
(৩) ব্যতিহাৰ বহুব্রীহি।

(চ) অব্যয়ীভাৱ সমাসঃ সামীপ্য, অভাৱ, পৰ্য্যন্ত, সদৃশ, যােগ্য আদি অর্থ প্রকাশক অব্যয় শব্দৰ লগত আন পদৰ যি সমাস হয় তাকেই অব্যয়ীভাৱ সমাস বােলে।
যেনেঃ বনৰ সমীপ = উপবন,
সুখৰ অভাৱ = অসুখ,
জীৱন পর্যন্ত = আজীৱন ইত্যাদি।

HSLC পৰীক্ষাত অহা সমাস সম্পৰ্কীয় প্ৰশ্নসমূহ-

১। সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা। [ HSLC '07, '09, '12]
উত্তৰ : পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। সমাসৰ উদ্দেশ্য হৈছে দুটা বা ততোধিক পদক চুটি বা সংক্ষেপ কৰা।
বৰশী মৰা মাছ -- ইয়াত 'মাছ' শব্দটোক বিশেষকৈ বুজোৱা বিশেষণ শব্দ 'বৰশীমৰা'। বৰশীৰে মাৰি অনা মাছ -- এই অৰ্থত বৰশীমৰা শব্দটো গঢ়ি উঠিছে। গতিকে বৰশীমৰা পদটো তৃতীয়া তৎপুৰুষ সমাস। ইয়াত 'বৰশীৰে' তৃতীয়া বিভক্তি লোপ পাই 'মৰা' কৃদন্ত পদৰ লগত যোগ হৈছে আৰু 'মাৰ' ধাতুত  বিশ্লেষণাত্মক কৃদন্ত 'আ' যোগ হৈ 'মৰা' সম্ভৱ হৈছে। তেনেকৈ দিনে দিনে -- প্ৰতিদিনে, ধৰ্মৰ অভাৱ-অধৰ্ম।

২। ব্যাসবাক্যৰ সৈতে সমাসৰ নাম লিখা:
(ক) দোমাহী, চক্ৰ পাণি [HSLC '10]
উত্তৰ : দোমাহী - দুই মাহৰ মাজৰ দিন (দ্বিগু সমাস)
চক্ৰপাণি - চক্ৰ আছে পাণিত যাৰ তেওঁ  (ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস)

(খ) দোমাহী, পীতাম্বৰ, মাতৃভক্তি, আমৰণ। [HSLC '11]
উত্তৰ :দোমাহী - দুই মাহৰ মাজৰ দিন (দ্বিগু   সমাস)
পীতাম্বৰ - পীত অম্বৰ পিন্ধে যি (কৰ্মধাৰয়  বা সমানাধিকৰণ বহুব্ৰীহি সমাস)
মাতৃভক্তি - মাতৃলৈ ভক্তি (তৎপুৰুষ সমাস)
আমৰণ - মৰণ পৰ্যন্ত (অব্যয়ীভাৱ সমাস)

(গ) ৰামৰাৱণ, পীতাম্বৰ, হাতদীঘল, জলচৰ।[HSLC '13]
উত্তৰ : ৰামৰাৱণ - ৰাম আৰু ৰাৱণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)
পীতাম্বৰ - পীৰৰ অম্বৰ পিন্ধে যি (কৰ্মধাৰয় বা সমানাধিকৰণ বহুব্ৰীহি সমাস)
হাতদীঘল - দীঘল হাত যাৰ সি। (কৰ্মধাৰয় বা সমানাধিকৰণ বহুব্ৰীহি সমাস)
জলচৰ - জলত চৰে যি।(বহুব্ৰীহি সমাস)

(ঘ) নৱৰত্ন, শূৰ্পণখা, চন্দ্ৰমুখ, গৃহস্থ। [HSLC '14]
উত্তৰ: নৱৰত্ন - ন ৰত্নৰ সমাহাৰ (দ্বিগু সমাস)
শূৰ্পণখা - শূৰ্পৰ নিচিনা নখ যাৰ। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
চন্দ্ৰমুখ - চন্দ্ৰৰ তুল্য মুখ (কৰ্মধাৰয় সমাস)
গৃহস্থ - গৃহত থাকে যি (তৎপুৰুষ সমাস)

(ঙ) ৰাধাকৃষ্ণ, দোমাহী, চক্ৰপাণি, শুক্লপক্ষ [HSLC '15]
উত্তৰ: ৰাধাকৃষ্ণ - ৰাধা আৰু কৃষ্ণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)
দোমাহী - দুই মাহৰ মাজৰ দিন। (দ্বিগু সমাস)
চক্ৰপাণি - চক্ৰ আছে পাণিত যাৰ তেওঁ।(ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস)
শুক্লপক্ষ - শুক্ল যি পক্ষ সি। (কৰ্মধাৰয় সমাস)

(চ) ত্ৰিফলা, শূলপাণি, মহাপুৰুষ, সত্যাগ্ৰহ [HSLC '16]
উত্তৰ: ত্ৰিফলা - ত্ৰি বা তিনি ফলৰ সমাহাৰ (দ্বিগু সমাস)
শূলপাণি - শূল আছে পাণিত যাৰ। (ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস)
মহাপুৰুষ - মহান বা মহৎ পুৰুষ যি (ব্যতিহাৰ বহুব্ৰীহি সমাস)
সত্যাগ্ৰহ - সত্যত আগ্ৰহ। (সপ্তমী তৎপুৰুষ সমাস)

(ছ) দোমাহী, দেশান্তৰ, মহাপুৰুষ, উপবন। [HSLC '17]
উত্তৰ: দোমাহী - দুই মাহৰ মাজৰ দিন (দ্বিগু সমাস)
দেশান্তৰ - অন্য দেশ (নিত্য অব্যয়ীভাৱ সমাপ্ত)                  
মহাপুৰুষ - মহান বা মহৎ পুৰুষ যি (ব্যতিহাৰ বহুব্ৰীহি সমাস)
উপবন - বনৰ সমীপ (অব্যয়ীভাৱ সমাস)

(জ) ত্ৰিফলা, উৰাজাহাজ, মাটিকঁঠাল, মৌচাক। [HSLC '18]
উত্তৰ: ত্ৰিফলা - ত্ৰি বা তিনি ফলৰ সমাহাৰ। (দ্বিগু সমাস)
উৰাজাহাজ - উৰা যি জাহাজ সি। (কৰ্মধাৰয় সমাস)
মাটীকঁঠাল - কঁঠালৰ দৰে ফল মাটিত হয় বাবেই। (ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস)
মৌচাক - মৌৰ চাক।(ষষ্ঠী তৎপুৰুষ সমাস)

উত্তৰ: ত্ৰিফলা - ত্ৰি বা তিনি ফলৰসমাহাৰ (দ্বিগু সমাস)

অন্যান্য গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ:

ব্যাসবাক্য লিখি সমাসৰ নাম লিখা।
অমৰণ = মৰণ নাই যাৰ = বহুব্রীহি সমাস।
সমসাময়িক= একে সময়তে হােৱা= অব্যয়ীভাব সমাস।
আশাতীত=আশাৰ অতীত= তৎপুৰুষ সমাস।
বনবাস = বনত বাস = তৎপুৰুষ সমাস।
দেশপ্রাণ = দেশলৈ প্রাণ = তৎপুৰুষ সমাস।
পৰোক্ষ =  অক্ষৰ পাছত = অব্যয়ীভাৱ সমাস।
কুকুৰনেচীয়া = কুকুৰৰ নেজৰ দৰে নেজ যাৰ = বহুব্রীহি সমাস।
অহিংসা = হিংসাৰ অভাৱ = অব্যয়ীভাৱ সমাস।
অস্ত্র - শস্ত্র = অস্ত্র আৰু শস্ত্র = দ্বন্দ্ব সমাস।
সাতপুৰুষ = সাত পুৰুষৰ যি = কর্মধাৰায় সমাস।
যােগভ্রষ্ট = যােগৰ পৰা ভ্রষ্ট = তৎপুৰুষ সমাস।
বহুমূলীয়া = বহু মূল্য যাৰ= কর্মধাৰয় সমাস।
বাঘে খাতী = বাঘে খাইছে যাক তেওঁ = বহুব্রীহি সমাস।
যথা শক্তি = শক্তিক অতিক্রম নকৰি = অব্যয়ীভাৱ সমাস।
সহােদৰ = সহ উদৰত জন্ম যাৰ= বহুব্রীহি সমাস।
গুলীবিদ্ধ = গুলীৰে বিদ্ধ যি = তৎপুৰুষ সমাস।
মহখেদা = মহক খেদা = তৎপুৰুষ সমাস।
পাঁচৰজীয়া = পাঁচ ৰজাৰ সমাহাৰ = দ্বিগু সমাস।
সাপ্তাহিক = সাত দিনৰ মূৰত ওলায় যি = বহুব্রীহি সমাস।
আজীৱন = জীৱন ব্যাপি = অব্যয়ীভাৱ সমাস।
সংখ্যালঘু = সংখ্যাত যি লঘু = কর্মধাৰয় সমাস।
শুক্ল পক্ষ =  শুক্ল যি পক্ষ = কর্মধাৰয় সমাস।
অতুলনীয়া= তুলনা নাই যাৰ = কর্মধাৰয় সমাস।
দোমাহী = দুই মাহৰ সমাহাৰ = দ্বিগু সমাস।
ত্রিভূৱন = ত্রি ভূৱনৰ সমাহাৰ = দ্বিগু সমাস।
সােণ-ৰূপ = সােণ আৰু ৰূপ। = দ্বন্দ্ব সমাস।
চন্দ্রমুখ = চন্দ্ৰৰ তুল্য মুখ = কর্মধাৰয় সমাস।
দীঘলহতীয়া = দীঘল হাত যাৰ = বহুব্রীহি সমাস।
সাত শাক= সাত শাকৰ সমষ্টি = দ্বিগু সমাস।
মহাবাহু = মহৎ বাহু যাৰ = বহুব্রীহি সমাস।
বিশ্বমানব = বিশ্ব যি মানৱ = কর্মধাৰয় সমাস।
বছৰেকীয়া = এক বছৰৰ মূৰত হয় যি = দ্বিগু সমাস।
বৃকোদৰ - বৃক নামে অগ্নি আছে উদৰত যাৰ তেওঁ = বহুব্রীহি সমাস।
পীতাম্বৰ - পীতবৰণীয়া অম্বৰ (কাপােৰ) যাৰ =বহুব্রীহি সমাস।
কুকুৰনেটীয়া = কুকুৰৰ নেজৰ দৰে নেজ যাৰ =বহুব্রীহি সমাস।
ত্রিফলা= ত্ৰি ফলৰ সমাহাৰ = দ্বিগু সমাস।
তেলপানী = তেল আৰু পানী = দ্বন্দ্ব সমাস।
কাপুৰুষ = কু যি পুৰুষ = কর্মধাৰয় সমাস।
পুণ্যভূমি = পূণ্য যি ভূমি= কর্মধাৰয় সমাস।
অহিংসা=হিংসাৰ অভাৱ= অব্যয়ীভাৱ সমাস।
অস্ত্র-শস্ত্র =অস্ত্ৰ আৰু শস্ত = দ্বন্দ্ব সমাস।
সাতপুৰুষ=সাত পুৰুষৰ যি =কর্মধাৰয় সমাস।
বনবাস = বনত বাস =তৎপুৰুষ সমাস।
দেশপ্রাণ=দেশৰ পলৈ প্ৰাণ= তৎপুৰুষ  সমাস।
পৰােক্ষ =অক্ষৰ পাছত =অব্যয়ীভাৱ সমাস।
পাঁচৰজীয়া = পাঁছ ৰজাৰ সমাহাৰত = দ্বিগু সমাস।
হৰিহৰ= হৰি আৰু হৰ = দ্বন্দ্ব সমাস।

No comments:

Post a Comment

SEBA Class IX Agriculture Unit 5: Occupational Health, Hygiene and First Aid Practices

INTRODUCTION Occupational health focuses on controlling health hazards in agricultural or laboratory settings, involving the...